ভাবক! ভুল কেৱল পাপৰি বেনাৰ্জীয়েই কৰিছেনে?

ভাবক! ভুল কেৱল পাপৰি বেনাৰ্জীয়েই কৰিছেনে?

♦ মৃদুল কুমাৰ সন্দিকৈ

কথাত কটা যায়, কথাত বটাঁ পায়। সম্ৰাট আকবৰৰ ৰাজসভাত থকা বীৰবল নামৰ মন্ত্ৰীজনৰ কথা সকলোৱে জানে। এই মন্ত্ৰীজনে উপস্থিত বুদ্ধি আৰু কথাৰে সম্ৰাটৰ হৃদয় জিনিছিল। শুনিবলৈ বেয়া লগা কথা এটাও তেওঁ ইমান ধুনীয়াকৈ ক'ব জানিছিল যে, আকবৰৰ ৰাজসভাত আনে সেই কথা কওঁতে কেতিয়াবা সম্ৰাটৰ খং চুলিৰ আগ পাইছিলগৈ। অথচ বীৰবলে এই কথা ইমান ধুনীয়াকৈ সম্ৰাটৰ আগত উপস্থাপন কৰিছিল যে, সঁচা কথাটো তেওঁ মানি ল'বলৈ বাধ্য হৈছিল। ইয়াৰ বাবে অন্যক খং কৰাৰ ধৰণে বীৰবলৰ ওপৰত খং কৰাৰ কোনো সুযোগেই নাপাইছিল সম্ৰাট আকবৰে।

তেনেদৰেই বুদ্ধিৰে, কথাৰে মানুহক মোহিব পৰা এজনী বুঢ়ীৰ সাধু আছিল এনে ধৰণৰ। এইগৰাকী বুঢ়ী আছিল কোটিপতি। তেওঁ কোনো কাম কৰা নাছিল। নাছিল তেওঁৰ কোনো ব্যৱসায়। মানুহৰ সৈতে যিকোনো বিষয়ত এই বুঢ়ীগৰাকীয়ে বাজি লাগিছিল। বুঢ়ী কেতিয়াও সেই বাজিত হৰা নাছিল। এদিন স্থানীয় বেংকটোৰ মেনেজাৰক সাক্ষাৎ কৰিবলৈ গৈছিল বুঢ়ী। কথাৰ প্ৰসংগত বুঢ়ীয়ে নিজৰ বিষয়ে ক'লে। মেনেজাৰে বুঢ়ীৰ কথা শুনি বুঢ়ীৰ সৈতে বাজি মাৰিবলৈ ঠিক কৰিলে।

বুঢ়ীও সাজু হ'ল। চৰ্ত হ'ল- বেংকৰ মেনেজাৰৰ মূৰত কিমান পকা চুলি আছে বুঢ়ীয়ে ক'ব পাৰিলে, বুঢ়ীক তিনি লাখ টকা দিব মেনেজাৰে। এইটো যদি ক'ব নোৱাৰে মেনেজাৰক বুঢ়ীয়ে দিব ৩ লাখ। বাজি মাৰিম বুলি কৈ পিছদিনা অহাৰ প্ৰতিশ্ৰুতিৰে বেংকৰ পৰা সেইদিনা বিদায় লৈ ওলাই গ'ল বুঢ়ী।

পিছদিনা পুৱা লগত এজন মানুহ লৈ বুঢ়ী আহিল। আহিয়েই বেংকৰ মেনেজাৰৰ কোঠালৈ দুয়ো সোমাই গ'ল। বেংকৰ মেনেজাৰক বুঢ়ীয়ে ক'লে- মই বাজি মাৰিবলৈ আহিছো আজি। বুঢ়ীৰ লগত অহা মানুহজনক উদ্দেশ্যি বুঢ়ীয়ে ৰাজি নে সুধিলে। মানুহজনে ৰাজি বুলি ইংগিত দিয়াত বুঢ়ী গৈ মেনেজাৰৰ কাষ পালেগৈ। তাৰপাছত মেনেজাৰৰ মূৰত থৰি জোকাৰি দিলে। মেনেজাৰে ভাবিলে বুঢ়ীয়ে তেওঁৰ মূৰত ধৰি পকা চুলি চাইছে।

বুঢ়ীৰ এই কাণ্ড দেখি লগত অহা মানুহজন বেহুছ হৈ পৰি গ'ল। মেনেজাৰে সুধিলে- কিমান চুলি আছে? বুঢ়ীয়ে ক'লে- ক'ব নোৱাৰিম মই। তেতিয়া মেনেজাৰে বুঢ়ীক ৩ লাখ টকা খুজিলে। বুঢ়ীয়ে হ'ব বুলি কোৱাত মেনেজাৰে লগত অহা মানুহজন কোন আছিল জানিব বিচাৰিলে। তেতিয়া বুঢ়ীয়ে মানুহজনৰ পৰিচয় দি ক'লে- এইজন এই চহৰৰ এজন ধনী ব্যৱসায়ী। তেওঁৰ সৈতে মই আন এটা বাজি মাৰিছিলো। সেইটো আছিল মই তেওঁক কৈছিলো- আজি মই বেংকত কৈ মেনেজাৰৰ মূৰত থৰি থেতালি দিম। তেওঁ নোৱাৰিবা বুলি কৈ মোৰ সৈতে ১০ লাখ টকাৰ বাজি মাৰিছিল। এতিয়া তাৰে ৩ লাখ টকা তোমাক দিম, বাকী ৭ লাখ টকা মোৰ বাবে ৰৈ যাব। আচলতে মই বাজি এটাক লৈয়ে বাজি মাৰিলো।

এতিয়াও দেশৰ পৰিস্থিতি এনেকুৱায়। কোনোবাই বাজি মাৰিছে আৰু সেই বাজিত হাৰি আন বাজিৰে বাজি জিকাৰ কুচকাৱাজ কৰিছে। আন কিছুৱে ইয়াক বুজি আঙুলিয়াই দিবলৈ চেষ্টা কৰাত সেইসকলকে দেশদ্ৰোহী সজোৱাৰ চেষ্টা কৰিছে। কিন্তু আচল দেশদ্ৰোহীসকল সেইসকল, যিসকলে দেশবাসীক আগত দেশ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিওঁ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই।

যদি কোনোবাই প্ৰসংগক্ৰমে কিবা প্ৰশ্ন তেওঁলোকৰ বিৰুদ্ধে তুলিছে, তেন্তে তেওঁ দেশদ্ৰোহী হৈছে আজি। কিন্তু কোনোবাই যেতিয়া কেৱল জন্মদিনৰ শুভেচ্ছা জনাবলৈ লাহোৰলৈ ছাৰপ্ৰাইজ ভিজিট কৰিছিল, হাতত ফুলৰ থোপা লৈ শত্ৰু ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীক শুভেচ্ছা জনাইছিল, সেই কথাবোৰ কিন্তু এতিয়া লুকাই আছে। ২০১৫ চনত আফগানিস্তান, ৰাছিয়াৰ ভ্ৰমণ সামৰি হঠাৎ লাহোৰত উপস্থিত হৈ তেতিয়াৰ পাক প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক জন্মদিনৰ শুভেচ্ছা জনাইছিল গৈ প্ৰধানমন্ত্ৰী মোডীয়ে।

হেপ্পী বাৰ্থ ডে' মিঃ শ্বৰীফ। আপোনাক জন্মদিনৰ শুভেচ্ছা জনাবলৈ আহিলো…
হেপ্পী বাৰ্থ ডে' মিঃ শ্বৰীফ। আপোনাক জন্মদিনৰ শুভেচ্ছা জনাবলৈ আহিলো…

তেওঁলোকে জানে- কেতিয়া কোনবোৰ কাম কৰিব লাগে। আৰু নজনাসকলে সেই কথা চিধা-চিধিকৈ কৈ দিলে তেওঁলোক দেশদ্ৰোহী হৈ যায়। এইটোও হয় যে, পৰিৱেশ-পৰিস্থিতি বুজি কিছু কথা কোৱাত অসুবিধা থাকে। পুলৱামাৰ আক্ৰমণৰ পাছত বহুতে শত্ৰু ৰাষ্ট্ৰ জিন্দাবাদ দিছে। ছ'চিয়েল মিডিয়াত তেনে মন্তব্য কৰা, শত্ৰু ৰাষ্ট্ৰক সমৰ্থন কৰা সকলৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। দেশৰ আভ্যন্তৰীণ নিৰাপত্তা, ঐক্য, সম্প্ৰীতি স্থাপনৰ ক্ষেত্ৰত আৰক্ষীৰ এই তৎপৰতাত প্ৰশ্ন উঠিব নোৱাৰে।

যি সময়ত দেশত ৫০জনৰো অধিক জোৱান শ্বহীদ হ'ল, সেই শোক আৰু ক্ষোভৰ মাজত কোনোবাই দেশত থাকিয়েই শত্ৰু ৰাষ্ট্ৰক বন্দনা কৰিলে ইয়াক সহ্য কৰিব পৰা নাযায়। তেওঁলোকৰ এই পাপৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাতো উচিত হৈছে। সৰ্বোচ্চ বলিদান দিয়া শ্বহীদ জোৱানৰ প্ৰতি এনে মন্তব্যই যিকোনো লোককে ক্ষোভিত কৰিব।

কিন্তু যিসকলে দেশৰ কোটি কোটি ধন ব্যয় কৰি শত্ৰু ৰাষ্ট্ৰৰ মুৰব্বীৰ জন্মদিনৰ শুভেচ্ছা জনাবলৈ যায়, আজি এই সন্ত্ৰাসবাদ সংঘটিত কৰা মূল মানুহজনক কান্দাহাৰত এৰি থৈ আহি নিজৰ দুৰ্বলতা প্ৰমাণ চিৰদিনৰ বাবে থৈ গৈছে, সেই সকলক জানো এই ভুলৰ বাবে সমালোচনা কৰাৰ অধিকাৰ কাৰো নাই?

ছ'চিয়েল মিডিয়াত বহুতে বহু মন্তব্য কৰিছে। সকলো মন্তব্যই দেশদ্ৰোহী বুলি মানি ল'ব নোৱাৰি। হ'কে-বিহকে কাৰোবাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলেই দেশপ্ৰেম জাগৃত নহয়। সঁচা মিছা নহয়, মিছা সঁচা নহয়। কিন্তু আজিৰ পৰিৱেশত এনে এক উপলব্ধি হৈছে- এচামে নিজৰ দুখ ঢাকিবৰ বাবে শত্ৰু ৰাষ্ট্ৰৰ গইনা লৈ পুলৱামাৰ কাণ্ডৰ আধাৰত মানুহৰ বাক-স্বাধীনতা কাঢ়ি নিয়াৰ প্ৰয়াস কৰিছে। সেইসকলক সন্মুখত ৰাখি তেওঁলোকক সমালোচনা কৰা মানেই দেশদ্ৰোহী সজাবলৈ চেষ্টা চলাইছে।

গণতান্ত্ৰিক প্ৰমূল্যবোধত সেই ফেচিষ্ট প্ৰৱণতা মূল্যহীন। কাশ্মীৰত হোৱা আক্ৰমণৰ সন্দৰ্ভত অসমৰ এগৰাকী যুৱতী অধ্যাপিকাই দিয়া মন্তব্যক লৈ এতিয়া বিতৰ্কৰ সূত্ৰপাত হৈছে। পাপৰি বেনাৰ্জী নামৰ অধ্যাপিকা গৰাকীৰ ভুল ক'ত আছিল? তেওঁ এই ঘটনাক গৰিহণা দি কিহৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ বিশ্লেষণ কৰিছিল।

পাপৰি বেনাৰ্জীৰ সেই পোষ্টটো…
পাপৰি বেনাৰ্জীৰ সেই পোষ্টটো…

এই কথা ক'ব পৰা অধিকাৰ নিশ্চয় পাপৰি বেনাৰ্জীৰ আছে। আজি কাশ্মীৰৰ পৰিৱেশ এদিন অসমত হৈছিল। আলফা দমনৰ নামত চলা অভিযানত অসমৰ কিমান পৰিয়ালে কি সহ্য কৰিছিল, সেয়া কোনেও পাহৰিব নোৱাৰে। পাপৰি বেনাৰ্জীক এনেদৰে দেশদ্ৰোহী সজোৱা হ'ল যেন পাপৰি বেনাৰ্জীয়েহে যেন সেই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড।

এগৰাকী মহিলা হিচাপে হোৱা উপলব্ধিৰে পাপৰি বেনাৰ্জীৰ এই মন্তব্য সেই সময়ত কৰাতো উচিত নাছিল। কিন্তু তেওঁৰ মনৰ সেই ভাব প্ৰকাশত ৰাষ্ট্ৰযন্ত্ৰই এনেদৰে তেওঁক আচৰণ কৰিলে যে, আত্মগোপন কৰিবলৈ বাধ্য হ'ল। সেই খবৰ আকৌ সংবাদমাধ্যমত ইমান ৰহস্যজনকভাৱে উপস্থাপন কৰা হ'ল, পাপৰি বেনাৰ্জীয়ে যেন এই সমগ্ৰ ঘটনাৰাজিক লৈ এখন নাটক কৰিছে। আৰু তেওঁৰ সেই শংকিত আচৰণৰ বাবে তেওঁৰ পৰিয়ালকে জগৰীয়া কৰি বিষয়টোৰ গভীৰতালৈ যাবলৈ কোনেও চেষ্টা নকৰিলে।

নৱজিত সিং সিদ্ধুৱে যদি পাকিস্তানলৈ গৈ পাক সেনা মুৰব্বীক কৰমৰ্দন কৰা মানেই তেওঁৰ মনত দেশপ্ৰেম যে নাই সেয়া নহয়। বিষয়টোক ৰাজনীতিকৰণ কৰিব লাগে বাবেই পঞ্জাৱ বিধানসভাত ইয়াক লৈ ৰাজনীতি কৰা হ'ল। আৰু এচাম অবুজ, ভাৰত-পাকিস্তানৰ মাজত কাশ্মীৰক লৈ সৃষ্টি হোৱা সংঘাতৰ কোনো ইতিহাস নজনা তৰলমতীয়া মন্তব্য কৰা লোকক লক্ষ্য কৰি লৈ আজিৰ প্ৰেক্ষাপটত যি পৰিৱেশ ৰচনা কৰা হৈছে, সেয়া সঁচাই দুৰ্ভাগ্যজনক।

পুলৱামাৰ আক্ৰমণৰ পাছত নীৰজ ভাৰতী নামৰ এজন লোকে ছ'চিয়েল মিডিয়াত এটা মন্তব্য কৰিছিল। তেওঁ প্ৰশ্ন কৰিছিল- '৩৩ কোটি দেৱী-দেৱতা থকা স্বত্তেও আমাৰ সেনা জোৱান শ্বহীদ হৈছে। ধিক্কাৰ এনে দেৱী-দেৱতাৰ ওপৰত'।

নীৰাজ ভাৰতীৰ সেই বিতৰ্কিত পোষ্টটো।
নীৰাজ ভাৰতীৰ সেই বিতৰ্কিত পোষ্টটো।

এই মন্তব্যৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ দিয়া হৈছে। ইয়াক দুই ধৰণে ল'ব পাৰি। এয়া তেওঁৰ উপলব্ধিৰে ব্যক্তিগত মন্তব্য বা এয়া এক সাম্প্ৰদায়িক বক্তব্য। মানুহৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰিব ইয়াক কেনেদৰে গ্ৰহণ কৰা হৈছে। ইয়াতকৈ বেছি সাম্প্ৰদায়িক, সমাজৰ বাবে ভুল বাৰ্তা যাব পাৰা মন্তব্য মন্ত্ৰী-নেতাই কৰে। কিন্তু তেওঁলোকৰ বিৰুদ্ধে কেতিয়াও আৰক্ষীয়ে সেই তৎপৰতা প্ৰদৰ্শন নকৰে।

অসমত শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত কৰা মন্তব্যক লৈ গোচৰ দিয়াৰ প্ৰৱণতা বৃদ্ধি পাইছে। ভাৰতৰ অন্য স্থানতো সেই প্ৰৱণতাৰেই বলি হৈছে বহুজন। তাৰ কাৰণ হ'ল- এচামে নাজানে কিদৰে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব লাগে আৰু আন এচামে ছ'চিয়েল মিডিয়াৰ গইনা লৈ ইয়াক এক ইছ্যু কৰাৰ চেষ্টাত ব্যস্ত হৈ পৰিছে।

ছ'চিয়েল মিডিয়াত বহু লোকে অপ্ৰয়োজনীয় আৰু অপ্ৰাসংগিক মন্তব্য কৰে। শ্বহীদ জোৱানকৈ অপমানজনক মন্তব্য কৰা, দেশৰ প্ৰতি অপমানসূচক মন্তব্যৰে শত্ৰুক প্ৰৰোচিত কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে। কিন্তু দেশক প্ৰতাৰণা কৰা সকলৰ বিৰুদ্ধে ইয়াতকৈ বেছি শাস্তিৰ প্ৰয়োজন আছে। সেই সকলে ছ'চিয়েল মিডিয়াত মন্তব্য নকৰে সঁচা। কিন্তু তেওঁলোকে দেশবাসীক বিশ্বাসঘাটক কৰাৰো নজিৰ আছে।

মমতা বেনাৰ্জীয়ে নিৰ্বাচনৰ আগত এয়া ছাঁয়াযুদ্ধত নাম বুলি মন্তব্য কৰিছে। মোডীক তেওঁ ইয়াৰ বাবে জগৰীয়া কৰি মুকলিকৈ মন্তব্য দিছে। এগৰাকী  প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানে মন্তব্য কৰিছে যে- যিজন সন্ত্ৰাসবাদী নেতাক কান্দাহাৰত নি এৰি দিছিল, তেওঁৰ পৃষ্ঠপোষকতাতেই ১৪ ফেব্ৰুৱাৰী, ২০১৯ত চিআৰপিএফৰ বাহনত আক্ৰমণ কৰা সন্ত্ৰাসবাদীসকলৰ জন্ম হৈছিল। ইয়াৰ বাবে ইতিহাসে সেইসকলক জানো কেতিয়াবা ক্ষমা কৰিব? তেওঁলোকৰ কথাটো এতিয়া উচ্চাৰণ হোৱা নাই। ৰ'ৰ প্ৰাক্তন মুৰব্বীয়ে এই ঘটনাত নিৰাপত্তা দিশত খুঁত থকা বুলি মন্তব্য কৰিছে। বিমানেৰে সেই জোৱানসকলক নিয়াৰ কথা আছিল যদিও তাত অনুমতি নজনালে গৃহ মন্ত্ৰীয়ে বুলিও চৰ্চা হৈছে। যদি এইবোৰ সঁচা তেন্তে মূল জগৰীয়া কোন? হাঁহ চোৰক এৰি আমি পাখি চোৰৰ পাছত দৌৰি ফুৰিছো নেকি?

ভুল সকলোৰে বাবে সমান। দেশপ্ৰেম সকলোৰে থাকে। কিন্তু দেশদ্ৰোহী যিসকলক সজাব বিচৰা হৈছে, তেওঁলোকতকৈ ডাঙৰ দেশদ্ৰোহী, সাম্প্ৰদায়িক মন্তব্যকাৰীক কিয় এৰি দিয়া হৈছে? সেই প্ৰশ্নৰ উত্তৰ কোনোবাই দিবনে? তথাগত ৰায় এখন ৰাজ্যৰ ৰাজ্যপাল। জম্মু-কাশ্মীৰ আক্ৰমণৰ পাছত এইজন এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বীয়ে মন্তব্য কৰিছে- 'কাশ্মীৰ প্ৰতিষ্ঠান আৰু সামগ্ৰী আমি বৰ্জন কৰিব লাগে। অমৰনাথ লৈ দুবছৰ ধৰি মানুহ যাব নালাগে। পুলৱামা আক্ৰমণক লৈ দেশত ক্ষোভ বৃদ্ধি পাইছে।'

মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰায়ৰ মন্তব্য এয়া।
মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰায়ৰ মন্তব্য এয়া।

এজন সেনা বিষয়াৰ মন্তব্যৰ উদ্ধৃতি দি এই মন্তব্য কৰিছে মেঘালয়ৰ ৰাজ্যপাল ৰায়ে। পুলৱামা ঘটনাৰ বাবে তেওঁ সমগ্ৰ কাশ্মীৰকে দোষাৰোপ কৰিব বিচাৰিছে। সেয়া তেওঁৰ ৰাজনৈতিক দৃষ্টিভংগী। এক সংকীৰ্ণ মানসিকতাৰ বহিঃপ্ৰকাশ। ছ'চিয়েল মিডিয়াত বিৰূপ মন্তব্য কৰা সকলৰ বিৰুদ্ধে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকীয়নি দিছে। এনে মন্তব্য কৰা সকল সাৰি যাব নোৱাৰিব বুলি মন্ত্ৰী শৰ্মাই কৈছে। হয়, এনে মন্তব্য কৰা সকলে ভুল কৰিছে। সেই ভুল কৰা সকলৰ ভিতৰত ৰাজ্যপাল তথাগত ৰায়ো আছে, সেই কথা হিমন্ত বিশ্ব শৰ্মাক আঙুলিয়াই দিলো। পাৰে যদি তেওঁৱেই এই ৰাজ্যপাল গৰাকীৰ বিৰুদ্ধে এটা গোচৰ দিয়াৰ ব্যৱস্থা কৰক।

সৰু মানুহে কৰা ভুলবোৰেই কেৱল ভুল নহয়। এদিন মোডীক আক্ৰমণ কৰিবলৈ তেওঁ ৰাজহুৱা সভাতেই কৈছিল- 'মোডীৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয়।' এয়াও কম সাম্প্ৰদায়িক মন্তব্য নাছিল। বিধানসভাত তেওঁ দিয়া সাম্প্ৰদায়িক মন্তব্যবোৰ আছেই। এইবোৰৰ বিৰুদ্ধেও জানো ব্যৱস্থা গ্ৰহণ হ'ব নালাগে?

কাৰোবাক দেশদ্ৰোহী সজোৱাৰ এই নাটকখন কিয় কোনে কৰিছে, তাকো সাধাৰণ জনতাই সুক্ষ্মভাৱে বিশ্লেষণ কৰাৰ সময় আহিছে। লগতে এই উপলব্ধি প্ৰতিজন লোকৰেই হোৱা উচিত- ছ'চিয়েল মিডিয়া মানেই যি ইচ্ছা তাকেই কৰাতো উচিত নহয়। কথা ক'ব জানিলেহে কথা ক'ব লাগে। নহ'লে কথাতেই কটা যায়, কথাতেই বঁটা পায়। যি অৱস্থাৰ সন্মুখীন হৈছে আজি পাপৰি বেনাৰ্জী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in