অগপ, বিজেপি নে কংগ্ৰেছৰ হাতত পঞ্চায়তৰ শাসন? কোনে পাব কিমান আসন? সাজু ৰাইজ

অগপ, বিজেপি নে কংগ্ৰেছৰ হাতত পঞ্চায়তৰ শাসন? কোনে পাব কিমান আসন? সাজু ৰাইজ

♦ মৃদুল কুমাৰ সন্দিকৈ

ভোট দিবলৈ সাজু ভোটাৰ। এতিয়াও অৱশ্যে ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অন্ত পৰা নাই। প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগা ১১ মহকুমাসহ ১৬জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অন্ত পৰিছে যদিও, ৯ ডিচেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগা অঞ্চলসমূহত প্ৰচাৰ অব্যাহত আছে। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, নগাঁও, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, মৰিগাঁও, দৰং আৰু কামৰূপ (মহানগৰ)ৰ লগতে ৫ ডিচেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব লগা মহকুমা কেইটা হৈছে মাৰ্ঘেৰিটা, শদিয়া, নাজিৰা, তিতাবৰ, ধনশিৰি, বোকাখাত, কলিয়াবৰ, জোনাই, গহপুৰ, ঢকুৱাখনা আৰু ৰঙিয়া।

এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ ২৬খন জিলাৰ ১৪টা মহকুমাত অনুষ্ঠিত হৈছে। মুঠ ২৩,৫০৫টা ভোটকেন্দ্ৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগা পঞ্চায়ত নিৰ্বাচনত ভোটদান কৰিব লগা ভোটাৰৰ সংখ্যা ১,৫৬,৪১,৪৫৬গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৮১,২৩,৮৩৫গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ৭৫,১৭,৬২১গৰাকী। পূৰ্বৰ নিৰ্বাচনৰ তুলনাত ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচনত ভোটাৰৰ বৃদ্ধিৰ হাৰ ২১.৪৯ শতাংশ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল অন্তিম তাৰিখ আছিল ১৫ নবেম্বৰৰ পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজালৈকে। ১৬ নবেম্বৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হৈছিল আৰু সেই দিনাই বৈধ মনোনয়ন দাখিল কৰা প্ৰাৰ্থীৰ তালিকা নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল। ১৯ নবেম্বৰৰ বিয়লি ৩ বজা পৰ্যন্ত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব খোজা প্ৰাৰ্থীসকলৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিয়াৰ অন্তত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা প্ৰাৰ্থীৰ তালিকা ৰাজহুৱা কৰা হৈছিল।

দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিল অন্তিম তাৰিখ আছিল ১৯ নবেম্বৰ। ২০ নবেম্বৰত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰি সেইদিনাই বৈধ মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীৰ তালিকা নিৰ্বাচন আয়োগে ৰাজহুৱা কৰিছিল। ২২ নবেম্বৰৰ বিয়লি ৩ বজালৈকে প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ সময়সীমা বান্ধি দিয়া হৈছিল আৰু তাৰ অন্তত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ তালিকা প্ৰকাশ কৰিছিল ৰাজ্যিক নিৰ্বাচনী আয়োগে।

এইবাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ সদস্যৰ বাবে ৪২০খন আসন, আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বাবে ২,১৯৯খন আসন, গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে ২,১৯৯খন আসন আৰু গাঁও পঞ্চায়তৰ সদস্যৰ বাবে ২১,৯৯০খন আসনত প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা কৰিব। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনত গাঁও পঞ্চায়তৰ সভাপতি হিচাপে কংগ্ৰেছৰ ১,২২৩গৰাকী, বিজেপিৰ ১০৬গৰাকী, অগপৰ ১৮৩গৰাকী, বিপিএফৰ দুগৰাকী, এ আই ইউ ডি এফৰ ৩৮৭গৰাকী, চিপিআইৰ দুগৰাকী, চিপিআই (এম)ৰ এগৰাকী, নিৰ্দলীয় ২৮৫গৰাকী সদস্য নিৰ্বাচিত হৈছিল।

আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কংগ্ৰেছৰ ১২৩৫গৰাকী, বিজেপিৰ ১৩০গৰাকী, অগপৰ ১৮২গৰাকী, বিপিএফৰ ৪গৰাকী, এ আই ইউ ডি এফৰ ৩৯৭গৰাকী, চিপিআইৰ ২গৰাকী, চিপিআই (এম)ৰ ৫গৰাকী, নিৰ্দলীয় ২৩৫গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হৈছে। জিলা পৰষদো আছিল কংগ্ৰেছৰ দখলত। ২৭৩গৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্বাচিত হৈছিল জিলা পৰিষদলৈ। বিজেপি, অগপ ক্ৰমে- ১৫ আৰু ২৯গৰাকী প্ৰাৰ্থী জিলা পৰিষদৰ সদস্যৰূপে নিৰ্বাচিত হৈছিল। সেইবাৰ কংগ্ৰেছৰপাছতেই জিলা পৰিষদলৈ এ আই ইউ ডি এফৰ ৭৬গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ বিপৰীতে চিপিআই ১গৰাকী, চিপিআই (এম) ২গৰাকী আৰু নিৰ্দলীয় ২৪গৰাকী প্ৰাৰ্থীক ৰাইজে জিলা পৰিষদৰ সদস্যৰূপে নিৰ্বাচন কৰি পঠাইছিল।

গাঁও পঞ্চায়তৰ সদস্য পদত ১০.৮০৬গৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে বিজেপিৰ ১,৫২৯গৰাকী, অগপৰ ২,৩০৯গৰাকী, বিপিএফৰ ৪৩গৰাকী, এআইইউডিএফৰ ২,৬২৩গৰাকী, চিপিআইৰ ২৪গৰাকী, চিপিআই (এম)ৰ ৮৫গৰাকী, আৰু নিৰ্দলীয় ৪,৩০৭গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হৈছিল।

পূৰ্বৰ পঞ্চায়ত নিৰ্বাচনত সেই সময়ত শাসনত থকা কংগ্ৰেছ দলে গৰিষ্ঠ সংখ্যক আসনত বিজয় সাব্যস্ত কৰিছিল। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত কোন দলে কি ফলাফল দেখুৱাই সেই ছবি এতিয়াও স্পষ্ট নহয়। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ শাসকীয় দলৰ বিৰুদ্ধে সৃষ্টি হোৱা প্ৰতিক্ৰিয়া, পূৰ্বৰ কংগ্ৰেছৰ দলৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, আঞ্চলিক দল অগপৰ দুৰ্বল স্থিতিৰ বাবেই কাক ৰাইজে ভোট দিব তাক লৈ বহু ভোটাৰ বিবোধিত পৰিছে। তাৰ মাজতেই বহু কেইগৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে। বিজেপিৰ ৩৮০গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰেই নিৰ্বাচিত হোৱাৰ লগতে কংগ্ৰেছৰ ২৯৩গৰাকী, অগপৰ ২৮গৰাকী, এ আই ইউ ডি এফৰ ১০গৰাকী, নিৰ্দলীয় ১১৭গৰাকী, বিপিএফৰ ৩গৰাকী, চিপিআই (এম)ৰ ১গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ নোহোৱাকৈয়ে জয়ী হোৱা বুলি ৰাজ্যিক নিৰ্বাচনী আয়োগৰ তথ্যত প্ৰকাশ।

২০১৮ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ৪৩,৫১৫গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ সংখ্যা ৩৫,০৫৬গৰাকী। পঞ্চায়ত নিৰ্বাচনত এইবাৰ মুঠ ৭৮,৫৭১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। মুলতঃ ৫ আৰু ৯ ডিচেম্বৰত দুই পৰ্যায়ত ভোটগ্ৰহণ অনু্ষ্ঠিত হ'লেও কিবা কাৰণত উক্ত দিন দুটাত ভোটগ্ৰহণ নহ'লে পুনৰ ভোটগ্ৰহণৰ বাবে দুটাকৈ দিন সংৰক্ষিত কৰি ৰাখিছে আয়োগে। প্ৰথম পৰ্যায়ত অৰ্থাৎ ৫ ডিচেম্বৰত কোনো ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰিব নোৱাৰিলে ৭ ডিচেম্বৰত সেই ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। একেদৰে ৯ ডিচেম্বৰত অনু্ষ্ঠিত হ'বলগা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত এনে পৰিস্থিতিৰ সৃষ্টি হ'লে সংশ্লিষ্ট ভোটগ্ৰহণ কেন্দ্ৰটোত ১১ ডিচেম্বৰত ভোটগ্ৰহণৰ ব্যৱস্থা কৰিছে আয়োগে।

এইবাৰ পঞ্চায়ত নিৰ্বাচন কেইটামান দিশত উল্লেখযোগ্য বুলি বিবেচিত হৈছে। বেলট পেপাৰেৰে অনুষ্ঠিত হ'বলগা পঞ্চায়ত নিৰ্বাচনৰ মন গ'লেই এইবাৰ কোনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব পৰা নাই। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ বাবে ন্যূনতম শিক্ষাগত অৰ্হতাৰ লগতে আন কিছু নীতি-নিয়মো বান্ধি দিয়া আছে। তাৰ ভিতৰত সন্তানৰ সংখ্যা আছিল অন্যতম। ইফালে নিৰ্বাচনী ব্যয়ৰ ক্ষেত্ৰত আয়োগে নিৰ্ধাৰণ কৰি দিছে কোন প্ৰাৰ্থীয়ে কিমান ধন ব্যয় কৰিব পাৰিব। পঞ্চায়ত নিৰ্বাচনত মুঠ ব্যয় হ'ব ১৪৯,৯১,৪০,৯০৫টকা। প্ৰায় ১৪৯ কোটি টকাৰ ব্যয় হ'ব এই নিৰ্বাচনত। নিৰ্বাচনত ৰাজ্যৰ মুঠ ১,৫৬,২৫৫জন বিষয়া-কৰ্মচাৰীক নিয়োজিত কৰা হৈছে। সেই অনুসৰি নিৰাপত্তা ব্যৱস্থাৰ বাবেও অতিৰিক্ত নিৰাপত্তাবাহিনীও অনা হৈছে।

জিলা পৰিষদৰ সদস্য হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীয়ে সৰ্বাধিক ৬লাখ ৪০ হাজাৰ টকা, আঞ্চলিক পৰিষদৰ  সদস্যই ১ লাখ ৬০ হাজাৰ টকা, গাঁও পঞ্চায়তৰ সভাপতিয়ে ১ লাখ ৬০ হাজাৰ টকা আৰু পঞ্চায়তৰ সদস্যই নিৰ্বাচনী ব্যয়ৰ নামত সৰ্বাধিক ১৬হাজাৰ টকা ব্যয় কৰিব পাৰিব বুলি আয়োগে ঘোষণা কৰিছিল।

পঞ্চায়ত নিৰ্বাচন যাতে সুচাৰুৰূপে অনুষ্ঠিত হয় তাৰ বাবে নিৰ্বাচন আয়োগে হেল্প ডেস্ক স্থাপন কৰিছে উপায়ুক্তৰ কাৰ্যালয়, মহকুমাধিপতি কাৰ্যালয় আৰু বিডিঅ'ৰ কাৰ্যালয়ত। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক নিৰ্বাচন আয়োগে এটা হেল্পলাইন নম্বৰ স্থাপন কৰিছে। নিৰ্বাচন আয়োগৰ সূত্ৰ অনুসৰি সেই হেল্পলাইন নম্বৰটো হ'ল-০৩৬১-২২২৬৫৫৩। তাৰোপৰি নিৰ্বাচন আয়োগে প্ৰতিখন জিলা আৰু মহকুমাত পৃথকে পৃথকে নিৰ্বাচন পৰ্যবেক্ষকো নিযুক্তি দিছে।

৫ আৰু ৯ ডিচেম্বৰত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈকে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। ভোটগ্ৰহণ অনুষ্ঠিত হ'ব লগা মুঠ ৩,৬৫৫ টা ভোটগ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ, ৮,২৪৩টা স্পৰ্শকাতৰ আৰু ১১,৫৯৭টা নিৰাপদ ভোটকেন্দ্ৰৰূপে আয়োগে ঘোষণা কৰিছে।

ভোটদানৰ বাবে যাওঁতে ভোটাৰসকলে পৰিচয় পত্ৰৰূপে কি প্ৰদান কৰিব লাগিব তাৰো এক নিৰ্দেশ দিছে। সেই অনুসৰি ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰা নথিসমূহ হ'ল-

(১) ভোটাৰ পৰিচয় পত্ৰ

(২) ফটো যুক্ত ভোটাৰ তালিকা

(৩)পাৰপত্ৰ

(৪) গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ

(৫) বেংক পাছবুক

(৬) আধাৰ কাৰ্ড

(৭) চাকৰিয়ালৰ পৰিচয় পত্ৰ

(৮) পেঞ্চনাৰৰ পৰিচয় পত্ৰ

(৯) পান কাৰ্ড

(১০) এনৰেগা জব কাৰ্ড

(১১) বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ পৰিচয় পত্ৰ।

ইমান দিন ৰাজনৈতিক দলসমূহৰ ব্যস্ততা আছিল। এতিয়া সাজু হৈছে ৰাইজ। ৫ ডিচেম্বৰ আৰু ৯ ডিচেম্বৰত ৰাইজে নিৰূপন কৰিব নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ভাগ্য। নিৰ্বাচন কৰিব তেওঁলোকৰ প্ৰতিনিধি। ক্ষমতা বিকেন্দ্ৰিকৰণৰ বাবে গাঁও পঞ্চায়তৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। পূৰ্বৰ অভিজ্ঞতা, বৰ্তমানৰ তিতা-কেঁহা, ক্ষোভ সকলো প্ৰতিফলিত হ'ব এই নিৰ্বাচনত। এদিনৰ বাবে  হ'লেও হ'ব ৰাইজেই সৰ্বেসৰ্বা। ১২ ডিচেম্বৰত ঘোষণা হ'ব ফলাফল। গম পোৱা যাব কাৰ হাতত পঞ্চায়তৰ শাসন, কোনে পালে কিমান আসন? তাৰ বাবে এতিয়া সাজু ৰাইজ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in