দুই শিল্পীৰ জীৱন সংগ্ৰামেৰে নিৰন্তৰ প্ৰেমৰ শাশ্বত কাহিনী…

920

♦ মৃদুল কুমাৰ সন্দিকৈ

প্ৰেমৰ এই জীৱন। হেঁপাহৰ এই সংসাৰ। দুয়ো শিল্পী। এজনৰ জীৱন মানে গান, আনজনৰ জীৱন মানে ছবি। ছবি তেওঁৰ বাবে জীৱিকা নহয়। মৰুময় বালিত বিয়পি থকা এক সংবেদনৰ সত্তা। সপোন তেওঁ আজিও দেখে। সৃষ্টিৰ উন্মাদনাই তেওঁক অস্থিৰ কৰি ৰাখে। দুটা দেহ কিন্তু এটা প্ৰাণ। নাম দীপালি-নীলপৱন।

ঘৰটোৰ আগত এখন বৰচোতাল। তাৰ পৰাই গণিব পাৰি ৰাতিৰ আকাশৰ তৰা আৰু পদূলিৰ পৰা চাব পাৰি নীলপৱনৰ ৰঙৰ আভা। তেওঁৰ সৃষ্টিত বিশ্বৰ প্ৰতীক উদ্ভাসিত হয়। শিল্পৰ টানে তেওঁক সদায় সজীৱ কৰি ৰাখে। ধুমুহাৰ দৰে তেওঁৰ গতি। যাওঁ বুলিলেই ধূলি উৰুৱাই গুচি যায় বহু দূৰলৈ। তেওঁৰেই কাষত আছে দীপালি। অনন্য কণ্ঠৰ গৰাকী। তেওঁৰ কণ্ঠস্বৰ মানুহে চিনে। ‘দীপালি বাইদেউ’ বুলি ক’লেই কাণত তেওঁ গোৱা সেই পুৰণি গীতবোৰ ভাহি আহে…

১৯৫৭ চনৰ পৰা ১৯৬৭ চনলৈ তেওঁৰ আছিল সোণালী সময়। শিৱসাগৰ ম’হখুটিত তেওঁৰ জন্ম। স্কুলীয়া জীৱনৰ পৰাই তেওঁ আৰম্ভ কৰিছিল সংগীতৰ সাধনা। শিৱসাগৰত তেতিয়া গীত গাই ঘূৰি ফুৰিছিল কণমানি ছোৱালীজনীয়ে। গুৱাহাটী আকাশবাণী কেন্দ্ৰ সঞ্চালক ড০ নাটেশে বুজি পাইছিল দীপালিক। থলুৱা শিল্পীৰ সন্ধান কৰি থাকোতেই এদিন বুটলি আনিলে তেওঁক। ‘অডিশ্যন’ নিদিয়াকৈয়ে অনাতাৰ শিল্পী হোৱাৰ সুযোগ দিলে।

১৯৫৯ চনৰ মানৰ কথা। ৰেডিঅ’ৰ পৰা ভোগালী নামৰ সংগীতালেখ্য এখন ভোগালী বিহু উপলক্ষে সম্প্ৰচাৰ কৰা সিদ্ধান্ত লৈ নিৰ্মলপ্ৰভা বৰদলৈক দিছিল এক প্ৰস্তাৱ। ৫টা গীত লাগে। মুকুল বৰুৱাই সুৰ দিব গীতবোৰত। বীৰেণ ফুকন, বীৰেণ দত্ত আৰু দীপালি বৰঠাকুৰে গাব। কথামতেই কাম হ’ল। ৰেডিঅ’ত সম্প্ৰচাৰ হ’ল সংগীতালেখ্যখনি। মানুহে প্ৰশংসাৰে উপচাই দিলে- ‘বাহ! দীপালিৰ কি কণ্ঠ…’।তাৰ পাছত ৰঙালী বিহুতো এনে এখন সংগীতালেখ্যৰ বাবে পুনৰ প্ৰস্তাৱ আহিল নিৰ্মলপ্ৰভা বৰদলৈলৈ। সেই সংগীতালেখ্যতো দীপালিৰ গীত।

ৰেডিঅ’তেই এদিন ‘দেউলা’ নামৰ আলোখ্য এখন অন্তৰ ঢালি গীত গাইছিল দীপালি বৰঠাকুৰে। ‘গুঞ্জৰি সাগৰ মাজে আছো মই ভ্ৰমি, ক’ত দূৰ আৰু ক’ত দূৰ, ক’ত আছে সেই দেৱপুৰি?’ দীপালিয়ে গাইছিল সেই গীত। তাৰপাছত দীপালিয়ে আৰু পিছলৈ চোৱা নাছিল। সৰুৰে পৰা সংগীতৰ এক পৰিৱেশৰ মাজতেই ডাঙৰ হৈছিল দীপালি বৰঠাকুৰ। তেওঁৰেই সৰু ককায়েক আছিল বিশিষ্ট সুৰকাৰ ভৱেন বৰঠাকুৰ।

পুৰুষোত্তম দাস, ৰুদ্ৰ বৰুৱা, কেশৱ মহন্ত, লক্ষ্যহীৰা দাস আদি গীতিকাৰ সকলৰ গীত গাইছিল দীপালিয়ে। ৰেডিঅ’ৰ ‘সুৰৰ শৰাই’ত গীত গাই তেতিয়া তেওঁ। সাজ-পোছাকত তেনেই এজনী সাধাৰণ ছোৱালী।

 

জীয়ৰী কালত গীত পৰিৱেশন কৰি থকা এটা বিৰল মুহূৰ্তত দীপালি বৰঠাকুৰ।

তেওঁৰ কণ্ঠত কোনো সংকোচন নাই। মুখত ভৰি থাকে সৰলতা আৰু মাৰ্ধুয্য। জন্মগত প্ৰতিভা আছিল তেওঁৰ। এদিন নিৰ্মলপ্ৰভা বৰদলৈৰ ঘৰলৈ গৈছিল। গা ধুই কলেজলৈ যাব উলাইছিল নিৰ্মলপ্ৰভা বৰদলৈ। গীত বিচাৰি গৈছিল সেইদিনা। নিৰ্মলপ্ৰভা বৰদলৈয়ে হাৰমনিয়ামটো আনি কৈছিল- ‘মই গা ধুই কলেজলৈ ওলাব লাগে। তোমালোকে এটা কাম কৰা, মই গা ধুম, কথাও দি থাকিম। ড্ৰেছিং ৰূমৰ মাজত এখন বেৰৰ ব্যৱধান। তোমালোকে সুৰটো বজোৱা, মই শুনিম, সেইমতে মই গীতৰ কথা দি যাম।’

দীপালি বৰঠাকুৰৰ লগত গৈছিল ভৱেন বৰঠাকুৰ। বাথৰূমত সোমায়েই গীতৰ কথা কৈ থাকিল, ভৱেন বৰঠাকুৰে হাৰমনিয়ামত সুৰ দি গ’ল। গা ধোৱা শেষ হ’ল। গীত সম্পূৰ্ণ হ’ল। তাৰ পাছত দীপালি বৰঠাকুৰে নিৰ্মলপ্রভা বৰদলৈক গা ধুই অহাৰ পাছত গীতটো গালে। এটা শব্দও সলাব লগা নহ’ল। সৃষ্টি হৈছিল এটা কালজয়ী গীতৰ। আজিও জনপ্ৰিয় হৈ থকা সেই গীতটো পিছদিনা পুৱাই কলকাতালৈ গৈ গ্ৰাম’ফোনত ৰেকৰ্ডিং কৰা হৈছিল। গীতটো আছিল-

‘সোণৰ খাৰু নালাগে মোক

বিয়াৰ বাবে আই

চেনেহজৰী তই দিয় মোক হাততে শুৱায়।।’

এই গীতটিৰেই সংগীত জগতত দীপালি বৰঠাকুৰৰ মৰ্যাদা বহু ওপৰলৈ লৈ গ’ল। কেৱল এইটোৱে নে, ‘কোন সেই ৰূপৱতী যায়’, ‘সোণালী বুটা বছা অসমীয়া পাট’, ‘অ’ মোৰ লাজ লাগে’, ‘জোনবাই এ বেজী এটি দে’, ‘সোণটিৰ শুৱনী লাৱনী মুখখনি’ এনে বহু গীতত প্ৰাণ পাইছিল দীপালিৰ কণ্ঠ।

‘টোপনিয়ে তোৰ কলৰ তলত ঘৰ/সকলো ৰজাৰ টোপনি আহি আমাৰ মইনাৰ চকুতে ধৰ’, লীলা গগৈয়ে দীপালি বৰঠাকুৰৰ বাবে লিখিছিল এই গীতটি। অসমীয়া গীতৰ সুৰ ইমান মধূৰ হ’ব পাৰে সেয়া কোনে ভাবি পাৰে? এদিন কমল হাজৰিকাক পৰাগধৰ চলিহাই কৈছিল- ‘শিৱসাগৰত অকণমানি গায়িকা এজনী ওলাইছে। আমি তেওঁক উৎসাহ দিব লাগে। তুমি তেওঁৰ গান শুনিছানে?’ ৫০ দশকত লতাশিলৰ বিহুতলীত গীত গাবলৈ দীপালি আহিছিল। এজনী কণমানি ছোৱালী। অগণন দৰ্শকক মোহাচ্ছন্ন কৰিছিল এই কণমানিজনীয়ে।

তেৱেই গাইছিল এদিন- চেনাই মই যাওঁ দেই/বিহুতে আহিম গৈ/ তেতিয়াই গাই যাম গীত…

১৯৪১ চনৰ ৩০ জানুৱাৰী। নীলমণি চাহবাগিছাত জন্ম হৈছিল দীপালি বৰঠাকুৰৰ। পিতৃৰ নাম বিশ্বনাথ বৰঠাকুৰ, মাতৃৰ নাম আইমণি বৰঠাকুৰ। ফুলেশ্বৰী হাইস্কুলত শিক্ষা গ্ৰহণ কৰি কটন আৰু সন্দিকৈ কলেজত উচ্চ শিক্ষা লৈছিল দীপালি বৰঠাকুৰে। ১৯৪৭ চনত মইনামেলৰ যোগেদি গায়িকা ৰূপে আত্মপ্ৰকাশ কৰিছিল। ১৯৫৬চনত অসম সংগীত নাটক একাডেমীৰ উদ্যোগত অনুষ্ঠিত সংগীত সমাৰোহত শ্ৰেষ্ঠ গায়িকা সন্মান লাভ কৰিছিল। ১৯৫৭ চনতেই আকাশবাণী কেন্দ্ৰৰ গায়িকাৰ স্বীকৃতি লাভ কৰিছিল এইগৰাকী শিল্পীয়ে।

বেলতলাৰ সৌৰভ নগৰত থকা ‘বসুন্ধৰা কলা নিকেতন’ তেওঁৰ এতিয়া ঠিকনা। বয়স তেতিয়া ২৭ বছৰ, ১৯৬৮চন। ৰোগত আক্ৰান্ত হৈ চিৰদিনৰ বাবে তেওঁৰ কণ্ঠ হেৰুৱালে। কি কৰুণ বাতৰি আছিল এয়া অসমৰ সংগীত জগতৰ বাবে। যাৰ কণ্ঠই মানুহক বিস্মিত কৰিছিল। তেওঁৰ কণ্ঠ ৰুদ্ধ হৈ গ’ল। স্নায়ুৰ জটিল মটৰ-নিউৰণ ৰোগত আক্ৰান্ত হৈ কলকাতাৰ এছ এছ কে এম হাস্পতাল আৰু আয়াৰলেণ্ডৰ দাভলিন চহৰৰ ঋষ্মন হাস্পতালত চিকিৎসা চলিল। কিন্তু কন্ঠ ঘূৰাই নাপালে তেওঁ। হঠাৎ আকাশ খহি পৰিছিল তেওঁৰ মূৰত। মুখৰ আপোন ভোলোৱা হাঁহিটোত ৰৈ গ’ল সেই বিষাদৰ ছাঁ। কিন্তু কোনে ৰাখে কাৰ খবৰ? এনেকৈয়েতো হেৰাই যায় আপোনজন। তেতিয়াই তেওঁৰ জীৱনলৈ আহিল নীলপৱন বৰুৱা।

কটন কলেজত পঢ়া সময়তে জজ খেলপথাৰৰ এচোকত নীলপৱন বৰুৱাই এটা ষ্টুডিঅ’ আৰম্ভ কৰিছিল। বহুতক আকৰ্ষণ কৰিছিল সেই সময়ত। নিজৰ সাধনাত মগ্ন এই চিত্ৰকৰ গৰাকীয়ে ছবিৰ মাজতেই জীৱনৰ সমাহাৰ ঘটাইছিল। তেওঁৰ দৃষ্টি অনন্তলৈ বিয়পি আছে। ১৯৩৬ চন।  জাজীৰ তামুলীছিগাত তেওঁৰ জন্ম। ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ পুত্ৰ আছিল তেওঁ। ৫৪ নং দুলীয়াগাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰি যোৰহাট পলিটেকনিক স্কুল আৰু শেষত চাৰু-কাৰুশিল্প বিষয়ত শান্তি নিকেতনৰ পৰা স্নাতক ডিগ্ৰী লৈছিল। বৰ অভিমান আৰু স্বাভিমানৰ মাজত তেওঁ লৈ ফুৰে শিল্প সত্তাক। ১৯৭১চনতেই তেওঁ স্থাপন কৰিছিল অসম চাৰু ক’লা পৰিষদ। তেওঁৰ সৃষ্টিৰ আজিও অন্ত পৰা নাই। ছবিয়েই তেওঁৰ ভাষা। তেওঁৰ ছবিতেই পঢ়িব পাৰি কবিতা। ১৯৫৫ চনতেই এজনৰ লগত জেদ ধৰি তেওঁ খোজকাঢ়ি গুচি গৈছিল মাজুলী,লখিমপুৰলৈ। শান্তি নিকেতনত থকা সময়ত আত্মমৰ্য্যদাৰ প্ৰতি তেওঁক সজাগ হ’বলৈ শিকাইছিল। প্ৰকৃতিৰ কাষ চাপি গৈছিল।

পিতৃ ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱা, ভাতৃ সুনীল পবন বৰুৱা আৰু তেওঁৰ পত্নীৰ সৈতে নীলপবন বৰুৱা।

কথা পাতিলে তেওঁ পাতি থাকিব পাৰে। হঠাৎ তেওঁ চিন্তাৰ জগত ভূমুকি মাৰে কিছু নতুন কথা। হাতত তেওঁৰ লাগি থাকে চাৰমিনাৰ চিগাৰেট। সেই চিগাৰেটৰ পেকেটবোৰৰ খালী পিছফালৰ ঠাইবোৰ হয় তেওঁৰ ছবি অঁকাৰ মাধ্যম। ্ছবিৰ জৰিয়তে তেওঁ কয় মনৰ কথা। ব্যক্ত কৰে নিজস্ব ধ্যান-ধাৰণা। ইমান বিনয়ী তেওঁ চেনেহে ওপচাই দিব পাৰে সকলোকে। গৰ্ব-অহংকাৰ তেওঁৰ জীৱনত নাই। শান্তি নিকেতনত পঢ়া সময়ত অধ্যক্ষৰূপে পাইছিল বিশ্বৰূপ বসুক। সেই স্মৃতি সোঁৱৰণ কৰে এতিয়াও। ভাস্কৰ্য্যৰ প্ৰতিও তেওঁ আকৃষ্ট হৈছিল। পুৰামাটি টেৰাকুটাৰ কাম কৰিছিল। প্ৰথম সাধাৰণ চিয়াহীৰেই ড্ৰয়িং কৰিছিল। লাহে লাহে তেল ৰং আৰু এক্ৰিলিক ৰঙৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে।

সৃষ্টিত মগ্ন নীলপবন বৰুৱা।

১৯৭৬ চন। অসুস্থ দীপালি বৰঠাকুৰক লৈ আহিলে নিজৰ কৰি। দীপালি বৰঠাকুৰৰ সৈতে আৰম্ভ কৰিলে সংসাৰ। বহেমিয়ান জীৱনৰ পৰা সাংসাৰিক জীৱনলৈ এক পৰিৱৰ্তনৰ সন্ধানেৰে আৰম্ভ কৰিলে চিৰসেউজ প্ৰেমৰ বৃক্ষ। কেতিয়াবা নিজেই পিন্ধাই দিয়ে দীপালি বৰঠাকুৰক কাপোৰ। কেৱল তেওঁৰ চিন্তা-চেতনা দীপালি। অনুকম্পা তেওঁ নকৰে। বুকুৰ ভিতৰৰ পৰা বৈ থাকে সেই প্ৰেম। অসুস্থ হ’লেও বিচনাৰ পৰাই নিয়ন্ত্ৰণ নীলপৱন বৰুৱাক দীপালি বৰঠাকুৰে। কেতিয়াবা কোনোবাই তেওঁক ক’ৰবালৈ নিমন্ত্ৰণ কৰিবলৈ আহিলেও সেই কথা বিচনাৰ পৰাই শুনি দীপালি বৰঠাকুৰে মাত দিয়ে- ‘এওঁৰ গাটো বৰ বেয়া, হয়তো যাব নোৱাৰিব।’ তাৰ পাছত ইচ্ছা থাকিলেও ৰৈ যায় নীলপবন বৰুৱা। মুখৰ সেই মিচিকিয়া হাঁহিটো মাৰি কয়- ‘শুনিছাই নহয়, এওঁ মোক লৈ বৰ সচেতন। গাটো অকণ বেয়া…’

১৯৭৬চনত বিবাহপাশত আৱদ্ধ হৈছিল দীপালি বৰঠাকুৰ-নীলপবন বৰুৱা।

‘কণমানি বৰশীৰে চিপ’, ‘ডালে ডালে গাই কুলি’, ‘লুইতে নেযাবি’, ‘কাচনমতি নদীখন’, ‘চেনাই মই যাওঁ দেই’, ‘খোজ লাহেকৈ দিবি’ এইবোৰ গীত আছিল সোণসেৰিয়া গীত। তেওঁৰ চকুৱে-মুখে সেই হাঁহিটো লাগি থাকে।জীৱনৰ প্ৰতি দুখ-যান্ত্ৰনাৰ পাছতো অভিযোগ নাই। আগৰ দৰেই তেওঁ অম্লান। প্ৰগ্ৰাহ প্ৰেম আৰু গভীৰ বিশ্বাসেৰে শিল্পী স্বামী নীলপৱনৰ হাতত ধৰি জীৱনক আগুৱাই নিছে। কেতিয়াবা গা ধোৱাৰ পাছত স্বামী নীলপৱনেই আঁকি দিয়ে কঁপালৰ সেন্দুৰ।

দুয়োৱে দুয়োক বুজে। তেওঁলোকৰ সম্পৰ্কত আছে উৎসৰ্গিত জীৱনৰ দৰ্শন। তেওঁলোকৰ এই প্ৰেম পূজাৰ দৰেই আৰাধনাৰ মন্ত্ৰ। চিৰকাল তেওঁলোকে গতিশীল হৈ থাকিব খোজে সানিধ্যৰ মাজত। কল্পনাৰ সোঁত ছিঙি নিৰঞ্জনৰ স্মৃতি সুঁৱৰি দুয়ো দুয়োৰে মাজত বিলাই দিছে প্ৰেম-ভালপোৱা।

ৰাতিপুৱা দীপালি বৰঠাকুৰৰ সেই পৰিচিত হাঁহিটোৱে তেওঁৰ বাবে প্ৰেৰণা। সংগীতৰ যাত্ৰা স্তব্ধ হ’লেও মানুহ আহে তেওঁৰ কাষলৈ। ১৯৯৮চনত ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনে দীপালি বৰঠাকুৰক দিছিল পদ্মশ্ৰী সন্মান।

ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনে ১৯৯৮ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা মুহূৰ্তত।

নীলপৱন বৰুৱাই তেওঁক সময় দিয়ে, পৰ্যাপ্ত সময়। ডেৰকুৰি বছৰতকৈ অধিক কাল তেওঁ ছবি আঁকিছে। অদৃশ্য জগতখনৰ কথাও তেওঁ ছবিৰ মাজেৰেই তুলি ধৰিছে। জীৱনৰ জিজ্ঞাসা, কৌতূহল, কল্পনা আৰু সৃজনশীল মনৰ মাজত ধৰি ৰাখিছে। তাৰ মাজতেই খবৰ ৰাখে পত্নী দীপালি বৰঠাকুৰৰ। দীপালি তেওঁৰ বাবে এক জীৱনৰ ছন্দ। এই ছন্দতো ধৰা দিয়ে আন এখন ছবি।

দীপালি বৰঠাকুৰ বিহীন ঘৰখন তেওঁৰ বাবে কেৱল শূন্যতাৰে ভৰা… ফটোৰ উৎসঃ পিংকুমণি ডেকা।

এদিন দীপালি বৰঠাকুৰ চিকিৎসালয়ত ভৰ্তি হৈ আছিল। তেওঁ উদাস হৈ খালী ঘৰটোত অকলেই বহি চিগাৰেট হুপিছিল। দুচকুত বিৰিঙিছিল নিঃসংগতাৰ এপিয়লত শুহা দিয়া পাৰ নোহোৱা সময়ত উদাস দৃষ্টি। দীপালি বৰঠাকুৰৰ সানিধ্যক তেওঁক সজীৱ কৰি ৰাখে। অভিব্যক্তি বৈচিত্ৰতাই তেওঁক মুগ্ধ কৰে। এক আৱেগিক সন্মোহনী চৰিত্ৰ হৈ তেওঁ নোকোৱাকৈয়ে কৈ যায় বহু কথা। তেওঁৰ ছবিতো সেয়াই বৈশিষ্ট্য। শিল্প আৰু জীৱন দৃষ্টিত প্ৰবাহিত হৈ থাকে নান্দনিক ঐতিহ্যৰে সমৃদ্ধ চেতনাবোধ।

ভাৰতীয় শিল্পী চিত্ৰভাষাৰ দৰেই নীলপবন বৰুৱাৰ ছবিৰ চিত্ৰভাষাৰ প্ৰধান চৰিত্ৰও Eclectic। সৃজনশীল মনৰ এজন সংবেদনশীল শিল্পী তেওঁ…

কিছুদিনৰ পূৰ্বে তেওঁ চিকিৎসালয়ত আছিল। স্বাস্থ্যৰ জটিলতা তেওঁৰ আঁতৰা নাই, দিনকদিনে বাঢ়িছে। চিকিৎসকে তেওঁৰ যতন লৈছে। গুণমুগ্ধই নেদেখাজনক খাটিছে। তেওঁ সুস্থ হওঁক বুলি সকলোৱে প্ৰাৰ্থনা কৰিছে। কেতিয়াবা তেওঁৰ মুখৰ হাঁহিটিও হেৰাই যায়। চিন্তিত হয় সকলো। ভাৱ-ভংগীত থকা সেই সতেজতাতো আন্তৰিকতা আছে, আৱেগ আছে। বয়সৰ ভটিয়নী সোঁতত তেওঁ ভটিয়াই গৈ আছে। গুণমুগ্ধৰ আৱেগ, অনুভূতি, মৰম-চেনেহ, আন্তৰিকতা আৰু অদৃশ্য জনৰ ইচ্ছাই এতিয়া আশাৰ বতৰা। অমায়িক মানুহজনে দীপালি বৰঠাকুৰলৈ চাই উদাস দৃষ্টি এৰি দিয়ে শূন্যত। তেওঁৰ জীৱনৰ প্ৰতি ক্ষোভ নাই। কিন্তু কামনা কৰে দীপালি বৰঠাকুৰৰ সুস্থ আৰু দীৰ্ঘায়ু জীৱন। বিচনাত পৰি থকা অসুস্থ দীপালি বাইদেউৰ প্ৰতি এতিয়াও তেওঁৰ একেই টান।

তেওঁৰ সৃষ্টিৰাজিৰ একাংশ কিছু দিনৰ পূৰ্বে লৈ গৈছে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে। তাতে তেওঁৰ শিল্পকৰ্ম সংৰক্ষণ হ’ব। সেই বাবে তেওঁ এইবোৰ যতনাই মেলি ঠিক কৰি দিবৰ বাবেও কিছু সময় দিব লগা হৈছে। কিন্তু এতিয়া তেওঁৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে দীপালি বৰঠাকুৰৰ স্বাস্থ্য। হাঁহি-মাতি মানুহজনী বিচনাত পৰি থাকিলেও তেওঁ পাই বহু উৎসাহ। দীপালি বিহীন জীৱন তেওঁ কল্পনা কৰা নাই। দীপালি আছেই বাবে নীলপৱন আছে, নীলপৱন আছেই বাবেই দীপালি আছে। অভিন্ন হৃদয়ৰ এই জীৱন, নাম ‘দীপালি-নীলপৱন’।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি