ৰাষ্ট্ৰীয় লংজাম্পৰ টুৰ্ণামেন্টৰ চেম্পিয়ন ছিকিউৰিটি গাৰ্ড ডিম্বেশ্বৰ…

ৰাষ্ট্ৰীয় লংজাম্পৰ টুৰ্ণামেন্টৰ চেম্পিয়ন ছিকিউৰিটি গাৰ্ড ডিম্বেশ্বৰ…

♦ মৃদুল কুমাৰ সন্দিকৈ

এটা ভাল খবৰ। কেৰালাৰ পৰা ডিম্বেশ্বৰে বৰ আগ্ৰহেৰে ফোন কৰি দিলে এই খবৰ। ছিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিবলৈ যোৱা ডিম্বেশ্বৰে একাগ্ৰতাৰ বলত আজুৰি আনিলে এই সফলতা। লখিমপুৰৰ বগীনদীৰ ৰেলৱে কলনীৰ এটা দৰিদ্ৰ পৰিয়ালত জন্ম হৈছিল ডিম্বেশ্বৰৰ। খেলা-ধূলাৰ প্ৰতি সৰুৰে পৰাই ৰাপ আছিল ল'ৰাটোৰ।

'মই ডিম্বেশ্বৰ দলে-এ কৈছো। আজি আমাৰ ফাইনেল খেল হৈ গ'ল। মই ফাৰ্ষ্ট হৈছো।'- ১৬ ডিচেম্বৰৰ দুপৰীয়া ১.৩০ মান বজাত ডিম্বেশ্বৰৰ এই ফোন আহিছিল। উৎফুল্লিত হৈ ২৬ বছৰীয়া ডিম্বেশ্বৰে এই খবৰ দিছিল। এই খেলুৱৈজনে প্ৰথমবাৰৰ বাবে কেৰালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় লংজাম্প টুৰ্ণামেন্টত অংশ লৈছিল। ডিম্বেশ্বৰৰ এই উত্তৰণৰ কাহিনীও সাধু কথাৰ দৰেই।

ডিম্বেশ্বৰ দলেৰ পিতৃৰ নাম আছিল যজ্ঞেশ্বৰ দলে। সৰুতে পিতৃক হেৰুৱাইছিল তেওঁ। দৰিদ্ৰতাৰ মাজতে ডিম্বেশ্বৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি বিচাৰি গুচি গৈছিল কেৰালালৈ। প্ৰথমে তেওঁ কেৰালাৰ আই চি আই সদালাইন গ্ল'বেল ছাৰ্ভিচত ছিকিউৰিটী গাৰ্ডৰ চাকৰিত সোমাইছিল। কেইটামান টকাৰে চলি আছিল তেওঁ। কিন্তু ডিম্বেশ্বৰৰ ক্ৰীড়া প্ৰতিভাৰ থমকি নৰ'ল। এফালে ছিকিউৰিটি গাৰ্ডৰ চাকৰি, আনফালে খেলৰ অনুশীলন চলাই থাকিল। অসমত সুযোগ নোপোৱা ডিম্বেশ্বৰলৈ সুযোগ আহিল কেৰালাত। 

পুৱা ১০ বজাৰ পৰা নিশা ১০ বজালৈ ডিম্বেশ্বৰৰ চাকৰি কৰিছিল। তাৰপাছত তেওঁ ওলাই গৈছিল ওচৰতে থকা ক'ল্লৰ ষ্টেডিয়ামলৈ। তাতেই তেওঁ সুযোগ উলিয়াই লৈছিল। ডিম্বেশ্বৰৰ সেই প্ৰতিভা দেখা পাইছিল এখন স্থানীয় কলেজৰ অধ্যক্ষই। ডিম্বেশ্বৰক মাতি নি সেই মহাবিদ্যালয়খনৰ পৰা খেলিবলৈ সুযোগ দিছিল। তাৰপাছতেই ডিম্বেশ্বৰৰ দুৱাৰ খোল খালে।

কচিনৰ সেই মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ পৃষ্ঠপোষকতাতেই ডিম্বেশ্বৰে আন্তঃমহাবিদ্যালয় খেলত সোণৰ পদক আনি দিছিল মহাবিদ্যালয়খনক। লাহে লাহে ডিম্বেশ্বৰ সেই ঠাইত জনপ্ৰিয় হৈ পৰিল। মহাবিদ্যালয়খনৰ অধ্যক্ষই তেওঁক সকলো ব্যৱস্থা কৰি দিলে। ডিম্বেশ্বৰৰ বাবে তেওঁৱেই এতিয়া গ'ড ফাডাৰ।

প্ৰতিদিনাই কঠোৰ অনুশীলনত ব্যস্ত হৈছিল ডিম্বেশ্বৰ। ৰিবাৰ পটক নামৰ মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ অনুপ্ৰেৰণাতেই ডিম্বেশ্বৰ আগবাঢ়ি গ'ল। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক ডিম্বেশ্বৰে এদিন কৈছিল- 'দাদা, আমি দুখীয়া ল'ৰা। ছাৰে হেল্প নকৰা হ'লে মই এইটো পৰ্যায় নাপালো হয়। প্ৰথম ছিকিউৰিটী গাৰ্ডৰ চাকৰি কৰিছিলো। এতিয়া মই মেনেজমেন্টৰ কাম-কাজ কিছু চাব লাগে। নিশা ১০ বজাত অফিচৰ পৰা আহি ১২টালৈকে প্ৰেকটিছ কৰো।'

কেৰালাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় লং জাম্প টুৰ্ণামেন্ট। ২০১৮বৰ্ষৰ ২৬ আগষ্টৰ পৰা দেশৰ বিভিন্ন ৰাজ্যৰ বহু প্ৰশিক্ষিত খেলুৱৈয়ে আহি অংশ লৈছিল এই টুৰ্ণামেন্টত। ডিম্বেশ্বৰেও সুযোগ পাইছিল এই টুৰ্ণামেন্টত অংশ লোৱাৰ বাবে। ৮ নবেম্বৰত ডিম্বেশ্বৰে চেমি ফাইনেল খেলিলে। ২১ ফুট জঁপিয়াই ডিম্বেশ্বৰে স্থান লাভ কৰিছিল পৰৱৰ্তী পৰ্যায়লৈ। তেওঁৰ সন্মুখত মাত্ৰ এজন খেলুৱৈ। মহাৰাষ্ট্ৰৰ এই খেলুৱৈজনে জঁপিয়াইছে ২২ ফুট। সেই অভিজ্ঞতাৰ কথা ক'লে ডিম্বেশ্বৰে- 'মই ২১ ফুট জঁপিয়াইছো। মোৰ আগত মহাৰাষ্ট্ৰৰ এজন খেলুৱৈ। তেওঁ জঁপিয়াইছে ২২ ফুট।'

ডিম্বেশ্বৰ সাজু হৈছিল ফাইনেলৰ বাবে। কেৰালাৰ কাকানাথ নামৰ ঠাইত আছিল ডিম্বেশ্বৰ। পুৱা ১০ বজাৰ পৰা নিশা ১০বজালৈ চাকৰি কৰাৰ পাছত ডিম্বেশ্বৰ গৈছিল ষ্টেডিয়ামলৈ। এইকেইদিন ডিম্বেশ্বৰে আৰু কঠোৰ অনুশীলন কৰিছিল। ডিম্বেশ্বৰৰ ভাষাত- 'মই বৰ কষ্ট কৰিছিলো। সময়ে নাপাওঁ। তথাপিও যিখিনি সময় পাওঁ, সেইখিনি মই সৎ ব্যৱহাৰ কৰিবলৈ চাইছিলো।'

সহজ-সৰল ল'ৰাটোৱে যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছিল। অসমত থাকোতে তাৰ প্ৰতিভাৰ উমান কোনেও পোৱা নাছিল। এতিয়া সি উজ্বলি উঠিল সুদূৰ কেৰালাত। এফালে জীৱিকা, আনফালে খেলক সমানে আগুৱাই লৈ গ'ল ডিম্বেশ্বৰে। অৱশ্যে কোনেনো ৰাখিছে আজি ডিম্বেশ্বৰৰ খবৰ। নিজেই দিব লগা হ'ল নিজৰ ভাল খবৰটো।

ডিম্বেশ্বৰৰ সন্দৰ্ভত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই এটা খবৰ প্ৰকাশ পাইছিল। তাৰ পাছতহে হেনো মানুহে গম পাইছিল ডিম্বেশ্বৰৰ খবৰ। গাঁওবাসীয়ে ডিম্বেশ্বৰক লৈ গৌৰৱ কৰিছিল। শুভেচ্ছা জনাই বাৰ্তা প্ৰেৰণ কৰিছিল ডিম্বেশ্বৰলৈ। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সেই খবৰে অনুপ্ৰাণিত কৰিছিল ডিম্বেশ্বৰক। সেয়ে ডিম্বেশ্বৰে প্ৰথম খবৰটো 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণকেই জনালে। উৎসাহিত ডিম্বেশ্বৰে কৈছিল- 'দাদা, ভাল খবৰ এটা আছে। মই ফাৰ্ষ্ট হৈ গ'লো।'

যি খেলৰেই নহওঁক, এখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ছিকিউৰিটি গাৰ্ডৰ পৰা গৈ খেলিবলৈ যি অধ্যৱসায়ৰ প্ৰয়োজন সেয়া দেখুৱাই দিলে ডিম্বেশ্বৰে। কষ্ট, সাধনা আৰু একাগ্ৰতাৰ ফল আছিল এয়া। এই প্ৰতিযোগিতাত চূড়ান্ত পৰ্যায়লৈ নিৰ্বাচিত হৈছিল মুঠ ৮জন খেলুৱৈ। তাৰে ৩গৰাকী হায়দৰাবাদৰ, ২গৰাকী মহাৰাষ্ট্ৰৰ, ২গৰাকী কেৰালাৰ আৰু ১গৰাকী আছিল ত্ৰিপুৰাৰ।

কেৰালাৰ হৈ ডিম্বেশ্বৰে প্ৰতিদ্বন্দ্বিতা কৰিছিল টুৰ্ণামেন্টখনত। পদক পাম বুলি ভবা নাছিল ডিম্বেশ্বৰে। কিন্তু ভাগ্য সুপ্ৰসন্ন আছিল। মানুহৰ ইচ্ছা আৰু আশীৰ্বাদ আছিল ডিম্বেশ্বৰৰ প্ৰতি। ৬ মিটাৰ ১ ফুট ৩ ইঞ্চি জঁপিয়াই ডিম্বেশ্বৰে কেৰালাৰ কোচি জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় লংজাম্প টুৰ্ণামেন্টত চূড়ান্ত বিজয়ী সন্মান লাভ কৰিলে। দ্বিতীয় স্থান পালে মহাৰাষ্ট্ৰৰ খেলুৱৈগৰাকীয়ে।

ডিম্বেশ্বৰৰ এই একাগ্ৰতাই প্ৰমাণ কৰি দিলে প্ৰতিভাৰ মৰণ নাই। সৰুতে যদি ডিম্বেশ্বৰক কোনোবাই আৱিষ্কাৰ কৰিলে হয়, তেন্তে লংজাম্পত ডিম্বেশ্বৰ আজি দেশৰ ভিতৰতে উজ্বলি থাকিল হয়। সেই সুযোগ ডিম্বেশ্বৰলৈ নাহিল। লখিমপুৰৰ বগীনদীৰ ভিতৰুৱা গাঁওখনত এনেদৰে অকালতে মৰহিছিল এই প্ৰতিভা। জীৱিকাৰ সন্ধানত কেৰালালৈ গৈ ডিম্বেশ্বৰে নিজকে নতুনকৈ আৱিষ্কাৰ কৰিলে।

সফলতাৰ এই সাধনা আন কোনো খেলুৱৈতকৈ কম নহয়। নিজস্ব মনোবল আৰু দৃঢ়তাৰ বাবেই ডিম্বেশ্বৰে আজি এনে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল। কোম্পানীৰ চাকৰিৰ ব্যস্ততাৰ মাজতেই ২৬ বছৰ বয়সত ডিম্বেশ্বৰৰ জীৱনলৈ অনাকাংক্ষিত স্বীকৃতি আহিল। কিছু দিন পলম হ'ল, কিন্তু ডিম্বেশ্বৰৰ প্ৰতিভা যেন শেষ মুহূৰ্তত অপচয় হোৱাৰ পৰা বাচি গ'ল।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে বহু ডিম্বেশ্বৰ লুকাই আছে। ইচ্ছা কৰিলে বা চৰকাৰে এক সুনিৰ্দিষ্ট ক্ৰীড়া নীতিৰ জৰিয়তে গাঁৱত থকা সেই ক্ৰীড়া প্ৰতিভা সমূহ বিচাৰি উলিয়াই ভালদৰে গঢ়িলে এদিন ক্ৰীড়া ক্ষেত্ৰত অসম আৰু অধিক উজ্বলি উঠিব। ফুটবলৰ ক্ষেত্ৰত উত্তৰ-পূবৰ খেলুৱৈসকলৰ দক্ষতা আন খেলুৱৈতকৈ যথেষ্ট বেছি। আৰ্ছাৰীতো অসমৰ খেলুৱৈয়ে ভাল ফল দেখুৱাই ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিছে। বক্সিঙত মণিপুৰৰ খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত দপদপাই আছে।

অসমৰ পৰা এগৰাকী হিমা বা মণিপুৰৰ পৰা এজনী মেৰী কম কিয়? ইচ্ছা কৰিলে উত্তৰ-পূৱৰ পৰা এনে বহু হিমা, মেৰী কম উলিয়াই আনিব পাৰি। সেই কথা প্ৰমাণ কৰি দিলে ডিম্বেশ্বৰে। ছিকিউৰিটি গাৰ্ডৰ চাকৰি বিচাৰি যোৱা ডিম্বেশ্বৰে কেৰালাত যদি কাৰোবাৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে, অসমত কিয় নোৱাৰিলে ইয়াৰো বিচাৰ-বিশ্লেষণ হোৱাৰ প্ৰয়োজন। গুৱাহাটীক কেৱল ৰাষ্ট্ৰীয় ক্ৰীড়া ৰাজধানী ৰূপে গঢ়ি তোলাৰ সপোন দেখুৱাই ভাষণত সেই সকলোবোৰ সামৰি থলে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখন সমৃদ্ধ নহয়। ইয়াৰ বাবে সুনিৰ্দিষ্ট ক্ৰীড়াৰ কৰ্মসূচীৰ প্ৰয়োজন হ'ব।

সুদূৰ কেৰালাত উজ্বলি উঠা ডিম্বেশ্বৰক এতিয়া সকলোৱে অভিনন্দন জনাব। কিন্তু ডিম্বেশ্বৰৰ দৰে খেলুৱৈসকলক কি প্ৰয়োজন সেই কথা কোনোবাই অনুধাৱন কৰিব নে? তেওঁলোকেতো খেলি যাব বিচাৰে, তেওঁলোকক লাগে কাৰোবাৰ অলপ সঁহায়। সেই সহায় এতিয়া কৰিব কোনে? এই কথা ডিম্বেশ্বৰে বা সুধিব কাক?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in