৪ বছৰে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কি কি হ’ল…

৪ বছৰে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কি কি হ’ল…

♦ মৃদুল কুমাৰ সন্দিকৈ

১২ ফেব্ৰুৱাৰীৰ পাছত কি হ'ব?

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাইজৰ মাজত শংকা এতিয়াও অব্যাহত। ১২ ফেব্ৰুৱাৰী, ২০১৯ত এই বিধেয়কখন ৰাজ্যসভাত উত্থাপন হ'ব নেকি? শেষ মুহূৰ্তত এই প্ৰশ্নৰ উত্তৰৰ অপেক্ষাত আছে সকলো। যদি বিধেয়কখন উত্থাপন হয়, তেন্তে কি হ'ব পৰৱৰ্তী কাৰ্যপন্থা? ইয়াৰ বিৰুদ্ধে কেনেদৰে সাজু হৈছে ৰাজ্যৰ দল-সংগঠনসমূহ?

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ অসমৰ প্ৰায়বোৰ জাতীয় সংগঠনে বিৰোধিতা কৰিছে। অসম সাহিত্য সভাৰ দৰে জাতীয় সংগঠনে এই বিধেয়কৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই ৯ ফেব্ৰুৱাৰী, ২০১৯ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই বিধেয়কখনৰ পক্ষত মন্তব্য কৰি থকা সময়তে মৰিগাঁৱত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনত বিধেয়কখনৰ বিৰুদ্ধে সংঘই প্ৰস্তাৱ গ্ৰহণ কৰিলে।

সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰি বিধেয়কখনক সমৰ্থন কৰা বিজেপিৰ নেতা-মন্ত্ৰী সকলৰ বিৰুদ্ধে ক'লা পতাকা প্ৰদৰ্শন, ধৰ্ণা, ক'লা বেলুন উৰুৱা, জোৰ সমদল আদি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আছু নেতৃত্বই ইতিমধ্যে জনাইছে- এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব। ক'লা বেলুন-ক'লা পতাকা প্ৰদৰ্শনেৰে প্ৰতিবাদ আছুৱে অব্যাহত ৰাখিব।

কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৭০টা জাতীয় সংগঠনে তৃণমূল পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় স্তৰলৈ প্ৰতিবাদ অব্যাহত ৰাখিছে। আনকি যোৱা কিছুদিনত অগপ, কৃষক মুক্তিসহ ৭০ সংগঠন, আছুকে দৰি আন জাতীয় দল-সংগঠন সমূহৰ প্ৰতিনিধিয়ে ৰাষ্ট্ৰীয় স্তৰত এই বিধেয়কৰ বিৰুদ্ধে জনমত গঠনৰ প্ৰয়াস কৰিছে।

আছু, নাগৰিক সমাজ, কৃষক মুক্তি সহ ৭০ সংগঠনৰ প্ৰতিনিধিয়ে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীকো সাক্ষাৎ কৰি ৰাজ্যসভাত বিধেয়কখনৰ বিৰুদ্ধে থিয় দিবলৈ মুকলি আহ্বান জনাইছিল। সেই আহ্বানলৈ ইতিমধ্যে কংগ্ৰেছ নেতৃত্বই সঁহাৰি দি বিধেয়কখনৰ বিৰুদ্ধে থিয় দিব বুলি ঘোষণা কৰিছে। ৰাজ্য সভাত বিধেয়কখন গৃহীত কৰিবলৈ প্ৰয়োজনীয় সাংসদ বিজেপিৰ নাই। কিন্তু শেষ মুহূৰ্তত এই বিধেয়ক গৃহীত হ'ব পাৰে নেকি? যদি হয়, তেন্তে কি হ'ব পাৰে জাতীয় তথা এই বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দল-সংগঠনসমূহৰ পৰৱৰ্তী কাৰ্যসূচী?

ৰাজ্যসভাত কি হ'ব? 

যদি ৰাজ্য সভাত ১২ ফেব্ৰুৱাৰী, ২০১৯ত বিধেয়কখন উত্থাপন হয়, তেন্তে গৃহীত হ'বনে? ৰাজ্য সভাত মুঠ ২৩৩ জন নিৰ্বাচিত সাংসদ আৰু ১২জন ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনিত সাংসদ আছে। মুঠ ২৪৫জন সাংসদৰে গঠিত ৰাজ্যসভা। ৰাজ্যসভাত সৰ্বাধিক সাংসদ আছে উত্তৰ প্ৰদেশৰ পৰা। ৰাজ্যখনৰ ৩১গৰাকী সাংসদে ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ পৰা ১৯গৰাকী, বিহাৰৰ পৰা ১৬গৰাকী, ওড়িশ্যাৰ পৰা ১০গৰাকী, তামিলনাডুৰ পৰা ১৮গৰাকী, মধ্যপ্ৰদেশৰ পৰা ১১গৰাকী, কৰ্ণাটকৰ পৰা ১২গৰাকী, গুজৰাটৰ পৰা ১গৰাকী সাংসদ আছে।

এই উচ্চ সদনলৈ অসমৰ পৰা ৭গৰাকী, ছত্তীশগড়ৰ পৰা ৫গৰাকী, কেৰেলাৰ পৰা ৯গৰাকী, দিল্লীৰ পৰা ৩গৰাকী, পঞ্জাৱৰ পৰা ৭গৰাকী, তেলেংগানাৰ পৰা ৭গৰাকী সাংসদ নিৰ্বাচিত হৈ আহে। উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত অৰুণাচলৰ ১গৰাকী, মণিপুৰৰ ১গৰাকী, মেঘালয়ৰ ১গৰাকী, মিজোৰামৰ ১গৰাকী, নগালেণ্ডৰ ১গৰাকী, ছিকিমৰ ১গৰাকী, অসমৰ ১গৰাকীকে ধৰি মুঠ ১৪গৰাকী সাংসদে অঞ্চলটোক উত্তৰ-পূবৰ পৰা প্ৰতিনিধিত্ব কৰে।

যদি ৰাজ্যসভাত এই বিধেয়কখন গৃহীত কৰিব লগা হয়, তেনেহ'লে বিজেপিৰ হাতত সেই সংখ্যা নাই। বৰ্তমান ৰাজ্য সভাত বিজেপিৰ ৭৩গৰাকী সাংসদ আছে। এন ডি এৰ মুঠ সাংসদৰ সংখ্যা ৮৯গৰাকী। ইয়াৰ বিপৰীতে ইউ পি এৰ সাংসদৰ সংখ্যা ৬৬গৰাকী। অন্যান্য ৯০গৰাকী সাংসদ আছে ৰাজ্যসভাত। তাৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ ১৩গৰাকী, সমাজবাদীৰ ১৩ গৰাকী, বিজু জনতা দলৰ ৯গৰাকী, তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ ৬গৰাকী, টিডিপিৰ ৬গৰাকী, চিপিআইএমৰ ৫গৰাকী, বহুজন সমাজ পাৰ্টীৰ ৪গৰাকী, আম আদমিৰ ৩গৰাকী, চিপিআইৰ ১০গৰাকী, ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টীৰ ২গৰাকী, জেকেপিডিপিৰ ২গৰাকী, ইণ্ডিয়ান নেশ্যনেল লোক দলৰ ১গৰাকী সাংসদ আছে।

এই হিচাবত এতিয়ালৈকে ৰাজ্যসভাত এন ডি এৰ একক সংখ্যাগৰিষ্ঠতা নাই। সেয়ে ৰাজ্যসভাত এই বিধেয়কখন গৃহীত কৰাৰ বাবে মোডী চৰকাৰে উত্থাপন কৰিব নে নাই তাক লৈ যথেষ্ট চিন্তা কৰিব লগা হৈছে। এই অধিবেশন বিধেয়কখন গৃহীত কৰিব নোৱাৰিলে এই শাসন কালত বিজেপিৰ বাবে আৰু সেই সুযোগ নাহে। কিয়নো ১৩ ফেব্ৰুৱাৰীত অন্ত পৰিব লগা সংসদৰ এইখন অধিবেশনেই হ'ল মোডী চৰকাৰৰ অন্তিমখন অধিবেশন।

মোডী-সৰ্বানন্দই নুশুনিলে-নুবুজিলে প্ৰতিবাদৰ ভাষা…

উত্তৰ-পূবৰ আঞ্চলিক ৰাজনৈতিক দলসমূহে এই বিধেয়কখনৰ ঘোৰ বিৰোধিতা কৰি আহিছে। অসমৰ উপৰিও মেঘালয়, নগালেণ্ড, মণিপুৰ, মিজোৰাম আদি ৰাজ্যত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে। বিধেয়কখন গৃহীত নকৰিবলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই গৃহমন্ত্ৰীক সাক্ষাৎ কৰি অসন্তষ্টি ব্যক্ত কৰাৰ লগতে ১১ ফেব্ৰুৱাৰীত দিল্লীত ঘোষণা কৰিলে- এই বিধেয়কখন গৃহীত হ'লেই এন ডি এৰ সৈতে মিত্ৰতা ছেদ কৰিব এন বি পি পিয়ে।

ইতিমধ্যে অগপ নেতৃত্বই নাগৰিকত্ব সংশোধনী বিধেয়কক লৈয়ে সোণোৱাল চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ লগতে দলটোৰ তিনিগৰাকী মন্ত্ৰীয়ে মোডীৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে। উত্তৰ-পূবৰ আঞ্চলিক দলসমূহক লগত লৈ এক শক্তিশালী মঞ্চ গঢ়ি তুলি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাজনৈতিকভাৱেও এই বিধেয়কখনৰ বিৰোধিতা কৰাৰ বাবে বিভিন্ন ৰাজনৈতিক দলবোৰৰ নেতৃত্বৰে আলোচনাত মিলিত হৈছে।

এই বিধেয়কখন বিৰোধিতা কৰি আহিছে জাতীয় দল-সংগঠনসমূহে। ১৭ এপ্ৰিল, ২০১৮ত বিধেয়কখনৰ সন্দৰ্ভত যুটীয়া সাংসদীয় সমিতিয়ে নতুন দিল্লীত শুনানি গ্ৰহণ কৰিছিল। এই শুনানিলৈ মাতিছিল ৰাজ্যৰ ১৪টাকৈ দল-সংগঠনক। তেতিয়াই অসমৰ দল-সংগঠনসমূহে এই বিধেয়কখনৰ বিৰোধিতা কৰি ১৯৭১ চনৰ পাছত অহা কোনো বিদেশীৰ বোজা নলয় বুলি আৰু বিধেয়কখনে অসমচুক্তিৰ মুল কথাটো নাকচ কৰিব বুলি জনাই দিছিল।

তাৰপাছতো বহু প্ৰতিবাদ হ'ল। কিন্তু সেই প্ৰতিবাদৰ কোনো মূল্য নাথাকিল। এতিয়াও ৰাজ্যত প্ৰতিবাদ, প্ৰদৰ্শন অব্যাহত আছে। সেইবোৰলৈ কাণসাৰ নিদি এই বিধেয়কৰ পক্ষত আছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। জাতি-মাটি-ভেটিৰ কথা কোৱা এইগৰাকী জাতীয় নায়কৰ অৱস্থানে সকলোকে চিন্তিত কৰিছে।

বিজেপিক কিয় লাগে এই বিধেয়ক?

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ হৈছে নাগৰিকত্ব আইন ১৯৫৫ৰ সংশোধিত ৰূপ। বৰ্তমান লোকসভাত গৃহীত এই বিধেয়কখন ৰাজ্যসভাত গৃহীত হ'বলৈ এতিয়াও বাকী আছে। ভাৰতীয় জনতা পাৰ্টীয়ে লোকসভা নিৰ্বাচনত হিন্দুসকলক নাগৰিকত্ব প্ৰদানৰ কথা ঘোষণা কৰিছে। সেয়েহে এই বিধেয়কখন গৃহীত কৰাবলৈ বিজেপিয়ে যিকোনো প্ৰকাৰে চেষ্টা কৰিছে। সন্মুখত লোকসভা নিৰ্বাচন। নিৰ্বাচনত যাতে এই বিধেয়কখনৰ জৰিয়তে তেওঁলোকে হিন্দুত্বক পুনৰ ভোটৰ ৰাজনীতিলৈ সলনি কৰিব পাৰে, তাৰ চেষ্টাৰে এই বিধেয়কখন গৃহীত কৰাটো এক সন্মানৰ প্ৰশ্ন হৈ পৰিছে।

যাৰ বাবে বিজেপি নেতৃত্বই বিধেয়কখন গৃহীত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। এই বিধেয়কৰ দ্বাৰাই আফগানিস্তান, বাংলাদেশ, পাকিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰিষ্টান ধৰ্মৰ লোকসকলক নাগৰিকত্ব প্ৰদান কৰিব খোজে।

নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু কেইটামান উল্লেখযোগ্য দিনঃ

১৯ জুলাই, ২০১৬ঃ এই দিনটোতে মোডী চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক সদনত উত্থাপন কৰিছিল।

১১ আগষ্ট, ২০১৬ঃ বিধেয়কখনক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত ১১ আগষ্ট, ২০১৬ত যুটীয়া সংসদীয় কমিটী গঠন কৰি বিধেয়কখনৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ দায়িত্ব দিয়া হয়। এই কমিটীৰ অধ্যক্ষৰ দায়িত্বত আছিল ৰাজেন্দ্ৰ আগৰৱাল। ইয়াত মুঠ ৩০ জন সদস্য আছিল। তাৰে ২০জন লোকসভা আৰু ১০জন ৰাজ্যসভাৰ। কমিটীত থকা বিভিন্ন ৰাজনৈতিক দলৰ সদস্যৰ সংখ্যা এনে ধৰণৰ-

বিজেপিঃ ১৫জন। (অধ্যক্ষকে ধৰি)

কংগ্ৰেছঃ ৪জন।

টিএমচিঃ ২জন

বিজেডিঃ ২জন।

শিৱসেনাঃ ১জন।

টিআৰচিঃ ১জন।

টিডিপিঃ ১জন।

এআইডিএমকেঃ ১জন।

এছ পিঃ ১জন।

বি এছ পিঃ ১জন।

৭ মে'ৰ পৰা ১০ মে', ২০১৮ঃ এই কমিটীৰ ১৬জনীয়া এটা সদস্যৰ দলে ৭ মে'ৰ পৰা ১০ মে'ত আহি অসম আৰু মেঘালয়ত বিধেয়কখনৰ সন্দৰ্ভত ৰাজহুৱা শুনানি গ্ৰহণ কৰিছিল। ৭ মে'ৰ দিনা খানাপাৰা প্ৰশাসনিক মহাবিদ্যালয়ত বিধেয়কখনৰ সন্দৰ্ভত ৰাজহুৱা শুনানিত বহু দল-সংগঠনে অংশ লৈ বিধেয়কখনৰ বিৰোধিতা কৰে।

১০ অক্টোবৰ, ২০১৮ঃ ১০ আৰু ১১ অক্টোবৰত মাজুলীত বিজেপিৰ কাৰ্যনিৰ্বাহ অনুষ্ঠিত হৈছিল। এই কাৰ্যনিৰ্বাহকত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

২৩ অক্টোবৰ, ২০১৮ঃ বিধেয়কখন বাতিল কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি নেতৃত্বাধীন ৬০ সংগঠনে অসম বন্ধৰ আহ্বান দিছিল। এই বন্ধ ইমান ব্যাপক আছিল যে, স্বতঃস্ফূৰ্তভাৱে এই বন্ধলৈ সকলো ৰাইজে সমৰ্থন আগবঢ়াইছিল। অসম আন্দোলনৰ পাছত প্ৰথমবাৰৰ বাবে ইমান সৰ্বাত্মক বন্ধ হৈছিল ৰাজ্যজুৰি।

৬ জানুৱাৰী, ২০১৯ঃ গৃহজিলা ডিব্ৰুগড়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰীক ক'লা পতাকা প্ৰদৰ্শন কৰিলে কৃষক মুক্তি আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ নেতৃত্বাধীন ৭০ জাতীয় সংগঠনৰ সদস্যই। ডিব্ৰুগড়ৰ চৌকিডিং খেলপথাৰত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।

৭ জানুৱাৰী, ২০১৯ঃ বিধেয়কখনক অনুমোদন জনাই যুটীয়া সংসদীয় কমিটীয়ে লোকসভাত প্ৰতিবেদন দাখিল কৰিলে।

৭ জানুৱাৰী, ২০১৯ঃ বিধেয়কখনৰ বিৰোধিতা কৰি এই দিনটোত বিজেপিৰ সৈতে থকা মিত্ৰতা ভংগ কৰিলে অগপই। সেই দিনাই নতুন দিল্লীত কৃষক মুক্তিৰ ১৩জন সদস্যই বিধেয়কখনৰ বিৰুদ্ধে নগ্ন হৈ অভূতপূৰ্ব প্ৰতিবাদ সাব্যস্ত কৰে।

৭ জানুৱাৰী, ২০১৯ঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ ধিক্কাৰ দিৱস পালন। ধিক্কাৰ দিৱসৰ পতাকা উত্তোলন কৰে বিশিষ্ট চিন্তাবিদ হীৰেণ গোঁহাইয়ে। উত্তোলনৰ পাছতেই আৰক্ষীয়ে কাঢ়ি লৈ যায় পতাকাখন।

৮ জানুৱাৰী, ২০১৯ঃ দুপৰীয়া ২.১০ বজাত এই বিধেয়কখন কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে লোকসভাত উত্থাপন কৰিছিল। বিধেয়কখনক লৈ শাসক-বিৰোধীৰ মাজত তৰ্ক-বিতৰ্ক হয় যদিও, বিৰোধী দলে সদন ত্যাগ কৰাৰ সুযোগতে এই বিধেয়কখন গৃহীত কৰালে।

৮ জানুৱাৰী, ২০১৯ঃ বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ দিনাই এই বিধেয়কখনৰ বিৰুদ্ধে উত্তৰ-পূবৰ ছাত্ৰ সংগঠনৰ সহযোগত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতেই ১১ ঘণ্টীয়া বন্ধ পালন কৰা হৈছিল। এই বন্ধও আছিল সৰ্বাত্মক।

১০ জানুৱাৰী, ২০১৯ঃ ধিক্কাৰ দিৱসত অংশ লৈ হীৰেণ গোঁহাইয়ে দিয়া ভাষণৰ বাবে হীৰেণ গোঁহাই, অখিল গগৈ আৰু মনজিত মহন্তৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হয় লতাশিল থানাত।

১৭ জানুৱাৰী, ২০১৯ঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিৰোধিতা কৰি জুবিন গাৰ্গে শিল্পী দিৱসৰ দিনাই শিল্পী সংকল্প নামৰ এটা অনুষ্ঠান পাতি জুবিন গাৰ্গৰ নেতৃত্বত এই বিধেয়কৰ বিৰোধিতা কৰা হৈছিল। পৰৱৰ্তী সময়ত এই বিধেয়কৰ বিৰুদ্ধে জুবিন গাৰ্গে 'পলিটিকছ নকৰিবা বন্ধু' শীৰ্ষ এটি গীত ৰচনা কৰে।

১৮ জানুৱাৰী, ২০১৯ঃ  মিজোৰাম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি এই বিধেয়কখনৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰে।

১৯ জানুৱাৰী, ২০১৯ঃ জোনবিল মেলালৈ যোৱা মুখ্যমন্ত্ৰীক জাগীৰোডত ক'লা পতাকা প্ৰদৰ্শন। আৰক্ষীয়ে আটক কৰে ৭ প্ৰতিবাদকাৰীক। আটক কৰা প্ৰতিবদাকাৰী কেইগৰাকী আছিল বদন শৰ্মা, ৰমেন শইকীয়া, জিতু ডেকা, মনোৰঞ্জন বৰা, জেহিৰুল ছইলাম, ললিত পাচনি আৰু মিৰ্জা আৰিফ আলম।

২১ জানুৱাৰী, ২০১৯ঃ ৰঙিয়াৰ ক'লামণিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নাগৰকিত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তিয়ে ক'লা পতাকা প্ৰদৰ্শন কৰে। প্ৰতিবাদকাৰীক আৰক্ষী দলে অত্যাচাৰ চলোৱাৰ লগতে এই ঘটনাক সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰে মন্ত্ৰীগৰাকীয়ে।

২৩ জানুৱাৰী, ২০১৯ঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি লতাশিল খেলপথাৰত আছুসহ ৩০ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ বজ্ৰনিনাদ কাৰ্যসূচী।

২৪ জানুৱাৰী, ২০১৯ঃ দীৰ্ঘদিনৰ মৌনতাৰ অন্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সৰুসজাইত পঞ্চায়ত প্ৰতিনিধি অভিনন্দন সমাৰোহত অংশ লৈ ক'লে- 'সাহস আছে বাবেই আমি এই বিধেয়ক সমৰ্থন কৰিছো।'

২৬ জানুৱাৰী, ২০১৯ঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মিজোৰামত ব্যাপক প্ৰতিবাদ। গণৰাজ্য দিৱসত খালী চকীৰ সন্মুখত পতাকা উত্তোলন কৰিব লগা হ'ল মিজোৰামৰ ৰাজ্যপাল কুম্মানম ৰাজাশেখৰনে।

২৭ জানুৱাৰী, ২০১৯ঃ একেদিনাই নলবাৰী আৰু তামোলপুৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক'লা পতাকা প্ৰদৰ্শন। তামোলপুৰত ক'লা পতাকা প্ৰদৰ্শনকাৰীক নিৰাপত্তাৰক্ষীৰ নিৰ্মম অত্যাচাৰ। নলবাৰীত সেইদিনাই বিজেপি আৰু আছু সমৰ্থকৰ মাজত সংঘাত। ঘগ্ৰাপাৰত বিজেপি সমৰ্থকে ভৰিৰে গচকিলে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা। ক'লা পতাকা প্ৰদৰ্শন কৰা প্ৰতিবাদকাৰীক প্ৰহাৰ বিজেপি সমৰ্থকৰ।

২৮ জানুৱাৰী, ২০১৯ঃ নাগৰকিত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত সৃষ্টি হোৱা অগ্নিগৰ্ভা পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিবলৈ জে ডি ইউৰ এটা দল কে চি ত্যাগীৰ নেতৃত্বত অসমলৈ আহে। আৰু এই দলটোৱে আছু আৰু অগপৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হয়।

২৯ জানুৱাৰী, ২০১৯ঃ গুৱাহাটীত অগপৰ উদ্যোগত উত্তৰ-পূবৰ ১১ আঞ্চলিক দলৰ অভিৱৰ্তন। এই অভিৱৰ্তনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাৰ অংশগ্ৰহণ।

২৯ জানুৱাৰী, ২০১৯ঃ বিহালীত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সভাত ক'লা পতাকা যাতে কোনো প্ৰদৰ্শন কৰিব নোৱাৰে, তাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে আৰক্ষীয়ে। সভাস্থলীলৈ যোৱা ডেৰ বছৰীয়া শিশুৰ ক'লা জেকেট খুলিহে সভাস্থলীত প্ৰবেশ কৰিবলৈ দিলে নিৰাপত্তাৰক্ষীয়ে। ইয়াকে লৈ তীব্ৰ ককৰ্থনাৰ সমুখীন হ'ল মুখ্যমন্ত্ৰী।

৩০ জানুৱাৰী, ২০১৯ঃ বিজেপিৰ তিনিচুকীয়া জিলা সভাপতি লক্ষেশ্বৰ মৰাণক প্ৰহাৰ। আৰ এছ এছৰ এখন সভা অনুষ্ঠিত কৰাক লৈ সৃষ্টি হৈছিল এই সংঘাত। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা দল-সংগঠনৰ সমৰ্থকে প্ৰহাৰ কৰে বিজেপি নেতাগৰাকীক।

৩০ জানুৱাৰী, ২০১৯ঃ নতুন দিল্লীত কংগ্ৰেছ নেতা হৰিশ ৰাৱাটৰ ঘোষণা- ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ভোটদান কৰিব কংগ্ৰেছে। ৰাজ্যসভাৰ সকলো কংগ্ৰেছৰ সাংসদলৈ থ্ৰী লাইন হুইপ জাৰি কৰা হ'ব বুলি ঘোষণা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

৩১ জানুৱাৰী, ২০১৯ঃ ঢকুৱাখানাত মে-ডাম-মে-ফীত অংশ ল'বলৈ যোৱা মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰৰ পৰা নমাৰ লগে লগে ক'লা পতাকা প্ৰদৰ্শন কৰে আছু সমৰ্থকে।

১ ফেব্ৰুৱাৰী, ২০১৯ঃ ছয়গাঁৱত মুখ্যমন্ত্ৰী সোণোৱালক নিশা ৮.৩০ বজাত ক'লা পতাকা প্ৰদৰ্শন।

৩ ফেব্ৰুৱাৰী, ২০১৯ঃ দিল্লীলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি নেতৃত্বাধীন ৭০ সংগঠনৰ প্ৰতিনিধিৰ যাত্ৰা। দিল্লীত ৰাজনৈতিক দলৰ নেতৃত্বক সাক্ষাৎ কৰি এই বিধেয়কৰ বিৰোধিতা কৰিবলৈ আহ্বান।

৪ ফেব্ৰুৱাৰী, ২০১৯ঃ বিধেয়কখনৰ বিৰোধিতাৰে আছু প্ৰতিনিধি, কৃষক মুক্তিসহ ৭০ সংগঠনৰ প্ৰতিনিধি আৰু নাগৰিক সমাজৰ হৈ ড০ হীৰেণ গোঁহাই সহ কেবাজনেও কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক দিল্লীত সাক্ষাৎ কৰে। আৱেলি পৃথকে পৃথকে সাক্ষাৎ কৰি এই বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাই কংগ্ৰেছক।

৭ ফেব্ৰুৱাৰী, ২০১৯ঃ ৰাজ্যসভাত কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ লগতে ইউ বি আইৰ আন দলৰো সমৰ্থন আদায়ৰ চেষ্টা কৰিব বুলি ঘোষণা ৰাহুল গান্ধীৰ।

৮ ফেব্ৰুৱাৰী, ২০১৯ঃ শংকৰদেৱ সংঘৰ অধিবেশনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নিমন্ত্ৰণ কৰা হৈছিল। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ বাবে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ সম্ভৱ নহ'ল। অৱশ্যে সেই দিনা নৰেন্দ্ৰ মোডী অসমলৈ আহি সন্ধিয়া ৰাজভৱনত থাকে। বৰঝাৰ বিমান বন্দৰৰ পৰা ৰাজভৱনলৈ অহা পথচোৱাত গুৱাহাটী বিশ্ববিদ্যালয়, ফাঁচী বজাৰ, শ্বহীদ ন্যাসৰ সন্মুখত মুঠ ৩ ঠাইত প্ৰধানমন্ত্ৰীক ক'লা পতাকা প্ৰদৰ্শন কৰে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে।

৯ ফেব্ৰুৱাৰী, ২০১৯ঃ চাংসাৰিত আয়োজিত এইমছৰ ভূমিপূজন অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই বিধেয়কখন কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ বাবে নহয় বুলি মন্তব্য কৰে। পৰোক্ষভাৱে তেওঁ এই বিধেয়কখনৰ সমৰ্থনত তেওঁ ভাষণ প্ৰদান কৰিলে এই অনুষ্ঠানত।

১০ ফেব্ৰুৱাৰী, ২০১৯ঃ দিল্লীলৈ যাত্ৰা আছু, নেছ'ৰ প্ৰতিনিধিৰ দল। পৃথকে পৃথকে দিল্লীলৈ গৈছে তেওঁলোক। নেছ' প্ৰতিনিধিৰ দলটোৱে ১১ ফেব্ৰুৱাৰীত সমাজবাদী দলৰ সাংসদক সাক্ষাৎ কৰিব। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাইয়ো সাক্ষাৎ কৰিব বিৰোধী দলৰ নেতৃত্বক।

১১ ফেব্ৰুৱাৰী, ২০১৯ঃ দিল্লীত নেছ' আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰতিনিধি দলে বিৰোধী দলৰ ৰাজ্য সভাৰ সাংসদসকলক সাক্ষাৎ কৰি এই বিধেয়কৰ বিৰুদ্ধে থিয় দিবলৈ অনুৰোধ জনায়।

১১ ফেব্ৰুৱাৰী, ২০১৯ঃ নাগৰকিত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতি অহা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ঘোষণা- এন ডি এৰ সৈতে মিত্ৰতা ভংগ কৰিব এন পি পিয়ে। ইয়াৰ বিপৰীতে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমাখান্দু আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙ। ইম্ফলৰ ইমা কেইথেলত থকা বিখ্যাত মহিলা বজাৰৰ মহিলা ব্যৱসায়ীসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু বৰ্বৰভাৱে অত্যাচাৰ চলাই প্ৰতিবাদ দমনৰ চেষ্টা কৰে আৰক্ষীয়ে।

কি হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক? 

লোকসভাত গৃহীত হোৱা বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰাজ্যসভাত গৃহীত নকৰালৈকে আইনত পৰিণত নহয়। এই অধিবেশনত এইখন বিধেয়ক গৃহীত কৰিব নোৱাৰিলে মোডী কাৰ্যকালত বিধেয়ক গৃহীত কৰাটো সম্ভৱ নহ'ব। সেয়ে হ'লে এই সমগ্ৰ প্ৰক্ৰিয়াটো পুনৰ নতুনকৈ আৰম্ভ কৰিব লাগিব পৰৱৰ্তী চৰকাৰে। সেয়েহে ১২ ফেব্ৰুৱাৰীৰ দিনটো অধিক গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in