ষ্টেণ্ড টুগেডাৰ ফৰ পীচ…

ষ্টেণ্ড টুগেডাৰ ফৰ পীচ…

ৰাজৰ্ষি চহৰীয়া

চিন্তা কৰিব লগা হয় সকলো কথা।দেশৰ তথা বিশ্বৰ পৰিস্থিতি সন্দৰ্ভত চিন্তা, কোন পাৰ্টীৰ কোন প্ৰাৰ্থীক ভোট দিন তাৰে চিন্তা, কেনেকৈ এজন ভাল সমাজ গঢ় দিম তাৰ চিন্তা, আমাৰ সকলোৰে মাজৰ পৰা হিংসা আঁতৰাই একতা গঢ়াৰ চিন্তা আদি বিষয়ক লৈ এটা সকলোৱে দিনটোত কিছু সময় এইবোৰ সন্দৰ্ভত চিন্তা কৰিবলৈ সময় উলিয়ায়।

এয়া অতি প্ৰয়োজনীয় হয়। চিন্তা কেৱল নিজৰ বাবে নহৈ, দেশ তথা সমাজৰ বাবে হোৱাও প্ৰয়োজনীয়। যি চিন্তাই হয়তো সলনি কৰিব পাৰে সকলো, সকলি কৰিব পাৰে বৰ্তমানৰ সময়ত চলি থকা পৰিস্থিতি। ২২ ফেব্ৰুৱাৰী। বিশ্বজুৰি প্ৰতি বছৰে এই দিনটোত পালন কৰা হয় বিশ্ব চিন্তন দিৱস। হয়তো অসমৰ বহুতেই নাজানে এই দিৱসটি সন্দৰ্ভত। কিন্তু সঁচাকৈ ই অতি গুৰুত্বপূৰ্ণ এটা দিৱস। বিশ্ব চিন্তন দিৱস।

উল্লেখ্য যে, ২০০৫চনৰ পৰা বিভিন্ন বিষয়ক লৈ প্ৰতি বছৰে উক্ত দিনটোত পালন কৰি অহা হৈছে বিশ্ব চিন্তন দিৱস। ২০০৫চনত থিংকিং এবাউট ফুট, ২০০৬চনত থিংকিং এবাউট ট'ক এবাউট এণ্ড ডু ছামথিং এবাউট এড'লেছেন্ট হেল্থ ইছ্যু, ২০০৭চনত ডিছক'ভাৰ ইউৰ পটেনচিয়েল বা টেকিং দ্য লীড, গ্ৰয়িং ফ্ৰেণ্ডশ্বিপ এণ্ড স্পিক আউট, ২০০৮চনত থিংকিন এবাউট ৱাটাৰ, ২০০৯চনত ষ্ট'প দ্য স্প্ৰিড অৱ এইডছ, মেলেৰিয়া এণ্ড আডাৰ ডিজিজ, ২০১০চনত টুগেডাৰ উই কেন এণ্ড এক্সট্ৰিম প'ভাৰ্টী এণ্ড হাংগাৰ, ২০১১চনত এমপাৱাৰিং গাৰ্লছ উইল ছেঞ্জ আৱাৰ প্লেনেট।

তাৰপাছত ২০১২চনত উই কেন ছেভ আৱাৰ প্লেনেট, ২০১৩চনত ৰিডিউচ চাইল্ড ম'ৰটেলিটি, ২০১৪চনত প্ৰভাইডিং ইউনিভাৰছেল এক্সেছ টু প্ৰাইমেৰী  এডুকেশ্যন, ২০১৫চনত ডেভল'পিং পাৰ্টনাৰ্ছিপ ফৰ গ্লবেল ডেভল'পেন্ট, ২০১৬চনত কানেক্ট, ২০১৭চনত গ্ৰ', ২০১৮চনত ইমপেক্ট, ২০১৯চনত লিডাৰশ্বিপ আৰু ২০২০চনত এই দিৱসটিৰ থিম আছিল লিভিং থ্ৰিডছ। আৰু ২০২১চনত এই দিৱসটিৰ থিম হ'ল ষ্টেণ্ড টুগেডাৰ ফৰ পীচ অৰ্থাৎ শান্তিৰ বাবে সকলোৱে একেলগে থিয় দিয়া।

উল্লেখযোগ্য যে, বিশ্ব চিন্তা দিৱস ২২ ফেব্ৰুৱাৰীত গাৰ্ল গাইড আৰু গাৰ্ল স্কাউটৰ দ্বাৰা উদযাপন কৰা হয়। প্ৰতি বছৰে এই দিৱসটি বিশ্বৰ স্কাউট আৰু গাইড সংগঠনবোৰে উদযাপন কৰে। এই দিনটোত তেওঁলোকৰ নিজৰ ভগ্নী তথা ভাতৃৰ কথা চিন্তা কৰে। এই দিৱসটি আমাৰ ৰাজ্যত অধিকাংশ লোকৰ সৈতেই পৰিচিত নহয় যদিও ইয়াৰ প্ৰভাৱ বিশ্বৰ আন স্থান আছে।

উল্লেখ্য যেস ২২ ফেৰব্ৰুৱাৰী দিনটোত এই দিৱসটিৰ বাবে বাচনি কৰা হৈছে কিয়নো এইটো স্কাউটিং আৰু গাইডিং প্ৰতিষ্ঠাপক ল'ৰ্ড ৰবাৰ্ট বেডেন-পাৱেল আৰু লেডি ওলাভে বেডেনে পাৱেল, তেওঁৰ পত্নী আৰু বিশ্ব মুখ্য গাইডৰ জন্মদিন। অন্যান্য স্কাউট সকলে ইয়াক বি.পি ডে' হিচাপে উদাযপন কৰে।

১৯২৬ চনত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেম্প এডিথ মেচিৰ গাৰ্ল স্কাউটছত অনুষ্ঠিত চতুৰ্থ ছোৱালী স্কাউট আন্তৰ্জাতিক সন্মিলনৰ প্ৰতিনিধিস কলে এক বিশেষ আন্তৰ্জাতিক দিনৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে যেতিয়া গাৰ্ল গাইড আৰু গাৰ্ল স্কাউটে গাৰ্ল গাইড আৰু গাৰ্ল স্কাউটিঙৰ বিশ্বব্যাপী বিস্তাৰৰ বিষয়ে চিন্তা কৰিব আৰু বিশ্বজুৰি সকলো গাৰ্ল গাইড আৰু গাৰ্ল স্কাউটৰ বিষয়ে চিন্তা কৰা হয়। তেওঁলোকক তেওঁলোকৰ "ভগ্নী" ধন্যবাদ আৰু প্ৰশংসা প্ৰদান কৰা উক্ত দিৱসটিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in