ৰাজকুমাৰ আৰু যতীন য’ত, ১০ টকাতেই বিধে বিধে টেঙাৰ জুতি ত’ত…

ৰাজকুমাৰ আৰু যতীন য’ত, ১০ টকাতেই বিধে বিধে টেঙাৰ জুতি ত’ত…

♦ মৃদুল কুমাৰ সন্দিকৈ

এখন সৰু দোকান। দোকানৰ সমুখত যথেষ্ট ভিৰ। দোকানো ঠিক বুলিব নোৱাৰি। টেবুল এখনৰ ওপৰত সজাই থোৱা আছে কেইটামান বাতি। এনে এখন দোকান খোলা কথা হয়তো সাধাৰণতে মানুহৰ মনলৈ নাহে। এইখন দোকান সেয়েহে ব্যতিক্ৰম। আচলতে দোকানখনত পাইনো কি? দুজন আদহীয়া ব্যক্তিয়ে গ্ৰাহকক ইটোৰ পাছত সিটো বাতি আগবঢ়াই দিছে। পৰম তৃপ্তিৰে সেইবোৰ মানুহে খাইছে। দোকানখনত কি পাই সেয়া ক'লে আপোনাৰো জিভাৰ পানী ওলাব।

ৰবাব টেঙা, জলফাই, আমলখি, কৰদৈ, সুমথিৰা আদি বিভিন্ন টেঙাৰ জুতি ল'বলৈ হ'লে আপুনি এইখন দোকানলৈ আহিবই লাগিব। হয়তো অসমত প্ৰথম খোলা হৈছে এনে এখন দোকান। সেয়েহে গ্ৰাহকে বাতি ভৰাই টেঙাৰ জুতি ল'বলৈ হেতাওপৰা লগাইছে। এমাহ মানেই হ'ল এই দোকানখন খোলা। এটা সৰু চিন্তাৰ প্ৰতিফলনৰে এক অভিনৱ ব্যৱসায় এয়া। থলুৱা উৎপাদিত টেঙাৰে গ্ৰাহকক সন্তুষ্ট কৰিবলৈ দুয়োজন ব্যক্তিৰেই ব্যস্ততাৰ অন্ত নাই।

দুপৰীয়া সময়ত দোকানৰ বিক্ৰী যথেষ্ট বাঢ়ে। মানুহক মাত দিবলৈ সময় নোলাই তেওঁলোকৰ। ইজনৰ পাছত সিজন গ্ৰাহক। সাধাৰণতে টেঙালৈ যুৱতীসকলৰ টান বেছি। সেয়েহে সুধিছিলো- কোন শ্ৰেণীৰ গ্ৰাহক আহে আপোনালোকৰ দোকানলৈ? উত্তৰ আছিল- স্কুল-কলেজৰ যুৱতীসকলৰ লগতে মহিলাৰ গ্ৰাহকৰ সংখ্যাই বেছি। যুৱকসকলো পিছ পৰি থকা নাই। সেই পথৰে যি পাৰ হৈ গৈছে। তেওঁৰেই চকুত পৰে দোকানখন। পদপথৰ ওপৰত থকা দোকানখনৰ কাষ চাপি তেওঁলোকে প্ৰথমে সজাই থোৱা বাতিবোৰ চাই। স্বতঃস্ফূৰ্তভাৱেই জিভাৰ পানী পৰে। তাৰপাছত কোনোবাই কয়- দাদা, ৰবাব টেঙা এবাতি দিয়ক। আন কোনোবাই বিচাৰে আমলখি বা জলফাই।

এইদৰে দোকানত সজাই থয় বাতিবোৰ। কোনোবাটো অমিতা, কোনোবাটো ৰবাব টেঙা আৰু কোনোবাটো জলফাই। যাৰ যি ইচ্ছা তেওঁলোকে জুতি ল'ব পাৰে। দামো বৰ বেছি নহয়। এটা বাতিত মাত্ৰ ১০ টকা।

গ্ৰাহকক টেঙাৰ জুতি দিবলৈ ৰাতিপুৱাই তেওঁলোক ওলাই যায় টেঙা বিচাৰি। ক'ৰবাৰ পৰা আনেগৈ ৰবাব টেঙা, ক'ৰবাত বিচাৰে জলফাই। এইদৰেই টেঙা সংগ্ৰহ কৰি পুৱা ১০ বজাত আহি তেওঁলোক উপস্থিত হয়হি সেই ঠাইত। ১২বজাৰ পৰা ২ বজালৈকে গ্ৰাহকৰ ভিৰ বহুত বাঢ়ে।

দিনটোত ১৫-২০টা ৰবাব টেঙা কাটিব লাগে। ১০০-১৫০ সুমথিৰা কাটি বিক্ৰী কৰে দুয়ো। ২ মান বজাৰ ভিতৰত প্ৰায়বোৰ টেঙা শেষ হৈয়ে যায়। কাৎচিত কেতিয়াবাহে ৩-৪বজালৈ টেঙাবোৰ ৰয়। গ্ৰাহকৰ সুবিধা অনুসৰি তেওঁলোকে সেইবোৰ গ্ৰাহকৰ উপস্থিতিতেই কাটি দিয়াৰ ব্যৱস্থাও আছে। কোনোবাই যদি ঘৰলৈ লৈ যাব খোজে তেন্তে পেকিঙো কৰি দিয়ে টেঙাৰ বাতি।

এইবোৰ জলফাই আৰু আমলখি। এই বেগটোত প্ৰায় এমোনা তেওঁলোকে বুধবাৰে আনিছিল। এতিয়া এইখিনি বাকী ৰৈছে। তেওঁলোকে জনোৱা মতে, এক-ডেৰ ঘণ্টাৰ ভিতৰত সেইখিনিও শেষ হ'ব। আমি কথা পাতি থাকোতেই গ্ৰাহককো তেওঁলোকে টেঙাৰ বাতি দি আছিল। তাৰে কিছু সংখ্যক গ্ৰাহক নিয়মীয়া। অফিচ-কাছাৰীৰ পৰা ওলাই আহি ঠাণ্ডা দিনত টেঙাৰ সোৱাদ লৈছেহি তেওঁলোকে।

এইদৰে পৃথক চিন্তাৰে গুৱাহাটীত ব্যৱসায়ৰ পাতনি মেলা লোক দুজনে ৩০-৩৫ বছৰ ধৰি গুৱাহাটীত আন ব্যৱসায় কৰিছিল। সেই ব্যৱসায়তকৈ তেওঁলোকে এতিয়া এই নতুন ব্যৱসায়ত বেছি সফলতা লাভ কৰিছে। তেওঁলোকে আৰু কিছু চিন্তা কৰি থৈছে। গ্ৰাহকক টেঙা দিয়াৰ লগতে এজনে সেই সময়ত গ্ৰাহক এজনে আমলখি বিচৰাত আমলখি এবাতি প্ৰস্তুত কৰিলে।

গ্ৰাহক নকমিল, বাঢ়ি গ'ল। এজন ব্যস্ত হ'ল ৰবাব টেঙা কটাত। আনজনে ভূত জলকীয়া কাটিলে। টেঙাৰ জুতি বঢ়াবলৈ তেওঁলোকে যিবোৰ উপাদান দিব লাগে সকলোবোৰ দিয়ে। ভূত জলকীয়া, ধনীয়া, ক'লা নিমখ সকলো উপলব্ধ তাত।

ব্যস্ততাৰ অন্ত নাই তেওঁলোকৰ। তেওঁলোকৰ পৰিচয় সুধিলো। এজনৰ নাম ৰাজকুমাৰ বৰ্মন আৰু আনজনৰ নাম যতীন বৈশ্য। দুয়ো মিলি আৰম্ভ কৰিছে ব্যৱসায়। ৰাজকুমাৰ বৰ্মনৰ ঘৰ নলবাৰীত। গুৱাহাটীৰ নুনমাটিৰ বিষ্ণু নগৰত থাকে তেওঁ।

গ্ৰাহকে বিচৰা ধৰণেই তেওঁলোকে টেঙাৰ জুতি দিবলৈ আৰু গ্ৰাহকক সন্তুষ্ট কৰিবলৈ চেষ্টাৰ কৃপণালি কৰা নাছিল। জুতি ল'লো আমিও কেইবিধ মান টেঙাৰ। সুন্দৰভাৱে তেওঁলোকে গ্ৰাহকক যতনাই দিয়ে টেঙাৰ বাতি। সেয়েহে কম দিনৰ ভিতৰতে বাঢ়িছে গ্ৰাহকৰ সংখ্যা।

তেওঁলোকক সুধিলো- কেনেকৈ আহিল মনলৈ এই চিন্তা? যতীন বৈশ্যই আমাক উত্তৰ দিলে সেই প্ৰশ্নৰ। দিনটোত তেওঁলোকে ১২০০ মান টকাৰ টেঙা কিনি আনে। ৩হাজাৰ মান টকাৰ টেঙা বিক্ৰী হয় ৫ ঘণ্টা মানৰ ভিতৰতে। ৩মান বজাত টেঙাৰ বিক্ৰী হাৰ কমে। আকাশত বেলি থকা লৈকে গ্ৰাহক আহিয়েই থাকে।

দৈনিক গড়ে ৩০০ মানুহে টেঙা খায়হি তেওঁলোকৰ দোকানত। তেওঁলোকৰ আশা- কম দিনৰ ভিতৰতে তেওঁলোকে হাজাৰ বাতি টেঙা বিক্ৰী কৰিবলৈ সক্ষম হ'ব। শীতকালত তেওঁলোকে টেঙা বিক্ৰী কৰাৰ বিপৰীতে গ্ৰীষ্ম কালত নেমুপানী বা থলুৱা টেঙাৰে প্ৰস্তুত কৰা চৰ্বত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে।

এটা টেঙা বাতিত মাত্ৰ ১০ টকা। সেয়েহে গ্ৰাহকৰ গাত নালাগে। অফিচলৈ অহাৰ পথত হঠাৎ চকুত পৰিছিল এই সৰু দোকানখনত। মানুহে জুম বান্ধি থকা দোকানখনলৈ গৈ দেখিলো, এটা সৰু চিন্তাৰে তেওঁলোকে অভিনৱ ধৰণে ব্যৱসায় আৰম্ভ কৰিছে। বহু টেঙা গছতে পকি সৰি যায়। নষ্ট হয় এইবোৰ। কিন্তু এই নতুন চিন্তাৰে যতীন বৈশ্য আৰু ৰাজকুমাৰ বৰ্মনে বহুতৰ বাবে প্ৰেৰণা আৰু উপাৰ্জনৰ নতুন বাট কাটি দিব। মহানগৰীৰ যান্ত্ৰিকতাৰ মাজত ব্যস্ত হৈ পৰা মানুহৰ টেঙাৰ সোৱাদ ল'বলৈ আজৰি ক'ত? খাবলৈ মন গ'লেও সেয়েহে বহুতে জিভাৰ পানী টুকিয়েই টেঙা খোৱাৰ সোৱাদ সামৰে। সেইসকলৰ বাবেও সুখবৰ। এতিয়া সহজলভ্য হৈছে মহানগৰীত টেঙাৰ সোৱাদ লোৱাতো। এয়া কৰিছে দুজন ৫০ৰ উৰ্দ্ধ ব্যক্তিয়ে।

আঘোণৰ বতৰত পঁকা ধান কাটোতে পথাৰত কলপাতত কাটি টেঙা খায় দাৱনীয়ে। গাঁৱৰ সেই পৰিবেশেই যেন ঘূৰাই আনিছে এওঁলোকে। পঁকা ধানৰ মাজত বা নৰানিৰ ওপৰত বহি টেঙা খোৱাৰ সেই আমেজ এতিয়া মহানগৰীৰ বুকুত। ফুটপাথত থিয় হৈয়ে খাব পাৰিব ৰবাব টেঙাৰ পৰা আৰম্ভ কৰি জলফাই, অমৰা, কৰদৈ, টেটেলি, সুমথিৰা আদি।

টেঙাৰ প্ৰতি প্ৰায় মানুহৰে দুৰ্বলতা আছে। শীতকালত টেঙা খোৱাৰ আমেজো হয় পৃথক। ভূত জলকীয়া দি ওপৰত ধনীয়াৰ পাত ছটিয়াই প্ৰিয় টেঙা খাবলৈ আপুনি আহিব লাগিব চানমাৰিলৈ। ট্ৰেফিক পইন্টটো ঘূৰি শিলপুখুৰী দিশে যোৱা পথত ফুটপাথলৈ চাই দিলেই দেখা পাব ভিৰ। এখন সৰু টেবুলৰ চাৰিওফালে বহু মানুহ ফুটপাথত থিয় হৈ লৈ আছে টেঙাৰ জুতি। সঁচাকৈ নহয়নে মহানগৰীত এয়া এক অনন্য অভিজ্ঞতা। এটা সৰু চিন্তা, ইয়াৰ পৰাই এদিন উত্তৰণ হ'ব পাৰে আমাৰ থলুৱা টেঙাৰ ব্যৱসায়ৰ নতুন প্ৰেৰণা আৰু সম্ভাৱনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in