হিন্দু ৰাষ্ট্ৰৰ প্ৰতিষ্ঠাৰ বেদীত অসম-অসমীয়াক বলি দিব লৈছে কিয়?

হিন্দু ৰাষ্ট্ৰৰ প্ৰতিষ্ঠাৰ বেদীত অসম-অসমীয়াক বলি দিব লৈছে কিয়?

♦ মৃদুল কুমাৰ সন্দিকৈ

আজি মানুহ জাগি উঠিছে। হাজাৰ হাজাৰ জনতাৰ মুখত অসম মাতৃৰ বন্দনা। সংকটৰ সময়ত ৰাজপথলৈ ওলাই আহি চিঞৰিছে- 'আমাক বাচি থাকিব দিয়ক। আমাক বিদেশী নালাগে। আমি আৰু বোজা ল'ব নোৱাৰো।'

দিছপুৰৰ সন্মুখত ৰৈ ৭০ সংগঠন আৰু অসমবাসী এই প্ৰতিবাদী কণ্ঠ প্ৰতি হয়তো ভ্ৰূক্ষেপ নাই চৰকাৰৰ। কাণত কঁপাহ দি তেওঁলোকে ভাবিছে- 'প্ৰতিবাদৰ কোনো মূল্য নাই। এই প্ৰতিবাদৰ কোনো অৰ্থ নাই।' জনতাৰ প্ৰতিবাদী কণ্ঠক উপেক্ষা কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত থিয় দিয়া সকলে প্ৰতিবাদৰ ৰূপ দেখিও নেদেখাৰ ভাও জুৰিছে।

পুৱাৰে পৰা আৰম্ভ হৈছিল এই গণ বিক্ষোভ কাৰ্যসূচী। ৭০টা জাতীয় সংগঠনৰ নেতৃত্বই হিন্দু বাংলাদেশীৰ বিৰোধিতাৰে নাগৰিকত্ব সংশোধনী বিধেয়কক স্বীকাৰ নকৰাৰ হুংকাৰ দি দিছপুৰ অভিমুখে উলিওৱা প্ৰতিবাদৰ মিছিলৰ শক্তি কিমান সেয়া চৰকাৰে অনুমান কৰিব পাৰিছে নে নাই সন্দেহ আছে। ৰাইজে কিন্তু বুজিছে- এই সময় একত্ৰিত হোৱাৰ সময়।

অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰতি আহিব পৰা সংকটৰ সময়ত কিন্তু নীৰৱ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অখিল গগৈয়ে সেয়ে কৈছে-  'নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে অসমত গাদীত নাথাকিব সৰ্বানন্দ সোণোৱাল। তেওঁক গাদীচ্যুত কৰিব ৰাইজে। ব্ৰহ্মপুত্ৰত তেওঁৰ গাদী ৰাইজে দলিয়াই চৰকাৰ ভাঙি পেলাব। এয়া অন্তিম সকীয়নি। কেৱল এই চৰকাৰ ভাঙি দিয়াই নহয়, যদি এই শীতকালীন অধিবেশনত কেনেবাকৈ তেওঁলোকে এই বিধেয়ক গৃহীত কৰে বিজেপি-আৰ এছ এছৰ কাৰণেও শীত কাল আহিব। পুহ মাহ আহিব, তেওঁলোকক অসমৰ পৰা বহিষ্কাৰ কৰি বাংলাদেশলৈ ঘূৰাই পঠিওৱা হ'ব। কোনো পধ্যেই বিদেশীক গ্ৰহণ কৰা নহ'ব। আজি সেই সংকল্পৰ কথা প্ৰকাশ কৰিবলৈ ওলাই আহিছো। হাজাৰ হাজাৰ মানুহক আমাৰ অৱৰোধ কৰা হৈছে। ৰেলত অহা মানুহক নমাই দিয়া হৈছে, মাৰপিট কৰা হৈছে। বাছবোৰ ৰখাই দিয়া হৈছে। সৰু সৰু গাড়ীবোৰ ৰখাই দিছে। মটৰ চাইকেলৰ প্ৰচেশ্যন ভাঙি দিছে। তাৰ পাছতো দেখিছে কিমান মানুহ আহিছে। ইয়াৰ কথাটো হ'ল অসমীয়া জাতিয়ে আজি জীয়াই থকাৰ সংকল্প লৈছে।'

এই প্ৰতিবাদী কণ্ঠক ৰোধ কৰিবলৈ চৰকাৰী পক্ষই আৰক্ষী-নিৰাপত্তাৰক্ষী নমাই দিছে। প্ৰতিবাদকাৰী সকলে ৭দিনৰ সময়সীমা বান্ধি দি বৈঠকৰ আহ্বানেৰে চৰকাৰী পক্ষই নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰাৰ দাবী জনালে। দিছপুৰৰ এই উত্তাল প্ৰতিবাদৰ সমান্তৰালভাৱে আছুৰ নেতৃত্বতো ৰাজ্যত ২৮ সংগঠনে এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে।

জাতীয় দল-সংগঠনসমূহৰ প্ৰতিবাদী সত্তাক ভৰিৰে মোহাৰি বিজেপি আৰু আৰ এছ এছে অসমীয়া জাতিটোক ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰক সাধাৰণ লোকেও সহজভাৱে লোৱা নাই। হিন্দু ৰাষ্ট্ৰৰ প্ৰতিষ্ঠাৰ বেদীত অসমীয়া জাতিক বলি দিবলৈ বিচৰা কাৰ্যত এচাম অসমীয়াই সমৰ্থন জনাইছে। তেওঁলোকে অসম আৰু অসমীয়াৰ স্বাভিমানক ত্যাগ কৰি গেৰুৱাৰ বসন পিন্ধি ৰাষ্ট্ৰীয়তাবাদৰ নামত স্তাৱকৰ দৰে আচৰণ কৰিছে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ধৰ্মীয় পৰিচয়ৰে অসমলৈ বিদেশী আমদানি কৰিব খোজা কাৰ্যক প্ৰায় সকলো অসমীয়াই গৰিহণা দিছে। প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। এই প্ৰতিবাদ সাধাৰণ প্ৰতিবাদ নহয়। ১১ নবেম্বৰৰ পৰা আৰম্ভ কৰা ৭০টাকৈ জাতীয় দল-সংগঠনৰ নেতৃত্বই সংকল্প যাত্ৰাৰ অন্তত ১৬ নবেম্বৰত গণ বিক্ষোভ কাৰ্যসূচী হাতত লৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অসম আৰু অসমীয়াৰ স্বাৰ্থৰ সংকল্প লৈ দিছপুৰ অভিমুখে অহা প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষী বাহিনী নমাই দিছিল সোণোৱাল চৰকাৰে। কিন্তু সফল নহ'ল। ৭০ সংগঠনে জনোৱা অসম বন্ধৰ দৰেই এই গণ বিক্ষোভ কাৰ্যসূচীও সফল হ'ল। ১৭ নবেম্বৰৰ পৰা ২৭ নবেম্বৰলৈকে আন এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিলে জাতীয় দল-সংগঠনসমূহৰ নেতৃত্বই। এই কাৰ্যসূচী অনুসৰি জিলা সদৰ সমূহত অনুষ্ঠিত হ'ব গণ সত্যাগ্ৰহ।

শুকুৰবাৰে দিছপুৰৰ আকাশ-বতাহ প্ৰতিবাদৰ কণ্ঠত কঁপি উঠিল। অখিল গগৈকে ধৰি আন দল-সংগঠনৰ নেতৃত্বত সাব্যস্ত হ'ল বিশাল গণ বিক্ষোভ। জাতি-মাটি-ভেটিৰ কথা কোৱা সোণোৱাল চৰকাৰ, বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসমীয়াৰ আৱেগক আৰু স্বাভিমানক লৈ ল'ৰা-ধেমালি কৰিছে। তাৰ প্ৰতিবাদত ওলাই অহা অসমীয়াক ৰঙা চকুৰে ভয় খোৱাব খুজিলেও ইয়াৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ অন্ত হোৱাৰ লক্ষণ নাই। ই এক স্বতঃস্ফূৰ্ত আন্দোলন হৈ পৰিছে।

অসমত অসমীয়াৰ থলুৱা খিলঞ্জীয়া লোকৰ অস্তিত্বৰ প্ৰতি অহা ভাবুকিৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদৰ নাৰ্য্যতা আছে। গণতান্ত্ৰিক প্ৰমূল্যবোধক সন্মান কৰি সাব্যস্ত কৰা এই প্ৰতিবাদ আৰু জনমতক উপেক্ষা কৰাৰ ফল দল-চৰকাৰৰ উভয়ৰ বাবে ভয়াৱহ হৈ পৰিব। সেই ইংগিত ইতিমধ্যে ৰাইজে দিছে।

'BJP is history changer, name changer, note changer,institution changer but not game changer. The country is in danger.'- এই উপলব্ধি আৰু শংকা ৰাইজে কৰিছে। প্ৰতিবাদত অংশ লৈ প্ৰয়োজনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গাদী ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিয়াৰ হুংকাৰ দিছে অখিল গগৈয়ে।

ৰাজ্যৰ জাতীয় সংগঠনক নেতৃত্ব দি বা প্ৰতিনিধিত্ব কৰি ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থৰ কথা ভবা নেতাসকলে হয়তো অনুভৱ কৰিব পৰা নাই। কিন্তু অসমৰ ৰাইজে ঠিকেই অনুভৱ কৰিছে। বিজেপি দল আৰু চৰকাৰে হিন্দু ৰাষ্ট্ৰৰ প্ৰতিষ্ঠাৰ এই ষড়যন্ত্ৰৰ অংশ ৰূপে হিন্দুৰাষ্ট্ৰ বেদীত অসমক বলিৰ পাঠা সজাইছে। ৰাইজে ঠিকেই বুজিছে, বুজা নাই তেওঁলোকে। তেওঁলোকক বুজাবলৈ এই সংগ্ৰাম চলিছে। 'জয় আই অসম' ধ্বনি দি মানুহ ওলাই আহিছে। কৈছে- অসম আৰু অসমীয়াক বাচি থাকিবলৈ দিয়ক। তাৰ বিপৰীতে এচামে কৈছে- ভাৰতক হিন্দুৰাষ্ট্ৰ ৰূপে গঢ়ক, প্ৰয়োজনত অসমক বলি দিয়ক। চুবুৰীয়া বাংলাদেশৰ হিন্দু বাংলাদেশীসকলক নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমলৈ লৈ আহক।

সাম্প্ৰতিক প্ৰেক্ষাপটত অসমৰ ৰাজনীতিত অসম আৰু অসমীয়াক বিদ্বেষী ৰূপে যিসকলে নিজকে পৰিচয় দিছে, তেওঁলোকে জাতীয়তাবোধক বিদায় দি ৰাষ্ট্ৰীয়তাবাদৰ নতুন পথত খোজ দি নিজকে সুৰক্ষিত বুলি ভাবিছে। কিন্তু জাতি-মাটি-ভেটি নাথাকিলে কাক লৈ তেওঁলোকে ৰাজনীতি কৰিব? এবাৰ বিশ্বাসঘাতক কৰাৰ পাছত জাতি-মাটি-ভেটিৰ কথা কৈ কেনেকৈ ভোট বিচাৰি ৰাইজৰ কাষলৈ যাব? এইবোৰ কথা চিন্তা কৰিবলৈ এতিয়াও সময় আছে। অসমতে অসমীয়া ভগনীয়া হ'ব, অসমীয়া মগনীয়া হ'ব, খিলঞ্জীয়া লোকসকল পৰিচয় বিহীন হৈ পৰিব। তেতিয়া কোনে অসম-অসমীয়া হৈ ওলাই আহিব? সময়ৰ সোঁতত হেৰাই যোৱা অসম-অসমীয়া সময়ৰ বুৰঞ্জীৰ দুটা শব্দ হৈ পৰিব। তেন্তে এই প্ৰতিবাদ নালাগে বুলি কোৱা সকলে ক'ব পাৰিবনে- এনে এখন বিধেয়কৰ জৰিয়তে অসমক হিন্দু বঙালী প্ৰধান ৰাষ্ট্ৰ হিচাপে চৰকাৰে গঢ়িলে ইয়াৰ বাবে দায়ী কোন হ'ব?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in