সুৰৰ মায়াজাল ৰচা জ’মাট’ বয় নহয়, ‘প্ৰাণজিৎ’ৰ ঘৰৰ পৰা মনৰ কথা…

সুৰৰ মায়াজাল ৰচা জ’মাট’ বয় নহয়, ‘প্ৰাণজিৎ’ৰ ঘৰৰ পৰা মনৰ কথা…

মৃদুল কুমাৰ সন্দিকৈ

হঠাৎ ফেচবুকত এজন ৰঙা টী-ছাৰ্ট পিন্ধা যুৱকে গোৱা এই গানটো ভাইৰেল হৈ পৰিছিল। চৰ্চালৈ আহিছিল এজন জ'মেট' বয়। তেওঁৰ কণ্ঠ শুনি আচৰিত হৈছিল সকলো।

ল'ৰাজনৰ নাম প্ৰাণজিৎ হালৈ। সেইদিনা আছিল ১২ আগষ্ট, ২০১৯। মহানগৰীৰ বেলতলা ৰ'ডৰ লখিমী পথত থকা অনিৰ্বাণ চক্ৰৱৰ্তী নামৰ এজন ব্যক্তিয়ে অৰ্ডাৰ দিয়া খাদ্য দিবলৈ ল'ৰাজন গৈছিল সদাশিৱা এপাৰ্টমেন্টলৈ। তেতিয়া নিশা ১০.৩০ বাজিছিল।

জ'মাট' খাদ্য সামগ্ৰী অৰ্ডাৰ দিয়া এপ্লিকেশ্যনত ডেলিভাৰী দিবলৈ যোৱা ল'ৰাজনৰ বিষয়ে লিখা আছিল তেওঁ গানৰ প্ৰতি আগ্ৰহী বুলি। খাদ্য সামগ্ৰীখিনি গ্ৰহণ কৰি অনিৰ্বান চক্ৰৱৰ্তীয়ে প্ৰাণজিতক সুধিছিল- তুমি গান গোৱা? প্ৰাণজিতে লাজে লাজে কৈছিল হয় বুলি।

এটা গান গাব লাগিব তুমি।- অনিৰ্বাণ চক্ৰৱৰ্তীয়ে অনুৰোধ কৰিছিল প্ৰাণজিতক। প্ৰাণজিতে প্রথমে গান গাব বিচৰা নাছিল। কিন্তু তেওঁৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰিছিল সি। প্ৰাণজিতক কৈছিল- তুমি গান গালে মই তোমাক কিছু টীপছ দিম।

প্ৰথমে সন্মত হৈও অনিৰ্বাণ চক্ৰৱৰ্তীৰ আন্তৰিকতা দেখি ২০ বছৰীয়া ল'ৰাটোৱে গাইছিল তেওঁৰ প্ৰিয় এটা গান- 'গৌৰী তেৰা গাওঁ বৰা প্যাৰা, মে ত' গয়া মাৰা, আকে য়াহা ৰে…' । গানটো তেওঁ ম'বাইলত ৰেকৰ্ডিং কৰি লৈছিল। খাদ্য সামগ্ৰী দিয়াৰ পাছত গুগ'ল পে'ত তেওঁ ইয়াৰ বাবদ ধন পৰিশোধ কৰিছিল প্ৰাণজিতক।

উভতি আহিছিল প্ৰাণজিৎ। ৰাতি তেওঁক এটা মেছেজ পঠাইছিল অনিৰ্বাণ চক্ৰৱৰ্তীয়ে। গুগ'ল পে'তেই পঠাইছিল সেই মেছেজ। আৰু কৈছিল- 'তোমাৰ ভিডিঅ'টো ফেচবুকত দিছো। বহু মানুহে চাইছে।'

তাৰপাছতেই প্ৰাণজিৎ হৈ পৰিছিল হঠাৎ এজন চৰ্চিত যুৱক। তেওঁৰ এই প্ৰতিভাক লৈ ৰাষ্ট্ৰীয় সংবাদমাধ্যমতো খবৰ হৈছিল। সকলোৰে বাবে আছিল প্ৰাণজিৎ এজন জ'মাট' বয়। তেওঁৰ এই সংগীতৰ প্ৰতিভাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰীয় সংবাদমাধ্যমো প্ৰাণজিতৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল।

এনেদৰে ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ মধ্যমণি হৈ পৰিছিল প্ৰাণজিৎ…

ইণ্ডিয়া টুডে', টাইমছ অৱ ইণ্ডিয়া, দ্য ট্ৰিবিউন, ইণ্ডিয়া ডট কম, গল্ফ নিউজ আদিয়ে প্ৰকাশ কৰিছিল অসমৰ এই যুৱকজনৰ খবৰ। ছ'চিয়েল মিডিয়াত অনিৰ্বাণ চক্ৰৱৰ্তীয়ে দিয়া সেই ভিডিঅ'টোৰ আধাৰতেই অসমৰ সংবাদমাধ্যমেও তেওঁৰ এই প্ৰতিভাক লৈ খবৰ কৰিছিল।

সকলোৰে বাবে প্ৰাণজিৎ এজন জ'মাট' বয়। এয়া তেওঁৰ বৃত্তি। প্ৰাণজিতক বিভিন্ন সংবাদমাধ্যমৰ লোকে ষ্টুডিঅ' বা আন স্থানলৈ মাতি নি তেওঁৰ সংগীত সাধনাৰ বিষয়ে, বিশেষকৈ তেওঁৰ গীতৰ আধাৰত প্ৰতিবেদন প্ৰকাশ কৰিছিল।

সেই খবৰ বোৰে প্ৰাণজিতক উৎসাহিত কৰাৰ লগতে তেওঁৰ চকুত কিছু আশাৰ সঞ্চাৰ কৰিছিল। আমাৰ বাবে প্ৰাণজিৎ যে সুৰীয়া কণ্ঠৰ অধিকাৰী সেয়া অনুভৱ কৰিছিলো যদিও, প্ৰাণজিতৰ জীৱনৰ বিষয়ে জনাৰ অৱকাশ আৰু উৎসুকতা কঢ়িয়াই লৈ ফুৰিছিলো।

প্ৰাণজিতৰ ঘৰলৈ বুলি বাট লওঁতে…

প্ৰাণজিৎ ইতিমধ্যে চৰ্চিত নাম হৈ পৰিছিল। প্ৰাণজিতৰ যোগাযোগ নম্বৰ বিচাৰি ফেচবুকতে তেওঁক এটা মেছেজ দিয়া হৈছিল। প্ৰায় দুঘণ্টামানৰ ভিতৰতে প্ৰাণজিতে তেওঁৰ যোগাযোগৰ নম্বৰটো দিলে। প্ৰাণজিতক ফোন কৰা হ'ল। তেতিয়া বেলতলাত আছিল প্ৰাণজিৎ। তালৈকে প্ৰাণজিতে মাতিলে। বেলতলাত প্ৰাণজিতৰ বায়েকৰ ঘৰ। কিন্তু আমি ক'লো- প্ৰাণজিৎ আমাৰ বাবে কেৱল খবৰ নহয়। প্ৰাণজিতৰ সৈতে খবৰ তাগিদাতকৈ তেওঁৰ প্ৰতি থকা আন্তৰিকতা আৰু আগ্ৰহৰ বাবে তেওঁৰ ঘৰলৈ যাব খোজো।

প্ৰাণজিতৰ ঘৰলৈ যাব লাগে এনেকৈ…

লালমাটিৰ নিধিভৱনৰ পিছফালে পাহাৰৰ ওপৰত তেওঁৰ ঘৰ। তেওঁ বুজাই দিলে আমাক ঠিকনাটো। নিধি ভৱনৰ সন্মুখত ৰৈ প্ৰাণজিতক পুনৰ ঠিকনাটো সুধিলো। তেওঁ ক'লে- দলংখন পাৰ হোৱাৰ পূৰ্বে খানাপাৰাৰ পৰা আহিলে এটা সৰু পথ সোমাই গৈছে। সেই পথেৰে আপুনি সোমাই আহক, মই তললৈ নামি গৈছো।

আমি গৈ এটা তিনিআলিত ৰ'লো। প্ৰায় ১০ মিনিটতকৈ বেছি সময় প্ৰাণজিতৰ বাবে অপেক্ষা। প্ৰাণজিৎ নামি আহিল । সি দূৰৈৰ পাহাৰখন দেখুৱাই ক'লে- আপোনালোকে হয়তো উঠিব নোৱাৰিব।একেবাৰে পাহৰৰ মূৰত আমাৰ ঘৰ। প্ৰাণজিতক আমি ক'লো- তুমি যেতিয়া পাৰিছা, আমিও পাৰিম।

এনেদৰেই ইটোৰ পাছত সিটো মাটিৰ চিৰিৰে উঠি গ'লো প্ৰাণজিতৰ ঘৰৰ অভিমুখে…

বাট বুলিব সেয়া নোৱাৰি। ইটোৰ পাছত মাটিৰ চিৰিৰে আমি কেৱল উঠি গ'লো। মাজে মাজে ৰ'লো। প্ৰাণজিতে ক'লে- আৰু বেছি দূৰ নাই। মই দৈনিক ১০-১২ বাৰ এই পথেৰেই অহা-যোৱা কৰো। আমাৰ অভ্যাস হৈ গৈছে।

পাহাৰৰ সেই লুং-লুঙীয়া পথেৰে ওপৰলৈ উঠি গৈ থাকিলো। প্ৰাণজিতক সুধিলো- এইডখৰ কি বুলি কয়? প্ৰাণজিতে ক'লে- লালমাটিৰ গণেশপুৰ এয়া । প্ৰায় ২০ মিনিটমান ওপৰলৈ উঠাৰ পাছত পাহাৰৰ চূড়ান্ত শীৰ্ষত থকা এটা ঘৰলৈ দেখুৱাই প্ৰাণজিতে কৈছিল- এইটোৱে আমাৰ ঘৰ। সি মাকক চিঞৰী মাতিলে- মা, দাদাসকল আহিছে।

এইটোৱে প্ৰাণজিতৰ ঘৰ…

প্ৰাণজিতে ক'লে- মোৰ খবৰ ইমান চৌদিশে প্ৰকাশ হৈছে যদিও, আমাৰ ঘৰলৈ আপোনালোকেই প্ৰথম। এটা সহজ-সৰল ল'ৰা। ৰঙা শাৰী পৰিহিতা মাক কাষ চাপি আহিল। এজনী সাদৰী মানুহ। প্ৰাণজিতৰ এই জীৱন সংগ্ৰামৰ বিষয়ে হয়তো কোনেও নাজানে।

আমি প্ৰাণজিতৰ ঘৰটোৰ চৌপাশ চাই বুজিলো কেনে প্ৰত্যাহ্বানৰ মাজেৰে প্ৰাণজিৎ আগবাঢ়ি গৈছে। প্ৰাণজিতক সুধিলো- তুমি গানৰ আখৰা ক'ত কৰা? প্ৰাণজিতে ক'লে- এই কোঠাটোতেই মই থাকো। তাতেই চলি যায় সকলো।

এইটো প্ৰাণজিতৰ কোঠা…

প্ৰাণজিতৰ কোঠাত সোমালো। এখন বিচনা, সুন্দৰকৈ পাৰি থোৱা আছে। তাৰ বিপৰীতে ফালে ৰন্ধা-বঢ়া কৰা এখন টেবুল। প্ৰাণজিৎ বিচনাতেই বহিল। সি কেনেদৰে ইউটিউবৰ বাবে গানবোৰ তৈয়াৰ কৰে আমাক ক'লে। প্ৰাণজিতৰ দেউতাকৰ নাম আছিল গোবিন্দ হালৈ। তেওঁলোক মুলত বকোৰ। প্ৰাণজিতৰ জন্ম গুৱাহাটীতেই। দেউতাকে কাম কৰিছিল নিধি ভৱনত। এটা সৰু চাকৰি।

২০০৭চনত প্ৰাণজিতৰ দেউতাক উচ্চৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ ঢুকাইছিল। বেমাৰৰ বাবেই চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈছিল পিতৃয়ে। তাৰপাছত প্ৰাণজিতৰ মাকে পৰিয়ালটো চলাবলৈ এটা সৰু কাম কৰিব লগা হৈছিল। ওচৰতে থকা আই আই ই-ৰ এটা হোষ্টেলত প্ৰাণজিতৰ মাকে কাম কৰে। কাম মানে হোষ্টেলটো চাফচিকুণ কৰি দিয়ে মাকে।

ৰাতিপুৱা এবাৰ গৈ ১টা মান বজাত ঘূৰি আহে। পুনৰ আবেলি যায় ৮ টা মান বজাত ছুটী হয়। এই কামটো কৰি ৩-৪ হাজাৰ মান টকা পাই প্ৰাণজিতৰ মাকে। তেওঁৰ নাম বুলু হালৈ। অভাৱ পৰিয়ালটোত চৌদিশে। কিন্তু মাকে প্ৰাণজিতক সেই অভাৱৰ সন্মুখীন হ'বলৈ দিয়া নাই।

এইবোৰে প্ৰাণজিতৰ সম্বল…

বিচনাৰ সিমূৰত থকা এটা স্পীকাৰ, এটা ছাউণ্ড ৰেকৰ্ডিং কাৰ্ড উলিয়াই ল'লে প্ৰাণজিতে। সেইবোৰ আমাক দেখুৱালে। এইবোৰৰ জৰিয়তেই নিজাকৈ গান ৰেকৰ্ডিং কৰি দুই এটা গান ইউটিবতো দিয়ে। নৱম শ্ৰেণীত থকাৰ পৰাই গানৰ প্ৰতি আসক্ত হৈ পৰিছিল ল'ৰাটো। তাৰ আসক্তি দেখিয়েই প্ৰাণজিতৰ মাকে সেই সামান্য ধন কেইটাৰ পৰা কিছু ধন বচাই তাক প্ৰায় ৮ হাজাৰ মান টকা খৰচ কৰি কিনি দিছে সেই কেইটা।

ঘৰটোত ম'বাইলৰ নেটৱৰ্ক বৰ ভাল নহয়। প্ৰাণজিতে স্পীকাৰটো ষ্টেণ্ডডালত লগাই এক বিশেষ ভংগীমাৰে সেইটো বিচনাৰ কাষতে থকা ছোফাখনত লগাই ল'লে।ম'বাইলত এটা ট্ৰেক সাজু কৰি সি গান গাবলৈ সাজু হ'ল।

কিন্তু নেট নাছিল তেতিয়া । হঠাৎ প্ৰাণজিতৰ ফোনটো বাজি উঠিল। প্ৰাণজিত ব্যস্ত হ'ল। সিমূৰৰ পৰা প্ৰাণজিতক কিবা কথা হয়তো সুধিছিল। প্ৰাণজিতে আগ্ৰহেৰে সেই প্ৰশ্নবোৰৰ উত্তৰ দি গৈছিল। প্ৰায় চাৰি মিনিটমান সময় প্ৰাণজিতে ফোনটোত কথা পাতিলে। মাকে ক'লে- চৰবত বনাওঁ। ইমান গৰমত তোমালোক ঘামি জামি অৱস্থা নাইকিয়া হৈছা। ফেনখনো বেয়া হৈ আছে।

প্ৰাণজিতে ফোনটো থ'লে। তেওঁক সুধিলো- কোনে ফোন কৰিছিল তেওঁক? তেওঁ ক'লে প'ল নামৰ এজন লোকে কলকাতাৰ পৰা ফোন কৰিছিল। বলিউডৰ প্ৰতিষ্ঠিত গায়িকা সুনীধি চৌহানৰ সৈতে সংগীতানুষ্ঠান পৰিৱেশন কৰা থমছন নামৰ ব্যক্তিগৰাকীয়ে তেওঁৰ ভয়চৰ ছেম্পল এটা বিচাৰিছে। ৰ' গান এটা পঠাই দিব দিছে। তেওঁক লৈ কিবা এটা প্ৰজেক্ট কৰাৰ কথা ভাবিছে।

আমাৰ সৈতে কথা পাতি থকাৰ মাজতে তেওঁৰ গান এটা ইউটিউবৰ বাবে ৰেকৰ্ডিং কৰিলে। বিচনাত বহি তেওঁ গালে সেই গান। আমি তেতিয়া তেওঁৰ সেই মুহূৰ্তৰ সাক্ষী হ'লো। একান্ত মনে তেওঁ গাই গ'ল সেি গীত। বিচনাত দুই ভৰি উঠাই প্ৰাণজিতে প্ৰাণ ঢালি গালে সেই গান।

প্ৰাণজিতক সুধিলো পঢ়া শুনাৰ কথা । গোপাল বড়ো হাইস্কুলত পঢ়িছিল তেওঁ। এতিয়া তেওঁ পঢ়ি আছে ডিগ্ৰী প্ৰথম ছেমিষ্টাৰ। গান, কলেজ, কাম সকলো কেনেদৰে মিলাই? সময়ৰ অভাৱ নহয়নে? প্ৰাণজিতে ক'লে- 'সময়ৰ টনাটনি হয়। গৰম বন্ধৰ দিন কেইটা তেওঁ জ'মাট'তে কাম কৰিছিল। ইমান ৰ'দ! ৩৭ ডিগ্ৰীৰ তলত নাথাকে। তেনেকুৱা ৰ'দত ডিউটী মাৰি উঠি আহি ভাগৰ লাগে। ৰাতি ১২ বজাত আহি ভাত পানী খাই, শুই আৰু পুৱা ৬ বজাতে ওলাই যাও। কলেজ খোলাৰ পাছত প্ৰথমে কলেজত গৈ তাৰপাছতে জ'মাট'ত কাম কৰো।'

ৰাতি ঘূৰি আহোতে দেৰি হয় প্ৰাণজিতৰ। ১২-১২.৩০ হয়। জ'মাট'ৰ কামলৈ যাওঁতে তেওঁ এখন চাইকেল লয় যদিও, সেইখন লৈ ঘৰলৈ আহিব নোৱাৰে। কাৰণ পাহাৰত সেইখন উঠাব নোৱাৰে। সেয়েহে সেইখন বায়েকৰ ঘৰত থৈ খোজগাঢ়ি ঘৰলৈ উভতে।

জ'মাট'ত কাম কৰা তেওঁৰ দুমাহ হ'ল।এতিয়া তেওঁলৈ অগণন লোকে ফোন কৰিছে। কিন্তু তেওঁ বিশ্বাস কৰে সেই সকলোবোৰ জ'মাট'ত খাদ্য সামগ্ৰী দিব যাওঁতে সেই বিশেষ লোকজনে তেওঁক ভিডিঅ'টো নবনোৱা হ'লে এনে নহ'লহেতেন।

এই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই তেওঁলৈ ফোন আহিছিল ইণ্ডিয়ান আইডলৰ পৰা। ১৮ আগষ্ট, ২০১৯ত ইণ্ডিয়ান আইডলৰ পৰা এগৰাকী ছোৱালীয়ে ফোন কৰিছিল। সন্ধ্যা নামৰ এজনী ছোৱালীয়ে ফোন কৰিছিল তেওঁলৈ। তেওঁ কৈছে- তোমাৰ ভিডিঅ'টো আমি চাইছো। আৰু দুটা এনে ভিডিঅ' ৰেকৰ্ড কৰি তুমি পঠিয়াই দিবা। মিউজিক নোহোৱাকৈ পঠিয়াবা সেই কেইটা। সেই কেইটা মই পঠিয়াই দিছো। ভইচ ইণ্ডিয়াৰ পৰাও ফোন আহিছে। তেওঁলোকেও সেই ভিডিঅ'ই দিছো। ষ্টাৰ জলছাৰ পৰাও যোগাযোগ কৰিছে। কলকাতা আহিলে মোক অডিশ্যনৰ বাবে মতাৰ কথা কৈছে।

প্ৰাণজিতৰ ঘৰলৈ উঠি আহোতেই প্ৰাণজিতে কৈছিল, কিমান সমস্যাৰে তেওঁলোকে বাস কৰিব লগা হৈছে। পানীৰ খুব সমস্যা। এদিনীয়া মানুহে সেই পথেৰে পাহাৰত উঠিবলৈ ভয়ে কৰিব।কিন্তু তেওঁলোক অভ্যস্ত হৈ পৰিছে।

আমাক তললৈ নিব আহোতেই পাহাৰত উঠি উঠিয়েই কথা পাতি গৈছিলো প্ৰাণজিতৰ সৈতে। এজন গায়ক হোৱাৰ বহু সপোন আছে প্ৰাণজিতৰ। সেই সপোন পূৰণ কৰাৰ বাবেই প্ৰাণজিতে চেষ্টা অব্যাহত ৰাখিছে। ঘৰতখনত এতিয়া প্ৰাণজিত আৰু মাক। তেওঁৰ দুজন ককায়েক আছে। কাষতে বেলেগ কৈ থাকে।

মাতৃৰ সৈতে প্ৰাণজিৎ…

পুত্ৰক লৈ মাতৃৰো আছে বহু সপোন। 'বহু অডিশ্যন দিবলৈ যায় সি। হতাশ হৈ ঘূৰি আহে। মোক আহি কয়হি কথাবোৰ।মই তাক বুজাওঁ, মূৰত হাত বুলাই দি কওঁ মই আছো নহয়। হতাশ নহ'বি ভগৱানে চকুমেলি চাব।' এনেদৰে তাৰ এটা গানৰ ভিডিঅ' ভাইৰেল তেওঁৰ প্ৰতিক্ৰিয়া- 'মোৰ বহুত ভাল লাগিছিল। মই ভবা নাছিলো এনেদৰে তাক এদিন কোনোবাই মাতিব। মই বহু সুখী হৈছো। গানৰ প্ৰতি তাৰ বহু আগ্ৰহ।'

পুত্ৰৰ বাবে তেওঁ সকলো কৰিব পাৰে। দৰমহাৰ সামান্য টকা কেইটাৰে সেয়া সম্ভৱ নহয়। সেয়েহে কামৰ অন্তত তেওঁ নিশা মানুহৰ ঘৰত ভাত বনাবলৈ যায়। ওচৰৰে গ্লেম প্লেজত তেওঁ ভাত বনায়ো কিছু টকা আয় কৰে। সেই কেইটা টকাৰ পৰাই মিলাই মিলি প্ৰাণজিতক কিনি দিছে তাৰ ইচ্ছা পূৰণ কৰাৰ বাবে কিছু সামগ্ৰী।

এইখনেই প্ৰাণজিতৰ ঘৰ, এয়াই প্ৰাণজিতৰ জীৱন। কঠোৰ বাস্তৱৰ মুখামুখী হৈও প্ৰাণজিৎ হতাশ হোৱা নাই। সি ভাবে- এদিন হ'লেও সৌভাগ্যৰ দ্বাৰ তাৰ মুকলি হ'ব। প্ৰাণজিতৰ মাক প্ৰাণজিতৰ সুখতে সুখী, প্ৰাণজিতৰ দুখতে দুখী। দুয়ো নিশা পলমকৈহে ঘৰলৈ উভতে।

প্ৰাণজিতৰ মাকৰ ব্যস্ততা…

২০১৭চনত প্ৰাণজিতে ইণ্ডিয়ান আইডলৰ অডিশ্যন দিছিল। নেৰিমত হৈছিল সেই অডিশ্যন। প্ৰাণজিতৰ আক্ষেপ- মন দি শুনা নাছিল যেন লাগিছিল তেওঁৰ গীত। প্ৰাণজিতে এতিয়া সংগীতৰ শিক্ষা লৈ আছে। মালবিকা ভঁড়ালীৰ ওচৰত তেওঁ শিকি আছে গীত।

উদ্যম আৰু সাহসেৰে আগবঢ়া ল'ৰাটোৰ বাবে এতিয়া এইবোৰ প্ৰেৰণা হৈছে। গীত দুটা তেওঁ ভিডিঅ' ৰেকৰ্ডিং কৰিব খোজে, কিন্তু হাতত ধন নাই। কাম কৰা ধনেৰে এদিন সেইবোৰ কৰিব পাৰিব বুলি তেওঁ বিশ্বাসী। সহজ-সৰল এই ল'ৰাটোৰ মুখলৈ কিছু হাঁহি আহিছে যদিও, এতিয়াও সি বিশ্বাস কৰিব পৰা নাই। সঁচাকৈয়ে সৌভাগ্যৰ দুৱাৰ যে খোল খাইছে তাৰ।

গান গোৱাৰ পূৰ্বে এনেকৈয়ে চলাই প্ৰস্তুতি…

জুবিন গাৰ্গৰ গান তেওঁৰ প্ৰিয়। জুবিনৰ এটা গানৰ কলিও গুণগুণালে প্ৰাণজিতে।আমি তেওঁক সুধিছিলো- জুবিন গাৰ্গে যদি তোমাৰ খবৰ লয়। সি জাঁপ মাৰি উঠিছিল। মোৰ দৰে এজনৰ খবৰ জুবিন দাই ল'ব জানো? ল'লে মই ভাল পাম। তেওঁৰ পৰা মই বহুত শিকিব পাৰিম। প্ৰয়োজন হ'লে মই ইণ্ডিয়ান আইডলত অডিশ্যন দিবলৈয়ে নাযাওঁ।

এইদৰে প্ৰাণজিতৰ সৈতে বহু কথা পাতিলো। প্ৰাণজিতক বুজিলো আৰু প্ৰাণজিতৰ জীৱন কাহিনী শুনিলো। সঁচাই এই জীৱন সংগ্ৰাম অনন্য। প্ৰাণজিতে ক'লে- 'দাদা, মোক এতিয়া বহু মানুহে ফোন কৰি খবৰ লৈছে। মোৰ ভাল লাগিছে। কামটো মই নেৰো। সেই কামটোৱেই আজি ৰাইজৰ আগত মোক অলপ হ'লেও চিনাকি কৰাই দিছে।'

প্ৰাণজিতে ক'লে জীৱনৰ সকলো কথা…

২০ বছৰীয়া অভিজ্ঞতাৰে উপলব্ধ এই জীৱন। দেশজুৰি প্ৰাণজিতৰ কথা চৰ্চা হৈছে। ৰাষ্ট্ৰীয় কাকত, আলোচনী প্ৰাণজিতৰ খবৰ ওলাইছে। সেইবোৰ প্ৰাণজিতে গমেই নাপায়। প্ৰাণজিতক লাগে এতিয়া সকলোৰে আশীৰ্বাদ আৰু কিছু সহায়।

কোনোবাই প্ৰাণজিতক সংগীতৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠাৰ বাবে আগবাঢ়ি যোৱাত সহযোগ কৰিলে প্ৰাণজিত হ'ব আটাইতকৈ সুখী। ফোন আহিছে প্ৰাণজিতলৈ। বহু প্ৰস্তাৱ দিছে। কিন্তু প্ৰাণজিতৰ প্ৰধান সমস্যা- কলকাতা, মুম্বাই যাবলৈ প্ৰাণজিতৰ হাতত ধন ক'ত? এটা ডেলিভাৰী দিলে প্ৰাণজিতে পাই মাত্ৰ ২০ টকা।

প্ৰাণজিতৰ মাকৰো উপাৰ্জন সীমিত। ৩-৪ হাজাৰ টকাৰে চলাই মহানগৰীত এটা পৰিয়াল। প্ৰাণজিতৰ এই জীৱন কাহিনী শুনাৰ পাছত নিশ্চয় প্ৰাণজিতক সহায় কৰা লোক ওলাব। তেওঁৰ গান, তেওঁৰ এই জীৱনৰ প্ৰতি সহানুভূতিৰে বহুজনে চাইছে। সেই সকলৰ মাজতে নিশ্চয় প্ৰাণজিতক আগুৱাই যোৱাৰ বাবে সহায় কৰা লোকো থাকিব।

ইউটিউবৰ বাবে এটা ভাল গানৰ দৃশ্য গ্ৰহণ কৰাৰ সপোন আছে প্ৰাণজিতৰ। দুটা গান হেনো সি সাজু কৰি থৈছে। প্ৰাণজিতৰ মাকে আহি চাহ দুকাপ দিলেহি। সৰু ল'ৰাৰ দৰে প্ৰাণজিৎ। আমাৰ লগত কথা পাতি থকাৰ মাজতে মাকক সুধিলে- 'মা, আমাৰ ই ক'ত?' এটা পোহনীয়া কুকুৰ আছে প্ৰাণজিতৰ। বিলাতী নহয়, থলুৱা। কিন্তু প্ৰাণজিতৰ বৰ মৰমৰ। প্ৰাণজিতৰ সপোনৰ কথা পাতি পুনৰ উঠি যোৱা লুং-লুঙিয়া পথটোৰে নামি আহিলো। এইবাৰ প্ৰাণজিতে আন এটা পথেৰে আমাক নমাই আনিলে।

উভতাৰ পথত প্ৰাণজিতৰ ঘৰৰ পৰা…

প্ৰাণজিতক ক'লো- তুমি যাব নালাগে, আমি পাৰিম। তেওঁ নামানিলে। মুল পথটোত আমাক নমাই থৈ প্ৰাণজিৎ উভতি গ'ল। কিন্তু আমাৰ মনত প্ৰাণজিতে দি থৈ গ'ল তাৰ সপোনৰ আভা। ইতিমধ্যে প্ৰাণজিত দেশজুৰি এক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে। কোনোবাই কৈছে- 'জ'মাট' বয়'। কিন্তু আমি তেওঁক সেই আখ্যা দিব নোখোজো। প্ৰাণজিৎ প্ৰাণজিতেই। 'জ'মাট' বয়' প্ৰাণজিতৰ বৃত্তি। কিন্তু তেওঁৰ শিৰা-উপশিৰাই বৈ আছে সংগীতৰ সুৰৰ নিজৰা।

প্ৰাণজিতৰ সপোন সফল হওঁক। জ'মাট' বয় ৰূপে নহয়, এদিন প্ৰাণজিৎ এজন গায়ক ৰূপে প্ৰতিষ্ঠা লাভ কৰক। সেই আশীৰ্বাদ হয়তো প্ৰাণজিতৰ ভাইৰেল হোৱা ভিডিঅ' চোৱা সকলোৱেই কৰিব। এতিয়া প্ৰাণজিতক লাগে নেদেখাজনৰ আশীৰ্বাদ আৰু তেওঁৰ এই কামবোৰ সফল কৰি তুলিবলৈ সুহৃদয়বান জনৰ উৎসাহ আৰু সহযোগ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in