বৰষুণে ধুই নিলে আমাৰ সপোন…

বৰষুণে ধুই নিলে আমাৰ সপোন…

ডিম্পুল বৰগোঁহাই

আকৌ এবাৰ বিশ্বকাপ আহিব। কোহলী, ধোনীহঁতৰ মুখত বিশ্বজয়ৰ হাঁহি বিৰিঙি উঠিব। কোটি কোটি ভাৰতীয়ৰ সেই সপোন চাৰখাৰ হৈ গ'ল। ক্ৰিকেট বলিয়া দেশখন হঠাৎ নিমজ পৰি ৰ'ল। লক্ষ্যও নাছিল বেছি দূৰ, কিন্তু ভাগ্যই যেন লগ নিদিলে ভাৰতক।

আগদিনাই ভাৰতে জয়ৰ আধাৰ গঢ়িছিল। বুমৰাহৰ বল, নিউজিলেণ্ডৰ বেটছমেন বুজিয়েই পোৱা নাছিল। ইটোৰ পাছত সিটো ড'ট বল। ভাৰতীয় সমৰ্থসকলে ভাবিছিল- এজন ৰোহিতেই যথেষ্ট হ'ব। টছত জিকি প্ৰথমে নিউজিলেণ্ডে বেটিং লৈছিল। তেতিয়াই আচলতে নেদেখাজনে লিখি থৈছিল ফলাফল।

বৰষুণ আহিল। তেতিয়ালৈ খেল হৈছিল ৪৬.১ অভাৰ। তাৰপাছত বহু অপেক্ষা, বহু অংক। গ্ৰাউণ্ড ষ্টাফে মাজতে খেল অনুষ্ঠিত কৰাৰ বাবে খেলপথাৰ সাজু কৰি তুলিবলৈ চেষ্টা কৰোতেই পুনৰ নামিছিল ধাৰাসাৰ বৰষুণ। কিমান অপেক্ষা কৰিব আৰু ভাৰতীয় সমৰ্থকে? সকলোকে লাগে তেতিয়া জয়।

৫ উইকেটত ২১১ ৰান। বুমৰাহৰ দৰেই ভূৱনেশ্বৰ কুমাৰেও নিউজিলেণ্ডৰ বেটছমেনক সুযোগেই দিয়া নাছিল। অৱশেষত খবৰ আহিল- খেল নহয়। সংৰক্ষিত দিনলৈ পিচুওৱা হ'ল খেল। শেষ মুহূৰ্তলৈকে ৰৈ থকা দৰ্শকসকল আঁতৰি গৈছিল। কিমান সময়নো? আহিবইতো ইংলেণ্ডৰ পৰা ভাল খবৰ। ফাইনেলত প্ৰতিপক্ষ হ'ব অষ্ট্ৰেলিয়া বা ইংলেণ্ড।

পুৱাই আহিছিল বেয়া খবৰ। সেই খবৰ ভাৰতবাসীৰ বাবে বেয়া নাছিল। এতিয়া অনুভৱ কৰে সকলোৱে তেনেকৈয়ে। বৰষুণৰ বাবে খেল নহ'বও পাৰে। কিন্তু বৰষুণ নাহিল। খেলপথাৰলৈ আহিল আগদিনা ক্ৰীজত থকা দুই নিউজিলেণ্ডৰ বেটছমেন ৰ'জ টেইলৰ আৰু ট'ম লেথাম।

ভাৰতীয় ব'লাৰৰ আকৌ যাদু চলিল। মাত্ৰ ২৮ ৰানহে যোগ দিলে নিউজিলেণ্ডৰ বেটছমেনে। তাছ পাত খহাৰ দৰে খহিছিল উইকেট। এইবাৰ পাল ভাৰতৰ। ক্ৰীজত ৰোহিত আৰু কে এল ৰাহুল। কিন্তু কি আঁচৰিত? একেই দশা হ'ল নিউজিলেণ্ডৰ দৰে।

বিশ্বৰ অভিলেখ গঢ়া ৰোহিত-কোহলীৰ বেট নচলিল। চলিল নিউজিলেণ্ডৰ যাদু। চিৎকাৰ কৰি উঠিল ভাৰতীয় সমৰ্থকে। কি খেলিছে? ৰাস্তা-পদূলিয়ে ৰৈ থকা মানুহবোৰে অজান ভয়ত নেদেখা জনক প্ৰাৰ্থনা কৰিলে- উদ্ধাৰ কৰা প্ৰভু।

কোনো এজন বেটছমেনেই তিষ্টিব নোৱাৰিলে ক্ৰীজ। ৰিশ্বভ পন্টে কিছু চেষ্টা কৰিলেও নিউজিলেণ্ডৰ বলাৰক উইকেট উপহাৰ দি যেন কৈ থৈ গ'ল- বন্ধু তোমালোকেই খেলা এইবাৰ ফাইনেল! ৪ উইকেট হেৰুওৱাৰ পাছত ক্ৰীজত তেতিয়া দীনেশ আৰু পাণ্ডেয়াই কিছু চেষ্টা কৰিছিল। কিন্তু সেই যুটিও সফল নহ'ল।

তাৰপাছত খেলৰ ক্লাইমেক্স সলনি হ'ল। ধোনী আৰু জাদেজাই আকৌ আশা জাগ্ৰত কৰি তুলিলে। ২০০ৰ সীমা অতিক্ৰম কৰিলে ভাৰতে। পুনৰ দেশজুৰি উল্লাস। এয়াইটো ক্ৰিকেট! জিকিব ইণ্ডিয়া, সকলোৰে তেতিয়া ভৰসা জাদেজা।

৪১.৫ অভাৰত হ'ল জাদেজাৰ অৰ্ধশতক। হাত চাপৰিৰে ৰজনজনাই উঠিল দেশ। চলি আছে খেল। কেতিয়াবা ছিংগল, কেতিয়াবা ডাব'ল। জিকাৰ দিশেই গৈ আছিল ভাৰত। কিন্তু হঠাৎ আকৌ কলিয়া ডাৱৰ ভাৰতৰ শিবিৰত। এইবাৰ বৰষুণ নহয়, ভাৰতীয় অনুৰাগীৰ চকুৰ পৰা সৰিল চকুপানী।

জাদেজা আউট। তথাপিও আশা এৰা নাছিল ভাৰতৰ সমৰ্থকে। ধোনী আছে। অসম্ভৱকো সম্ভৱ কৰিব পাৰে ধোনীয়ে। ইটো মূৰত ভূৱনেশ্বৰ কুমাৰ। এটা ছয় কোবালে ধোনীয়ে। তাৰপাছত আন এটা বলত ২ ৰান ল'বলৈ চেষ্টা কৰোতেই এটা পোনপটীয়া থ্ৰ'। তাৰপাছত চাৰখাৰ সপোন।

কেই ইঞ্চি মানৰ বাবে গৈ নাপালে ধোনী। সেই তাতেই যেন ফাইনেল খেলিব নোপোৱাকৈ ভাৰত ৰৈ গ'ল। তাৰপাছত আনুষ্ঠানিকতাহে বাকী। ৪৯.৩ অভাৰত সকলো শেষ। ২২১ ৰানৰ ভাৰতৰ ইনিংছৰ যৱনিকা পৰিল।

এয়াই খেল, এয়াই ক্ৰিকেট। মোডীয়ে কোৱাৰ দৰেই হৰা-জিকা জীৱনৰে অংশ। কিন্তু ভাল খেলি বিদায় ল'লে ভাৰতে। ইমান দিনে ৰিজাৰ্ভ বেঞ্চত বহি থকা ৰবীন্দ্ৰ জাদেজাই কৈ গ'ল- সক্ষমতা মোৰো আছিল। কোহলীয়ে ক'লে- ৪৫ মিনিটৰ খেলেই সলাই দিলে আমাৰ ভাগ্য।

ইংলেণ্ডত বিশ্বকাপৰ প্ৰবল দাবীদাৰ হৈ ৰৈ গ'ল নিউজিলেণ্ড। বিশ্বকাপৰ যাত্ৰা সমাপ্ত কৰি ঘৰলৈ উভতিব কোহলী বাহিনী। যি হ'ল হৈ গ'ল। কিন্তু ১০০ কোটি ভাৰতীয়ৰ সপোন পূৰণ নহ'লেও ক্ৰিকেটত ভাৰতৰেই যে দখল চলে সেই প্ৰমাণ ৰোহিতে দি গ'ল। এখন বিশ্বকাপত ৫টা শতকেৰে বহুতৰ হৃদয় জিনিলে। মহম্মদ ছামীয়ে লাভ কৰিছিল হেট্ৰিক।

এইখনেই হয়তো অন্তিম খেল হ'ব পাৰে ধোনীৰ বাবে। বহুতে ধোনীক সমালোচনা কৰিছে। কোহলীক প্ৰশ্নৰে থকা-খৰকা কৰা হৈছে। কিন্তু এই কোহলী বাহিনীয়ে দিছিল জয়ৰ সোৱাদ। জয়ৰ আনন্দ যেনেকৈ ভাৰতীয় সমৰ্থকে ভগাই ল'ব জানে, পৰাজয়ৰ পাছত নিজক চম্ভালিবও পাৰে।

ক্ৰিকেট এনেকুৱাই। অনিশ্চিত খেল। বৰষুণ যদি নাহিল হেঁতেন, কোনে জানে সলনি হ'ল হেঁতেন খেলৰ ফলাফল। কিন্তু বৰষুণ আহিল। যি বৰষুণে ধুই লৈ গ'ল আকৌ এবাৰ ভাৰতীয় ক্ৰিকেট দলে বিশ্ব জয় কৰাৰ সুযোগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in