ভগৱান বিষ্ণুৱে সপোনত দেখা দিয়া ‘টিংকু ডেকা’ ক’ত এতিয়া…

ভগৱান বিষ্ণুৱে সপোনত দেখা দিয়া ‘টিংকু ডেকা’ ক’ত এতিয়া…

?মৃদুল কুমাৰ সন্দিকৈ

টিংকু ডেকাক মনত আছেনে? সেয়া আছিল ২০০১চনৰ কথা। সকলোৰে মুখে মুখে এটা নামে উচ্চাৰণ হৈছিল। লাখ লাখ ভক্ত আৰু ৰোগী দৌৰিছিল মৰিগাঁৱৰ শিলসাঁকো গাঁৱলৈ। বাঘোৰাৰ এই শিলসাঁকোৰ গাঁৱতে আছিল টিংকু ডেকাৰ ঘৰ।

মানুহৰ মাজত প্ৰচাৰ চলিছিল- বিষ্ণু লম্ভিছে টিংকুৰ গাত! যিকোনো লোকৰ ৰোগৰ নিৰাময় আৰু সমস্যাৰ বিধান দিব পাৰে এই ১২ বছৰীয়া টিংকু ডেকা নামৰ শিশুটিয়ে। টিংকু ডেকাৰ ঘৰৰ সন্মুখত প্ৰতিদিনা পুৱাৰে পৰা লানি লাগিছিল ভক্তৰ।

কেইবা কিলোমিটাৰ ধৰি মানুহৰ লাইন লাগিছিল তাত। সপোনত হেনো বিষ্ণুৱে টিংকুক কিছু গোপন বনৌষধৰ দিহা দিছিল। এই ঔষধবোৰে কেন্সাৰৰ দৰে দূৰাৰোগ্যও ভাল কৰিব পাৰে বুলি মানুহৰ মাজত বিয়পি পৰিছিল।

সংবাদমাধ্যমতো টিংকু ডেকাক লৈ বাতৰি ওলাইছিল। কোনোবাই আখ্যা দিছিল 'বিস্ময় বালক', কোনোবাই বাতৰিৰ শিৰোনাম কৰিছিল 'টিংকুৰ দেহত বিষ্ণু'। উত্তৰপ্ৰদেশৰ বিহাৰৰ পৰাও টিংকুৰ ঔষধ নিবলৈ মানুহ আহিছিল। টিংকুৰ দৰ্শন পাবলৈ মানুহ বলিয়াৰ দৰে হৈছিল। জিলা প্ৰশাসনে টিংকুক নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ লগতে মানুহ নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছিল।

সেই টিংকু ডেকাৰ দৰ্শন কৰিবলৈ যোৱা দৰ্শনাৰ্থীসকলক যাতে নিয়ন্ত্ৰণ কৰিব পাৰে, তাৰ বাবে সেই সময়ৰ মৰিগাঁও জিলা উপায়ুক্তই স্থানীয় লোকৰ সৈতে এখন কমিটী গঠন কৰাৰ লগতে সেই অঞ্চলটোৰ ওপৰত বিশেষ দৃষ্টি ৰাখিব লগা হৈছিল মৰিগাঁও জিলা আৰক্ষী অধীক্ষকে।

আৰক্ষী অধীক্ষক, জিলা উপায়ুক্ত আদিয়ে টিংকু ডেকাক সকলোধৰণৰ সুবিধা কৰি দিয়াৰ লগতে এজন জ্যেষ্ঠ দণ্ডাধীশক সেইবোৰ চোৱাচিতাৰ দায়িত্ব দিয়া হৈছিল। ২৪ ঘণ্টাই নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল টিংকু ডেকাৰ।

অন্ত নপৰা দীঘল শাৰী, বেৰিকেট, ভক্তৰ ভিৰ, পুলিচৰ পহৰাৰ মাজত সেই গাঁৱৰ পৰিৱেশেই সলনি হৈ গৈছিল। অভূতপূৰ্ব আছিল এই দৃশ্য। টিংকু ডেকাৰ দাবী আছিল- সেই বনৌষধে যিকোনো ৰোগ ভাল কৰিব পাৰে। বিশেষভাৱে সংগ্ৰহ কৰি অনা গছ-গছনিৰ শিপা, পাত টিংকুৱে চুই ৰোগীক খাবলৈ দিছিল।

টিংকুক এবাৰ লগ পাবলৈ আৰু সেই ঔষধ সংগ্ৰহ কৰিবলৈ ১৫ দিন পৰ্যন্ত অপেক্ষা কৰা মানুহো আছিল। বহুতে টিংকু ডেকাৰ সেই ঔষধ খাই ভাল পোৱা বুলিও সেই সময়ত চৰ্চা হৈছিল। কিন্তু প্ৰায় দুমাহ মানহে টিংকু ডেকাৰ সেই মেজিক চলিল।তাৰপাছত বহুতে ক'লে- টিংকু ডেকাৰ ঔষধ খাই ভাল পোৱা নাছিল তেওঁলোকে।

লাহে লাহে মানুহ কমি আহিল। এদিনত ৫ লাখকৈলে ভক্তৰ সমাগম হোৱা সেই অঞ্চলটো আৰু শিলসাঁকোৰ লগতে টিংকু ডেকা নামৰ এই বিস্ময় বালকজন হেৰাই থাকিল। টিংকু ডেকা কাষৰ পৰা এনেদৰে মানুহ আঁতৰি যোৱাৰ পাছত শিলসাঁকোলৈ পুনৰ স্বাভাৱিক পৰিৱেশ ঘূৰি আহিল।

সেই সময়ত বিদ্যালয়ত পঢ়ি থকা টিংকু ডেকাই পুনৰ পঢ়া-শুনাত মন দিলে। ঘূৰি গ'ল বিদ্যালয়লৈ। এদিন মৰিগাঁও কলেজৰ পৰা টিংকু ডেকাই স্নাতক ডিগ্ৰী গ্ৰহণ কৰিলে। ভগৱান বিষ্ণু আহি লম্ভা বুলি প্ৰচাৰ চলোৱা আৰু ভক্তই বেৰি ধৰা টিংকু ডেকা নামৰ বিস্ময় বালকজন আকৌ সাধাৰণ হৈ পৰিল।

এতিয়া টিংকু ডেকাৰ সকলো কথা মনত নাই। কেতিয়াবাহে তেওঁ সেই বিষ্ণুৱে দিয়া ঔষধ নিবলৈ কাৎচিত দুই-এজন মানুহ আহে। মানুহৰ মানসপটৰ পৰা হেৰুৱাই যোৱা টিংকু ডেকা জীৱন সংগ্ৰামত ব্যস্ত হৈ পৰিল।

২০০১ৰ পৰা ১৮ বছৰ পাছত টিংকু ডেকা এতিয়া ক'ত? কি কৰে তেওঁ? প্ৰায় ৩০ বছৰীয়া টিংকু ডেকাক বিচাৰি আমি বিভিন্ন জনৰ সৈতে যোগাযোগ কৰিছিলো। অৱশেষত যোগাযোগ হ'ল টিংকু ডেকাৰ সৈতে।

পুৰণি কথাবোৰ টিংকু ডেকাই পুনৰ চৰ্চা হোৱাটো নিবিচাৰে। তেওঁৰ আলোকচিত্ৰও প্ৰচাৰ বা প্ৰকাশ কৰিব নিবিচাৰে এতিয়া তেওঁ। তেওঁৰ নাম লৈ বহুতে এই বিষ্ণুৰ ঔষধ বা আন কাৰ্যত জড়িত হোৱাতো তেওঁ কামনা নকৰে।

আমি তেওঁক সেই প্ৰতিশ্ৰুতি দিলো যে, নেতিবাচক দৃষ্টিভংগীৰে এইবোৰ কথা বাখ্যা কৰা নহয়। কিন্তু বাস্তৱ আৰু অতীতৰ সংমিশ্ৰণেৰে জীৱনৰ পাৰ্থক্য আৰু প্ৰকৃত সত্যক তুলি ধৰিবলৈ চেষ্টা কৰিম। তেওঁ এতিয়া কি কৰে?- টিংকু ডেকাক সুধিছিলো।

লাখ লাখ ভক্তৰে পৰিব্যস্তিত হৈ ভগৱানৰ শাৰীত ৰখোৱা এই বিস্ময় বালকজনে কৰে এটা চাকৰি। ব্যক্তিগত এক প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ এন আৰ চিৰ কামত নিয়োজিত হৈ আছে ১৮ বছৰ আগতে মানুহে বিষ্ণুৰ অৱতাৰ বুলি ভবা টিংকু।

'কাম মানে, মই ব্যক্তিগত কাম এটা কৰো। মৰিগাঁও কলেজৰ পৰা গ্ৰেজুৱেশ্যন লৈ বৰ্তমান এন আৰ চিৰ কামৰ সৈতে জড়িত হৈ আছো। ২০১৫চনৰপৰা ঠিকাভিত্তিত এই কাম কৰি আছো।'- এন আৰ চিৰ ছুপাৰভাইজাৰ ৰূপে কাম কৰি আছে টিংকুৱে।

ধূপ-ধূনা, নবৈদ্য, বিশ্বাস আৰু আস্থাৰ মাজত টিংকু ডেকা নামৰ সেই বিস্ময় বালকজনে জীৱনৰ জটিলতাক বিশ্বাসৰ আধাৰত গঢ় লৈ উঠা ভগৱানৰ ক্ষণিক মহাত্মাৰ মেজিকেৰে অস্বীকাৰ কৰিব নোৱাৰিলে।

পিতৃ-মাতৃ আৰু ভাতৃৰ সৈতে তেওঁৰ সুখৰ সংসাৰ। তেওঁৰ মনত আছে- এবাৰ তেওঁক সাক্ষাৎ কৰিবলৈ লক্ষ লক্ষ মানুহ সমবেত হৈছিল শিলসাঁকোত। সেইদিনা মানুহৰ ভিৰত ভাগি গৈছিল তেওঁলোকৰ মাটিৰ ঘৰটোৰ বেৰ।

টিংকু ডেকাক সাক্ষাৎ কৰিবলৈ অসমৰে বহু প্ৰতিষ্ঠিত লোক গৈছিল। সৌভাগ্য আৰু সমস্যাৰ সমাধান বিচাৰি দৌৰি আহিছিল তেতিয়াৰ অৰুণাচলৰ মুখ্যমন্ত্ৰী গেগং আপাং। অসমৰ বহু ৰাজনীতিবিদ, সাহিত্যিক, শিল্পীও কাষ চাপিছিল এই শিশুটিৰ। তেওঁ বিধান দিয়া সেই লোকসকলে সুফল পাইছিলনে? সেই সময়ত তেওঁ কি ঐশ্বৰিক শক্তি পাইছিল?- টিংকু ডেকাক সুধিছিলো এই কথা।

জনচক্ষুৰ পৰা আঁতৰত থাকিব খোজা টিংকু ডেকাই এইবোৰ কথা পাতিব নিবিচাৰিলে। তেওঁৰ কথা-বতৰাৰ পৰা এনে লাগিল এতিয়া সেই ১৮ বছৰ আগৰ টিংকু ডেকা বহু সলনি হৈছে। পুৰণি কথাবোৰ তেওঁ পাহৰিব বিচাৰে।

এদিন ভগৱান বিষ্ণুৰ শক্তিৰে শক্তিমান হোৱা টিংকু ডেকাৰ বাস্তৱ সময়ে সলনি কৰিলে। আনক বিধান দিয়া সেই আস্থাৰ পৃথিৱী এতিয়া নাই। অতি সাধাৰণ ভাৱেই কাৰ্যালয়লৈ গৈ এতিয়া টিংকু ডেকাই এন আৰ চিৰ কাম চোৱাচিতা কৰে। কেতিয়াবা কম্পিউটাৰ কী-বৰ্ডত আঙুলি বুলাই সেইবোৰ তথ্য নিৰীক্ষণ কৰে।

এসময়ত ভগৱানে সপোনত ঐশ্বৰিক শক্তি দিয়া বুলি প্ৰচাৰ চলোৱা বা মানুহে বিশ্বাস কৰা টিংকু ডেকাই তথ্য-প্ৰযুক্তিৰ পৃথিৱীত মিলিগৈ এনেদৰে মোকলাইছে পেটৰ ভাত। তেওঁক দিয়া প্ৰতিশ্ৰুতি অনুসৰি টিংকু ডেকাৰসেই সময়ৰ ফটো, তেওঁৰ ছবি আমি প্ৰকাশ কৰা নাই। কিন্তু বাস্তৱ কি ভগৱানৰ ঐশ্বৰিক শক্তিৰ অধিকাৰী বুলি কোৱাজনৰে বৰ্তমান কি তাক তুলি ধৰিছো। যি কথা টিংকু ডেকায়ো বুজি পাইছে।

অসমত এতিয়া আন এজন মহাজ্ঞানী আছে! তেওঁৰ দাবী ঐশ্বৰিক শক্তি নাপালেও, পৃথিৱীৰ সকলো ৰোগেই তেওঁ নিৰাময় কৰিব পাৰে। কোনোবাই তেওঁক আখ্যা দিছে 'আয়ুৰ্বেদিক ঘৰুৱা অসম বুৰঞ্জী প্ৰণেতা' বুলি। তেওঁ অসম কেনেকৈ সৃষ্টি হ'ল বুলি দিয়া এটা বিতৰ্কিত পোষ্টৰ পাছত এইদৰে তেওঁক অভিধা দিয়া হৈছে।

এনে প্ৰচাৰ তেওঁ চলাই যে, তেওঁ অবিহনে যে সমগ্ৰ চিকিৎসা ব্যৱস্থাটোৱে অস্থিৰ হৈ পৰিব। এসময়ত মানুহে বিশ্বাস কৰিছিল, কিন্তু এতিয়া সেই বিশ্বাস তেওঁৰ বিতৰ্কিত কাম-কাজ আৰু কাণ্ডজ্ঞানহীন মন্তব্যৰ বাবে হাঁহিৰ উৎসলৈ সলনি হৈছে।

এই মহান পুৰুষে ভাৰতৰ এগৰাকী জনপ্ৰিয় ৰাজনৈতিক নেত্ৰী তথা প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ মৃত্যু হোৱা খবৰ দি নিজৰ চিকিৎসা সামগ্ৰী আৰু নিজকে প্ৰচাৰ চলাবলৈ এক অদ্ভূত মন্তব্য কৰিলে। য'ত তেওঁ বৃক্ক ৰোগত আক্ৰান্ত মন্ত্ৰীগৰাকীয়ে কোনোবা পাকিস্তানৰ লোকৰ বৃক্ক সংৰোপন কৰা বুলি উল্লেখ কৰি সেই ৰোগৰ বিধান তেওঁৰ হাতত থকা বুলি দাবী কৰিলে। কিন্তু তেওঁ গম নাপালে, এই জনপ্ৰিয় নেত্ৰীগৰাকীৰ মৃত্যু হৈছিল হৃদৰোগত আক্ৰান্ত হৈ।

যিসময়ত জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা বিলুপ্ত কৰি কেন্দ্ৰীয় চৰকাৰে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু মৃত্যুৰ পূৰ্বে দিয়া অন্তিমটো টুইটত সুষমা স্বৰাজে সংবিধানৰ ৩৭০ ধাৰা বিলুপ্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই এনে এটা দিনৰ প্ৰতিক্ষা কৰিছিল বুলি মন্তব্য কৰিছিল সেই নেত্ৰীগৰাকীক মৃত্যুৰ সময়ত তেওঁ পাকিস্তানী লোকৰ বৃক্ক দেহৰ সংৰোপন কৰাই লোৱা বুলি উপলুঙা আৰু অপমানসূচক মন্তব্য কৰিছিল এই ব্যক্তিয়ে।

এই ব্যক্তিগৰাকীয়ে ৩৭০ ধাৰাক লৈ পাকিস্তানে ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰু যুদ্ধংদেহি মনোভাব গ্ৰহণ কৰাৰ সময়ত সুষমা স্বৰাজক লৈ কৰা এনে মন্তব্য কেৱল উপলুঙাসূচকেই নহয়, ই অতি স্পৰ্শকাতৰ বিষয় আছিল। যি সময়ত আৰক্ষীয়ে কোনো লোকৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত সাধাৰণ আপত্তিজনক মন্তব্য দিয়া লোককেই গ্ৰেপ্তাৰ কৰে, তেনে সময়ত সুষমা স্বৰাজৰ দৰে এগৰাকী নেত্ৰীক এইদৰে ৰাজহুৱাভাৱে অপমান আৰু তেওঁৰ বিৰুদ্ধে মৃত্যুৰ সময়ত অপপ্ৰচাৰ চলোৱা লোকজনৰ বিৰুদ্ধে কিন্তু এতিয়াও কিয় কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে সেয়াহে ৰহস্যজনক।

সুষমা স্বৰাজক উপলুঙা আৰু অপমান কৰি দিয়া সেই পোষ্টটো…


মানুহে তেওঁৰ এই কথাত সমালোচনা কৰাত চালে-বেৰে কোবাই অদ্ভূত মন্তব্যৰে নিজক ৰক্ষা কৰাৰ চেষ্টা কৰি পুতৌৰ পাত্ৰ হোৱা এইগৰাকী লোকক চিকিৎসাৰ নবেল দিব লাগে বুলিও ঠাট্টা চলিল। কিমান তলৰ পৰ্যায়ৰ হ'লে মানুহে এনে মানসিকতাৰে নিজৰ প্ৰচাৰ চলাব পাৰে?

লাহে লাহে গণবিচ্ছিন্ন আৰু মানুহৰ আস্থা হেৰুৱাই পেলোৱা এইজন ভণ্ড কবিৰাজে সকলো ৰোগৰ বিধান দিব পৰাকৈ কি অৰ্হতা আছে?- সেই প্ৰশ্ন কৰিলে আন বিষয় টানি আনে। মানুহৰ জীৱনৰ সৈতে হেতালি খেলা এইগৰাকী তথাকথিত পুৰুষৰ ভাল কামখিনিত ক'ব লগা একো নাই। কিন্তু তেওঁৰ চল চাই কঁঠিয়া পাৰি সাধাৰণ লোকসকলৰ বিশ্বাসক সমল কৰি লৈ জীৱনৰ সৈতে খেলিবলৈ প্ৰশাসনে কিয় সুযোগ দিছে সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

টিংকু ডেকাক লৈও মানুহৰ আস্থা আছিল। কিন্তু বেছি দিন সেই আস্থা নাথাকিল। সময়ে লাহে লাহে সঁচা কৈ গ'ল। আচলতে কাৰোবাক ফাঁকী বা মিছা আশ্বাস দি দীৰ্ঘদিন চলিব নোৱাৰি। এদিন সত্য পোহৰলৈ আহে। সময়ে কৈ দিয়ে বিশ্বাস আৰু অন্ধবিশ্বাসৰ মাজত কি পাৰ্থক্য আছে। টিংকু ডেকা সলনি হ'ল। কিন্তু এই কবিৰাজ বাবাৰ ভণ্ডামিও এদিন পোহৰলৈ আহিব।

মিথিগুটি বা আন বনৌষধি সন্দৰ্ভত গুণাৰাম খনিকৰে লিখা কিতাপ ইণ্টাৰনেটত উপলব্ধ তথ্য অধ্যয়ন কৰি সাধাৰণ লোকেও দিব পাৰে কিছু চিকিৎসাৰ বিধান। তাৰ বাবে প্ৰয়োজন হয় কিছু প্ৰচাৰ বা অপপ্ৰচাৰ। তাৰেই সুযোগ লৈ সৰ্বজন্তা কবিৰাজ হৈ পৰা এনে মহাজ্ঞানী লোকে এটা ভৰি ৰাজনীতিত থৈ কোনোবা বাবাক অনুসৰণ কৰি নিজকে সেই শাৰীলৈ উত্তীৰ্ণ কৰাৰ স্বাৰ্থত সঁচা-মিছা এসোপা কৈ থাকিলে মানুহেও বুজি পোৱা হয় তেওঁৰ এই আচৰণৰ উদ্দেশ্য কি?

নতুন জীৱন আৰম্ভ কৰা টিংকু ডেকা এটা উদাহৰণ। অসমৰ ঠায়ে ঠায়ে এনে বহু উদাহৰণ আছে, কাৰোবাৰ গাত দেৱতা, কাৰোবাৰ গাত ঈশ্বৰ, দেৱী লম্ভি মুহূৰ্তৰ ভিতৰতে চৰ্চাৰ বিন্দু হৈ পৰে। কিন্তু সেইবোৰ স্থায়ী হৈ নাথাকে। মানুহে গম পাই- এদিন বিশ্বাস কৰা এই কথাবোৰ অন্ধবিশ্বাসৰ নামান্তৰ বাদে একো নহয়।

তথাপিও মানুহে এই ভুলকে কৰি থাকে। দেৱ-দেৱী লম্ভা কোনো লোকৰ খবৰ পালেই দৌৰি গৈ সমস্যাৰ বিধান বিচাৰে। বীৰুবালা ৰাভাও অসুখীয়া পুত্ৰৰ বাবে এদিন তাকেই কৰিছিল। কিন্তু পিছত এই কথা বুজি পাই অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহিছিল। দুখৰ কথা যে- একাংশ শিক্ষিত আৰু জ্ঞানী লোকসকলেই এইবোৰ কামত আগশাৰীত থাকে।

বিস্ময় বালক টিংকু ডেকা এতিয়া পালোৱান যুৱক। পূৰ্বৰ সেই অতীতবোৰ তেওঁৰ বৰ্তমানৰ সৈতে নিমিলে। খোদ ভগৱান লম্ভা, সপোনত বিষ্ণু আহি দেখা দিয়া বুলি প্ৰচাৰ চলা, একালৰ দেৱ বালক বুলি ৰাইজে বিশ্বাস কৰিছিল তেওঁক।লাখ লাখ ভক্তই আস্থা ৰাখিছিল টিংকু ডেকাৰ ওপৰত। এতিয়া সেই টিংকু ডেকাৰেই এয়া বৰ্তমান। কিন্তু ইতিবাচক কথাটো হ'ল- টিংকু ডেকাৰ মনৰ ভিতৰত যেন আছে সংস্কাৰমুখী প্ৰৱণতাৰ আভা। ধূপ-চাকি জ্বলাই পূজা কৰা টিংকু ডেকাই সেই অতীত ত্যাগ কৰি পুৱাৰ পৰা গধূলিলৈকে এতিয়া ব্যস্ত থাকে কম্পিউটাৰৰ সন্মুখত।এয়া তেওঁৰ সংস্থাপন। পূৰ্বৰ সেই সময়বোৰ আছিল চকুমুদি মানুহে বিশ্বাস কৰা আৰু অন্ধবিশ্বাস, উৰা বাতৰিৰ প্ৰভাৱত মুহূৰ্তৰ বাবে সৃষ্টি হোৱা এক মায়াজালহে। সেই কথা যেন বুজি উঠিল টিংকু ডেকাই…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in