সকলোৰে নিৰানন্দ সৰ্বানন্দ…!

সকলোৰে নিৰানন্দ সৰ্বানন্দ…!

মৃদুল কুমাৰ সন্দিকৈ

জাতীয় নায়ক হৈ তেওঁ নাই। জাতি-মাটি-ভেটিক তেওঁ ৰক্ষা কৰিম বুলি কোৱা মানুহজনেই এতিয়া জাতি-মাটি-ভেটিক বিক্ৰী কৰিবলৈ ওলাইছে। দিল্লীৰ কুটীল ষড়যন্ত্ৰত তেওঁৰ মুখৰ মাত হেৰুৱাইছে। তেওঁৰ অন্তৰ আত্মাই এবাৰো ৰাজপথলৈ ওলাই অহা মানুহবোৰৰ প্ৰতিবাদী কণ্ঠ বুজিবলৈ চেষ্টা কৰা নাই।

এদিন বিদেশী বহিষ্কাৰৰ বাবেই আই এম ডি টি আইন বাতিলৰ হকে আইনী যুঁজত নমা এই মানুহজনে এতিয়া চুবুৰীয়া বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আনিবলৈ কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপৰ অন্যতম সমৰ্থক। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বাটে-পথে স্বতঃস্ফূতভাৱে হোৱা প্ৰতিবাদৰ ভাষা তেওঁ বুজিও নুবুজা ভাও ধৰি নীৰৱে আছে।

তেওঁৰ মুখত কেৱল এটাই কথা- আপোনালোকে ধৈৰ্য্য ধৰক, জাতি-মাটি-ভেটিৰ ক্ষতি হ'ব পৰা কাম মই নকৰো। সেই মন্তব্যৰ বিপৰীতে দিল্লী নাগপুৰৰ আজ্ঞাবাহী ৰূপে তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰু্দ্ধে আজিলৈকে টু এটা শব্দ ক'ব নোৱাৰিলে।

নিয়মমাফিক আৰু কৌশলপূৰ্ণ উত্তৰেৰে এই প্ৰশ্নৰ সন্মুখীন হ'লেই এৰাই চলিব খোজা এসময়ৰ জাতীয় নায়ক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি সকলোৰে নিৰানন্দ সৰ্বানন্দ হৈ পৰিছে। অথচ এইজন মানুহক লৈয়ে ২০০৫চনত সদৌ অসম ছাত্ৰ সন্থাই বিশাল সমদলেৰে অসমৰ বিদেশী বিতাড়নৰ ক্ষেত্ৰত আইনী যুঁজত অৱতীৰ্ণ হৈ আই এম ডি টি আইন বাতিল কৰাৰ বাবে জাতীয় নায়ক আসনত বহাইছিল।

২০০৫চনত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় শ্বহীদ ন্যাসত গৈ তেওঁক আদৰি আনি আছুৰ নেতৃত্বই ঘোষণা কৰিছিল- এওঁহে আচলতে জাতীয় নায়ক। আৰু সেই অনুষ্ঠানত অংশ লৈ ঈশ্বৰ, ইনচা আল্লাহ আদি নাম লৈ তেওঁ ঘোষণা কৰিছিল- জাতি-মাটি-ভেটিৰ প্ৰতি থকা তেওঁৰ দায়িত্ববোধ আৰু কৰ্তব্যৰ কথা।

ৰাজনীতিত ভৰি দি কোনো নেতাই তেওঁৰ প্ৰতিশ্ৰুতি আৰু জাতীয় জীৱনৰ প্ৰতি দায়ৱদ্ধতা পাহৰি যায় বুলি উল্লেখ কৰি সেয়া তেওঁ কোনো কালেই নাপাহৰে বুলি প্ৰতিজ্ঞা কৰিছিল। সেই একেজন মানুহেই মাত্ৰ ১৪টা বছৰ পাছত বিদেশী অনাৰ বাবে দিল্লীৰ পৃষ্ঠপোষকতাত যি নাটকৰ অৱতাড়ণা কৰা হ'ল সেই প্ৰক্ৰিয়াৰ মুল অংশীদাৰ ৰূপে অসমৰ বদন হৈ ধৰা দিলে।

লগত থাকিল অসম আন্দোলনৰ পটভূমিতে গঠন হোৱা অগপ দলৰ নেতৃত্ব লোৱা অতুল বৰা, কেশৱ মহন্তৰ দৰে আন এচাম লোক। যিসকলে অসমৰ পৰা বিদেশী বিতাড়ণৰ হকে আন্দোলন কৰি অসমচুক্তিক স্বাক্ষৰিত কৰাৰ লগতে অবৈধ বিদেশীৰ বিৰুদ্ধে যুঁজ কৰা বুলি ৰাইজৰ কাষ চাপি দুবাৰকৈ শাসনত অধিস্থিত হৈছিল।

তেনে এচাম লোকক সংগী কৰি এই বদনসকলে অসমীয়া জাতীয় জীৱনৰ প্ৰতি ভয়ানক শংকা আৰু অনিশ্চয়তা নমাই অনাৰ এই কাৰ্যত দিল্লীক সহযোগ কৰিছে। ৰাইজৰ এই স্বতঃস্ফূত ক্ষোভে এনে পৰ্যায় পালেগৈ যে ছাত্ৰ সমাজ আজি ওলাই আহিছে এই বিধেয়কৰ বিৰুদ্ধে।

এচাম ক্ষমতা লিপ্সু নেতাৰ বাবেই জাতীয় জীৱনৰ প্ৰতি অহা এই ভাবুকিক তেওঁলোকে অনুধাৱন কৰিও ৰাজনৈতিক আৰু ব্যক্তিগত স্বাৰ্থৰ বাবে মুখ বন্ধ কৰি দিল্লীৰ ঈশ্বৰসকলৰ সাম্প্ৰদায়িক ৰাজনীতিৰ খেলপথাৰ হৈ পৰা এই অসম মাতৃক তেওঁলোকে সেই ৰাজনীতি খেল খেলিবলৈ হেলাঙেৰে এৰি দিছে।

অথচ এওঁলোকেৰ সন্মুখতে চুবুৰীয়া ৰাজ্যৰ আন মুখ্যমন্ত্ৰীসকলে বিজেপিৰ সৈতে একেলগে থাকি শাসনত গাদীত অধিস্থিত হোৱাৰ পাছতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে আৰু বাংলাদেশী অনাৰ বাবে যি পদক্ষেপ লৈছে তাৰ বিৰুদ্ধে মুকলিকৈ গৰ্জি উঠিছে।

ৰাইজৰ এই ক্ষোভ, জাতীয় দল-সংগঠনৰ প্ৰতিবাদ নেওচি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মতা সকলক কোনো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা এইচাম নেতা-মন্ত্ৰীয়ে বাহিৰ ওলাবলৈও ভয় কৰা এক পৰিৱেশ সৃষ্টি হৈছে।

তাৰপাছতো ৰাইজে কি বিচাৰে তাক আওকাণ কৰি কৌশলপূৰ্ণভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত থিয় হৈ জনতা-জনাৰ্দনৰ ক্ষোভৰ বলি হৈছে ফণীভূষণ চৌধুৰীৰ দৰে নেতা।যিজন নেতাই ইমান দিনে ৰাইজক ৰাইজৰ প্ৰতিনিধি ৰূপে অতি সাধাৰণ লোক হিচাপে প্ৰক্ষেপ কৰি আহিছিল, সেই ফণীভূষণ চৌধুৰী নামৰ নেতাজনেও দেখুৱাই দিলে ক্ষমতাৰ প্ৰতি তেওঁৰ লোভ কিমান।

মন্ত্ৰিত্ব হেৰুওৱাই হুক হুকাই কান্দি উঠা এইসকল নেতাই মন্ত্ৰিত্ব লাভ কৰাৰ পাছত জাতীয় স্বাৰ্থক বিসৰ্জন দি কোনোমতে মন্ত্ৰীৰ গাদী ৰক্ষা কৰাত ব্যস্ত হৈ পৰিছে। সেয়েহে ৭ ডিচেম্বৰত মাণিকপুৰলৈ যাওঁতে এনে মুখাধাৰী নেতাসকলে ৰাইজৰ ৰোষৰ বলি হৈ দৌৰি গৈ আধাতে সভা এৰি সভাস্থলীৰ পৰা ওলাই যাব লগা পৰিৱেশ সৃষ্টি হোৱাৰ বাতৰিয়ে বিশেষ চৰ্চা লাভ কৰিছে।

নলবাৰীত অসম আন্দোলনৰ সময়ত সক্ৰিয়ভাৱে অংশ লোৱা দিলীপ পাটগিৰীৰ দৰে ব্যক্তিয়ে প্ৰতিবাদকাৰীৰ সন্মুখত উত্তৰ দিব নোৱাৰি থৰকাছুটি হেৰুৱাইছে। কেব লাগে নে নালাগে স্পষ্টকৈ কওঁক বুলি প্ৰতিবাদকাৰীয়ে সোধা প্ৰশ্নত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেব নালাগে বুলি ক'লেও তেওঁ যি দলৰ সৈতে জড়িত সেই দলীয় নেতৃত্বই কেবৰ পক্ষত মাত মতাৰ পাছতো ইয়াৰ বিৰোধিতা কৰিবলৈ তেওঁলোকৰ সাহস নোহোৱা হৈছে। কিন্তু ৰাইজে তেওঁলোকক য'তেই পাইছে তাতেই জবাবদিহী কৰাৰ পৰিৱেশ সৃষ্টি হৈছে এতিয়া।

দিলীপ পাটগিৰীৰ গাড়ীতেই অতুল বৰা বিৰোধী পোষ্টাৰ মাৰি প্ৰতিবাদকাৰীয়ে বুজাই দিছে- ৰাইজে নিবিচৰা এনে বিধেয়কৰ সমৰ্থনকাৰীসকলকো ৰাইজে সুদাই নেৰে। প্ৰয়োজনত ৰাইজে এই নেতাসকলৰ বিৰুদ্ধে যে গণক্ষোভৰ উদগীৰণ ঘটাই ইয়াৰ প্ৰত্যুত্তৰ দিব সেয়া বুজাই দিছে।

কেৱল অসমৰ মন্ত্ৰী বা নেতাই নহয়, কেন্দ্ৰীয় মন্ত্ৰীৰ অৱস্থাও একেই হৈছে। নাহৰকটীয়া জয়পুৰত প্ৰতিবাদকাৰীয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীক জাউৰীয়ে জাউৰীয়ে প্ৰশ্ন সুধি মুখৰ মাত নাইকিয়া কৰিলে।

মুখ্যমন্ত্ৰীৰ নাম ল'ব খোজা সময়তে গৰজি উঠা ৰাইজে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ক'লে- আপুনি সৰ্বানন্দ সোণোৱালৰ নাম মুখত নানিব। তেওঁ এতিয়া জাতীয় নায়ক হৈ নাই। যি ৰাইজে তেওঁক জাতীয় নায়ক পাতিছিল, সেই ৰাইজেই তেওঁৰ পৰা এই সন্মান কাঢ়ি লৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাইজে কোৱা কথা শুনি মূৰ জোকাৰি হয়ভৰ দিয়াৰ বাদে আন উপায় নাছিল। তেওঁকে সন্মুখত লৈ মুৰ্দাবাদ ধ্বনি দি ৰাইজে এই বাৰ্তাও মন্ত্ৰীজনক দিছে- ৰাইজে যদি তেওঁলোকৰ স্বাভিমান আৰু অসমীয়া জাতিৰ প্ৰতি কোনোবা দিল্লীয়ে জাপি দিয়া সিদ্ধান্তৰ বিৰুদ্ধে তেওঁলোকৰ দৰে নেতা মৌন হয় থাকে তেনেহ'লে ইয়াৰ ফল তেওঁলোকেও লাভ কৰিবলৈ সাজু থাকক।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭ ডিচেম্বৰ, ২০১৯ত শ্বহীদ ন্যাসত আয়োজন কৰা এক সংবাদমেলত আছুৰ নেতৃত্বই আওপকীয়াকৈ এই বিধেয়কৰ পক্ষত থিয় হোৱা আৰু ৰহস্যজনকভাৱে সমগ্ৰ বিষয়টোক লৈ কৌশলপূৰ্ণ স্থিতিৰে ৰাইজক বিভ্ৰান্তিৰ সৃষ্টি কৰা মুখ্যমন্ত্ৰীৰ পৰা জাতীয় নায়কৰ সন্মান কাঢ়ি লোৱাৰ ইংগিত প্ৰদান কৰিলে।

২০০৫চনত যি জন মানুহে সৰ্বানন্দ সোণোৱালক জাতীয় নায়ক আখ্যা দিছিল, সেই একেজন মানুহেই ১৪ বছৰৰ পাছত ক'বলৈ বাধ্য হ'ল যে-এয়া এক পবিত্ৰ বস্তু। জাতিদ্ৰোহী, বিশ্বাসঘাতক, খিলঞ্জীয়াক প্ৰতাৰণা কৰা অপবিত্ৰ লোকৰ ঠাইত এইধৰণৰ পবিত্ৰ বস্তু থাকিব নোৱাৰে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰু্ধে এইদৰে গৰজি উঠিল একালৰ তেওঁৰেই আছুৰ সতীৰ্থ সমুজ্জ্বল ভট্টাচাৰ্য। ১৪ টা বছৰৰ ব্যৱধানত জাতিক প্ৰতাৰণা আৰু খিলঞ্জীয়াৰ স্বাৰ্থক বিসৰ্জন দি দিল্লীৰ নাগপুৰৰ সন্মুখত আঁঠু লোৱা এনে জাতিদ্ৰোহী নেতাৰ বিৰুদ্ধে এই স্থিতি গ্ৰহণ কৰি সমুজ্জ্বল ভট্টাচাৰ্যই পৰোক্ষ ইংগিত দিলে এতিয়া জাতীয় নায়ক হৈ তেওঁ নাই।

ইতিমধ্যে সৰ্বানন্দ সোণোৱালৰ স্থিতিক লৈ চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠিছে। অতুল বৰাৰ ভূমিকা দেখি ৰাইজে একালৰ আছুৰ এই নেতা তথা বৰ্তমান অগপৰ সভাপতিগৰাকীক ভেঙুচালি কৰি হাঁহিছে। কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, সৰ্বানন্দ সোণোৱাল আদি নেতাসকলে কি পৰ্যায়ৰ পৰা আৰু কি প্ৰতিশ্ৰুতিৰে ৰাজ্যবাসীৰ কাষলৈ গৈছিল সেয়া এতিয়া পাহৰিলে।

আন এজনে এই জটিল সন্ধিক্ষণত প্ৰৰোচিত মন্তব্যৰে জাতীয় জীৱনৰ সৈতে ধৰ্মীয় ৰাজনীতিক একাকাৰ কৰি কেবৰ পক্ষত থিয় দিলেও সেয়া যে তেওঁৰ ব্যক্তিগত ৰাজনৈতিক মুনাফাৰ অংক সেয়া বুজিবলৈ কাৰো বাকী নাই। কিয়নো এইগৰাকী বাকচতুৰ নেতাই কেতিয়া কি কয় সেয়া পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে।

জাতীয় জীৱনলৈ তেওঁলোকৰ অৱদান এতিয়া বিদেশী। কিয়নো নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমক বিদেশী চৰণীয়া পথাৰ কৰি হিন্দু বাংলাদেশীক ৰঙা দলিচা পাৰি আনিব খোজা নৰেন্দ্ৰ মোডী বা অমিত শ্বাহৰ সেই সমদলত তেওঁলোকে জানি বুজি থিয় হৈ এনে জাতিধ্বংসী বিধেয়কৰ পক্ষে মাত মাতিছে।

ইয়াৰ মাজতে স্বতঃস্ফূতভাৱে ৰাজ্যজুৰি হোৱা জাতীয় দল-সংগঠনৰ প্ৰতিবাদ দেখি এচামে প্ৰতিবাদৰ নামত ৰাজপথত মিছিল উলিয়াই নাগিৰকত্ব সংশোধনী বিধেয়কৰ সপক্ষে থিয় দিছে। সেই প্ৰতিবাদী যাত্ৰাত চামিল হোৱা শাসকীয় দলৰ ছাত্ৰ সংগঠনৰ তথাকথিত এচাম নেতাই বুজিয়েই পোৱা নাই কেব কি?

সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অতি হাস্যকৰভাৱে তেওঁলোকে উত্তৰ দিছে- কেব হ'লে অসম স্বাধীন হ'ব, অসমত হিন্দু লোক সংখ্যা বাঢ়িব ইত্যাদি গছত গৰু উঠা কথা। এইদৰে কেবৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তো খিলঞ্জীয়াৰ স্বাৰ্থক আঘাত হানি অসম চুক্তিৰ গইনাৰে ৬ নং দফাৰ আধাৰত সাংবিধানিক ৰক্ষা কৱচ দিয়া আন এখন নাটক এওঁলোকে মঞ্চস্থ কৰিছে।

অসমক ত্ৰিপুৰাৰ দৰে কৰাৰ এই প্ৰচেষ্টা যদি সফল হয় তেতিয়াহ'লে দিল্লীৰ বা আন অসম বিৰোধী অসমীয়া বিদ্বেষী লোকসকলৰ সুবিধা হোৱাৰ বিপৰীতে অসমতে অসমীয়াৰ অস্তিত্ব নাইকিয়া হৈ পৰিব। তাৰপাছতো কেবৰ সমৰ্থনকাৰীসকলে অসমীয়া তথা অসমক বিদেশীৰ হাতত গতাই দিবলৈ সেউজ সংকেত দিয়া সময়ত মনত পৰে বিষ্ণু ৰাভাৰ সেই কথাবোৰলৈ- 'অ অসমীয়া ডেকা দল, আজি তোৰ এই তেজাল বদন মলিন কিয় হ'ল? অসীম বাহুৰ বল জগতজুৰি দেখুৱা সিও যে তোৰ নাইকিয়া হ'ল। অ অসমীয়া সমনীয়া আগবাঢ়ি যাওঁ বল।'

বাকী আমি জাতীয় নায়কৰ আসনত থোৱাসকল এতিয়া জাতীয় নায়ক হৈ নাই। তেওঁলোকৰ মন-মগজু বিক্ৰী হ'ল আৰু তেওঁলোক হৈ পৰিল খলনায়ক। দিল্লীৰ এই ৰাজনৈতিক ভূত্যসকলক কোনোবা এদিন ৰাইজে সন্মানিত কৰাৰ সলনি জাতীয় খলনায়ক উপাধিৰে অসন্মানিত কৰাৰ দিন সন্মুখত।

নিৰ্বাচনৰ সময়ত এইজন জাতীয় নায়কক লৈ সকলো আশাবাদী আছিল। ৰাইজেই দিছিল শ্ল'গান- সকলোৰে আনন্দ সৰ্বানন্দ। আৰু আজিৰ পৰিস্থিতিত সেই একেই ৰাইজেই জাতিক প্ৰতাৰণা কৰা এই বিশেষ ব্যক্তিৰ বিৰুদ্ধে দিছে- সকলোৰে নিৰানন্দ সৰ্বানন্দ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in