শেহতীয়া খবৰ
বিদেশ ভ্ৰমণৰ বাবদ কিমান খৰচ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে...  •  তেজপুৰৰ বিহগুৰিত ৭০-৮০টা বনৰীয়া হাতীৰ জাকে নৃশংসভাৱে আক্ৰমণ কৰি হত্যা কৰিলে কৃষকক  •  উত্তৰ-পূব কেন্দ্ৰ প্ৰযুক্তি ব্যৱহাৰ আৰু প্ৰসাৰ সঞ্চালক ডঃ অৰুণ কুমাৰ শৰ্মাৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্প পৰিদৰ্শন  •  কেবৰ প্ৰসংগত নকৰিলে মন্তব্য, মুখ্যমন্ত্ৰী সোণোৱালে ক'লে, ঋক বেদত কৈছে মা আদি গুৰু, এই পৃথিৱীত মাতৃয়েই সকলোতকৈ ডাঙৰ গুৰু  •  ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধীতাৰে কামপুৰত তীব্ৰ প্ৰতিবাদ, VIDEO  •  নলবাৰীত ৭টা পৰ্যায়ত মাৰাথন দৌৰ...  •  গভীৰ সংকটত জীয়াধলঃ বুকুত মৰুভূমি, এটা দশকত তিনিশ কোটিৰো অধিক ব্যয় জীয়াধল নিয়ন্ত্ৰণৰ নামত  •  ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপন হ'লে অসম জ্বলিবঃ এবছু  •  কটন বিশ্ববিদ্যালয়ত ‘The Unquiet River: A Biography of the Brahmaputra’ উন্মোচন...  •  ওৰাঙত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ জোঁৰ সমদল...

গায়ক আৰু নায়কে ঘূৰাই আনিছে ভাল দিন…

4,955

মৃদুল কুমাৰ সন্দিকৈ

আকৌ নায়ক তেওঁ। আকৌ ভাল দিনৰ আৰম্ভণি হৈছে অসমীয়া চিনেমাৰ। মানুহৰ মুখে মুখে এতিয়া ৰত্নাকৰ। সৰু-ডাঙৰ সকলোৱে এবাৰ হ’লেও গুণগুণাইছে ‘এটা কথা কোৱানা…’। সৰু ল’ৰা-ছোৱালীবোৰে মাক-দেউতাকক আবদাৰ ধৰিছে- ‘মোক ৰত্নাকৰ চাবলৈ নিবই লাগিব।’

চিনেমা হলবোৰত টিকট নাই। টিকটৰ বাবে হলৰ সন্মুখত দীঘল শাৰী। যেন বলিউডৰ কোনোবা ছুপাৰহীট ছবিহে চলিছে । মহানগৰীত তেনে এটা ব্যস্ত ছবিগৃহ আছিল বন্দনা। এই ছবিগৃহটোত ভাল হিন্দী ছবিৰো দৰ্শকৰ অভাৱ আছিল দুদিনৰ আগলৈকে।

চিনেমা হলটোত চিনেমা চলি থকা সময়ত কেতিয়াবা ১০-১২জন দৰ্শকেৰে এটা শ্ব’ চলাব লগা হৈছিল। কিন্তু হঠাৎ সেই পৰিৱেশ সলনি হৈ গ’ল। যোৱা তিনিদিন ধৰি চিনেমা হলটোৰ চৌহদত মানুহৰ এনে সমাগম ঘটিছে যে, অসমীয়া ছবিৰ বাবে মানুহৰ কিমান আগ্ৰহ সেয়া চাবলৈ বন্দনা হললৈ গ’লেই হ’ল। ইমান দিনে অভাৱ আছিল কেৱল এখন ভাল চিনেমা আৰু উপযুক্ত প্ৰচাৰৰ।

হঠাৎ বন্দনাত উদুলি-মুদুলি পৰিৱেশ…

ইভিনিং শ্ব’ চাবলৈ মানুহৰ এনে সমাগম। প্ৰতিটো টিকট ঘৰৰ সমুখতেই দীঘলীয়া শাৰী। এই হলটোত পুৱা ১১, দিনৰ ২, বিয়লি ৫, সন্ধিয়া ৭.৩০ বজাত ৰত্নাকৰ ছবিখন চলি আছে। ১৪ অক্টোবৰ, ২০১৯। ১১ অক্টোবৰত মুক্তি দিয়া ৰত্নাকৰৰ চতুৰ্থটো দিন। সময় তেতিয়া ৪.৩০ বাজিছিল। টিকটৰ আশাত বন্দনা ছবিগৃহৰ চৌহদত দীঘল লাইন।

সেই সময়তে এগৰাকী মহিলা আগবাঢ়ি আহিল। সুধিলে- ‘টিকট লাগিব নেকি আপোনাক?’ মহিলা গৰাকীয়ে হাতত থকা টিকট দুটা আগবঢ়াই দিলে। ক’লে- ‘৬০ টকাৰ টিকট আপুনি ১০০ কৈ দিব লাগিব।’

ভাল খবৰঃ ৰত্নাকৰৰ টিকট ব্লেক হৈছে…

সেই অভিজ্ঞতাও অসমীয়া চিনেমাৰ বাবে এক ভাল লগা অভিজ্ঞতা। অসমীয়া চিনেমাৰ টিকট ব্লেক হৈছে এতিয়া। পূৰ্বতে চিনেমা হলবোৰৰ সন্মুখত টিকটৰ বাবে হেতা-ওপৰা, মাৰ-পিট লাগিছিল। গাড়ী ভাড়া কৰি মানুহে চিনেমা চাবলৈ আহিছিল। হঠাৎ অসমীয়া চিনেমাৰ প্ৰতি মানুহৰ টান নাইকিয়া হ’ল।

‘হিয়া দিয়া নিয়া’, ‘নায়ক’, ‘যৌবনে আমনি কৰে’ আদি দুই-এখন ছবিক বাদ দি অসমীয়া চিনেমাৰ প্ৰতি দৰ্শকৰ এই বিৰাটভাৱে চলচ্চিত্ৰ উদ্যোগটোৰ সৈতে জড়িত অভিনেতা-অভিনেত্ৰী, কলা-কুশলীসকলক চিন্তিত কৰি তুলিছিল।

তেনে এক অৱস্থাৰ পৰা পৰ্যায়ক্ৰমে অসমীয়া চিনেমাৰ প্ৰতি দৰ্শকৰ এই আগ্ৰহ আৰু আস্থা সৰু কথা নহয়। চিনেমা হলৰ সন্মুখত এনেদৰে আকৌ ব্লেকাৰৰ আবিৰ্ভাৱে এই উদ্যোগটো সততাৰে আৰু নিষ্ঠাৰে কাম কৰি পুনৰ উজ্জীৱিত কৰিব পৰা যাব, তাৰ প্ৰমাণ এই দৃশ্যসমূহ।

মহিলাগৰাকীয়ে আনৰ ঘৰত কাম কৰে। আৰু আবেলি আহি চিনেমা হলটোৰ সন্মুখত ব্যস্ত হৈ পৰিছে। তেওঁৱে কেৱল চিনেমা হলটোৰ সন্মুখত ব্লেকত টিকট বিক্ৰী কৰা নাছিল। আন এজন আদহীয়া ব্যক্তিৰ হাততো ১০-১২টামান টিকট।

ৰত্নাকৰ চাবলৈ অহা দৰ্শক…

টিকট বিচাৰি হাহাকাৰ কৰা এজন লোকে সেই ব্যক্তিজনৰ পৰাই ক্ৰয় কৰিলে ৬০ টকাৰ তিনিটা টিকট। তেওঁৰ কথা হ’ল- চিনেমা চাবলৈ আহিছে যেতিয়া চিনেমা চাইহে উভতি যাব। ব্লেকত টিকট কিনাত তেওঁৰ আপত্তি নাই । কিন্তু টিকটটো যে পাইছে সেয়াই তেওঁৰ বাবে বহুত।

অফিচৰ জেমেলা মিলাই পত্নী-পুত্ৰৰ সৈতে তেওঁ ৰত্নাকৰ চাবলৈ আহিছিল। টিকট বিক্ৰী কৰি থকা ব্যক্তিজনৰ সৈতে কথা পতাত তেওঁ ক’লে- তেওঁ এনে ৰঙৰ কাম কৰে। ৰত্নাকৰ তেওঁ অৱশ্যে চোৱা নাই। দুই-এদিনতে পৰিয়ালৰ সৈতে তেওঁ চাব।

ৰত্নাকৰ ছবি চলি আছে। ছবিগৃহৰ বাহিৰৰ বাস্তৱ দৃশ্য এইবোৰ। এনেদৰে মানুহে পুনৰ অসমীয়া চিনেমাক আকোৱালি লৈছে। অসমীয়া চলচ্চিত্ৰৰ ইতিহাস আৰম্ভ হৈছিল ১৯৩৫চনৰ পৰা । বৰ্তমান ৮৪ বছৰত ভৰি দিলে অসমীয়া চিনেমা জগতে।

জয়মতীৰ পাছত জ্যোতিপ্ৰসাদৰে ইন্দ্ৰমালতী, ৰোহিনী কুমাৰ বৰুৱাৰ মনোমতী, পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰূপহী, কমল নাৰায়ণ চৌধুৰীৰ বদন বৰফুকন, ফণী শৰ্মাৰ চিৰাজে অসমীয়া চলচ্চিত্ৰক সমৃদ্ধ কৰিছিল। ৫০ দশকত অসমীয়া চিনেমাৰ আন এক নতুন সফল ধাৰাৰ সৃষ্টি হৈছিল।

পিয়লী ফুকন নামৰ ছবিখন আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত জিলিকি উঠিছিল। তাৰ পাছত ভূপেন হাজৰিকাৰ এৰা বাটৰ সুৰ, সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ মণিৰাম দেৱান, ভূপেন হাজৰিকাৰে শকুন্তলা, নিপ বৰুৱাৰ নৰকাসুৰ আদি ছবিয়ে দৰ্শকৰ আদৰ লাভ কৰিছিল।

ব্ৰজেন বৰুৱাৰ ‘ইটো সিটো বহুতো’, ‘ডাঃ বেজবৰুৱা’ আদি আছিল বাণিজ্যিকভাৱে সফল হোৱা অসমীয়া ছবিৰ উদাহৰণ। ১৯৭৬চনত পদুম বৰুৱাই ‘গঙা চিলনীৰ পাখি’ নিৰ্মাণেৰে অসমীয়া ছবিৰ এক বাস্তৱধৰ্মী চলচ্চিত্ৰৰ সান্তৰাল ধাৰা সৃষ্টি কৰাই নহয়, অন্যতম এখন সফল ছবি ৰূপে এই ছবিখনক দৰ্শকে আদৰি লৈছিল।

কিন্তু চলচ্চিত্ৰৰ সেই ধাৰাবাহিকতা আৰু সফলতা হঠাৎ অৱনমিত হয় ২০১০ৰ পৰা। ২০০০চনত হিয়া দিয়া নিয়া, ২০০১ত দাগ, ২০০১ত নায়ক, ২০০২ত কন্যাদান, ২০০৪ত দীনবন্ধু আদি ছবিবোৰ যথেষ্ট জনপ্ৰিয় হৈছিল। কিন্তু লাহে লাহে অসমীয়া চিনেমাৰ প্ৰতি দৰ্শকৰ আদৰ কমি আহিছিল।

অসমীয়া ছবিৰ সেয়া বেয়া দিনৰ মাজতেই ২০১০ত মুক্তি পাইছিল তিনিখন ছবি। হীৰেণ বৰাৰ বসুন্ধৰা, সূৰ্য হাজৰিকাৰ শ্ৰীমন্ত শংকৰদেৱ, মুন্না আহমেদৰ অচিনাকি চিনাকি ছবি কেইখন নচলিল। কিন্তু ২০১১ৰ আৰম্ভণিত ৰামধেনু ছবিখন দৰ্শকে আদৰি লৈছিল। বহু বছৰৰ পাছত সেই ছবিখন চাবলৈ মানুহ আহিছিল।

সকলোকে লাগে টিকট…

তাৰপাছত পুনৰ অসমীয়া ছবিৰ ভালদিন আহিব বুলি ভবা হৈছিল যদিও, পৰৱৰ্তী সময়ত নিৰ্মাণ কৰা ছবিবোৰে দৰ্শকৰ আদৰ বুটলিবলৈ সক্ষম নহ’ল। তাৰপাছত জুবিনে নিৰ্মাণ কৰা মিছন চাইনা, হিমাংশু প্ৰসাদ দাসৰ দূৰদৰ্শন-এক যন্ত্ৰ, ছাকিৰা আহিব বকুল তলৰ বিহুলৈয়ে কিছু আশাৰ বতৰা কঢ়িয়াই আনিলে।আৰু শেহতীয়াকৈ কাঞ্চনজংঘা, ৰত্নাকৰক লৈ দৰ্শকৰ মাজত উৎসাহ।

ৰত্নাকৰ ছবিয়ে দৰ্শকক সন্তুষ্টি দিছে। ছবি চাই উভতা দৰ্শকে কৈ গৈছে- সঁচাকৈ ছবিখন উপভোগ্য। ছবিখনে দৰ্শকক নিৰাশ কৰা নাই, এইটো এটা শুভ লক্ষ্যণ।১১ অক্টোবৰত ৰাজ্যৰ লগতে বাহিৰৰ ছবিগৃহত মুক্তি দিয়া হৈছিল ৰত্নাকৰ। প্ৰথম দিনাই অগ্ৰিম টিকটৰ বুকিং শেষ হৈছিল। আনকি যতীন বৰাৰ পুত্ৰই চিনেমাখন চাবলৈ গৈ টিকট বিচাৰি হাহাকাৰ কৰিব লগা পৰিস্থিতিৰো সৃষ্টি হৈছিল।

ছবিখনৰ প্ৰযোজক নৱনিতা শৰ্মা। জে বি প্ৰকাশ্যনে নিৰ্মাণ কৰা এই ছবিখনত যতীন বৰাৰ উপৰিও আছে নিক্ষীতা গোস্বামী, পবিত্ৰ বৰা, চেতনা দাস, সঞ্জীৱ হাজৰিকা, বৰ্ষাৰাণী বিষয়া আদি প্ৰতিষ্ঠিত অভিনেতা-অভিনেত্ৰীসকল।

প্রথমদিনা ৫৯টা চিনেমা হলত এই ছবিখন মুক্তি লাভ কৰিছিল। ৰাজ্যৰ বাহিৰৰ ১১টা চিনেমা হলটো ছবিখনক দৰ্শকে আদৰি লৈছিল। দিল্লী, মুম্বাই, পুনে , বাংগালুৰু, হায়দৰাবাদ আদিতো ব্যাপক সঁহাৰি লাভ কৰিছে ছবিখনে।

টিকট ঘৰৰ সন্মুখত চতুৰ্থ দিনাৰ ভিৰ…

মুক্তিৰ প্রথম দিনাই ছবিখনে সংগ্ৰহ কৰিলে ৪১ লাখ টকা। দ্বিতীয় দিনা ছবিখনৰ সংগ্ৰহ আছিল ৪৯.৫ লাখ। আৰু তৃতীয় দিনা ৫৫ লাখ টকাৰ ব্যৱসায় কৰিলে ছবিখনে। তিনিদিনত ১ কোটিৰো অধিক টকাৰ ব্যৱসায় ৰত্নাকৰৰ।

ভাল লগা কথাটো হ’ল- এই ছবিখনক লৈ এতিয়া সৰু সৰু মানুহবোৰ আশাবাদী হৈ পৰিছে। চিনেমা হলৰ গেট কিপাৰ জনৰ পৰা আৰম্ভ কৰি চলচ্চিত্ৰ উদ্যোগৰে জড়িত প্ৰত্যেকৰে মুখত এতিয়া সন্তুষ্টিৰ হাঁহি। চতুৰ্থ দিনাও ছবিখনৰ সঁহাৰি যথেষ্ট ভাল বুলি জনালে যতীন বৰাই।

বন্দনা ছবিগৃহত মানুহৰৰ সেই ভিৰৰ মাজতে গেট কিপাৰজনৰ মুখত বিৰিঙী উঠিছিল সন্তুষ্টিৰ হাঁহি। তেওঁ সেই সন্তুষ্টিত কেৱল অসমীয়া চলচ্চিত্ৰৰ ভাল দিনৰ আগমনৰেই ইংগিত নহয়, তেওঁলোকৰে ভাল দিনৰ উমান পাইছে।

কাঞ্চনজংঘাৰ পাছত ৰত্নাকৰৰ এই সফলতা সঁচাকৈ উল্লেখযোগ্য। দক্ষিণ ভাৰতৰ মানুহে চিনেমা চায়। অসমৰ মানুহে চিনেমা নাচাই বুলি ইমান দিনে কিছু লোকে কোৱা কথা যে মিছা সেয়া প্ৰমাণ এইবোৰ। ৰত্নাকৰ চাবলৈ মানুহ আহিছে। হিলদল ভাঙি মানুহে ছবিখন উপভোগ কৰিছে। আৰু সন্তুষ্টিৰে ছবিগৃহ এৰিছে।

ছবিখনৰ কাহিনী কি সেয়া পৃথক বিষয়। কিন্তু ছবিগৃহৰ বাহিৰৰ খবৰ ৰত্নাকৰক দৰ্শকে অভূতপূৰ্বভাৱে আদৰি লৈছে। শিশু শিল্পী আশ্ৰমিকা শইকীয়াৰ অভিনয়তো দৰ্শক মুগ্ধ হৈছে। এয়া কেৱল ৰত্নাকৰৰ বাবে ভাল খবৰ নহয়, অসমীয়া ছবি উদ্যোগৰ বাবে ই এক আশা ব্যঞ্জক বতৰা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি