হে প্ৰভূসকল, ‘কোৰোনা’ ৰাজনীতি নহয়…

হে প্ৰভূসকল, ‘কোৰোনা’ ৰাজনীতি নহয়…

মৃদুল কুমাৰ সন্দিকৈ

এটা বিজ্ঞাপন আছিল। ছুইংগামৰ বিজ্ঞাপন সেইটো। বিজ্ঞাপনৰ শেষত কোৱা কথা কেইটা আছিল- 'ডিমাগ কি বট্টি জ্বলাদে'। কোৰোনা ভাইৰাছক লৈ একাংশ কৰ্মকাণ্ড দেখি এতিয়া ক'বলৈ মন যায়- আপোনালোকে যিবোৰ কৰি আছে, সেইবোৰ কৰাৰ আগতে অকণমান ভাবি চাওঁক। আৰু সেই বিজ্ঞাপনটোৰ দৰেই ডিমাগ কি বট্টি জ্বলা ল'।

কোনোবাই যদি কোৰোনামুক্ত ৰোগীক চিকিৎসালয়ৰ পৰা সুস্থ হোৱাৰ পাছত ঘৰলৈ যাবৰ সময়ত বিদায় জনাবৰ বাবে দৌৰি যায়, আন কোনোবাই ১০ টকীয়া মাস্ক এখন বিলাবলৈ হেলিকপ্টাৰ, গাড়ী ব্যৱহাৰেৰে লাখ লাখ টকা পানীত পেলাই কোৰোনাৰ নামত নিজৰ মুখখন কেমেৰাৰ আগত দেখুৱাবলৈ তৎপৰতা প্ৰদৰ্শন কৰা কাৰ্য সুক্ষ্মভাৱে চালে বহু বেছি কৰা যেন অনুভৱ হয়।

এই সময়ত কোৰোনাক লৈ ৰাজনীতি আৰু ৰাজনীতিৰ বাবে কোৰোনা একাকাৰ হৈ গৈছে। সেয়া লাগে ২০ লাখ কোটি টকাই হওঁক বা আন কোৰোনা সংক্ৰান্তীয় ঘোষণায়েই হওঁক বৰ সুন্দৰকৈ ফুটি উঠিছে। কোৰোনাৰ নামত আচলতে কি কৰা হ'ল? সেই কথা আমি নিৰপেক্ষভাৱে কেতিয়াবা ভাবি চাইছোনে?

কোৰোনা এক অতি সংক্ৰমিত ৰোগ। কিন্তু কোৰোনাক লৈ প্রথম আতংকিত কোনে কাক কৰিলে? যাৰ বাবে এতিয়া গাঁৱত সাধাৰণভাৱে মৃত্যু হোৱা লোকৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল'বলৈও মানুহ আগবাঢ়ি নহাৰ পৰিবেশ এটা সৃষ্টি হ'ল।

চৰকাৰী পৃষ্ঠপোষকতাত এনে আতংকৰ জাল মেলাৰ পাছত এক বিশাল আয়োজন চলিল। কোৱাৰেন্টাইন কক্ষ, পিপিই কীট, আন অনুষাংগিক ব্যৱস্থা কৰাৰ নামত বিশাল ধন ব্যয় আৰু আয়োজনৰ প্ৰতিযোগিতা চলিল। সেইবোৰে কোৰোনাক বাধা দিব যে নোৱাৰে সেই কথা ইতিমধ্যে প্ৰমাণিত হৈছে।

বাহিৰৰ পৰা অহা লোকসকলক কোৱাৰেন্টাইন কৰাৰ যি প্ৰক্ৰিয়া আৰু নিয়ম তথা প্ৰট'ক'ল প্ৰস্তুত কৰা হৈছিল, সেই নিয়মবোৰো সমাজৰ বাবে দীৰ্ঘদিনৰ কুপ্ৰভাৱ পৰা এক নিয়ম ৰূপে ৰৈ যাব নেকি সেয়াও বিশ্চাৰ্যৰ বিষয় হৈ পৰিছে।

ইয়াৰ বিপৰীতে বহিঃৰাজ্য বা বাহিৰৰ পৰা ঘূৰি অহা লোকসকলক সুস্থ পৰিবেশত আৰু নিৰোগী ৰূপে ৰাখিবলৈ সংশ্লিষ্ট স্থানত স্থানীয় লোকৰ সহযোগত ঠায়ে ঠায়ে এনে কক্ষ স্থাপন কৰা হ'লে আজি কোৱাৰেন্টাইন কক্ষৰ বিপৰীতে সেই সকল লোকে নিৰোগী আৰু স্বাস্থ্য সুলভ পৰিৱেশত বাস কৰাৰ অৱকাশ পালে হয়।

কোৱাৰেন্টাইন গৃহবোৰত পৰ্যাপ্ত লোকৰ বিপৰীতে অধিক লোক ৰখাই তেওঁলোকৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পাছত সেই লোকসকলে কি সামাজিক দূৰত্বৰ ব্যৱধান ৰক্ষা কৰে সেয়াও এক বিশ্চাৰ্যৰ বিষয় হৈ পৰিছে।

এজন লোক কোভিড-১৯ত আক্ৰান্ত হ'লে তেনে পৰিৱেশত আন ১০জন লোক তেওঁৰ দ্বাৰা সংক্ৰমিত হোৱাতো সাধাৰণ ঘটনা হৈছে। যাৰ বাবে কোৱাৰেন্টাইন কক্ষত থকা লোকসকলৰ মাজত কোভিড-১৯ৰ উপস্থিতি অধিক হাৰত ধৰা পৰাৰ এক কাৰণ ৰূপেও আলোচনা চলিছে।

কোৰোনা ভাইৰাছৰ সৈতে যুঁজিবলৈ যিবোৰ নীতি-নিয়ম নিৰ্ধাৰণ কৰা হৈছিল, সেই নীতি-নিয়মৰ আধাৰত চৰকাৰী পক্ষই যুগুত কৰা আচৰণবিধি বহু ক্ষেত্ৰত মানুহৰ ওপৰত জাপি দিয়া এক বোজা হৈ পৰাৰ ফলত কোৰোনা ভাইৰাছৰ আতংক মানুহৰ মাজত এনেদৰে বিয়পি পৰিছে যে, শিক্ষিত লোকসকলেও যিকোনো প্ৰকাৰে কোৱাৰেন্টাইন হোৱাৰ পৰা ৰক্ষা পোৱাৰ নিমিত্তে নিজৰ দেহত তেনে উপসৰ্গ দেখা দিলেও লুকুৱাই ৰখাৰ প্ৰৱণতা পোহৰলৈ আহিছে।

ইয়াৰ মাজতে এচাম ৰাজনীতিবিদে কৰা কৰ্মকাণ্ডক লৈ যথেষ্ট চৰ্চা হৈছে। পিপিই কীটছ এতিয়া চিকিৎসকসকল-চিকিৎসা কৰ্মীৰ বাবে অতি আৱশ্যকীয় সামগ্ৰী। সেই পিপিই কীটছ কিছু পৰিমানে সংবাদমাধ্যমৰ লোকসকলেও ব্যৱহাৰ কৰিছে।

অলপতে এনে পিপিই কীটছ পিন্ধি চামগুৰি সমষ্টিৰ আমনি এছআইআৰডি নিবাসত স্থাপন কৰা এক কোৱাৰেন্টাইন শিবিৰত উপস্থিত হৈছিলগৈ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইন। সেই কোৱাৰেন্টাইন শিবিৰত সেইদিনালৈকে বহিঃৰাজ্যৰ পৰা অহা দুজন লোকক কোৱাৰেন্টাইন কৰা হৈছিল।

অৰ্থাৎ সেই কোৱাৰেন্টাইন গৃহত আছিল কোৱাৰেন্টাইন কৰা দুজন লোক। কিছু সময়ৰ পাছত আৰু কেইজনমান লোক তালৈ অহাৰ কথা। কোৱাৰেন্টাইন গৃহলৈ গৈ বিৰোধী দলৰ উপ-দলপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৰান্ধনী গৃহৰ পৰিৱেশ বুজ লয়।

সেই সন্দৰ্ভত তেওঁ নিজেই ছ'চিয়েল মিডিয়াত এটা আপডেট দি লিখিছিল- 'আজি নিশা পুনৰ আমাৰ সমষ্টিৰ আমনি SIRD নিবাসত স্থাপন হোৱা এক কোৱাৰেণ্টাইন শিবিৰত গৈ উপস্থিত হলোগৈ।এই কোৱাৰেণ্টাইন শিবিৰটোত ইতিমধ্যে বৰ্হিঃৰাজ্যৰ পৰা অহা দুজন লোক আজি কোৱাৰেণ্টাইন হৈছেহি।কেইঘণ্টা মানৰ পিছত আৰু কেইবাজনো লোক আহিব এই শিবিৰটোলৈ।চামগুৰি ৰাজহ চক্ৰ বিষয়া সহ শিবিৰটোত আমি গৈ প্ৰথমেই ৰান্ধনী গৃহৰ পৰিবেশৰ বুজ লওঁ।সমষ্টিটোত এনেধৰণৰ যিমান কোৱাৰেণ্টাইন শিবিৰ স্থাপন হৈছে,সেই সমূহত বৰ্হিঃৰাজ্যৰ পৰা অহা যিসকল লোক কোৱাৰেণ্টাইন হব,সেই সকলোৰে খোৱা-বোৱাৰ দায়িত্ব যিহেতু আমি লৈছোঁ,তাৰ বাবে এই মুহূৰ্তত নিশা হলেও এইয়া আমাৰ কতব্য বুলি লৈছো।ৰান্ধনী গৃহৰ পৰিবেশৰ বুজ লৈ কোৱাৰেণ্টাইনত থকা সকললৈ নিশা প্ৰস্তুত কৰা আহাৰৰ সোৱাদ লওঁ।'

কোৱাৰেন্টাইন গৃহত আহাৰৰ সুৱাদ লৈও ফটো দিলে প্ৰাক্তন মন্ত্ৰীয়ে…

এয়া প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ নিজা মন্তব্য। ইয়াত তেওঁ আনে ৰাজনীতি কৰা বুলি কোৱাতকৈ কোৰোনাক লৈ তেওঁ যে ৰাজনীতি কৰিছে তাৰ পৰোক্ষ প্ৰমাণ এয়া। উদ্দেশ্য মহৎ হ'লেও জন প্ৰতিনিধি হিচাপে কোৱাৰেন্টাইন গৃহত নিশা প্ৰস্তুত কৰা আহাৰৰ সুৱাদ লৈ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে আনক সাহস দিয়াৰ বাবে তেনে কৰা বুলি যুক্তি দিলেও এয়া যে এক কিমান ডাঙৰ ভুল কৰিলে সেই কথা তেওঁ বুজিবই নোৱাৰিলে।

প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে তেওঁৰ সমষ্টিটোত এনে কোৱাৰেন্টাইন শিবিৰত চাফাই কৰ্মীসকলৰ বাবে পিপিই কীট, হাতমোজা, টুপি, মাস্ক আদি দিয়াৰ কথাও ক'লে। এয়া তেওঁৰ সুন্দৰ পদক্ষেপ। নিজেই মাস্ক, হেণ্ড গ্লবছ, টুপি পৰিধান কৰি লৈ ৰকিবুল হুছেইনে সেই কোৱাৰেন্টাইন শিবিৰলৈ গৈ কেইবাখনো আলোকচিত্ৰও সংগ্ৰহ কৰিলে।

কোৱাৰেন্টাইন শিবিৰত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন…

তেওঁৰ এই উদ্যোগ প্রশংসনীয় যদিও, এনেদৰে পিপিই কীট পৰিধান কৰি কোৱাৰেন্টাইন গৃহত আহাৰ গ্ৰহণ কৰা প্ৰাক্তন মন্ত্ৰীজনৰ এই কাৰ্যত অৱশ্যে অবাক হৈছে চিকিৎসক। এই সন্দৰ্ভত ৰাজ্যৰ কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসকৰ সৈতে মত-বিনিময় কৰাত তেওঁলোকো আচৰিত হ'ল।

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ এগৰাকী উচ্চপদস্থ বিষয়া তথা চিকিৎসকে ক'লে- 'তেখেতে এই কাৰ্য নিজৰ অজ্ঞতাৰ বাবে কৰিছে। পিপিই কীটছ কিহৰ বাবে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ ব্যৱহাৰৰ সময়ত কি কি কৰিব লাগে-নালাগে সেই সন্দৰ্ভত তেখেতে নাজানেই বাবে এনে ভুল কৰিছে।'

আন এগৰাকী চিকিৎসকে জনালে পিপিই কীটছ পৰিধান কৰি খোৱা কথাতো ভাবিবই নোৱাৰি। সেই সময়ত আমি বাথৰূমলৈও যাব নোৱাৰো। ই অতি স্পৰ্শকাতৰ বিষয়। কোনোবাই যদি এনে কৰিছে সেই বিষয়ে তেখেতেহে ভালকৈ ক'ব পাৰিব। কিন্তু মই জনাত পিপিই কীটছ পৰিধান কৰি খাদ্য গ্ৰহণ কৰাতো বিজ্ঞানসন্মত নহয়।

আমি কেইবাগৰাকীও চিকিৎসকৰ সৈতে পিপিই কীটছ পৰিধান কৰি খাদ্য গ্ৰহণ কৰা নেতাগৰাকীৰো ভাষ্য গ্ৰহণৰ চেষ্টা কৰিছিলো। ছ'চিয়েল মিডিয়াত ইতিমধ্যে এই বিষয়টোক লৈ তেখেতক সমালোচনা কৰা হৈছে। বিভিন্ন জনে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ এই কাৰ্যত আচৰিত হৈ লিখিছে- 'আপুনি কষ্ট কৰি আছে। এয়া ভাল কাম। কিন্তু আপুনি কি কীটছ পিন্ধিছে নাজানো। ছাৰ্ট ওলাই আছে। যদি পিপিই পিন্ধিছে, এনেকৈ পিন্ধেনে? আপুনি প্ৰথম ৰান্ধনী ঘৰত সোমাইছো বুলি কৈছে। ভালে কৰিছে। প্ৰথম পেটপূজা, কি কয় ছাৰ? নাখালে কষ্ট কেনেকৈ কৰিব? '

কেৱল সেয়াই নহয়, প্ৰাক্তন মন্ত্ৰীগৰাকীৰ এই ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগতে তেওঁক বিভিন্নজনে কোৱাৰেন্টাইন শিবিৰলৈ গৈ আহাৰ গ্ৰহণ কৰি ফটো দিয়া কাৰ্যক সমালোচনা কৰিছে। নিঃসন্দেহে ইয়াত যুক্তিৰ অৱকাশ আছে।

ভাল কামবোৰৰ আঁৰত মহৎ উদ্দেশ্যৰ সলনি নিজক কেন্দ্ৰীভূত কৰি প্ৰচাৰ কৰাৰ স্বাৰ্থ লুকাই থাকিলে হয়তো এনে প্ৰতিক্ৰিয়াই সৃষ্টি হয়। কিয়নো ইয়াৰ পূৰ্বেও তেওঁ লকডাউনৰ সময়ত সামগ্ৰী বিতৰণৰ নামত সামগ্ৰী ভৰোৱা বেগত নিজৰ ফটো ছপা কৰি আত্মপ্ৰচাৰৰ চেষ্টা চলাইছিল। যিটো কাম অৱশ্যে শাসকীয় দলৰ একাংশয়ো কৰাৰ চেষ্টা নকৰা নহয়।

কোৱাৰেন্টাইন কক্ষত সাধাৰণতে অপ্ৰয়োজনীয় মানুহ যাবলৈ দিয়া নহয়। সেই কক্ষবোৰত পিপিই কীটছ পৰিধান কৰিহে চিকিৎসক বা আন চিকিৎসা কৰ্মীয়ে দায়িত্ব পালন কৰে। সেই সূত্ৰে ৰকিবুল হুছেইনেও পিপিই কীটছ পৰিধান কৰিয়েই এই কোৱাৰেন্টাইন কক্ষলৈ যোৱা বুলি আমি ধৰি ল'ব পাৰো।

তেনে পিপিই কীটছ পৰিধান কৰাৰ পাছত ৰান্ধনী গৃহলৈ গৈ খাদ্যৰ জুতি লোৱা এজন নেতাই তেওঁৰ ফটো ছ'চিয়েল মিডিয়াত দি যি তৃপ্তি লাভ কৰিলে, সেই তৃপ্তিয়ে কিন্তু বহু নীতি-নিয়মক জনাঞ্জলি দিলে। কাইলৈ বেলেগেও প্রশ্ন কৰিব যে,যদি ৰকিবুল হুছেইনে পাৰে তেনেহ'লে আনসকলে কিয় নোৱাৰিব কোৱাৰেন্টাইন কক্ষলৈ যাব।

কোৱাৰেন্টাইন কক্ষৰ একেবাৰে ৰান্ধনী গৃহলৈকে গৈ খাদ্যৰ জুতি লোৱা ৰাজ্যৰ এজন জ্যেষ্ঠ ৰাজনীতিবিদ , প্ৰাক্তন মন্ত্ৰীয়ে এতিয়াও এবাৰ ভাবকচোন এই কাম তেওঁৰ স্বাস্থ্যসন্মত আছিল নে? তেওঁলোকৰ বাবে কোৰোনা ভাইৰাছ বিলাস নেকি? সাধাৰণ লোক বিভিন্ন সমস্যাৰে জৰ্জৰিত আৰু এই সকল লোকে সেই সুযোগ লৈ সহায় কৰাৰ নামত এনে কিছু কৰ্মকাণ্ড কৰিলে একেবাৰে সাধাৰণভাৱে ক'বলৈ মন যায়- ছাৰে যে কিবোৰ কাম কৰে!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in