ভুল কাৰ? আৰক্ষীক পিটিবলৈ কেনেকৈ পালে ইমান সাহ?

ভুল কাৰ? আৰক্ষীক পিটিবলৈ কেনেকৈ পালে ইমান সাহ?

মৃদুল কুমাৰ সন্দিকৈ

আৰক্ষী সদায় জনসেৱাত নিয়োজিত হৈ থাকে। এখন সমাজত আৰক্ষীৰ ভূমিকা কেতিয়াও কোনোৱে নুই কৰিব নোৱাৰে। সমাজৰ প্ৰতি দায়ৱদ্ধশীল হৈ আৰক্ষীয়ে সমাজৰে এজন হিচাপে দায়িত্ব আৰু কৰ্তব্য পালন কৰাতো প্ৰয়োজন।

ৰহাৰ সৰিয়হতলীৰ মিলনপুৰ গাঁৱত তদন্তৰ বাবে যোৱা এজন আৰক্ষী বিষয়াক ২৪ জানুৱাৰী, ২০২০ত একাংশ ৰাইজে ধৰি-বান্ধি মাৰপিট কৰাৰ দৃশ্যই আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সংঘাতৰ এখন ছবি দাঙি ধৰিলে।

প্ৰফুল্ল বৰা নামৰ আৰক্ষী বিষয়াগৰাকীক যিধৰণে মাৰপিট কৰা হ'ল আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে সেইবোৰৰ সত্যতা আৰু উপযুক্ত অনুসন্ধানৰ প্ৰয়োজন আছে। চাপৰমুখ আৰক্ষী থানাৰ বিষয়াগৰাকী গৈছিল হীৰকজ্যোতি নাথ নামৰ লোকজনৰ ঘৰলৈ।

যুৱকজনে ৰহাৰ মাগুৰগাঁৱত কৃষ্ণ নাথৰ কন্যা মৌচুমী দেৱীক বিয়া কৰাইছিল ১৮ মাহ পূৰ্বে। কিন্তু বিয়াৰ এবছৰৰ পৰাই মৌচুমীক স্বামী হীৰক আৰু হীৰকৰ মাতৃ ৰীণা দেৱীয়ে শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগৰ সন্দৰ্ভত মৌচুমীৰ পিতৃ কৃষ্ণা নাথে এখন এজাহাৰ দিছিল।

সেই এজাহাৰাৰ ভিত্তিতেই লগত দুজন কনিষ্টবল লৈ এই ঘটনাৰ তদন্তৰ বাবে গৈছিল আৰক্ষী বিষয়াগৰাকী। অতি বৰ্বৰভাৱে আৰক্ষী বিষয়াজনৰ ওপৰত পৰিয়ালটোৱে চলোৱা এই আক্ৰমণৰ সন্দৰ্ভত পৰিয়ালটোৰ সদস্যৰ দাবী সুৰাসক্ত হৈ আহিছিল আৰক্ষী আৰু পৰিয়ালটোৰ মহিলাৰ ওপৰত আৰক্ষীয়ে অত্যাচাৰ চলাইছিল।

এই অভিযোগ সঁচা-মিছা সেয়া তদন্তত ওলাব। কিন্তু বিষয়াজনক যিধৰণে একাংশ স্থানীয় লোকৰ সহযোগত প্ৰহাৰ আৰু দুৰ্ব্যৱহাৰ কৰিলে সেয়া সমাজৰ বাবেই চিন্তনীয়। আৰক্ষী বিষয়াজনে হয়তো হীৰকজ্যোতিৰ ঘৰলৈ গৈ দাবী-ধমকিৰে, পুলিচ মেজাজেৰে কৰা ব্যৱহাৰৰ ফলতেই এই ঘটনাৰ সূত্ৰপাত হ'ল।

স্থানীয় লোকে ঘটনাৰ সন্দৰ্ভত এনে ইংগিতেই দিব খুজিলেও, খুটাত বান্ধি আৰক্ষী বিষয়াগৰাকীক মহিলাই প্ৰহাৰ কৰা দৃশ্য, চুলি কাটি দিয়া ঘটনাক কোনো কাৰণতেই সহজভাৱে ল'ব নোৱাৰি। আৰক্ষীকে এনে ব্যৱহাৰ কৰা এই পৰিয়ালটোৱে এগৰাকী বোৱাৰীক কিধৰণে নিৰ্যাতন চলাব পাৰে সেয়া অনুমান কৰিব পাৰি।

এজন যুৱকে চিঞৰি চিঞৰি আৰক্ষীয়ে নিৰ্যাতন চলোৱা বুলি প্ৰমাণ কৰিব খোজা কাৰ্যও মন কৰিব লগা। মৌচুমীৰ পিতৃ কৃষ্ণ নাথৰ বাসগৃহত উপস্থিত হোৱা আৰক্ষী বিষয়াজনে এই পৰিস্থিতি চম্ভালি নোৱাৰাটোও আন এক উল্লেখযোগ্য দিশ।

এখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে সেই পৰিস্থিতিত ৰাইজৰ সহযোগত অভিযুক্তক আটক কৰা বা বৃহৎ সংখ্যক আৰক্ষীৰ দল লৈ ঘটনাৰ তদন্ত কৰিবলৈ যোৱাৰ অৱকাশ আছিল। এটা দিন আছিল খাকী পোছাক পিন্ধা মানুহ দেখিলেই ৰাইজে ভয় কৰিছিল।

আৰক্ষীয়ে এতিয়া জনমানসত হেৰুওৱা ভাৱমূৰ্তি উদ্ধাৰৰ বাবে আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰা, আৰক্ষীক জনমুখী আৰু জনতাক আৰক্ষীমুখী কৰা ক্ষেত্ৰত যে কৰণীয় আছে সেয়া উদঙাই দিলে।

আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হয়। আৰক্ষীক অভিযুক্ত কৰিবলৈ সহজ। কিন্তু কি পৰিস্থিতিত আৰক্ষীয়ে কৰ্তব্য সম্পাদন কৰিব লাগে, কিহৰ বাবে আৰক্ষীয়ে জীৱনৰ বাজী লগাই কাম কৰিব লগা হয় সেই কথা জনসাধাৰণে অনুভৱ কৰা উচিত।

মৌচুমী নামৰ এই বোৱাৰীগৰাকীক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱা অভিযোগ লাভ কৰাৰ পাছত ব্যৱস্থা গ্ৰহণ নকৰা হ'লেও আৰক্ষী ৰাইজৰ কাঠগৰাত উঠিব লগা হ'ল হয়। একেদৰে আৰক্ষীয়ে থানালৈ মাতি নি শাৰীৰিক নিৰ্যাতন চলোৱা, মহিলাক মাৰপিট কৰা ঘটনা কিছুদিনৰ পূৰ্বে দৰঙৰ বুঢ়া আৰক্ষী চকীতো সংঘটিত হৈছিল।

এই দুই ঘটনাৰ মাজত পাৰ্থক্য থাকিলেও দুয়োটা ঘটনাই দুই পক্ষলৈ অভিযোগৰ আঙুলি তুলিব পৰাকৈ যুক্তি বিচাৰি পোৱা যায়। কিয় এনে কাৰ্য সংঘটিত হ'ব পালে তাকো আৰক্ষীয়ে বিচাৰ কৰা উচিত। দোষীসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি দি আৰক্ষীৰ ওপৰত হাত তুলিবলৈ যাতে ভৱিষ্যতে কোনেও সাহস নকৰে তাৰ ব্যৱস্থা গ্ৰহণো কৰিব লাগিব।

আৰক্ষী বিষয়াৰ ওপৰত মহিলাই প্ৰহাৰ কৰা মুহূৰ্তত…

একেদৰে আৰক্ষীকো খাকী পোছাক পিন্ধিলেই সকলো কৰিব পাৰে বুলি ভাবিব পৰা মানসিকতাৰ পৰা আঁতৰাই আনি জনস্বাৰ্থৰ বাবে তেওঁ কৰা এয়া এক যে সেৱা সেই উপলব্ধি কৰা পৰিৱেশ গঢ়ি তোলাৰ দায়িত্ব আছে সমাজ তথা আৰক্ষীক নেতৃত্ব দিয়া সকলৰো।

নিৰীহ লোকৰ ওপৰত আৰক্ষীয়ে চলোৱা অত্যাচাৰৰ পূৰ্বৰ ঘটনাৰ বাবেই আৰক্ষী বিদ্বেষী যি মনোভাৱ মানুহৰ মাজত গঢ় লৈ উঠিছে তাৰ পাশ্চক্ৰিয়া এনেবোৰ ঘটনাৰ মাজতেই দেখিবলৈ পোৱা যায়। এই ঘটনা নিঃসন্দেহে গৰিহণাৰ পাত্ৰ।

গৃহ কন্দলৰ তদন্ত কৰিবলৈ যাওঁতেই যদি আৰক্ষীৰ এই অৱস্থা হয়, মহিলাৰ হাতত প্ৰহৃত হৈ চিকিৎসালয়ত ভৰ্তি হ'ব লগা পৰিস্থিতিৰ পাছত আৰক্ষীয়েও আত্মবিশ্লেষণ কৰা উচিত যে, আন্তঃগাঁথনি আৰু উপযুক্ত মানৱ সম্পদৰ অভাৱত অসম আৰক্ষী আজি এইধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি?

খাকী পোছাকৰ গইনা লৈ আৰক্ষীয়ে কৰা ব্যৱহাৰৰ সন্দৰ্ভত ইতিমধ্যে বহু আলোচনা-সমালোচনাৰ সন্মুখীন হৈছে আৰক্ষী। এই ঘটনা এক জ্ঞানহীন আৰু অশিক্ষিত মানুহৰ দ্বাৰা সংঘঠিত হৈছে। যদি সঁচাকৈ আৰক্ষী বিষয়াজনে তেওঁলোকে অভিযোগ কৰাৰ দৰে দুৰ্ব্যৱহাৰ কৰিছিল তেন্তে বিষয়াজনৰ সন্দৰ্ভত অভিযোগ দিয়াৰ উপযুক্ত মাধ্যম আৰু পথ নিশ্চয় আছিল।

সেই কথা অনুভৱ নকৰি আৰক্ষীৰ ওপৰত এনেদৰে পৰিয়ালটোৰ মহিলাসকল জঁপিয়াই বিষয়াজনক বশ কৰি মাৰধৰ কৰা সময়ত তেওঁৰ সৈতে যোৱা দুই সহযোগী আৰক্ষী কনিষ্টবলৰ ভূমিকা কি আছিল? কেৱল সেই বিষয়াজনক কিয় লক্ষ্য কৰি লোৱা হ'ল?

আৰক্ষী কেতিয়াও বৰ্বৰ হ'ব নালাগে। আৰক্ষীয়ে সদায় জনসাধাৰণৰ সহযোগত এনেবোৰ সমস্যা সমাধান কৰিবলৈ প্ৰয়াস কৰা উচিত। এই ঘটনাৰ উপযুক্ত তদন্তত নিশ্চয় কিয় এনে ঘটনা সংঘটিত হ'ল আৰু ভৱিষ্যতৰ দিনত সেই ঘটনাৰ আধাৰত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।

একপক্ষীয়ভাৱে আৰক্ষীক এইধৰণে অত্যাচাৰ কৰাৰ বাবে পৰিয়ালটোৰ গাতে সমষ্ট দোষ জাঁপি দিও এটা কথা ক'ব লাগিব যে এই বিষয়াজনে সেই সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰা নাছিল বা তেনে পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত অনুমান কৰিব পৰাকৈ তেওঁ অভিজ্ঞ নাছিল।

কৰ্তব্যৰত আৰক্ষীৰ গাত হাত দি সাধাৰণ চোৰ-ডকাইতৰ দৰে বান্ধি আৰক্ষীক কৰা এই প্ৰহাৰে আৰক্ষীৰো ভাৱমূৰ্তি জনমানসত ম্লান কৰিলে। আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সমন্বয় স্থাপনৰ বাবে নাগৰিক কমিটী, ভিডিপি গঠন কৰা হৈছিল। সেই সংগঠনসমূহৰ ভূমিকা যথেষ্ট। এই ঘটনাত সেই অঞ্চলত থকা ভিডিপিৰ ভূমিকা কি আছিল? নে সেই ঠাইত গাঁওৰক্ষী বাহিনীৰ লোক নাছিল?

আপাত দৃষ্টিত এই ঘটনা অতি দুখজনক আৰু চিন্তনীয়। এজন আৰক্ষী বিষয়াক কৰা এই অত্যাচাৰৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে ইতিমধ্যে নগাঁও আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিছে। ৪জনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে। তেওঁলোক ক্ৰমে- হীৰকজ্যোতিৰ মাতৃ ৰীণা দেৱী, জ্যেষ্ঠ ভগ্নী চুম্পি দেৱী, ভিনিহিয়েক আনন্দ নাথ আৰু প্ৰহ্লাদ নাথ নামৰ এজন স্থানীয় লোক।

আৰক্ষী বিষয়াজনক আক্ৰমণ চলোৱা কিছু মুহূৰ্তৰ আলোকচিত্ৰ…

নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদমেল অনুষ্ঠিত কৰি এই ঘটনাৰে জড়িত সকলক অতি কঠোৰভাৱে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰী কৰিছে। এই ধৰণৰ পদক্ষেপৰ প্ৰয়োজন। কিন্তু কেৱল তেনে এক পদক্ষেপেৰে ভৱিষ্যতে এই ধৰণৰ ঘটনা প্ৰতিৰোধ কৰিব পৰা নাযাব।

আজি ৰহাত, কাইলৈ আন ক'ৰবাত। আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ এনেধৰণৰ সংঘাত প্ৰতিৰোধৰ বাবে আৰক্ষীক এক ব্যৱহাৰিক চিন্তা-চেতনাৰে আগবাঢ়িব পৰা কৰ্মসূচীৰো প্ৰয়োজন আছে। ঘটনাস্থলীলৈ যোৱাৰ পূৰ্বে আৰক্ষীয়ে বিভিন্ন উৎসৰ জৰিয়তে তাত সৃষ্টি হ'ব পৰা পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত এক আভাস লৈ যোৱাতো আৱশ্যক।

লগত দুজন কনিষ্টবল লৈ ঘটনাৰ তদন্ত কৰিবলৈ যোৱা প্ৰফুল্ল বৰা নামৰ আৰক্ষী বিষয়াজনৰ সন্মুখত সৃষ্টি হোৱা প্ৰত্যাহ্বানতকৈ আৰক্ষীয়ে ডাঙৰ প্ৰত্যাহ্বানৰো সন্মুখীন হৈ আহিছে। সেইবোৰ সমস্যা সমাধানৰ বাবে অনুসন্ধানৰ ক্ষেত্ৰত আৰক্ষীক আৰু অধিক বৃত্তিমুখী লগতে উপযুক্তজনক এখন থানাৰ দায়িত্ব দিয়াৰ প্ৰয়োজন আছে।

এতিয়া সকলো কাম গাৰ বলেৰে, দাবী-ধমকিৰে আৰক্ষীয়ে কৰিব নোৱাৰে। আৰক্ষীৰ সংস্কাৰ কেৱল থানাৰ ঘৰ নিৰ্মাণ, অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ যোগানতে সীমাৱদ্ধ থাকিলে নহ'ব। আৰক্ষীৰ লগতে আৰক্ষীৰ প্ৰতি বিশ্বাসযোগ্যতা জন্মাব পৰাকৈ এক সংস্কাৰমুখী প্ৰৱণতাৰ সমাজত গঢ় দিয়াৰ সময় এয়া।

ধৰি লোৱা হ'ল সেই পৰিয়ালটোৱে আৰক্ষীৰ ওপৰত আক্ৰমণ চলালে। তেনে সময়ত গাঁৱৰ অন্যবোৰ মানুহে আৰক্ষীক সহযোগ আৰু সেই পৰিয়ালটোৰ আক্ৰমণৰ পৰা উদ্ধাৰ কৰি তেনে ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত সজাগ-সচেতন কৰিব নোৱাৰাতো আৰক্ষীৰ বিফলতা।

আৰক্ষীও মানুহ। বন্ধ, উৎসৱ সকলোতেই আৰক্ষী থাকিব লাগে ব্যস্ত। আইন শৃংখলাৰ পৰা আৰম্ভ কৰি প্ৰতিটো খোজতেই আৰক্ষীৰ ভূমিকা থাকে। ৰাইজেও এই কথা বুজা উচিত যে, যি সময়ত তেওঁলোক কৰ্তব্যত ব্যস্ত থাকে সেই সময়ত তেওঁলোকৰো ইচ্ছা যায় পৰিয়ালক কিছু সময় দিবলৈ। সেয়েহে আৰক্ষীৰ প্ৰতি ৰাইজৰো এক সশ্ৰদ্ধপূৰ্ণ মানসিকতা গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰতিজন লোকৰে ভূমিকা থাকে। এদিন যদি আৰক্ষীয়ে কাম নকৰো বুলি কয় তেনেহ'লে কি পৰিৱেশ হ'ব পাৰে সেয়া অকল্পনীয়।

একেদৰে আৰক্ষীয়েও ৰাইজৰ প্ৰতি দায়ৱদ্ধতাৰে আৰু সততাৰে কাম কৰি বিশ্বাসযোগ্য বাতাবৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰা উচিত। অন্যথা ৰহাত সংঘটিত এই ধৰণৰ ঘটনাবোৰে বহল দৃষ্টিত সমাজখনৰ বাবেই এক অশুভ বাৰ্তা কঢ়িয়াই আনিব।

সভ্য সমাজত এনেবোৰ ঘটনা কোনো কাৰণতেই গ্ৰহণযোগ্য নহয়। আৰক্ষীক দায়িত্ব পালন কৰাত বাধা দিয়া, আক্ৰমণ চলোৱা কোনো সভ্য লোকৰ কামৰ ভিতৰত নপৰে। এই অপৰাধৰ বাবে দোষীক শাস্তি দিয়াৰ লগতে ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটনৰ বাবেও আৰক্ষী সচেতন হোৱাৰ প্ৰয়োজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in