সকলোৰে ভুল, শুদ্ধ কেৱল হিমন্ত!

সকলোৰে ভুল, শুদ্ধ কেৱল হিমন্ত!

♦ মৃদুল কুমাৰ সন্দিকৈ

মেজিৰ জুয়ে পৱিত্ৰ কৰে। সেয়েহে মেজিৰ জুইৰ উত্তাপ লৈ মংগল কামনা কৰাতো অসমীয়া মানুহৰ পূৰ্বৰ পৰম্পৰা। দাউদাউকৈ জ্বলা সেইকুৰা জুইতে হেনো জ্বলোৱা হৈছিল পিতামহ ভীষ্মক। এইবাৰ পিছে মেজিৰ জুইত জ্বলিল নাগৰিকত্ব সংশোধনী বিধেয়ক।

এখন ভিতৰুৱা আৰু সৰু গাঁও চৈগুৰি। ঢকুৱাখনা মহকুমা সদৰৰ পৰা ৭ কিঃমিঃ নিলগৰ এই জুইত কেইটা মান সৰু ল'ৰাই জ্বলাই দিলে কেইখিলা মান কাগজ। য'ত লিখা আছিল- নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬। ল'ৰা কেইটাৰ বয়স ১৪ৰ পৰা ২২ বছৰ মান হ'ব। মাঘৰ বিহুৰ ভেলাঘৰৰ কাষত এইদৰে পুৱাই জ্বলি উঠিল কাগজ কেইখিলা।

মেজিৰ জুইত জাহ গ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক! এনে প্ৰতিবাদ হৈছিলনে কেতিয়াবা?
মেজিৰ জুইত জাহ গ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক! এনে প্ৰতিবাদ হৈছিলনে কেতিয়াবা?

দেখা সৰু কথা। কিন্তু এনে প্ৰতিবাদ কেতিয়াও হোৱা নাছিল। ৰাজ্যজুৰি জ্বলিল মেজি। ঠায়ে ঠায়ে সেই মেজিয়ে দাহ কৰিলে অসম আৰু অসমীয়াক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচা এই নাগৰিকত্ব সংশোধনী বিধেয়কখন। কেইটামান সৰু ল'ৰাৰ মনতো এতিয়া শংকা। ৰাজনীতি তেওঁলোকে ভালদৰে বুজি নাপায়। কিন্তু বুজি উঠিছে এই জাতিধ্বংসী বিধেয়কে জাতিটোক কি ক্ষতি কৰিব পাৰে?

আমি অভিজ্ঞ, চতুৰ আৰু পাৰদৰ্শী ৰাজনীতিবিদ বুলি ভবা বহুতে এই বিধেয়কখনৰ পক্ষে আজিও যুক্তি দিবলৈ এৰা নাই। তেওঁলোকৰ দৃষ্টিত এই বিধেয়কখনে অসমক হেনো ৰক্ষা কৰিব। এই সৰ্বজান্তা তথাকথিত ৰাজনীতিবিদে হয়তো দলৰ আদৰ্শক মুখ্য কৰি জাতিৰ ভৱিষ্যতক গৌণ কৰি কথাবোৰ চিন্তা কৰিছে। কিন্তু সেয়া যে মিছা আস্ফালন এয়া তেওঁলোকে নিজেও জানে, বুজে। কিহৰ স্বাৰ্থত তেওঁলোকে যুক্তিৰ পাতনি মেলি এই বিধেয়কখনৰ পক্ষত থিয় দিছে সেয়া সকলোৱে বুজিছে। ৰাইজক আৰু ইয়াতকৈ বুজাবৰ প্ৰয়োজন নাই।

জাতি-মাটি-ভেটিৰ শ্ল'গান এতিয়া পুৰণা হ'ল। হিন্দু বাংলাদেশী, জনজাতিকৰণ আদি নতুন শ্ল'গানেৰে তেওঁলোকে নতুন বটলত পুৰণি মদ ভৰাই নতুনত্বৰ সন্ধান দিয়া বুলি দাবী কৰি পুনৰ ৰাইজৰ কাষ চপাৰ চক্ৰান্ত ৰচিছে। মুখ্যমন্ত্ৰীৰ মুখত এই মুহূৰ্ততো জাতি-মাটি-ভেটিৰ কথা শোভা নাপায়। যি দলৰ পৃষ্ঠপোষকতাত এই বিধেয়কখন গৃহীত কৰাৰ বাবে উপৰ্যুপৰি চেষ্টা চলিছে, সেই দলৰ একাংশ জনপ্ৰতিনিধি বা নেতাই হৃদয়ংগম কৰিছে- এয়া জাতিৰ বাবে কাল হ'ব।

সেয়েহে এজন-দুজনকৈ মুকলিকৈ প্ৰতিবাদ কৰিবলৈ তেওঁলোকে ওলাই আহিছে। কিছু সংখ্যকে মৌন হৈ এই পৰিৱেশত ৰাজনৈতিক মুনাফা কেনেদৰে লুটিব পাৰি তাৰ অপেক্ষাত ৰৈ আছে। কিন্তু জাগ্ৰত জনতাই বিভিন্ন মাধ্যমত প্ৰতিবাদ সাব্যস্ত কৰিছে।

লোকসভাত গৃহীত হোৱাৰ পাছত এই বিধেয়ক ৰাজ্যসভাত গৃহীত নহ'ল যদিও, অসমীয়াৰ মূৰৰ পৰা কলিয়া ডাৱৰ আঁতৰ হোৱা নাই। যিকোনো মুহূৰ্ততে এই বিধেয়ক গৃহীত কৰাৰ বাবে টঙালি বান্ধি সাজু হোৱা চৰকাৰে সুযোগৰ অপেক্ষাত ৰৈ আছে।

ব্যাপক প্ৰতিবাদ, দাবী, সৰ্বত্ৰে হোৱা সমালোচনাৰ পাছতো গ্ৰুপ অৱ মিনিষ্ট্ৰী গঠন কৰি বিধেয়কখনৰ সন্দৰ্ভত প্ৰতিবেদন দাখিলতে ৰাজ্য চৰকাৰ ৰৈ গৈছে। আচলতে চৰকাৰে ৰাইজৰ ক্ষোভ দেখি, ৰাইজক বিভ্ৰান্ত কৰিবলৈ ৰচা ষড়যন্ত্ৰৰ এইবোৰ অংশ বিশেষহে।

চুবুৰীয়া দুখনকৈ ৰাজ্যই বিধেয়কখনৰ বিৰুদ্ধে কেবিনেটত প্ৰস্তাৱ গ্ৰহণ কৰিলে। বিজেপিলৈ যোৱা প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে বিজেপি এৰি বিধেয়কৰ প্ৰতিবাদ সাব্যস্ত কৰিলে। বিজেপি নেতৃত্বাধীন এন ডি এৰ সংগ এৰা হুংকাৰ দিলে উত্তৰ-পূবৰ আঞ্চলিক ৰাজনৈতিক দলৰ নেতৃত্বই। কিন্তু জাতীয় অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি হোৱা বুলি ৰাইজে বিশ্বাস কৰাৰ পাছতো অসমৰ কোনো এজন বিজেপিৰ আদৰ্শত বিশ্বাসী নেতাই এনে সবল স্থিতি ল'ব পৰা নাই।

বিজেপি সভাপতি অমিত শ্বাহলৈ অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গেগং আপঙে লিখা পদত্যাগ পত্ৰখন।
বিজেপি সভাপতি অমিত শ্বাহলৈ অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গেগং আপঙে লিখা পদত্যাগ পত্ৰখন।

সকলোৱে প্ৰতিবাদত নামিছে। কিছু দিনৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন মুকলি পত্ৰ লিখিছিল জুবিন গাৰ্গে। এই পত্ৰত জুবিনে লিখিছিল-

'প্ৰতি সৰ্বাদা

বহুত কোৱা হ'ল- এবছৰ-দুবছৰমান ধৰি কৈয়েই আছোঁ। চৰকাৰে নুবুজিলে। ধৰ্ম আৰু জাতিৰ মাজৰ পাৰ্থক্যটো বুজি নাপালে। বুজিও নুবুজাৰ ভাও ধৰিলে। আজি সকলোৱে ধিক্কাৰ দিছে। ময়ো ধিক্কাৰ দিছোঁ চৰকাৰক। পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল- আচলতে কি হ'ল সেয়া সকলোৱে দেখিছে।

এই বিধেয়কখন আমি নামানো। কোনো চৰ্ততেই নামানো। মোৰ পঞ্চলিছ বছৰ বয়স হ'ল এতিয়া। জন্মৰ পৰা বাংলাদেশী বাংলাদেশীয়েই শুনি আহিছো। এতিয়া আমনি লাগিছে। ভাগৰো লাগিছে। তাতকৈয়ো বেছি লাজ লাগিছে- যিবোৰ মানুহ বাংলাদেশী নালাগে বুলি আন্দোলন কৰিছিল, সেইবোৰেই মন্ত্ৰী-বিধায়ক হৈ থাকিবৰ কাৰণে অসমখন শেষ কৰি দিব খোজা দেখি।

সৰ্বাদা নিজেই আছুত আছিল। তেওঁ যদি এনেকুৱা কৰে, তাৰ পিছত আমি কাক বিশ্বাস কৰিম?

নেতা নাথাকিলে বিপ্লৱ ভয়ংকৰ হয়। কোনেও নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সেইটো হ'লে অসমক শেষ কৰাৰ দায়িত্ব সৰ্বাদাৰ নামতেই পৰিব। দুখ লাগে- সৰ্বাদাক জাতীয় নায়ক বুলি কয়, এতিয়া মুৰ্দাবাদ ধ্বনি দিয়ে- সেইবোৰ দেখিলে বেয়া লাগে। মোডীৰ কাষত বহি হাত চাপৰি মাৰি থকাতকৈ বহুত ডাঙৰ কাম আছে দেশত।

আছুয়ে অসম বন্ধ দিছে। বন্ধ মই বেয়া পাওঁ। কিন্তু অঁকাৰৰ অভিনয় কৰি থাকিলে আৰু কি ৰাস্তা আছে?

সংসদত বিলখন উত্থাপন হ'লেও সৰ্বাদাই না কৈ দিব পাৰে। কৈ চাওকচোন- যি হয় দেখা যাব। মই এতিয়াও শান্ত হৈ আছোঁ। এসপ্তাহমান অসমত নাথাকিম। ঘূৰি অহাৰ আগলৈকে সৰ্বাদাই কিবা এটা কৰিলে ভাল। নহ'লে এইবাৰ মই আন্দোলন কৰিম। কি কৰিম নাজানো।

আছুৱে প্ৰতিবাদ কৰিছে, গোঁহাই ছাৰে লিখি আছে, কৃষক মুক্তিয়ে দিল্লীত গৈ ধৰ্ণা দিছে। সকলোৱে না বুলি কৈছে যেতিয়া আৰু এবাৰ বিবেচনা কৰি চাওঁক।

চৰকাৰ-ৰাজনীতি মই বুজি নাপাওঁ। কিন্তু অসমীয়া জাতিটো কেনেকুৱা সেইটো ভালকৈয়ে বুজি পাওঁ। আমাক অসমীয়া কৰি ৰাখিবলৈ কোনো ধৰ্মৰ দৰকাৰ নাই। আকৌ এবাৰ ভাবি চাওঁক- সাতদিনৰ পিছত ভদ্ৰতা শিকাই লাভ নহ'ব নহ'লে।'

সৰ্বা দালৈ জুবিনৰ এখন মুকলি চিঠি…
সৰ্বা দালৈ জুবিনৰ এখন মুকলি চিঠি…

কেৱল সেয়াই নহয়, বিভিন্ন স্তৰৰ লোকে নিজ নিজ পন্থাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে। বুধবাৰেও গহপুৰত ছয়দুৱাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

নগাঁৱৰ ৰাজপথত কঁপাই সাংবাদিকসকলৰ উদ্যোগত জিলাখনৰ বিশিষ্ট নাগৰিকসকলে এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামিছিল। চৰকাৰক হুচিয়াৰ কৰি দিছিল- এনে ষড়যন্ত্ৰ নচলিব। কিন্তু সেই প্ৰতিবাদ এই ফেচিষ্ট চৰকাৰে শুনে ক'ত?

১১ জানুৱাৰী, ২০১৯ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নগাঁৱৰ ৰাজপথ কঁপাইছিল সাংবাদিক তথা বিশিষ্ট নাগৰিকে…
১১ জানুৱাৰী, ২০১৯ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নগাঁৱৰ ৰাজপথ কঁপাইছিল সাংবাদিক তথা বিশিষ্ট নাগৰিকে…

১১ জানুৱাৰী, ২০১৯ত অধিবক্তাসকলেও প্ৰতিবাদ সাব্যস্ত কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলেও প্ৰতিবাদত নামিছিল। আনকি একাংশ চিকিৎসকেও ইয়াৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। মৰাণত শিল্পীসকলেও গীত গাই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল।

ৰাজপথত সাংবাদিক, ধৰ্ণাত অধিবক্তা…
ৰাজপথত সাংবাদিক, ধৰ্ণাত অধিবক্তা…

ৰাজ্যৰ বিশিষ্ট নাগৰিকসকলৰ লগতে সাধাৰণ শ্ৰেণীও এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে।  অসম আৰু অসমীয়াক বচাবৰ বাবে দিল্লীত অসমীয়া যুৱক নাঙঠ হৈছে। যোৰহাটতো অনুৰূপ কাৰ্যসূচী হাতত লৈছে। ৰাজ্যজুৰি এই বিধেয়কখনৰ বিৰুদ্ধে ধৰ্ণা অব্যাহত আছে। হাতত জোঁৰ লৈ সমদলত নামিছে।

তিনিচুকীয়াত শতাধিক ৰাইজৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জোঁৰ সমদল।
তিনিচুকীয়াত শতাধিক ৰাইজৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জোঁৰ সমদল।

মহিলাসকলো পিছ পৰি থকা নাই। ৰাজপথলৈ ওলাই আহিছে ৰাজ্যৰ মহিলা সমাজ। তেন্তে বাকী থাকিল কোন? আৰু কোনে প্ৰতিবাদ কৰিলে আপোনালোকে স্বীকাৰ কৰিব পাৰিব এই জাতিধ্বংসী বিধেয়কখন আমাৰ বাবে আশীৰ্বাদ নহয়, অভিশাপ?

কেৱল যুক্তি আৰু হিন্দুত্বৰ কথা কৈ অসম আৰু অসমীয়াক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত এচাম অসমীয়াই কিয় নিজক চামিল কৰিছে? জাতীয় দল-সংগঠন, সাধাৰণ জনতাৰ এই প্ৰতিবাদৰ ভাষাৰ কোনো মূল্য নাই নেকি?

ৰান্ধনী ঘৰ এৰি ৰাজপথত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মহিলা সমাজৰ প্ৰতিবাদ।
ৰান্ধনী ঘৰ এৰি ৰাজপথত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মহিলা সমাজৰ প্ৰতিবাদ।

মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি লিখাৰ পাছত কোনো প্ৰত্যুত্তৰ নহাত জুবিন গাৰ্গে ১৬ জানুৱাৰী, ২০১৯ত উজানবজাৰস্থিত আছুৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ ঘোষণা কৰিলে- তেওঁ হাতত লৈছে প্ৰতিবাদী কাৰ্যসূচী। এদিন বিজেপিৰ প্ৰচাৰৰ বাবে গান গোৱা জুবিনে এই প্ৰতিবাদী কাৰ্যসূচীৰ নাম ৰাখিছে। 'বজ্ৰনীনাদ'। ১৭ জানুৱাৰী, ২০১৯ৰ অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা প্ৰতিবাদী কাৰ্যসূচী তেজপুৰৰ পৰা আৰম্ভ কৰা জুবিনে এই বিধেয়কৰ প্ৰতিবাদত এটা গীতো মুক্তি দিয়াৰ সিদ্ধান্ত লৈছে।

জুবিনৰ যুক্তি- 'বাংলাদেশীক লৈ ৰাজনীতি কৰাতো সৰুৰে পৰা দেখিছো। ইমান উৎপাত কৰাতকৈ বাংলাদেশখনকেই লওঁক, সকলো সমস্যা সমাধান হ'ব।' বাংলাদেশী অসমৰ ৰাজনীতিত এক এৰাব নোৱাৰা শব্দ হৈ পৰিছে। কোনোবাই যদি মুছলমান বাংলাদেশীৰ পক্ষত থিয় হয়, আন কিছুৱে হিন্দু বাংলাদেশীৰ পক্ষত থিয় হৈ এই অবৈধ নাগৰিকৰ বোজা যিকোনো প্ৰকাৰে অসমক দিব বিচৰাত ক্ষান্ত থাকিব পাৰে কোনজন অসমীয়া?

৯ মে', ২০১৮ত বিজেপিৰ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জ্যেষ্ঠ বিধায়কগৰাকীয়ে কৈছিল- 'প্ৰয়োজনত তেওঁ অখিল গগৈক সমৰ্থন দিব।' মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰখনত বিস্ফোৰক অভিযোগ আছিল যে- তেওঁৰ মন্ত্ৰীসভাত হিন্দু বাংলাদেশীক সমৰ্থন কৰা মন্ত্ৰীহে আছে।

বিজেপি বিধায়কে মুখ্যমন্ত্ৰীলৈ কি লিখিছিল?
বিজেপি বিধায়কে মুখ্যমন্ত্ৰীলৈ কি লিখিছিল?

এই সকল জনপ্ৰতিনিধিয়ে এতিয়া কঠোৰ সিদ্ধান্ত নলয় কিয়? ইয়াৰ পাছত তেওঁলোকে প্ৰতিবাদ ক'ত কৰিব? এসময়ত আছু তথা জাতীয় ছাত্ৰ সংগঠনৰ সৈতে জড়িত তথা এতিয়া বিজেপিত থকা নেতাসকলৰ জাতীয় প্ৰেম কাহানিবা ৰাইজে সঁচা অৰ্থত দেখা পাবনে? মন্ত্ৰী তপন গগৈৰ বাবে অসম আৰু অসমীয়া নে মন্ত্ৰীৰ গাদী ডাঙৰ? এনে বহু নেতাক এতিয়া ৰাইজে সুধিব বিচাৰে- ৰাইজৰ বাবে নে নিজৰ বাবে আপোনালোক জনপ্ৰতিনিধি হৈছিল?

ইফালে, এনে খবৰো ওলাইছে যে, নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পাছতেই ৯ জানুৱাৰী, ২০১৯ত মুখ্যমন্ত্ৰীৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছিল অগপ ৩ মন্ত্ৰী ক্ৰমে- অতুল বৰা, ফণীভূষণ চৌধুৰী আৰু কেশৱ মহন্তই। কিন্তু ১৬ জানুৱাৰীলৈকে প্ৰায় এসপ্তাহ ধৰি এই পদত্যাগ পত্ৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে ৰাজ্যপাললৈ প্ৰেৰণ নকৰাৰ অভিযোগ উঠিছে। যদি এয়া সঁচা, তেন্তে কিহৰ নাটক এইবোৰ?

তৃণমূল পৰ্যায়ৰ ৰাইজে বুজিছে- এয়া ভুল হৈছে। বাকী দল-সংগঠনৰ কথা বাদ, মেজিৰ জুইত নাগৰিকত্ব সংশোধনী বিধেয়ক জ্বলাই দিয়া সেই ১৪ৰ পৰা ২২ বছৰীয়া কিশোৰ কেইটাই এদিন চিঞৰি চিঞৰি গাইছিল- হৰ হৰ মোডী, ঘৰ ঘৰ মোডী। তেওঁলোকৰ বাবে বিজেপি পৰিৱৰ্তনৰ সপোন আছিল। কিন্তু এতিয়া যেন তেওঁলোকে বিপন্ন ভৱিষ্যতৰ দুঃস্বপ্নত উচপ খাই উঠিছে। আৰু তাৰ মাজতেই হিমন্ত বিশ্ব শৰ্মাই যুক্তি দিছে- এইখনেহে হেনো অসম আৰু অসমীয়াক ৰক্ষা কৰিব। হিন্দু বাংলাদেশী আহিলেহে বুলি জাতি উদ্ধাৰ হ'ব। তেওঁৰ মতে, বাকী সকলোৱে এই বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ভুল কৰিছে।

হিমন্ত বিশ্ব শৰ্মাৰ মতে, প্ৰতিবাদ কৰা সকলে ভুল কৰিছে। তেওঁৰ মতে- 'সকলোৰে ভুল, কেৱল হিমন্ত বিশ্ব শৰ্মাহে শুদ্ধ'। সময়ে ইয়াৰ উত্তৰ দিব। ৰাইজে মেজিত এখন বিধেয়ক জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। তাৰ পাছতো এনে দম্ভিকতাৰে এখন চৰকাৰে ৰাইজক উপেক্ষা কৰাতো কিমান ডাঙৰ ভুল, সেই উত্তৰ সময়ে দিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in