প্ৰদূষণৰ প্ৰমাণপত্ৰৰ নামত ব্যাপক কেলেংকাৰী… VIDEO

প্ৰদূষণৰ প্ৰমাণপত্ৰৰ নামত ব্যাপক কেলেংকাৰী… VIDEO

মৃদুল কুমাৰ সন্দিকৈ

প্ৰদূষণ প্ৰমাণপত্ৰ দিয়াৰ নামত একাংশ প্ৰদূষণ প্ৰমাণপত্ৰ দিয়া কেন্দ্ৰই চৰম মইমতালিৰে গ্ৰাহকক মাধমাৰ সোধাইছে। যি ইচ্ছা তাকেই কৰিবলৈ লৈছে এই কেন্দ্ৰসমূহৰ গৰাকীয়ে। আনকি পৰিবহন বিভাগে পাব লগা জৰিমনাও নিজৰ পকেটত ভৰাইছে এই প্ৰদূষণ প্ৰমাণপত্ৰ দিয়া কেন্দ্ৰসমূহৰ একাংশ লোকে।

মহানগৰীৰ আন স্থানৰ লগতে বামুণীমৈদামৰ বিশাল শ্বপিং মল পাৰ হৈ নিউ গুৱাহাটীত আছে এটা প্ৰদূষণ প্ৰমাণপত্ৰ দিয়া কেন্দ্ৰ। আন কেন্দ্ৰসমূহৰ দৰে এই কেন্দ্ৰটোতো প্ৰদূষণ প্ৰমাণপত্ৰ নিবলৈ অহা গ্ৰাহকৰ ভিৰ।

নিউ গুৱাহাটীত থকা পলিউশ্যন টেষ্টিং চেন্টাৰটো…

বহু গ্ৰাহকে প্ৰদূষণ প্ৰমাণপত্ৰ দিয়াৰ নামত এই কেন্দ্ৰটোত চৰম জালিয়াতিৰে প্ৰমাণপত্ৰ দিয়াৰ ভেকোভাওনা কৰাৰ লগতে পৰিবহন বিভাগৰ জৰিমনাও জেপত ভৰোৱা অভিযোগ উত্থাপন হৈছিল। সেই অভিযোগৰ ভিত্তিতেই এই কেন্দ্ৰটোলৈ এজন গ্ৰাহক হিচাপে প্ৰদূষণ প্ৰমাণপত্ৰ উলিয়াবলৈ গৈ শাৰী পাতিছিলোগৈ।

দীৰ্ঘসময় শাৰীত থাকি প্ৰত্যক্ষ কৰিছিলো- কোনো পৰীক্ষা নকৰাকৈ কেৱল গাড়ীৰ পঞ্জীয়ন আৰু নম্বৰৰ ফটো সংলগ্ন এখন কাগজৰ ভিত্তিতেই এই কেন্দ্ৰটোত গ্ৰাহকক দি থকা হৈছে প্ৰদূষণ প্ৰমাণপত্ৰ। এই কেন্দ্ৰটোত কৰ্মৰত এজন যুৱকক সেই সন্দৰ্ভত সোধাত তেওঁ ক'লে- আগতে পৰীক্ষা কৰা হৈছিল। কিন্তু এতিয়া মানুহৰ ভিৰ বাবে সেয়া কৰা হোৱা নাই। তাতে ঠাইৰো অভাৱ।

গ্ৰাহকৰ দীঘলীয়া শাৰী পাতি থকা লোকসকলৰ মাজত ইতিমধ্যে আলোচনা চলিছিল যে, পূৰ্বতে প্ৰদূষণৰ প্ৰমাণপত্ৰ নথকা বা ম্যাদ উকলা প্ৰমাণপত্ৰৰ নামত চৰম দুৰ্নীতিৰে এই কেন্দ্ৰটোৰ স্বত্তাধিকাৰীয়ে একাংশ গ্ৰাহকৰ পৰা ৫০০ টকাকৈ আদায় লৈছে।

বিভাগীয় নিয়ম অনুসৰি সেই ধন পৰিবহন বিষয়া কাৰ্যালয়ত আদায় দিব লাগে যদিও, এই কেন্দ্ৰটোত তেনে কৰা হোৱা নাই। অতি কৌশলেৰে একাংশ গ্ৰাহকক ডি টি অ' অফিচলৈ গৈ ফাইন দিব নালাগে বুলি কৈ সেই ধন ইয়াতে দিব পাৰিব বুলি বুজনি দি এই কেন্দ্ৰটোৰ প্ৰদূষণ প্ৰমাণপত্ৰৰ নামত ৰমৰমীয়া বজাৰ চলা অভিযোগ উঠিছে।

সেয়েহে এই কেন্দ্ৰটোৰ পৰিচালকজনক গৈ সুধিছিলো যে- যদি ফাইন দিব লগা হয় তেন্তে ইয়াত দিব পৰা হ'ব নে? পৰিচালকজনে উত্তৰ দিছিল- আপোনাৰ কাগজ পত্ৰ আহি লওঁচোন। তাৰ পাছত দেখা যাব। তেওঁৰ সৈতে হোৱা কথোপকথনৰ ভিডিঅ' এইটো-

সেই সময়তে এজন গ্ৰাহকৰ পৰা তেওঁ প্ৰদূষণ প্ৰমাণপত্ৰ পূৰ্বতে ম্যাদ উকলাত ৫০০ টকা লৈ নতুন প্ৰমাণপত্ৰ বনাই দিলে এই কেন্দ্ৰটোৱে। এখন স্কুটীৰ বাবে প্ৰদূষণ প্ৰমাণপত্ৰৰ বাবদ ৮৫ টকা আৰু চাৰিচকীয়া বাহনৰ বাবে ১১০ টকা আদায় ল'ব লাগে যদিও, মুঠ ৫০০ টকা লৈ এই গ্ৰাহকজনক প্ৰদূষণ প্ৰমাণপত্ৰ বনাই দি বাকীখিনি ধন জেপত ভৰালে এই কেন্দ্ৰটোৰ স্বত্তাধিকাৰীয়ে।

কেন্দ্ৰটোৰ সন্মুখতে সেই কথা জনালে এই গ্ৰাহকজনে। গ্ৰাহকজনে এই সন্দৰ্ভত কৰা অভিযোগ আছিল এনেধৰণৰ- তেওঁ ২০১৫চনত পঞ্জীয়নভুক্ত এখন এক্টিভাৰ ম্যাদ উকলা বুলি এই কেন্দ্ৰটোৱে জৰিমনাসহ মুঠ ৫০০ টকা আদায় লৈ তেওঁক প্ৰদূষণ প্ৰমাণপত্ৰ দিলে যদিও, ইয়াৰ কোনো ৰিচিভ নিদিলে।

বিভাগীয় নিয়ম অনুসৰি কোনো প্ৰদূষণ প্ৰমাণপত্ৰ প্ৰদান কৰা কেন্দ্ৰই গ্ৰাহকৰ পৰা জৰিমনা বা অতিৰিক্ত ধন আদায় ল'ব নোৱাৰে। কিন্তু এই কেন্দ্ৰটোৱে কি কৰিলে সেই কথা এইজন গ্ৰাহকে ক'লে কেমেৰাৰ আগত মুকলিকৈ-

গ্ৰাহকজনে এই কথা এনে ক'ব পাৰে বুলি তেওঁৰ প্ৰদূষণ প্ৰমাণপত্ৰখন চাই পুনৰ তেওঁক এই বিষয়ে সুধিছিলো। প্ৰমাণপত্ৰ দেখুৱাই এই গ্ৰাহকজনে মুকলিকৈ অভিযোগ কৰিলে- ৫০০ টকা আদায় লৈছে এখন প্ৰমাণপত্ৰৰ নামত।

৫০০ টকা আদায় লৈ দিয়া প্ৰদূষণ প্ৰমাণপত্ৰ খন…

ব্যক্তিজনে এই কথাও জনালে যে ইমান বেছি জৰিমনা হয়তো নহয়। তেওঁলোকে সুবিধা লৈছে। ২০১৫ত ক্ৰয় কৰা এক্টিভাখনৰ প্ৰদূষণ প্ৰমাণপত্ৰৰ নামত দিব লগা জৰিমনাৰ ৰচিদ নিদিয়াত তেওঁ প্ৰতিবাদ কৰিছিল।

সেই সময়তে প্ৰদূষণ প্ৰমাণপত্ৰ দিয়া কেন্দ্ৰটোৰ ভিতৰৰ পৰা ওলাই আহিছিল এজন ব্যক্তি। আহিয়েই তেওঁ সুধিছিল- কি হৈছে? বিনম্ৰভাৱে তেখেতৰ পৰা জানিব বিচাৰিছিলো যে ম্যাদ উকলা প্ৰদূষণ প্ৰমাণপত্ৰ নবীকৰণ নকৰি নতুন প্ৰমাণপত্ৰ দিয়া বুলি দেখুৱাই তেওঁলোকে অতিৰিক্ত ধন গ্ৰাহকৰ পৰা আদায় লোৱা অভিযোগ সঁচা নেকি?

প্ৰদূষণ কেন্দ্ৰটোৰ গৰাকী…

প্ৰদূষণ কেন্দ্ৰটোৰ গৰাকীজন খঙত টিগিৰি তুলা হৈ পৰিছিল। আন এজন কৰ্মচাৰী আৰু একাংশ তাতে থকা তেওঁলোকৰ সমৰ্থকৰ জৰিয়তে শাৰীৰিকভাৱে প্ৰহাৰ কৰিবলৈও উদ্যত হ'ল তেওঁলোক। অপৰাধ তেওঁলোকে কৰা অনিয়মৰ বিষয়ে প্ৰশ্ন কৰাটো।

ব্যক্তিজনে কুট বাক্য শুনাই দম্ভৰে ঘোষণা কৰিলে- তেওঁ এই চেন্টাৰত জৰিমনা লৈছে। কি কৰিব পাৰিব তেওঁক? জৰিমনা লৈছো বুলি ছাইনব'ৰ্ড আঁৰি দিবলৈও তেওঁ দম্ভালি মাৰিলে। সেই সময়ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ম'বাইলৰ ভিডিঅ' অন কৰা আছিল। বন্দী হ'ল এই ব্যক্তিজনৰ দম্ভালি।

প্ৰদূষণ প্ৰমাণপত্ৰ দিয়াৰ নামত এইদৰে একাংশ অসহায় গ্ৰাহকক লুন্ঠন চলোৱা এইজনে ব্যক্তিয়ে আনকি কোনে কি কৰিব বুলি দম্ভালি মাৰি ভাবুকি দিয়াৰো চেষ্টা চলালে। কৰ্মৰত কাকতখনৰ উৰ্ধতম কৰ্তৃপক্ষলৈ ফোন লগাবলৈ কৈ তেওঁ মোৰ পৰিচয় বিচাৰিলে।

সেই সময়ত এই প্ৰদূষণ প্ৰমাণপত্ৰ দিয়া কেন্দ্ৰটোত শাৰী পাতি থকা গ্ৰাহকসকলৰ একাংশই তেনে অভিযোগ এজন গ্ৰাহকে কৰি যোৱা বুলি স্পষ্টকৈ কোৱাত তেওঁ ভিতৰলৈ সোমাই গ'ল। লক্ষণীয় কথাটো তেওঁ গমেই নাপালে যে, তেওঁক নিজে গৈ জৰিমনা ইয়াতে দিব পাৰিম নেকি বুলি সোধোতে সেই ব্যক্তিজনে কাগজ পত্ৰ আহক বুলি জানিবলৈ দিছিল।

ইয়াৰ অৰ্থ হ'ল এইটোৱে যে, সেই প্ৰদূষণ প্ৰমাণপত্ৰ দিয়া কেন্দ্ৰটোত এনে অনিয়মেৰে প্ৰমাণপত্ৰ দি থকা হৈছে। সকলো গ্ৰাহকৰ পৰা নহ'লেও কিছু সংখ্যক গ্ৰাহকৰ পৰা এনেদৰে জৰিমনাৰ ধন পৰিবহন বিভাগক আদায় দিবলৈ দিয়াৰ সলনি, নিজেই জমা লৈ থৈছে।

এই পৰিস্থিতিৰ মাজতে আবিৰ্ভাৱ ঘটিল প্ৰদূষণ কেন্দ্ৰটোত কৰ্মৰত এজন উতনুৱা যুৱকৰ । কেইজনমান সংগী লৈ যুৱকজনে আকাৰে ইংগিতে কুট বাক্য শুনাই পৰিস্থিতি এনে কৰি পেলালে যে সেই অভিযোগ মিছা । কিন্তু যুৱকজনে গমেই নাপালে ইয়াৰ পূৰ্বেই তেনেদৰে জৰিমনা লোৱা এজন গ্ৰাহকৰ দৃশ্য ইতিমধ্যে বন্দী হৈছিল।

প্ৰদূষণ কেন্দ্ৰটোৰ উতনুৱা যুৱকজন…

এই প্ৰদূষণ কেন্দ্ৰটোৱে চৰম অনিয়মেৰে প্ৰদূষণ প্ৰমাণপত্ৰৰ নামত এফালে একাংশ গ্ৰাহকক লুটিছে। আনফালে পৰিবহন বিভাগৰ জৰিমনা আত্মসাৎ কৰিছে। তাতোকৈ ডাঙৰ কথা- প্ৰায় ২-৩ ঘণ্টা সময় তাত থাকোতে এখনো গাড়ী প্ৰদূষণৰ পৰীক্ষা নকৰিলে কেন্দ্ৰটোৱে।

পূৰ্বতেই সেই সন্দৰ্ভত কেন্দ্ৰটোৰ এজন কৰ্মচাৰীক সোধোতে ইতিমধ্যে তেওঁ কৈছিল যে মানুহ বেছি হোৱাৰ বাবে ঠাইৰ অভাৱত সেয়া কৰা নাই। কিন্তু প্রশ্ন হয়- এনেদৰে প্ৰদূষণ প্ৰমাণপত্ৰ দালালৰূপী একাংশ প্ৰদূষণ কেন্দ্ৰযোগে ক্ৰয় কৰিলেই আমাৰ প্ৰদূষণ ৰোধ হ'ব নেকি? এইবোৰ নাটকবাজী নে আন কিবা?

মহানগৰীত প্ৰদূষণ প্ৰমাণপত্ৰ দিয়া বহু কেন্দ্ৰ চৰম মইমতালিৰে এনেদৰে চলি আছে। পৰিবহন বিভাগৰ একাংশ বিষয়াই নিয়ম মাফিক পৰ্যবেক্ষণ কৰিয়েই দায়িত্ব সামৰিছে। এনে পাবত গজা প্ৰদূষণ প্ৰমাণপত্ৰ দিয়া কেন্দ্ৰৰ পৰা কাৰ্যতঃ কাৰ কি লাভ হৈছে? সেয়া কেতিয়া বুজিব পৰিবহন বিভাগৰ বিষয়া তথা পৰিবহন মন্ত্ৰীগৰাকীয়ে?

এই প্ৰদূষণ কেন্দ্ৰটোৱে কিদৰে প্ৰমাণপত্ৰ দিয়ে তাৰ আভাস ল'বলৈ তেওঁলোকৰ কেন্দ্ৰটোত গ্ৰাহকৰূপে দীৰ্ঘসময় অতিবাহিত কৰা হৈছিল। জমা দিয়া হৈছিল কিছু নথিপত্ৰ। এনে পৰিস্থিতিৰ পাছত সেই নথিপত্ৰসমূহ ঘূৰাই বিচাৰোতে পুনৰ দম্ভালিৰে প্ৰদূষণ প্ৰমাণপত্ৰ নিদিও কি কৰিবি বুলি হুংকাৰ দিলে এই কৰ্মচাৰী কেইজনে।

প্ৰদূষণ প্ৰমাণপত্ৰ দিয়া কেন্দ্ৰটোৰ বাহিৰত গ্ৰাহকৰ দীঘলীয়া শাৰী…

এনে চূড়ান্ত অনিয়ম আৰু দম্ভালিৰে চলি আছে এতিয়া খোদ মহানগৰীতেই একাংশ পলিউশ্যন চাৰ্টিফিকেট চেন্টাৰ। আনকি তেওঁলোকে মুকলিকৈ হুংকাৰ দিব পাৰে অতিৰিক্ত ধন লওঁ বুলি বেনাৰ আঁৰি দে। এই অনিয়মৰ বিৰুদ্ধে সাৰ পাবনে পৰিবহন বিভাগ আৰু কামৰূপ মেট্ৰৰ প্ৰশাসনে? ল'ব পাৰিবনে এই কেন্দ্ৰবোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা? নে গ্ৰাহক তথা ৰাইজৰ প্ৰয়োজনীয়তাক সমল কৰি লৈ এই চেন্টাৰবোৰক লুন্ঠন চলাবলৈ এৰি দিব প্ৰশাসন তথা পৰিবহন বিভাগে?

বামুণীমৈদাম পাৰ হৈ নিউ গুৱাহাটী পোৱাৰ পূৰ্বে থকা পলিউশ্যন টেষ্টিং চেন্টাৰ নামৰ এই কেন্দ্ৰটোত কি সংঘটিত হৈ আছে তথ্য সহকাৰে দাঙি ধৰাৰ পাছতো এতিয়া কামৰূপ মেট্ৰৰ প্ৰশাসন আৰু পৰিবহন বিভাগে কি ব্যৱস্থা লয় সেয়া এতিয়া লক্ষণীয় হৈ পৰিব। এনেদৰেই দম্ভালিৰে আৰু অতি কৌশলেৰে গ্ৰাহকৰ পৰা সুযোগ বুজি ধন লুটা এই চেন্টাৰবোৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰাতকৈ গ্ৰাহকৰ পৰা লুন্ঠনতহে অধিক মনোনিবেশ কৰিছে।

খোদ পৰিবহন বিভাগৰ জৰিমনা আত্মসাৎ কৰা এই সকল লোকৰ বিৰুদ্ধে বিভাগে শাস্তিমূলক ব্যৱস্থা ল'ব কেতিয়া? এই কেন্দ্ৰটোৰ বিৰুদ্ধে বহু গ্ৰাহকে প্ৰদূষণ পৰীক্ষা নকৰাকৈ যান-বাহনৰ প্ৰদূষণ প্ৰমাণপত্ৰ দিয়াও অভিযোগ তুলিছে। তেনেস্থলত এনে কেন্দ্ৰৰ বিৰুদ্ধে অচিৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস আছেনে পৰিবহন বিভাগৰ? নে এইবোৰ ভেকোভাওনাৰ অংশীদাৰ হ'ব খোদ পৰিবহন বিভাগ? সেই উত্তৰ এতিয়া ৰাইজক দিব পাৰিব পৰিবহন বিভাগ তথা কামৰূপ জিলা প্ৰশাসনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in