ভাল হৈছে পুলিচৰ লাঠি চলিছে, কিন্তু…

ভাল হৈছে পুলিচৰ লাঠি চলিছে, কিন্তু…

মৃদুল কুমাৰ সন্দিকৈ

আৰক্ষী কঠোৰ হৈছে। ভাল কথা। দেশ আৰু সমগ্ৰ বিশ্বজুৰি নামি অহা কোৰোনা ভাইৰাছৰ ভয়াৱহতাৰ কথা উপলব্ধি কৰিব নোখোজা এচামক এনেদৰেই প্ৰত্যুত্তৰ দিয়াৰ বাবে গত্যন্ত নাই। যি সময়ত আৰক্ষী-প্ৰশাসনৰ লোক, বিভিন্ন সংবাদমাধ্যমৰ জৰিয়তে প্ৰচাৰ চলোৱাৰ পাছতো ইয়াক নুবুজি ঘৰৰ বাহিৰলৈ বিনা কাৰণত ওলাই অহা লোকসকলে আৰক্ষীৰ কোব পোৱাটোৱেই স্বাভাৱিক।

সামাজিক দূৰত্ব কিয় বজাই ৰখাৰ প্ৰয়োজন সেই কথা এতিয়া মানুহে বুজি পোৱা উচিত। এয়া সাধাৰণ ধেমালি নহয়। ২১ দিনৰ লকডাউন বন্ধ উদযাপন কৰাৰ বাবে দেশবাসীক চৰকাৰে দিয়া নাই। কোৰোনা ভাইৰাছত আক্ৰান্ত চীন, দক্ষিণ কোৰিয়া, ফ্ৰান্স আদি দেশবোৰৰ জটিল পৰিস্থিতি অনুধাৱন কৰি সমগ্ৰ বিশ্বই স্বীকাৰ কৰি লৈছে যে কোনো ঔষধ নথকা, ভেকচিন প্ৰস্তুত নোহোৱা COVID-19 ভাইৰাছ বিধৰ সংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ মাধ্যম হ'ল সামাজিক দূৰত্ব বজাই ৰাখি ঘৰতে আৱদ্ধ হৈ ৰখা।

যোৱা এসপ্তাহত ইউৰোপৰ পৰা বহু সংখ্যক লোকক স্বদেশলৈ উভতাই অনা হৈছে। ইতিমধ্যে ভাৰতত বিদেশৰ পৰা অহা লোকৰ শৰীৰত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে । অতি দ্ৰুত হাৰত মানুহৰ দেহলৈ সংক্ৰমণ হোৱা এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬ শতাধিক অতিক্ৰম কৰিলে।

যিসকলে ভাবি আছে এই ভাইৰাছে আমাক একো নকৰে, তেওঁলোকে ইটালী, স্পেইনৰ কাহিনী মনত ৰখোৱা ভাল। বিশ্বৰ উন্নত স্বাস্থ্য খণ্ড আৰু স্বাস্থ্য সেৱা থকা দেশ ইটালী, আমেৰিকা আজি এই ভাইৰাছৰ সৈতে যুঁজি ভাগৰি পৰিছে।

সেয়ে হয়তো প্ৰধানমন্ত্ৰীৰ এই ২১ দিনৰ লকডাউন ঘোষণা নিজৰ বাবেই মানি চলাটো অতিকৈ প্ৰয়োজন। অত্যাবশ্যকীয় সেৱা সমূহক বাদ দি সাধাৰণ লোকসকলক যিকোনো পৰিস্থিতিতেই ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিবলৈ জনোৱা আহ্বান এচামে গুৰুত্ব সহকাৰে যেন লোৱা নাই।

সাধাৰণ বন্ধ দিয়াৰ দৰেই ভাবি ৰাজপথলৈ ওলাই আহি বিনা কাৰণত ঘৰৰ বাহিৰলৈ অহা লোকসকলক অসম আৰক্ষীয়ে প্ৰহাৰ কৰি বুজাব লগা হৈছে- এই সময় বৰ জটিল। সেইখিনিলৈকে সকলো ঠিকেই আছে। আৰক্ষীয়ে এনে কঠোৰ পদক্ষেপেই ল'ব লাগিব। নামানিলে লাঠিও চলিব।

প্ৰথমবাৰৰ বাবে এনে মহামাৰীৰ বাবে লকডাউন হৈছে সমগ্ৰ দেশত। সেয়েহে এই নীতি-নিয়ম সমূহ মানি চলিবলৈ দেশবাসীৰো সংযমতা লাগিব। একেদৰে আৰক্ষীয়ে কঠোৰ হ'লেও এই সময়ত বৰ্বৰ হ'লে নচলিব।

ভাৰতৰ বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে বাহিৰলৈ ওলাই অহা লোকসকলক সাধাৰণ কথাত ক'বলৈ গ'লে গৰু পিটন দিছে। অসম আৰক্ষীও ইয়াৰ ব্যতিক্ৰম নহয়। কিন্তু সদায় আৰক্ষীয়ে এই বৰ্বৰতাৰে এই লোকসকলক পৰিচালিত কৰিব নোৱাৰিব।

কেইটামান দৃশ্য দেখিলে আৰক্ষীৰো যে ভুল আছে সেই কথা আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই মানি ল'বই লাগিব। গেলামালৰ দোকান খোলা বা আন অত্যাবশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে কোনো লোক বাহিৰলৈ ওলাব পাৰে। তেনে লোকক সোধ-পোছ নোহোৱাকৈ, বয়সৰ বাচ-বিচাৰ নকৰাকৈ আৰক্ষীয়ে প্ৰহাৰ কৰা কথাতো যুক্তি সংগত হয়নে?

ইয়াৰ সপক্ষে আৰক্ষীয়ে অনেক যুক্তি দিব। কিন্তু এই জটিল সন্ধিক্ষণত সেই যুক্তিৰে কাম নচলিব। মানুহক মৰমেৰে বহু কথা বুজাব পাৰি। যিসকলে মৰম নুবুজে তেওঁলোকক লাঠিৰে বুজাৱক। কিন্তু মানুহ দেখিলেই সোধ-পোছ নকৰি লাঠিৰে দুটা কোব মাৰি আৰক্ষীয়ে স্বস্তিৰ নিশ্বাস পেলালে নহ'ব।

বিশ্বনাথ চাৰিআলিৰ এক দৃশ্য অতি দুখজনক। বাহিৰলৈ ওলাই অহা এজন লোকক আৰক্ষীয়ে আঠুকাঢ়িবলৈ দি জপিয়াবলৈ দিয়া এই ধৰণৰ কাম-কাজবোৰে আৰক্ষীক দীৰ্ঘদিনৰ বাবে জনসাধাৰণৰ মাজৰ পৰা আঁতৰাই পঠিয়াব। সেই পাৰ্থক্য আৰক্ষীয়ে পৰৱৰ্তী সময়ত পূৰণ কৰিব নোৱাৰিব।

শাসন কৰক আৰক্ষীয়ে। কিন্তু বৰ্বৰ অত্যাচাৰ নহয়। এই দিশত আৰক্ষী বিষয়া তথা উৰ্ধতম কৰ্তৃপক্ষই এনে নীতি-নিয়ম কাৰ্যকৰী কৰা সকলক উপযুক্ত নীতি-নিৰ্দেশনা দিয়াৰ প্ৰয়োজন আছে। লকডাউনৰ নামত যিসকলে নিয়ম ভংগ কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হোৱাতো সকলোৱে বিচাৰে। এয়া আৰক্ষীয়ে নিজৰ বাবে কৰা নাই।

কোৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে যি সামাজিক দূৰত্ব বজাই ৰখাৰ আহ্বান দিয়া হৈছে সেয়া প্ৰতিজন দেশবাসীৰ সুৰক্ষাৰ খাতিৰতহে কৰা হৈছে। এই নিয়ম নমনা সকলক আইনৰ জৰিয়তে কঠোৰ শাস্তি বিহাৰো বিধান আছে।

আৰক্ষী কঠোৰৰ পৰা কঠোৰ হওঁক। ৰাজপথলৈ মানুহ ওলাবলৈ অন্ততঃ ২১ দিন ভয় কৰক। কিন্তু তাৰ মাজতো যিসকল লোকে অত্যন্ত এৰাব নোৱাৰা কাৰণত ওলাই আহে তেওঁলোকৰ ওপৰত লাঠি চলিলে, যি মন যায় আৰক্ষীয়ে তাকেই কৰিলে সেই অত্যাচাৰৰো কিন্তু প্ৰত্যুত্তৰ আহিব।আৰক্ষী সংযম হওঁক। এতিয়া সকলো আৰক্ষীৰ সৈতে আছে। সেই সুযোগ আৰক্ষীয়ে গ্ৰহণ কৰক। লাঠি কোবটো কাক দিব ভাবি লওঁক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in