সকলো পুলিচ তেওঁৰ দৰে নহয়!

সকলো পুলিচ তেওঁৰ দৰে নহয়!

মৃদুল কুমাৰ সন্দিকৈ

পুলিচো মানুহ। পুলিচৰো আছে সুখ-দুখ। ভাল পুলিচ যেনেকৈ আছে, বেয়া পুলিচো আছে। খাকী পোছাক পিন্ধিলে পুলিচ বহু ক্ষমতাবান হৈ যায় বুলি পুলিচৰে কিছু লোকৰ অহংকাৰ আছে। ৰ'দ-বৰষুণ কাটি কৰি দায়িত্ব পালন কৰা বহু পুলিচৰ প্ৰতি সৰ্বসাধাৰণৰ থাকে বিশেষ টান।

থানালৈ সাধাৰণ লোকৰ পৰিচয়ৰে কোনো লোক গ'লে প্ৰায়ে অভিযোগ শুনা যায়- পুলিচে ভাল ব্যৱহাৰ নকৰে। দিনটো কামৰ ব্যস্ততা, অত্যাধিক হেঁচা আদিৰ বাবে হয়তো পুলিচৰো খং উঠে। সেয়েহে এনে ব্যৱহাৰ কৰে বুলি বহুতে যুক্তি দিয়ে।

পুলিচক লৈ অভিজ্ঞতা ভিন্ন। বিশেষকৈ তৃণমূল পৰ্যায়ত কাম কৰা আৰক্ষী বিষয়া তথা কৰ্মীসকলৰ আচাৰ-ব্যৱহাৰেই পুলিচৰ প্ৰতি এক সাধাৰণ ধাৰণাৰ সৃষ্টি কৰে। পুলিচ আৰু সৰ্বসাধাৰণৰ এই সম্পৰ্ক উন্নত কৰাৰ বাবে বহু ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰ মাজতে পুলিচৰ কিছু মদগৰ্বিতা, দুঃব্যৱহাৰে মনত বহুত দুখ দি যায়।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ বিশেষ এক কামত যাওঁতে সন্মুখীন হোৱা অভিজ্ঞতাই পুলিচৰ প্ৰতি থকা নেতিবাচক ধাৰণাটো পুনৰ গ্ৰাহ কৰি তুলিলে। জি এম চি এইচৰ সন্মুখৰভাগে খোজকাঢ়ি গৈ থাকোতে লগত যোৱা এজন সহ-সাংবাদিকক এজন উদণ্ড যুৱকে খুন্দা মাৰি দুঃব্যৱহাৰ কৰিলে।

যুৱকজনক বুজাই তেনে ব্যৱহাৰ নকৰিবলৈ কোৱাত তেওঁ ধমকি দি ক'লে- 'জি এম চি এইচৰ বাহিৰলৈ আহ। গম পাই যাবি।' স্বাভাৱিকতে এই ভাবুকিয়ে যিকোনো লোকক আতংকিত কৰিব। সেয়েহে যুৱকজনৰ সৈতে তৰ্ক-বিতৰ্ক কৰাৰ সলনি যুৱকজনক সহ-সাংবাদিকজনে জি এম চি এইচৰ চৌহদত থকা থানালৈ লৈ গ'ল।

থানাৰ সন্মুখতে কেইজন মান কনিষ্ঠবল লৈ আছিল। যুৱকজনক লৈ যোৱা সহ-সাংবাদিকজনে কিবা কোৱাৰ আগতেই পুলিচ কেইজনে ধৰি ল'লে- দুয়োৰে মাজত ডাঙৰ কাজিয়া হৈছে। আৰক্ষী কনিষ্ঠবল এজনে সহ-সাংবাদিকজনৰহে ডিঙিত ধৰি থানাৰ ভিতৰলৈ টানি নিবলৈ চেষ্টা কৰিলে।

এই কাৰ্যত অতিষ্ঠ হৈ ইতিমধ্যে কনিষ্ঠবলজনৰ জোতাৰ গচকত চেণ্ডেল ছিগাৰ বাবে তললৈ হাওলিব খোজা সহ-সাংবাদিকজনে অলপ উষ্মাৰে ক'লে- 'ৰ'বহে!' সেই সময়তে চিলনী যোৱাৰ দৰে উপ-পৰিদৰ্শকজন গৈ কোনোবা হত্যাকাৰী বা উগ্ৰপন্থীক ধৰাৰ দৰে 'পুলিচী' ভাষাত গালি পাৰি এক প্ৰকাৰৰ ভাবুকি দিলে সহ-সাংবাদিকজনক।

পুলিচ বিষয়াগৰাকীক বিষয়টো ক'বলৈ চেষ্টা কৰোতে তেওঁ পুনৰ ধমকিৰ সুৰত ক'লে- 'মোক চিনি পোৱা নাই! মোৰ কাণ বেয়া হোৱা নাই।' তাৰ পাছত তেওঁ উগ্ৰমূৰ্তি ধৰি ভিতৰলৈ লৈ গ'ল। তেওঁৰ নিৰ্দিষ্ট আসনখনত বহি প্ৰথমে ল'ৰাজনক অতি অশ্লীল ভাষাৰে কিবা-কিবি সুধিলে।

সেই সময়ত তেওঁ সকলোকে সাঙুৰি যি ধৰণে ব্যৱহাৰ কৰিলে মনতে ভাব হ'ল- কিয় পুলিচৰ ওচৰলৈ আহিছিলো? আৰক্ষী বিষয়াজনৰ লাগ-বান নোহোৱা কথা, অশ্লীল ভাষা শুনি নিজেই অতিষ্ঠ হৈ পৰিলো। ঘটনাৰ সবিশেষ তেওঁ ল'ৰাজনৰ মুখেৰেই শুনিলে। এইটো তেওঁ গম পালে যে- ল'ৰাজনে দুঃব্যৱহাৰ কৰি আমাক ভাবুকি দিছে।

তাৰপাছত আৰক্ষী বিষয়াগৰাকীয়ে আমাৰ লগতে ল'ৰাজনৰ সবিশেষ লিখি ল'লে। এজন আৰক্ষী বিষয়া হৈও থানাৰ ভিতৰত মুকলিকৈ ইমান অশ্লীল ভাষাৰে প্ৰতিটো বাক্যৰ মাজত '…', '…' আদি শব্দবোৰ ব্যৱহাৰ কৰি গ'ল যে, সেইজন বিষয়া শিক্ষিত নে অশিক্ষিত তাক লৈহে সন্দেহ হ'ল!

ল'ৰাজনে 'মই ইয়াৰে লোকেল, বাহিৰত চাই ল'ম' আদি শব্দৰে ভাবুকি দিয়াৰ বাবেহে আৰক্ষীৰ ওচৰলৈ লৈ যোৱা হৈছিল। পাছত ল'ৰাজনে আৰক্ষীক ক'লে তেওঁ হেনো কোনোবা অনাথ আশ্ৰমত থাকে। কিন্তু কোনখন অনাথ আশ্ৰমত থাকে আৰু ইমান ৰাতিলৈকে কিয় ঘূৰি-ফুৰিছে আদি প্ৰশ্ন কৰাত ল'ৰাজনে পুনৰ ক'লে- তেওঁৰ ঘৰ এবিচিত।

আৰক্ষী বিষয়াজনে এ বি চিৰ ক'ত ঘৰ সেই কথা সুধিবলৈ হয়তো তেওঁৰ গাত সেই সময়ত হুচ নাছিল। তেওঁৰ ব্যৱহাৰ, কথা-বতৰা আৰু ধৰণ-কৰণে বহু কথাই কৈ গ'ল। থানাৰ ভিতৰত এজন আৰক্ষী বিষয়াই ক'ব পৰা সকলো কথাই তেওঁ মুখত ল'ব নোৱাৰা শব্দৰে কৈ যাওঁতে অকণো সংকোচ কৰা নাছিল।

তেওঁৰ দৃষ্টিৰে কনিষ্ঠবল এজনক 'ৰ'বচোন' বুলি কোৱাতো যদি দুঃব্যৱহাৰ হয়, তেন্তে তেওঁৰ মুখৰ সেই শব্দবোৰ কিধৰণৰ সু-ব্যৱহাৰৰ পৰিচায়ক? এই প্ৰশ্ন উত্তৰ বিচাৰিলেই এনে আৰক্ষীৰ প্ৰতি এক বিৰক্তিভাৱ জাগ্ৰত হয়।

এইবোৰেই পৰৱৰ্তী সময়ত এক সাধাৰণ ধাৰণালৈ ৰূপান্তৰ হয়। সেই উদণ্ড যুৱকজন গুচি গ'ল। যুৱকজনক আৰক্ষী বিষয়াজনে ক্ষমা খুজিবলৈ ক'লে। কিন্তু সেই যুৱকজনৰ ব্যৱহাৰ-কৰ্মকাণ্ডই যিমান আঘাত দিছিল, তাতোকৈ এই আৰক্ষী বিষয়াজনৰ ব্যৱহাৰে বেছি দুখ দিলে।

আৰক্ষীক অতি ওচৰৰ পৰা পোৱা লোকসকলৰ মনত আৰক্ষীৰ প্ৰতি বিভিন্ন ধাৰণা জাগ্ৰত হয়। আৰক্ষী বিষয়াগৰাকীয়ে দম্ভালিৰে 'কি সাংবাদিক' বুলি উপহাস কৰি কোৱা কথাবোৰ আছিল তেওঁৰ ক্ষমতাৰ কিমান তাৰ বহিঃপ্ৰকাশ ঘটাবলৈ কৰা এক চেষ্টা।

বাধ্যত পৰিহে তেখেতৰ আগত এনে পৰিচয় দিব লগা হৈছিল। সেয়া আছিল কোনো দায়িত্বশীল সাংবাদিকৰ বাবে অতি লজ্জাজনক কথা। ক'ত কাম কৰো বুলি সুধিলে সেই প্ৰশ্নৰ উত্তৰত এই পৰিচয় দিব লগা হয়।

ল'ৰাটো ওলাই গ'ল। ভঙাগড় থানাৰ সেই আৰক্ষী বিষয়াজনে বহীখন জপাই থলে। সন্মুখত থিয় হৈ থকা চিপাহীজনে আন কামত আহি ৰৈ আছিল। তেওঁ ক'লে- 'এওঁলোকৰ হ'লনে? ' সেই পৰিস্থিতিত কনিষ্ঠবলজনো যেন অতিষ্ঠ হৈ পৰিছিল!

এইবোৰ আচাৰ-ব্যৱহাৰ আৰক্ষীৰ ব্যক্তিগত কথা। সেই আৰক্ষী বিষয়াজনৰ ওপৰত কোনোবাই ব্যৱস্থা গ্ৰহণ কৰক তেনে অভিপ্ৰায়ো নাই। কিন্তু এনে তিক্ত অভিজ্ঞতাই মনত আঘাত দি যায়। চোৰ-ডকাইতৰ দৰে কিছু আৰক্ষীয়ে সকলো মানুহক ব্যৱহাৰ কৰে।

আৰক্ষী বিষয়াজনৰ এটা কথা আছিল অতি গুৰুত্বপূৰ্ণ- 'মই ইচ্ছা কৰিলে তহঁতক…।' কি ইচ্ছা কৰাৰ কথা কৈছিল সেয়া তেওঁহে জানিব। তথাপিও কওঁ- এজন সাধাৰণ লোকৰ সৈতে আৰক্ষীয়ে অপৰাধীৰ দৰে ব্যৱহাৰ কৰাৰ প্ৰৱণতা ত্যাগ কৰক।

আৰক্ষীৰ ওচৰলৈ মানুহে সহায় বিচাৰি যায়। বহু আৰক্ষী বিষয়াই সুন্দৰ ব্যৱহাৰ, কথা-বতৰাই তেওঁৰ কাষলৈ যোৱা মানুহজনৰ সমস্যা দূৰ কৰে। পুলিচ মেজাজী সকলোতে নাখাটে। এইবোৰ কথা লিখাৰ প্ৰয়োজন নাছিল। কিন্তু আৰক্ষীৰ আধুনিকীকৰণৰ, জনসম্পৰ্ক উন্নত আদি বিষয়বোৰ চৰ্চা হৈ আছে। এচাম আৰক্ষীৰ এনে মানসিকতাৰ বাবে সেই পৰিৱৰ্তনকামী আধুনিক আৰক্ষীৰ সপোন বাস্তৱ হোৱা নাই।

ইমান দম্ভতাৰে চৰ-কিল আৰু অশ্লীল শব্দৰে ব্যৱহাৰ কৰা আৰক্ষী বিষয়াগৰাকীৰ প্ৰতি কোনো আক্ষেপ নাই। হয়তো তেওঁ এনেদৰেই আৰক্ষীগিৰি কৰিছে। কাৰোবাৰ কথা শুনাৰ সলনি তেওঁৰ বয়স কিমান, কিমান অভিজ্ঞ আদি কথা কওঁতে 'তহঁতি মোৰ ল'ৰাৰ বয়সৰ' বুলি ক'বলৈ নাপাহৰিলে।

হয়, ল'ৰাৰ বয়সৰেই হ'ব। কিন্তু ল'ৰাৰ বয়সৰ দুজন যুৱকৰ আগত এইবোৰ শব্দ তেওঁৰ মুখৰ পৰা ওলাল কেনেকৈ? সেই কথাও এবাৰ এই আৰক্ষী বিষয়াজনে ভাবি চাব। ভাল-বেয়া সকলোতেই থাকে। আৰক্ষীয়ে ইচ্ছা কৰিলেই সকলো কাম এতিয়া কৰিব নোৱাৰে। আগৰ দৰেই আৰক্ষীৰ গাৰ জোৰ বা লাঠীৰ কোবত চলাতো সম্ভৱ নহয়। এতিয়া আধুনিক আৰক্ষী মস্তিস্কৰে চলে।

আৰক্ষীক ভাল পাওঁ। তেওঁলোকৰ কষ্ট, দায়ৱদ্ধতা হৃদয়ংগম কৰো। কিন্তু এনে আৰক্ষীৰ ব্যৱহাৰে সেই ভালপোৱাত দাগ লগায়। কোন সাংবাদিকৰ সৈতে তেওঁৰ কি সম্পৰ্ক, সেয়া তেওঁ নিজৰ সৈতেই ৰাখক। এটা কথাই এইগৰাকী বিষয়াই মনত ৰাখক- ক্ষমতাৰ ৰাগীত অহংকাৰী হ'বলৈ চেষ্টা কৰিলে নিজৰে পতন হয়।

অভিযোগ নাথাকিলেও এনে আৰক্ষী সকলৰ প্ৰতি উৰ্ধতন কৰ্তৃপক্ষই চকু দিয়ক। অন্তত এবাৰ তেওঁক 'ব্যৱহাৰ' কি শিকাবলৈ যত্ন কৰক। উচ্চপদস্থ বিষয়াৰ আগত তেওঁ হয়তো লেও-সেও হ'ব। সাধাৰণ লোকৰ ওপৰতহে তেওঁলোকৰ দাদাগিৰি চলে।

আহিবৰ সময়ত তেখেতৰ সৈতে কৰমদন কৰোতে কৈ আহিলো- 'দাদা, কিছুমান শব্দ সকলো ঠাইতে ভাল নালাগে। ব্যৱহাৰ বুলি কথা এটা আছে।' কোনো কথা শুনিব নিবিচৰা আৰক্ষী বিষয়াজনে হাঁহিলে। পূৰ্বতে কৰা ব্যৱহাৰ কিছু তেওঁৰ নৰম হৈছিল। কিন্তু কাণত বাৰে বাৰে বাজি আছিল সেই কথাবোৰ।

কেনেকৈ বাৰু ইমান অভিজ্ঞ মানুহ এজনে এইবোৰ কথা কয়? থানালৈ যোৱা সকলো মানুহকে কিয় অপৰাধী বুলি ভাবে? এই প্ৰশ্নৰ উত্তৰ সেই আৰক্ষী বিষয়াজনেহে দিব পাৰিব। নাম তেওঁৰ সতীশ দাস। এছ আই সতীশ দাস সম্ভৱ! আশা কৰো এয়া তেওঁ অভিযোগ বুলি নল'ব। তেওঁক লগ পাই অহা এজন সাধাৰণ মানুহৰ অনুভৱ। সকলোকে তেওঁ এনে ব্যৱহাৰ কৰে নে নকৰে নাজানো। কিন্তু সকলো পুলিচে এনে নকৰে সেই কথা জানো।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in