অমূল্য এশ টকা!

অমূল্য এশ টকা!

মৃদুল কুমাৰ সন্দিকৈ

'আপোনাক এবাৰ লগ পাব খোজো। আপোনালোকে যে ল'ৰা এটা এক্সিডেণ্ট হোৱা নিউজ এটা কৰিছিল, ময়ো ল'ৰাটোৰ বাবে কিবা এটা দিব বিচাৰো।'- বুধবাৰৰ নিশা মানুহজনে ফোন কৰিছিল। সেইদিনা পলম হোৱাৰ বাবে পিছদিনা মানুহজনক নিউ গুৱাহাটীৰ এফ চি আই গুডামৰ সন্মুখত লগ ধৰিছিলো।

জয়ন্ত সন্দিকৈ নামৰ যুৱকজন দুৰ্ঘটনাত পতিত হৈ ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল। চিকিৎসাৰ বাবে কেইবা লাখ টকাৰ প্ৰয়োজন হোৱাত দৰিদ্ৰ পৰিয়ালটোক কিছু সকাহ দিয়াৰ উদ্দেশ্যে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত এটা বাতৰি প্ৰকাশ কৰা হৈছিল।

সেই বাতৰিটো কেনেবাকৈ এই লোকজনৰো দৃষ্টিগোচৰ হৈছিল। কিন্তু তেতিয়ালৈকে মানুহজনৰ সন্দৰ্ভত বিশেষ একোৱা জনা নাছিলো। তেওঁ কোৱা সময়তে নিৰ্দিষ্ট স্থানত গৈ দেখা পালো এখন ৰিক্সাত ৰৈ আছে।

ওচৰে-পাজৰে কোনো মানুহ নাই। আগদিনা ফোন কৰা মোবাইল ফোনটোত পুনৰ সংযোগ স্থাপন কৰাৰ চেষ্টা কৰিলো যদিও সেয়া সম্ভৱ নহ'ল। ইফালে-সিফালে চাই থাকোতে ৰিক্সাৰ পৰা নামি মানুহজন আগবাঢ়ি আহিল।

নিজৰ পৰিচয় দি মানুহজনে ক'লে- আগদিনা তেওঁৱেই ফোন কৰিছিল। তাৰপাছত এই ব্যক্তিজনে জয়ন্তৰ সঁহায়ৰ বাবে কিবা এটা দিব বিচাৰিলে। পকেটত হাত ভৰাই টকা উলিয়াই মানুহজনে ক'লে- 'মোৰ ফালৰ পৰা এয়াই সেই ল'ৰাটোৰ বাবে।'

মানুহজনৰ পৰা টকা লোৱা সলনি তেওঁহে উৎসুকতাৰ কেন্দ্ৰবিন্দু হৈ পৰিল। নজনা-নিচিনা ল'ৰা এটাৰ বাবে তেওঁ এনেদৰে আগবাঢ়ি অহাত আচৰিতো হ'লো। মানুহজনৰ সৈতে কথা পাতি গম পালো তেওঁৰ নাম ফইজুল ৰহমান। ঘৰ- মৰিগাঁৱত।

যোৱা ২৫ বছৰ ধৰি তেওঁ ৰিক্সা চলাইছে গুৱাহাটীত। ৫০ৰো উৰ্ধৰ হ'ব ব্যক্তিজন। মহানগৰীৰ অনুৰাধাৰ সমীপতে তেওঁ ভাড়া থাকে। ৰিক্সা চালক এজনৰ এই মহানুভৱতা দেখি মন ভৰি পৰিল। তেওঁক ক'লো- 'আপুনি এইটো ৰখাই থওঁক। আপোনাৰ হৈ আপুনি দিব লগা টকা কেইটা ময়ে দি দিম।'

ময়ো কিবা এটা দিব বিচাৰো…

মানুহজনে কথাষাৰ নামানিলে। 'আমি সৰু মানুহ। আমাৰো কিবা এটা কৰিব মন যায়। মন গ'লেইতো নহ'ব, হাতত ইমান টকাও নাথাকে। কম টকাৰ কাৰণে হয়তো আপুনি ল'বলৈ বেয়া পাইছে…'- মানুহজনৰ সেই আন্তৰিকতা দেখি তেওঁক পুনৰ ক'লো- আপোনাৰ এই টকাখিনিৰ মূল্য টকাৰে জুখিব নোৱাৰি। ই লাখ টকাতকৈ মূল্যবাদ। আপুনি দিনটোত ৰিক্সা চলাই কিমান টকা পায়? মানুহজনক সুধিলো।

'আঢ়ৈ-তিনিশ টকা মান হয়'- মানুহজনে উত্তৰ দিলে। আপোনাৰ অসুবিধা হ'ব বুলিহে এইষাৰ কথা আপোনাক কৈছিলো। মানুহজনে মানুজনে দিয়া টকা কেইটা হাত পাতি ল'লো। তাৰপাছত তেওঁ ক'লে- 'দুখীয়া ল'ৰাটো সুস্থ হওঁক। আমি যদি ইজনে-সিজনৰ কথা নাভাবো, কোনে ভাবিব? '

তেওঁ দিয়া টকা কেইটা ল'লো। এয়াই হয়তো আন্তৰিকতা, এয়াই হয়তো মানৱতা! মানুহে মানুহৰ কথা ভাবিব আজৰি নোহোৱা সময়ত এনে কিছু অভিজ্ঞতাই মানুহৰ মাজত জীয়াই থকা মানৱতাক তুলি ধৰে।

ফইজুল ৰহমান নামৰ মানুহজনৰ বাবে জয়ন্ত সন্দিকৈ এটা অচিনাকি ল'ৰা। ঢকুৱাখনাত এক পথ দুৰ্ঘটনাত আহত হোৱা এই যুৱকজনৰ প্ৰতি থকা তেওঁৰ আন্তৰিকতা আৰু মানৱতাই হৃদয় চুই যায়। যি সয়মত মিঞা কবিতা, এন আৰ চি আদিক লৈ সমাজত এক বিচ্চিন্ন শক্তিয়ে মূৰ দাঙি উঠিছে, সেই সময়ত এইবোৰ ঘটনাই বহু বাৰ্তা দি যায়।


ঢকুৱাখনাত এক পথ দুৰ্ঘটনাত আহত হোৱা জয়ন্ত সন্দিকৈ

তেওঁৰ বাবে ধৰ্ম ডাঙৰ নহয়। তেওঁৰ বাবে ডাঙৰ মানৱতা। সৰু সৰু মানুহবোৰে এইবোৰ কথা নাভাবেই। শিক্ষিত মানুহবোৰেহে সমাজখন ভাগ ভাগ কৰে আৰু এই সৰু মানুহবোৰৰ অন্তৰত জাপি দিয়ে তেনে কিছু প্ৰৱণতা।

জয়ন্ত সন্দিকৈৰ দুৰ্ঘটনাৰ পাছত সহায় কৰিবলৈ পৰিয়ালে জনোৱা আহ্বানৰ প্ৰতি ইতিমধ্যে বহু লোকে সঁহাৰি জনাইছে। গহপুৰৰৰ উদয়াদিত্য গোস্বামী, যাদৱ চলিহা, ভূৱন হাজৰিকা, নিমিষা কোঞৰ, প্ৰদীপ ৰঞ্জন দত্ত, ৰঞ্জন সন্দিকৈ, কংকন কাকতি, যোগেশ বৰুৱা, ভৰত সন্দিকৈ, মৃদুলানন্দ শৰ্মা, নৱজ্যোতি নেওঁগ, বিপুল গাংগুলি আদিয়ে এই যুৱকজনক চিকিৎসাৰ বাবে সঁহায়ৰ হাত আগবঢ়াইছে।

চৈগুৰি গাঁৱৰ স্থানীয় যুৱকসকলেও নিজাকৈ কিছু টকা সংগ্ৰহ কৰি পৰিয়ালক দিছে। মন্ত্ৰী নৱ দ'লেও যুৱকজনৰ চিকিৎসাৰ বাবে দিছে কিছু সাহায্য। ঢকুৱাখনাৰ বজাৰৰ ব্যৱসায়ী সন্থায়ো সঁহায়ৰ হাত আগবঢ়াইছে।

কিন্তু সকলোতকৈ ব্যতিক্ৰম এই ৰিক্সা চালকগৰাকী। যি দৈনিক উপাৰ্জন কৰা আঢ়ৈ-তিনিশ টকাৰ পৰাই এশ টকা দিবৰ বাবে ইমান আগ্ৰহ কৰিছে। যি টকাৰ মূল্য কেতিয়াও টকাৰে জুখিব নোৱাৰি। ই অমূল্য! এনে আন্তৰিকতা, সহযোগ আৰু মানৱীয় মূল্যবোধে মানুহক মানুহ কৰি ৰাখে।

ছ'চিয়েল মিডিয়াৰ জৰিয়তেই সেয়া সম্ভৱ হৈছে। বিশেষকৈ ফেচবুকৰ জৰিয়তে কিমান মানুহ উপকৃত হৈছে সেয়া হিচাপ কৰিব নোৱাৰি। তেনে কেইবাটাও উদাহৰণৰ সাক্ষী অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণ।

কিছু দিনৰ পূৰ্বে হৃদৰোগত আক্ৰান্ত হৈ পৰা লক্ষীন্দৰ সোণোৱাল নামৰ চিলাপথাৰৰ সাংবাদিকগৰাকীৰ ক্ষেত্ৰতো এনে মহানুভৱতা দেখুৱাইছিল বহু চিনাকি-অচিনাকি ব্যক্তিয়ে। চেন্নাইত চিকিৎসা কৰি সুস্থ হৈ এতিয়া ঘৰলৈ উভতিল লক্ষীন্দৰ।

হৃদৰোগত আক্ৰান্ত চিলাপথাৰৰ সাংবাদিক লক্ষীন্দৰ সোণোৱাল

সৎ আৰু নিষ্ঠাৰে কাম কৰি যোৱা এই সাংবাদিকগৰাকীৰ চিকিৎসা ব্যয়ৰ বাবে যথেষ্ট ধনৰ প্ৰয়োজন হৈছিল। লক্ষীন্দৰৰ সেই খবৰ অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত প্ৰকাশ হোৱাৰ পাছত তেওঁ যি ধৰণে সহায় লাভ কৰিছিল, সেয়া আছিল উল্লেখনীয়।

মানুহৰ বাবে কাম কৰা এই সাংবাদিকগৰাকীৰ হকে জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই লৈছিল বিশেষ উদ্যোগ। জীৱনৰ বাবে এয়া ডাঙৰ সহায়। কোনে কয় আমি অকলশৰীয়া? বিপদৰ মুহূৰ্তত এনেকৈয়ে ওলাই পৰিত্ৰাণৰ পথ।

ফেচবুকৰ সেই ভূমিকা আমি সুক্ষ্মভাৱে লক্ষ্য নকৰো। কিন্তু লাহে লাহে ই ইতিবাচক দিশত ভাবিব নোৱাৰা ধৰণে প্ৰভাৱ পেলাইছে। অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ অভিজিৎ কলিতাৰ পিতৃ আছিল অট' চালক। মাতৃয়ে সৰু চাহ আৰু পিঠা-পনাৰ দোকান দিছিল।

বৰ্তমান সুস্থ হৈ উঠিছে মেধাৱী ছাত্ৰ অভিজিৎ কলিতা…

মেধাৱী ছাত্ৰজন আক্ৰান্ত হৈছিল ব্ৰেইন টিউমাৰত। উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন হৈছিল প্ৰায় ৬ লক্ষাধিক টকা। কিন্তু সেয়াও যোগাৰ হৈছিল ৰাইজৰ বাবেই। অসম জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষ, অভিভাৱক সমাজ তথা অন্যান্য ব্যক্তিসকল আগবাঢ়ি আহি অসম্ভৱকো সম্ভৱ কৰি যোগাৰ কৰিছিল সেই ধন। এতিয়া প্ৰায় সুস্থ অভিজিৎ। কিছুদিনৰ পূৰ্বে ছমহীয়া পৰীক্ষাতো বহিছে অভিজিৎ।

পঞ্চতাৰকা হোটেল এখনত এগৰাকী মহিলাই হোটেলৰ কৰ্মচাৰী এজনক কান্দি থকা ল'ৰাটোক খুওৱাৰ বাবে গাখীৰ অলপ পাব নেকি বুলি সোধোতে কৰ্মচাৰীজনে উত্তৰ দিছিল- ৫০০ মিঃলিঃৰ এটা গাখীৰৰ বটলৰ দাম ৬০০ টকা। সেই একে মহিলাগৰাকীয়ে এদিন গাড়ীৰে গৈ থাকোতে কাষতে থকা এটা জুপুৰীত সোমাই পুত্ৰক খুওৱাবৰ বাবে গাখীৰ আছে নেকি বিচাৰোতে মহিলাগৰাকীৰ গিলাচত ঘৰৰ গাই জনীৰ অলপ গাখীৰ আগবঢ়াই দিছিল।

তাৰপাছত তেওঁ এটা প্লাষ্টিকৰ বটলত অলপ গাখীৰ ভৰাই দি কৈছিল- বাটত লাগিব পাৰে এইখিনি লৈ যাওঁক। মহিলাগৰাকীয়ে কিমান টকা দিব লাগিব বুলি সুধোতে, এটকাও ল'বলৈ ৰাজি হোৱা নাছিল সেই জুপুৰীটোত বাস কৰা বৃদ্ধাগৰাকী।

এয়া এটা কাহিনী। কিন্তু ক'ত কেনেকৈ মানৱতা বৰ্তী আছে তাৰ এক সুন্দৰ উদাহৰণ। বটদ্ৰৱাৰ পল্লৱী বৰা নামৰ এগৰাকী কিশোৰীৰ খবৰ প্ৰকাশ হৈছিল অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণতেই। ছ'চিয়েল মিডিয়াত সেই খবৰ চৰ্চা হৈছিল। আন সংবাদমাধ্যমেও প্ৰকাশ কৰিছিল ৰোগীয়া মাতৃৰ সৈতে জীৱন যুঁজত নমা পল্লৱী বৰাৰ কাহিনী।

জীৱন যুঁজত নমা পল্লৱী বৰা…

তাৰপাছতেই পল্লৱীৰ ঘৰলৈ গৈছিল স্থানীয় বিধায়িকাগৰাকী, লগত জিলাখনৰ এজন উচ্চপদস্থ বিষয়া। সেই তৎপৰতা সম্ভৱ হ'ল কেৱল ছ'চিয়েল মিডিয়াত এই খবৰৰ ব্যাপক চৰ্চাৰ বাবে। ডেইজী নামৰ আন এগৰাকী যুৱতীৰ কাহিনীৰে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণতেই বাতৰিৰ শিৰোনাম হৈছিল 'ডেইজীৰ কাহিনী শুনিলে ওলাব চকুপানী'।

ভুল চিকিৎসাৰ বলি হোৱা ডেইজী…

এক দুৰ্ঘটনাত পতিত হৈ হাতৰ হাড় টুকুৰা হৈছিল যুৱতীগৰাকীৰ। ভুল চিকিৎসাৰ বলি হ'ল তেওঁ। কিন্তু শেষ মুহূৰ্তত এটা খবৰে কিছু হ'লেও সকাহ দিছিল ডেইজীক। এয়াই দায়িত্ববোধ। সেয়া সংবাদমাধ্যম, ডিজিটেল মিডিয়া, ছ'চিয়েল মিডিয়া আৰু মানুহৰ শুভ ইচ্ছা তথা চিন্তাৰ ফলত সম্ভৱ হৈছে।ইয়াৰ কৃতিত্ব সকলোৰে।

ভাগ্যশ্ৰী নামৰ মেধাৱী যুৱতীগৰাকীয়ে চিকিৎসাৰ অন্তত ঘৰলৈ ঘূৰি আহি কৈছিল- আপোনালোকে যে আমাক ইমান সহায় কৰিলে, কি বুলি ধন্যবাদ দিম। বিমান বন্দৰত নামোতে মোক বিমান বন্দৰতেই কাম কৰা এজন ব্যক্তিয়ে আহি কৈছিল- 'তুমি ভাগ্যশ্ৰী নহয় জানো? তোমাৰ কথা ফেচবুকত মই পঢ়িছো। ভাল পাইছানে?'

মেধাৱী ছাত্ৰী ভাগ্যশ্ৰী…

ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত সন্মুখীন হোৱা কাহিনী কৈছিল এইদৰে ভাগ্যশ্ৰীয়ে। শাৰীৰিক অক্ষমতাক নেওচি ভাগ্যশ্ৰীয়ে প্ৰথম বিভাগত গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তাৰ পাছতেই অসুস্থ হৈ পৰা ভাগ্যশ্ৰীক চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল। সহায় কৰিছিল ভাগ্যশ্ৰীক লগৰবোৰে, অচিনাকিজনে।

একেদৰে উষা দাস আৰু জীনা দাস নামৰ হাৱাজানৰ দুগৰাকী ছাত্ৰীৰ বিষয়েও প্ৰকাশ পোৱা এক খবৰৰ পাছতেই তেওঁলোকক বিদ্যালয়লৈ যাবলৈ যন্ত্ৰচালিত চাইকেল, সাহায্য প্ৰদান কৰা হৈছিল। ঋষিৰাজ বৰকটকীয়ে সেই দুগৰাকী ছাত্ৰীক কৰা সহায়ে ছাত্ৰী দুগৰাকীক কিমান মনোবল দিব পাৰে সেয়া তেওঁলোকৰ পৰিয়ালতকৈ কোনে অনুভৱ কৰিব পাৰে!

এনে মানুহ আছে বাবেই সমাজখনত বহু অৱক্ষয়ৰ মাজতে আশাৰ পোহৰ বিৰিঙি থাকে। এই কামবোৰেও দিয়ে প্ৰাপ্তিৰ আনন্দ। কাৰোবাৰ মুখত অকণমান হাঁহি, আস্থা বিৰিঙাব পৰাটোও কম পূণ্য নহয়! সেয়া টকাৰ পৰিমানেৰে জোখা নহয়। এই সহায় আজি আপুনি কাৰোবাক কৰিছে, এদিন আপোনাকো কোনোবাই কৰিব।

কোনেও ক'ব নোৱাৰে- কাৰো সঁহায় নালাগে বুলি। সেই 'সিংহ-নিগনি'ৰ সাধুটোৰ দৰেই জীৱন। যান্ত্ৰিকতাৰ মাজত এইবোৰ কথাই মানুহৰ প্ৰতি মানুহৰ দায়ৱদ্ধতাক উনুকিয়াই দিয়ে। ভাগ্যশ্ৰী, ডেইজী, পল্লৱী, অভিজিৎ, লক্ষীন্দৰৰ দৰেই ৰাইজৰ এই সহায় আৰু আশীৰ্বাদে সুস্থ কৰি তোলক জয়ন্তক।

তেওঁৰ বাবে এতিয়া বহুজনে কৰিছে চিন্তা। তাৰ প্ৰমাণ এই ফইজুল ৰহমানৰ দৰে সাধাৰণ যেন লগা অসাধাৰণ মানুহবোৰ। আৰু সেই পৰিৱেশ গঢ়ি তুলিছে ফেচবুকৰ দৰে ছ'চিয়েল মিডিয়াই। জয়ন্তৰ বাবে ফইজুল ৰহমানে দিয়া ১০০ টকাটো 'টকা'য়েই নহয়, ই এক প্ৰাণভৰি দিয়া আশীৰ্বাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in