হাঁহি হৈ নিগৰে দুখৰ চকুলো…

হাঁহি হৈ নিগৰে দুখৰ চকুলো…

ৰাজৰ্ষি চহৰীয়া

ৰোহনক বাৰু মনত আছেনে! সেই যে কণমানি ল'ৰাটো, স্কুল ছুটী হোৱাৰ পাছত হাতখনত ধৰি ওলাই অহা পিতৃজনৰ বুকু মুহূৰ্ততে ১৭টাকৈ গুলীয়ে ভেদ কৰিছিল! পিতৃয়ে ধৰি থকা বাওঁহাতৰ ফাঁকেৰে সৰকি যোৱা এটা গুলীয়ে তেনেই কণমানিটোৰ সোঁহাতখনতো আঘাত কৰিছিল। ১৯৯৬চনৰ ১৭ মে'ৰ আবেলি ৰাজগড় পথত থকা তেতিয়াৰ অসম জাতীয় বিদ্যালয়ৰ পদূলিত সংঘটিত হৈছিল সেই নৃশংস, শিহৰণকাৰী ঘটনা। যি ঘটনাই সমগ্ৰ বিশ্বক জোঁকাৰি পেলাইছিল।

আজিৰ পৰা প্ৰায় ২৪ বছৰ আগেয়ে সংঘটিত হোৱা প্ৰখ্যাত সাংবাদিক পৰাগ দাসৰ এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল বহু লোকৰ সাক্ষাততে। কিন্তু মহানগৰীৰ ৰাজপথত দিনৰ পোহৰতে সংঘটিত এই হত্যাকাণ্ডত জড়িতৰ শাস্তি নহ'ল।  হত্যাকাৰীক চিনাক্ত কৰা সাক্ষীৰ সাক্ষ্য অথবা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ তদন্তত সংগৃহীত প্ৰমাণ ন্যায়ালয়ৰ মজিয়াত হত্যাকাৰীক শাস্তি বিহাৰ বাবে পৰ্যাপ্ত নোহোৱা বুলি অভিযুক্তক খালাচ দিয়া হ'ল।

ইফালে, সেই যে কণমানি ল'ৰাটো, যাৰ চকুত হয়তো এতিয়াও ঢলি পৰা পিতৃৰ ৰক্তাক্ত দেহৰ ছবিখন সময়ে সময়ে জিলিকি উঠে তালৈ বাৰু কাৰোবাৰ মনত পৰেনে? সি কিমান ডাঙৰ হ'ল, পৰাগ দাসৰ পত্নীয়েই তেওঁৰ সন্তানক কিদৰে ডাঙৰ কৰিছে সেই কথাও বহুতে নাজানে। কিন্তু সকলোৱে নাজানিলেও ঋষি আৰু ভনীয়েক দিশাক ডাঙৰ কৰাৰ বাবে পূৰবী দাসে বুকুত শিল বান্ধি দুখৰ নদী পাৰ হোৱাৰ বাবে ২৪টা বছৰে নিৰন্তৰ সাতুৰিছে।

কষ্টৰ ফল বোলে মিঠা। নিষ্ঠা, সততা আৰু দৃঢ়তাৰে আগবাঢ়িব পাৰিলে দুখৰচকুলোও হাঁহি হৈ নিগৰে। আজি হয়তো বুকুত শিল বান্ধি দুখৰ নৈ পাৰ হোৱাৰ চেষ্টা কৰাপূৰবী দাসৰ বাবে এনে অনুভৱ কৰাৰ বাবেও আহৰি নাই। পুত্ৰৰ বিয়াক লৈ তেওঁ আজি ভীষণব্যস্ত। দূৰৰ পৰা আৰ চকুৰে চাই আত্মীয় আৰু শুভাকাংক্ষী সকলোৰে পিছে এনে এক অনুভৱেইহৈছে। কিয়নো পৰাগ দাসে কি বিচাৰিছিল সেই সকলোখিনি সম্পূৰ্ণ কৰা সম্ভৱ হৈছে নে নাইসেয়া সুকীয়া কথা যদিও, পূৰবী দাসৰ নিৰন্তৰ কষ্ট আৰু সাধনাৰ ফলতে তেওঁ এৰি থৈ যোৱাঋষি-দিশা অৰ্থাৎ ৰোহন আৰু প্ৰেৰণাক উচ্চশিক্ষা আৰু দায়িত্ববোধেৰে প্ৰতিষ্ঠা কৰাত পূৰবীদাস বহু পৰিমানে সফল হ'ল।

তেতিয়াৰ কণমানি ৰোহনটোৱে গুৱাহাটী আই আই টিৰ পৰা পিএইচডি সম্পূৰ্ণ কৰাৰ পাছত এতিয়া বিশ্বৰ আগশাৰীৰ এখন বিশ্ববিদ্যালয়ত কাম কৰে। আজি সেই ৰোহনৰেই বিয়া। চকুৰ আগেৰেই পাৰ হৈ যোৱা অতবোৰ বছৰত ৰোহননো কেনেকৈ ইমান ডাঙৰ হ'ল মাকেহে জানে। আমি পৰাগ দাসক জনা বহুতৰ বাবে তেওঁৰ সন্তান দুটি কিমান ডাঙৰ হ'ল, কিদৰে শিক্ষা-দীক্ষাৰে আগবাঢ়িছে, পত্নী পূৰৱী দাসেনো ইয়াৰ বাবে কিমান কষ্ট কৰিব লগা হৈছে সেইবোৰ একোকে নাজানো।

পূৰৱী দাসে পিছে ঋষিৰ দৰেই দিশা অৰ্থাত প্ৰেৰণাকো উচ্চশিক্ষিত কৰি তোলাৰ প্ৰচেষ্টা নিৰৱে অব্যাহত ৰাখিছে। তায়ো এতিয়া বিশ্বৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ত গৱেষণাৰত ছাত্ৰী। ককাইয়েকৰ বিয়াৰ বাবে দুদিনমান আগেয়ে আহি উপস্থিত হোৱা দিশাৰো মাকৰ দৰেই ব্যস্ততাৰ অন্ত নাই। পৰাগ দাসৰ ককাই-ভাই, বায়েক, ভাগিনীয়েক-ভতিজাক, ভিনিহীয়েক সকলোৰে ৰোহনৰ বিয়াক লৈ অন্তহীন ব্যস্ততা আৰু আগ্ৰহ। পৰাগ দাসৰ অনুপস্থিতিৰ বেদনাই অন্তৰ দহি থাকিলেও প্ৰত্যেকেই চকুৰ আৰত সেয়া লুকুৱাই থৈ আনন্দখিনিক ভগাই লোৱাৰ বাবে যেন চেষ্টা কৰিছে। এনেদৰেই বৈ অহা চকুলোত হাঁহিৰ জিলিকনি উঠিছে।

কিন্তু পূৰবী দাসৰ বিৰামহীন পৰিশ্ৰমৰ অন্তত সন্মুখলৈ অহা পুত্ৰৰ বিয়াৰ এই শুভমুহূৰ্তটোক সেমেকিবলৈ কোনেও দিব নোখোজে। পৰাগৰ আত্মায়ো যেন তাকে বিচাৰে। তেওঁৰ প্ৰেৰণাতেই পূৰবী দাসেও অতদিনে বুকুত শিল বান্ধি দুখৰ নৈ সাতুৰি পাৰ হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। কাৰো সহায়-সহানুভূতি অথবা প্ৰচাৰৰ অভাৱ তেওঁ যিদৰে অনুভৱ নকৰে, সেইদৰে পুতৌ কিম্বা অনুকম্পাও তেওঁ সহ্য নকৰে। বিগত সময়ত প্ৰচাৰৰ শিৰোনামলৈ কাহানিও আহিব নোখোজা পূৰবী দাস এক ব্যতিক্ৰমী নাৰী।

তেওঁ এগৰাকী দায়িত্বশীল গৃহিনী, আদৰ্শ মাতৃৰ কৰ্তব্য পালনৰ সমানে সমাজৰ প্ৰতি থকা দায়ৱদ্ধতাৰ প্ৰতিও সদায় সচেতন। আমিও দূৰৰ পৰাই তেওঁক সেই বাবেই আজিৰ দিনটোত জনাইছো অভিনন্দন। পৰাগ দাসৰ মৃত্যুৱে অসমৰ সমাজ জীৱনক কিদৰে ক্ষতিগ্ৰস্ত কৰিলে সেয়া জাতিপ্ৰেমী প্ৰতিজন লোকে মৰ্মে মৰ্মে অনুভৱ কৰে। আজিৰ পৰিস্থিতিত দূৰদমনীয় সাহস আৰু ত্যাগৰ প্ৰতীক সংগ্ৰামী সাংবাদিকতা আৰু মানৱ অধিকাৰ আন্দোলনৰ বাটকটীয়া স্বৰূপ সেইজন পৰাগ দাসৰ অনুপস্থিতিও সকলোৱে দুখেৰে অনুভৱ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in