শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

মা, এয়া তোমাৰ জন্মদিনৰ উপহাৰ…

1,036

🔹ৰাজৰ্ষি চহৰীয়া

ইয়াৰ পূৰ্বেও দুবাৰকৈ দেশবাসীয়ে সপোন দেখিছিল- ‘সিন্ধুৱে আনিব সোণ’। কিন্তু সেই সপোন পূৰণ হোৱা নাছিল। অৱশেষত ২৫ আগষ্ট, ২০১৯ত দেশবাসীৰ সেই সপোন বাস্তৱত পৰিণত হ’ল। কিয়নো এই সপোন দেখা হৈছিল পুষৰলা ভেংকট সিন্ধুক লৈ। আৰু এই ভাৰতীয় মহিলা খেলুৱৈগৰাকীয়ে বি ডব্লিউ এফ বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপৰ ফাইনেলত জয়ী হৈ দেশবাসীক দিলে সোণৰ পদক উপহাৰ।

১৯৯৫চনৰ ৫ জুলাইত তেলেংগানাৰ ছেকুন্দেৰাবাদত জন্মগ্ৰহণ কৰা এই ভাৰতীয় বেডমিন্টন খেলুৱৈগৰাকীয়ে জীৱনত নিশিকিলে হাৰ মানিবলৈ। সেয়েহে হয়তো পি ভি সিন্ধু হৈ পৰিল প্রথমগৰাকী ভাৰতীয় মহিলা বেডমিন্টন খেলুৱৈ, যিয়ে কঢ়িয়াই আনিলে দেশৰ বাবে সোণৰ মেডেলটো।

পি ভি সিন্ধু এগৰাকী ভাল খেলুৱৈ হোৱাৰ আঁৰত আছে বিশেষ কাৰণ। খেলুৱৈগৰাকীৰ পিতৃ আৰু মাতৃ দুয়োগৰাকীয়ে আছিল পেছাদাৰী ভলিবল খেলুৱৈ। পিতৃ পি ভি ৰমনে ২০০চনত লাভ কৰিছিল অৰ্জুন বঁটা। কিন্তু পি ভি সিন্ধুৱে ২০০১চনৰ অল ইংলেণ্ড অ’পেন বেডমিন্টন চিম্পিয়ন পুল্লেলা গোপীচান্দৰ সফলতাত অনুপ্ৰাণিত হৈ আকোৱালি লৈছিল বেডমিন্টনকহে।

Image result for p v sindhu padmasree

পিতৃ-মাতৃৰ পৰা সদায় সহযোগিতা লাভ কৰা মাত্ৰ ২৫ বছৰীয়া এই খেলুৱৈগৰাকীয়েও আজি বিশ্ব দৰবাৰত উজ্বলালে নিজৰ লগতে ভাৰতৰ নাম। ধাৰাবাহিকভাৱে পি ভি সিন্ধুৱে ৩ বাৰলৈ বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপৰ ফাইনেলত প্ৰৱেশ কৰিছিল, কিন্তু যোৱা ২বাৰ ফাইনেলত ৰূপৰ পদক লাভ কৰিয়েই সন্তুষ্ট হ’ব লগা হৈছিল তেওঁ।

Image result for p v sindhu padmasree

কিন্তু নিজৰ ইচ্ছা শক্তি আৰু একাগ্ৰতাৰে সিন্ধুৱে যেন এইবাৰ নিজৰ বেডমিন্টন ৰেকেটখনেৰে লিখিছিল সেই সোণালী দিনটোৰ ভৱিষ্যৎ! ২০১৯ৰ বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপত ফাইনেলত প্ৰৱেশ কৰি অতি আত্মবিশ্বাসেৰে খেলা সিন্ধুৱে জাপানৰ খেলুৱৈ নজ’মী অকহাৰাক পৰাস্ত কৰি অৰ্জন কৰি আনিলে সোণৰ পদক।

পি ভি সিন্ধুৱে অৱশেষত বুজাই দিলে যে- জীৱনৰ বাটত আগবাঢ়ি গ’লে কিছু অংশ বোকা আৰু আন কিছু অংশ পকী থাকে যদিও, আমি কোনোদিনেই ৰৈ যাব নালাগে। আৰু সেয়া আছিল সিন্ধুৰ সফলতাৰ মূল মন্ত্ৰও। দেশৰ আনবোৰ খেলুৱৈক আজি অনুপ্ৰাণিত কৰা এই খেলুৱৈগৰাকীয়ে পিছে এই স্থানত উপনীত হ’বলৈ জীৱনত কৰিছে বহু সংগ্ৰাম। আৰু সেই সংগ্ৰামৰ ফলেই যেন সোণৰ পদক হিচাপে তেওঁৰ হাতত আজি।

Image result for p v sindhu padmasree

২০১২চনৰ ২১ ছেপ্টেম্বৰ। সিন্ধুৱে ৱ’ৰ্ল্ড ফেডাৰেশ্যন ৰেংকিঙৰ শীৰ্ষ ২০জন খেলুৱৈৰ তালিকাত স্থান লাভ কৰে। তাৰপাছত ২০১৩চনৰ ১০ আগষ্টত তেওঁ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৱ’ৰ্ল্ড চেম্পিয়নশ্বীপত। ২০১৫চনত খেলুৱৈগৰাকীয়ে নিজক লৈ গৌৰৱ কৰাৰ সুবিধা লাভ কৰে। কিয়নো সেই বৰ্ষৰ ৩০ মাৰ্চত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মশ্ৰী’ৰে বিভূষিত কৰা হৈছিল পি ভি সিন্ধুক। ২০১৫-১৬ বৰ্ষত ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ‘ৰাজীৱ গান্ধী খেলৰত্ন বঁটা’ও লাভ কৰে সিন্ধুৱে।

Image result for p v sindhu padmasree
সেই সময়ৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে পি ভি সিন্ধুক ‘পদ্মশ্ৰী’ সন্মান প্ৰদান কৰা মুহূৰ্তত…

লক্ষণীয় যে, পি ভি সিন্ধুৱে ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত জাপানৰ খেলুৱৈ নজ’মী অকহাৰাক ২১-১৯, ২১-১০ ব্যৱধানত পৰাজিত কৰি মহিলাৰ বেডমিন্টন একক ইভেন্টৰ ফাইনেলত প্ৰৱেশ কৰিছিল। ফাইনেলত সিন্ধু বিশ্বৰ প্ৰথম স্থান অধিকাৰী কেৰোলিনা মেৰীণৰ বিৰুদ্ধে পৰাজিত হৈ ৰূপৰ পদকতে থমকিব লগা হৈছিল তেওঁ। এই পদক লাভ কৰাৰ পাছতেই পি ভি সিন্ধু হৈ পৰে অলিম্পিকৰ মহিলা বেডমিন্টনত ৰূপৰ পদক বিজয়ী প্ৰথম গৰাকী ভাৰতীয় মহিলা।

সেয়া আছিল এক বৃহৎ সফলতা। কিন্তু সিন্ধুৱে ৰূপৰ পদক অৰ্জন কৰি প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হোৱাতেই ক্ষান্ত থাকিব পৰা নাছিল। সিন্ধুৰ সপোন আছিল- তেওঁ হ’ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা বেডমিন্টনত সোণৰ পদক অৰ্জন কৰি দেশক গৌৰাৱান্বিত কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ। আৰু সেই সপোনেই ২৫ আগষ্ট, ২০১৯ত ল’লে বাস্তৱৰ ৰূপ।

Image result for p v sindhu padmasree

মাত্ৰ ৮ বছৰ বয়সৰ পৰা বেডমিন্টন খেলিবলৈ আৰম্ভ কৰা এই খেলুৱৈগৰাকীয়ে ছেকেণ্ড্ৰাবদৰ ইণ্ডিয়া ৰে’লৱেৰ সংকেত প্ৰকৌশল আৰু টেলিযোগাযোগ ইনষ্টিটিউটৰ বেডমিন্টন ক’ৰ্টত মেহবুবু আলীৰ ওচৰত লৈছিল প্ৰাৰম্ভিক শিক্ষা। তাত বেডমিন্টনৰ বেছিক ক্লিয়েৰ ম’চন এক্সাৰচাইজৰ শিক্ষা গ্ৰহণ কৰাৰ পাছত পুল্লেলা গোপীচান্দৰ বেডমিন্টন একাডেমীত যোগদান কৰে সিন্ধুৱে।

জীৱনত কেতিয়াও হাৰ নমনা সিন্ধুৰ কৰ্মজীৱনক লৈ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ এগৰাকী সাংবাদিকে এসময়ত লিখিছিল- ‘এইটো সত্য যে, তেওঁৰ বাসগৃহৰ পৰা ৫৬ কিলোমিটাৰ দূৰত্ব থকা স্বত্তেও সিন্ধুৱে প্ৰতিদিনেই সঠিক সময়ত কোচ্চিং কেম্পত প্ৰৱেশ কৰিছিল। এয়া সম্ভৱতঃ এগৰাকী ভাল বেডমিন্টন খেলুৱৈ হোৱাৰ বাবেই তেওঁ প্ৰয়োজনীয় কঠোৰ পৰিশ্ৰম আৰু প্ৰতিশ্ৰুতিৰ প্ৰতি সিন্ধুৰ প্ৰবল ইচ্ছাৰ প্ৰতিফলন।’ আৰু এই মতামতক সমৰ্থন জনাই প্রশিক্ষক গোপীচান্দেও কৈছিল- ‘সিন্ধুৰ খেলাৰ বিশেষ বৈশিষ্ট্য আছে। সেয়া হ’ল তেওঁৰ মনোভাৱ আৰু কেতিয়াও হাৰ নমনাৰ মনোবল।’

Image result for p v sindhu padmasree

আৰু আজি সেই হাৰ নমনা বৈশিষ্ট্যৰ বাবেই পি ভি সিন্ধু হৈ পৰিল বি ডব্লিউ এফ ৱ’ৰ্ল্ড বেডমিন্টন চেম্পিয়নশ্বীপত সোণৰ পদক আজুৰি অনা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ। এই পদক হাতত লৈ আনন্দ-উচাহৰ মাজতেই সিন্ধুৱে ক’লে- ‘এই পদক মই দেশৰ বাবে জিকিছো। মই গৌৰৱ কৰো এগৰাকী ভাৰতীয় হিচাপে। যোৱা বাৰ মই ফাইনেলত জয়ী হোৱা নাছিল। সেয়েহে এইবাৰ জয়ী হোৱাটো মোৰ বাবে বহু গুৰুত্বপূৰ্ণ আছিল আৰু এতিয়া মই সেই সপোন পূৰণ কৰিলো। মই আজি বহু সুখী।’ লগতে খেলুৱৈগৰাকীয়ে ক’লে- ‘মই এই পদকটো মোৰ মাৰ নামত উৎসৰ্গা কৰিলো। কিয়নো আজি তেওঁৰ জন্মদিন। ধন্যবাদ মা।’

"Happy Birthday": PV Sindhu Dedicates Historic World Championships Win To Mother

এই বিশেষ দিনটোত সিন্ধুৰ লগতে সমগ্ৰ দেশবাসীক গৌৰাৱান্বিত আৰু উৎসাহিত। সিন্ধুক প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে এই সফলতাৰ বাবে শুভেচ্ছা জনাইছে। ইফালে, তেলেংগানাৰ বাসগৃহত বহি ফাইনেলখন মেচত জয়ী হৈ সিন্ধুৱে সোণৰ পদক লোৱা পৰ্যন্তলৈ টিভিৰ সন্মুখৰ পৰা আঁতৰি নহা মাতৃয়েও দেশৰ বাবে এই বৃহৎ সন্মান কঢ়িয়াই অনা সন্তানক লৈ গৌৰৱান্বিত। খেলুৱৈগৰাকীৰ বাসগৃহত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। সিন্ধুৰ মাতৃ পি বিজয়াই কৈছে- ‘আমি বহু সুখী। তাই বহুত কষ্ট কৰিছিল এই দিনটোৰ বাবে। আজি সেই কষ্টৰ ফল সোণৰ পদক ৰূপে লাভ কৰিলে দেশবাসীয়ে।’

টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোডীয়ে জনালে শুভেচ্ছা…

অৱশেষত ছুইজাৰলেণ্ডত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপত সোণৰ পদক আজুৰি ইতিহাসৰ পাতত সোণালী আখৰেৰে নিজৰ নাম লিখিলে পি ভি সিন্ধুৱে। মাত্ৰ ৮ বছৰ বয়সতে বেডমিন্টনৰ ৰেকেট ধৰিবলৈ শিকা এই খেলুৱৈগৰাকীয়ে আজি প্ৰতিজন লোকৰ মুখতেই হাঁহি বিৰিঙাইছে।

জীৱনত বহুবাৰ বিফল-হতাশ হৈ পৰাৰ পাছতো হাৰ মানিবলৈ নিশিকা সিন্ধুৱে বেডমিন্টনৰ ৰেকেটেৰে দেখুৱালে নিজৰ পাৰদৰ্শিতা। সিন্ধুৱে আজি বেষ্ট শ্ব’ট দি নিজৰ লগতে দেশৰ নাম উজ্বলালে সমগ্ৰ বিশ্বত। আৰু বহু সফলতা অৰ্জন কৰিবলৈ বাকী আছে। কিন্তু এৰিব নালাগিব তেওঁৰ সেই বিশেষ বৈশিষ্ট্য, সেই হাৰ নমনা মনোবল আৰু পৰিশ্ৰমেৰে আগবাঢ়ি যোৱা বাট।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি