বিষাক্ত সুৰাই কাঢ়ি নিলে পিতৃ-মাতৃক! কেনে আছে সেইসকল অনাথ শিশু… VIDEO

বিষাক্ত সুৰাই কাঢ়ি নিলে পিতৃ-মাতৃক! কেনে আছে সেইসকল অনাথ শিশু… VIDEO

♦ মৃদুল কুমাৰ সন্দিকৈ

'বাবা-মা মোৰ মৰি গ'ল। ইমান কৈছিলো, এই সব নাখাবি। কি হ'ল এতিয়া আমাৰ? ইয়াতে আমাৰ একদম ভাল লগা নাই। মইতো কৈ আছো গুচি যাম ইয়াৰ পৰা। মোক ঘৰত থৈ আহিব কৈ আছো। ঘৰলৈ মনত পৰিছে মোৰ।'- উচুপি উচুপি সৰু ল'ৰাটোৱে কৈ গৈছিল জীৱনৰ কাহিনী। জীৱন কি সি বুজিয়েই পোৱা নাছিল। তেনেতেই আহিল জীৱনৰ ধুমুহা। চাৰখাৰ কৰি থৈ গ'ল এখন ঘৰ।

'বাবাই বহুত মৰম কৰিছিল নেকি?'- তাক কাষলৈ চপাই আনি সুধিছিলো। 'অ' বহুত মৰম কৰিছিল বাবাই।'- এয়া ৭ বছৰীয়া ডিম্পুৰ মনৰ কথা। এদিনৰ আগলৈকে সি কান্দিয়েই আছিল, কান্দিয়েই আছিল। খোৱা-বোৱাৰ প্ৰতি তাৰ ধাউতি নাছিল। সপোনত সি হঠাৎ সাৰ পাই চিঞৰে- 'মা, এই বাবা ক'ত তহঁতি?'

কম সময়ৰ ভিতৰতে ডিম্পু আপোন হৈ পৰিছিল আমাৰ…
কম সময়ৰ ভিতৰতে ডিম্পু আপোন হৈ পৰিছিল আমাৰ…

পুৱাই আমি ওলাই গৈছিলো বোকাখাতলৈ। আমাৰ লক্ষ্য স্থান আছিল বোকাখাত নিৰ্মাণ গোটৰ বোকাখাত শিশু গৃহ। অকস্বমৎ সেই  শিশু গৃহটিত উপস্থিত হৈ আমি সন্ধান কৰিছিলো কেইটামান বিশেষ শিশুক।

বোকাখাতৰ শিশু গৃহটো
বোকাখাতৰ শিশু গৃহটো

শিশু গৃহটোৰ এখন বাৰান্দাৰ তলত কেইটামান ল'ৰাই বহি কথা পাতি আছিল। সিহঁতৰ ফালে আগবাঢ়ি গ'লো। প্ৰথমে সিহঁতৰ লগত সাধাৰণ ভাৱেই কথা পাতিবলৈ যত্ন কৰিলো।

আত্মীয়তাৰে কথা পতাৰ চেষ্টা কৰিলো শিশু কেইটাৰ সৈতে…
আত্মীয়তাৰে কথা পতাৰ চেষ্টা কৰিলো শিশু কেইটাৰ সৈতে…

লাহে লাহে সিহঁতৰ মনৰ ভাব-আৱেগ বুজিবলৈ চেষ্টা কৰি আত্মীয়তা গঢ়ি তোলাৰ পাছত প্ৰতিটো শিশুৱেই খুলি দিলে মনৰ দুৱাৰ। কৈ গ'ল দুদিনমানৰ পূৰ্বে ঘটি যোৱা জীৱনৰ কাহিনী। ছন্দ পতন ঘটা জীৱনৰ কাহিনী এয়া। লক্ষ্যহীন জীৱনৰ অস্তিত্বহীন বেদনা বুকুত লৈ এতিয়াও উচুপি আছে তেওঁলোক।

কথা পাতি থাকোতেই আকাশেৰে উৰি যোৱা এখন হেলিকপ্টাৰৰ শব্দই সিহঁতক ৰোমাঞ্চিত কৰি উঠিলে। এটাই আনটোক কৈ উঠিলে- 'ঐ চা হেলিকপ্টাৰ, হেলিকপ্টাৰ…।' বহাৰ পৰা উঠি আটাইবোৰে পিছফালে ঘূৰি আকাশলৈ চালে। প্ৰচণ্ড শব্দৰে, নিচেই কম দূৰত্বৰে পাৰ হৈ গ'ল হেলিকপ্টাৰখন। সেইখনত কোন আছিল সিহঁতি নাজানিলেও আমি গম পালো।

সেই শিশু গৃহটোৰ পৰা কেইখোজ মান দূৰৈত তেতিয়া অনুষ্ঠিত হৈ আছিল এখন নিৰ্বাচনী সভা। কিয়নো সন্মুখত লোকসভা নিৰ্বাচন। নিৰ্বাচনী প্ৰচাৰ চলাই আয়োজন কৰা সেই সভালৈ আহিছিল হিমন্ত বিশ্ব শৰ্মা। তেওঁৰেই হেলিকপ্টাৰ আছিল সেইখন।

হেলিকপ্টাৰ! সিঁহতি ঘূৰি ঘূৰি চালে…কাষতে যে আছিল নিৰ্বাচনী সভা।
হেলিকপ্টাৰ! সিঁহতি ঘূৰি ঘূৰি চালে…কাষতে যে আছিল নিৰ্বাচনী সভা।

অসমৰ ৰাজনীতিত সকলোৱে ভোট বিচাৰে। ভোট বেংক হিচাপে ব্যৱহাৰ কৰে চাহ বাগানৰ ভোটাৰক। কিন্তু খবৰহে নাৰাখে তেওঁলোকৰ দুখ-দুৰ্দশাৰ। চলিত বছৰৰ ফেব্ৰুৱাৰীৰ শেষৰ ফালে যোৰহাট আৰু গোলাঘাটত বিষাক্ত চুলাই সেৱন কৰি ১৬০জনৰো অধিক লোকৰ মৃত্যু হৈছিল। সেই সময়ত এই বাতৰিয়ে ব্যাপক চৰ্চা লাভ কৰিছিল যদিও, লাহে লাহে সেইবোৰ তল পৰিল।

চাহ বাগানৰ ভোটাৰক লৈ আকৌ নিৰ্বাচনী প্ৰচাৰ চলিছে এতিয়া। কিন্তু এই চাহ বাগানৰ বিষাক্ত চুলাই সেৱন কৰি ইমান লোকৰ মৃত্যু হোৱাৰ পাছতো সেই বিষয়ক লৈ চৰ্চা নচলিল গভীৰভাৱে। আনকি মাক-দেউতাক হেৰুওৱা এই অনাথ ল'ৰাবোৰ ক'ত আছে তাৰ খবৰ ল'বলৈ আজি আজৰি আছেই বা কাৰ?

তেনে কেইটামান শিশুৰ খবৰ ল'বলৈকে আমি আহিছিলো বোকাখাতলৈ। সিহঁতৰ সৈতে কটালো বহু সময়।

ক'ত খায়, ক'ত শোৱে সকলোবোৰ সিহঁতে আমাক দেখুৱালে। আত্মীয় এজনৰ দৰেই মনৰ কথা খুলি ক'লে ডিম্পু, মহেশ, মঞ্জল, অবিনাশ, বিতু, উপেন, শচীন, টকাই, শিৱা আদিয়ে। মুঠ ১০টা অনাথ শিশু আছে ইয়াত। যি কেইজনে বিষাক্ত চুলাই সেৱন কৰাৰ পাছত পিতৃ-মাতৃ সকলোকে হেৰুৱাই অনাথ হৈ পৰিছে।

প্রথম ২৫ ফেব্ৰুৱাৰীত দুটা শিশুক লৈ অহা হৈছিল। বায়েক আৰু ভায়েক আছিল দুয়ো। মাক-দেউতাকক হেৰুওৱাৰ পাছত তেওঁলোকৰ নিজৰ বুলিবলৈ কোনোৱেই নাছিল। অনাথ গৃহতেই হৈছিল দুয়োৰে পিতৃ-মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া। সেয়া আছিল কেৱল আনুষ্ঠানিকতা।

এইদৰে অনাথগৃহত থকা শিশু সকলৰ খবৰ ল'বলৈ কাৰো আজৰি নাই। ৮টা শিশুক ১৮ মাৰ্চ, ২০১৯ত থৈ গৈছেহি এই আৱাসগৃহত। প্ৰতিটো শিশুৰে মন ভাৰাক্ৰান্ত। এদিন তেওঁলোক বিদ্যালয়লৈ গৈছিল। কিন্তু এতিয়া এই ঘটনাৰ পাছত বিদ্যালয়লৈ যাব পৰা নাই। এয়াই এতিয়া তেওঁলোকৰ অৱস্থা। কোনে ক'ব এই মুহূৰ্তত তেওঁলোকৰ বাবে শিশুৰ শিক্ষাৰ অধিকাৰৰ কথা।

মাৰবোল খেলিছিল ডিম্পুৱে। অবিনাশক দেউতাকে কিনি দিছিল ক্ৰিকেট বেট। অবিনাশৰ দেউতাকৰ নাম অজয় পুজৰ। বিষাক্ত সুৰা খাই মৃত্যু হ'ল অবিনাশৰ মাক দেউতাকৰ। গোলাঘাটৰ শালমিৰা চাহ বাগানত তেওঁৰ ঘৰ। শিবা পুজাৰৰ ঘৰটো একেখন বাগিছাতেই। চাইল্ড ৱেলফেৰ কমিটী, গোলাঘাটে তেওঁলোকক আনি থৈ গৈছেহি এই আবাসগৃহত। এই পত্ৰৰ জৰিয়তে কেৱল তেওঁলোকক অনিৰ্দিষ্ট কালৰ বাবে থৈ যোৱা হৈছে এই শিশুগৃহত।

কেৱল এই পত্ৰ প্ৰেৰেণেৰে তেওঁলোকক শিশু আবাসগৃহত গতাই দায়িত্ব শেষ কৰিছে…
কেৱল এই পত্ৰ প্ৰেৰেণেৰে তেওঁলোকক শিশু আবাসগৃহত গতাই দায়িত্ব শেষ কৰিছে…

৬দিনৰ আগতে অবিনাশ আহিছিল এই শিশু গৃহলৈ। সি আমাক ক'লে, ক্লাছ ফাইভত পঢ়িছিল। এতিয়া পঢ়া-শুনা নাই। তাৰ মনৰ কথা শুনিবলৈ যত্ন কৰিলো।

বৰ কষ্টত দিন কটাইছে এই শিশু কেইটাই। মাক-দেউতাকে বিষাক্ত সুৰা খাই মৃত্যু হোৱাৰ বাবেই যেন অৱজ্ঞা চলিছে তেওঁলোকক লৈ। মাহে ২৫০০ টকা চৰকাৰে দিব তেওঁলোকক চোৱা-চিতাৰ নামত। বাকী দায়িত্ব চৰকাৰৰ নহয়। চুলাই খাই মৰিছে। সেইবাবেই যেন কাৰো সহমৰ্মিতা নাই। ক'ত, কেনেদৰে তেওঁলোক আছে, তাৰ বিচাৰ কোনেও লোৱা নাই। অথচ ভোটৰ সময়ত এইসকল লোককেই লাগে।

সকলোৰে এটাই কথা- থাকি ভাল লগা নাই তাত। টকাই তাঁতীৰ বয়স ১৩ বছৰ। গোল্লামপট্টীত ঘৰ টকাইৰ। মাক-দেউতাক কোনো নাই এতিয়া। তাৰ ভৱিষ্যতো যেন শূন্য।

মনৰ কথা ক'বলৈও এতিয়া কোনো নাই সিহঁতৰ…
মনৰ কথা ক'বলৈও এতিয়া কোনো নাই সিহঁতৰ…

৩ ককাই-ভাই আছেহি এই আবাসগৃহত। শচীন তেলেঙে কথা ক'লেই উচুপি উঠে। শচীনৰ দেউতাকৰ নাম আছিল অনুপ তেলেঙা। শালমিৰা চাহ বাগানতেই ঘৰ আছিল শচীনৰ। সিওঁ পঢ়া-শুনা কৰিছিল, কিন্তু এতিয়া স্কুললৈ যাব পৰা নাই। কেৱল দুখৰ কথা প্ৰত্যেকটো শিশুৰ মুখত। কিবা এটা যে হৈ গৈছে, সেয়া সকলোৱে উপলব্ধি কৰিছে।

মংগলৰ বয়স ৯ বছৰ। মাকৰ লগতেই সি শুইছিল। মাকে তাক বৰ মৰম কৰিছিল। সেইবোৰ এতিয়া সিহঁতৰ বাবে স্মৃতি। মহেশ্বৰৰ বয়স ১১ বছৰ। মংগল, মহেশ আৰু অবিনাশ তিনিও ককাই-ভাই। তিনিওকে লৈ অহা হৈছে এই শিশু আবাসগৃহলৈ।

অনাথ হোৱা অজয় পুজাৰৰ তিনি সন্তান- অবিনাশ, মংগল আৰু মহেশ।
অনাথ হোৱা অজয় পুজাৰৰ তিনি সন্তান- অবিনাশ, মংগল আৰু মহেশ।

দুখৰ মাজৰ পৰা সিহঁতক কিছু শিশুসুলভ ধেমালিৰে সান্তনা দিয়াৰ চেষ্টা কৰিলো। সিহঁতৰ সৈতে খেলাৰ কথা উলিয়ালো। ফুটবল ভাল পাই আটাইকেইটাই। আগতে স্কুলৰ পৰা আহি ফুটবল খেলিছিল। য'লৈ মন যায়, ত'লৈ গৈছিল। ডিম্পুৰ হাত বৰ পোন। মাৰ্বল খেলোতে হেনো সি সদায় প্রথম হৈছিল। লক্ষ্য স্থান যিমানেই দূৰত নাথাকক সি টিকাই দিব পাৰিছিল।

শিল এটা লৈ শিকালে- মাৰ্বল কেনেকৈ খেলিব লাগে।
শিল এটা লৈ শিকালে- মাৰ্বল কেনেকৈ খেলিব লাগে।

শিবাই ফুটবল খেলি ভাল পায়। তাৰ বহু সপোন আছিল। সেইবোৰ এতিয়া পূৰণ হ'ব বুলি আশা দেখা নাই সি। ১৫ বছৰীয়া শিবাই কিছু হ'লেও জীৱনটোক অনুভৱ কৰিছে। ভাক্ৰা পুজাৰ পূত্ৰ শিবা।

দুখৰ মাজতে সিহঁতক গানৰ কথা উলিয়ালো। সকলোৱে ক'লে ডিম্পুৱে ভাল গান গায়, কোনোটোৱে ক'লে ডিম্পু নহয়, শিবাই গায়। 'এ মিনি' হেনো সিহঁতৰ বৰ প্ৰিয়। এটাই ক'লে ম'বাইলটো বজাই দিয়ক, আমি গাম। সেই গানটো আওৰালে আটাইকেইটাই।

কথা পাতি থাকোতেই খোৱাৰ সময় হৈছিল। সিহঁতক খাবলৈ যাব ক'লো। ডিম্পুৱে ক'লে- 'তহঁতিও খাই ল'।' আমি নাখাওঁ বুলি কৈ সিহঁতক ডাইনিং হলটোৰ ফালে লৈ গ'লো। ভাত আহিল, ৰঙালাও ভাজি আৰু কণীৰ আলু পিটিকা। তৃপ্তিৰে আটাইকেইটাই খালে ভাত। আমি সিহঁতৰ বাবে বাহিৰত অপেক্ষা কৰিলো।

ডাইনিং হলত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা সময়ত…
ডাইনিং হলত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা সময়ত…

এই অনাথ শিশু কেইটাৰ ভৱিষ্যৎ কি কোনেও নাজানে। আনকি অনাথ শিশু গৃহটোৰ কৰ্মকৰ্তা সকলেও। তেওঁলোকক সু-চিকিৎসাৰ প্ৰয়োজন। ৰাতি ৰাতি মাক-দেউতাকলৈ মনত পৰা কণ কণ শিশু কেইটাৰ বিশেষ যতনৰ প্ৰয়োজন যদিও, সেয়া যে তেওঁলোকে পাইছে সেই অনুমান নহ'ল। আচলতে এই অনাথ শিশুগৃহটোত থাকিব লগা আন্তঃগাঁথনিয়ে নাই।

দুখৰ মাজত সুখৰ সন্ধান কৰিবলৈ তেওঁলোকে কোনো পথেই বিচাৰি পোৱা নাই। জীৱনক উপলব্ধি কৰিব পৰা সঠিক দিশ দিবলৈ তেওঁলোকক কাউঞ্চিলিঙৰ প্ৰয়োজন আছিল বহুত। কিন্তু এইবোৰ কিমান পাইছে? ইয়াৰ লগতে পুষ্টিকৰ খাদ্য, শিক্ষা, আন প্ৰতিভা বিকাশৰ বাবে কি সুযোগ লাভ কৰিব সেয়া সন্দেহ ৰৈ যায়।

বুজা নাই ভালদৰে জীৱনৰ কথা, জীৱনটোৱেই এতিয়া হৈ পৰিছে বোজা…
বুজা নাই ভালদৰে জীৱনৰ কথা, জীৱনটোৱেই এতিয়া হৈ পৰিছে বোজা…

৪০টাতকৈ অধিক শিশু এইদৰে অনাথ হৈছে। ইয়াৰপৰা কিন্তু কোনো শিক্ষা নল'লে ৰাজ্য চৰকাৰে। তেওঁলোকক লৈ কোনো উদ্বিগ্নতা নাই। হাস্পতাললৈ নোযোৱাকৈ বহু মৰিল ঘৰতেই। গোলাঘাট জিলা প্ৰশাসনে এই ঘটনাৰ পাছতেই জিলাখনত সুৰা নিষিদ্ধ কৰিছিল যদিও, এতিয়াও চলি আছে জিলাখনত অবৈধ সুৰাৰ বেহা। এদিনৰ আগতে অৰ্থাৎ হোলীত মৃত্যু হৈছে বিষাক্ত সুৰা সেৱন কৰি আকৌ বহুজনৰ।

পিতৃ-মাতৃক হেৰুওৱা এটি কণমানিয়ে আহ্বান জনালে সুৰা নাখাবলৈ। স্বতঃস্ফূৰ্তভাৱে সি কৈ গ'ল এই কথা-

অবিনাশেও জনালে এই আহ্বান। কিন্তু জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰে লৈছে জানো এই ব্যৱস্থা? লালীগুৰ, আন বিষাক্ত চুলাইৰ ব্যৱসায়ীসকলে চলায়ে আছে ব্যৱসায়। সৰু দুই-এটা চুলাইৰ ভাটি ভাঙি দায়িত্ব সামৰিছে চৰকাৰে।

ৰঙাজানত মিথানল ভৰ্তি এখন ট্ৰাক দুৰ্ঘটনাত পতিত হৈছিল। ক'লৈ অনা হৈছিল মিথানল? কাৰ আছিল সেই মিথানলবোৰ? সেয়া কিন্তু কোনেও বিচাৰ নকৰিলে। গ্ৰেপ্তাৰ নহ'ল এই মিথানলৰ ব্যৱসায়ীসকল। অৰুণাচলৰ পৰা চলিয়ে আছে সুৰাৰ চোৰাং ব্যৱসায়।

তেওঁলোকৰ মনবোৰ এতিয়াও বিষন্ন…
তেওঁলোকৰ মনবোৰ এতিয়াও বিষন্ন…

চাহ বাগানৰ মানুহ বুলিয়েই তেওঁলোকক অবজ্ঞা কৰা হ'ল নেকি? চুলাই খাই মৰা বুলিয়েই তেওঁলোকক গুৰুত্ব নিদিলে নেকি? অসমৰ সংবাদমাধ্যমে থাপি-থুপি থৈ দিলে এই বিষয়টো। খবৰেই নল'লে কোনেও এই পৰিয়ালবোৰৰ কি হ'ল? ৰাজ্য চৰকাৰে যেন তাৰেই সুযোগ ল'লে।

বাজেটৰ ভাষনত তেওঁলোকে নিমখ চাহ খাই বুলি ভাল লগাবলৈ চেণী দিয়া চাহ খাবলৈ দিম বুলি কোৱা মন্ত্ৰীয়েও বিহ মিহলি চুলাই খাই ইমান লোকৰ মৃত্যু হোৱাৰ পাছতো সেইবোৰ প্ৰতিৰোধৰ বাবে ব্যৱস্থা নল'লে। নাভাবিলে এই শিশুসকলৰ ভৱিষ্যতৰ কথা। ইউনিছক' বা আন আন্তঃৰাষ্ট্ৰীয় শিশুৰ অধিকাৰ আৰু সুৰক্ষাক লৈ কাম কৰা সংস্থাবোৰে খবৰ লোৱা নাই এতিয়ালৈকে এই শিশুসকলৰ।

ৰাজনৈতিক নেতা দুই-এজন আহিছিল তেতিয়াই। এতিয়া সেইবোৰ তল পৰিল। ৰাজনীতিৰ বাবেহে যেন তেওঁলোকক লাগে। আন সময়ত তেওঁলোক মূল্যহীন হৈ পৰে। চাহ জনগোষ্ঠীৰ লোকসকলক প্ৰতিনিধিত্ব কৰা লোকসকলেও এইবোৰ খবৰ ল'বলৈ আজৰি নাপায়।

এয়া কেইটামান শিশুৰ উদাহৰণ। কেনে আছে তেওঁলোকৰ এখন ছবি দাঙি ধৰা হৈছে ইয়াত। অসমৰ সংবাদমাধ্যমে ক'ৰবাত যেন উপেক্ষা কৰিলে এই বিষয়টো। সেইবোৰ কথা এতিয়া কোনে ক'ব কাক? নিঠৰুৱা শিশুবোৰৰ ভৱিষ্যতৰ সুৰক্ষাৰ দায়িত্ব ল'ব কোনে? চৰকাৰে কেৱল ভাষণৰ ফুলজাৰি মাৰি দায়িত্ব সামৰে। এককালীন সাহাৰ্য ঘোষণাতেই সকলো শেষ কৰি দিয়ে।

হোলীও হেনো খেলা নহ'ল এইবাৰ…
হোলীও হেনো খেলা নহ'ল এইবাৰ…

খোৱা-বোৱা শেষ কৰি তেওঁলোক ওলাই আহিল। আমাক লৈ গ'ল তেওঁলোকৰ কোঠালৈ। সৰু বিচনাখনতেই দুজনকৈ শুব লাগে। বিচনাৰ ওপৰত বহিবলৈ দিলে। সিহঁত কেইটাও গোট খাই বহি ল'লে আমাৰ লগত। শিশুসুলভ সৰলতাৰে আমাক বেৰি ধৰিলে। ম'বাইলটো চাব বিচাৰিলে।

এয়াই এতিয়া সিহঁতৰ ঘৰ…
এয়াই এতিয়া সিহঁতৰ ঘৰ…

'আমি এখন ছেলফী লওঁ।'- সিহঁতৰ মাজৰ এটাই ক'লে। সেই মুহূৰ্তত এইবোৰ কথা মনলৈ অহাই নাছিল। তথাপিও নিৰাশ নকৰিলো। ছেলফী উঠোৱাত ব্যস্ত হ'ল অবিনাশ। দুবাৰমানৰ অন্তত সি ছেলফীখন ল'লে।

ভোটৰ ৰাজনীতিত ব্যস্ত নেতা-মন্ত্ৰীয়ে এইবোৰ ক'ত দেখে। বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰা। এতিয়া তেওঁ পুনৰ মন্ত্ৰী। তেওঁ হেনো এদিনো যোৱা নাই খবৰ ল'বলৈ শিশু কেইটাৰ। মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীৰ কথা বাদেই। সৰু মানুহৰ সৰু ল'ৰা। সেয়ে হয়তো প্ৰয়োজনবোধ কৰা নাই এই অনাথ শিশু কেইটাৰ খবৰ ল'বলৈ কোনেও। আনকি সংবাদমাধ্যমো এই অভিযোগৰ পৰা মুক্ত নহয়।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে কেনে আছে তেওঁলোক খবৰ ল'লে। আৰু উপলব্ধি কৰিলে- এয়াই জীৱনৰ বাস্তৱ। মাক-দেউতাকক হেৰুৱাই অনাথ শিশুগৃহত ছন্দহীন জীৱনৰ শোকৰ মাজত তেওঁলোকে অতিবাহিত কৰিছে সময়। বিষন্ন মনবোৰ দৌৰ মাৰিছে অতীতলৈ। ঘূৰি যাব খোজে প্ৰিয় ঘৰখনলৈ। কিন্তু এতিয়াও বুজা নাই জীৱন কিমান কঠিন। চঞ্চল হৰিণৰ দৰে শৈশৱৰ চটফটনী আছে। তাৰ মাজতেই শোকত তেওঁলোক মাজৰাতি উচুপি উঠে। মনত পৰে মাক-দেউতাকলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in