মন্ত্ৰী হৈছো বুলি খবৰ পোৱা সময়ত দাঢ়ি কাটি আছিলোঃ ৰামেশ্বৰ তেলী

মন্ত্ৰী হৈছো বুলি খবৰ পোৱা সময়ত দাঢ়ি কাটি আছিলোঃ ৰামেশ্বৰ তেলী

মৃদুল কুমাৰ সন্দিকৈ

মন্ত্ৰী হ'ম বুলি তেওঁ ভবা নাছিল। দলে যি দায়িত্ব দিছিল, সেয়াই তেওঁ কৰি গৈছিল। দলৰ তেওঁ একান্ত সেৱক। দলীয় নেতৃত্বই দিয়া দায়িত্ব পালন কৰিবলৈ তেওঁ সদায় প্ৰস্তুত।

বৃহস্পতিবাৰৰ দুপৰীয়া ১২.৪৫ বজালৈকে এই খবৰ পোৱা নাছিল। সেই সময়ত তেওঁদিল্লীত আছিল। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে যাবলৈ নিজকে সাজু কৰিছিল নিজক। বিজেপিৰ এজননেতাই তেওঁলৈ ফোন কৰিছিল।

সাধাৰণতে কেন্দ্ৰীয় এই নেতাগৰাকীয়ে তেওঁলৈ প্ৰায় ফোন কৰে। দলৰ সাংগঠনিক কথা-বতৰা তেওঁৰ সৈতে আলোচনা হয়। দলটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে কৰা ফোনটো তেওঁ হাতত তুলি ল'লে। তেতিয়াও তেওঁৰ দাঢ়ি কটা সম্পূৰ্ণ হোৱাই নাছিল।

সংসদ ভৱনৰ সন্মুখত ৰামেশ্বৰ তেলী…

মন্ত্ৰী হোৱাৰ পাছত প্ৰথমটো সাক্ষাৎকাৰ অসমীয়া প্ৰতিদিনৰ ডিজিটেলসংস্কৰণক দি এই কথা কৈছিল ৰামেশ্বৰ তেলীয়ে- 'মই দাঢ়ি কাটি আছিলো। ভাবিছিলো দলৰকিবা কথা-বতৰাক লৈ তেওঁ ফোন কৰিছিল। ফোনটো মই তেনেকৈয়ে ধৰিলো।'

কেন্দ্ৰীয় নেতাগৰাকীয়ে তেওঁক এই সুখবৰ দিছিল- তই মন্ত্ৰী হৈ গলী। ভালোলাগিছিল তেওঁৰ। কিয়নো দলৰ বাবে তেওঁ যি দায়িত্ব দিয়ে পালন কৰিবলৈ সদায় প্ৰস্তুতআছিল।

সেই ফোনটোতেই অমিত শ্বাহেও তেওঁৰ সৈতে কথা পাতিছিল। ভালদৰে প্ৰস্তুত হৈ আবেলি প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা চাহমেললৈ মাতিছিল। সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত ডিঙিত গামোচা লৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰূপে শপত লৈছিল ৰামেশ্বৰ তেলীয়ে।

কান্ধত গামোচা লৈ শপতগ্ৰহণৰ সময়ত ৰামেশ্বৰ তেলী…

এক সহজ আৰু সাধাৰণ জীৱনত বিশ্বাসী ৰামেশ্বৰ তেলী। ১৯৭০চনৰ ১৪ আগষ্টত জন্ম ৰামেশ্বৰ তেলীৰ। লোকসভালৈ প্ৰথমতেওঁ ২০১৪ত নিৰ্বাচিত হৈছিল। তাৰপূৰ্বে ২০০১চনৰ পৰা ২০০৬চনলৈ তেওঁ আছিল দুলিয়াজানবিধানসভাৰ বিধায়ক।

২০০৬ৰ পৰা ২০১১লৈ তেওঁ দ্বিতীয়টো কাৰ্যকালৰ বাবে উক্ত সমষ্টিটোৰ পৰাইনিৰ্বাচিত হৈ গৈছিল। ২০১১চনত কংগ্ৰেছ প্ৰাৰ্থী অমিয়া গগৈৰ হাতত মাত্ৰ ৩হাজাৰ ভোটৰব্যৱধানত পৰাস্ত হৈছিল ৰামেশ্বৰ তেলী।

ৰাজ্যিক বিজেপিৰ বহু দায়িত্ব চম্ভালা ৰামেশ্বৰ তেলী ২০১৪চনত প্ৰথমডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হৈছিল। তাৰপাছত ২০১৯চনৰ লোকসভানিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী পবন সিং ঘাটোৱাৰক বিশাল ভোটৰ ব্যৱধানত পৰাস্ত কৰিলোকসভালৈ নিৰ্বাচিত হয় দ্বিতীয় বাৰৰ বাবে।

২০১৯ৰ লোকসভা নিৰ্বাচনত ৰামেশ্বৰ তেলীয়ে ৬,৫৯,৫৮৩টা ভোট লাভ কৰিছিল। তেওঁ লাভ কৰা ভোটৰ হাৰ আছিল ৬৪.৯৪ শতাংশ। ২০১৪ৰ তুলনাত ৯.৪৫ শতাংশ ভোট বৃদ্ধি হৈছিল।

মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে ৰামেশ্বৰ তেলী…

দুলীয়াজানৰ এটা সাধাৰণ ঘৰত বাস কৰা ৰামেশ্বৰ তেলীৰ দেউতাৰ নাম বুধুতেলী। বিধায়ক ৰূপে নিৰ্বাচিত হোৱাৰ পাছতো তেওঁ সেই সাধাৰণ জীৱনত বিশ্বাসী হৈসততাৰে ৰাজনীতি কৰি গৈছিল।

বিতৰ্কৰ পৰা দূৰত থকা আৰু অতি সাধাৰণ জীৱন-যাপন কৰা ৰামেশ্বৰ তেলীউঠিল মোডীৰ নিৰ্বাচনত। ৫৭জনীয়া মন্ত্ৰীসভাত অসমৰ পৰা তেওঁকেই স্থান দিয়া হ'ল।উত্তৰ-পূবৰ পৰা কিৰণ ৰিজিজুৰ লগতে ৰামেশ্বৰ তেলীয়ে দ্বিতীয়জন প্ৰতিনিধি হিচাপে মোডীৰমন্ত্ৰীসভাত স্থান লাভ কৰিলে।

কেন্দ্ৰীয় মন্ত্ৰী ৰূপে শপত লোৱাৰ পাছত তেওঁৰ দায়িত্ব বৃদ্ধি হ'ল।পূৰ্বৰ সেই সৰলতাৰেই তেওঁ ক'লে- আগৰ দৰেই তেওঁ পাব ৰাইজে। মন্ত্ৰী হোৱাৰ পাছততেওঁৰ প্রথম দিনটোৰ কাৰ্যসূচী কি সেই কথাও তেওঁ সোধা হৈছিল।

কেন্দ্ৰীয় মন্ত্ৰী ৰূপে শপত লোৱাৰ পাছত অসমীয়া প্ৰতিদিনৰ ডিজিটেলডেস্কৰ সৈতে তেওঁ দিল্লীৰ পৰাই কথা পাতিছিল। তেওঁৰ সৈতে হোৱা সেই কথোপকথৰ সম্পাদিতৰূপ এয়া-

অসমীয়া প্ৰতিদিনৰ ডিজিটে ডেস্কঃ নমস্কাৰ। মই প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ পৰা ক'লো।

ৰামেশ্বৰ তেলীঃ নমস্কাৰ।

অসমীয়া প্ৰতিদিনৰ ডিজিটে ডেস্কঃ অসম তথা উত্তৰ-পূবৰ দুজন প্ৰতিনিধিয়ে মোডীৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছে। তাৰ ভিতৰত আপুনি এগৰাকী। প্ৰধানমন্ত্ৰী মোডীয়ে এইবাৰ বিভিন্ন দিশ চালি-জাৰি চাই এইবাৰ মন্ত্ৰীসভা গঠন কৰিছে। আপোনাকো ইয়াত সুবিধা দিয়া হ'ল। এতিয়া আপুনি কেনেদৰে এই দায়িত্ব আগবঢ়াই নিম বুলি ভাবিছে?

ৰামেশ্বৰ তেলীঃ বৰ্তমানলৈ মোক কোনো বিভাগৰ দায়িত্ব অৰ্পণ কৰা নাই। কাইলৈ সম্ভৱ এই বিষয়ত আলোচনা হ'ব। মই দীৰ্ঘসময়ৰ পৰা দলত আছো আৰু দলৰ সকলো দায়িত্ব পালন কৰি গৈছো। এইবাৰ মোক প্ৰধানমন্ত্ৰী মোডীয়ে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে। আৰু ইয়াৰ পাছত মোক যি দায়িত্ব দিয়া হ'ব সেয়া মই নিষ্ঠাৰে পালন কৰিম। আমাৰ অসমতো যথেষ্ট সমস্যা আছে। এই সমস্যাবোৰ সমাধানৰ বাবে মোৰ ফালৰ পৰা যিমান পাৰো মই কৰি যাম।

অসমীয়া প্ৰতিদিনৰ ডিজিটে ডেস্কঃ বৃহস্পতিবাৰে শপতগ্ৰহণ অনুষ্ঠানত দেখা পোৱা গৈছিল আপুনি কান্ধত গামোচা লৈ শপতবাক্য পাঠ কৰিছিল। আৰু শপত লোৱাৰ পাছত শুকুৰবাৰে মন্ত্ৰী হিচাপে আপোনাৰ প্ৰথম দিনটোৰ কাৰ্যসূচী কি কি?

ৰামেশ্বৰ তেলীঃ মই দিল্লীত এজন অসমীয়া হিচাপে পৰিচয় দিব বিচাৰো। যোৱাকালিৰ গুৰুত্বপূৰ্ণ দিনটোত মই ডিঙিত গামোচা পিন্ধি গৈছিলো, যাতে সকলোৱে জানক যে এজন অসমীয়াই শপত লৈছে। বৰ্তমান মই ঘৰতে আছো। আজি দিনটোৰ বিশেষ কাৰ্যসূচী নাই।

অসমীয়া প্ৰতিদিনৰ ডিজিটে ডেস্কঃ আবেলি ৫বজাত দিল্লীত কেবিনেট বৈঠক আছে নহয়…

ৰামেশ্বৰ তেলীঃ হয়, কেবিনেট বৈঠক আছে।

অসমীয়া প্ৰতিদিনৰ ডিজিটে ডেস্কঃ আপোনালৈ যেতিয়া ফোনটো আহিছিল। এটা ভাল খবৰ দিছিল। অৰ্থাৎ আপুনি মন্ত্ৰী হ'ব, এই খবৰ কেতিয়া আপুনি কেনেকৈ পালে?

ৰামেশ্বৰ তেলীঃ মোলৈ দলৰ এজন জ্যেষ্ঠ কৰ্মকৰ্তাই ফোন কৰিছিল। তেতিয়া মই দাঢ়ি কাটি আছিলো। সাংগঠনিক দিশত তেখেতৰ পৰা ফোন আহেই। মই দাঢ়ি কটাৰ ভাগেই ফোনটো ধৰিছিলো। আৰু মোক সিমূৰৰ পৰা কৈছিল- ঐ, তই মন্ত্ৰী হৈ গ'লি। দাঢ়ি ভালকৈ কাটি ল'। তেতিয়া সময় ১২.৪৫ মান বাজিছিল। তাৰপাছত অমিত শ্বাহে ফোনটো লৈ মোৰ সৈতে কথা পাতিছিল। অৰ্থাৎ এই খবৰ আহোতে মই দাঢ়ি কাটি আছিলো। মোক কৈছিল- সন্ধিয়া ৫ বজাত প্ৰধানমন্ত্ৰীৰ সৈতে চাহমেলত উপস্থিত থাকিবলৈ।

অসমীয়া প্ৰতিদিনৰ ডিজিটে ডেস্কঃ মন্ত্ৰিত্ব পাম বুলি ভাবিছিলনে?

ৰামেশ্বৰ তেলীঃ তেনে কোনো আশা কৰা নাছিলো। কিন্তু দলে যি দায়িত্ব দিয়ে, পালন কৰিবলৈ প্ৰস্তুত আছিলো।

অসমীয়া প্ৰতিদিনৰ ডিজিটে ডেস্কঃ চাহ মেলত প্ৰধানমন্ত্ৰীৰ সৈতে কিবা কথা-বতৰা হৈছিল নেকি?

ৰামেশ্বৰ তেলীঃ অ, তেখেতে ভালদৰে কাম কৰিবলৈ কৈছিল। কৈছিল তেওঁ ইঞ্জিন আৰু আমিবোৰ দবা। দবা নহ'লে ইঞ্জিনৰ কাম নাই। তেতিয়া মই তেখেতক সম্ভাষন জনাইছিলো। কামাখ্যা প্ৰসাদ তাছাৰ কথা সুধিছিল। কৈছিল- সিটো ৰাজ্যসভাৰ পৰা দিল্লীলৈ আহিছে।

অসমীয়া প্ৰতিদিনৰ ডিজিটে ডেস্কঃ আপুনি অসম বিধানসভাৰ সদস্য আছিল। দুবাৰকৈ সাংসদ। আপোনাৰ এতিয়া দায়িত্ব বাঢ়িল মন্ত্ৰীৰূপে। এতিয়া আপুনি ডিব্ৰুগড় সমষ্টিৰ সাংসদেই নহয়, দেশক প্ৰতিনিধিত্ব কৰা এজন মন্ত্ৰী। ৰামেশ্বৰ তেলীৰ সৰলতা আৰু সাধাৰণ জীৱনবোধ ৰাইজে ভাল পায়। কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পাছত ৰামেশ্বৰ তেলীক একেদৰে পাবনে?

ৰামেশ্বৰ তেলীঃ নিশ্চয় দলৰ স্বাৰ্থত নিজকে আত্মনিয়োগ কৰিছো। বহু দলীয় দায়িত্ব মূৰপাতি লৈছো। এতিয়া দলে এই দায়িত্ব দিছে, সেয়া সুচাৰূৰূপে কৰিবলৈ চেষ্টা কৰিম।একেদৰেই মই ৰাইজৰ সেৱা আগবঢ়াবলৈ প্ৰস্তুত হৈছো।

অসমীয়া প্ৰতিদিনৰ ডিজিটে ডেস্কঃ অভিনন্দন দাদা, পুনৰবাৰ অভিনন্দন।

ৰামেশ্বৰ তেলীঃ ধন্যবাদ।

ৰাইজৰ কাষত সাংসদ ৰামেশ্বৰ তেলী…

এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হ'ব ৰামেশ্বৰ তেলীৰ ওপৰত। জনপ্ৰতিনিধিৰূপে তেওঁ সফলতা দাবী কৰিব পাৰে। মন্ত্ৰী ৰূপেও ৰামেশ্বৰ তেলীয়ে সেই সততাৰে কামকৰি যাব বুলি অসমবাসীয়ে আশা কৰে। ৰামেশ্বৰ তেলীক মোডী মন্ত্ৰীসভাত অন্তৰ্ভুক্তকৰাক লৈ ৰাজ্যত উৎসাহ সৃষ্টি হৈছে। বিশেষকৈ ডিব্ৰুগড়ত এই খবৰ লাভ কৰাৰ পাছতেইআনন্দৰ বন্যা হৈছে। সাধাৰণ জীৱন ধাৰণাৰ গৰাকী হোৱা ৰামেশ্বৰ তেলীৰ পৰাৰাইজে নিশ্চয় কেন্দ্ৰীয় ৰূপে তেওঁৰ পৰা অসাধাৰণ সফলতাই আশা কৰিব। কিয়নো ৯জন সাংসদৰমাজৰ পৰা নৰেন্দ্ৰ মোডীয়ে তেওঁৰ ব্ৰিগেডৰ বাবে নিৰ্বাচন কৰিছ কেৱল ৰামেশ্বৰ তেলীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in