ৰাজনীতিৰ ক্ৰিকেটঃ লক্ষ্য ১৪৫ লৈ ক্ৰীজত বিজেপি!

ৰাজনীতিৰ ক্ৰিকেটঃ লক্ষ্য ১৪৫ লৈ ক্ৰীজত বিজেপি!

মৃদুল কুমাৰ সন্দিকৈ

প্ৰায় ২২ বছৰ পুৰণি এখন ক্ৰিকেট খেল। ঢাকাত অনুষ্ঠিত হৈছিল এই মেচ। দুই চিৰবৈৰী দেশ ভাৰত আৰু পাকিস্তানৰ মাজৰ ক্ৰিকেট বুলি ক'লেই অনুৰাগীসকলৰ মাজত চৰম উৎকণ্ঠাই বিৰাজ কৰে। ইণ্ডিপেণ্ডেনছ কাপৰ তৃতীয়খন ফাইনেল আছিল এই মেচখন।

বাংলাদেশৰ স্বাধীনতা লাভৰ ২৫ বছৰ উপলক্ষে অনুষ্ঠিত হোৱা ভাৰত-পাকিস্তানৰ এই খেলখন কোনো থ্ৰিলাৰ কাহিনীতকৈ কম নাছিল। প্ৰথমে বেটিং কৰি ৪৮ অভাৰত ৫টা উইকেট হেৰুৱাই পাকিস্তানে ৩১৪ৰান সংগ্ৰহ কৰি ভাৰতক জয়ৰ বাবে ৩১৫ ৰানৰ লক্ষ্য বান্ধি দিছিল।

এই খেলখনতে বিস্ফোৰক বেটিং কৰিছিল এছ আনোৱাৰে। ১৩২টা বলৰ সন্মুখীন হৈ ১৪টা 'ফৰ' আৰু দুটা 'ছিক্স'ৰে ১০৬.০৬ ষ্ট্ৰাইক ৰেটেৰে ১৪০ ৰান সংগ্ৰহ কৰিছিল। বহু ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ লগতে বিশ্বৰ ক্ৰিকেট প্ৰেমীৰ বাবে এই হাইভল্টেজ খেলখনৰ দৃশ্য আজিও চকুৰ সন্মুখত ভাহি থাকে।

মেচখনত ইজাজ আহমেদে ১১৭, শ্বাহিদ আফ্ৰিদিয়ে ১৮ ৰান সংগ্ৰহ কৰিছিল। ১০ অভাৰ বলিং কৰি ৬১ ৰানৰ বিনিময়ত মাত্ৰ ১ উইকেট লাভ কৰিবলৈ সক্ষম হৈছিল জাগৱাল শ্ৰীনাথে। হৰভজন সিঙে ১০ অভাৰত ৭৪ৰান দিলেও ৩টা উইকেট লাভ কৰিছিল। আৰু পাকিস্তানে হেৰেওৱা আনটো উইকেট লাভ কৰিছিল শচীন তেণ্ডুলকাৰে।

ভাৰতৰ সন্মুখত পাকিস্তানে বৃহৎ স্কৰ থিয় কৰাইছিল। খেলৰ অন্তিমটো অভাৰলৈকে খেলখনত কোন জয়ী হ'ব সেয়া প্ৰায় অনিশ্চিত আছিল। ১৯৯৮চনৰ খেল এইখন। তেতিয়া চলি আছিল ৪২.৩ অভাৰ খেল। সৌৰভ গাংগুলীয়ে ১২৪ ৰানত আউট হৈ ক্ৰিজ এৰিছিল। তেতিয়া ভাৰতৰ স্ক'ৰ আছিল চাৰিটা উইকেটৰ বিনিময়ত ২৭৪ ৰান।

গাংগুলী আউট হোৱাৰ পাছত ক্ৰীজলৈ আহিছিল নৱজোত সিং সিদ্ধু। ভাৰতক জয়ৰ বাবে ৩১টা বলত প্ৰয়োজন আছিল তেতিয়া ৩৭ ৰানৰ। হাতত ৬টাকৈ উইকেট। সকলোৰে চকু নিবদ্ধ হৈছিল টিভি পৰ্দাত বা সেই সময়ত জনপ্ৰিয় হোৱা ক্ৰিকেট খেলৰ ৰেডিঅ' কমেন্ট্ৰীত।

৩০টা বলত ৩৬ ৰানৰ প্ৰয়োজন ভাৰতক। সকলোৱে ভাবিছিল জয় হ'ব ভাৰতৰেই। কাৰণ তেতিয়াও ভাৰতৰ ৬টাকৈ উইকেট বাকী। চাৰিটা বল খেলি ৫ ৰান কৰি এল বি ডব্লিউ আউট হৈ অহা বাটে ঘূৰি গ'ল সিদ্ধু।ভাৰতৰ ৰান ৫ উইকেটত ২৮১।

ক্ৰীজলৈ আহিছিল অজয় জাডেজা। ৪৫.৩ অভাৰ খেল হৈ গৈছিল। ১৫টা বলত ভাৰতক জয়ৰ বাবে ১৯ ৰানৰ প্ৰয়োজন। খেল তেতিয়া ভাৰতৰ হাতত। খেল তেতিয়া পাকিস্তানৰো হাতত। ৪৬ অভাৰৰ চাৰি নম্বৰ বলটো তলকিবই নোৱাৰিলে জাডেজাই। বলে খহাই নিলে ষ্টাম্পৰ বেল।

আনন্দত মতলীয়া হৈ পৰিছিল পাকিস্তানৰ খেলুৱৈসকল। ষ্টেডিয়ামত থকা ভাৰতীয় সমৰ্থকসকলে মূৰে-কপালে হাত দিছিল। এনে এখন খেলত পাকিস্তানৰ বিৰুদ্ধে ভাৰত হৰা আশংকাত ডুবিছিল। আৰু পাকিস্তানৰ সমৰ্থকে জয়ৰ পাছত আনন্দ-উল্লাস কৰিবলৈ প্ৰায় সাজু হৈছিল।

ছাকলিন মুস্তাক তেতিয়া নায়ক। ৮ ৰান কৰি হতাশ মনেৰে ক্ৰীজ এৰিছিল জাডেজাই। পেভিলিয়নত ভাৰতীয় শিবিৰত প্ৰতিজন খেলুৱৈৰে চকুত চিন্তা আৰু হতাশাৰ ৰেঙনি। দুই হাত সাৱতি বিষন্ন মনে পেভিলিয়নত থিয় হৈ ৰৈছিল তেণ্ডুলকাৰে।

হাতত চাহৰ কাপটো লৈ অধিনায়ক আজাহাৰে ভাবি লৈছিল এনে পৰিস্থিতিত জয়ত কৈ পৰাজয়ৰ সম্ভাৱনাই বেছি। ক্ৰীজলৈ নতুনকৈ আহিল নয়ন মংগীয়া। ১৩টা বলত ১৯ ৰানৰ প্ৰয়োজন। ৪৬.৫ অভাৰ, ভাৰতৰ ৰান তেতিয়া ৩০৬। নল'ব লগা ৰান এটা ল'বলৈ গৈ ৰান আউট হ'ল মংগীয়া।

কোনেও তেতিয়ালৈকে ধৰিব পৰা নাই কি হ'ব খেলৰ ফলাফল। এটা অভাৰৰ খেল বাকী তেতিয়া। ষ্ট্ৰাইকাৰত হৃষিকেশ কানিটকাৰ। প্ৰথমটো বলত ১ ৰান ল'লে কানিটকাৰে। ষ্ট্ৰাইকাৰত পাক বলৰ সন্মুখত শ্ৰীনাথ।

প্ৰচণ্ড জোৰেৰে শ্ব'ট ল'বলৈ গৈ ওপৰলৈ উঠাই দিলে বল। সৌভাগ্যক্ৰমে আউট নহ'ল শ্ৰীনাথ। ল'লে দুটা ৰান। আকৌ ওপৰলৈ তুলি দিয়া বলটো তিনিজন পাক ফিল্ডাৰৰ ভুল বুজাবুজিৰ বাবেই কৰায়ত্ত কৰিব নোৱাৰিলে।আকৌ দুটা ৰান শ্ৰীনাথৰ নামত।

দুটা বলত ভাৰতক ৩ ৰানৰ প্ৰয়োজন। যিকোনো ফলাফল হ'ব পাৰে খেলখনৰ। ষ্ট্ৰাইকাৰ হেণ্ডত কানিটকাৰ। ভাৰতীয় দৰ্শকে চকু মুদি দিছিল তেতিয়া। যদি কেনেবাকৈ কানিটকাৰ আউট হয় যায়! একোটো ক'ব নোৱাৰি। ঘনে ঘনে সলনি হৈছিল খেলখনৰ পৰিৱেশ।

ভাৰতীয় দৰ্শকৰ দৰেই দশা হৈছিল পাকিস্তানৰো। ভাৰতক লাগে এটা চাৰি। পাকিস্তানক লাগে এটা উইকেট। অৱশেষত সেই বলটো কানিটকাৰে ঠেলি পঠিয়াই দিলে বাউণ্ডেৰীৰ বাহিৰলৈ। আত্মহাৰা হৈ পৰিল ভাৰতীয় দৰ্শক। ৰোমাঞ্চ ভৰা এই খেলখনত কানিটকাৰৰ সেই চাৰিয়ে ভাৰতক জয়ী কৰালে। এনেকুৱাই অনিশ্চয়তাৰে ভৰা ক্ৰিকেট খেল। সকলো সম্ভৱ ক্ৰিকেটত। ৬টা বলত ৬টা ছিক্স। বা ৬টা বলত ৬টা উইকেটো অসম্ভৱ নহয়!

ক্ৰিকেটৰ দৰেই এতিয়া এক অনিশ্চয়তাৰ খেল হৈ পৰিছে ৰাজনীতি।অৱশ্যে এই কথা নিশ্চিত যে, ক্ৰিকেটত খেলুৱৈসকলৰ সততা, নিষ্ঠা, একাগ্ৰতা আৰু দেশাত্মকবোধ আৰু বিচক্ষণতাই এনে নাটকীয় পৰিৱৰ্তন আনিব পাৰে। আজিৰ ৰাজনীতিত পিছে এই দেশাত্মকবোধ, সততা, নিষ্ঠাৰ স্থান নাই। যাৰ এখন পৰিষ্কাৰ প্ৰতিচ্ছবি মহাৰাষ্ট্ৰত দেখিবলৈ পোৱা গৈছে।

সেই খেল ক্ষমতাৰ খেল। শেহতীয়াকৈ ভাৰতীয় ৰাজনীতিত এনে ক্ষমতাকেন্দ্ৰিক নৈতিকতা আৰু সততাহীন কৰ্ম-কাণ্ডই সাধাৰণ জনতাক গণতন্ত্ৰৰ প্ৰমূল্যৰ প্ৰতিয়েই বিশ্বাসহীন কৰি তুলিছে।মহাৰাষ্ট্ৰত সঘনে সলনি হোৱা ৰাজনৈতিক প্ৰেক্ষাপট এক চূড়ান্ত নিদৰ্শন। ৰাজনীতিত সকলো সম্ভৱ, অসম্ভৱ বুলি কোনো কথা নাই। ক্ষমতা সৰ্বস্ব এই ৰাজনীতিয়ে গণতন্ত্ৰৰ প্ৰতি চৰম বিতৃষ্ণাৰ ভাৱ সৃষ্টি কৰিছে।

২১ অক্টোবৰ, ২০১৯ত অনুষ্ঠিত হৈছিল মহাৰাষ্ট্ৰৰ বিধানসভাৰ নিৰ্বাচন। ২৪ অক্টোবৰত হোৱা ভোটগণনাত এককভাৱে কোনো দলেই চৰকাৰ গঠনৰ বাবে প্ৰয়োজনী ১৪৫ মেজিক সংখ্যা অতিক্ৰম কৰিব নোৱাৰিলে।

বিজেপিয়ে ১০৫খন, শিৱসেনাই ৫৬খন, কংগ্ৰেছে ৪৪খন আসন লাভ কৰিলে যদিও মুখ্যমন্ত্ৰী কেন্দ্ৰিক সংঘাতৰ বাবেই বিজেপি আৰু শিৱসেনাৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন সম্ভৱ নহ'ল। শিৱসেনাই দিয়া মুখ্যমন্ত্ৰীৰ ৫০-৫০ ফৰ্মুলা বিজেপিয়ে নাকচ কৰাত বিকল্প চৰকাৰ গঠনৰ সূত্ৰ বিচাৰি কংগ্ৰেছ আৰু এন চি পিৰ শৰণাপন্ন হৈছিল শিৱসেনাৰ নেতৃত্ব।

সেই আলোচনা চলি থকাৰ মাজতেই ১২ নবেম্বৰত হঠাৎ মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল। তাৰপাছতো ৰাজ্যখনত চৰকাৰ গঠনৰ প্ৰস্তুতি চলাই আছিল শিৱসেনা, কংগ্ৰেছ আৰু বিজেপিয়ে। শুকুৰবাৰৰ সন্ধিয়ালৈকে তেনে সম্ভাৱনা উজ্বল হোৱাৰ লগতে এই চৰকাৰৰ উমহৈতীয়া কাৰ্যসূচী কি হ'ব সেই সন্দৰ্ভতো তিনিওটা দলৰ মাজত আলোচনা হৈছিল।

চৰকাৰ গঠনৰ বাবে এই তিনিটা দলৰ তৎপৰতা চলি থাকোতেই শনিবাৰৰ পুৱা ৫.৪৭ বজাত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাজ্যখনৰ পৰা ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ কৰা আৰু তাৰ ২ ঘণ্টাৰ পাছতেই বিজেপি দেৱেন্দ্ৰ ফড়নবিছ মুখ্যমন্ত্ৰী ৰূপে শপত লোৱা ঘটনাই সকলোকে আচৰিত কৰি তুলিলে।

কি পৰিস্থিতিত এন চি পিৰ অজিত পাৱাৰে বিজেপিৰ লগ লাগি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছিল সেয়া ৰহস্য হৈয়েই ৰৈ গ'ল। আনকি ৰাজনীতিৰ খবৰ নখ দৰ্পণত ৰখোৱা প্ৰখ্যাত সাংবাদিকৰ চকু কপালত উঠিল এই খবৰ পায়।

তাৰপাছত বহু খবৰ বিয়পিল। ৰাজনীতিত বিশ্বাস আৰু ন্যায় নিষ্ঠাৰ কম বুলি মানুহে ভাবে। কিন্তু ৰাতিৰ ভিতৰতে ৰাজনীতিৰ সমীকৰণ এনেদৰে সলনি হয় বুলি কোনেও ভাবিব পৰা নাছিল। অজিত পাৱাৰৰ সৈতে যোৱা বুলি দাবী কৰা এন চি পিৰ বিধায়কসকলো পুনৰ আহি শৰদ পাৱাৰে আহ্বান কৰা বিধায়িনী দলৰ বৈঠকত লগ লাগিল।

মুহূৰ্তৰ ভিতৰতে সলনি হোৱা এই নাটকীয় দৃশ্যপটে মহাৰাষ্ট্ৰৰ চৰকাৰ গঠনৰ প্ৰক্ৰিয়াটোকে ভেঙুচালি কৰাই নহয়, ৰাজ্যপালৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিলে। শৰদ পাৱাৰ আৰু অজিত পাৱাৰৰ মাজত ৰাজনৈতিক মতানক্য বা সংঘাতৰ স্পষ্ট ছবি এখনো ফুটি উঠিল।

ইফালে, ৰাজ্যপালে বিজেপিক চৰকাৰ গঠন কৰিবলৈ দিয়াক লৈ এন চি পি, কংগ্ৰেছ আৰু শিৱসেনাই উচ্চতম ন্যায়ালয়ত তেওঁৰ বিৰুদ্ধে গোচৰো তৰিছে। তেওঁলোকৰ অভিযোগ- ৰাজ্যপালে অসংবিধানিকভাৱে চৰকাৰ গঠন কৰিবলৈ দিছে বিজেপিক।

এন চি পিৰ বিধায়িনী দলৰ নেতা হিচাপে অজিত পাৱাৰে বিজেপিলৈ সমৰ্থন আগবঢ়াই উপ-মুখ্যমন্ত্ৰীৰ পদ লাভ কৰাৰ পাছত শৰদ পাৱাৰে ঘোষণা কৰিলে- বিজেপিক সমৰ্থন কৰাতো তেওঁৰ ভতিজা অৰ্থাৎ অজিত পাৱাৰৰ ব্যক্তিগত সিদ্ধান্ত । সেয়া দলৰ নহয়।

পৰৱৰ্তী সময়ত এন চি পিৰ বিধায়িনী দলৰ বৈঠকত ৫৪জন বিধায়কৰ ভিতৰত ৫০জনেই উপস্থিত থকাত এন চি পিৰ সহযোগত বিজেপিয়ে চৰকাৰ গঠন কৰা এই প্ৰক্ৰিয়াটোৱেই ল'ৰা-ধেমালি সদৃশ হৈ পৰিল।

কিয়নো ১০৫জন বিজেপি বিধায়ক আৰু অজিত পাৱাৰৰ লগত থকা চাৰিজন বিধায়কে সংখ্যা গৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰে বুলি জানিও অতি খৰখেদাকৈ পুৱাৰ ভাগত এনে ৰাজনৈতিক তৎপৰতাৰ আঁৰত যে আন কিছু সমীকৰণ লুকাই আছিল সেয়া সাধাৰণ এজন লোকেও অনুভৱ কৰিব পাৰে।

ৰাজনীতি এতিয়া এক নুবুজা সাঁথৰ হৈ পৰিছে। আদৰ্শ, দৰ্শন, দলীয় চিন্তা-ধাৰা এই সকলোবোৰ ৰাজনীতিৰ পৰা হেৰাই গৈছে। প্ৰমূল্যবোধৰ ৰাজনীতিৰ সলনি ক্ষমতা কেন্দ্ৰিক ৰাজনীতিয়ে নেতা সকলক গিলি পেলাইছে।

প্ৰলোভনৰ এই জালত ভৰি দিয়া জনপ্ৰতিনিধি সকলৰ কৰ্ম-কাণ্ডই ৰাজনীতিৰ ক্ষেত্ৰখনকেই প্ৰদূষিত কৰিছে। সেই দোষৰ পৰা কংগ্ৰেছ, বিজেপি, শিৱসেনা, এন চি পিকে ধৰি কোনো ৰাজনৈতিক দলেই মুক্ত নহয়। মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতেই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছিল- 'যিকোনো ফলাফল ওলাব পাৰে মহাৰাষ্ট্ৰত। কিয়নো ৰাজনীতি ক্ৰিকেটৰ দৰেই! সকলো সম্ভৱ ইয়াত।'

কিন্তু ক্ৰিকেট আৰু ৰাজনীতি যে একে নহয় সেই কথাহে এতিয়া নেতাসকলে বুজি পোৱা নাই। অনিশ্চয়তাৰে ভৰা হ'লেও ক্ৰিকেট এক খেল। কিন্তু ৰাজনীতি কেতিয়াও ক্ষমতা লাভৰ খেল নহয়। সেই কথা নেতাসকলে বুজি নুঠা লৈকে এই ক্ষমতাৰ খেল চলিয়েই থাকিব।

ক্ৰিকেটৰ সেই অনিশ্চয়তা আৰু নাটকীয় পৰিৱৰ্তনে দৰ্শকক ৰোমাঞ্চ আৰু এখন খেল উপভোগ কৰাৰ আনন্দ দিয়ে। কিন্তু ৰাজনীতিৰ এই নাটকীয় পৰিৱৰ্তন আৰু অস্থিৰতাই সাধাৰণ জনতাক ক্ষতি কৰে। সেই কথা নেতাই নুবুজালৈকে ৰাজনীতি আৰু ক্ৰিকেটক একাকাৰ কৰি এনেবোৰ খেল খেলি থাকিব। ক্ৰিকেট মেচ উপভোগ কৰাৰ দৰে এতিয়া ৰাজনীতিৰ মেচো উপভোগ কৰিব লগা হৈছে বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নাগৰিকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in