লক্ষ্মী দেৱীৰ আৰাধনাত ব্যস্ত ভক্ত…

লক্ষ্মী দেৱীৰ আৰাধনাত ব্যস্ত ভক্ত…

ৰাজৰ্ষি চহৰীয়া

'ওম নমস্তে সৰ্বভূতানাং বৰোদাশি হৰিত্ৰেয়ে/জাগতিস্তং প্ৰপন্বায়াং সামেতুয়াৎ ত্বদৰ্চনাৎ/ওম বিশ্ব ৰূপস্য ভাৰ্যাসী পদ্মে পদ্মালয়ে শুভে/সৰ্বাতঃ পাহি মাং দেৱী/মহালক্ষ্মী মনস্তুতে।'- পুৰোহিতৰ মুখত ধ্বনিত হৈছে প্ৰণাম মন্ত্ৰ। ভক্তপ্ৰাণ ৰাইজে বুধবাৰে ঐশ্বৰ্য, বিভূতি, সুখ-শান্তিদায়িনীৰ দেৱী মা লক্ষ্মীক পূজিলে।

পূৰ্ণিমাৰ সয়মচোৱাত ভক্তসকলে অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰীলক্ষ্মীলৈ ষোড়শোপচাৰে আগবঢ়াব পূজা-অৰ্চনা। আৰু পঞ্জিকাৰ সময় অনুসৰি বুধবাৰে নিশা১০.১৩ বজালৈ অব্যাহত থাকিব পূৰ্ণিমা। হিন্দু সমাজত বিশ্বাস আছে যে, লক্ষ্মী দেৱীৰআশীৰ্বাদত ভক্তসকলৰ অভাৱ-অনাটন, শোক-সন্তাপ, অপায়-অমংগল, দুখ-অশান্তি দূৰ হয় আৰুধন, ঐশ্বৰ্য-বিভূতিৰে জীৱন উপচি পৰে।

মা লক্ষ্মী উচ্চ পৰ্যায়ৰ দেৱী। তেওঁ ধন, ঐশ্বৰ্য-বিভূতি, সুখ-শান্তি প্ৰদানৰ দেৱী হিচাপে হিন্দু ধৰ্মাৱলম্বী লোকসকলেপ্ৰাৰ্থনা কৰে। মা লক্ষ্মী বিষ্ণুৰ পত্নী তথা শক্তিৰ উৎস বুলিও জনাজাত। মালক্ষ্মীৰ বাহন হৈছে বগা ফেঁচা চৰাই। কোৱা হয় যে, যেতিয়া ভগৱান বিষ্ণুই ৰাম আৰুশ্ৰীকৃষ্ণৰ অৱতাৰ গ্ৰহণ কৰিছিল, তেতিয়া মা লক্ষ্মী দেৱীয়ে সীতা আৰু ৰাধাৰ অৱতাৰ লৈতেওঁৰ সংগী হৈছিল। মা লক্ষ্মীক দীপাৱলি আৰু পূৰ্ণিমাৰ দিনটোত পূজা-অৰ্চনা আগবঢ়োৱাহয়।

হিন্দুসকলৰ মাজত দেৱী লক্ষ্মীক লৈ বহু জনপ্ৰিয় গল্প প্ৰচলিতআছে। আৰু গল্পসমূহক পাঞ্চালীৰ ৰূপত লক্ষ্মীপূজাৰ দিনা উচ্চাৰণ কৰা হয়। আৰু ইয়াকেকোৱা হয় লক্ষ্মী পাঞ্চালী। লক্ষ্মীপূজা সাধাৰণে ঘৰৰ গৃহিনীৰ দ্বাৰা কৰা হয়। আৰুভাৰতত ন-বোৱাৰীক ঘৰৰ লক্ষ্মী বুলিও কোৱা হয়।

এবাৰ পূৰ্ণিমাৰ নিশা দেৱৰ্ষি নাৰদে দেৱী লক্ষ্মীক পৃথিৱীৰমানুহৰ দুখ-দুৰ্দশাৰ বিষয়ে অৱগত কৰে। আৰু তেতিয়া মা লক্ষ্মীয়ে নাৰদক কয় যে এয়ামানুহৰ নিজৰ পাপৰ ফল। কিন্তু অৱশেষত নাৰদৰ অনুৰোধত মানুহৰ দুখ-কষ্ট আঁতৰাবলৈ দেৱীলক্ষ্মীয়ে লক্ষ্মীব্ৰত কৰিবলৈ উপদেশ দিয়ে।

হিন্দু সকলৰ মাজত প্ৰচলিত এক কাহিনী অনুসৰি অৱন্তী নগৰত এজনবহু ধনী ব্যক্তি আছিল। মৃত্যুৰ পাছত তেওঁৰ সা-সম্পত্তীক কেন্দ্ৰ কৰি সন্তানৰ মাজতসংঘৰ্ষৰ সৃষ্টি হয়। তাৰপাছত ধনী ব্যক্তিজনৰ পত্নীগৰাকী অতিষ্ঠ হৈ আত্মহত্যা কৰাৰউদ্দেশ্যে অৰণ্যৰ মাজলৈ যায়। তাত দেৱী লক্ষ্মীয়ে তেওঁক লক্ষ্মীব্ৰত কৰিবলৈ উপদেশদি ঘৰলৈ উভতাই পঠিয়াই। লক্ষ্মীব্ৰত কৰাৰ পাছতেই তেওঁৰ ঘৰলৈ সুখ-শান্তি ঘূৰি আহে।আৰু তাৰপাছত অৱন্তী নগৰত প্ৰচলিত হয় লক্ষ্মীব্ৰতৰ।

ইফালে, এদিন অৱন্তীত লক্ষ্মীব্ৰত কৰি থকা দেখি শ্ৰীনগৰৰ এজনব্যৱসায়ীয়ে ঠাট্টা কৰে। আৰু দেৱী লক্ষ্মীয়ে এই কাৰ্যক দেখি ক্ষোভিত হৈ পৰে। দেৱীলক্ষ্মীৰ প্ৰকোপত শ্ৰীনগৰৰ সেই ব্যৱসায়ীজনৰ সকলো ধন হেৰুৱাই আৰু অৱশেষত ভিক্ষামাগিব লগা হয়। সকলো হেৰুওৱাৰ পাছত শ্ৰীনগৰৰ ব্যক্তিজনে মা লক্ষ্মীক ক্ষমা খোজে আৰুঅৱশেষত দেৱীয়ে তেওঁক ক্ষমা কৰে আৰু সকলো সা-সম্পত্তি ঘূৰাই দিয়ে।

মা লক্ষ্মীক বুধবাৰেও সমগ্ৰদেশত পূজা-অৰ্চনা কৰা হয়। ধন,ঐশ্বৰ্য-বিভূতি,সুখ-শান্তি লাভ কৰিবলৈ লক্ষ্মী দেৱীক ভক্তপ্ৰাণ ৰাইজে পূজা-অৰ্চনা আগবঢ়ায়। অসমৰোবিভিন্ন প্ৰান্তত লক্ষ্মী দেৱীক পূজা কৰা হয়। তেওঁক ভক্তপ্ৰাণ লোকে বিভিন্ন নামেৰেপূজা অৰ্চনা আগবঢ়াইছে। বিষ্ণুপ্ৰিয়া, নন্দিকা, মনুশ্ৰী, চক্ৰিকা, কমলিকা, ঐশ্বৰ্য্যআদি নামেৰে পূজা কৰে মা লক্ষ্মীক।

মালক্ষ্মীক ভক্তসকলে আৰাধনা কৰা কিছু নাম এনেধৰণৰ-পদ্মা, কমলা, পদ্মাপ্ৰিয়া, পদ্মমালাধাৰাদেৱী, পদ্মমুখী, পদ্মক্ষী, পদ্মহস্ত, পদ্মসুন্দৰী, বিষ্ণুপ্ৰিয়া, নন্দিকা, মনুশ্ৰী,চক্ৰিকা, কমলিকা, ঐশ্বৰ্য্য, লালিমা, ইন্দিৰা, কল্যাণী, নন্দিনী, বৈষ্ণৱী, ভাৰ্গৱী,শ্ৰীদেৱী, চঞ্চলা, মাধৱী, সুজাতা, প্ৰাচী, হৰিপ্ৰিয়া, মধু, পৰমা, জনমোদিনী, মালতী,বিদ্যা, বসুদা, বেদাৱতী, ত্ৰিলোচনা, তিলোত্তামা, ক্ৰিয়ালক্ষ্মী, বীৰুপা, অপৰাজিতা,অৰুণা, অখিলা, বালা, কুহু, পুৰ্ণিমা, সীতা, ৰাধা, ৰাধিকা, ৰুক্মিণী, তৰুণা, জ্যোৎস্না,জ্যোতি, স্বৰ্ণ কমলা, স্মৃতি আদি।

দেৱী লক্ষ্মীৰ প্ৰতি ভক্তৰ আছে বিশেষ আকৰ্ষণ। সুখ আৰুশান্তিৰ লগতে ধন-ঐশ্বৰ্য, বিভূতি দাত্ৰী লক্ষ্মী দেৱী। অন্ন দাতৃ লক্ষ্মী দেৱীৰ পৰা সকলোৱে আশীষবিচাৰে। লোক বিশ্বাসৰ আধাৰত বৃহস্পতিবাৰতো লক্ষ্মী বাৰ বুলি জনাজাত।

লক্ষ্মী পূজাৰ দিনটোতকেনেকৈ পূজা কৰা হয় লক্ষ্মী দেৱীকঃ

আজি ধন, সম্পদ, অশ্বৰ্যৰঅধিষ্ঠাত্ৰী লক্ষ্মী দেৱীৰ পূজা। গাঁৱৰ ৰাইজে ভঁৰালত, পথাৰত এগছি বন্তি জ্বলাই আৰুএখন শৰাই আগবঢ়াই লক্ষ্মী মাক আমন্ত্ৰণ জনায়।আনহাতে, মহানগৰবাসীয়ে ধানৰ থোক, কলগছ,কুঁহিয়াৰ, ৰবাব টেঙা আৰু বিভিন্ন ফলমূলেৰে লক্ষ্মী দেৱীক আদৰাৰ প্ৰস্তুতি চলাইছে।সেয়েহে মহানগৰীৰ বজাৰসমূহত পূজাৰ সামগ্ৰী বিচাৰি গ্ৰাহকে কৰিছে ভিৰ।

জন বিশ্বাস অনুসৰি, যাৰ ঘৰতমা লক্ষ্মীয়ে পদাৰ্পন কৰে তেওঁলোকৰ ঘৰ ধনে-ধানে ওপচি পৰে। আৰু প্ৰচলিত মতে লক্ষ্মীদেৱী অতি শান্ত প্ৰকৃতিৰ। সেয়েহে আৰাধনা কৰা সময়তে শান্তভাৱে পূজা অৰ্পন কৰা উচিত।লক্ষ্মী দেৱীৰ প্ৰিয় ৰং বগা। আৰু সেয়েহে তেওঁ পূজা আগবঢ়োৱা সময়ত শুভ্ৰ সাজ পৰিধানকৰিব লাগে।

পৰম্পৰা অনুসৰি, দেৱী লক্ষ্মীক আৰাধনা কৰি সকলোৱে সুখ-শান্তিৰ লগতে সমৃদ্ধি আৰু পৰিয়ালৰ প্ৰাচুৰ্য্যৰ কামনা কৰে। লক্ষ্মী পূজাৰ সৈতে বহু পৰম্পৰা জড়িত হৈ আছে। বিশ্বাস কৰা হয় ধন-সম্পত্তীৰ অধিষ্ঠাত্ৰী দেৱী সন্তুষ্ট হ'লে নদন-বদন হৈ পৰে ঘৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in