জীৱনৰ বাজীত জয়ী হোৱা সংগীতা…

জীৱনৰ বাজীত জয়ী হোৱা সংগীতা…

ৰাজৰ্ষি চহৰীয়া

বৰ্তমানৰ যুগত এগৰাকী মহিলাই কেৱল ঘৰৰ কাম-কাজ কৰাই নহয়, অফিচ-কাচাৰী, সন্তান সকলোবোৰ দায়িত্ব পালন কৰিব পাৰে। পুৰুষৰ সৈতে খোজত খোজ মিলাই আগবাঢ়িব শিকিছে ভাৰতীয় মহিলাই। পৰিয়ালৰ সকলো সমস্যা সমাধানৰ উপৰিও কাৰ্যালয়ৰ কাম-কাজবোৰো সুকলমে কৰি গৈছে আজিৰ মহিলাই।

শৈক্ষিক জগত, সংগীত জগত, ক্ৰীড়া জগত, ৰাজনীতিকে আদি কৰি বিভিন্ন ক্ষেত্ৰত মহিলা সকলে নিজৰ পাৰদৰ্শিতা দেখুৱাই আহিছে। অসমৰ ধিং এক্সপ্ৰেছ হিমা দাস, লাভলীনা, শিৱাংগী শৰ্মা আদিয়ে নিজৰ ক্ৰীড়াজগতত এক এনে উত্থান লৈ আহিছে, যাৰ বাবে তেওঁলোকৰ পৰা অনুপ্ৰেৰণা লাভ কৰি আগন্তুক সময়ত বহু ন ন মহিলা খেলুৱৈ আগবাঢ়ি অহাৰ এক বাট মুকলি হৈছে।

টেক্সি চলাই নিজৰ পৰিয়াল চলোৱা সংগীতা বঞ্জাৰে…

তাৰ মাজতে শেহতীয়াকৈ এগৰাকী মহিলাৰ জীৱন কাহিনী বৰ্তমান ছ'চিয়েলমিডিয়াত বাৰুকৈ ভাইৰেল হৈ পৰিছে।  তেওঁ পেছাত এগৰাকী টেক্সী ড্ৰাইভাৰ। আৰু টেক্সীচলাইয়ে তেওঁ নিজৰ স্বামীক ঘৰৰ অভাৱ-অনাটনবোৰ দূৰ কৰাত সহায় কৰে। লগতে এগৰাকীমহিলাই যে যিকোনো কাম ইচ্ছাশক্তি আৰু একাগ্ৰতাৰে কৰিলে সফল হ'বই তাৰ এক উদাহৰণদাঙি ধৰিছে সকলোৰে আগত।

মুম্বাইৰ নিবাসী সংগীতা বঞ্জাৰে নামৰ মহিলাগৰাকী এই পেছাৰ সৈতে জড়িতহোৱা কাহিনীও অতি মনোৰঞ্জক। আৰু সেয়েহে হয়তো বহু ৰাষ্ট্ৰীয় সংবাদমাধ্যমত তেওঁক লৈবাতৰি প্ৰকাশ হৈছে। ছবি অংকন আৰু গান গাই খুবেই ভাল পোৱা সংগীতাই সম্পূৰ্ণ কৰিবনোৱাৰিলে নিজৰ স্কুলীয়া শিক্ষা। মাত্ৰ ১৮ বছৰ বয়সতে পিতৃহাৰা পোৱা সংগীতাই সৰুতেইবুজি উঠিছিল যে এই কঠোৰ পৃথিৱীখনত জীয়াই থাকিবলৈ নিজক কঠোৰ কৰিব লাগিব আৰু কৰিবলাগিব বহু পৰিশ্ৰম। আৰু সেয়েহে হয়তো তেওঁ কোনো কাম কৰিবলৈ পিচহুহুকা নাছিল।

পিতৃক হেৰুওৱাৰ ২ বছৰ পাছতেই সংগীতা বিবাহপাশত আৱদ্ধ হয় ৰাজু বঞ্জাৰেৰ সৈতে। ছিকিউৰিটী গাৰ্ড হিচাপে কাম কৰা স্বামীৰ সন্দৰ্ভত সংগীতাই বিয়াৰ পাছত বহু অভাৱত দিন পৰা কৰিব লগাত পৰে। ছিকিউৰিটী গাৰ্ডৰ কামৰ পৰা কোম্পানীয়ে আঁতৰাই দিয়াৰ পাছত প্ৰায় ৮ বছৰ সময় সংগীতাই নিজে আনৰ ঘৰে ঘৰে গৈ কাম কৰি টকা উপাৰ্জন কৰিছিল।

নিজৰ বাহনত ড্ৰাইভাৰৰ ছীট বহি থকা সংগীতা…

কিন্তু নিশাৰ আন্ধাৰ আঁতৰিৰ পুৱা যেনেকৈ সূৰ্যই সকলো পোহৰাই তোলে, ঠিকএকেদৰে এদিন বহু দুখ-কষ্টৰ মাজতে স্বামী ৰাজুৱেও সংগীতাক ধেমালি সুৰতেই জনাইছিল একপ্ৰত্যাহ্বান। যি প্ৰত্যাহ্বানৰ পাছত সলনি হৈছিল বহু। প্ৰায় তিনি বছৰ আগৰ কথা, স্বামীৰাজুৱে সংগীতাক গাড়ী চলাব নোৱাৰে বুলি প্ৰত্যাহ্বান জনায়। কিন্তু স্বামীক ভুলপ্ৰমাণিত কৰিবলৈ সংগীতাই বন্ধু মহেশৰ সৈতে গাড়ী চলোৱা প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰে।

এই সৰু তথা সাধাৰণ সিদ্ধান্ত বোৰেই যে মানুহৰ জীৱন বহু সলনি কৰিব পাৰেসেই কথা সংগীতাৰ জীৱন কাহিনীৰ পৰাই প্ৰমাণ হয়। সদায় সংগীতাক সাহস আৰু সমৰ্থন জনোৱাৰাজুৱে হয়তো বিশ্বাস কৰিছিল যে, তেওঁৰ পত্নী এগৰাকী সাহসী মহিলা। যি সকলো পৰিস্থিতিৰেমোকাবিলা কৰিবলৈ জানে।

এই ক্ষেত্ৰত অৱশ্যে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু ইচ্ছা শক্তিৰ লগতে সহায় কৰিছিল ভাগ্যয়ো। কিয়নো টেক্সীৰ অনুজ্ঞাপত্ৰৰ বাবে স্বামী-পত্নী দুয়োৱে মহাৰাষ্ট্ৰ চৰকাৰৰ উদ্যোগত অনুষ্ঠিত এক লটাৰীত অংশ লৈছিল। য'ত ৰাজু আৰু সংগীতা দুয়োৱে সেই লটাৰীত জয়ী হৈ টেক্সীৰ ব্যৱসায় আগবঢ়াবলৈ সুবিধা লাভ কৰে। দুটি সন্তানসহ তেওঁলোকৰ চাৰিজনীয়া এই পৰিয়ালটোৰ দিন লাহে লাহে ভালৰ দিশে ঢাল খাবলৈ ল'লে সেই সিদ্ধান্তটোৰ পাছত।

দুই সন্তান আৰু স্বামী ৰাজুৰ সৈতে সংগীতা বঞ্জেৰা

উল্লেখ্য যে, হিউমেন অৱ বোম্বাই নামৰ এটা ইনষ্টাগ্ৰাম পেজত মুম্বাইৰএই মহিলাগৰাকীৰ জীৱন কাহিনী শ্বেয়াৰ কৰা হয় ২৮ জানুৱাৰী, ২০২০ত। য'ত সংগীতাবঞ্জাৰেৰ এখন ফটোসহ তেওঁ নিজ মুখে কোৱা কিছুমান কথা লিখা হৈছে। তেওঁ আৰম্ভণিতে কয়-'মই আৰু মোৰ স্বামীয়ে এদিন মহিলা-পুৰুষৰ দায়িত্ববোৰৰ সন্দৰ্ভত কথা পাতি আছিলো। মইতেতিয়া কৈছিলো যে এগৰাকী মহিলাই সেই সকলোবোৰ কৰিব পাৰে যিবোৰ এজন পুৰুষে কৰিবপাৰে।'

লগতে সংগীতা বঞ্জাৰেয়ে কয়- 'মই মোৰ মাক চাই আৰু তেওঁৰ মৰমৰ মাজতে ডাঙৰহৈছো। দেউতাৰ মৃত্যুৰ পাছত মাই কিমান যে কষ্ট কৰি আমাক ডাঙৰ-দীঘল কৰিলে…। বুজিপালো যে স্বাধীনচেতিয়াভাৱে ময়ো কিবা কৰিব নিজৰ জীৱন চলাব পাৰিম। মই বিবাহপাশতআৱদ্ধ হোৱাৰ পূৰ্বেও কাম কৰিছিল। কিন্তু সন্তান জন্মৰ পাছত মোৰ কাম আৰু সিঁহতকচোৱা-মেলা কৰাত অসুবিধাৰো বহু সন্মুখীন হ'লো।

মোৰ মনত এতিয়া আছে মোৰ প্ৰথমটো টেক্সি ভাড়া আছিল ল'ৱাৰ পেৰেলৰ পৰাৱ'ৰলীলৈ। দুগৰাকী মহিলা আহি মোৰ গাড়ীত বহিছিল। প্ৰথমে মই ভয় কৰিছিলো যদিও, পাছতমই টেক্সি চলোৱা দেখা পাই মহিলা দুগৰাকী আচৰিত হৈ পৰিছিল। তেওঁলোকে হয়তো ইয়াৰ আগতেকোনো মহিলা ড্ৰাইভাৰ দেখা নাছিল। আৰু তেওঁলোকক ৱ'ৰলীত নমোৱাৰ পাছত এগৰাকী মহিলাইমোক চকলেটো দিছিল।

কিন্তু এনে নহয় যে মই ইয়াৰ পাছতো কোনো অসুবিধা বা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাছিল। আমাৰে টেক্সি চালক সন্থানৰ দুজনমানে মই যাতে কোনো ভাড়া নাপাওঁ তাৰ বাবে বহু চেষ্টা চলাইছিল। মোৰ গাড়ীৰ আগত ৰখি তেওঁলোকে মোক গাড়ী ভালকৈ চলাব নাজানো বুলি মোক ইতিকিং কৰিছিল। মই তেতিয়া মোৰ মনোবল হেৰাই পেলাইছিলো।'

হিউমেন অৱ বোম্বাই নামৰ ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰা পোষ্টটো…

এগৰাকী মহিলাই এই পৃথিৱীখনত স্বাৱলম্বী হৈ নিজৰ পৰিয়ালক আৰ্থিকভাৱেসবল কৰিবলৈ যদি আগবাঢ়িব বিচাৰে তেন্তে এনে কিছু লোকে বাধা তথা অসুবিধাৰ সৃষ্টিকৰা দৈনন্দিন জীৱনত প্ৰায়ে দেখা পোৱা যায়। পুৰুষ প্ৰথম আৰু মহিলাৰ স্থান দ্বিতীয়বুলি বহুতৰে মনোভাৱ এতিয়াও সলনি হোৱা নাই। কিন্তু সংগীতা হাৰ মনা বিধৰ নাছিল।

তেওঁৰ এই ভাইৰেল পোষ্টটোত তাৰপাছত লিখিছে- 'মোৰ মনোবল হেৰুওৱা দেখি সন্থাৰ আনবোৰ চালকে মোক উৎসাহিত কৰিবলৈ কৈছিল যে তুমি যদি এতিয়া ঘূৰি গুচি যোৱা তেন্তে সিহঁতৰ সেই অভিযোগ প্ৰমাণিত হ'ব। তুমি যে ভাল গাড়ী চলাব নাজানা সেইটো মিছা প্ৰমাণ কৰিবলৈ তুমি কামৰ জৰিয়তে দেখুৱাব লাগিব।

আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ এক অনুষ্ঠানত সংগীতা…

তাৰপাছত মই প্ৰতিজ্ঞা ল'লো যে, লাগিলে যিমানেই প্ৰত্যাহ্বান নাহক কিয়, মই আগুৱাই যাম। এদিন মোৰ বাহনত এজন আদহীয়া লোক আহি বহিল। তেওঁ মোক ক'লে- মোৰ গাঁৱত শুনিছো মহানগৰীৰ মহিলাসকলে বহু উন্নতি কৰিছে। নিজক স্বাৱলম্বী কৰিছে। তোমাক এনেদৰে টেক্সি চলোৱা দেখি বহুত গৌৰৱ অনুভৱ কৰিছো। আৰু অৱশেষত তেওঁক গাড়ীৰ পৰা নমোৱা সময়ত তেওঁ মোক ২০ টকা অধিক ভাড়া দিছিল।'

তেওঁ লগতে একাংশ লোকৰ তুচ্ছ মনোভাৱৰ কথা উল্লেখ কৰি তাৰপাছত কয়- 'এইটো বৰ হাস্যকৰ যে এগৰাকী মহিলাই গাড়ী চলোৱাক লৈ বিতৰ্কৰ সৃষ্টি হয়। এদিন স্বামীৰ সৈতে মই বাজী লগাইছিলো যে মহিলাই সেই সকলোবোৰ কাম কৰিব পাৰে যিবোৰ এজন পুৰুষে কৰিব পাৰে। আৰু আজি হয়তো জানিছেই যে সেই বাজীত মই জয়ী হ'লো।'

মুম্বাইৰ মহিলা টেক্সি ড্ৰাইভাৰগৰাকী…

জীৱনত দুখ-সুখৰ বিভিন্ন ৰং দেখিবলৈ পোৱা যায়। কিন্তু সেই সকলোবোৰতনিজৰ আত্মবিশ্বাস নেহেৰুৱাই আগবাঢ়ি যোৱাতোৱেই এক প্ৰকাৰৰ জয়। পুৰুষ-মহিলা সমানবুলি এদিন স্বামীৰ সৈতে বাজী লাগি সংগীতা বঞ্জেৰীয়ে সঁচাকৈ প্ৰমাণ কৰিলে বহু কথা।যি হয়তো আন বহু কেইগৰাকী মহিলা-যুৱতীৰ বাবে হ'ব অনুপ্ৰেৰণা, আগবাঢ়ি যোৱাৰ এক বাট।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in