হেৰৌ অসমীয়া! আহ, আকৌ এবাৰ ৰঙা কৰি মৰো লুইতৰ বগা পানী…

হেৰৌ অসমীয়া! আহ, আকৌ এবাৰ ৰঙা কৰি মৰো লুইতৰ বগা পানী…

মৃদুল কুমাৰ সন্দিকৈ

সৌৱা শৰাইঘাট। এদিন তাতেই প্ৰশস্ত নিমাত ইতিহাস ৰচিছিল বীৰ লাচিতে। ৰামসিংহৰ বিজয়ৰ গৰৱেৰে উন্নত হোৱা শিৰ আৰু দম্ভালি শেষ কৰি দিছিল এই অসমীয়া বীৰগৰাকীয়ে। স্তব্ধ হৈছিল ভাৰত বিজয়ী অভিযান।

আকৌ চলিছে জাতি-মাটিৰ ওপৰত আঘাত। এই মুহূৰ্তত জ্যোতি প্ৰসাদে কোৱাৰ দৰেই প্ৰতিজন অসমীয়াই বুজাৰ সময়- 'অলৰ-অচৰ মোৰ/বজ্ৰপাথৰ/ অস্থিত আহি আহি হানিছে আঘাত/ প্ৰতিঘাত পাই/ হতবীৰ্য সিংহ সম যায়/ শতমুখে অসমীয়া যুঁজাৰুৰ/ গৌৰৱ গায়/ সৌৱা—/ মোৰ নীলাচল সম/ বুকুৰ পটাত/ অস্ত্ৰাঘাত ব্যৰ্থ হ'ল,/ সাম্ৰাজ্যৰ দম্ভ ধূলিসাৎ/ বিজয়ীবাহিনী উৎখাৎ।'

নিমাত হ'লেই এতিয়া নহ'ব। দেশ ৰাখ, জাতি ৰাখ বুলি উঠিছে প্ৰতিধ্বনি। অসমীয়া নবীনৰ তপত হিয়াত, শিৰাই শিৰাই অগ্নিশিখা জ্বলিছে। কিয়নো সন্মুখত আকৌ অগ্নি পৰীক্ষা। শৰাইঘাটত লাচিতৰ প্ৰশস্ত সেই ইতিহাস সুঁৱৰি বুৰঞ্জীৰ পাত লুটিয়াই অসমীয়াৰ শক্তি দেখুওৱা সময়।

'আজি গদাপাণী নাই। নাই লাচিত। কিন্তু আছে লাচিতৰ সেই বজ্ৰবাণী জীয়াই। দেশতকৈ মোমাই ডাঙৰ নহয়।' জ্যোতি প্ৰসাদৰ সেই লাচিতৰ উপলব্ধিৰে জাতীয় সত্বাক অভয়বাণী দিবলৈকে জাগি উঠাৰ সময় এয়া।

লাচিত ফুকন কবিতা দেৱকান্ত বৰুৱাই লিখিছিল-
'লাচিত ফুকন ! লাচিত ফুকন! মোৰ স্বদেশৰ বীৰ!
দেশৰ কাৰণে তাহানি এদিন যাচিলা নিজৰ শিৰ।
দেশৰ কাৰণে, মুক্তিৰ হকে, অন্যায় ৰোধি বীৰ!
নৰ-শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ।
দেশৰ কাৰণে শুনিলা এদিন মৃত্যুৰ আবাহন,
জাতিৰ বুকুত জগাই তুলিলা, দুৰ্ম্মদ যৌৱন। '

এতিয়া নতুন প্ৰজন্মৰ লাচিতৰ বুকুত জাতি প্ৰেমৰ যৌৱন জগাই তোলাৰ সময় আহিছে। আকৌ এটা গড় নিৰ্মাণৰ বাবে অগ্নিপৰীক্ষাৰ সময় সন্মুখত। এই গড় বগাই যাতে কোনো আহি জাতি-মাটিক বিপন্ন কৰিব নোৱাৰে তাৰ বাবে প্ৰতিবাদে গঢ়িব লাগিব এই বাধাৰ প্ৰাচী।

দেৱকান্ত বৰুৱাই কবিতাত কৈ যোৱাৰ দৰেই সেই কথাই সঁচা হ'ব নহ'লে। লাচিতক সুঁৱৰি আমি-
'দেশৰ বাতৰি শুনিবানে বীৰ? নিদিওঁ তোমাক ফাঁকি,
তোমাৰ অসম নাই আৰু, আজি জ'কাটোহে তাৰ বাকী।
লুইতৰ এই বিশাল পাৰত নাই আৰু অসমীয়া,
মৰি হজি ঢুকাল সকলো চিনচাব নাইকিয়া। '

অসমীয়া জাতীয় জীৱনলৈ অহা এই প্ৰত্যাহ্বানৰ সময়ত একাংশই নিজ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ হকে জাতিৰ বিৰুদ্ধেই থিয় দিছে। আন একাংশই প্ৰতিবাদৰ নামত প্ৰতিবাদ কৰিছে। কিন্তু এটা জাতিৰ সন্মুখত থকা প্ৰত্যাহ্বানৰ বাবেও সকলো অসমীয়া একেলগ হ'ব পৰা নাই। ক'ব পৰা নাই- নালাগে আমাক হিন্দুৱেই হওঁক বা মুছলমানেই হওঁক বিদেশী নাগৰিক…।

"অসমৰ এই কাম্যভূমিত" চৰিছে গাধৰ পাল,
বোজা বই বই পৰিল কঁকাল পিঠিৰ ছিগিল ছাল।
তেওতো অকণো কাণসাৰ নাই, কত যে ৰঙেৰে চৰে,
এমুঠি দানৰ কাৰণে সকলো প্ৰভুৰ পিছত লৰে।
প্ৰভুৰ কাষত কামৰ মূল্য, চৰ, ভুকু, কিল পায়,
তাতো যে সবেও পায় আনন্দ, নিৰুপায়! নিৰুপায়!
হায়! সময়ৰ সোঁত,
সিংহৰ হ'ল সন্তান গাধ অদ্ভুত ! অদ্ভুত ! "

মিছা নেকি এয়া দেৱকান্ত বৰুৱাৰ কবিতাৰ ভাষা? এমুঠি দানৰ কাৰণে সকলো এতিয়া ৰাজনৈতিক পহুৰ পাছত দৌৰে। সেই প্ৰলোভনৰ মায়াজালে তেওঁলোকৰ চকু ছানি ধৰিছে। সকলো নিৰূপায়। সময়ৰ সোত এয়া। হিংসৰ সন্তান গাধ হোৱাৰ দিশে।

জাতি তথাপিও জাগিব। কোনোবাই ঠগিলেও নতুন প্ৰজন্মই জাতিৰ পূজা-আঁৰতিত মমবাতি জ্বলাই হ'লেও পঢ়িব প্ৰতিবাদৰ গান। যিমান জোৰ কৰি জাপি দিব খুজিলেও কৰি যাব প্ৰতিবাদ। ছাত্ৰ শক্তি পুনৰ জাগ্ৰত হোৱাৰ দিশে। সেইবোৰ দেখি পলাইছে ঘৰৰে বিভীষণ। অহাৰ পথ সলনি কৰি, যাব লগা ঠাইলৈ নগৈ ৰাইজৰ পৰা আঁতৰত অৱস্থান ল'লেও এদিন তেওঁলোক ৰণত পৰিব। হয়তো মোগলৰ দৰেই এই শক্তিয়ে দিল্লীৰ ঈশ্বৰে জোৰ কৰি জাপি দিব খোজা জাতিধ্বংসী সিদ্ধান্তক ওফৰাই পেলাব।

সংকট আহিলেই স্বদেশ প্ৰেম উজ্বলি উঠে। দেশৰ মানুহে নেখাই মৰিছে, খবৰ নাই। কাৰোবাৰ বীৰ পূজা চলিছে। কিন্তু অসমৰ আকাশ শংকাৰ ডাৱৰে ছানি ধৰিছে। যিমানেই কৈছে নালাগে, সিমানেই তেওঁলোকে চিঞৰিছে যি পৰিস্থিতিত হ'লেও তেওঁলোকে জাপি দিব আৰু বিদেশীৰ বোজা।

মন্ত্ৰিত্বই যাৰ শেষ কল্পনা আছিল, এচেম্বলীয়ে যাৰ আশা আছিল, তেওঁনো কি বুজিব এই জাতিৰ দুৰ্দৰ্শাৰ কথা? এতিয়া পিয়ান' বজাই পূজা আৰতি কৰা বা বেদীত মমৰ বাতি জ্বলাই দেশৰ মুক্তিৰ, জাতিৰ মুক্তিৰ সপোন দেখি জাতি প্ৰেমৰ কোবাল সোত বলোৱাৰ সময়।

সেই সকলে নুবুজে স্বদেশ প্ৰেমৰ মূল্য। জাতি-মাটি আৰু ভেটিৰ অস্তিত্বৰ কথা। তেওঁলোকৰ সপোনত, তেওঁলোকৰ কল্পনাত স্বদেশ, স্বজাতিৰ ঠাই নাই। কিন্তু সাধাৰণ অসমীয়াই বুজিছে এয়া আকৌ শৰাইঘাটৰ যুঁজ। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাম বুলি যিসকলে সিদ্ধান্ত লৈ পেলাইছে তেওঁলোকৰ বিৰুদ্ধে হ'ব এই যুঁজ।

লাচিত নাথাকিলেও হাজাৰ জন লাচিত ওলাব লাগিব অসমীয়াৰ মাজৰ পৰাই। নহ'লে দেশ শেষ। কেৱল নিয়ম মাফিক প্ৰতিবাদ আৰু আলোচনাই জাতিক আজি ৰক্ষা কৰিব নোৱাৰে। প্ৰলোভনৰ টোপ দি, জাতি-জনগোষ্ঠীৰ মাজত বিভাজনৰ বীজ ৰোপন কৰি তেওঁলোকে অসমীয়া জাতিক দুৰ্বল কৰাৰ চেষ্টা চলাব। দুই-এজনৰ ৰাজপাট দখলৰ সপোন পূৰণ হ'ব।

আজি নহ'লেও কম দিনৰ ভিতৰতেই অসমতে অসমীয়াই ভেটি-ভাষা-মাটি সকলো হেৰুৱাই ভগনীয়া হ'ব লাগিব। অসমতে অসমীয়াক হাঁহিব। লাচিতৰ ইতিহাসে তেতিয়া দুৰ্বল অসমীয়াক দেখি জপাই দিব শৰাইঘাটৰ যুদ্ধৰ সেই সোণালী অতীত।

কি যুক্তিত অসমীয়াই মানি ল'ব এই কথা? কি যুক্তিত খিলঞ্জীয়াই এৰি দিব নিজৰ অধিকাৰ? কিহৰ বাবে সেই সকলক আনি খিলঞ্জীয়া তথা অসমীয়াৰ স্বাৰ্থ বিঘ্নিত কৰাৰ এই ষড়যন্ত্ৰ ৰচা হৈছে সেয়া নিজেই বিচাৰ কৰাৰ সময় এয়া।

আজি সেই দল-সংগঠনেই নহয়, হাজাৰ হাজাৰ অসমীয়াৰ বুকুৱে কান্দিছে। তেওঁলোক অসমীয়া, অসমৰ সেনানী। এইবাৰ কেৱল হুকুম লাগে। এই হুকুম দিব জাতিয়ে। দেখুৱাব লাগিব লুইতত কেৱল বগা পানী নবয়। প্ৰয়োজনত হৈ পৰে লুইতৰ পানী ৰঙা। কিয়নো আমি অসমীয়া।

দেৱকান্ত বৰুৱাৰ কবিতাৰ ভাষাত-

"দেশৰ কাৰণে আজিও বিনায় হেজাৰ ডেকাৰ হিয়া, দেশৰ সেনানী!
আকৌ মাথোন এবাৰ হুকুম দিয়া,
আকৌ এবাৰ শুনোৱা তোমাৰ ৰণ-আহ্বান-বানী
আকৌ এবাৰ ৰঙা কৰি মৰোঁ লুইতৰ বগাপানী।"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in