কপিলী জলবিদ্যুৎ প্ৰকল্পত অঘটন!

কপিলী জলবিদ্যুৎ প্ৰকল্পত অঘটন!

মৃদুল কুমাৰ সন্দিকৈ

নদীবান্ধ আশীৰ্বাদ নে অভিশাপ? ৭ অক্টোবৰ, ২০১৯ত উমৰাংছুৰ জলবিদ্যুৎ প্ৰকল্পস্থলীত সংঘটিত অঘটনে এই প্ৰশ্ন পুনৰ প্ৰাসংগিক কৰি তুলিলে। বিদ্যুতৰ প্ৰয়োজন আৰু চাহিদা দিনকদিনে বৃদ্ধি পাইছে। কিন্তু সেই বিদ্যুৎ আহৰণৰ বাবে কেৱল প্ৰাকৃতিকভাৱে নদ-নদীৰে চহকী উত্তৰ-পূব তথা এই অঞ্চলসমূহক কিয় লক্ষ্য কৰি লোৱা হৈছে?

আমাৰ এই অঞ্চলটোত ভৌগলিকভাৱে নদীবান্ধ নিৰ্মাণৰ উপযোগী হয়নে? সেই কথা কিন্তু তথাকথিত গৱেষণা বা অধ্যয়নত স্পষ্টকৈ উল্লেখ থকাৰ পাছতো সেইবোৰ দিশ এৰাই চলি চাৰিওদিশে পাহাৰ আৰু মাজত এটা চৰীয়াৰ দৰে অঞ্চলত থকা লোকসকলৰ জীৱন বিপন্ন কৰি এই অঞ্চলটোতেই শক্তি উৎপাদনৰ বাবে চৰকাৰে নতুন নতুন নদীবান্ধ নিৰ্মাণৰ বাবে আকোৰগোজ হৈ আছে।

দ্ৰুতবেগী আৰু পাহাৰৰ পৰা বৈ অহা এই নদ-নদীসমূহৰ ভেটি বিশাল পৰিমানৰ জলৰাশিৰে শক্তি উৎপাদন কৰাৰ পৰিণতি কি হ'ব পাৰে তাৰ প্ৰমানেই যেন দি গ'ল উমৰাংছুৰ কপিলী জলবিদ্যুৎ প্ৰকল্পস্থলীত ৭ অক্টোবৰত সংঘটিত ঘটনাটোৱে।

কি হৈছিল উমৰাংছুত?

স্বাভাৱিকভাৱেই উমৰাংছুত থকা কপিলী জলবিদ্যুৎ প্ৰকল্পৰ কাম-কাজ চলি আছিল। বৰষুণৰ বাবে পানীৰ ৰিজাৰ্ভাৰৰ বিপদ সীমাৰ ওপৰলৈ পানী উঠাত সিদ্ধান্ত লোৱা হৈছিল- এই ৰিজাৰ্ভাৰৰ পৰা অতিৰিক্ত পানী একাংশ পাইপেৰে এৰি দিয়া হ'ব।

বিশাল আকৃতিৰ এই পানীৰ পাইপেৰে পাহাৰ অধ্যুষিত এই অঞ্চলটোত ৱাটাৰ ৰিজাৰ্ভাৰৰ পৰা অতিৰিক্ত পানী উলিয়াই নিয়া ব্যৱস্থা আছে। এই পানীৰ পাইপ ইমান বিশাল যে প্ৰতি ছেকেণ্ডত ১২ হাজাৰ লিটাৰ পানী বৈ যায় এই পাইপেৰে ।

ৱাটাৰ ৰিজাৰ্ভাৰৰ পানী এৰি দিয়াৰ সময়তে হঠাৎ বিকট শব্দ হৈছিল। সেই সময়ত জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত অৱস্থাত থকা একাংশ কৰ্মচাৰীৰ মতে, তেওঁলোকে সেই শব্দ শুনি সেয়া ৱাটাৰ ৰিজাৰ্ভাৰ ভগা বুলি সন্দেহ কৰিছিল। লৰালৰিকৈ তেওঁলোক আতৰি আহিছিল সুৰক্ষিত স্থানলৈ। কিন্তু প্ৰকৃততে ৱাটাৰ ৰিজাৰ্ভাৰ ভগা নাছিল।

যিডাল বৃহৎ পানীৰ পাইপেৰে ৱাটাৰ ৰিজাৰ্ভাৰৰ পানী এৰি দিয়া হৈছিল সেই পানীৰ পাইপৰ এটা অংশ ফাটি গৈছিল। তাৰপাছতেই ফটা অংশৰে প্ৰচণ্ড চাপত পানীৰ পাইপেৰে বৈ যোৱা পানী ওলাই আহিছিল বাহিৰলৈ। ৫০ ফুট উচ্চতালৈকে পানীৰ ফাৱাৰা সৃষ্টি হৈছিল সেই স্থানত।

হঠাৎ জলপ্ৰলয়ঃ

এই পানীৰ পাইপ ফাটি বাহিৰ হোৱা পানীৰে মুহূৰ্তৰ ভিতৰতে জলপ্ৰলয়ৰ সৃষ্টি কৰিলে। উমৰাংছুত থকা কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাৱাৰ হাউছকে ধৰি বিস্তৃৰ্ণ অঞ্চলত পানীৰে বুৰাই পেলালে। প্ৰচণ্ড বেগত চৌদিশে বৈ গ'ল পানী। ওচৰে-পাজৰে থকা বহু ঘৰ-দুৱাৰ পানীত ডুব গ'ল।

সেই সময়ত কৰ্মৰত নীপকোৰ কৰ্মচাৰী পানীৰ মাজত আৱদ্ধ হৈ পৰিছিল। হাহাকাৰ পৰিৱেশ চৌদিশে। নীপকোৰ কৰ্তৃপক্ষই সহায়ৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ আৰু আছাম ৰাইফলছৰ সহায় বিচাৰিলে। পানীৰ প্ৰকোপ এনেদৰে বৃদ্ধি পালে যে এই জলবিদ্যুৎ প্ৰকল্পলৈ যোৱা বাট-পথ পানীত উটি গ'ল।

সন্ধানহীন ৪ নীপকোৰ কৰ্মচাৰীঃ

হঠাৎ সৃষ্টি হোৱা এই জলপ্ৰলয়ৰ ফলত জলবিদ্যুৎ প্ৰকল্পৰ বহু সা-সম্পত্তি নষ্ট হ'ল। সেই সময়ত কৰ্মৰত ৪জনকৈ নীপকোৰ কৰ্মচাৰী সন্ধানহীন হ'ল। জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত আন কৰ্মচাৰীৰ মতে, কোবাল সোতে তেওঁলোকক উটুৱাই নিলে।

পানীত উটি যোৱা সকলৰ ভিতৰত ৰবাৰ্ট বেইটে, প্ৰেমলাল বাল্মিকী, জয়সিং টিমুঙৰ সন্ধান ২৪ ঘণ্টালৈকে নোলাল। এই জলপ্ৰলয়ত সন্ধানহীন হোৱা আনজন ব্যক্তি আছিল দক্ষিণ ভাৰতৰ। এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী আছিল তেওঁ। সন্ধানহীন হোৱা সকলৰ ভিতৰত আছিল এজন অভিযন্তাও।

সেই সময়ত পানীৰ পাইপৰ মেৰামতি চলি আছিল বুলি জানিব পৰা গৈছে। ৰিজাৰ্ভাৰৰ পৰা অতিৰিক্ত পানী বাহিৰলৈ উলিয়াবৰ বাবে থকা এই বৃহৎ আকাৰৰ পাইপডাল যোৱা বছৰো অৰ্থাৎ ২০১৮ বৰ্ষতো মেৰামতি কৰা হৈছিল। সেইডাল পাইপে ফাটি জলপ্ৰলয়ৰ সৃষ্টি হ'ল।

খহি পৰিল পাহাৰ!

কেইবা ফুট উচ্চতালৈ পানীৰ ফাৱাৰ উঠিছিল। সেই উচ্চ চাপত থকা পানীয়ে ফুটা হোৱা পানীৰ পাইপডালৰ সমীপৰ এখন পাহাৰ প্ৰায় খহাই পেলাইছিল। সেই পাহাৰৰ বোকামাটি উটি আহিছিল পানীৰ সৈতে। এই পানীৰ বোকা মাটিয়ে পুতি পেলাইছিল উমৰাংছুৰ জলবিদ্যুৎ প্ৰকল্পৰ পাৱাৰ হাউছকে ধৰি তাৰ সমীপৱৰ্তী বাট-পথ।

পৰিস্থিতি কিছু উন্নত হ'লেও, এই পাহাৰৰ মাটি যিকোনো মুহূৰ্ততে খহি কপিলীত পৰিলে কপিলীৰ জলপৃষ্ঠ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে সোমবাৰ অৰ্থাৎ ৭ অক্টোবৰ, ২০১৯ৰ এই ঘটনাৰ পাছত ৱাটাৰ ৰিজাৰ্ভাৰৰ তিনিখনকৈ গেট খুলি দিয়া হয়।

কপিলী জলপৃষ্ঠ ইয়াৰ ফলত বৃদ্ধি হয় মঙলবাৰে। নদীখনৰ নামনি অংশত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। এই ঘটনাৰ পাছতেই কপিলীৰ জলবিদ্যুৎ প্ৰকল্পৰ আটাইকেইটা বিদ্যুৎ উৎপাদন কেন্দ্ৰ বন্ধ কৰি দিয়া হয়।

কপিলীৰ প্ৰতি ভাবুকিঃ

কপিলী নদীৰ পানী এতিয়া বিষাক্ত। এই নদীৰ দক্ষিণ-পশ্চিম অঞ্চলৰ খাৰকা নদী সংগমৰ পৰা উত্তৰ-পূবৰ পানীমূৰলৈকে বিস্তৃত হৈ আছে কাৰ্বনবেল্টৰ এটা অংশ। ৪০ কিলোমিটাৰ বিস্তৃত এই কাৰ্বনবেল্টৰ চূণশিলৰ ভাণ্ডাৰ চিলহেট, চূণশিলৰ জয়ন্তীয়া পাহাৰলৈকে বিস্তৃত।

১৯৭৬চনতে আৰম্ভ হৈছিল কপিলী জলবিদ্যুৎ প্ৰকল্পৰ কাম। পূৰ্বতে সেই স্থানত এটা গৰম পানীৰ উঁহ আছিল। যিটো এতিয়া উমৰাং জলধাৰাত বুৰ গৈছে। এই প্ৰকল্পৰ মুল বান্ধটো কপিলীত আছে। কিন্তু এই প্ৰকল্পটোত আছে দুটা বান্ধ। তাৰে এটা কপিলীৰ উপনদী উমৰঙত। সেই পানী বান্ধ দি উমৰং জলধাৰালৈ লৈ যোৱা হয়।

সেই পানী আকৌ কপিলীত পেলাই ২০০ মেগাৱাট সম্পন্ন কপিলী শক্তিগৃহ চলোৱা হয়। খানদাং শক্তিগৃহ ১৯৮৪চনত আৰু কপিলী শক্তিগৃহ দুটা ১৯৮৮ আৰু ১৯৯৮ কাৰ্যক্ষম কৰা হৈছিল। ২০০৩চনত খানদাং শক্তিগৃহত সমান্তৰালকৈ ২৫ মেগাৱাট শক্তি সম্পন্ন আৰু এটা শক্তিগৃহৰে মুঠ এই কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পৰা ২৭৫ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰা হয়।

শেহতীয়াকৈ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ জলভাণ্ডাৰত ধৰি পৰিছিল বিষাক্ত ছালফিউৰিক এচিড। ইয়াৰ বাবে কপিলী নৈৰ পানী বিষাক্ত হৈ পৰাৰ লগতে এই জলবিদ্যুৎ প্ৰকল্পত ব্যৱহাৰ কৰা যন্ত্ৰাংশও সহজতে নষ্ট কৰা বুলি অনুমান কৰা হৈছিল।

মেঘালয়ত চলা কয়লা খনন আৰু ইয়াৰ সমীপতে থকা কেইবাটাও চিমেন্ট ফেক্টৰীৰ প্ৰভাৱ কপিলী নদীৰ পানীৰ ওপৰত পৰিছিল। এফালে নদীবান্ধৰ ফলত জৈৱ বৈচিত্ৰ্য আৰু জীৱকুলৰ নিৰাপত্তাহীনতা। আনফালে, এই ছালফিউৰিক এচিডৰ প্রভাৱত কপিলী নদীত মাছ পৰ্যন্ত নাইকিয়া হৈ পৰিছে। তাৰ মাজতে নদীবান্ধৰ পৰা সৃষ্টি হোৱা এই অঘটনে কপিলী দাতিকাষৰীয়া অঞ্চলত বাস কৰা জনজীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।

কি কয় বিশেষজ্ঞইঃ

কপিলী জলবিদ্যুৎ প্ৰকল্প আছিল নীপকোৱে স্থাপন কৰা প্রথমটো জলবিদ্যুৎ প্ৰকল্প। উমৰাংছুত থকা এই জলবিদ্যুৎ প্ৰকল্পত এনে অঘটন কিয় হ'ল? এই সন্দৰ্ভত জলবিদ্যুৎ প্ৰকল্পসমূহৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত বিশিষ্ট অভিযন্তা এছ আৰ বৰুৱাৰ মতে- বিষাক্ত হৈছে কপিলীৰ পানী। ছালফিউৰিক এচিডৰ উপস্থিতিয়ে এই নদীখনৰ জীৱকুলৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে।

এই অঘটনৰ পাছত সঠিকভাৱে অধ্যয়ন কৰিলে ইয়াৰ কাৰণ গম পোৱা যাব বুলি উল্লেখ কৰি তেওঁ কয়- তীব্ৰ চাপত থকা এই পানী নলাৰ মাজেৰে যাওঁতে এনেদৰে ফাটি ওলাই যাব পাৰে। এতিয়া অৱশ্যে সেইবোৰ প্ৰতিৰোধৰ বাবে উন্নত প্ৰযুক্তিৰ ব্যৱস্থা কৰা হৈছে। ওপৰৰ পৰা যেতিয়া পানীবোৰ আহে, আৰু সেইবোৰ উলিয়াই পঠিওৱাৰ আগত বিভিন্ন পদ্ধতি থাকে। পূৰ্বতে তেনে অত্যাধুনিক প্ৰযুক্তিৰ কেনেদৰে ব্যৱহাৰ হৈছিল সেয়া মন কৰিব লগা। কপিলী নদীৰ পানীত এচিডৰ উপস্থিতিয়ে বান্ধটোৰ যন্ত্ৰপাতি বা আন সা-সামগ্ৰীৰ ক্ষয়ক্ষতি কৰে। ই অতি চিন্তনীয়। ইফালে, এই পানীয়ে পাহাৰ খহাই নিয়া আৰু ইয়াৰ ফলত সৃষ্টি হোৱা পাৰিপাশ্বিক অৱস্থাৰ সন্দৰ্ভতো তেওঁ প্ৰতিদিনক ব্যক্ত কৰে।

কপিলীত পানী পৰিবাহী এডাল পাইপ ফাটি এনে জলপ্ৰলয়ৰ সূচনা হ'ল। যদি সচাকৈয়ে পানীৰ ৰিজাৰ্ভাৰ ভাগিব লগা হয় তেনেহ'লে কি পৰিস্থিতি হ'ব সেয়া এতিয়া মাথোঁ কল্পনাহে কৰিব পাৰি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in