হায়দৰাবাদৰ বলাৎকাৰ কাণ্ডঃ ৪ অভিযুক্তৰ এনকাউণ্টাৰ আৰু অন্যান্য…

হায়দৰাবাদৰ বলাৎকাৰ কাণ্ডঃ ৪ অভিযুক্তৰ এনকাউণ্টাৰ আৰু অন্যান্য…

মৃদুল কুমাৰ সন্দিকৈ

'মাই ল'ৰ্ড তাৰিখ দেনে চে পেহলে মে কুচ অৰ্জ কৰনা চাহুংগা। পেহলী তাৰিখ মে য়ে কাহা গয়া কি ডামিনী পাগল হে, ওচে পাগলখানে ভেজ দিয়া, যাহা ওচে পাগল বনানে কী পুৰি কোচিচ কি গয়ী। দুছৰী তাৰিখ চে পেহলে হাস্পতাল মে পৰি উৰ্মি কা খুন কিয়া গয়া ঔৰ কেচ বনা খুদখুচি কা…।আজ আপ ফিৰ চে তাৰিখ দে ৰহে হে। ওচ তাৰিখ চে পেহলে চৰহদ পৰ কই ট্ৰাক মুজৰিম কৌ মাৰ কে চলা যায়েগা ঔৰ কেচ বনেগা ৰ'ড এক্সিডেন্ট কা। আপ ফিৰ চে তাৰিখ দে দেংগে। ঔৰ ওচ তাৰিখ চে পেহলে ডামিনী কৌ পাগল বনাকে পাগলখানে মে ফেক দিয়া যায়েগা। ঔৰ ইচ তৰহ না তো কই চচ্চাই কে লিয়ে লড়নে ৱালা ৰহেগা, নাহি ইনচাফ মাংগনে ৱালা…।

ৰেহ যায়েগী তো চিৰ্ফ তাৰিখ। ঔৰ য়হি হোতা ৰাহা হে মাই ল'ৰ্ড। তাৰিখ পে তাৰিখ, তাৰিখ পে তাৰিখ, তাৰিখ পে তাৰিখ মিলটি ৰহি হ্যে, লেকিন ইনছাফ নহী মিলা মাই ল'ৰ্ড। ইনছাফ নহি মিলা। মিলি হে তো চিৰ্ফ য়ে তাৰিখ।'

১৯৯৩চনত মুক্তি পোৱা ছানী দেউল, অমৰীশ পুৰী, ঋষি কাপুৰ অভিনীত এখন ছবিৰ জনপ্ৰিয় সংলাপ আছিল এয়া। এক গোচৰৰ শুনানিৰ সময়ত ছানী দেউলে অধিবক্তাৰ চৰিত্ৰ ৰূপায়ন কৰি ন্যায়াধীশৰ সন্মুখত এইদৰে আইনী দীঘলীয়া প্ৰক্ৰিয়াৰ বিৰুদ্ধে মাত মাতিছিল।

আইনী মেৰপাকৰ পৰা বহু দুৰ্ধৰ্ষ অপৰাধী সাৰি যায়। যি উপস্থাপনেৰে এই ছবিখনত দেখুওৱা হৈছিল কেনেদৰে ভুক্তভোগীয়ে ন্যায় বিচাৰি আদালতৰ কাষলৈ গৈ তাৰিখৰ পাছত তাৰিখ পাইছিল, কিন্তু ন্যায় পাবলৈ লাগিছিল বহু সময়।

আৰু এখন জনপ্ৰিয় হিন্দী ছবি 'যশৱন্ত'। ১৯৯৭ চনত মুক্তি পোৱা সেই চিনেমাখন আছিল যথেষ্ট জনপ্ৰিয়। নানা পাটেকৰ অভিনীত চিনেমাখনৰ এটা দৃশ্যাংশত যশৱন্ত লোহাৰ নামৰ আৰক্ষী বিষয়াগৰাকীক বিভাগৰে উচ্চপদস্থ বিষয়াই সোধ-পোছ কৰিছিল।

'… সেই অঞ্চলটো তোমাৰ অধীনৰ এলেকা নাছিল।', আৰক্ষী বিষয়াজনে এইদৰে সোধ-পোছ আৰম্ভ কৰোতেই যশৱন্ত লোহাৰৰ চৰিত্ৰত অভিনয় কৰা নানা পাটেকাৰে কৈছিল- 'সেই সকলোবোৰ এলেকাই মোৰ অধীনত পৰে য'ত অপৰাধ সংঘটিত হয়।' চিনেমাখনৰ কিছু সংলাপ আছিল এনেধৰণৰ- 'মেৰে এৰিয়া কে বাহৰ এক গুণ্ডা নে এক ঔৰত ক' বলাৎকাৰ কৰ ৰহা হে ত' মে ইছলিয়ে চুপ ৰহো কিউকি ৱ'হ এৰিয়া মেৰা নহী হে।

পুলিচ বিষয়াঃ মিষ্টাৰ লোহৰ পুলিচৱাল' কো কুছ অধিকাৰ দিয়ে গয়ে হে, তো চাথ মে কুছ বন্ধন ভী দিয়ে হে। তুমনে উন অধিকাৰ কা গলত ইস্তেমাল কিয়া হ্যে।ফিৰ ৱ'হ ল'গ তো ছাৰেণ্ডাৰ কৰণে ৱালে থে।ফিৰ ভি তুমনে উন পে গলী চলায়ী…

যশৱন্ত লোহাৰঃ উন গুণ্ড' নে মেৰে দ' হাৱালদাৰকো মাৰা ৱ'হ মাৰ্ডাৰ নহী হ্যে? মাৰ্ডাৰ কৰণে ৱালো ক' মেনে মাৰা তো মাৰ্ডাৰ হো গয়া।

পুলিচ বিষয়াঃ তুমহাৰী ডিউটি য়ে থি কি উনহে পকৰ কে আদালত পে পেছ কৰ দে।

যশৱন্ত লোহাৰঃ তো ক্যা হোটা? ফিৰ ছুৰু হোতী ৱহী কাহিনী। কুছ জেবে খালী হোতী, কুছ জেবে ভৰ যাতী।দ' দিন মে ৱ'হ জামানত পৰ চুট যাতে।তিন মহিনে বাদ এফ আই আৰ হোতী, ফিৰ কেচ চুৰু হোতা, চলতা ৰহতা, চলতা ৰহতা…'

এই ছবিখনৰ সেই দৃশ্যাংশত কেইজনমান অপৰাধীক এনকাউণ্টাৰত হত্যা কৰাৰ বাবে যশৱন্ত লোহাৰ নামৰ আৰক্ষী বিষয়াগৰাকীক সোধ-পোছ কৰা হৈছিল। আৰক্ষীৰ উচ্চপদস্থ বিষয়াজনে ইন্সপেক্টৰ লোহাৰক এই এনকাউণ্টাৰৰ কাৰণে দোষী সাব্যস্ত কৰি কৈছিল- আৰক্ষীক কিছু অধিকাৰ দিয়া হৈছে। সেই অনুসৰি বান্ধোনো আছে। তুমি সেই অধিকাৰৰ অপব্যৱহাৰ কৰিছা। সেই লোকসকলে (অপৰাধী কেইজনে) আত্মসমৰ্পণ কৰিব খুজিছিল, কিন্তু তুমি গুলীচালনা কৰিলা।

তেতিয়া ইন্সপেক্টৰ লোহাৰে উত্তৰ দিছিল- তেওঁলোকে আমাৰ দুজন হাৱালদাৰক মাৰিছিল সেয়া হত্যা নাছিল? হত্যা কৰা সকলক মই মাৰিলো সেয়া হত্যা হ'ল। তেওঁলোকক ধৰি আনি আদালতত হাজিৰ কৰাৰ পাছত আৰম্ভ হ'লহেঁতেন সেই কাহিনী। জামিনত ওলাই গ'লহেঁতেন, কেচ চলি থাকিলহেঁতেন, চলিয়েই থাকিলহেঁতেন ।

এই দুই ছবিৰ এই কথাবোৰে এতিয়া হায়দৰাবাদত ৪ অপৰাধীক হত্যা কৰাৰ পাছত প্ৰাসংগিক হৈ পৰিছে। ২৭ নবেম্বৰ, ২০১৯ত হায়দৰাবাদত এক বলাৎকাৰ কাণ্ড সংঘটিত হৈছিল। ৪৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন উৰণীয়া সেতুৰ সমীপত ২৬ বছৰীয়া এগৰাকী পশু চিকিৎসকক দলৱদ্ধ ধৰ্ষণ কৰি হত্যা কৰিছিল চাৰি অভিযুক্তই।

ঘৰৰ পৰা স্কুটী লৈ ওলাই যোৱা মহিলা পশু চিকিৎসকগৰাকীয়ে উৰণীয়া সেতুৰ সমীপত তেওঁৰ বাহনখন ৰখাই ক্লিনিকৰ পৰা ঘূৰি আহোতে দেখা পাইছিল তেওঁৰ বাহনখনৰ চকা ফুটি আছে। সেই সময়ত সেই স্থানত থকা কেইজনমান লোকে তেওঁক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সময় তেতিয়া নিশা ৯.২২ বাজিছিল।

মহিলা পশু চিকিৎসকগৰাকীয়ে ফোনযোগে ভগ্নীৰ সৈতে কথা পাটি বাহনখনৰ চকা ফুটি থকা কথা জনাইছিল। তাৰ পাছত ঘৰৰ লোকে ৯.৪৪ বজাত ফোন কৰি তেওঁৰ ফোন ছুইচ অফ পাইছিল। ২৮ নৱেম্বৰ, ২০১৯ত সেই সমীপৱৰ্তী স্থানতে পশু চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল। প্ৰাথমিক তদন্তত পোহৰলৈ আহিছিল তেওঁ গণধৰ্ষণৰ বলি হৈছে।

কেৱল বলাৎকাৰ কৰাই নহয়, বলাৎকাৰৰ পাছত বলাৎকাৰীয়ে তেওঁৰ দেহত অগ্নি সংযোগ কৰি জ্বলাই দিছিল। অতি বিভৎস আছিল এই বলাৎকাৰ কাণ্ড। সমগ্ৰ দেশ জোকাৰি গৈছিল এই দুঃখবৰে। হায়দৰাবাদ আৰক্ষীয়ে আটক কৰিছিল এই বলাৎকাৰ কাণ্ডৰে জড়িত ৪ জন বলাৎকাৰীক।

এই কাণ্ডৰে জড়িতৰ সন্দেহত আটক কৰা অপৰাধী চাৰিটা আছিল- মহম্মদ আৰিফ (২৬), জুলু শিৱা (২০), জুলু নবীন (২০) আৰু চিন্তাকুন্ত চেন্নাকেশ্বাবুলু (২০)। তেওঁলোকক আৰক্ষীয়ে সোধ-পোছৰ অন্তত আদালতত হাজিৰ কৰি তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

চাৰিজন অপৰাধীয়েই স্বীকাৰ কৰিছিল এই কাণ্ড সংঘটিত কৰাৰ কথা। চাৰি দিনৰ অন্তত আৰক্ষীয়ে পুনৰ তেওঁলোকক নিজৰ জিম্মাত লৈছিল। তেলেংগানা আৰক্ষীয়ে এই ঘটনা সংঘটিত হোৱা স্থানলৈ লৈ গৈছিল চাৰি অপৰাধীক।

হায়দৰাবাদৰ পৰা ৫০ কিলোমিটাৰ দূৰৰ সেই স্থানত ৬ ডিচেম্বৰ, ২০১৯ৰ পুৱা আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত এই চাৰি অপৰাধীৰ মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে ইয়াৰ মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হ'ল।

কিদৰে ঘটনা সংঘটিত হৈছিল সেই সমগ্ৰ কাণ্ড ৰিক্ৰিয়েশ্যনৰ বাবে আৰক্ষীয়ে অপৰাধী কেইটাক তালৈ নিয়া বুলি সংবাদমাধ্যমক জানিবলৈ দি ক'লে- তালৈ নিয়া সময়তে চাৰিটা অপৰাধীয়ে লগ হৈ আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱাৰ চেষ্টা কৰিছিল। আনকি সেই স্থানলৈ লৈ যোৱা আৰক্ষী বাহিনীৰ মাৰণাস্ত্ৰ কাঢ়ি লৈ আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাইছিল।

আৰক্ষীৰ বাধা নামানি এইদৰে চলোৱা আক্ৰমণত কেইবাজনো আৰক্ষী আহত হয়। ইয়াৰ পৰিণতিতে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলী চলাব লগা হয়। যি ঘটনাত চাৰিজনকৈ অপৰাধীৰ মৃত্যু হ'ল। এই খবৰে বহুতকে সুখী কৰিলে। তাৰ সমান্তৰালভাৱে এই এনকাউণ্টাৰ কাহিনী চিনেমাৰ কাহিনী সদৃশ হৈ পৰিল। যি ঘটি গ'ল বাস্তৱত।

যি স্থানত দেশ জোকাৰি যোৱা চাৰি বলাৎকাৰীক আৰক্ষীয়ে দাবী কৰা অনুসৰি এনকাউণ্টাৰত হত্যা কৰা হ'ল, সেই এনকাউণ্টাৰৰ আঁৰৰ আৰক্ষী বিষয়াগৰাকী আছিল ভি চি সজ্জনা।তেওঁ চাইবেৰাবাদ আৰক্ষী আয়ুক্ত।

পূৰ্বতেও তেওঁ বহু অপৰাধীক মৃত্যুৰ বাট দেখুৱাইছিল। ২০০৮চনৰ ঘটনা। ৱাৰেংগলত ছাত্ৰীৰ ওপৰত এচিড আক্ৰমণ কৰা তিনি অপৰাধীক ৰহস্যজনকভাৱে মৃত্যু হৈছিল। তেতিয়া তেওঁ আছিল ৱাৰেংগলৰ আৰক্ষী অধীক্ষক।

একেদৰে ২০০৯ চনৰ মে' মাহত এইগৰাকী আৰক্ষী বিষয়াই মাওবাদী নেতা পি সুধাকৰ ৰেড্ডীক এনকাউণ্টাৰ কৰিছিল। ১৯৯৬ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগ দিয়া এই বিষয়াগৰাকীৰ হাততেই পুনৰ চাৰিজন বলাৎকাৰী-অপৰাধী এনকাউণ্টাৰত মৃত্যু হোৱা খবৰক কোনোবাই বিশ্বাস কৰিলে, আন কোনোবাই ক'লে এয়া আৰক্ষীৰ এখন পূৰ্বৰ পৰিকল্পিত নাটক।

তাৰ মাজতেই আৰক্ষী বিষয়াগৰাকীয়ে অতি কৌশলেৰে অপৰাধীক প্ৰদান কৰা এই শাস্তিৰ বাবে তেওঁক নায়কৰ আসনতো বহুৱালে বহুজনে। আইন, আদালতৰ পাকচক্ৰত পৰি অপৰাধী বাচি যাব নোৱাৰাকৈ চৰম শাস্তি বিহাৰ বাবে মুহূৰ্তৰ ভিতৰতে তেওঁক লৈ চলিল দেশজুৰি চৰ্চা।

বলাৎকাৰ ভাৰতত এতিয়া এক ডাঙৰ সামাজিক সমস্যাৰূপে পৰিগণিত হৈছে। বহু কঠোৰ আইন প্ৰণয়ন কৰাৰ পাছতো আমাৰ দেশত বলাৎকাৰৰ দৰে ঘটনা নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই। ভাৰতত আটাইতকৈ বেছি সংঘটিত অপৰাধবোৰৰ ভিতৰত ৪নং স্থানত আছে বলাৎকাৰ।

নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ'ৰ তথ্য অনুসৰি, ২০১২ বৰ্ষত সমগ্ৰ দেশত ২৪,৯২৩টা বলাৎকাৰজনিত গোচৰ পঞ্জীয়ন হৈছিল। নাৰীৰ বাবে ভাৰত সুৰক্ষিত নহয়। এই ধাৰণাই এতিয়া জন্ম দিয়ে নাৰীজনীত অপৰাধৰ তথ্য বিশ্লেষণ কৰিলে।

২০১৬চনত নাৰীজনীত অপৰাধৰ সংখ্যা ৩.৩৮ লাখলৈ বৃদ্ধি পাইছিল। যোৱা কিছু বছৰত অপৰাধজনিত ঘটনাৰ হাৰ বৃদ্ধি পাই আছে। নিৰ্ভয়া কাণ্ডৰ পাছত ভৱা হৈছিল এই ধৰণৰ ঘটনাৰ বিৰুদ্ধে এক জনসচেতনতাৰ সৃষ্টি হ'ব। চৰকাৰেও কঠোৰ আইনৰ জৰিয়তে এই অপৰাধ নিয়ন্ত্ৰণ কৰিব পাৰিব। কিন্তু বাস্তৱত সেয়া হোৱা দেখা পোৱা নগ'ল।

দেখা পোৱা যায় যে ৰুজু হোৱা চাৰিটা গোচৰৰ ভিতৰত মাত্ৰ এটা গোচৰৰ অপৰাধীহে দোষী সাব্যস্ত হয়। সাধাৰণ জনতাৰ কথা বাদেই আমাৰ জনপ্ৰিতিনিধি সকলৰ বিৰুদ্ধে নাৰীজনিত অপৰাধৰ তথ্য মন কৰিব লগা।

২০১৬চনত নাৰীজনিত অপৰাধৰ যিবোৰ গোচৰ ৰুজু হৈছিল তাৰ ভিতৰত ৩৮,৯৪৭ টা গোচৰেই আছিল বলাৎকাৰৰ গোচৰ। ইয়াৰে ২,১৬৭টা আছিল গণধৰ্ষণ। দেশৰ ৰাজধানী দিল্লীত প্ৰতিদিনাই ৫গৰাকীকৈ মহিলা বলাৎকাৰৰ বলি হয়।

২০১৮চনত দিল্লীত ২০৪৩টা বলাৎকাৰৰ গোচৰ পঞ্জীয়ন হৈছিল। ২০১৭ চনত ইয়াৰ সংখ্যা আছিল ২০৫৯। দিল্লী আৰক্ষীৰ তথ্য অনুসৰি, বলাৎকাৰৰ উপৰিও ২০১৮ চনত ৰাজধানী চহৰখনত ৩১৭৫টা যৌন নিৰ্যাতনৰ গোচৰ ৰুজু হৈছিল।

অসমৰ দৰে ৰাজ্যতো ক্ৰমান্বয়ে বলাৎকাৰৰ দৰে অপৰাধে জটিল ৰূপ ধাৰণ কৰিছে। ২০১৭ বৰ্ষত অসমত ২৭ টাকৈ বলাৎকাৰজনিত ঘটনা সংঘটিত হৈছিল।ৰাজ্যখনত যোৱা ৩.৫ বছৰত ৬৫০০ বলাৎকাৰজনিত গোচৰ ৰুজু হৈছে।

এই তথ্য অসম বিধানসভাত ৩০ নৱেম্বৰত দাখিল কৰিছিল সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সোধা এক প্ৰশ্নৰ উত্তৰত ২০১৬ৰ এপ্ৰিলৰ পৰা ২০১৯ৰ অক্টোবৰলৈকে ৰাজ্যখনত মুঠ ৬,৫২৮টা বলাৎকাৰজনিত গোচৰ ৰুজু হোৱা তথ্য জনাইছিল মন্ত্ৰী পাটোৱাৰীয়ে।

ইয়াৰ ভিতৰত ২৪৮টা গোচৰ ৰুজু হৈছে গুৱাহাটীত। বলাৎকাৰ কেনে এক সামাজিক ব্যাধি হৈ পৰিছে সেয়া সকলোৱে উপলব্ধি কৰে। কিন্তু সেই অপৰাধীসকলক উপযুক্ত সময়ত সঠিক শাস্তি প্ৰদান কৰিব পৰা হৈছে নে নাই সেয়া এক আলোচনাৰ বিষয়।

কিয়নো দিল্লীত চলন্ত বাছত সংঘটিত হোৱা নিৰ্ভয়া কাণ্ডৰ দৰে অতি নৃশংস আৰু দেশ জোকাৰি যোৱা ঘটনাৰে জড়িত অপৰাধীৰ এতিয়াও শাস্তি হোৱা নাই। একেদৰে উন্নাও কাণ্ডৰে জড়িত অপৰাধীয়ে শাস্তি পোৱা নাই।

অতি সংকটজনক উন্নাৱত বলাৎকাৰৰ বলি হোৱা ভুক্তভোগী গৰাকীক উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ স্থানান্তৰিত কৰিব লগা হৈছে। অসমত অৰ্ণমাই বৰা হত্যাকাণ্ডৰে জড়িত অপৰাধীয়ে এতিয়াও শাস্তি পোৱা নাই। ২০১৭চনৰ ৩১ মে'ত হোজাইৰ যমুনামুখত এইগৰাকী শিক্ষয়িত্ৰীক দুই অপৰাধীয়ে বলাৎকাৰ কৰি অতি নিৰ্মমভাৱে হত্যা কৰিছিল।

৫৮ বছৰীয়া শিক্ষয়িত্ৰীগৰাকীক বলাৎকাৰৰ পাছত হত্যা কৰি পেলাই দিছিল তেওঁৰ মৃতদেহ কপিলী নৈত। যমুনামুখ এলাচী দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আছিল তেওঁ। এই ঘটনাৰে জড়িত দুই অভিযুক্ত ক্ৰমে- ছেলিম উদ্দিন আৰু মইনুল হকে অপৰাধ ইতিমধ্যে স্বীকাৰ কৰি লৈছে।

বলাৎকাৰজনিত গোচৰৰ অপৰাধীক শাস্তি প্ৰদানৰ বাবে যিমান খৰকৈ পাৰি বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি অপৰাধীক শাস্তি দিয়াতো বিচাৰে সকলোৱে। একেদৰে এই ধৰণৰ অপৰাধত অভিযুক্ত সকলক শাস্তি প্ৰদান কৰিবলৈ গৈ হায়দৰাবাদৰ দৰে আইন হাতত লৈ অতি সুপৰিকল্পিত একাউণ্টাৰেৰে বলাৎকাৰীক শাস্তি প্ৰদান কৰিলেও ইয়াৰ জৰিয়তে এই সমস্যা সমাধানৰ পথ বাহিৰ নহয়। কিয়নো নিৰ্ভয়া কাণ্ডৰ পাছত যি ধৰণৰ প্ৰতিবাদ, কঠোৰ আইন প্ৰণয়ন কৰা হৈছিল, তাৰ পাছতো বলাৎকাৰ হৈয়ে আছে।

এই সমস্যা সমাধানৰ পোষকতা কৰে সকলোৱে। বলাৎকাৰীক কঠোৰ শাস্তি দিয়াত কাৰো দ্বিমত নাই। একেদৰে কোনো আৰক্ষীয়ে বা আৰক্ষী বিষয়াই চমক সৃষ্টিৰে সংঘৰ্ষৰ নাটক ৰচি এই সমস্যা সমাধান কৰিব পাৰিম বুলি ভাবিলেও এই প্ৰৱণতাই সামাজিক দিশত আন কিছু প্ৰত্যাহ্বান সৃষ্টি কৰাৰ বাট মুকলি কৰিব।

অপৰাধীক 'অপৰাধী' বুলি প্ৰমাণিত কৰিবলৈ আৰু সেই অপৰাধৰ সন্দৰ্ভত তথ্য প্ৰমাণ গোটাবলৈ উপযুক্ত অনুসন্ধানৰ প্ৰয়োজন। কিন্তু আৰক্ষীয়ে যদি সস্তীয়া জনপ্ৰিয়তা বা এই ধৰণৰ অপৰাধ প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মত আৰু আইনগত ব্যৱস্থা গ্ৰহণৰ সলনি 'ন' কেচ, ন' এফ আই আৰ, ফেচলা অন দ্য স্প'ট' নীতিৰে অপৰাধীক নিয়ন্ত্ৰণৰ চেষ্টা কৰে , তেন্তে ইয়াৰ ফল আনবোৰ দিশতো পৰাৰ সম্ভাৱনা অধিক।

পুনৰ কওঁ- বলাৎকাৰৰ দৰে ঘটনাৰে জড়িত অপৰাধীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগে। কিন্তু আৰক্ষীয়ে যি ইচ্ছা তাকে কৰিব পৰা পৰিৱেশো হয়তো আমাক নালাগে। অপৰাধী সদায় অপৰাধীয়েই। তেওঁৰ কোনো জাত-পাতৰ বিচাৰ হোৱাতো উচিত নহয়।

এফালে, দীঘলীয়া আইনী যুঁজ, আনফালে আৰক্ষীৰ সীমাৱদ্ধতা আৰু নীতি-নিয়ম লগতে সামাজিক শৃংখলাবদ্ধতাৰ প্ৰতি অহা ভাবুকিৰ পৰিণতিত এই ধৰণৰ ঘটনাৰ বিৰুদ্ধে এক সুস্থ জনমতৰ প্ৰয়োজন আছে। বুলেটৰ গুলীৰে কাৰোবাৰ জীৱন কাঢ়ি নিব পাৰিলেও এই কাণ্ডই কিন্তু বলাৎকাৰৰ দৰে সমস্যাৰ স্থায়ী সমাধান দিব নোৱাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in