ছিহাবুদ্দিনৰ সেউজীয়া কণী পৰা কুকুৰা…

ছিহাবুদ্দিনৰ সেউজীয়া কণী পৰা কুকুৰা…

মৃদুল কুমাৰ সন্দিকৈ

দুখীৰামৰ হাঁহজনীৰ কথা মনত আছেনে? সোণৰ কণী যে পাৰিছিল হাঁহজনীয়ে।এইজনী পিছে হাঁহ নহয় কুকুৰাহে। সোণৰ কণী নিদিলেও এই কুকুৰাই দিছে সেউজীয়া কণী। এয়া কি? মুৰ্গীৰ কণীৰ কুহুম সেউজীয়া!

হ'ব পাৰে জানো এনেকুৱা? কিন্তু এজন লোকে দাবী কৰিলে তেওঁৰ ফাৰ্মত পোহা কুকুৰাবোৰে সেউজীয়া কুহুমযুক্ত কণী পাৰে। সেই কুকুৰা পালকজনৰ খবৰে চাঞ্চল্য সৃষ্টি কৰিলে। এয়া কেনেকৈ সম্ভৱ? সেউজীয়া কুহুমযুক্ত কণী মুৰ্গীয়ে পৰাটো সম্ভৱনে? অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে এই দাবী কৰি যুৱকজনৰ সৈতে সংযোগ স্থাপন কৰিছিল।

এয়া কেনেকৈ সম্ভৱ?- সেই প্ৰশ্নৰ উত্তৰ এই যুৱকজনৰ হাততো নাই। কিন্তু তেওঁ ক'লে- সেয়াই সঁচা। ইয়াৰ প্ৰমাণ স্বৰূপে তেওঁ হোৱাটছএপত কেইখনমান ফটো আৰু কেইটামান ভিডিঅ' পঠালে। সেইবোৰ চোৱাৰ পাছত এই কথা নিশ্চিত যে, এই লোকজনৰ কুকুৰাৰ ফাৰ্মত থকা কুকুৰাই সেউজীয়া কুহুমযুক্ত কণী পৰাতো সঁচা।

লগতে তেওঁ জনালে এই কণীবোৰ তেওঁ নিজেই খাই চাইছে। সাধাৰণ কণীৰ সৈতে এই কণীৰ কোনো পাৰ্থক্য নাই। কিমান দিনৰ পৰা এনেদৰে সেউজীয়া কুহুমযুক্ত কণী দিছে সেই সন্দৰ্ভত তেওঁ ক'লে- প্ৰায় ৬-৭ মাহৰ পৰা তেওঁ সেউজীয়া কুহুমযুক্ত কণী কুকুৰা ফাৰ্মখনত থকা কুকুৰাই দিয়াতো প্ৰত্যক্ষ কৰিছিল।

প্রথমতে তেওঁ আচৰিত হৈছিল। এই কথাটো তেওঁ কিবা জিন জনিত কাৰণ লুকাই থাকিব পাৰে বুলি সন্দেহ কৰিছিল। ফাৰ্মখনত থকা আটাইবোৰ কুকুৰাই কিন্তু সেউজীয়া বৰণৰ কুহুমযুক্ত কণী পৰা নাছিল।

খাই চাইছিল তেওঁ এই কণীবোৰ…

কেৰালাৰ মালাপ্পুৰমৰ পৰা ৫ কিলোমিটাৰ গ'লেই উথোখুংগ নামৰ ঠাই। সেই স্থানতে আছে তেওঁৰ ফাৰ্মখন। এনেদৰে মুৰ্গীয়ে সেউজীয়া কুহুমযুক্ত কণী পৰা কথাটো তেওঁ প্ৰথম ছ'চিয়েল মিডিয়াত লিখিছিল।

যুৱকজনৰ নাম ছিহাবুদ্দিন এ কে। তেওঁ অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কক এই বিষয়ে ক'লে- 'এনে কুহুমযুক্ত কণী দেখি সেইবোৰ মই ছ'চিয়েল মিডিয়াত আপলোড কৰিছিলো যাতে গৱেষকসকলৰ দৃষ্টিগোচৰ হয়। মই আচৰিত হৈছিলো কেনেকৈ এয়া হ'ল। '

ছিহাবুদ্দিনৰ হাতত সেউজীয়া কুহুমযুক্ত কণী…

ছিহাবুদ্দিনৰ এই ফটোবোৰ দৃষ্টিগোচৰ হৈছিল কেৰালাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ গৱেষকৰ। তেওঁৰ সৈতে যোগাযোগ কৰিছিল কেইজনমান গৱেষকে। তাৰপাছত সেউজীয়া কুহুমযুক্ত কণী পৰা মুৰ্গী এজনী লৈ গৈছিল তেওঁলোকে।

এই কুকুৰাৰ পালকগৰাকীয়ে আৰু জানিবলৈ দিয়ে যে, স্বাভাৱিক ধৰণেই তেওঁ আন কুকুৰাক যিধৰণৰ খাদ্য দিয়ে, সেই খাদ্যই যোগান ধৰিছিল। কোনো ৰসায়নিক দ্ৰব্য বা বেজী কুকুৰাবোৰক দিয়া হোৱা নাছিল। তেনেস্থলত সেউজীয়া কুহুমযুক্ত কণী পৰা কুকুৰাজনীক লৈ তেওঁ চিন্তিত হৈছিল।

সেউজীয়া কুহুমযুক্ত কণী পৰা কুকুৰাজনীৰ সৈতে ছিহাবুদ্দিন…

যি কেইজন গৱেষকে তেওঁৰ ফাৰ্মৰ পৰা কণী পৰা মুৰ্গী লৈ গৈছিল তেওঁলোকে কিছুদিন গৱেষণা কৰি কি ফলাফল পালে সেই কথাও ছিহাবুদ্দিনে জনালে। কুকুৰাজনী কেৰালাৰ এখন পশু চিকিৎসা মহাবিদ্যালয়ৰ গৱেষকে তেওঁলোকৰ ধৰণে খাদ্য খুৱাইছিল। আৰু এই সময়চোৱাত কুকুৰাজনীয়ে পৰা কণীৰ কুহুম আছিল স্বাভাৱিক। হালধীয়া বা কমলা ৰঙৰ কুহুমযুক্ত কণী পাৰিছিল সেইজনী কুকুৰাই।

গৱেষকসকলে এই যুৱকজনক জনালে যে, খাদ্যৰ বাবে মুৰ্গীয়ে এনে সেউজীয়া কুহুমযুক্ত কণী পাৰিছিল। তেওঁলোকৰ জিম্মাত থকা সময়ত কুকুৰাজনীৰ কণীবোৰ পৰীক্ষা কৰি সেইবোৰ স্বাভাৱিক পোৱা বুলিও জানিবলৈ দিলে। কিন্তু পুনৰ এই ব্যক্তিজনৰ ফাৰ্মত আকৌ সেউজীয়া কুহুমযুক্ত কণী পাৰিলে মুৰ্গীজনীয়ে।

এনেকুৱাই সেউজীয়া কুহুমযুক্ত কণী…

গৱেষকসকলৰ এই কথা তেওঁ বিশ্বাস কৰি ল'লেও অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক তেওঁ জানিবলৈ দিলে যে, কুকুৰাবোৰক তেওঁ সাধাৰণতে দিয়া খাদ্যবোৰেই দিয়ে। আৰু মুকলিত মেলি থোৱা অৱস্থাত কুকুৰাবোৰে কেতিয়াবা গছৰ পাত আদি খোৱা তেওঁ দেখে।

যদি এই গৱেষকসকলৰ কথা সঁচা তেনেহ'লে ইয়াৰ পূৰ্বে ইমান সেউজীয়া কুহুমযুক্ত কণী মুৰ্গীয়ে পৰা উদাহৰণ আছেনে সিওঁ এক অধ্যয়নৰ বিষয়। এই সন্দৰ্ভত গুৱাহাটী পশু চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী বিশেষজ্ঞ অধ্যাপিকাৰ পৰা জানিব বিচৰাত তেওঁ ক'লে- 'কেৰালাৰ এই ঘটনাত একো অস্বাভাৱিকতা নাই। কুকুৰা বা মুৰ্গীৰ খাদ্য অভ্যাসৰ অনুসৰিয়েই কণীৰ কুহুমটোৰ বৰণ নিৰ্ভৰ কৰে। ইতিমধ্যে কেৰালাৰ পশু চিকিৎসালয় মহাবিদ্যালয়ৰ গৱেষকৰ দলে ইয়াৰ অধ্যয়ন কৰিছে।'

ইমান সেউজীয়া কুহুম আগতে দেখা পাইছেনে?

পশু চিকিৎসক তথা এই বিষয়টোৰ সৈতে জড়িত বিশেষজ্ঞসকলৰ মতে, সেই মুৰ্গীৰ খাদ্যত এনে কিছু ড্ৰাই আছে যাৰ বাবে কুকুৰাজনীৰ কণীৰ কুহুম সেউজীয়া হৈ পৰিছে। সাধাৰণতে ঘৰত পোৱা কুকুৰা বা মুৰ্গীসমূহে পাত, ধান, মাহ আদি খায়। সেই ঘাঁহত কেৰাটিন নামৰ এবিধ দ্ৰব্য থাকে। যাৰ বাবে কণীৰ কুহুম গাঢ় হালধীয়া হয়। তাৰ বিপৰীতে ব্ৰইলাৰৰ কণীসমূহ কম হালধীয়াযুক্ত হয়।

ছিহাবুদ্দিনৰ ফাৰ্মৰ মুৰ্গীয়ে পৰা কণীৰ কুহুমহে সেউজীয়া, বাকী একেই…

কেৰালাৰ এই ঘটনাক লৈ যথেষ্ট অধ্যয়নৰ অৱকাশ আছে। কেৱল ইয়াক এটা খাদ্য অভ্যাসৰ বাবেই মুৰ্গীয়ে সেউজীয়া কুহুমযুক্ত কণী পৰা বুলি ব্যাখ্যা আগবঢ়োৱাতকৈ কি খোৱাৰ বাবে সেই কণীৰ কুহুম সেউজীয়া হ'ল তাৰো নিশ্চয় প্ৰণালীবদ্ধ অধ্যয়নৰ প্ৰয়োজন।

যুৱকজনৰ মতে, সেই কুহুমৰ স্বাদ একেই যদিও, তাত কি কি ধৰণৰ মৌল বা উপাদান উপস্থিত আছে তাৰ বিজ্ঞান সন্মত অধ্যয়ন হোৱা নাই। যদি সঁচাকৈ এই কণী স্বাভাৱিক কণীতকৈ বেছি স্বাস্থ্যৰ বাবে উপযোগী তেন্তে এদিন হয়তো সেউজীয়া কুহুমযুক্ত কণীও উৎপাদনৰ বাট মুকলি হ'ব। কোৰোনাৰ আতংকৰ মাজতে ৰাষ্ট্ৰীয় সংবাদমাধ্যমতো এই খবৰে সৃষ্টি কৰিছে খলকনিৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in