গুৱাহাটীত কোৰোনাৰ গণসংক্ৰমণ!

গুৱাহাটীত কোৰোনাৰ গণসংক্ৰমণ!

মৃদুল কুমাৰ সন্দিকৈ

এয়া গণসংক্ৰমণ নেকি? গুৱাহাটীত একেদিনাই ১৫জন লোকৰ দেহত কোভিড-১৯ ধৰা পৰিল। ফাঁচী বজাৰৰ এজন শ্ৰমিকৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পাছত তেওঁৰ সংস্পৰ্শলৈ অহা আন লোক সকলক কোৱাৰেন্টাইন কৰা হৈছিল। কৰা হৈছিল কোভিড টেষ্ট।

সেই টেষ্টৰ ফলাফলত আহিল ভয় লগা খবৰ । সেয়া হ'ল- মংগৰু চাহানী নামৰ শ্ৰমিকজনৰ সংস্পৰ্শলৈ অহা ১৫জনৰ দেহতেই ধৰা পৰিল এই সৰ্বনাশী ভাইৰাছ। যিসকলৰ লোকৰ দেহত কোভিড-১৯ ধৰা পৰিছে তেওঁলোক ক্ৰমে- সঞ্জীৱ কুমাৰ, চিপুজন নিছাদ, সুমীত কুমাৰ, অজয় কুমাৰ, শংকৰ শ্বাহ, সুবোধ কুমাৰ, মুকেশ সিং, গণি কেৱাট, বিদ্বেশ্বৰী ঠাকুৰ, প্ৰবীণ কুমাৰ ৰাও, কৃষ্ণ গুপ্তা, বিশ্বনাথ শ্বাহা, সুনীল ৰয়, প্ৰভাৱ আনন্দ আৰু লেখাৰু নিছাদ।

এটা আলু গুডামত শ্ৰমিক ৰূপে কাম কৰা মংগৰু চাপানীয়ে ফাঁচী বজাৰত কোভিড-১৯ তেওঁৰ দেহত ধৰা পৰাৰ পূৰ্বে মুকলি মনে ঘূৰি ফুৰিছিল। জ্বৰ-কাঁহত ভোগা এই লোকজনে চিকিৎসাৰ বাবে দুজন চিকিৎসকৰ ব্যক্তিগত চেম্বাৰলৈ গৈছিল।

কোভিড-১৯ৰ সংক্ৰমণ কিমান ভয়াৱহ হ'ব পাৰে সেয়া মংগৰু চাহানীৰ এই ঘটনাই প্ৰমাণ। মংগৰু চাহানীৰ দেহত কোভিড-১৯ৰ সংক্ৰমণ কেনেদৰে হ'ল তাৰ কোনো যুগসূত্ৰ এতিয়ালৈকে পোৱা হোৱা নাই। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছিল যে, গুৱাহাটী মহানগৰী কোৰোনামুক্ত নহয়।

কোৰোনা আক্ৰান্ত ৰোগী মহানগৰীখনৰ ভিতৰত আছে, যিসকলক চিনাক্ত কৰিব পৰা হোৱা নাই। ১৬ বছৰীয়া দীপিকাৰ মৃত্যু কোৰোনাজনীত সংক্ৰমণৰ ফলতেই হৈছিল। দীপিকাৰ দেহলৈও ক'ৰ পৰা কোভিড-১৯ সংক্ৰমণ হ'ল সেয়াও পোহৰলৈ নাহিল।

গুৱাহাটী মহানগৰীলৈ বিভিন্ন স্থানৰ পৰা বৃত্তিগত, আন কামত দৈনিক বহু লোকৰ সমাগম হয়। এই লোকসকলৰ মাজতেই কোভিড-১৯ৰ সংক্ৰমিত ব্যক্তি আহি গুৱাহাটীত প্ৰৱেশ কৰিলে তেওঁক সহজতে চিনাক্ত কৰা কঠিন।

তৃতীয় পৰ্যায়ৰ লকডাউনৰ পাছত গুৱাহাটীত লকডাউনৰ নীতি-নিয়ম যথেষ্ট শিথিল কৰি দিয়া হৈছিল। যাৰ পৰিণতিত স্বাভাৱিকভাৱে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ গুৱাহাটীত মানুহে ঘূৰা-চকা কৰিব পাৰিছিল।

ইয়াৰ ফলশ্ৰুতিতে কোভিড-১৯ৰ সংক্ৰমণৰ পথ মুকলি হ'ল। অৱশ্যে এইটোও ঠিক যে, কেৱল লকডাউনৰ মাজতেই কোভিড-১৯ৰ দোহাই দি সকলো বন্ধ কৰি দিলে জীৱন নচলে। ভাৰতত কোভিড-১৯ৰ সংক্ৰমণৰ যেন এতিয়া ভৰপক দিছে।

অসমতো কোভিড-১৯ৰ প্ৰতিৰোধ আৰু সংক্ৰমণৰ শৃংখল ভাঙি পেলাবৰ বাবে বিভিন্ন পদক্ষেপ লোৱাৰ কথা কোৱা হৈছিল। শেহতীয়াকৈ ৰাজ্যখনত ইজনৰ পাছত সিজন কোভিড-১৯ৰ ৰোগী ধৰা পৰাৰ পাছত কোৰোনা শংকাত আমি আকৌ বন্দী হৈ পৰিলো।

১৩ মে', ২০২০ত বহিঃৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিক আৰু আন লোকসকলক কঢ়িয়াই অনা প্রথমখন ৰেল আহি অসম সোমাল। এই ৰেলখনতো বহু স্পৰ্শকাতৰ অঞ্চলৰ পৰা লোক ৰাজ্যলৈ ঘূৰি আহিছে।সেয়েহে বহিঃৰাজ্যৰ পৰা ঘূৰি অহা লোকসকলক সঠিকভাৱে স্বাস্থ্য পৰীক্ষা কৰা, কোৱাৰেন্টাইন প্ৰট'ক'ল অনুসৰি আইছ'লেশ্যনত ৰখোৱাতো এতিয়া চৰকাৰৰ বাবে ডাঙৰ দায়িত্ব হৈ পৰিছে।

কোভিড-১৯ৰ সন্দৰ্ভত বিভিন্ন জন বিশেষজ্ঞই বিভিন্ন মত আগবঢ়ালেও এই ভাইৰাছৰ ক্ষেত্ৰত সঠিক গৱেষণালব্ধ চাৰিত্ৰিক বৈশিষ্ট এতিয়াও যেন পোহৰলৈ আহিব বাকী। ১৪ দিনৰ কোৱাৰেন্টাইন শেষ হ'লেই কোভিড-১৯ৰ সংক্ৰমণৰ পৰা বাচিব পৰা যাব বুলি একাংশ বিশেষজ্ঞই মন্তব্য কৰিলেও ২৮ দিনৰ পাছতো দেহত কোভিড-১৯ৰ উপস্থিতি হোৱাৰো উদাহৰণ আছে।

যদি কেনেবাকৈ কোভিড-১৯য়ে গণসংক্ৰমণৰ ৰূপ লয় তেন্তে ই জনবহুল চহৰসমূহৰ বাবে অতি ভয়ানক হৈ পৰিব। গুৱাহাটী মহানগৰীত তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ৰ পৰাই মানুহে কোভিড-১৯ক লৈ যেন সচেতন হোৱাতো বাদ দিলে।

বজাৰে-সমাৰে সামাজিক দূৰত্ব বজাই নাৰাখি অগণন লোকৰ সমাগম হয়। সেই স্থানতো কোনো কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ পৰা আন এজনৰ দেহলৈ এই ভাইৰাছৰ সংক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। নামতহে তৃতীয় পৰ্যায়ৰ লকডাউন আছে যদিও গুৱাহাটীত দিনৰ ভাগত কোভিড-১৯ৰ নামত মানিব লগা প্ৰায়বোৰ নিয়মেই যেন অমান্য কৰা হয়।

কেৱল মাস্ক আৰু হেণ্ড ছেনিটাইজাৰে কোভিড-১৯ নিয়ন্ত্ৰণ কৰাতো অসম্ভৱ। একেদৰে কোভিড-১৯ৰ পাছৰ পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা সমস্যাৰ সমাধানৰ পথ উলিয়াবলৈ চৰকাৰৰ বহুখিনি কৰণীয় আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোভিড-১৯ৰ পৰা পৰিত্ৰাণ পাবলৈ পূৰ্বতে কিছু আহ্বান দেশবাসীক কৰিছিল। সেই আহ্বানসমূহৰ ভিতৰত কোভিড-১৯ৰ সংক্ৰমণৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ ঘৰত ভিতৰত আৱদ্ধ হৈ থকা।

শেহতীয়াকৈ দেশৰ অৰ্থনীতি, মানুহৰ অৱস্থা আদি কথা উপলব্ধি কৰি কোভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ সমান্তৰালভাৱে বিকাশ আৰু বিভিন্ন ক্ষেত্ৰৰ কাম-কাজ আগুৱাই নিবলৈ আহ্বান জনালে। সেয়েহে এতিয়া লকডাউন থাকিলেও বিভিন্ন ক্ষেত্ৰত কাম-কাজ হৈ আছে।

গুৱাহাটী মহানগৰী এখন জনবহুল চহৰ। এই চহৰত একো একো স্থানত চিনা-অচিনা যথেষ্ট লোকৰ সমাগম হয়। এনে জনবহুল চহৰত অতি সহজতেই কোভিড-১৯য়ে গণসংক্ৰমণৰ ৰূপ ধাৰণ কৰিব পাৰে। যিটো হৈছে মুম্বাই চহৰত।

কোভিড-১৯ৰ ফলত সৃষ্টি হোৱা এই প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ চৰকাৰ-প্ৰশাসনৰ কঠোৰ পদক্ষেপ আৰু পৰ্যবেক্ষণৰ প্ৰয়োজন হ'ব। গুৱাহাটী মহানগৰীত কোভিড-১৯ৰ নতুনকৈ ১৫টা নমুনা পজিটিভ পোৱাৰ পাছত গুৱাহাটী মহানগৰীক লৈ নতুন চিন্তাই দেখা দিছে।

খাদ্য সামগ্ৰী তথা বাণিজ্যৰ কেন্দ্ৰবিন্দু ফাঁচী বজাৰ কোভিড-১৯ অভিকেন্দ্ৰ হৈ পৰাতো উত্তৰ-পূববাসীৰ বাবে অন্য এক চিন্তাৰ কাৰণ। কিয়নো অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ খাদ্য সামগ্ৰী তথা বেপাৰ বাণিজ্য ফাঁচী বজাৰৰ পৰাই নিয়ন্ত্ৰণ হয়। এই কোভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পাছত ফাঁচী বজাৰক কন্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ লগে লগে স্বাভাৱিকভাৱে সমস্যাৰ সৃষ্টি হ'ব।

মহানগৰীৰ এচাম লোকে এই সময়চোৱাত কোভিড-১৯ৰ সংক্ৰমণৰ কথা পাহৰি নিজৰ ইচ্ছানুসৰি, সামাজিক দূৰত্বক ভৰিৰে মোহাৰি বাটে-পথে ওলাই আহিছিল। সেই সকল লোকৰ বাবে ১৫জনকৈ লোকৰ দেহত তাকো কোনো ট্ৰেভেল হিষ্টৰী নথকা বা আন কোভিড-১৯ৰ ৰোগীৰ সংস্পৰ্শলৈ নোযোৱা লোকৰ জৰিয়তে ইমান বৃহৎ হাৰত এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিলে। যি অতি অশুভ লক্ষ্যণ।

গুৱাহাটী মহানগৰী তথা ফাঁচী বজাৰত ধৰা পৰা কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৩ হ'লগৈ। ইয়াৰে এগৰাকী অৰ্থাৎ দীপিকা নাথৰ মৃত্যু হৈছে। প্ৰথমে গুৱাহাটী মহানগৰীত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰিছিল মনীষ তিব্ৰৱাল নামৰ ব্যৱসায়ীজনৰ দেহত। তাৰপাছত চাৰিজন লোকৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছিল। এই ৪জনৰ ভিতৰত কোভিড-১৯ত সংক্ৰমিত হৈ মৃত্যু হোৱা দীপিকা নামৰ কিশোৰীগৰাকীও আছিল।

পৰৱৰ্তী সময়ত দন্ত মহাবিদ্যালয়ৰ ছাত্ৰী দীপা ডেকা আৰু তাৰপাছতেই অমৰজ্যোতি ডেকা আৰু মংগৰু চাহানীৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিলে। মংগৰু চাহানী নামৰ লোকজনৰ দেহত কোভিড-১৯ সংক্ৰমণৰ তথ্য পোহৰলৈ অহাৰ পাছতেই ২৯জন লোকক কোৱাৰেন্টাইন কৰা হৈছিল। সেই লোকসকলৰ মাজৰে ১৫জনৰ দেহত কোভিড-১৯ ধৰা পৰাতো অতি গুৰুত্বপূৰ্ণ কথা।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথ্য অনুসৰি, অসমত মুঠ কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৭৯জন। ইয়াৰে ৩৯জন চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল ঘৰলৈ। এতিয়াও ৩৭জনৰ দেহত কোভিড-১৯ আছে। অৰ্থাৎ ৰাজ্যত সক্ৰিয় হৈ থকা কোভিড-১৯ৰ গৰিষ্ঠ সংখ্যক ৰোগীয়েই গুৱাহাটীৰ।

মনীষ তিব্ৰৱাল সুস্থ হোৱাৰ বিপৰীতে দীপিকা নাথৰ মৃত্যু হ'ল। সেই দুজনক বাদ দি ৩৭জন ৰাজ্যৰ কোৰোনাত আক্ৰান্ত ৰোগীৰ ভিতৰত ২১জনেই গুৱাহাটীৰ। অৱশ্যে তাৰে দুজনৰ এজনৰ ঘৰ কামৰূপ মেট্ৰ'ত আৰু আনজনৰ ঘৰ মৰিগাঁৱত।

মৰিগাঁৱৰ অমৰজ্যোতি ডেকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্নায়ুজনিত ৰোগত চিকিৎসাধীন হৈ থকা সময়ত এই ভাইৰাছত আক্ৰান্ত হৈছিল। এনে খবৰো পোহৰলৈ আহিছে যে, এই ৰোগীজনৰ সংস্পৰ্শলৈ গৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক তথা কোৰোনা ভাইৰাছত সংক্ৰমণ হোৱা ডাঃ লিতিকেশৰ। আনহাতে, আনজন শিলিগুৰি পৰা আহি গুৱাহাটীৰ সৰুসজাই কোৱাৰেন্টাইন হৈ আছিল।

এই সকলক বাদ দি বাকী সকলৰ দেহত কোভিড-১৯ ক'ৰ পৰা সংক্ৰমণ হ'ল সেই উত্তৰ কাৰো হাতত নাই। এনেদৰে উত্তৰবিহীনভাৱেই কোভিড-১৯ত মহানগৰীত ইজনৰ পাছত সিজন লোক সংক্ৰমিত হ'বলৈ ধৰিছে। ইয়াৰ পাছতো যদি মানুহ সচেতন নহয় কোভিড-১৯ক লৈ মানিব লগা নিয়ম নামানে, তেনেহ'লে গুৱাহাটীৰ পৰিৱেশ মুম্বাই সদৃশ হোৱাতোৱেই স্বাভাৱিক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in