এগজিট প’লেই যদি ফলাফল, ভোটগণনাৰ প্ৰয়োজন কি?

এগজিট প’লেই যদি ফলাফল, ভোটগণনাৰ প্ৰয়োজন কি?

মৃদুল কুমাৰ সন্দিকৈ

২০১৯ৰ লোকসভা নিৰ্বাচন বিভিন্ন দিশৰ পৰা গুৰুত্বপূৰ্ণ। বালাকোটৰ এয়াৰ ষ্ট্ৰাইক, বিমুদ্ৰাকৰণ, চিবিআই সঞ্চালকৰ অপসাৰণ, আৰ বি আই মুৰব্বীৰ পদত্যাগৰ লগতে আঞ্চলিক ভিত্তিত বহু ইছ্যুৰ সৈতে মোকাবিলা কৰি শাসকীয় দলে এইবাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব লগা হৈছিল।

ৰাফেল কেলেংকাৰীকে ধৰি বিৰোধীৰ হাতত বহু ইছ্যু থকাৰ পাছতো এই নিৰ্বাচনত বিৰোধীয়ে জনগণৰ মাজলৈ কোনো এক ইছ্যু লৈ যাব নোৱাৰিলে। ২০১৪চনত 'হৰ হৰ মোডী, ঘৰ ঘৰ মোডী' যি ঢৌ আছিল, সেই ঢৌ এইবাৰ নাছিল বুলিব পাৰি।

শেষ মুহূৰ্তত বালাকোটৰ এয়াৰষ্ট্ৰাইককে সম্বল কৰি লৈ দেশপ্ৰেমৰ আবেগেৰে শাসকীয় দলটোৱে ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা কৰিছিল। মাজে মাজে ধৰ্মীয় মেৰুবিভাজন আৰু বিৰোধীক গালি পাৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ চেষ্টা কৰিছিল দলটোৱে।

এই নিৰ্বাচনত শাসক-বিৰোধীৰ কাৰোৰে কোনো উল্লেখযোগ্য ইছ্যু নাছিল। পুনৰবাৰ মোডীক কিহৰ বাবে প্ৰধানমন্ত্ৰী পাতিব লাগে, সেই প্ৰতিশ্ৰুতিৰ সলনি আকৌ এবাৰ মোডী চৰকাৰ শ্ল'গানেৰে বিজেপিয়ে মোডীক আগত লৈ এই নিৰ্বাচনী ৰণ পাৰ কৰাৰ চেষ্টা কৰিলে।

অপেক্ষা আৰু মাত্ৰ দুটা দিনৰ। ৪৮ ঘণ্টাৰ পাছতেই ওলাব নিৰ্বাচনৰ ফলাফল। তাৰপূৰ্বে ১৯ মে'ত অন্তিম পৰ্যায়ৰ ভোটগণনা সম্পূৰ্ণ হোৱাৰ পাছতেই দেশৰ কেইবাটাও সমীক্ষক সন্থাই প্ৰকাশ কৰিছিল এগজিট প'ল। এই এগজিট প'লৰ ফলাফল প্ৰকাশ কৰাৰ পাছতেই একাংশ লোকে ধৰি লৈছে- বিজেপিৰ নেতৃত্বাধীন এন ডি এ-য়ে চৰকাৰ গঠন কৰিলেই।

এগজিট প'লৰ ফলাফল কিমান বিশ্বাসযোগ্য সেয়া এতিয়াই কৈ দিব নোৱাৰি। কিন্তু একাংশ সমীক্ষক সন্থাই যি ধৰণে বিজেপিৰ প্ৰতি উৎসাহী হৈ এই এগজিট প'লৰ ফলাফল প্ৰকাশ কৰিছে, তাত কিছু সন্দেহ নথকা নহয়। সই সন্দেহ দূৰ কৰিবলৈও আমি ২৩ মে'লৈকে অপেক্ষা কৰিব লাগিব।

অভিসৰ শৰ্মা নামৰ এগৰাকী সাংবাদিকে এগজিট প'লৰ সন্দৰ্ভত এক আলোচনাত অংশ লৈ ঘোষণা কৰিলে যে, এগজিট প'লত বিৰোধীৰ আসনৰ সংখ্যা কমাই শাসকীয় দলৰ আসনৰ সংখ্যা বৃদ্ধি কৰিবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা নিৰ্দেশ দিয়া হৈছে।

এই অভিযোগ সৰু নহয়। এনে খবৰ প্ৰকাশ পোৱাৰ পাছত বহুতে প্ৰশ্ন কৰিছে- ই ভি এমত যিহেতু ফলাফল বন্দী হ'ল, তাৰ পাছত এই এগজিট প'লত আসন বঢ়াই বিজেপিয়ে কৰিব কি? এইদৰে যিসকলে প্ৰশ্ন কৰিছে, তেওঁলোকে ইয়াৰ প্ৰকৃত অৰ্থ বুজিবলৈ কিছু গভীৰতালৈ যাব লাগিব।

এগজিট প'লৰ ফলাফল প্ৰকাশৰ পাছতেই শ্বেয়াৰ মাৰ্কেটত বৃদ্ধি পালে কেইবাটাও কোম্পানীৰ শ্বেয়াৰৰ মূল্য। একেদিনাই অভিলেখ সংখ্যক ছেনছেক্স বৃদ্ধি হ'ল। এগজিট প'লৰ প্ৰকাশৰ পিছদিনা ছেনছেক্সৰ ন্যূনতম পইন্ট আছিল ৩৮,৫৭০.০৪ আৰু সৰ্বাধিক হৈছিলগৈ ৩৯,৪২১.৫৬।

মুঠ ৩০টা কোম্পানীৰ শ্বেয়াৰ ১৪২১.৯০ পইন্ট বৃদ্ধিৰে শ্বেয়াৰ বজাৰ বন্ধ হৈছিল। একেদৰে নিফটী ৪২১.১০ পইণ্ট বৃদ্ধি হৈ ১১,৮২৮.২৫ পইণ্ট হয়গৈ। শ্বেয়াৰ মাৰ্কেটৰ এই অভিলেখ উত্থানৰ ফলত লাভান্বিত হৈছিল মুলত আদানীৰ কেইটাবাও কোম্পানী।

নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত এগজিট প'লে প্ৰকাশ কৰা পাছতেই লাভান্বিত হোৱা কোম্পানীসমূহ আছিল এছ বি আই, টাটা মটৰ্ছ, এল এন টি, অ এন জি চি, য়েছ বেংক, এইচ ডি এফ চি, এন এম এম, মাৰুতী, আৰ আই এল আদি।

শ্বেয়াৰ মাৰ্কেটৰ এই উত্থানৰ বাবে আদানী এণ্টাৰপ্ৰাইজ, ইণ্ডিয়ান টেলিফোন ইণ্ডাষ্ট্ৰিছ, আদানী গ্ৰীণ এণ্ড ইণ্ডিয়া বুলছ ৰিয়েলষ্টেট আদি কোম্পানীসমূহ এই শ্বেয়াৰ মাৰ্কেট উত্থানৰ পৰা লাভাৱান্বিত হৈছে। আদানী এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰৰ মূল্য ২৯ শতাংশ বৃদ্ধি পাই সোমবাৰে।

নিৰ্বাচনী ফলাফল যিয়েই নহওঁক, তাৰ পূৰ্বে এই এগজিট প'ল প্ৰকাশেৰে কোনো পুঁজিপুতিয়ে নিজৰ ব্যৱসায়িক স্বাৰ্থ সুৰক্ষিত কৰিব পাৰে বুলি ভবাৰ থল থাকে। এতিয়া যিকোনো কথাই সম্ভৱ। সকলো কামৰে নিৰ্দিষ্ট লক্ষ্য থাকে।

কিছুদিনৰ পূৰ্বে অষ্ট্ৰেলিয়াত হৈ যোৱা নিৰ্বাচনতো শাসনাধীন দলটো বিধ্বস্ত হ'ব বুলি কোৱা হৈছিল এগজিট প'লত। কিন্তু ২ শতাধিক এগজিট প'লৰ সমীক্ষা ভুল প্ৰমাণিত কৰিলে অষ্ট্ৰেলিয়াৰ জনসাধাৰণে। এগজিট প'ল এক প্ৰকাৰৰ কণাফমুঠী সদৃশ। ই মিলিবও পাৰে, নিমিলিবও পাৰে। মিলিলে সেই সমীক্ষক সন্থাসমূহত বাহ বাহ দিয়া হয়, নিমিলিলে সেয়া এগজিট প'ল আছিল বুলি সকলোৱে গা এৰা দিয়ে। কিন্তু তাৰ অন্তৰালত এনে কিছুমান কাম কৰা হয়, যিবোৰ সাধাৰণ মানুহে গমেই নাপায়।

ৰাজনৈতিক দিশতো এগজিট প'লৰ প্ৰভাৱ থাকে। মধ্যপ্ৰদেশত এই এগজিট প'ল প্ৰকাশ পোৱাৰ পাছতেই কমল নাথৰ চৰকাৰৰ ওপৰত হেঁচা পৰিছে। বিজেপিয়ে দাবী কৰিছে- কিছুদিনৰ পূৰ্বে শাসনলৈ অহা কমল নাথ নেতৃত্বাধীন এই চৰকাৰখনৰ সংখ্যা গৰিষ্ঠতা নাই। আনকি সংখ্যা গৰিষ্ঠতা প্ৰমাণৰ বাবে বিধানসভাত আস্থা ভোটৰ সন্মুখীন হ'বলৈও দাবী তুলিছে।

এইধৰণৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ বাবে এই এগজিট প'লৰ প্রভাৱ নুই কৰিব নোৱাৰি। আনকি এগজিট প'ল প্ৰকাশৰ পাছতেই কোনো কোনো বিৰোধী দলৰ নেতৃত্বৰ প্ৰতি নেতাই মুকলিকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তাৰ দায়িত্ব সেই নেতাই ল'ব লাগিব বুলি মন্তব্য কৰাও দেখা গৈছে।

ইয়াৰ সুযোগ কোনো এক শাসকীয় দলে ল'ব পাৰে। যাৰ ফলত বিৰোধীৰ মাজত বিভাজন আৰু বিৰোধীয়ে যাতে শাসকীয় দলৰ বিৰুদ্ধে চৰকাৰ গঠনৰ কুচকাৱাজ চলাব নোৱাৰে তাৰ বাবে তেওঁলোকক এক মানসিক হেঁচাৰ জৰিয়তে নিৰ্বাচনৰ পাছৰ পৰ্যায়ত এই কাম কৰা হয়।

ইতিমধ্যে ২০১৯চনৰ এগজিট প'লক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। নিৰ্বাচনৰ পূৰ্বে অপেনিয়ন প'ল আৰু নিৰ্বাচনৰ পাছত এগজিট প'লৰ সমীক্ষা কৰা হয়। অপেনিয়ন প'লত সমীক্ষক সকলে কাক ভোট দিব আৰু এগজিট প'ল তেওঁলোকে কাক ভোট দিলে সেই প্ৰশ্ন সুধি বিভিন্ন পন্থাৰে এই ফলাফল প্ৰস্তুত কৰে।

মাৰ্কেল ভানডাম নামৰ এগৰাকী সমাজ বিজ্ঞানী আৰু প্ৰাক্তন ৰাজনীতিবিদে দাবী কৰে যে- তেওঁ এই এগজিট প'লৰ ধাৰণা প্ৰথম ভাবি উলিয়াইছিল। ১৯৬৭চনৰ ১৫ ফেব্ৰুৱাৰীত ইয়াৰ আধাৰত তেওঁ প্ৰথমটো এগজিট প'ল কৰা বুলিও দাবী কৰিব খোজে। ইফালে, ৱাৰেন মিটোফস্কী নামৰ আমেৰিকান জনৰ মতে, তেওঁৱেই প্ৰথম বিবিচিৰ বাবে এগজিট প'ল কৰিছিল।

এগজিট প'লৰ উদ্দেশ্য হ'ল- বিভিন্ন স্থানৰ পৰা ভোটাৰৰ পৰা তথ্য সংগ্ৰহ কৰি আগতীয়াকৈ সাম্ভাব্য ফলাফল প্ৰকাশ কৰা। বিভিন্ন পন্থাৰে এগজিট প'লৰ সমীক্ষা কৰিব পাৰি। কিমান সংখ্যক ছেমপল সংগ্ৰহ, ক'ৰ পৰা ছেমপল সংগ্ৰহ কৰিব, সমষ্টিটোৰ জনবিন্যাস কি, ভোটাৰে কি বিশ্বাসত এই তথ্য দিব আদি বিভিন্ন কাৰকৰ ওপৰত এগজিট প'ল নিৰ্ভৰ কৰে।

এগজিট প'লত ছেমপলৰ সংখ্যা যিমানেই বৃদ্ধি হয়, সিমানেই ইয়াৰ উৰ্ধতাৰ শতাংশৰ হাৰ বৃদ্ধি পায় বুলি ধৰা হয়। ভাৰততো এগজিট প'লৰ জৰিয়তে নিৰ্বাচনৰ ভোটগ্ৰহণৰ পৰৱৰ্তী সময়ত সাম্ভাব্য ফলাফল ঘোষণা কৰা হয়।

২০১৯চনৰ এগজিট প'লক লৈ বিজেপিয়ে সন্তুষ্টি ব্যক্ত কৰাৰ বিপৰীতে বিৰোধীয়ে এয়া পৰিকল্পিত আখ্যা দিছে। এগজিট প'ল প্ৰকাশৰ পূৰ্বেই অমিত শ্বাহে এখন সংবাদমেল সম্বোধন কৰি এন ডি এ ৩০০ৰো অধিক আসন দখলেৰে পুনৰ ক্ষমতালৈ আহিব বুলি ঘোষণা কৰিছে।

অভিজ্ঞ ৰাজনীতিবিদসকলৰ মতে, এগজিট প'লৰ ধাৰণা জোৱাৰ সদৃশ। ইয়াৰ জৰিয়তে একাংশ লাভাবান্বিত হয়। আৰু একাংশই দুদিনৰ বাবে সপোন দেখে। হয়তো বিজেপি চৰকাৰেই পুনৰ শাসনলৈ আহিব। কিন্তু যি সময়ত সমগ্ৰ দেশজুৰি মোডীৰ ঢৌ আছিল, সেই সময়তে ৩৫০ আসন দখল কৰিব নোৱাৰা এন ডি এ-য়ে কি যাদুৰ বলত ৩৫০ৰ সংখ্যা অতিক্ৰম কৰিব সেয়া সকলোৰে বাবে ৰহস্য।

প্ৰখ্যা কাৰ্টুনিষ্ট আৰ কে লক্ষ্ণনে এগজিট প'লৰ সন্দৰ্ভত এটা বিশেষ কাৰ্টুন আকিছিল। দেশৰ প্ৰথম এগজিট প'লক লৈ আকিছিল এই কাৰ্টুনটো। তেওঁৰ বিখ্যাত কাৰ্টুনৰ চৰিত্ৰটোৱে পত্নীক কৈছিল যে- ভুলতে মই বেলেগত ভোট দিলো। তাৰ উত্তৰত পত্নীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰাত আৰ কে লক্ষ্মনৰ সেই কাৰ্টুন চৰিত্ৰটোৱে ঘৈণীয়েকৰ ফালে চাই ভয় নকৰিবলৈ কৈ শান্তনা দি কৈছিল- একো নাই এইটো মই এগজিট প'লত ঠিক কৰি ল'ম। এয়াই হ'ল ভাৰতীয় গণতন্ত্ৰত বাস্তৱ।

এগজিট প'ল প্ৰকাশৰ পাছত একাংশই পৰিকল্পিতভাৱে ইয়াক বাস্তৱৰ ফলাফল বুলি প্ৰক্ষেপ কৰি চৰ্চা কৰিছে। আন একাংশই আকৌ শপতগ্ৰহণৰ বাবেই সাজু হ'বলৈ কৈছে। বিৰোধী তথা আদৰ্শৰ প্ৰাৰ্থক্য থকা সকলক ছ'চিয়েল মিডিয়াত যা-তাকৈ গালি পাৰিব লৈছে।

এগজিট প'ল কেতিয়াও ১০০ শতাংশ হয়তো নিমিলে। কিন্তু চৰকাৰ গঠন কৰিব পৰাকৈ এই এগজিট প'লৰ ফলাফল মিলিব নে নাই সেয়া জানিবলৈ মাজত মাত্ৰ ৩টা দিন অপেক্ষা কৰাৰ ধৈৰ্য্য বহুতৰে নাইকিয়া হৈ পৰিছে।

এগজিট প'লক লৈ ছ'চিয়েল মিডিয়া বিশেষকৈ ফেচবুকত যি ধৰণেৰে চৰ্চা হৈছে, আৰু একাংশ সমৰ্থকে তেওঁলোকৰ আদৰ্শৰ বিৰোধিতা কৰা সকলক যিধৰণে লক্ষ্য কৰি লৈছে, সেয়া সুস্থ গণতন্ত্ৰৰ কেতিয়াও শুভলক্ষণ নহয়।

গণতন্ত্ৰত শাসক-বিৰোধীসকলোৰে ভূমিকা থাকে। শাসনত থকা সকলক যিমান ভূমিকা দেশৰ প্ৰতি, একেদৰে বিৰোধী আসনত থকাসকলৰো চৰকাৰক সঠিক পথত আগুৱাই নিয়াৰ ক্ষেত্ৰত সমানে দায়িত্ববোধৰ প্ৰয়োজন হয়।

চৰকাৰ এক ধাৰাবাহিক প্ৰক্ৰিয়া। শাসনত থকা সকল চিৰদিনৰ বাবে শাসনত নাথাকে। দেশৰ জ্যেষ্ঠ ৰাজনীতিবিদ এল কে আদৱানীয়ে কোৱাৰ দৰে- কোনোবাই কাৰোবাৰ আদৰ্শৰ বিৰোধিতা কৰা মানেই তেওঁ দেশদ্ৰোহী হ'ব নোৱাৰে। সকলোৰে পক্ষত নিৰ্দিষ্ট যুক্তি, আদৰ্শ, মতবাদ থাকে।

মোডীক বা বিজেপিক সমৰ্থন কৰা সকল তেওঁলোকৰ দৃষ্টিত শুদ্ধ। বিভিন্ন কাৰণত মোডী বা বিজেপিক সমালোচনা কৰা সকলক দেশদ্ৰোহী বুলি কোনোবাই ভাবিলে গণতন্ত্ৰৰ মূল্যবোধ আৰু মৰ্যাদা ৰক্ষ্য নহয়। শাসকীয় পক্ষৰ বহু ভুল সমৰ্থকসকলে দেখিও নেদেখা ভাও জোৰে।

ইন্টাৰনেট আৱিষ্কাৰ হোৱাৰ পূৰ্বেই ই-মেইল ব্যৱহাৰ কৰা বুলি কোৱা, ডিজিটেল কেমেৰা ব্যৱহাৰৰ কথা কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰ সমৰ্থকসকলে বা বিজেপি নেতাই প্ৰশ্ন কৰিব নোৱাৰে। দলীয় অনুশাসনৰ কাৰণত তেওঁলোকে সেয়া ভুল বুলি জানিও মনে মনে থাকিব লগা হয়।

কিন্তু মোডীৰ এজন সমালোচকে এই সন্দৰ্ভত মোডীক প্ৰশ্ন কৰিব পাৰে। আঙুলিয়াই দিব পাৰে প্ৰধানমন্ত্ৰীক যে- মহাশয়, আপুনি ই-মেইল সেৱা ভাৰতত প্ৰবৰ্তন হোৱাৰ পূৰ্বেই ই-মেইল ব্যৱহাৰ কৰাৰ কথা ক'লে। ডিজিটেল কেমেৰা অহাৰ পূৰ্বেই আদৱানীৰ ৰঙীন ফটো দিল্লীলৈ পঠিয়াই ছপোৱাৰ দৰে কোৱা কথা আমাৰ বিশ্বাস নহ'ল।

একেদৰে ২০১৪চনত দিয়া প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰীয়ে পূৰণ নকৰিলে বুলি তেওঁক প্ৰশ্ন কৰিব পৰা ক্ষমতা সমৰ্থকসকলৰ নাথাকে আৰু সেয়া সমৰ্থকসকলে নকৰেও। ৬০ বছৰ কংগ্ৰেছৰ অপশাসনৰ বিৰোধিতাৰে দেশজুৰি এক ঢৌৰ সৃষ্টি হৈছিল। তাৰ সুযোগ লৈ মোডীয়ে কৈছিল- কংগ্ৰেছক ৬০ বছৰ দিলে, মোক ৬০ মাহ দিয়ক।

সেয়া তেওঁৰ নিজৰ মুখৰ কথা আছিল। এইবোৰ কথাত সময় সাপেক্ষে অৱশ্যেই প্ৰধানমন্ত্ৰী হ'লেও তেওঁ প্ৰশ্নৰ সন্মুখীন হ'বই লাগিব। গণতন্ত্ৰত এয়াই এক ডাঙৰ সুবিধা। ফেচীবাদী মনোভাৱেৰে যদি বিৰোধিতা কৰা জনৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰা হয়, তেনেহ'লে গণতন্ত্ৰৰ মৰ্যাদা ৰ'ব ক'ত?

২৩ মে'ত নিৰ্বাচনী ফলাফল ঘোষণা হ'ব। মোডীয়ে হওঁক বা আন কোনোবা দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী ৰূপে দায়িত্ব ল'ব। সেই মোডীক ৰাহুল গান্ধী, মমতা বেনাৰ্জী, চন্দ্ৰবাবু নাইডুৱে পূৰ্বৰ বাক্যযুদ্ধৰ কথা পাহৰি স্বাভাৱিকভাৱেই অভিনন্দন জনাব। কিন্তু সংঘাত ৰৈ যায় তলৰ পৰ্যায়ৰ মানুহবোৰৰ মাজত।

আদৰ্শবাদৰ পাৰ্থক্য থাকিব লাগিব, মতবিৰোধ হ'ব লাগে, কিন্তু মনান্তৰ হ'ব নালাগে। সকলোৱে সকলোৰে কথা শুনিব পৰা পৰিৱেশ গণতন্ত্ৰত সৃষ্টি কৰিব পাৰিলেহে প্ৰকৃত গণতন্ত্ৰ ৰক্ষা হ'ব। এগজিট প'লৰ ফলাফলকেই যদি কোনোবাই প্ৰকৃত ফলাফল বুলি ভাবে, তেনেহ'লে ভোটগণনানো কিয় কৰিব লাগে? এই কথাও সকলোৱে ভাবিব লাগে বিবেকেৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in