দিল্লীত কংগ্ৰেছ খালাছ, বিজেপি নাৰ্ভাছ, কেজৰিৱাল চাব্বাছ…

দিল্লীত কংগ্ৰেছ খালাছ, বিজেপি নাৰ্ভাছ, কেজৰিৱাল চাব্বাছ…

মৃদুল কুমাৰ সন্দিকৈ

দিল্লীৰ শেহতীয়া বিধানসভা নিৰ্বাচনে বহু কথা কৈ গ'ল। ভোটাৰৰ মন জয় কৰিবলৈ লম্ফজম্ফ কৰাৰ প্ৰয়োজন নাই। সুস্থ গণতান্ত্ৰিক প্ৰমূল্যবোধত ক্ষমতা আৰু ধন বল মূল্যহীন হৈ পৰে। ৪৯দিনৰ বাবে প্ৰথম দিল্লীত অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব লওঁতে বহুতে আখ্যা দিছিল কেজৰিৱালক 'এক্সিডেন্টেল মুখ্যমন্ত্ৰী' বুলি।

তাৰপাছত ২০১৫চনত অনুষ্ঠিত দিল্লী বিধানসভা নিৰ্বাচনত মোডীৰ চুনামীৰ মাজতেই অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপে সকলোকে চমক খুৱাই ৭০জনীয়া দিল্লী বিধানসভাৰ নিৰ্বাচনত ৬৭খন আসনতে জয় লাভ সাব্যস্ত কৰিছিল।

এই নিৰ্বাচনত মাত্ৰ তিনিজন বিজেপি বিধায়ক নিৰ্বাচিত হৈ আহিছিল। দিল্লীত গণতান্ত্ৰিক প্ৰমূুল্যবোধৰ ৰক্ষা আৰু জনতাৰ গ্ৰহণযোগ্য চৰকাৰ গঠনৰ বাবে কেজৰিৱালে বহু পৰীক্ষা কৰিছিল। বিনামূলীয়া বিজুলি, উন্নত শিক্ষা, খোৱাপানী সহজে উপলব্ধ আৰু জনমুখী এখন চৰকাৰ গঠনৰ বাবে দিয়া প্ৰতিশ্ৰুতি এই ৫ বছৰীয়া শাসনকালত পূৰণৰ বাবে চেষ্টা কৰিছিল। যাৰ বাবে দ্বিতীয়টো কাৰ্যকালৰ বাবে অৰবিন্দ কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাটোক 'এক্সপেৰিমেন্টেল চিএম' বুলি আখ্যা দিব পাৰি।

২০২০চনত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টীয়ে তৃতীয়বাৰৰ বাবে দিল্লীবাসীৰ কাষ চাপিছিল। যিসময়ত বিজেপিয়ে সাম্প্ৰদায়িক বিভাজন নীতিৰে সমগ্ৰ দেশত এক অচল অৱস্থাৰ সৃষ্টি কৰাৰ চেষ্টা চলাইছিল, সেই সময়ত কেজৰিৱালে অতি সুপৰিকল্পিতভাৱে দিল্লীবাসীৰ মন জয় কৰাৰ নীতি গ্ৰহণ কৰিছিল।

হাতত ৫ বছৰ কাৰ্যকালৰ ৰিপৰ্ট কাৰ্ড লৈ কেজৰিৱালে প্রথমখন নিৰ্বাচনী সভাৰ পৰাই দিল্লীবাসীক আহ্বান জনাইছিল যে, তেওঁলোকে ২০১৫চনত দিয়া নিৰ্বাচনৰ কিছু কাম কৰিছে। মহিলাৰ নিৰাপত্তা, দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষাৰ মান উন্নত, বিনামূলীয়া স্বাস্থ্য, বিজুলি, পানী আৰু বস্তি অঞ্চলত বাস কৰা লোকসকলৰ জীৱন ধৰণৰ মান উন্নত কৰাৰ বাবে দিল্লী চৰকাৰে চলোৱা এই প্ৰয়াস যদি দিল্লীবাসীৰ দৃষ্টিত সফল বুলি ধৰা দিছে, তেতিয়াহে আপক ভোট দিয়ক।

এই আহ্বানৰ বিপৰীতে ১২খন বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, আঢ়ৈশৰো অধিক বিজেপি সাংসদ, খোদ প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ হাইপ্ৰফাইল নেতাসকলে কেজৰিৱালক আক্ৰমণৰ লক্ষ্য কৰি লৈ বিভাজনমুখী ৰাজনীতিৰে দিল্লীবাসীৰ মন জয় কৰাৰ প্ৰয়াস কৰিছিল।

শ্বাহীনবাগত সংঘটিত ঘটনাৰাজি, কেজৰিৱালক দেশদ্ৰোহী আখ্যা, দিল্লীৰ উন্নয়ন অন্তহাৰশূন্য বুলি কৰা দাবী আৰু আপৰ বিৰুদ্ধে অতি কৌশলগত প্ৰচাৰেৰে বিজেপিৰ নেতৃত্বই ২০১৮চনত অনুষ্ঠিত লোকসভা নিৰ্বাচনত দিল্লীত ৭খন আসনৰ ভিতৰত আটাইকেইখনে লাভ কৰি আত্মবিশ্বাসী হৈ আছিল। সেয়েহে এই নিৰ্বাচনত দিল্লীবাসীয়ে কেজৰিৱালক নাকচ কৰি অমিত শ্বাহক আদৰি ল'ব বুলি বিজেপি নেতৃত্ব এক প্ৰকাৰৰ নিশ্চিত হৈছিল।

দিল্লীৰ বাহিৰৰ পৰাও লাখ লাখ বিজেপি সমৰ্থক, আৰ এছ এছৰ লোকক নি দিল্লীত এনে এক পৰিৱেশ ৰচনা কৰিবলৈ চেষ্টা কৰা হৈছিল যে, বিজেপিক ভোট নিদিলে ইয়াৰ বিকল্প নাই। নাগৰিকত্ব সংশোধনী আইনক লৈ হোৱা বিৰোধিতা, নাগৰিকপঞ্জী উন্নিতকৰণৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ, জে এন ইউত সংঘটিত কৰ্মকাণ্ডই ৰাজধানী চহৰখনৰ ৰাজনৈতিক পৰিৱেশ সলাই পেলোৱা হৈছিল।

এক প্ৰকাৰৰ ঘৃণা ৰাজনীতি আৰু সাম্প্ৰদায়িকতাৰ বীজ চটিয়াই দি বিজেপিয়ে ধৰ্মীয় মেৰুবিভাজনৰ ৰাজনীতিৰ পাতনি মেলিলেও অৰবিন্দ কেজৰিৱালে বিজেপিৰ সেই ৰাজনীতিৰ জালত ভৰি দিয়া নাছিল। 'কা'ৰ পাছত সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা প্ৰতিবাদ বিজেপিয়ে সদায় অৱজ্ঞা কৰি আহিছে।

বিজেপিৰ লক্ষ্য আছিল দিল্লীৰ নিৰ্বাচনৰ শেহতীয়া ফলাফলৰ আধাৰত মোডী-অমিত শ্বাহ বাহিনীয়ে এই কথা প্ৰতিষ্ঠা কৰিব যে, দিল্লীৰ দৰে ৰাজনৈতিক সচেতন ভোটাৰে বাস কৰা কেন্দ্ৰীয় শাসিত অঞ্চলটোতো গেৰুৱা বাহিনীৰ উত্থানে মোডী চৰকাৰে গ্ৰহণ কৰা নীতিক স্বীকৃতি প্ৰদান কৰিব।

কেজৰিৱালৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত চলা অপপ্ৰচাৰ, ঘৃণা, মিশ্ৰিত অসাংবিধানিক শব্দৰ বাক্যবাণক ভেটি দি কেজৰিৱালে উন্নয়নৰ ৰাজনীতিৰ কথা কৈয়ে নিৰ্বাচনী প্ৰচাৰৰ অন্ত পেলাইছিল। 'কা' গৃহীত হোৱাৰ পাছত দিল্লীৰ নিৰ্বাচনৰ ফলাফলক লৈ কেৱল বিজেপি শিবিৰে নহয়, বিৰোধী শিবিৰেও দৃষ্টি ৰাখিছিল।

৮ ফেব্ৰুৱাৰী, ২০২০ত অনুষ্ঠিত হোৱা দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা ১১ ফেব্ৰুৱাৰীৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছিল। প্রথমৰ পৰাই বিজেপিক বেকফুটলৈ ঠেলি এইবাৰো ৭০জনীয়া দিল্লীৰ বিধানসভা নিৰ্বাচনত ৬২খনতেই জয়ী সাব্যস্ত কৰি কেজৰিৱালে প্ৰমাণ কৰিলে দিল্লীত আপৰ বিকল্প বিজেপি হ'ব নোৱাৰে।

দিল্লী নিৰ্বাচনৰ ফলাফল কেৱল দিল্লীবাসীৰ বাবেই গুৰুত্বপূৰ্ণ নাছিল। এই নিৰ্বাচনৰ ফলাফলৰ আধাৰত আগন্তুক দিনত অনুষ্ঠিত হ'ব লগা কেইবাখনো ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হোৱাৰো ইংগিত দিলে। সততা আৰু উন্নয়নৰ শ্ল'গানক বিসৰ্জন দি সাম্প্ৰদায়িক আৰু ভিত্তিগ্ৰস্ত ৰাজনীতিক প্ৰশ্ৰয় দিয়া সকলৰ বাবে এই নিৰ্বাচনৰ ফলাফল এক মোক্ষম আঘাত।

দিল্লীত আপৰ এই উত্থানত বিজেপি নিশ্চিতভাৱেই চিন্তিত হৈছে। ভোটগণনা আৰম্ভ হোৱাৰ পূৰ্বলৈকে অতি কমেও ৪৮খন আসন লাভেৰে দিল্লীত চৰকাৰ গঠনৰ দাবী কৰি আহিছিল বিজেপিয়ে। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন কেইটাত সৰ্বস্ব উজাৰি নামিছিল বিজেপিৰ নেতাসকল।

বিজেপিৰ কেইবাজনো ষ্টাৰ কেম্পেইনাৰে সাম্প্ৰদায়িক ৰাজনৈতিক বিষবাষ্প বিয়পাই শ্বাহীনবাগক আধাৰ কৰি লৈ 'কা' বিৰোধী প্ৰতিবাদকাৰীসকলক দেশদ্ৰোহী সজাই নিজকে দেশপ্ৰেমী সজাবলৈ দিল্লী নিৰ্বাচনক এক মাধ্যম ৰূপে প্ৰক্ষেপ কৰিছিল।

দিল্লীৰ নিৰ্বাচনত মুলত বিজেপি আৰু আপৰ মাজতেই যুদ্ধ সীমাৱদ্ধ থাকিল। ৭০খন আসনৰ ভিতৰত ৬২খনতে আপৰ প্ৰাৰ্থী জয়ী হ'ল আৰু ৮খনত বিজেপিয়ে বহু চেষ্টাৰ মূৰত শেষ হাঁহি মাৰিলে। কিন্তু এইখিনিতে লক্ষণীয় কথাটো হ'ল যে- ৭০খন বিধানসভাৰ আটাইকেইখনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰা দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ'ল।

কেৱল এয়াই নহয়, কংগ্ৰেছৰ প্ৰাৰ্থীসকলে দিল্লীৰ বিধানসভা নিৰ্বাচনত ৬৭টা সমষ্টিতেই আমানত ধন হেৰুৱাব লগা পৰিস্থিতিৰ সৃষ্টি হ'ল। ২০১৫চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ তুলনাত এইবাৰ আপে ৫খন আসন হেৰুৱালে। পূৰ্বতে ৩খন আসন পোৱা বিজেপিৰ আসনৰ সংখ্যা ৫খন বৃদ্ধি হৈ ৮খন হ'ল।

দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই অৰবিন্দ কেজৰিৱালে প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই কথা ক'লে যে- 'এয়া দিল্লীবাসীৰ জয় নহয়, এয়া সমগ্ৰ ভাৰতবাসীৰে জয়।' অৰবিন্দ কেজৰিৱালে আনকি ভাৰত মাতা কী জয় শ্ল'গান দি বিজেপিৰ সাম্প্ৰদায়িক মেৰুবিভাজনৰ প্ৰক্ৰিয়া আৰু তেওঁক দেশদ্ৰোহী আখ্যা দিয়া সকলক এক বাৰ্তা দিয়াৰো প্ৰয়াস কৰিলে।

দিল্লীত ২১ বছৰ পূৰ্বে শেষৰবাৰৰ বাবে বিজেপি শাসনত আছিল। এইবাৰ ভাবিছিল দুটা দশকৰ অন্তত পুনৰ দিল্লী দখল কৰিব বিজেপিয়ে। সেই ইচ্ছা বিজেপিৰ পূৰণ নহ'ল। অন্তত ৫টা বছৰৰ বাবে দিল্লীৰ জনতাই দিল্লীৰ শাসনভাৰ আপৰ হাততেই গতালে।

দ্বিতীয়বাৰৰ বাবে শাসনৰ বাকজৰী হাতত লোৱা কেজৰিৱালৰ সন্মুখতো ন ন প্ৰত্যাহ্বান আছে। দিল্লীৰ বস্তি অঞ্চলসমূহৰ উন্নিতকৰণ, ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি নিয়ামীয়াকৰণ, দিল্লীৰ প্ৰদূষণৰোধ, নাৰীৰ নিৰাপত্তাকে ধৰি কেজৰিৱালে এইবাৰ ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি সমূহ পূৰণ কৰাৰ ক্ষেত্ৰত আৰু অধিক সক্ৰিয় আৰু সঠিক নীতি-নিৰ্দেশনাৰে আগবাঢ়িব লাগিব।

এটা সময় আছিল কেজৰিৱালে কৰা কাম সংবাদমাধ্যমৰ সস্তীয়া প্ৰচাৰৰ বাবে কৰা প্ৰয়াস বুলি চৰ্চা হৈছিল। সেই সমালোচনা আৰু কৰ্মনিষ্ঠাৰ প্ৰমাণ দিবলৈ কেজৰিৱালে নিজকে বহু সংযম কৰিব লগা হৈছে। এজন অভিজ্ঞ ৰাজনীতিবিদৰ দৰেই কেজৰিৱালে এই কথা দ্বিতীয় শাসনকালত প্ৰমাণ কৰি দিছিল যে, ক্ষমতাৰ বাবে তেওঁৰ লোভ নাই।

মুখ্যমন্ত্ৰী হিচাপে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত অধিক সংখ্যক দপ্তৰ ৰাখে। তাৰ বিপীৰতে কেজৰিৱালে নিজৰ হাতত অতি কম দপ্তৰ ৰাখি বাকীবোৰ দপ্তৰ তেওঁৰ বিশ্বস্ত আৰু কৰ্মদক্ষ মন্ত্ৰীসকলৰ হাতত গতাই দিছিল।

অৰবিন্দ কেজৰিৱালক তেনে নগণ্য আৰু সাধাৰণ মানুহ হিচাপে গণ্য কৰি এদিন যি নৰেন্দ্ৰ মোডীয়ে তেওঁৰ নাম ল'বলৈ কুণ্ঠাবোধ কৰিছিল, সেই নৰেন্দ্ৰ মোডীয়েই দিল্লীত কেজৰিৱালৰ ওচৰত শিৰনত কৰিব লগা হ'ল।

বিজেপিৰ চানক্য ৰূপে পৰিচিত অমিত শ্বাহ, জে পি নড্ডা, নৰেন্দ্ৰ মোডী, ১২খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কোটি কোটি বিজেপিৰ সমৰ্থকে লাগিও দিল্লীত আপক শাসনৰ পৰা আঁতৰাব নোৱাৰিলে। পূৰ্বৰ তুলনাত লাভ কৰা ভোটৰ হাৰ বৃদ্ধি পোৱা বুলি বিজেপিৰ নেতৃত্বই এতিয়া সামৰিক সকাহ এৰিছে।

প্ৰাথমিক তথ্যত এই নিৰ্বাচনত আপে ৫৩.৭ শতাংশ, বিজেপিয়ে ৩৮.৪২ শতাংশ আৰু কংগ্ৰেছে ৪.২৭ শতাংশ ভোট লাভ কৰিছে। এই নিৰ্বাচনত মুঠ ভোটদান হৈছিল ৬২.৫৯ শতাংশ। ২০১৫চনৰ তুলনাত ৪.৮৭ শতাংশ ভোটদান হ্ৰাস পাইছিল ২০২০চনৰ দিল্লী বিধানসভা নিৰ্বাচনত।

দিল্লীৰ নিৰ্বাচনৰ ফলাফলৰ পাছত উৎসাহী হৈ পৰিছে গণতন্ত্ৰত বিশ্বাস ৰখা, সুস্থ গণতান্ত্ৰিক পক্ষত মাত মতা সকল। দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে হেট্ৰিক অৰ্জা কেজৰিৱাল দেশৰ ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী বুলিও বহুতে গুণাগথা কৰিছে।

পুৱাৰ পৰাই বিজেপি নেতৃত্বই হয়তো ইংগিত পাইছিল যে, দিল্লীত তেওঁলোকৰ নাক ৰক্ষা নহ'ব। সেয়েহে আপৰ অগ্ৰগতিৰ লগে লগে অমিত শ্বাহৰ ফটো সম্বলিত হৰ্ডিং আঁৰি দিল্লীবাসীক বুজাবলৈ চেষ্টা কৰিছিল- দিল্লীৰ ফলাফলক লৈ তেওঁলোক কোনো কাৰণতে উদ্বিগ্ন নহয়।

যি হৰ্ডিঙত লিখা আছিল- বৃহৎ জয়েও তেওঁলোকক অহংকাৰী নকৰে আৰু পৰাজয়েও ন্যাস কৰি নোতোলে। দিল্লীৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত অমিত শ্বাহ বা নৰেন্দ্ৰ মোডীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা নগ'ল।

ইফালে এন ডি এৰ সহযোগী জেডিইউৰ নেতা তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আপৰ এই বিজয়ৰ সন্দৰ্ভত তিনিটা শব্দতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল- 'জনতাই মালিক হয়।' সেই উপলব্ধিৰ মাজতেই দেশৰ জনতাৰ আৱেগ-অনুভূতিক এবাৰ ক্ষমতা লাভ কৰাৰ পাছত ভৰিৰ মোহাৰিবলৈ কুণ্ঠাবোধ নকৰা সকলক কঠোৰ সকীয়নি দিয়াৰ বাৰ্তা লুকাই আছে।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ টিপনীও মন কৰিব লগা। দিল্লীৰ নিৰ্বাচনত তেওঁৰ প্ৰতিক্ৰিয়া- 'মন কী বাতৰ দ্বাৰা দেশ নচলে, জন কী বাতৰ দ্বাৰাহে চলে দেশ।' দিল্লীৰ বিজেপিৰ মুৰব্বী মনোজ তিৱাৰীয়ে সংবাদমাধ্যমৰ সন্মুখত স্বীকাৰ কৰি পেলালে দিল্লীৰ নিৰ্বাচনক লৈ তেওঁলোক নিৰাশ। অৱশ্যে লগতে তেওঁ ক'লে- এয়া ধৈৰ্য্য ধৰাৰ সময়।

এই ফলাফল ঘোষণা কৰাৰ পাছতেই দিল্লীত থকা বিজেপিৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত শূন্যতাই বিৰাজ কৰিলে। আপৰ মুখ্য কাৰ্যালয়ৰ পৰা ৮০০ মিটাৰ মান দূৰৈত থকা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব লগা সকলো সভা-সমিতি বাতিল কৰি দিল্লীৰ ৰাজ্যিক কাৰ্যালয়লৈ স্থানান্তৰিত কৰা হ'ল। তাতে ওলাই পৰে বিজেপিৰ কৰ্মীসকল কিমান হতাশ হ'ল এই নিৰ্বাচনৰ ফলাফলত।

নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পাছতেই দলীয় সতীৰ্থ সকলৰ প্ৰতি কেজৰিৱালৰ আহ্বান আছিল- আপোনালোকে ফটকা ফুটাই ফূৰ্তি-তামাচা নকৰিবা। প্ৰদূষণমুক্ত দিল্লী গঢ়াৰ লক্ষ্য আৰু উদ্দেশ্য আমাৰ ইস্তাহাৰত আছে। গতিকে সেই কামৰ পৰা বিৰত থাকক।

অতি সুক্ষ্ম পৰ্যায়ৰ এই মূল্যবোধ আজিৰ তাৰিখত ভাৰতৰ ৰাজনীতিত অতিকৈ প্ৰয়োজন। উন্নয়ন আৰু কামৰ আধাৰত জনতাৰ কাষ চাপি এনে ফলাফল লাভ কৰিব পৰাতো দিল্লীৰ বাবে এক শোভ লক্ষ্যণ। অৰবিন্দ কেজৰিৱালৰ সৈতে মত পাৰ্থক্য থাকিলেও, এক সুস্থ মানসিকতাৰে ৰাজনীতি কৰি জনতাৰ পৰা যে আস্থা বুটলিব পাৰি, এজন দেশৰ প্ৰশাসনিক শক্তিৰ বিৰুদ্ধে যুঁজিও জয় আজুৰি আনিব পাৰি সেই কথা কেজৰিৱালে বুজাই দিলে।

এই নিৰ্বাচনত পুনৰ শূন্যতেই সীমাৱদ্ধ থাকিল কংগ্ৰেছৰ আসন। দেশৰ প্ৰধান বিৰোধী দল হিচাপে ইমানবোৰ ইছ্যু পোৱাৰ পাছতো কংগ্ৰেছে যে নিজকে বিকল্প ৰূপত আজিও গঢ়ি তুলিব পৰা নাই সেই কথা এই নিৰ্বাচনে পুনৰবাৰ কৈ গ'ল।

অৰবিন্দ কেজৰিৱালৰ কাষত নিৰ্বাচনী প্ৰচাৰত সহায় কৰা সকলৰ ভিতৰত আছিল প্ৰশান্ত কিশোৰ। যি প্রশান্ত কিশোৰক 'কা'ৰ বিৰোধিতা কৰাৰ বাবেই কিছু দিনৰ পূৰ্বে জনতা দল ইউনাইটেডৰ পৰা বহিষ্কাৰ কৰিছিল নীতিশ কুমাৰে।

কেজৰিৱালে দেখুৱাই দিলে দেশ চলোৱা আৰু মুখ চলোৱা একে কথা নহয়। মুখ চলাই কোনোবাই কিছুদিনৰ বাবে দেশবাসী বা জনতাক বুৰ্বক সজালেও কামৰ মাজেৰেহে গণতান্ত্ৰিক প্ৰমূল্যবোধ ৰক্ষা হয়। সেই বাতাবৰণ সৃষ্টি কৰিবলৈ মৰ্যদাপূৰ্ণ আৰু আদৰ্শৰ ভিত্তিত প্ৰতিষ্ঠিত সুস্থ আৰু সততা গণতন্ত্ৰৰ প্ৰয়োজন।

গালি পাৰি, অভিযোগৰ আঙুলি তুলি, সাম্প্ৰদায়িকতাৰ নামত ভোট বিচাৰি কেতিয়াও ৰাজনীতিত দীৰ্ঘদিন তিষ্টিব নোৱাৰে। গণতন্ত্ৰত সদায় ৰাইজেই ৰজা। এদিনেই ৰাইজৰ হাতত থাকে ক্ষমতা আৰু সেইদিনাই দেখুৱাই দিয়ে জনতা কিমান শক্তিশালী। দিল্লীতো সেই কথাই দেখুৱালে দিল্লীবাসীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in