ক্ৰিকেটৰ সেই মানুহ দুজন…

ক্ৰিকেটৰ সেই মানুহ দুজন…

● পংকজ শৰ্মা

ক্ৰিকেট খেলত তেৱেঁই আচলতে ভগৱান। তেওঁৰ আঙুলিৰ ইছাৰাত নামি দামী খেলুৱৈৰ ভাগ্য নিৰ্ণয় হয়। কিছু দিনৰ আগলৈকে তেওঁ যি কয়, সেয়াই আছিল শেষ সিদ্ধান্ত। তেওঁৰো কেতিয়াবা ভুল হৈ যায়। ধৰিব নোৱাৰে বলাৰে, আপীল কৰাৰ দৰেই বিপক্ষ খেলুৱৈজন আউট নে নটআউট।

সলনি হৈছে বহু পদ্ধতি। থাৰ্ড আম্পায়াৰ, ডিআৰএছবহু সংযোজন ঘটিল। কিন্তু সিদ্ধান্ত আহে তেওঁৰ জৰিয়তে। খেল পথাৰত এদিনীয়াৰ দিনটো, টেষ্টমেছত ৫ দিন থিয় হৈ এখন খেল পৰিচালনা কৰাটো মুখৰ কথা নহয়।

সুক্ষ্ম ভাৱে তেওঁ প্ৰত্যেকটো দিশেই চাব লগা হয়। সমালোচনাৰ উৰ্ধ্বত নহয় এই আম্পায়াৰসকলো। কিন্তু ভুল কৰো বুলি তেওঁলোকে নকৰে। হৈ যায় কেতিয়াবা এনে ভুল। কোটি কোটি ক্ৰিকেট প্ৰেমীৰ হৃদয়ত যাৰ বাবে সৃষ্টি হয় প্ৰচণ্ড ক্ষোভ।

মহিলা আম্পায়াৰ ক্লেইৰী পোলোচাক

ইংলেণ্ডত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটৰ ছেমিফাইনেল খেলখনত নিউজিলেণ্ডৰ হাতত পৰাস্ত হয় ভাৰত। ৰোমাঞ্চকৰ খেলখনৰ অন্তিম মুহূৰ্ততমহেন্দ্ৰ ধোনীয়ে জয়ৰ বাবে প্ৰয়োজনীয় ৰান সংগ্ৰহৰ আপ্ৰাণ চেষ্টা চলালেও অৱশেষত ধোনীৰান আউট হৈ পেভিলিয়নলৈ উভতাৰ লগে লগে যেন নিশ্চিত হৈ পৰিল ভাৰতীয় দলটোৰ পৰাজয়।মহেন্দ্ৰ সিং ধোনীৰ ৰান আউট আম্পায়াৰৰ ভুল সিদ্ধান্তৰ বাবেই হোৱা বুলি এতিয়াভাৰতীয় ক্ৰিকেট দলটোৰ সমৰ্থকসকলে দাবী কৰিছে। প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে খেলুৱৈসকলেও। বেছি ভাগৰ মতে, ধোনী যিটো বলত আউট হৈছিল, সেইটো আছিল এটা ডেড বল।

খেল যিয়েই নহওক কিয়, আম্পায়াৰৰ ভুলৰ বাবে এজন খেলুৱৈ পেভিলিয়নমুখী হ'বলগাটো মানি ল'বলৈ কঠিন। কিন্তু এখন খেলত আম্পায়াৰৰ সিদ্ধান্তই শিলৰ ৰেখা। আম্পায়াৰে যি সিদ্ধান্ত প্ৰদান কৰে, সেয়া মানি ল'বলৈ ক্ৰিজত থকা খেলুৱৈসকল বাধ্য। ধোনীৰ ৰান আউটৰ সিদ্ধান্ত আছিল থাৰ্ড আম্পায়াৰৰ। থাৰ্ড আম্পায়াৰে ভিডিঅ' ৰিপ্লে' কৰি নিশ্চিত কৰিলে- ধোনী আউট।

বিশ্বকাপৰ ছেমি ফাইনেলত এনেকৈয়ে পেভিলিয়নমুখী হৈছিল ধোনী

কিন্তু ভাৰতীয় ক্ৰিকেট দলৰ সমৰ্থকসকলে দাবী কৰা মতে, ধোনীক যি সময়ত বল কৰা হৈছিল, সেই সময়ত খেলৰ নিয়ম বহিৰ্ভূতভাৱে চাৰ্কলৰ বাহিৰত ৰখা হৈছিল ৬ জনকৈ খেলুৱৈক। চাৰ্কলৰ ভিতৰত আছিল মাত্ৰ ৩জন খেলুৱৈ। কিন্তু ক্ৰিকেটৰ নিয়ম অনুসৰি চাৰ্কলৰ ভিতৰত কমেও ৪ জন আৰু বাহিৰত ৫ জন খেলুৱৈহে থাকিব লাগে। তেনে পৰিস্থিতিত ধোনীয়ে যিটো বলত ৰান ল'বলৈ গৈ আউট হৈছিল, সেই বলটো আম্পায়াৰে ডেড বল বা ন বল বুলি ঘোষণা কৰিব পাৰিলেহেঁতেনে বুলি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু সেই সময়ত আম্পায়াৰৰ চৰম সিদ্ধান্তই ধোনীক পেভিলিয়নলৈ উভতি আহিবলৈ বাধ্য কৰালে।

তাহানিও একেই আছিল আম্পায়াৰৰ দায়িত্ব…

এখন খেলত আম্পায়াৰৰ গুৰুত্ব অতি বেছি। খেলখন নিয়াৰিকৈ পৰিচালনা কৰাৰ লগতে খেল চলি থকা সময়ৰ সকলোবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তই গ্ৰহণ কৰে আম্পায়াৰে। প্ৰাচীন ফৰাচী শব্দ ননপাৰ (nonper)ৰ পৰাই এই আম্পায়াৰ শব্দৰ উৎপত্তি বুলি কোৱা হয়। ননপাৰ  অৰ্থাৎ নট-পাৰ শব্দৰ অৰ্থ হৈছে দুজন ব্যক্তিৰ মাজৰ বিবাদ নিষ্পত্তিৰ বাবে মধ্যস্থতাকাৰী হিচাপে আবেদন জনোৱা।

এই শব্দটোকে পৰৱৰ্তী ১৩৫০ খ্ৰীষ্টাব্দৰ সময়ত নওমপাৰ (noumper) হিচাপে উচ্চাৰণ কৰা হয়। ইয়াৰ পৰৱ্তী সময়ত শব্দটোৰ উচ্চাৰণ কৰা হয় অউমপেয়াৰ (owmpere) বুলি। ১৪৪০ শতিকাৰ সময়ৰ পৰা পুনৰ এই শব্দৰটোৰ উচ্চাৰণ আৰু লিখনত পৰিবৰ্তন ঘটে। প্ৰথমে নোউনপিয়াৰ আৰু পৰৱৰ্তী সময়ত এই শব্দটো অউমপাৰ ধৰণে লিখা হয়। লাহে লাহে ১৬শ শতিকাত ক্ৰিকেটৰ আবিৰ্ভাব আৰু ১৮ শ শতিকাত ক্ৰিকেটৰ জনপ্ৰিয়তা আৰু বিস্তাৰৰ সময়ত এই শব্দটো আম্পায়াৰ হিচাপে উচ্চাৰিত হয়।

১৯৫৫ চনত ৱেষ্ট হাৰ্ম খেলপথাৰত অনুষ্ঠিত ক্ৰিকেটৰ এক দৃশ্য

ক্ৰিকেটৰ পৰম্পৰা অনুসৰি এখন খেলত দুজনআম্পায়াৰ আছিল। এজন ষ্টাম্পৰ কাষত বলাৰ ইণ্ড ফালে আৰু আনজন স্ক'ৱেললেগৰ দিশত। কিন্তু এই দুই আম্পায়াৰৰ উপস্থিতিয়েও খেলখন সম্পূৰ্ণ শুদ্ধৰূপতপৰিচালনা কৰাত কেতিয়বা অসুবিধাৰ সৃষ্টি হৈছিল। কিয়নো আম্পায়াৰৰ স্বাক্ষুস দৃষ্টিৰেখেল এখনৰ সকলো শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। তেনে পৰিস্থিতিত আধুনিক ক্ৰিকেটতসংযোজন ঘটে থাৰ্ড আম্পায়াৰৰ। এই থাৰ্ড আম্পায়াৰসকলে ভিডিঅ' ৰিপ্লে'ৰ সহায়ত কোনো এক জটিল পৰিস্থিতিৰআম্পায়াৰৰ সিদ্ধান্ত প্ৰদান কৰে। ক্ৰিকেটত থাৰ্ড আম্পায়াৰৰ লগতে পৰৱৰ্তী সময়ত ফ'ৰ্থআম্পায়াৰৰো সংযোজন ঘটে। ফ'ৰ্থ আম্পায়াৰসকলে বলৰ গতিবেগ, বলৰসংখ্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

১৬ শতিকাত দক্ষিণ-পূব ইংলেণ্ডত আৰম্ভ হোৱা ক্ৰিকেট ১৭শ শতিকাত ইংলেণ্ডৰ ৰাষ্ট্ৰীয় খেল হিচাপে পৰিগণিত হয়। ১৮শ শতিকাত এই খেলবিধ সমগ্ৰ বিশ্বতে খ্যাতি লাভ কৰে। ফুটবলৰ পিছতে বিশ্বৰ দ্বিতীয় জনপ্ৰিয় খেল হিচাপে পৰিগণিত হোৱা ক্ৰিকেটৰ জনপ্ৰিয়তা বৃদ্ধিৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় খেল পৰিচালনাৰ বাবে গঠন হয় ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল চমুকৈ আইচিচি।

আচিচিৰ তত্বাৱধানতে অনুষ্ঠিত হয় ক্ৰিকেট বিশ্বকাপো…

এই আইচিচিয়েই পৰৱৰ্তী সময়ত খেল পৰিচালৰ বাবে আম্পায়াৰৰ বাচনি কৰে। আইচিচিয়ে আম্পায়াৰৰ ৩টা পেনেল গঠন কৰি খেল সুপৰিচালিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। এলাইট পেনেল অব আম্পায়াৰ, ইন্টাৰনেশ্যনেল পেনেল অৱ আম্পায়াৰ আৰু ডেভলপমেন্ট পেনেল অৱ আইচিচি আম্পায়াৰ পেনেল গঠন কৰে আইচিচিয়ে।

খেলপথাৰত বলাৰে প্ৰদান কৰা বলৰ গণনাৰ দায়িত্ব ন্যস্ত থাকে আম্পায়াৰৰ ওচৰত। তদুপৰি খেলপথাৰত আন কেতবোৰ বিষয়ৰ ইংগিত প্ৰদান কৰিব লাগে আম্পায়াৰে।  আউট, ফ'ৰ, চিক্স, ৱাইড বল, ন বল, লেগ বাই, ফ্ৰী হিট, ডেড বল, বাই, চৰ্ট ৰানৰ ইংগিত খেলপথাৰৰ পৰাই প্ৰদান কৰে আম্পায়াৰে।

খেলপথাৰত আম্পায়াৰৰ ইংগিতবোৰ…

খেলপথাৰত আম্পায়াৰিং কৰা প্ৰতিজন আম্পায়াৰৰেআছে এক নিজস্ব শৈলী। তেনে এগৰাকী আন্তঃৰাষ্ট্ৰীয় আম্পায়াৰ হৈছে বিল্লী বউডেন।এসময়ত নিউজিলেণ্ডৰ হৈ খেলা বিল্লী বাউডেনে আম্পায়ৰৰ কেৰিয়াৰ আৰম্ভ কৰাৰ পৰাইক্ৰিকেট অনুৰাগীৰ মাজত এক জনপ্ৰিয় নাম হৈ পৰিছিল। কাৰণ হৈছে তেওঁৰ নাটকীয় ভংগীমাৰ ইংগিত শৈলী।

খেল এখন চলি থকাৰ সময়ত বেটছমেনে যেতিয়া ছিক্স বা ফ'ৰৰে বলটো বাউণ্ডাৰীৰ বাহিৰলৈ ঠেলি পঠিওৱাত সক্ষম হয়, তেতিয়া স্বাভাৱিকতেই দলটোৰ সমৰ্থসকলৰ মাজত আনন্দৰ বন্যা নামে। সেই সময়ত দৰ্শকৰ হৰ্ষোল্লাসেৰে ভৰি পৰে ষ্টেডিয়াম। তাতে যদি আম্পায়াৰগৰাকীয়ে প্ৰদান কৰা সেই ছিক্স বা ফ'ৰৰ ইংগিতটো নাটকীয় হয়, তেন্তে দৰ্শকৰো মনোৰঞ্জন বৃদ্ধি পায়।

নাটকীয় শৈলীৰে ক্ৰিজত আম্পায়াৰ বিল্লী বউডেন

ক্ৰিকেটৰ দৰে এক গাম্ভীৰ্যপূৰ্ণ খেলত নিজস্ব নাটকীয় শৈলীৰে দৰ্শকক মনোৰঞ্জন দিবলৈ সক্ষম হৈছিল বিল্লী বউডেন নামৰ আম্পায়াৰগৰাকীয়ে। ১৯৯৫ চনত ক্ৰিকেটৰ পৰা অৱসৰ লৈ আম্পায়াৰিং আৰম্ভ কৰা বিল্লী বউডেনে ২০১৬ চনলৈকে ২০০ খন এদিনীয়া পৰিচালনা কৰি ক্ৰিকেট অনুৰাগীৰ মাজত জনপ্ৰিয় হৈ পৰিছিল।

আম্পায়াৰিঙৰ মুহূৰ্তত বিল্লী বউডেন

আম্পায়াৰৰ ইতিহাসতো বহু কেইজনে গঢ়িছে অভিলেখ। টেষ্টক্ৰিকেটত সৰ্বাধিক মেছত আম্পায়াৰিং কৰি অভিলেখ কৰিছে ষ্টিভ বাকন'ৰে।১৯৮৯ চনত তেওঁ আম্পায়াৰিঙৰ কেৰিয়াৰ আৰম্ভ কৰি ২০০৯ চনলৈ মুঠ ১২৮ খন এদিনিয়াতআম্পায়াৰিং কৰিছিল বাকন'ৰে। তাৰ পিছতে পাকিস্তানৰ আম্পায়াৰ আলিম দাৰে২০০৩ চনৰ পৰা বৰ্তমানলৈ ১২৫ খনকৈ টেষ্ট ক্ৰিকেট মেছত আম্পায়াৰিং কৰিছে।

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন আম্পায়াৰ ৰুদি কোৱেৰ্টজেনৰ নামত আছে সৰ্বাধিক এদিনীয়া ক্ৰিকেটত আম্পায়াৰিং কৰাৰ অভিলেখ। ১৯৯২ চনত আম্পায়াৰ হিচাপে নিযুক্তি লাভ কৰা ৰুদি কোৱেৰ্টজেনে ২০১০ চনত অৱসৰ গ্ৰহণ কৰিছিল। সেই মুহূৰ্তলৈ তেও ২০৯ খন এদিনীয়াত আম্পায়াৰিং কৰিছিল।

খেলৰ মুহূৰ্তত আম্পায়াৰ ৰুদি কোৱেৰ্টজেন

ক্ৰিকেট ইতিহাসত আম্পায়াৰ প্ৰায়ে সমালোচনাৰসন্মুখীন হ'বলগা হয়। বিশেষকৈ ক্ৰিজত আম্পায়াৰে প্ৰদান কৰা এক ভুল সিদ্ধান্তই এজন ক্ৰিকেটাৰৰকেৰিয়াৰ ধ্বংস কৰি পেলাবও পাৰে। আম্পায়াৰে এনে ভুল সিদ্ধান্ত বহুবাৰ প্ৰদান কৰাৰ নজিৰআছে। ২০১৯ৰ বিশ্বকাপতো ছেমি ফাইনেলৰ দৰে এখন গুৰুত্বপূৰ্ণ মেছত অৱতীৰ্ণ হোৱা ভাৰতৰঅন্তিম সময়ত এম এছ ধোনীৰ ৰান আউটটো আম্পায়াৰৰ ভুল সিদ্ধান্তৰ বাবেই অৱশেষতনিউজিলেণ্ডৰ হাতত ভাৰতীয় ক্ৰিকেট দলটো পৰাস্ত হোৱা বুলি চৰ্চা চলিছে।

আম্পায়াৰৰ ভুল সিদ্ধান্তৰ প্ৰত্যাহ্বানসূচক ভাৱেই আধুনিক ক্ৰিকেটত ব্যৱস্থা কৰা হৈছে ডিচিছন ৰিভিউ চিষ্টেম অৰ্থাৎ ডি আৰ এছৰ। এই চিষ্টেমৰ দ্বাৰা আম্পায়াৰৰ সিদ্ধান্তৰ প্ৰতি আপত্তি থাকিলে বেটিং বা ফিল্ডিং পক্ষই ডিআৰএছৰ সহায়ত আম্পায়াৰৰ সিদ্ধান্তৰ পুনৰীক্ষণ কৰাব পাৰে। পিছে তেনে কৰিবলৈও দুয়ো পক্ষক প্ৰদান কৰা হয় মাত্ৰ দুটাকৈ ডিআৰএছ।

ক্ৰিকেটত ডিআৰএছ সংকেত…

কিন্তু যি হ'লেও ক্ৰিকেটৰ বাবে আম্পায়াৰৰ সিদ্ধান্তই সকলো। পূৰ্বৰ নিয়ম সলনি হৈ আধুনিক ক্ৰিকেটত বহু নতুন নীতি-নিয়মৰ সংযোজন ঘটিলেও পূৰ্বে আম্পায়াৰে যি ভূমিকা পালন কৰিছিল, আজিও সেই একেই ভূমিকা পালন কৰি আহিছে। তেনে ক্ষেত্ৰত ক্ৰিকেটৰ দৰে এক জনপ্ৰিয় আৰু সম্ভ্ৰান্ত খেল নিকা আৰু সুংসগঠিত ভাৱে অনুষ্ঠিত কৰাত আম্পায়াৰসকলৰেই দায়িত্ব অধিক।

খেলপথাৰত আম্পায়াৰ চাইমন টাউফেল

আন্তঃৰাষ্ট্ৰীয়আৰু ঘৰুৱা ক্ৰিকেটত আম্পায়াৰিং কৰি বহু আম্পায়াৰেই ক্ৰিকেটত জনপ্ৰিয় খেললৈ সলনিকৰাত ভূমিকা গ্ৰহণ কৰি আহিছে। তাৰ ভিতৰত চাইমনটাউফেল, ডিকি বাৰ্ড, ডেভিদ চিফাৰ্ড, ষ্টিভ বাকন'ৰ, শ্ৰীনিৱাস ভেংকটৰাঘৱন, দাৰেলহায়ৰ, আলীম দাৰ অন্যতম। এই সকল সফল আম্পায়াৰ। ক্ৰিকেটত আম্পায়াৰিঙৰ জৰিয়তে এওঁলোকেসৃষ্টি কৰি থৈ গৈছে ইতিহাসৰ। আম্পায়ৰৰো ভুল হ'ব পাৰে। এয়া স্বাভাৱিক। কিন্তু ভুলৰসংখ্যা কিমান তাৰ ওপৰত নিৰ্ভৰ কৰে এগৰাকী আম্পায়াৰৰ সফলতা-বিফলতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in