বেয়া পালে? আপুনি ভাল পোৱা প্ৰশ্ন এই সাংবাদিকে কৰিবই নাজানে…

বেয়া পালে? আপুনি ভাল পোৱা প্ৰশ্ন এই সাংবাদিকে কৰিবই নাজানে…

মৃদুল কুমাৰ সন্দিকৈ

কোৰোনাক লৈ আতংকিত কৰা হৈছে নেকি? যদি কোনোবাই আতংকিত কৰিছে সেয়া কোনে কৰিছে? মানুহৰ মাজত কোৰোনা ভাইৰাছক লৈ যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, সেই প্ৰতিক্ৰিয়াৰ বিপৰীতে শংকিত লোকসকলৰ অসহায়তাৰ সুযোগ কোনোবাই গ্ৰহণ কৰিলে মাত মতাৰ অধিকাৰ কাৰো নাই নেকি?

ভাইৰাছৰ নামত যদি কেনেবাকৈ ভুৱা শংকাৰ সৃষ্টি কৰা হৈছে তেনেহ'লে ইয়াৰ লাভ কাৰ? সাধাৰণ লোকে ভাবিছে কোৰোনা সকলোৰে বাবে আহে, গতিকে সকলোৱে সতৰ্ক হৈ থকাৰ প্ৰয়োজন। যদি কোনোবাই বিষ নোহোৱা সাপ হাতত লৈ সাধাৰণ লোকক উদ্দেশ্যি চিঞৰিছে- এইটো বৰ বিষাক্ত সাপ, ইয়াৰ পৰা সাৱধান, তেন্তে সেই লোকে সাপৰ বিষৰ নামত মানুহক আতংকিত কৰি নিজক প্ৰতিষ্ঠাৰ প্ৰচেষ্টাত ব্যস্ত হৈছে।

আমি কাকো অভিযোগ কৰা নাই। কিন্তু এফালে কোৰাোনা ভাইৰাছক লৈ যথেষ্ট সতৰ্কতা আৰু আনফালে ইমান সহজতে কোৰোনাক লৈ কৰা তৰল মন্তব্যক লৈ প্ৰশ্ন কৰিব মন যায়- আচলতে আপোনালোকে বিচাৰে কি?

কোৱাৰেন্টাইন কিয় কৰা হয় কোৰোনা ভাইৰাছক লৈ? তাৰ স্বাস্থ্য সন্মত ব্যাখ্যা আৰু প্ৰয়োজনীয়তা উপলব্ধি কৰা সকলে সাংবাদিকে কৰা এটা প্ৰশ্নক লৈ কেতিয়াও ইমান প্ৰতিক্ৰিয়া ব্যক্ত নকৰে। প্ৰশ্নটো আছিল- অসমৰ বহু হোটেলত কোৱাৰেন্টাইন হৈ থকা লোকৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰিছে। এই হোটেলসমূহত কৰ্মৰত কৰ্মচাৰী বা হোটেলসমূহক কন্টেইনমেন্ট জ'ন ঘোষণা কৰা হ'ব নেকি?

যিসকলে এই প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকিল, প্ৰশ্ন কৰাৰ বাবে সাংবাদিকক বিচাৰৰ কাঠগড়াত উঠাইছে, তেনে ব্যক্তিসকলক সুধিব মন যায়- আপোনালোকেই জানো ফাঁচী বজাৰৰ আলুপট্টিৰ কোৰোনা সংক্ৰমিত এজন লোক ফাঁচী বজাৰ এলাহাবাদ বেংকলৈ যোৱাৰ বাবে বেংকটো বন্ধ কৰি দিয়া নাছিল?

নিয়মৰ দোহাই দি স্পেনিছ গাৰ্ডেনৰ এজন আবাসিকৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰাৰ পাছত সেই আবাসিক অঞ্চলটো কোৱাৰেন্টাইন জ'ন ৰূপে ঘোষণা কৰা নহৈছিলনে? যদি কোৰোনা ভাইৰাছৰ কোৱাৰেন্টাইন প্ৰট'ক'ল অনুসৰি বা স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি কোৰোনা ভাইৰাছত আক্ৰান্ত ৰোগী ধৰা পৰা এক নিৰ্দিষ্ট অঞ্চল কোৱাৰেন্টাইন কৰাৰ লগতে তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলক কোভিড-১৯ পৰীক্ষা কৰা হয়, তেনেহ'লে হোটেলত কোৱাৰেন্টাইন হৈ থকা লোকসকল কোভিড-১৯ পজিটিভ পোৱাৰ পাছত এই ব্যৱস্থা কিয় কৰা নহয়?

এই প্ৰশ্নৰ বাবেই সাংবাদিকক নীতি শিক্ষা দিয়া সংশ্লিষ্ট পক্ষ বা লোকে কিয় পাহৰি গৈছে ডাঃ লিথিকেশ দাসৰ দেহত কোভিড-১৯ পোৱাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ দুটাকৈ হোষ্টেল কন্টেইনমেন্ট জ'ন ঘোষণা কৰা হৈছিল আৰু লগতে কেইবাজনো চিকিৎসকক হোম কোৱাৰেন্টাইন কৰা হৈছিল।

আনকি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ৰমেন তালুকদাৰকো কোৱাৰেন্টাইন কৰা হৈছিল বি বৰুৱা কৰ্কট ৰোগ অনুষ্ঠানত দীপিকা নামৰ কিশোৰীগৰাকীৰ মৃত্যুৰ পাছত সেই প্ৰতিষ্ঠানটোত চাফাই কৰ্মী ৰূপে কৰ্মৰত আইতাক মালতী বাছফৰক সংস্পৰ্শলৈ কিশোৰী গৰাকী অহাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰা হৈছিল?

এয়া প্ৰদৰ্শনৰ প্ৰতিযোগিতা নহয়। নগাঁৱৰ বৰবজাৰত শংকিত ঘোষ নামৰ এজন ব্যক্তি কোৱাৰেন্টাইনত থকা সময়ত কোভিড-১৯ৰ পজিটিভ বুলি ধৰা পৰিছে। সেই সময়ত নিয়মৰ দোহাই দিয়ে জানো এই হোটেলখন ছীল আৰু কন্টেইনমেন্ট জ'ন কৰা হোৱা নাছিল?

সাংবাদিকক কোৱাৰেন্টাইন কৰাৰ কথা কৈ ভীৰ্তি প্ৰদৰ্শনৰ চেষ্টা আচলতে কোনে কৰিছে? তেওঁৱো জনা উচিত মৰিগাঁৱত কোভিড-১৯ৰ ৰোগী ধৰা পৰাৰ বাবেই সেই ৰোগীৰ সংস্পৰ্শলৈ যোৱা সাংবাদিক কোৱাৰেন্টাইন হৈছে।

গুৱাহাটীৰ ফাঁচী বজাৰৰ আলুপট্টিত ধৰা পৰা ৰোগীৰ বাবেই সাংবাদিক কোৱাৰেন্টাইন হোৱা তথ্য হয়তো তেখেতে নাজানে। অভিযোগ উঠিছে, গুৱাহাটীৰ একাংশ হোটেলত কোৱাৰেন্টাইনত থকা বহু ৰোগী কোভিড-১৯ত পজিটিভ ৰূপ ধৰা পৰাৰ পাছত সেই হোটেলসমূহৰ ক্ষেত্ৰত ল'ব লগা ব্যৱস্থা স্বাস্থ্য বিভাগে লোৱা নাই।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে খং কৰিলে সাংবাদিকৰ ওপৰত। সাংবাদিকে সোধাত প্ৰশ্নত তেওঁ অতিষ্ঠ হ'ল। তাত তেওঁ বেয়া মনোভাৱ দেখা পালে। কিন্তু হোটেলত কাম কৰা কৰ্মচাৰীসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁ নিমাত কিয়? পিপিই কীট পৰিধান কৰা চিকিৎসকৰ দেহতো বিয়পিছে কোৰোনা। তেনেস্থলত হোটেলত কৰ্মৰত কৰ্মচাৰীৰ বাবে কিবা এটা ভাবি প্ৰশ্ন কৰাত আপত্তি ক'ত?

এনে খবৰো ওলাইছে হোটেলত থকা বহু লোকৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰিছে যদিও, গুৱাহাটী মহানগৰীৰ হোটেলসমূহত থকা ৰোগীৰ ক্ষেত্ৰত প্ৰথমে তেওঁলোকৰ নাম সৰুসজাইত পঞ্জীয়ন কৰাৰ বাবেই সেইসকল সৰুসজাই কোৱাৰেন্টাইন কক্ষত থকা বুলি প্ৰচাৰ চলোৱা হৈছে।

এই খবৰ কিমান সঁচা? সাংবাদিকে কিবা এটা কথা জানিব বিচৰাত মন্ত্ৰী মহোদয়ৰ খং উঠিল। সাংবাদিক কিয় কোৱাৰেন্টাইন হোৱা নাই বুলি প্ৰশ্ন কৰিলে তেওঁ। কোভিড-১৯ ধৰা পৰাৰ পাছত সেই স্থানলৈ যোৱা সংবাদিকে নহয়, প্ৰয়োজনত স্বাস্থ্য মন্ত্ৰীও কোৱাৰেন্টাইন হব লাগে।

কোৰোনা ভাইৰাছৰ নামত কি হৈ আছে ৰাইজে দেখিছে। হয়, তৎপৰতা কিছু চলিছে, কিন্তু সেই তৎপৰতাতকৈ কেতিয়াবা আত্মপ্ৰচাৰৰ প্ৰকোপ বাঢ়িছে। ভাৰতৰ কোনো ঠাইত কোৰোনা আক্ৰান্ত ৰোগীক গামোচা পিন্ধাই খোদ মন্ত্ৰী উপস্থিত থাকি প্ৰচাৰ লোৱাৰ উদাহৰণ নাই।

অসমৰ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ ছবিখন যদি আপুনি চাবলৈ যায়, তেনেহ'লে এজন সাংবাদিক ৰূপে সংগৃহত তথ্যৰ আধাৰত প্ৰতিফলিত হোৱা ছবি এইখন-

৩১ মাৰ্চ, ২০২০। অসমত প্ৰথম কোৰোনা ৰোগী ধৰা পৰিছিল ৩১ মাৰ্চ, ২০২০ত। কৰিমগঞ্জৰ বদৰপুৰত ৫২ বছৰীয়া এজন লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰাত কোৰোনা ভাইৰাছত আক্ৰান্ত এইজনেই প্রথম ৰোগী আছিল। তেওঁৰ নাম আছিল মহম্মদ জামালুদ্দিন। এই ব্যক্তিজন নিজামুদ্দিন মাৰ্কাজৰ পৰা আহিছিল।

১ এপ্ৰিল, ২০২০। চাৰিজন লোকৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰে। ইয়াৰে তিনিজন জাগীৰোডৰ আৰু এজন নলবাৰীৰ আছিল। গুৱাহাটী মেডিকেল কলেজত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল। তেতিয়ালৈকে ৰাজ্যত মুঠ কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছিল ৫জনলৈ। আটাইকেইজন আছিল নিজামুদ্দিনলৈ যোৱা লোক। সেইদিনাই গোলাঘাটৰ ৮জন লোকৰ দেহত পুনৰ কোভিড-১৯ ধৰা পৰে। এই আটাই কেইজনে নিজামুদ্দিনৰ সৈতে সম্পৰ্ক থকা লোক আছিল। দিনটোত কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা হয়গৈ ১৩জন।

২ এপ্ৰিল, ২০২০। অসমত আন তিনিজন লোক দেহত কোৰোনা ভাইৰাছ ধৰা পৰাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১৬লৈ বৃদ্ধি পাইছিল। সেইদিনা ধৰা পৰা আটাইকেইজন লোক আছিল নিজামুদ্দিন মাৰ্কাজলৈ যোৱা আৰু তেওঁলোকৰ ঘৰ গোলাঘাটত। কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ১৬ হয়।

৩ এপ্ৰিল, ২০২০। চাৰিজন কোৰোনাত আক্ৰান্ত ৰোগী পুনৰ ধৰা পৰে ৰাজ্যত। এই সকল লোক আছিল ক্ৰমে নলবাৰী আৰু দক্ষিণ শালমাৰাৰ। সেইদিনাই আকৌ তিনিজন লোকৰ দেহত কোভিড-১৯ ধৰা পৰে। ইয়াৰে এজন গুৱাহাটীৰ আছিল। আৰু বাকী দুজন নিজামুদ্দিন মাৰ্কাজৰ সৈতে সম্পৰ্ক থকা। গুৱাহাটীত কোভিড-১৯ত আক্ৰান্ত লোকজনৰ নাম আছিল মনীষ তীব্ৰৱাল। ৰাজ্যত কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা হয়গৈ ২৩জন।

৪ এপ্ৰিল, ২০২০। তিনিজন লোকৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰে। এজন গোলাঘাটৰ এজন উত্তৰ লখিমপুৰ আৰু আন জন কাছাৰৰ। ৰাজ্যত ২৬জনলৈ বৃদ্ধি পাই কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা।

৭ এপ্ৰিল, ২০২০। নিজামুদ্দিনৰ সৈতে সম্পৰ্ক থকা ধুবুৰীৰ চাপৰৰ এজন লোকৰ কোভিড-১৯ ধৰা পৰাৰ পাছত চৌদী আৰৱলৈ গৈ ঘূৰি আহি তবলিগত অংশ লোৱা আন দ্বিতীয়জন লোকৰ দেহতো সেইদিনা কোভিড-১৯ ধৰা পৰে। এই লোকজন আছিল হাইলাকান্দিৰ।ভাৰতৰ বাহিৰলৈ ভ্ৰমণ কৰিবলৈ গৈ ঘূৰি অহাৰ পাছত কোভিড-১৯ ধৰা পৰা হাইলাকান্দিৰ এই লোক জনেই আছিল প্ৰথমজন লোক। কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৰাজ্যত ২৮জনলৈ বৃদ্ধি পাইছিল।

৯ এপ্ৰিল, ২০২০। বিলাসীপাৰাত আন এজন লোকৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে। এই লোকজনে সেই জিলাখনৰ এজন কোৰোনাক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ আহিছিল। অৰ্থাৎ তবলিগ জামাতলৈ নোযোৱাকৈ কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগী আছিল তেওঁ। ২৯জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা।

১০ এপ্ৰিল, ২০২০। কোৰোনা ভাইৰাছত আক্ৰান্ত প্ৰথমজন ৰোগীৰ মৃত্যু হয় হাইলাকান্দিত। চৌদী আৰৱলৈ গৈ নিজামুদ্দিন মাৰ্কাজত উপস্থিত থাকি ঘৰলৈ উভতি অহা হাইলাকান্দিৰ ৬৫ বছৰীয়া এই ব্যক্তিজনৰ মৃত্যু হয় শিলচৰ মেডিকেল কলেজৰ হাস্পতালত। তেওঁৰ নাম আছিল ফইজুল হক বৰভূঞা।

১৩ এপ্ৰিল, ২০২০। বৰপেটা মেডিকেল কলেজত প্ৰথমে নিজামুদ্দিনলৈ যোৱা এজন লোকৰ দেহত এই দিনটোত কোভিড-১৯ ধৰা পৰে। তেওঁৰ ঘৰ আছিল ধুবুৰীত। সেইদিনাই নিজামুদ্দিনৰ পৰা ঘূৰি অহা এজনৰ সংস্পৰ্শলৈ যোৱা গোলাঘাটৰ আন এজন লোকৰ দেহতো কোভিড-১৯ ধৰা পৰে। ৰাজ্যত ৩১জনলৈ বৃদ্ধি পাইগৈ কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা।

১৪ এপ্ৰিল, ২০২০। ধুবুৰীৰ এজন লোকৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে। তেওঁ আছিল এজন কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ পত্নী। ৩২জনলৈ বৃদ্ধি পাই ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা।

১৬ এপ্ৰিল, ২০২০। মৰিগাঁৱৰ লাহৰিঘাটৰ দুজন লোকৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰে। এইদিনাই গোলাঘাটত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা তিনিজনক গোলাঘাট অসামৰিক হাস্পতালৰ পৰা যাবলৈ দিয়া হয়। ৰাজ্যত কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈছিল ৩৪জনলৈ।

১৮ এপ্ৰিল, ২০২০। মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত চিকিৎসাধীন দুজন ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন কোৰোনাক্ৰান্ত আন এজন ৰোগীকো সুস্থ হোৱাৰ পাছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়ে।

১৯ এপ্ৰিল, ২০২০। এমএমচিএইচ, গুৱাহাটী মেডিকেল কলেজৰ পৰা মুঠ ৫জন কোভিড-১৯ত আক্ৰান্ত ৰোগীক সুস্থ হোৱাৰ পাছত ঘৰলৈ যাবলৈ দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই।

২০ এপ্ৰিল, ২০২০। সোণাপুৰ অসামৰিক চিকিৎসালয় আৰু তেলাহী মডেল হাস্পতাল, লখিমপুৰৰ পৰা দুজন ৰোগীক অব্যাহতি।

২৩ এপ্ৰিল, ২০২০। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ আন এজন লোক দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে। ইয়াকে ধৰি ২৩এপ্ৰিলৰ দিনালৈ ৰাজ্যত মুঠ কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছিল ৩৫জনলৈ।

২৬ এপ্ৰিল, ২০২০। এমএমচিএইচ, গুৱাহাটীৰ পৰা চাৰিজন আৰু গোলাঘাট অসামৰিক চিকিৎসালয়ৰ পৰা চাৰিজন কোভিড-১৯ত আক্ৰান্ত ৰোগীক ঘৰলৈ যাবলৈ দিয়া হয়।

২৮ এপ্ৰিল, ২০২০। বঙাইগাঁও জিলাৰ শালমৰাৰ ১৬ বছৰীয়া এগৰাকী কিশোৰীৰ দেহত কোভিড-১৯ ধৰা পৰে। এই কিশোৰীগৰাকীয়ে আছিল ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত হোৱা কম বয়সীয়া ৰোগী।তেওঁ নিজামুদ্দিনলৈ যোৱা এজন আত্মীয়ৰ সংস্পৰ্শলৈ আহিছিল। উক্ত দিনাই গোলাঘাটতো আন এজন লোকৰ দেহত কোভিড-১৯ ধৰা পৰে। ৰাজ্যত কোৰোনাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হয়গৈ ৩৭জন।

২৯ এপ্ৰিল, ২০২০। ধুবুৰী আৰু গোৱালপাৰাত কোভিড-১৯ত আক্ৰান্ত হৈ থকা দুজন ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। তেওঁলোক দুয়ো ক্ৰমে এমএমচিএইচত চিকিৎসাধীন হৈ আছিল।

৩০ এপ্ৰিল, ২০২০। বঙাইগাঁও জিলাত কোভিড-১৯ত আক্ৰান্ত চাৰিজন ৰোগী ধৰা পৰে। সেইদিনাই কৰিমগঞ্জতো আন এজন ৰোগীৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰাত ৰাজ্যত কোৰোনাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হয়গৈ ৪২জন।

১ মে', ২০২০। কোভিড-১৯ত আক্ৰান্ত তিনিজন ৰোগী সুস্থ হয়। তেওঁলোকৰ দুজনক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল, গুৱাহাটী আৰু আনজনক গোলাঘাট অসামৰিক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়।

৫ মে', ২০২০। গোৱালপাৰা জিলাৰ এজন লোকৰ দেহত কোভিড-১৯ ধৰা পৰে। সেইদিনাই কোকৰাঝাৰ জিলাতো আন এজন লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হয়গৈ ৪৪জন। কোকৰাঝাৰৰ কোভিড-১৯ত আক্ৰান্ত লোকজন পশ্চিমবংগৰ কোচ বিহাৰলৈ গৈছিল।

৬ মে', ২০২০। কোভিড-১৯ত আক্ৰান্ত দুজন ৰোগী সুস্থ। ইয়াৰে এজন এমএমচিএইচ আৰু আনজন শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল।সেইদিনাই কাছাৰৰ আন এজন লোকৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰাত ৰাজ্যত মুঠ কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা হয়গৈ ৪৫। এই লোকজন শিলচৰলৈ আজমেৰৰ পৰা বাছেৰে আহিছিল। ব্যক্তিজনৰ বিৰুদ্ধে অপৰাধজনীত গোচৰ ৰুজু হৈ আছিল আৰু তেওঁ ঘৰ আছিল শোণিতপুৰত।

৭ মে', ২০২০। কাছাৰত আন চাৰিজন লোকৰ দেহত কোভিড-১৯ ধৰা পৰে। এই কেইজন লোকে আজমেৰ পৰা বাছেৰে শিলচৰলৈ আহিছিল। উক্ত দিনাই গুৱাহাটীত কোৰোনাত আক্ৰান্ত হয় আন চাৰিজন লোক। গুৱাহাটীত কোৰোনাত আক্ৰান্ত হোৱা এজন অসমৰ বাহিৰৰ পৰা আহিছিল। আনজন আছিল জিএমচিএইচৰ কনিষ্ঠ চিকিৎসক। তেওঁৰ নাম ডাঃ লিথিকেশ দাস। সেইদিনাই গুৱাহাটীত কোভিড-১৯ত আক্ৰান্ত হয় এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ মৃত্যু হোৱা খবৰো আহিছিল। কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা দ্বিতীয়জন ৰোগী আছিল গুৱাহাটীৰ দীপিকা নাথ। লক্ষণীয় কথাতো হ'ল যে, তেওঁৰ মৃত্যুৰ পাছতহে কোৰোনাত আক্ৰান্ত হোৱা কথা পোহৰলৈ আহিছিল। এইগৰাকী কিশোৰীৰ আইতাক বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানত চাফাই কৰ্মী আছিল। সেইদিনালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছিলগৈ ৫৩জন।

৮ মে', ২০২০। কাছাৰত আন চাৰিজন লোকৰ দেহত কোভিড-১৯ ধৰা পৰে। এই আটাইকেইজন কোৰোনাত আক্ৰান্ত লোক বাছেৰে আজমেৰ পৰা শিলচৰলৈ আহিছিল।উক্ত দিনাই আৰু দুজন লোকৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰিছিল। গুৱাহাটীতো এই দিনা আন এগৰাকী লোকৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে। তেওঁ আছিল গুৱাহাটী ৰিজনেল ডেন্টেল কলেজৰ ছাত্ৰী। তেওঁৰ নাম দীপা ডেকা। ৰাজ্যত কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা হয়গৈ ৫৯জন।

৯ মে', ২০২০। যোৰহাটত তিনিজন লোক দেহত কোৰোনা ধৰা পৰে। ইয়াৰে এজন আছিল এম্বুলেন্সৰ ড্ৰাইভাৰ। সেই এম্বুলেন্সখনতে মুম্বাইৰ পৰা আন দুজন লোকৰ দেহত কোভিড-১৯ ধৰা পৰিছিল। ৰোগীক মুম্বাইৰ পৰা আনি থৈ মুম্বাইলৈ ঘূৰি যোৱাৰ পাছতহে এম্বুলেন্সৰ চালকজনৰ দেহত কোভিড-১৯ৰ উপস্থিতি থকা কথা পোহৰলৈ আহে। ৰাজ্যত মুঠ কোৰোনাত আক্ৰান্ত ৰোগী হয়গৈ ৬২।

১১ মে', ২০২০। গুৱাহাটীত দুজন লোকৰ দেহত কোভিড-১৯। ইয়াৰে এজন মৰিগাঁৱৰ। আন জন আছিল গুৱাহাটী ফাঁচী বজাৰৰ মংগৰু চাহানী। সেইদিনাই ৫জন কোভিড-১৯ত আক্ৰান্ত ৰোগী সুস্থ হৈ ঘৰলৈ উভতে। ৰাজ্যত মুঠ কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা হয়গৈ ৬৪জন।

১৩ মে', ২০২০। গুৱাহাটীৰ ফাঁচী বজাৰত কোৰোনাত আক্ৰান্ত মংগৰু চাহানীৰ পৰা কোৰোনা সংক্ৰমণ হোৱা বুলি ধাৰণা কৰা ১৫জন লোকৰ দেহত কোভিড-১৯ ধৰা পৰে। একেদিনাই ইমান বেছি লোকৰ দেহলৈ কোভিড-১৯ সংক্ৰমণ হোৱা খবৰে জোকাৰণি তুলিছিল। এই আটাইকেইজন সংক্ৰমিত ব্যক্তিৰ সৈতে ফাঁচী বজাৰৰ আলুপট্টিৰ সম্পৰ্ক আছিল। ৰাজ্যত মুঠ কোৰোনাত আক্ৰান্তৰ সংখ্যা হৈছিল ৭৯জন।

১৪ মে', ২০২০। গুৱাহাটীৰ ৭জন লোক দেহত কোভিড-১৯ ধৰা পৰে। ইয়াৰে এজন আছিল কৰ্কট ৰোগীত আক্ৰান্ত, যিজন মুম্বাইৰ পৰা বাছত আহি গুৱাহাটীত উপস্থিত হৈছিল। কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা অসমত বৃদ্ধি পাইছিল ৮৬জনলৈ।

১৫ মে', ২০২০। এজন কোভিড-১৯ত আক্ৰান্ত ৰোগীক শিলচৰ মেডিকেল কলেজৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। সেইদিনাই গুৱাহাটীত আন তিনিজন লোকৰ দেহত কোভিড-১৯ ধৰা পৰে। ইয়াৰে এজন সৰুসজাই ষ্টেডিয়ামৰ কোৱাৰেন্টাইন শিবিৰত আছিল। এজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰোগী আৰু আনজন পশ্চিমবংগৰ পৰা ৰাজ্যলৈ ঘূৰি অহা। কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছিল ৮৯জনলৈ।

১৬ মে', ২০২০। গুৱাহাটীত আন দুজন লোকৰ দেহত কোৰোনা ধৰা পৰে। ইয়াৰে এজন নাপিত। যি ফাঁচী বজাৰৰ আলুপট্টিৰে সম্পৰ্ক আছিল। সেইদিনাই শোণিতপুৰতো আন এজন লোকৰ দেহত কোভিড-১৯ ধৰা পৰে। ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হয়গৈ ৯২জন।

১৭ মে', ২০২০। গুৱাহাটীত দুজনৰ দেহত কোভিড-১৯, শিৱসাগৰৰ এজনৰ দেহত কোভিড-১৯, যোৰহাটত আন এজনৰ দেহত কোভিড-১৯ ধৰা পৰে। ৯ বছৰীয়া এটি শিশুৰ দেহতো কোৰোনা ধৰা পৰে এই দিনটোত। দিনটোৰ শেষৰ ফালে কাছাৰত আন এজনৰ দেহত কোভিড-১৯ ধৰা পৰে। শেষৰ নিশা সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰত থকা তিনিজনৰ দেহত কোৰোনা ধৰা পৰাৰ পাছত ৰাজ্যত মুঠ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যাই ১০০ৰ ঘৰ চুৱেগৈ।

১৮ মে', ২০২০। যোৰহাটৰ তিতাবৰত দুজন লোকৰ দেহত কোভিড-১৯। নগাঁৱৰ আন এজন লোকৰ দেহত কোভিড-১৯ ধৰা পৰাৰ লগতে গোলাঘাটতো দুজন লোকৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰিছিল। সেইদিনাই মুম্বাইৰ পৰা আহি কোভিড-১৯ত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ থকা এজন কৰ্কট ৰোগীৰ মৃত্যু হয়। কাছাৰ জিলাতো আন দুজনৰ দেহত কোভিড-১৯ ধৰা পৰে। গুৱাহাটীৰ আন ৭জন লোকৰ দেহত শেষৰ নিশা অহা পৰীক্ষাৰ ফলাফলত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পাছত ৰাজ্যত মুঠ কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১১৫জন হয়গৈ। সেইদিনটোতে আৰু এজন কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ মৃত্যু হোৱাত ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত লোক মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছিল ৪জনলৈ।

১৯ মে', ২০২০। ৪২জন লোকৰ দেহত কোভিড-১৯ ধৰা পৰে। ইয়াৰে ২০জন গুৱাহাটীৰ, ৭জন কামৰূপ, দুজন হোজাই, দুজন বিশ্বনাথ, দুজন নলবাৰী, দুজন যোৰহাট, দুজন গোলাঘাট, দুজন কৰিমগঞ্জৰ, দুজন নগাঁৱৰ আৰু এজন কোকৰাঝাৰৰ। এই আক্ৰান্ত হোৱা সকলৰ ভিতৰত দুমহীয়া এটি শিশুও আছিল। মুলতঃ সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰত থকা লোকেই সৰ্বাধিক কোভিড-১৯ত আক্ৰান্তহৈছিল এই দিনটোত। ৰাজ্যত কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছিলগৈ ১৫৭জন।

২০ মে', ২০২০। ২৮জন লোকৰ দেহত কোভিড-১৯ ধৰা পৰে। ইয়াৰে ১৫জন গুৱাহাটীৰ, ৮জন হোজাই, দুজন শোণিতপুৰ আৰু এজন কৰিমগঞ্জৰ, এজন কামৰূপ আৰু আন জন নগাঁৱৰ। কোৰোনাত আক্ৰান্তৰ সংখ্যা ৰাজ্যত হয়গৈ ১৮৫জন। সেইদিনাই শিলচৰ মেডিকেল কলেজৰ পৰা চাৰিজন, যোৰহাট মেডিকেল কলেজৰ পৰা দুজন আৰু জিএমচিএইচত কোৰোনাত আক্ৰান্ত হোৱা ডাঃ লিথিকেশক সুস্থ হোৱাৰ পাছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

২১ মে', ২০২০। ২৫জন লোকৰ দেহত কোৰোনা ধৰা পৰে। ইয়াৰে ৫জন শোণিতপুৰৰ, ৫জন কোকৰাঝাৰ, চাৰিজন বৰপেটাৰ, দুজন লখিমপুৰ, দুজন শিৱসাগৰ, দুজন ধুবুৰী আৰু দুজন পশ্চিম কাৰ্বিআংলঙৰ। ডিব্ৰুগড় আৰু দৰং আৰু ওদালগুৰিৰো একোজনকৈ লোকৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰাত ৰাজ্যত মুঠ কোৰোনাত আক্ৰান্তৰ সংখ্যা হয়গৈ ২১০জন। এই দিনাই ৬গৰাকী কোৰোনাত আক্ৰান্ত ৰোগীক ঘৰলৈ যাব দিয়া হয়। শিলচৰ মেডিকেল কলেজৰ পৰা চাৰিজন আৰু এমএমচিএইচৰ পৰা দুজন ৰোগী সুস্থ হৈ ঘৰলৈ উভতে। কোৰোনাত আক্ৰান্ত হোৱা সৰহসংখ্যক ৰোগীয়েই আছিল গুৱাহাটী কোৱাৰেন্টাইন কক্ষৰ।

২২ মে', ২০২০। ৪৯জনৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে। ইয়াৰে ২৭জন গুৱাহাটীৰ, ৮জন কাছাৰ, ৬জন শোণিতপুৰ, তিনিজন শিৱসাগৰ, এজন হাইলাকান্দি, এজন লখিমপুৰ, এজন ওদালগুৰি, এজন নগাঁও আৰু এজন তিনিচুকীয়াৰ। এই কোৰোনাত আক্ৰান্ত ৰোগীসকলৰ সৰহভাগেই আছিল তেজপুৰ, যোৰহাট, শিলচৰ আৰু গুৱাহাটীত কোৱাৰেন্টাইন হৈ থকা। ৰাজ্যত কোৰোনাত আক্ৰান্ত সংখ্যা হৈছিলগৈ ২৫৯জন।

২৩ মে', ২০২০। কোৰোনাত আক্ৰান্ত হয় ৭জন লোক। এই সকলৰ ৬জন সৰুসজাই আৰু হোজাইৰ কোৱাৰেন্টাইন কক্ষত থকা আৰু আনজন ধুবুৰীৰ। এইদিনাই পুনৰ ৫৩জন লোকৰ দেহত কোভিড-১৯ ধৰা পৰে। এই সকলৰ ভিতৰত ৪৪গৰাকী সৰুসজাই কোৱাৰেন্টাইন কক্ষত থকা, ৭গৰাকী ডিমাহাচাও আৰু দুগৰাকী কাছাৰৰ। উক্তদিনাই আন ১০গৰাকী লোকৰ দেহতো কোভিড-১৯ ধৰা পৰে। ইয়াৰে চাৰিজন মৰিগাঁও, দুজন নলবাৰী, এজন নগাঁও, এজন হোজাই, এজন গোলাঘাট আৰু এজন যোৰহাটৰ। ইফালে, ১৭জন লোকৰ দেহতো কোভিড-১৯ ধৰে পৰে ২৩ মে'ৰ দিনা। ইয়াৰে ৪জন চিৰাঙৰ, ৪জন তিনিচুকীয়াৰ, এজন গোৱালপাৰাৰ, ৩জন কাছাৰ, ৩জন হাইলাকান্দিৰ আৰু দুজন ত্ৰিপুৰাৰ। ৰাজ্যত ২৩ মে'ৰ নিশা ১১.২৫ বজালৈকে কোৰোনাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হয়গৈ ৩৪৬জন। এই দিনাই দুগৰাকী কোৰোনাত আক্ৰান্ত ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। তাৰে এগৰাকী হ'ল গুৱাহাটী আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ছাত্ৰী দীপা ডেকা।

ইয়াৰ পাছতো স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক কওঁ- আপুনি বহু ভাল কাম কৰিছে। সেই কথা আপুনিও ভাবিছে। কিন্তু এইখন যুঁজ কেৱল আপুনি অকলে যুঁজিম বুলি মানসিকতাতেই এক ডাঙৰ ব্যৰ্থতা লুকাই আছে। সাংবাদিকক গালি পাৰ বাহ বাহ ল'ব পাৰিব। কিন্তু এনেকৈয়ে এই যুঁজ আপুনি জিকিব নোৱাৰিব। মন কৰিছে নে- ৰাজ্যৰ পৰিস্থিতি কিহৰ পৰা কিহলৈ গৈ আছে? আৰু আপুনি যেন আত্মসন্তুষ্টিত বুৰ গৈ উৎসাহত নাচি আছে…।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in