হে ভগৱান! আৰু কিমান দুখ দিয়া বন্তি শইকীয়াক…

হে ভগৱান! আৰু কিমান দুখ দিয়া বন্তি শইকীয়াক…

মৃদুল কুমাৰ সন্দিকৈ

দুখৰ খবৰ ইটোৰ পাছত সিটো। প্রথমে পত্নীৰ অসুস্থতাৰ খবৰ। পত্নীক লৈ আহিছিল গুৱাহাটীলৈ। গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত পত্নীক দেখুৱাইছিল মানুহজনে। ডাক্টৰে কৈছিল- খৰধৰকৈ বাহিৰলৈ লৈ যাওঁক।

৬ মাহ মানহে হৈছিল চাকৰিৰ পৰা অৱসৰ লোৱা তেওঁৰ। অৱসৰৰ পাছত পত্নীৰ সৈতে সুখৰ মুহূৰ্ত কটোৱা সুযোগেই নাপালে। গুৱাহাটী চিকিৎসালয়ত চিকিৎসকৰ পৰামৰ্শ অনুসৰি ১০ মাৰ্চত ওচৰৰে এজন যুৱকক লগত লৈ পত্নীসহ উৰা মাৰিছিল দিল্লীলৈ।

কৰ্কট ৰোগত আক্ৰান্ত পত্নীক যিকোনো প্ৰকাৰে বচাবলৈ মানুহজনে সকলো চেষ্টা কৰিছিল। তেতিয়া কোৰোনাৰ সংক্ৰমণে এই ৰূপ ধাৰণ কৰা নাছিল। কোৰোনাৰ কথা তেওঁৰ মনলৈ নাহিছিলেই। বোকাখাটৰ মহমাইকী গাঁৱৰ অজিত শইকীয়া আৰু বন্তি শইকীয়াৰ কাহিনী এয়া।

তেজৰ সম্বন্ধ নাথাকিলেও ওচৰ চুবুৰীয়া হোৱা হেতু আৰু পৰিয়ালটোৰ প্ৰতি থকা আন্তৰিকতাৰ বাবেই কংকন জ্যোতি বৰা গৈছিল তেওঁলোকৰ সহায়ৰ বাবে। বৃক্ক ৰোগত আক্ৰান্ত হৈছিল কংকনৰ পিতৃ। সেই সময়ত কংকনহঁতৰ সৈতে চেন্নাইলৈ চিকিৎসাৰ বাবে যাবলৈ কোনা নাছিল কাষত। সেই হেতুকে কংকনে কোনো ৰোগীক সহায় কৰাৰ বাবে মনতে সংকল্প লৈ থৈছিল। এই সুযোগ পাই তেওঁ নিঃস্বাৰ্থভাৱে পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি গৈছিল।

কৰ্কট ৰোগৰ বাবে দিল্লীৰ বাট্ৰা হাস্পতালত চিকিৎসাধীন হৈ আছিল বন্তি শইকীয়া…

বন্তি শইকীয়াক কংকনে মাতিছিল বৰমা বুলি আৰু অজিত শইকীয়াইক মাতিছিল বৰদেউতা। বৰ বেছি দিন হোৱা নাছিল তেওঁলোক তেওঁলোকৰ ঘৰৰ কাষলৈ অহা। দুয়োটা পৰিয়ালৰ মাজত এক সু-সম্পৰ্ক। বন্তি শইকীয়া আৰু অজিত শইকীয়াৰ সতি-সন্তান নাছিল।

১০ মাৰ্চত দিল্লীলৈ যোৱাৰ পাছত তেওঁলোক গৈছিল নতুন দিল্লীৰ বদৰপুৰত থকা বাট্ৰা হাস্পতাললৈ। ১২ মাৰ্চত বন্তি শইকীয়াক দিয়া হৈছিল প্রথমটো কেম'। ইতিমধ্যে তেওঁক তিনিটাকৈ কেম' দিছিল চিকিৎসকে।

১ এপ্ৰিল, ২০২০ৰ পৰা দিল্লীত আৰম্ভ হৈছিল কোৰোনাৰ সংক্ৰমণ। ২৭ এপ্ৰিলত চতুৰ্থটো কেম' ল'বলৈ যাওঁতে চিকিৎসকে কৈছিল কেম' লোৱাৰ পূৰ্বে কোভিড-১৯ৰ পৰীক্ষা কৰিব লাগিব। সেই পৰীক্ষাতে ধৰা পৰিছিল বন্তি শইকীয়া, অজিত শইকীয়া আৰু কংকনজ্যোতি বৰাৰ দেহত কোভিড-১৯।

কোভিড-১৯ ধৰা পৰা বন্তি শইকীয়াৰ পৰীক্ষাৰ ফলাফল…

তাৰপাছত তেওঁলোকক লৈ যোৱা হৈছিল চিকিৎসালয়লৈ। ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটী হাস্পতালত ভৰ্তি কৰা হৈছিল বন্তি শইকীয়া আৰু কংকন জ্যোতি বৰাক। অজিত শইকীয়াক ভৰ্তি কৰা হৈছিল দিল্লীৰ লোকনায়ক হাস্পতালত।

পৰৱৰ্তী সময়ত ৯ মে' আৰু ১১ মে'ত কংকনজ্যোতি বৰাৰ কোভিড-১৯ৰ পৰীক্ষা কৰিছিল। সেই পৰীক্ষাৰ ফলাফল আছিল নিগেটিভ। বন্তি শইকীয়াক ১২ মে', ২০২০ত পুনৰ কোভিড-১৯ পৰীক্ষা কৰাত ১৪ মে'ৰ ৰাতিপুৱা সেই ফলাফল নিগেটিভ আহে।

প্ৰথমে পজিটিভ কিন্তু অসমলৈ ঘূৰি অহাৰ আগত কোভিড-১৯ নিগেটিভ হৈছিল কংকন জ্যোতি বৰা…

১৪ মে', ২০২০ৰ দুপৰীয়া ১২ বজাত হাস্পতালৰ পৰা তেওঁলোকক যাবলৈ দিয়া হৈছিল। তাৰপাছত অসম চৰকাৰে ব্যৱস্থা কৰি দিয়া এটা গেষ্ট হাউছত তেওঁলোক আছিল ৭ দিন। হোম আইছ'লেশ্যনত ৰখা হৈছিল দুয়োকে। ইয়াৰ মাজতে আহিছিল আন এক খবৰ।

কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অজিত শইকীয়াৰ মৃত্যু হৈছিল চিকিৎসালয়ত। হাস্পতালৰ পৰা ওলোৱা দুদিন পাছতহে তেওঁলোকে গম পাইছিল অজিত শইকীয়াৰ মৃত্যুৰ খবৰ। ৭ মে'ৰ পুৱা ৯.১২ বজাত ঢুকাইছিল অজিত শইকীয়া।

১৬ মে'ৰ নিশা ৯.৩০ বজাতহে অৰ্থাৎ ৯ দিনৰ পাছত তেওঁলোকে অজিত শইকীয়াৰ মৃত্যুৰ খবৰ লাভ কৰিছিল। এক বুজাব নোৱাৰা পৰিৱেশৰ মাজত সময় অতিবাহিত কৰিছিল পৰিয়ালটোৱে। কিয়নো তেওঁলোক আছিল কোৱাৰেন্টাইনত।

অজিত শইকীয়াৰ কোভিড-১৯ৰ পৰীক্ষাৰ ফলাফল…

মৰ্গতে পৰি আছিল অজিত শইকীয়াৰ নশ্বৰ দেহ। দিল্লীত থকা অসম এছ'চিয়েশ্যনৰ এজন কৰ্মকৰ্তাই লোৱা উদ্যোগৰ বাবেহে অজিত শইকীয়াৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছিল। অজিত শইকীয়া জ্বৰ-কাহত ভোগি আছিল।শেষৰ ফালে তেওঁৰ নিউমনিয়া যথেষ্ট বেছি হয়।

অসমৰ পৰা যোৱা সময়ত তেওঁ সুস্থই আছিল। অসুস্থ বন্তি শইকীয়াক সেই সময়ত পৰিশ্চৰ্যা কৰিব লগা হৈছিল কংকন জ্যোতি বৰাই। স্বামী হেৰুওৱাৰ খবৰ তেওঁ ভালদৰে গমেই পোৱা নাছিল। কংকন জ্যোতিয়ে যোগাযোগ কৰিছিল দিল্লীৰ পৰা কেনেদৰে ঘূৰি আহিব পাৰি অসমলৈ।

চিকিৎসালয়ৰ পৰা ওলোৱা ৮ দিনৰ পাছত তেওঁলোক ঘূৰি আহিছিল দিল্লীৰ পৰা। ২২ মে'ত অসমত উপস্থিত হৈ তেওঁলোক বোকাখাট অভিমুখে গৈছিল আৰু কোৰোনাৰ প্ৰট'ক'ল অনুসৰি তেওঁলোকক কাজিৰঙাৰ কহৰাত থকা প্ৰশান্তি ল'জত কোৱাৰেন্টাইনত থাকিব দিয়া হৈছিল।

তেতিয়াই পুনৰ তেওঁলোকৰ শ্বাৱ সংগ্ৰহ কৰিছিল কোভিড-১৯ পৰীক্ষাৰ বাবে। ২৬ মে', ২০২০ৰ নিশা অনানুষ্ঠানিকভাৱে কংকন জ্যোতিয়ে গম পাইছিল পুনৰ কোভিড-১৯ ধৰা পৰিছে বন্তি শইকীয়াৰ দেহত । তাৰপাছত ২৭ মে'ৰ পুৱা বন্তি শইকীয়াক লৈ যোৱা হয় যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ।

২৭ মে'ত কোৱাৰেন্টাইন শেষ হোৱাৰ কথা আছিল তেওঁলোকৰ। কিন্তু পুনৰ কোভিড-১৯ ধৰা পৰাৰ বাবে বন্তি শইকীয়াক চিকিৎসালয়লৈ আৰু কংকন জ্যোতি বৰা প্রশান্তি ল'জতে থাকিব লগা হ'ল। দুটা পৃথক ৰূমত দুয়ো আছিল। কিন্তু কংকন জ্যোতিয়ে খোৱা-বোৱাৰ ব্যৱস্থা কৰি দিয়াৰ বাবে বন্তি শইকীয়াৰ কাষলৈ যাব লগা হৈছিল।

পত্নীক চিকিৎসাৰ বাবে লৈ গৈছিল অজিত শইকীয়া…

কৰ্কট ৰোগত আক্ৰান্ত বন্তি শইকীয়াক নিজেই ৰান্ধি-বাঢ়ি খুৱাইছিল কোৱাৰেন্টানৰ সময়ত কংকন জ্যোতিয়ে। স্বামীৰ মৃত্যু, কৰ্কট ৰোগ আদিৰ বাবে খোৱা-বোৱা ভালদৰে কৰা নাছিল মানুহগৰাকীয়ে। যথেষ্ট দুৰ্বল হৈ গৈছিল তেওঁ। দেহৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱাৰ বাবেই পুনৰ কোভিড-১৯ৰ সংক্ৰমণ হোৱা বুলি সন্দেহ কৰিছে চিকিৎসকে।

কংকনজ্যোতি বৰাৰ এতিয়াও কোভিড-১৯ৰ পৰীক্ষাৰ ফলাফল অহা নাই। যিসময়ত নিজ পুত্ৰই পিতৃ-মাতৃৰ শুশ্ৰূষা নকৰে, সেই সময়ত বন্তি শইকীয়াৰ কাষত ছাঁৰ দৰে থিয় হৈ আছিল এই যুৱকজন। ১০ মাৰ্চৰ পৰা ২৭ মে'লৈকে সকলো ধৰণৰ সহায়-সহযোগ তেওঁ কৰি গৈছে।

কাজিৰঙাত কোৱাৰেন্টাইন হৈ থকা সময়ত বন্তি শইকীয়াক বইল ভাত বনাই দি খাবলৈ দিব যাওঁতে অৱশ্যে তেওঁ সামাজিক দূৰত্ব আৰু ল'ব লগা প্ৰতিৰোধমূলক ব্যৱস্থা লৈছিল। কিন্তু তেওঁৰ ৰিপৰ্টত কি আহে সেয়া এতিয়াও গম পোৱা নাই।

নিজতকৈ কংকনজ্যোতিৰ চিন্তা বন্তি শইকীয়াৰ প্ৰতিহে। দেউতাকৰ বৃক্ক বিকল হোৱাৰ সময়ত চেন্নাইলৈ চিকিৎসাৰ বাবে নিওতে লগত যাবলৈ মানুহ নাছিল। তেতিয়া কংকনহঁত আছিল সৰু। সেই মনৰ দুখ তেওঁ লৈ ফুৰিছিল। ভাবিছিল কাৰোবাৰ কিবা হ'লে তেওঁ অন্ততঃ চিকিৎসাৰ কাৰণত যি পাৰে সহায় কৰিব।

দিল্লীত কংকনৰ লগৰ এগৰাকী বান্ধৱীৰ ককায়েক আছিল। নাম ডাঃ নৃপেন শইকীয়া।গেষ্ট এন্ট'লজী বিভাগৰ চিকিৎসক তেওঁ। তেওঁৰ পৰামৰ্শমতেই দিল্লীৰ বাট্ৰা হাস্পতালত ভৰ্তি কৰাইছিল বন্তি শইকীয়াক। হাস্পতালৰ ওচৰতে এটা ল'জ লৈছিল তেওঁলোকে।

শেষৰটো কেম' ল'ব নোৱাৰিলে বন্তি শইকীয়াই। ১৮ দিন তেওঁলোক চিকিৎসালয়ত আছিল। সুস্থ হোৱাৰ পাছত চিকিৎসালয়ৰ পৰা কংকন জ্যোতি বৰাক যাব দিছিল যদিও, তেওঁ অহা নাছিল। কিয়নো বৰমা অৰ্থাৎ বন্তি শইকীয়াই হিন্দী ক'ব নাজানে। সেয়েহে লগত তেওঁ ৰৈ গৈছিল।

এগৰাকী ৰোগীৰ কোৰোনাত আক্ৰান্ত হৈ সুস্থ হোৱাৰপাছত পুনৰ কোৰোনাত আক্ৰান্ত হোৱা এই ঘটনাটোৱে বিবুধিত পেলাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগকো। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে- বন্তি শইকীয়াৰ শ্বাৱ টেষ্ট আই চি এম আৰলৈ প্ৰেৰণ কৰা হ'ব। চিকিৎসকে তেওঁক জানিবলৈ দিয়া মতে, প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱাৰ বাবে ভাইৰাছৰ অৱস্থিতি নোহোৱা হোৱাৰ পাছত পুনৰ ধৰা পৰাৰ সম্ভাৱনা নথকা নহয়। কেতিয়াবা ফলছ পজিটিভো ওলাই বুলি মন্তব্য কৰিলে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

দিল্লীৰ ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটী হাস্পতালত চিকিৎসাধীন হৈ আছিল বন্তি শইকীয়া আৰু কংকন জ্যোতি বৰা…

এই ঘটনাই এতিয়া চিন্তিত কৰিছে বহুতকে। কিয়নো কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পাছত পুনৰ এই ভাইৰাছত আক্ৰান্ত নহয় বুলি এক ধাৰণা আছে। কিন্তু বন্তি শইকীয়াৰ এই ঘটনাই সকলো ধাৰণা সলনি কৰি দিলে।

চিকিৎসকৰ বাবে এয়া এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। ৰাজ্যত কোৰোনা ভাইৰাছে সংহাৰ ৰূপ ধাৰণ কৰিছে। তেনে সময়ত এই ঘটনা অতি চিন্তনীয়। বন্তি শইকীয়া সুস্থ হওঁক সকলোৰে কামনা এয়া। ঘৰখনত তেওঁৰ কোনোৱেই নাই।

ইমান দিন এই পৰিয়ালটোৰ সৈতে বিপদৰ মুহূৰ্তত লাগি থকা কংকন জ্যোতি বৰাৰ সৈতে কথা পাতিছিলো । বন্তি শইকীয়াক লৈ চিন্তিত কংকন। ক'লে এই ঘটনাক্ৰম। তাৰেই সম্পাদিত ৰূপ এয়া-

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ নমস্কাৰ, আপুনি বন্তি শইকীয়াৰ সম্পৰ্কীয় চাগৈ।

কংকন জ্যোতি বৰাঃ নমস্কাৰ, নহয় মই তেওঁৰ ঘৰৰ ওচৰৰে হয়।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ তেখেতৰ আকৌ কোৰোনা পজিটিভ হৈছে?

কংকন জ্যোতি বৰাঃ হয়, তেখেতৰ আকৌ পজিটিভ হৈছে। বৰ চিন্তাত পৰিছো।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ দিল্লীৰ পৰা কেতিয়া ঘূৰি আহিছিল আপোনালোক?

কংকন জ্যোতি বৰাঃ ২২ মে'ত পাইছিলোহি।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ তেখেত লোকৰ সৈতে দিল্লীত আপুনি আছিল?

কংকন জ্যোতি বৰাঃ হয়, ময়ে গৈছিলো তেখেতলোকৰ লগত।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ দিল্লীত আপোনালোকৰ কোভিড টেষ্ট কেতিয়া কৰিছিল?

কংকন জ্যোতি বৰাঃ দিল্লীত দুবাৰ টেষ্ট কৰিছে আমাৰ। মোৰ এটা টেষ্ট কৰিছিল ৯ মে'ত আৰু আনটো টেষ্ট কৰিছিল ১১ মে'ত। বৰমাৰ টেষ্ট কৰিছিল ১২ মে'ত। তেওঁৰ নিগেটিভ আহিছিল ১৪ মে'ৰ ৰাতিপুৱা। তাৰপাছত আমাক দুপৰীয়া চিকিৎসালয়ৰ পৰা ৰিলিজ কৰি দিলে।

কংকন জ্যোতি বৰা…

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ কোন তাৰিখে ৰিলিজ কৰিছিল?

কংকন জ্যোতি বৰাঃ ১৪ মে'ৰ দিনাখন দুপৰীয়া ১২টা বজাত। তাৰপাছত তাতেই গেষ্ট হাউছত আমি থাকিলো ৭ দিন। ৭ দিনৰ বাবে আমাক হোম আইছ'লেশ্যন কৰিছিল। আমি ফোন কৰিলো যে কেতিয়া যাব পাৰিম? তেওঁলোকে কৈছিল যে, দুই-এদিন ৰৈ দিয়া। আমি মুঠ ৮দিন থাকিলো আইছ'লেশ্যন হৈ। আৰু ৮দিনৰ পাছতহে আমি অসম আহিলো।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ  দিল্লীত ক'ত ৰখাইছিল আপোনালোকক?

কংকন জ্যোতি বৰাঃ সেইখিনি আমাক অসম চৰকাৰে ব্যৱস্থা কৰি দিছিল।ঠাইখিনিৰ কথা ক'বলৈ মানা কৰিছে। আৰু আমি তাত নিগেটিভ পোৱাৰ পাছত গৈছিলো। তাৰপাছত ইয়ালৈ আহি বৰমাৰ আকৌ পজিটিভ পাইছে। কিন্তু তাৰমানে এইটো নহয় যে, কোৰোনা হৈছে। চিকিৎসকৰ মতে, তেওঁ কেন্সাৰ পেচেন্ট, আৰু বৰদেউতা ঢুকুৱাৰ পাছত একো সকামো হোৱাই নাই। আৰু তেওঁৰ খোৱা-বোৱা এইবোৰ একো ঠিক নাছিল। সেয়েহে দুৰ্বলতাৰ বাবে তেওঁৰ ইউমিনিটী ল' হৈ গৈছে। তাৰ কাৰণেও কোভিড-১৯ উপস্থিতি ধৰা পৰাৰ সন্দেহ কৰা হৈছে। বৰ্তমান তেওঁক যোৰহাট মেডিকেল কলেজলৈ লৈ যোৱা হৈছে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ অহাৰ পাছত কিবা লক্ষ্যণ আছিল নেকি তেওঁৰ দেহত?

কংকন জ্যোতি বৰাঃ হয়, প্ৰথমেও বৰদেউতা ঢুকাল, তাৰপাছত বৰমাৰ হে পজিটিভ পাইছিলে। বোলে জ্বৰ-চৰ্দি, কাঁহ, বমি একো লক্ষণ দেখা দিয়া নাছিলে। তেওঁ আগতে যেনেকৈ আছিলে তেনেকৈয়ে নৰ্মেল আছিল।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ ইয়াত ৰিজাল্টটো কেতিয়া আহিলে?

কংকন জ্যোতি বৰাঃ ইয়াত কালি ৰাতি (২৬ মে') ৯.৩০ বজাত গম পাইছিলো যদিও, কনফাৰ্ম হৈছো আজিহে। আমাক কাজিৰঙাৰ ল'জ এটাত ৰাখিছে ৭ দিন। আৰু আজি মোৰ ঘৰলৈ যোৱাৰ দিন আছিলে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ আপোনাৰ ৰিপৰ্ট কিবা আহিছে নেকি?

কংকন জ্যোতি বৰাঃ মোৰ ৰিপৰ্টটো এতিয়ালৈকে অহা নাই।এটা কথা ভাল হৈছে যে আমাৰ দুজনৰে ৰূম বেলেগ বেলেগ আছিল। সেইটো কাৰণে এটা ডিষ্টেনছো মেন্টেইন হৈ আছিলে। তেওঁ বয়ল ভাত খাই। সেই ভাত ময়ে বনাই দিছিলো। গতিকে এবাৰ ভাত দিবলৈ যাওঁ তেওঁৰ ওচৰত। কিন্তু যোৱা অৱস্থাতো মাস্ক পিন্ধি ছেনিটাইজ কৰিয়েই যাওঁ। মোৰ ৰিপৰ্ট আহিলেহে গম পাম কি হয়।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ দিল্লিত আপোনাৰো নিগেটিভে আছিলে?

কংকন জ্যোতি বৰাঃ দিল্লীত মোৰ দুবাৰ নিগেটিভ পাইছে। কিন্তু তাত প্ৰথমবাৰ পজিটিভ পাইছিলে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ আপোনালোক দিল্লীত কোন তাৰিখে গৈছিলে?

কংকন জ্যোতি বৰাঃ আমি দিল্লীত গৈছিলো ১০ মাৰ্চ, ২০২০ত।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ চিকিৎসাজনিত কাৰণত আপোনালোক গৈছিল…

কংকন জ্যোতি বৰাঃ হয়, চিকিৎসাৰ কাৰণে গৈছিলো। বৰমা-বৰদেউতাৰ কোনো ল'ৰা-ছোৱালী নাছিল। সেয়ে ময়ে গৈছিলো। বৰমা মানে তেওঁলোকক লগ পোৱা বেছি দিন হোৱা নাই। আমি আগতে ব্লকত আছিলো। তাৰ পৰা ছিফ্ট হৈছিলো। আমি ওচৰ চুবুৰীয়াহে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ আপুনি কি কৰি আছে?

কংকন জ্যোতি বৰাঃ মই এতিয়া এন্ড্ৰইড ডেভল'পমেন্ট কৰি আছো।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ যথেষ্ট কষ্ট হৈছে আপোনাৰো…

কংকন জ্যোতি বৰাঃ সহায় কৰিছো যি পাৰো। মোৰ দেউতাৰ কিডনী বিকল হৈছিল। সেই কাৰণে চেন্নাই যাব লগা হৈছিল, তেতিয়া কোনো মানুহ নাছিলে লগত যোৱা। সেই ফালৰ পৰা মোৰ মনত দুখ এটা আছিলে যে যদি কাৰোবাৰ কিবা এটা হয় মই যাম।

দিল্লীত পজিটিভৰ পাছত নিগেটিভ হোৱা বন্তি শইকীয়াৰ কোভিড-১৯ৰ ফলাফল

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ আপোনালোকে দিল্লীত গৈ প্ৰথম ক'ত দেখুৱাইছিলে?

কংকন জ্যোতি বৰাঃ দিল্লীত গৈ মানে কথা আপোনাৰ এনেকুৱা, মোৰ লগৰ এজনীৰ ককায়েক থাকে ডাঃ নৃপেন শইকীয়া বুলি নতুন দিল্লীত। তেওঁ গেষ্ট্ৰ' এন্ট্ৰল'জী বিভাগৰ ডাক্টৰ। আৰু তেওঁৰ লগত কনটেক্ট কৰিছিলো প্ৰথমে। তেওঁ আমাক গোটেই কথাখিনি ভালকৈ বুজালে ক'ত কি ধৰণে ট্ৰিটমেন্ট কৰিব লাগে। আৰু ক'লে- বাট্ৰা হাস্পতাল তাত চিকিৎসা কৰিলে কি সুবিধা হ'ব। বাট্ৰা হাস্পতালৰ ভিতৰত গেষ্ট হাউছ আছে। গেষ্ট হাউছৰ পৰা খুব বেছি ১০ মিনিট খোজকাঢ়িলে হাস্পতালখনৰ ভিতৰত সোমাব পাৰি মানে। আৰু সেইখিনিৰ কাৰণে আমাক তাতেই থকাৰ সুবিধা কৰি দিলে। তাৰপাছত আমি লগা লগ বাট্ৰা হাস্পতাললৈ গ'লো। সেই ডাক্টৰজন যিহেতু আমাৰ অসমৰে গতিকে আটাইখিনি সুবিধা আমাৰ কৰি দিলে। বৰমাৰ ফাষ্ট কেম' ষ্টাৰ্ট হৈছে ১২ মাৰ্চত। ৭দিনৰ পাছে পাছে কেম' দি থাকিব লগা হৈছিল। তেনেকৈ তিনিবাৰ কেম' দিয়া হ'ল। লাষ্ট কেম' আছিলে ২৭ এপ্ৰিলত। তেতিয়া দিল্লীত খুব ছিটুৱেশ্যন বেয়া। আমি য'ত আছিলো তাত দুটা পজিটিভ কেছ পাইছিল। গেষ্ট হাউছৰ অফিচত কৰ্মৰত দুজন মানুহৰ। সেইদিনা খন বৰমাৰ কেম' আছিল, গতিকে কেম' দিবলৈ মই লৈ গৈছিলো। তেতিয়া ডাক্টৰে ক'লে যে এতিয়া কেম' দিব পৰা নহ'ব। কোভিড টেষ্ট কৰিব লাগিব। নিগেটিভ আহিলেহে ট্ৰিটমেন্ট হ'ব। বৰমাক পৰীক্ষা কৰাই দিলে সেইদিনাখন। তাতে সেইকেইদিনত দুটা দুটাকৈহে কৰাই আছিলে টেষ্ট। দুটা টেষ্ট কৰাৰ পাছত পিছদিনাখন পুৱা ৰিপৰ্ট পাই গ'লো অৰ্থাৎ ২৮ এপ্ৰিলত ৰিপৰ্ট পাই গ'লো পজিটিভ বুলি। তাৰপাছত লৈ আহিলে বৰদেউতা আৰু মোকো। তাতে টেষ্ট কৰিলে। ২৮ এপ্ৰিলৰ ৰাতি ৮টা বজাত টেষ্ট কৰিছিল। ২৯ এপ্ৰিলৰ সন্ধিয়া মোৰ ৰিপৰ্ট আহিলে পজিটিভ বুলি। তাৰপাছত হাস্পতালত থাকিলো ১৮ দিন। আৰু মই যে কৈছিলো ৯ তাৰিখে মোৰ ৰিপৰ্ট আহিছিল নিগেটিভ বুলি, কিন্তু বৰমাৰ হিন্দী ক'বলৈ অসুবিধা হ'ব বুলিয়েই মই ৰৈ দিলো হাস্পতালত। আমি হাস্পতালৰ পৰা ওলাই অহা দুদিনৰ পাছত গম পালো যে বৰদেউতা ঢুকাল।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ তেওঁ ঢুকাইছিল কোন তাৰিখত?

কংকন জ্যোতি বৰাঃ তেওঁ ৭ মে'ৰ পুৱা ৯.১২ বজাত ঢুকাইছিল।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ আপোনালোকে তেওঁ ঢুকুৱা কথা কেতিয়া গম পাইছিলে?

কংকন জ্যোতি বৰাঃ আমি গম পাইছিলো ১৬ মে'ৰ নিশা ৯.৩০ বজাত।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ তাৰমানে ৯দিনৰ পাছত গম পাইছিল?

কংকন জ্যোতি বৰাঃ হয়, ৯দিনৰ পাছতহে গম পাইছিলো।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কেনেকৈ কৰা হ'ল?

কংকন জ্যোতি বৰাঃ অন্ত্যেষ্টিক্ৰিয়া কৰাত উদ্যোগ ল'লে আছাম এছ'চিয়েশ্যনৰ ছেক্ৰেটৰীগৰাকীয়ে। আমাক এইখিনি সহায় কৰি দিলে তেওঁ।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ বৰদেউতাৰ কিবা লক্ষণ দেখা পাইছিলে নেকি আপুনি?

কংকন জ্যোতি বৰাঃ লক্ষণ মানে, বৰদেউতাৰ কাঁহ বহুত বেয়াকৈ হৈছিল। তেওঁৰ নিউমনিয়া বহুত বেছি হৈ গৈছিল।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ তেওঁ যাওঁতেতো সম্পূৰ্ণ সুস্থ আছিলে?

কংকন জ্যোতি বৰাঃ যাওঁতে তেওঁ সুস্থ আছিল।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ দিল্লীত ৰিজাল্টবোৰ আপোনালোকে ম'বাইলতে পাইছিল?

কংকন জ্যোতি বৰাঃ প্ৰথম যিটো পজিটিভ আহিছিলে, সেইটো পিডিএফ হিচাপে ফোনত পাইছো। ২৯ তাৰিখে মোৰ যি পজিটিভ ৰিজাল্ট আহিছিলে সেইটো এটা এপত পাইছিলো পিডিএফ হিচাপে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ ধন্যবাদ।

কংকন জ্যোতি বৰাঃ ধন্যবাদ।

এয়া আছিল কংকন জ্যোতিৰ সৈতে হোৱা আলাপৰ সবিশেষ। অজিত শইকীয়াৰ মৃত্যু, বন্তি শইকীয়াৰ পুনৰ কোভিড-১৯ পজিটিভ এইবোৰ খবৰে উদ্বিগ্ন কৰি ৰাখিছে কংকন জ্যোতিক। অথচ নিজৰ কথা ভবা অৱকাশেই পোৱা নাই কংকনে। কংকনৰ এই ত্যাগ আৰু সহযোগিতা সচাঁই বিৰল। কংকনে ক'লে এটাই কথা- বৰমা পুনৰ সুস্থ হওঁক। বৰমাৰ কোভিড-১৯ নিগেটিভ হওঁক। মই তাকেই কামনা কৰিছো। সকলোৱে কামনা কৰিছে কংকনৰ দৰেই- অচিৰেই সুস্থ হওঁক বন্তি শইকীয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in