গুৱাহাটীত সম্পূৰ্ণ লকডাউন! কোৰোনাৰ মহাসংহাৰ মহানগৰীত…

গুৱাহাটীত সম্পূৰ্ণ লকডাউন! কোৰোনাৰ মহাসংহাৰ মহানগৰীত…

মৃদুল কুমাৰ সন্দিকৈ

গুৱাহাটীলৈ নাহিব। গুৱাহাটীত এতিয়াহে আৰম্ভ হৈছে আচল লকডাউন। কোৰোনাই অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে গুৱাহাটীত। গণ সংক্ৰমণ বা সামাজিক সংক্ৰমণ যি আখ্যাই নিদিয়ক কিয়, মহানগৰীৰ অৱস্থা অতি জটিল।

এয়া কাৰোবাক শংকিত হ'বলৈ কোৱা কথা নহয়। মহানগৰীৰ যিফালেই চাই, সেই ফালেই এতিয়া কোৰোনাৰ ৰোগী। ৰাজ্যত কোৰোনাৰ ভয়াৱহতা যোৱা ১০ দিনত ভয়াৱহভাৱে বৃদ্ধি পাইছে। ২৪ জুন, ২০২০ৰ নিশা ৮বজালৈকে অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৬,২৮২জন। ইয়াৰে ৩৭৬২গৰাকী কোৰোনাত আক্ৰান্ত লোক সুস্থ হৈছে যদিও, ২৫০৮গৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে।

গুৱাহাটী মহানগৰীত কোৰোনাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ২৩ জুন, ২০২০ত মহানগৰ প্ৰশাসনে ১১টাকৈ ৱাৰ্ডত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছিল। গুৱাহাটী পৌৰ নিগমৰ ২নং ৱাৰ্ড, ৩নং ৱাৰ্ড,  ৪নং ৱাৰ্ড, ৫নং ৱাৰ্ড, ৬নং ৱাৰ্ড, ৭নং ৱাৰ্ড, ৮নং ৱাৰ্ড, ৯নং ৱাৰ্ড , ১০নং ৱাৰ্ড (একাংশ), ১৫ নং ৱাৰ্ড আৰু ১৬ নং ৱাৰ্ডত পুনৰ লকডাউন ঘোষণা কৰাৰ পাছতো পৰিস্থিতি অধিক অৱনতি হৈ গৈ আছে।

গুৱাহাটীত আৰক্ষী, চিকিৎসক, বেংক বিষয়া, বেংক কৰ্মচাৰী, বিভিন্ন কাৰ্যালয়ত কৰ্মৰত বিষয়া-কৰ্মচাৰীৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পাছত জনতাই প্রশাসনক অনুৰোধ কৰিছে- বন্ধ কৰি দিয়ক গুৱাহাটী। মহানগৰবাসীয়ে নাগৰিক সভা পাতি পুনৰ মহানগৰীত লকডাউন দিবলৈ জনোৱা আহ্বানে ইংগিত দিয়ে কি পৰ্যায়লৈ গৈছে গুৱাহাটীত কোৰোনা সংক্ৰমণৰ ঘটনা।

অসমত ৩১ মাৰ্চ, ২০২০ত প্ৰথমজন কোৰোনাত আক্ৰান্ত ৰোগী ধৰা পৰিছিল। ১০ এপ্ৰিল, ২০২০ত মৃত্যু হৈছিল ৰাজ্যখনত কোৰোনাত আক্ৰান্ত প্ৰথমজন ৰোগী। ১৭ মে'ত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১০০, ২৫ মে'ত ৫০০ হৈছিল।

২৯ মে'ত সেই সংখ্যা হৈছিলগৈ ১০০০। তাৰপাছত অসমত ৪ জুনত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২০০০, ৯ জুনত সেই সংখ্যা ৩০০০, ১৪ জুনত সেই সংখ্যা ৪০০০, ১৯ জুনত ৫০০০লৈ আৰু ২৩ জুনত ৰাজ্যত কোৰোনাত আক্ৰান্ত সংখ্যা ৬০০০ হৈছিলগৈ।

গুৱাহাটী মহানগৰীত বৰ্তমান ৭০০ৰো অধিক লোক কোৰোনাত আক্ৰান্ত হৈ আছে। গুৱাহাটীৰ এই গণ সংক্ৰমণে অনাগত দিনসমূহত কি পৰিৱেশৰ সৃষ্টি কৰিব পাৰে সেই কথা মহানগৰবাসীয়ে ইতিমধ্যে বুজি উঠিছে। ৩ এপ্ৰিল, ২০২০ত গুৱাহাটীত প্ৰথমজন কোৰোনাত আক্ৰান্ত লোক ধৰা পৰিছিল।

স্পেনিছ গাৰ্ডেনত বাস কৰা মনীষ তিব্ৰেৱাল আছিল গুৱাহাটীত ধৰা পৰা প্ৰথমজন ৰোগী। ইয়াৰ পাছত বহিঃৰাজ্যৰ পৰা ঘূৰি অহা কোৱাৰেন্টাইন কৰা লোকৰ দেহত কোৰোনা ধৰা পৰিছে বুলি সন্তুষ্টি লভি থাকিলেও ফাঁচী বজাৰৰ আলু গুডামৰ পৰা বিয়পা মহানগৰীত কোৰোনা সংক্ৰমণ এতিয়া প্ৰান্তে প্ৰান্তে বিয়পি পৰিল।

ফাঁচী বজাৰ, পাণ্ডু, মালিগাওঁ, ধীৰেন পাৰা, পানবজাৰ, গান্ধীবস্তি, হাতীগড়, বামুনীমৈদাম, চানমাৰী, লখৰা আদি সকলো স্থানতে এতিয়া কোৰোনা ৰোগী। ১৫ জুন, ২০২০ত অসমত ১৯১জন , ১৬ জুনত ২০১, ১৭ জুনত ১৮৪জন, ১৯ জুনত ১০২জন, ২০জুনত ২৪৯জন, ২১ জুনত ৩৩১জন, ২২জূুনত ২৬৭জন, ২৩ জুনত ২০৩জন লোকৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পাছতে পৰিস্থিতি অধিক অৱনতি হ'ল গুৱাহাটীত।

পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে গুৱাহাটীত সম্পূৰ্ণ লকডাউন দিয়াৰ বিকল্প পথ নোহোৱা হৈছে। কিয়নো প্ৰতিটো ৱাৰ্ডতে কোভিড-১৯ৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাই গ'লে প্রশাসনে গুৱাহাটী সম্পূৰ্ণ লকডাউন কৰিবলৈ বাধ্য হ'ব।

বেংক বিষয়াৰ দেহত কোভিড-১৯ ধৰা পৰা ঘটনাই আন এক শংকা আনি দিছে। কিয়নো বেংক বিষয়া সকলৰ সংস্পৰ্শলৈ অহা বেংকৰ ধন ক'ৰ পৰা ক'ত পাইগৈ তাৰ কোনো নিশ্চয়তা নাই।একেদৰে ফাঁচী বজাৰত হোৱা গণ সংক্ৰমণৰ ফলত মহানগৰীত খাদ্য সম্ভাৰ বা আন অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিয়ে দেখা দিব।

ফাঁচী বজাৰৰ পৰাই উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সামগ্ৰী সৰবৰাহ হয়। লকডাউনৰ বাবে এফালে ফাঁচী বজাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ থকাৰ বাবে আৰু গৰিষ্ঠ সংখ্যক গুডাম ফাঁচী বজাৰত থকাৰ বাবে ইয়াৰ পৰা কেনেদৰে সৰবৰাহ হ'ব সামগ্ৰী তাক লৈও আন এক প্ৰশ্ন উত্থাপন হৈছে।

পূৰ্বতে দেশজুৰি দিয়া ৪ পৰ্যায়ৰ লকডাউন আছিল সতৰ্কতামূলক লকডাউন। সেই সময়ত কোৰোনা ভাইৰাছৰ সংক্ৰমণ হোৱা নাছিল। সেয়েহে এই লকডাউনৰ সময়ত গেলামালৰ দোকান বা আন অত্যাৱশ্যকীয় সা-সামগ্ৰী, সেৱা নিশ্চিন্তমনে প্ৰশাসনে খুলি দিব পাৰিছিল।

কিন্তু এইবাৰ মহানগৰীত দিয়া লকডাউনৰ পৰিৱেশ বেলেগ। পৰিস্থিতিগত কাৰণত এই লকডাউন দাবী কৰিছে। লকডাউনৰ সময়চোৱাত আৰক্ষীৰ বাবে আহিব আন এক প্ৰত্যাহ্বান। মহানগৰীত ইতিমধ্যে ১৭জনকৈ আৰক্ষীৰ লোক কোভিড-১৯ৰ সংক্ৰমণৰ বলি হৈছে।

আৰক্ষীৰ ১৮০জনৰো অধিক লোকক শ্বাব পৰীক্ষা কৰা হ'ল। মহানগৰীত ৫০ হাজাৰ শ্বাব পৰীক্ষাৰ লক্ষ্য লৈছিল স্বাস্থ্য বিভাগে। সেই পৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি মহানগৰীত লকডাউন দিয়া নিদিয়া সিদ্ধান্ত চৰকাৰে লোৱা কথা আছিল যদিও, প্ৰাৰ্থমিক পৰ্যায়তে এই শ্বাব পৰীক্ষাৰ যি ফলাফল ওলাল সেই পৰিসংখ্যা দেখিয়েই ৱাৰ্ড পৰ্যায়ত লকডাউন দিবলৈ বাধ্য হ'ল প্ৰশাসন।

পূৰ্বৰ লকডাউনৰ তুলনাত এই লকডাউন হ'ব অত্যন্ত প্ৰত্যাহ্বানমূলক। দিল্লী, মুম্বাই, চেন্নাই আদি চহৰবোৰত কোৰোনাৰ যি সংহাৰ, সেই সংহাৰ ৰূপ ধাৰণ কৰিছে এতিয়া গুৱাহাটী মহানগৰীত। যোৱা ২৪ ঘন্টাত ১০০ৰো অধিক লোক আক্ৰান্ত হৈছে কোভিড-১৯ত।

একেটা বেংকতে কৰ্মৰত ১৩জনকৈ কৰ্মচাৰী কোভিড-১৯ত আক্ৰান্ত হোৱা খবৰ, চানমাৰীৰ চৰকাৰী কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীৰ দেহত কোভিড-১৯, ৰেলৱেৰ উচ্চপদস্থ বিষয়াৰ দেহত কোৰোনা আদি খবৰবোৰে গুৱাহাটীবাসীক শংকিত কৰি ৰাখিছে।

ইয়াৰ মাজতো এচাম লোকে কোৰোনাক লৈ কোনো সজাগ হোৱা নাই।ৰাজ্যজুৰি কোৰোনাৰ সংক্ৰমণৰ মুল অভিকেন্দ্ৰ গণসংক্ৰমণৰ ফলত গুৱাহাটী হৈ পৰিছে। ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে মহানগৰবাসীক মুকলি আহ্বান জনাইছে কাম নাথাকিলে বাহিৰলৈ নোলাব।

এতিয়া যিকোনো মুহূৰ্ততে সমগ্ৰ গুৱাহাটীত লকডাউন ঘোষণা কৰিলেও আচৰিত হ'ব লগা নাই। গণ সংক্ৰমণৰ এই ভয়াৱহতাৰ মাজত মহানগৰবাসী সজাগ সচেতন নহ'লে পৰিস্থিতি জটিলৰ পৰা জটিললৈ গতি কৰিব। প্রশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা এতিয়া মহানগৰবাসীয়ে মানি চলাৰ প্ৰয়োজন।

কোন মুহূৰ্তত কাৰ দেহলৈ কোৰোনা সংক্ৰমণ হয় সেয়া কোনেও নাজানে। সামাজিক দূৰত্ব, মুখত মাস্ক, অপ্ৰয়োজনীয়ভাৱে ঘূৰা ফুৰা নকৰা, লক্ষণ দেখা দিলে স্বাস্থ্য পৰীক্ষা কৰা, নিজকে সুৰক্ষিত কৰি আনকো সুৰক্ষিত কৰাতো প্ৰতিজন মহানগৰবাসীৰ বাবে হৈ পৰিছে মৌলিক দায়িত্ব।মনত ৰখা প্ৰয়োজন এই লকডাউন পূৰ্বৰ লকডাউনৰ দৰে নহয়। ই হ'ব অধিক জটিল, প্ৰত্যাহ্বানমূলক আৰু বিপদজনক। সচেতন নহ'লে কোৰোনাই মহানগৰীত সৰ্বত্ৰে মহা সংহাৰ চলাব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in