প্ৰকল্পৰ বিষয় আই আই টিত দুৰ্নীতি! অনিয়মৰ বিৰুদ্ধে ইছৰ’লৈ চিঠি, বিপদত পৰা আই আই টি গুৱাহাটীৰ এজন সহকাৰী অধ্যাপকৰ কাহিনী…

প্ৰকল্পৰ বিষয় আই আই টিত দুৰ্নীতি! অনিয়মৰ বিৰুদ্ধে ইছৰ’লৈ চিঠি, বিপদত পৰা আই আই টি গুৱাহাটীৰ এজন সহকাৰী অধ্যাপকৰ কাহিনী…

মৃদুল কুমাৰ সন্দিকৈ

আই আই টিত ভুৱা ডিগ্ৰীঃ

দেশত বহু ভুৱা শিক্ষা প্ৰতিষ্ঠান আছে। সেই প্ৰতিষ্ঠানসমূহত বিভিন্ন পক্ষক মেনেজ কৰি ভুৱা ডিগ্ৰী লোৱাটো সাধাৰণ কথা। কিন্তু দেশৰ সন্মানীয় আৰু সকলোৱে সম্ভ্ৰান্ত দৃষ্টিৰে চোৱা ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজী চমুকৈ আই আই টিৰ পৰা ভুৱা ডিগ্ৰী ল'ব পাৰে বুলি কোনোবাই কল্পনা কৰিব পাৰেনে?

সাধাৰণ লোকৰ পৰা আঁতৰত থাকি ওখ দেৱালৰ মাজত মেধাৱী ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, গৱেষক-গৱেষিকাৰে ভৰি থকা এই শিক্ষা প্ৰতিষ্ঠানসমূহৰ ভিতৰচৰাত কি চলে জানিলে চকু কপালত উঠিব। এনে শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে সকলো ছাত্ৰ-ছাত্ৰীৰে এটা ইচ্ছা থাকে। কিন্তু এই শিক্ষা প্ৰতিষ্ঠানসমূহত আচলতে কি চলে সেয়া আন্ধাৰতে ৰৈ যায়।

১৯৬১চনত দ্য ইনষ্টিটিউট অৱ টেকন'লজী এক্ট অনুসৰি দেশত স্থাপন কৰা হৈছে স্বায়ত্ত শাসিত এই শিক্ষা প্ৰতিষ্ঠানসমূহ। প্ৰতিখন আই আই টি নিজাকৈ পৰিচালিত হ'লেও আই আই টি কাউন্সিলে তদাৰক কৰে এনে উচ্চ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানসমূহক।

আই আই টি, গুৱাহাটী

প্ৰতি বছৰে দেশত থকা ২৩খন আই আই টিত ১১২৭৯জন ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰে উচ্চ কাৰিকৰী শিক্ষা গ্ৰহণৰ বাবে। আই আই টি খৰগপুৰ, আই আই টি বুম্বাই, আই আই টি মাদ্ৰাছ, আই আই টি কানপুৰ, আই আই টি দিল্লী, আই আই টি গুৱাহাটী, আই আই টি ৰুকীকে ধৰি ২৩খন আই আই টিক লৈ সকলোৰে এক বিশেষ ধ্যান-ধাৰণা আছে।

১৯৯৪চনত উত্তৰ-গুৱাহাটীত স্থাপন কৰা হৈছিল আই আই টি গুৱাহাটী। ১১টা বিভাগ থকা এই উচ্চ কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠানখনো দেশৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ২৮০ হেক্টৰ বিঘা মাটি সামৰি থকা এই কাৰিকৰী উচ্চ শিক্ষাৰ শৈক্ষিক প্ৰতিষ্ঠানখনৰ ভিতৰচৰাৰ শেহতীয়া কৰ্ম-কাণ্ডৰ বিষয়ে শুনিলে যিকোনো সাধাৰণ লোকেই আচৰিত হৈ পৰিব।

একাংশ এই শৈক্ষিক প্ৰতিষ্ঠানটোৰ অধ্যাপকৰ সহযোগতেই ছাত্ৰক অনীতিগতভাৱে দিয়া হয় কাৰিকৰী উচ্চ শিক্ষাৰ ডিগ্ৰী। এক প্ৰকাৰৰ ভুৱা ডিগ্ৰী প্ৰদান কৰাৰ অভিযোগত অভিযুক্ত হৈছে গুৱাহাটীৰ আই আই টিও।

কি হৈছিল ২০১৪চনত?

২০১৪চনত গুৱাহাটীৰ আই আই টিত কি হৈছিল সেই বিষয়ে জানিবলৈ আই আই টিৰ উৰ্ধতম কৰ্তৃপক্ষক সেই শৈক্ষিক প্ৰতিষ্ঠানটোত কৰ্মৰত এজন সহকাৰী অধ্যাপকে দিয়া এটা পুৰণা মেইল পঢ়িব লাগিব। ২০১৫চনৰ ২২ জানুৱাৰীত এই বিষয়টো প্ৰথম পোহৰলৈ আনিছিল ডিপাৰ্টমেন্ট অৱ ইলেক্ট্ৰনিকছ এণ্ড ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ সহকাৰী অধ্যাপক ব্ৰিজেশ কুমাৰ ৰায়ে।

প্ৰফেচৰ মহন্তলৈ সম্বোধন কৰি ৰায়ে সেই ই-মেইলটোত লিখিছিল-

'Dear Prof. Mahanta,

With this mail I would like to bring a serious issue to your notice. Mr. Niraj Kumar M.tech, VLSI, 2012 batch roll no. 12402006. had joined a Bihar government job around January, 2014…'

আই আই টিৰ সহকাৰী অধ্যাপক বি কে ৰায়ৰ মেইলটো..

মেইলটোত ব্ৰিজেশ কুমাৰ ৰায়ে উল্লেখ কৰিছিল যে- বিহাৰৰ চৰকাৰী চাকৰিত যোগ দিয়া নিৰজ কুমাৰ নামৰ এই এম.টেকৰ ছাত্ৰজনে এটা ছেমিষ্টাৰ কাকো নজনোৱাকৈ অনুপস্থিত থাকি পুনৰ তেওঁ এম.টেক ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ আই আই টি, গুৱাহাটীত আহি উপস্থিত হৈছিলহি।

ইতিমধ্যে এই ছাত্ৰজনে চাৰিটা ছেমিষ্টাৰ থকা এম.টেকৰ তৃতীয় ছেমিষ্টাৰৰ পৰা আই আই টি, গুৱাহাটীত অনুপস্থিত আছিল। সেয়েহে ছাত্ৰজনে আই আই টিৰ শৈক্ষিক নিয়ম অনুসৰি এম.টেক সম্পূৰ্ণ কৰিবলৈ পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে যদিও ৰহস্যজনকভাৱে ছাত্ৰজনক পৰীক্ষাত বহিবলৈ অনুমতি প্ৰদান কৰা হৈছিল।

এই খবৰ গম পাই আই আই টিৰ সহকাৰী অধ্যাপক গৰাকীয়ে উৰ্ধতম কৰ্তৃপক্ষক বিষয়টো অৱগত কৰিছিল। উল্লেখযোগ্য যে, ছাত্ৰজনে মাজত এটা ছেমিষ্টাৰ অনুপস্থিত থাকিও ২০১৪ৰ জুলাই-ডিচেম্বৰ ছেমিষ্টাৰৰ ২৪ ক্ৰেডিটৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ নাম ৰেজিষ্টাৰ কৰিছিল গুৱাহাটী, আই আই টিত।

এম.টেকৰ থেছিছ সম্পূৰ্ণ কৰিছিল ২০১৪ৰ ২৭ ডিচেম্বৰত। মৌখিক পৰীক্ষাও অনুষ্ঠিত হৈছিল ছাত্ৰজনৰ। এম.টেক অৰ্ডিনেনছ ভংগ কৰি এগজামিনেশ্যন কমিটীয়ে কেনেদৰে ছাত্ৰজনক পৰীক্ষাত বহিবলৈ অনুমতি দিলে সেই বিষয়টো দৃষ্টিগোচৰ কৰিছিল অধ্যাপক গৰাকীয়ে।

অধ্যাপক জনৰ এই মেইলৰ কোনো গুৰুত্ব দিয়া নাছিল গুৱাহাটী আই আই টিৰ কৰ্তৃপক্ষই। ইফালে, এম.টেক অৰ্ডিনেনছত উল্লেখ থকা মতে, কোনো এম.টেকৰ ছাত্ৰই যদি ৬ সপ্তাহতকৈ অধিক সময় এটা ছেমিষ্টাৰত কাৰো পৰা ছুটী নোলোৱাকৈ অনুপস্থিত থাকে তেনেহ'লে সেই ছাত্ৰ বা ছাত্ৰীক এম.টেক ডিগ্ৰী গ্ৰহণ কৰিবলৈ দিয়া নহয়।

সমগ্ৰ পাঠ্যক্ৰমৰ পৰাই তেওঁক টাৰ্মিনেট (terminate) কৰা হয়।টাৰ্মিনেশ্যন ফ্ৰম দ্য প্ৰগ্ৰেমৰ ১৫:১:২ত এই কথা স্পষ্টকৈ উল্লেখ আছে।


টাৰ্মিনেশ্যন ফ্ৰম দ্য প্ৰগ্ৰেমৰ ১৫:১:২ ত থকা নিয়মটো…

বিহাৰৰ নিৰাজ কুমাৰ ডিগ্ৰী দিবলৈ সাজু হৈছিল গুৱাহাটীৰ আই আই টিঃ

এই অভিযোগ দিয়াৰ পূৰ্বে নিৰাজ কুমাৰ নামৰ বিহাৰৰ ছাত্ৰজনক এম.টেক ডিগ্ৰী প্ৰদানৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছিল। এম.টেকৰ ভিএলএছআইৰ ২০১২ বেটছৰ ৰোল নম্বৰ ১২৪১০২০০৬ৰ ছাত্ৰজনক অনীতিগতভাৱে এম.টেক ডিগ্ৰী প্ৰদান কৰাৰ বিৰুদ্ধে থিয় দিছিল অধ্যাপক বি কে ৰায়।

উল্লেখযোগ্য যে, কোনো এজন ছাত্ৰক পৰীক্ষাত বহিবলৈ বা লিখিত পৰীক্ষা অনুষ্ঠিত কৰাকে ধৰি সমগ্ৰ বিষয়সমূহ চোৱাচিতা কৰিবলৈ এখন কমিটী থাকে। যাক কোৱা হয় 'ডিপাৰ্টমেন্টেল পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম কমিটী'।

এই কমিটীত বিভাগীয় মুৰব্বী গৰাকী অধ্যক্ষ আৰু অধ্যক্ষ জনাই নিৰ্বাচন কৰা ৬গৰাকী ফেকালিটী, বিভাগৰ বাহিৰৰ এজন সদস্য আৰু এজন ছাত্ৰক সদস্য ৰূপে ৰখা হয়। পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমৰ কোনো এটা বিভাগৰ সিদ্ধান্ত এই কমিটীখনেই গ্ৰহণ কৰে।তেনে কমিটীয়ে ছাত্ৰজনক ৰহস্যজনকভাৱে পৰীক্ষাত বহিবলৈ অনুমতি প্ৰদান কৰিছিল।

ই-মেইলযোগে ২০১৫ৰ ২২ জানুৱাৰীতে বিষয়টো অৱগত কৰাই যদিও আই আই টি, গুৱাহাটীৰ কৰ্তৃপক্ষই সেয়া গুৰুত্ব নিদিয়াত ২০১৫চনৰ ২১ ছেপ্টেম্বৰত এখন আৰ টি আই দাখিল কৰে সহকাৰী অধ্যাপক ৰায়ে। এই ই-মেইলত মুঠ ৪৫টা প্ৰশ্ন কৰিছিল নিৰাজ কুমাৰৰ সন্দৰ্ভত।

আৰ টি আইত প্ৰথমটো প্রশ্নই আছিল ২০১৪ৰ জানুৱাৰীৰ পৰা মে'লৈকে থকা ইলেক্ট্ৰনিকছ এণ্ড ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং (EEE) বিভাগৰ ছাত্ৰ নিৰাজ কুমাৰ দীৰ্ঘদিন ধৰি অনুপস্থিত আছে। এম.টেক অৰ্ডিনেনছৰ অনুসৰি তেওঁ ষ্টুডেন্টশ্বীপ টাৰ্মিনেট কৰা হৈছেনে?

২ নবেম্বৰ, ২০১৫ত আই আই টি গুৱাহাটীৰ উপ-পঞ্জীয়কে প্ৰদান কৰা আৰ টি আইৰ উত্তৰত কোৱা হ'ল- 'হয়।' অৰ্থাৎ ছাত্ৰজনক টাৰ্মিনেট কৰা হৈছে। কিন্তু সেই একে আৰ টি আইত সোধা হৈছিল- প্ৰথম জানুৱাৰী- মে'ৰ ছেমিষ্টাৰত অনুপস্থিত থকা ছাত্ৰজনে জুলাই-ডিচেম্বৰৰ ছেমিষ্টাৰত নাম পঞ্জীয়ন কৰা হৈছেনে? তেওঁ এম.টেক ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ সেই পঞ্জীয়ন কৰাতো সঁচানে?

এই প্ৰশ্নৰ উত্তৰতো আই আই টি গুৱাহাটীৰ কৰ্তৃপক্ষই সঁচা বুলি জানিবলৈ দিলে। অৰ্থাৎ প্ৰথম প্ৰশ্নৰ উত্তৰত ছাত্ৰজনক টাৰ্মিনেট কৰা বুলি জনোৱা আই আই টি গুৱাহাটীৰ কৰ্তৃপক্ষই আৰ টি আইৰ তৃতীয় প্ৰশ্নৰ উত্তৰত ছাত্ৰজনৰ নাম পঞ্জীয়ন কৰিবলৈ দিয়া বুলি জনালে।

এইখিনিতে আই আই টি গুৱাহাটী কৰ্তৃপক্ষই যে ছাত্ৰজনৰ এম. টেক ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ তেওঁক অনুমতি দিছিল সেয়া স্পষ্ট হৈ পৰে।

বিহাৰৰ নিৰাজ কুমাৰক এটা ছেমিষ্টাৰত অনুপস্থিত থকাকৈয়ে দিছিল পৰৱৰ্তী ছেমিষ্ঠাৰত বহাৰ অনুমতি…

আনকি এই ছাত্ৰজনে পৰীক্ষা দিয়া বুলি কোৱা হৈছে যদিও কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ তথ্য নাই বুলি এৰাই চলিছে গুৱাহাটী আই আই টিৰ কৰ্তৃপক্ষই। আমাৰ হাতত পৰা তথ্য অনুসৰি ছাত্ৰজনে ২০১৪ বৰ্ষৰ প্ৰথমতো ছেমিষ্টাৰত এটা দিনো শ্ৰেণী কোঠাত উপস্থিত নাছিল।

২০১২ বৰ্ষৰ বেটছৰ এম.টেকৰ ২০১৪চনৰ ফেব্ৰুৱাৰী-মাৰ্চৰ উপস্থিতি…

এই উপস্থিতিত স্পষ্টকৈ উল্লেখ আছে নিৰাজ কুমাৰ নামৰ ছাত্ৰজনে ২৮দিনৰ শ্ৰেণীৰ ভিতৰত এদিনো উপস্থিত নাছিল। একেদৰে মাৰ্চ-এপ্ৰিলতো তেওঁৰ উপস্থিতিৰ সংখ্যা আছিল শূন্য। এপ্ৰিল-মে'তো ৩০ দিনৰ ভিতৰত এদিনো তেওঁ গুৱাহাটীৰ আই আই টিত উপস্থিত থকাৰ তথ্য নাই।

উল্লেখযোগ্য যে, এই ছাত্ৰজনৰ গাইড হিচাপে আছিল গৌৰৱ ত্ৰিবেদী। সেই গৌৰৱ ত্ৰিবেদীয়ে তেতিয়া ডিপিপিচিৰ অধ্যক্ষৰ দায়িত্বত আছিল। অৰ্থাৎ এইগৰাকী গৌৰৱ ত্ৰিবেদী নামৰ অধ্যাপকৰ ছত্ৰছায়াতে ৰচা হৈছিল এই ছাত্ৰজনক অনীতিগতভাৱে এম.টেক ডিগ্ৰী দিয়াৰ অভিসন্ধি।

গুৱাহাটী আই আই টিত চলা এই অনিয়মৰ বিৰুদ্ধে সেই শিক্ষানুষ্ঠানখনৰেই সহকাৰী অধ্যাপক বি কে ৰায়ে লোৱা এই সবল স্থিতিৰ বাবে অনীতিগতভাৱে আই আই টি গুৱাহাটীৰ একাংশ লোকে দিব পৰা নাছিল নিৰাজ কুমাৰক ভুৱা ডিগ্ৰী।

গুৱাহাটী আই আই টিত অকলেই দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়া এজন সহকাৰী অধ্যাপক বি কে ৰায়।

কোন এই বি কে ৰায়?

বি কে ৰায়। সম্পূৰ্ণ নাম ব্ৰিজেশ কুমাৰ ৰায়। সৎ, সাহসী আৰু সততাৰে কাম কৰা এজন আই আই টিৰ শিক্ষক। দুৰ্নীতি তেওঁ পচন্দ নকৰে। আমি মূৰত উঠাই থোৱা আই আই টিৰ ভিতৰচৰাত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে এইগৰাকী আই আই টিৰ ভিতৰৰ সহকাৰী অধ্যাপকেই দীৰ্ঘদিন ধৰি মাত মাতি আহিছে।

আই আই টি গুৱাহাটীত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাতোৱেই তেওঁৰ অপৰাধ। ইলেক্ট্ৰনিক এণ্ড ইলেক্ট্ৰিক ইঞ্জিনিয়াৰিং বিভাগৰ গুৱাহাটী আই আই টিৰ সহকাৰী অধ্যাপকগৰাকী বৰ্তমান আছে নিলম্বনত।

মেধাৱী ছাত্ৰ হিচাপে এসময়ত নাম থকা ব্ৰিজেশ কুমাৰ ৰায়ে বোম্বাই আই আইটিৰ পৰা পি এইচ ডি ডিগ্ৰী গ্ৰহণ কৰি ২০১১চনৰ জুনত গুৱাহাটী আই আই টিত সহকাৰী অধ্যাপক ৰূপে যোগদান কৰিছিল। যোগদান কৰাৰ দিনৰ পৰাই তেওঁৰ কোনো পদোন্নতি হোৱা নাই। তাৰ বিপৰীতে তেওঁৰ বিৰুদ্ধে হৈছে তদন্তৰ নিৰ্দেশ আৰু তেওঁক দিয়া হৈছে কাৰণ দৰ্শোৱা জাননী।

২০১৫চনত আৰ টি আইৰ জৰিয়তে গুৱাহাটী আই আই টিৰ পৰা ভুৱা এম.টেক ডিগ্ৰী লোৱাত বাধা দিয়া ই তেওঁৰ বাবে কাল হ'ল। সেই ষড়যন্ত্ৰত জড়িত একাংশ সহ-কৰ্মীয়েই তেওঁক ষড়যন্ত্ৰমূলকভাৱে গুৱাহাটী আই আই টিৰ পৰা আঁতৰাই পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে।

ইমানৰ পাছতো কিন্তু আই আই টিত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ মাত মাতি গৈছে। দেখাকৈ কোনো সহ-কৰ্মীয়ে তেওঁক সংগ নিদিলেও ই-মেইল বা উৎসৰে বহু দুৰ্নীতিৰ তথ্য তেওঁ যোগান ধৰিছিল। আৰু সেইবোৰকে সমল কৰি লৈ তেওঁ আই আই টি গুৱাহাটীৰ ভিতৰচৰাত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে তথ্য জনা অধিকাৰ আইনৰ অধীনত কেইবাটাও আৰ টি আই দাখিল কৰিছিল।

ইছৰ'ৰ প্ৰজেক্টত দুৰ্নীতিঃ

গুৱাহাটী আই আই টিত ইছৰ'ৰ ধন ব্যয়েৰে এক প্ৰজেক্ট হাতত লোৱা হৈছিল। সেই গৱেষণাৰ কামৰ বাবে নিযুক্তিৰ বাবে দিয়া হৈছিল বিজ্ঞাপন। প্ৰথম যিজন লোকক নিযুক্তি দিয়া হৈছিল সেই লোকজনে ৯ মাহৰ পাছতেই প্ৰজেক্টৰ কামৰ পৰা অব্যাহতি লৈছিল।

পৰৱৰ্তী সময়ত আন এজন লোকক তেওঁৰ পদত নিযুক্তি দিয়া হৈছিল যদিও, শৈক্ষিক অৰ্হতাৰ ক্ষেত্ৰত পূৰ্বৰ বিজ্ঞানৰ নিয়ম মানি চলা নাছিল। নতুনকৈ দিয়া বিজ্ঞাপনত কম অৰ্হতা সম্পন্ন লোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছিল। ইয়াৰ বিৰুদ্ধে মাত মাতিছিল বি কে ৰায়ে।

চিঠি লিখিছিল তেওঁ আই আই টি গুৱাহাটীৰ ডীন অৱ ৰিচাৰ্জ এণ্ড ডেফল'পমেন্টলৈ। তেওঁৰ সেই মেইলৰ উত্তৰ নিদিয়াত গুৱাহাটী আই আই টিৰ সঞ্চালকলৈও পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু সেই পত্ৰৰো উত্তৰ নাহিল, আহিল তেওঁলৈ কাৰণ দৰ্শোৱা জাননী।

তেওঁৰ অপৰাধ আই আই টি গুৱাহাটীৰ কৰ্তৃপক্ষই ইছৰ'ৰ প্ৰজেক্টত সংঘটিত দুৰ্নীতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত নকৰাত পোনপটীয়াকৈ ইছৰ'ৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

তদন্তৰ প্ৰতিবেদনত দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা বি কে ৰায়ৰ বিৰুদ্ধে অভিযোগ…

দুৰ্নীতিৰ তদন্ত কৰাৰ সলনি ইছৰ'ৰ অধ্যক্ষলৈ মেইল দিয়াৰ বাবেহে তেওঁক জবাহদিহী কৰা হ'ল। ২০১৭চনৰ ডিচেম্বৰত তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল। দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা এজন গুৱাহাটী আই আই টিৰ সহকাৰী অধ্যাপকৰ কাহিনী এয়া।

চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ লৈছে সিদ্ধান্তঃ

দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ এইগৰাকী গুৱাহাটী আই আই টিৰ সহকাৰী অধ্যাপকক চাকৰিৰ পৰা নিলম্বন কৰাই নহয়, চাকৰিৰ পৰা অব্যাহতি ল'বলৈ বিভিন্ন পক্ষৰ দ্বাৰা হেঁচা প্ৰয়োগ কৰি বিফল হৈ অৱশেষত তেওঁৰ বিৰুদ্ধে গঠন কৰা হৈছে তদন্ত কাৰী কমিটী।

এই তদন্ত কমিটীত আছিল প্ৰফেচৰ সুদীপ্ত তালুকদাৰ, প্ৰফেচৰ প্ৰদীপ কুমাৰ দাস আৰু এছ পি নান্দি। ইয়াৰে প্ৰথম দুজন গুৱাহাটী আই আই টিতে কৰ্মৰত আৰু এছ পি নন্দি অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব।

প্ৰথম কালচোৱাত আই আই টিৰ সঞ্চালককে ধৰি ভিতৰচৰাত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হোৱাত যিসকলৰ অসুবিধা হৈছিল সেইসকলেও বি কে ৰায়ৰ বিৰুদ্ধে থিয় দিলে। ১ নবেম্বৰ, ২০১৯ত আই আই টি গুৱাহাটীয়ে গঠন কৰি দিয়া তদন্ত কমিটীয়ে প্ৰতিবেদন দাখিল কৰিলে।

তদন্তৰ প্ৰতিবেদন জমা দিছিল ২ নবেম্বৰ , ২০১৯ত

AD/LM/447/BKR/ISRO/18/227 নম্বৰৰ জাননীযোগে ২ ফেব্ৰুৱাৰী, ২০১৮ গঠিত তদন্ত কমিটীয়ে ইছৰ'লৈ পত্ৰ প্ৰেৰণ কৰাৰ দোষত এই সহকাৰী অধ্যাপক গৰাকীকে হাস্যকৰভাৱে দোষী সাব্যস্ত কৰি প্ৰতিবেদন দাখিল কৰিলে।

দুৰ্নীতি বা আন প্ৰসংগকো তল পেলাই তেওঁ নিয়ম ভংগ কৰাৰ অভিযোগত অভিযুক্ত কৰা হ'ল। পূৰ্বৰে পৰা দুৰ্নীতিক লৈ সৰৱ এই সহকাৰী অধ্যাপক গৰাকীক অনীতিগত ভাৱে কাৰণ দৰ্শোৱা জাননী দিয়া হৈছিল। যি জাননী দিব পাৰে আই আই টি ব'ৰ্ড অৱ গৱৰ্ণৰ্ছে।

কিন্তু তেওঁলোকৰ অনুমোদন নোহোৱাকৈয়ে তেওঁক দিয়া হৈছিল তেনে কাৰণ দৰ্শোৱা জাননী। যাৰ বাবে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। ন্যায়ালয়ত তেওঁ জয়ী হ'লেও আই আই টিৰ ভিতৰচৰাত দুৰ্নীতিৰ বেহা মেলা একাংশই তেওঁক অন্য ধৰণে ব্যতিব্যস্ত কৰিবলৈ ধৰিলে।

তদন্ত প্ৰতিবেদনত কি লিখিলে…

এই প্ৰতিবেদনৰ পাছতেই বি কে ৰায়ক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ ব্যস্ত হৈ পৰিল একাংশ। দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা এই সাহসী সহকাৰী অধ্যাপকগৰাকীক ব'ৰ্ড অৱ গৱৰ্ণৰ্ছৰ বৈঠক আয়োজন কৰি তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সপক্ষে সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলি অভিযোগ উঠিছিল।

হঠাৎ আই আই টি গুৱাহাটীত ছাত্ৰৰ প্ৰতিবাদঃ

এনেবোৰ কুচকাৱাজৰ মাজতে ১৭ নবেম্বৰ, ২০১৯ত উত্তাল হৈ উঠিল গুৱাহাটী আই আই টি। সাধাৰণতে মানুহে কয়- আন্দোলন হয় জে এন ইউত। কিন্তু এইবাৰ জে এন ইউত নহয়। দিনটোৰ অধিক সময় পঢ়া-শুনা, গৱেষণাত ছাত্ৰ-শিক্ষক ব্যস্ত হৈ থকা বুলি ভবা আই আই টি গুৱাহাটীত নিশা ওলাই আহিল শ শ ছাত্ৰ।

আই আই টি গুৱাহাটী চৌহদত ভিতৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ…

হাতত 'জাষ্টিছ ফৰ বি কে ৰায়' শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰিলে এইসকলে গুৱাহাটী আই আই টিৰ ছাত্ৰ-ছাত্ৰীয়ে। প্ৰথমে কৰ্তৃপক্ষই ভাবিছিল কেইজনমান মুষ্টিমেয় ছাত্ৰ-ছাত্ৰীয়ে আহি নিয়মমাফিক প্ৰতিবাদ কৰিব। কিন্তু সেয়া নহ'ল।

প্ৰতিবাদৰ শ্ল'গান আৰু ছাত্ৰ-ছাত্ৰীয়ে এগৰাকী প্ৰিয় শিক্ষকৰ দুৰ্নীতি বিৰোধী অভিযানত থিয় হোৱাত আই আই টি গুৱাহাটীৰ কৰ্তৃপক্ষই হঠাৎ কোনো সিদ্ধান্ত লোৱাৰ পৰা পিছ হুহুকিবলৈ বাধ্য হ'ল। কিন্তু অব্যাহত থাকিল দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি যোৱা অধ্যাপকজনক একাংশই যিকোনো ধৰণে মানসিক হাৰাশাস্তি কৰাৰ অভিযান।

আই টি ছলিউশ্যন টু ছ'লভ কৰাপশ্যন ইন আই আই টিঃ

দুৰ্নীতিৰ বিৰুদ্ধে অতি সৰৱ এইগৰাকী সহকাৰী অধ্যাপকৰ বিৰুদ্ধে আন এক অভিযোগ উত্থাপন হৈছে। তেওঁৰ বিভাগৰ অধ্যয়ন কৰা একাংশ ছাত্ৰ-ছাত্ৰীক দিয়া প্ৰকল্পৰ এক শিৰোনামক লৈ। বি কে ৰায়ে ছাত্ৰ-ছাত্ৰীসকলক দিছিল এক প্ৰজেক্ট। সেই প্ৰজেক্টৰ শিৰোনাম আছিল 'আই টি ছলিউশ্যন টু ছ'লভ কৰাপশ্যন ইন আই আই টি'।

এক বাৰ্তালাপত প্ৰফেচৰ বি কে ৰায়ে ক'লে- 'দুৰ্নীতিৰ বিৰুদ্ধে মই যুঁজি দিয়াতোৱে মোৰ অপৰাধ হৈছে। কিন্তু মই হাৰি নাযাওঁ। আই আই টিৰ ভিতৰত বহু দুৰ্নীতি সংঘটিত হয়। সেইবোৰ কোনে তদাৰক কৰিব? সেইবোৰ চাওঁতাও লাগে।'

তেওঁৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত সহকাৰী অধ্যাপকগৰাকীয়ে কয়- এই সন্দৰ্ভত তেওঁৰ স্থিতি স্পষ্ট। কাৰণ দৰ্শোৱা জাননী, বিভিন্ন পক্ষৰ পৰা হেঁচা আহিছে। আনকি তেওঁক দিয়া কাৰণ দৰ্শোৱা জাননী সন্দৰ্ভত উত্তৰ দিবলৈ বা তদন্ত কমিটীক অধিক সময় বিচাৰিছিল যদিও সেয়া তেওঁক দিয়া নহ'ল। এই সন্দৰ্ভত তেওঁ ব'ৰ্ড অৱ গৱৰ্ণৰ্ছলৈ এখন চিঠি প্ৰেৰণ কৰিছিল। ১১ নবেম্বৰত তেওঁ প্ৰেৰণ কৰিছিল এই পত্ৰ।

ব'ৰ্ড অৱ গৱৰ্ণৰ্ছলৈ ১১ নবেম্বৰত বি কে ৰায়ে প্ৰেৰণ কৰা পত্ৰ…

কেৱল এয়াই নহয়…

কেৱল এয়াই নহয়। আই আই টি গুৱাহাটীৰ বিৰুদ্ধে উত্থাপিত অনিয়ম আৰু দুৰ্নীতিৰ তালিকা দীঘল। এই শৈক্ষিক প্ৰতিষ্ঠানখনে ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তিৰ সময়তে লয় alumni fees। নাম ভৰ্তিৰ কৰা ছাত্ৰ-ছাত্ৰীৰ পৰা এই মাচুল কিয় লয় সেয়াও এক ৰহস্যৰ বিষয়। এনেদৰেই সংগ্ৰহ হয় ছাত্ৰ-ছাত্ৰীৰ পৰা কোটি কোটি টকা। কিন্তু সেই ধন ক'ত যায় আৰু এয়া যে সম্পূৰ্ণ এক ভুল সিদ্ধান্ত তাৰ বিৰুদ্ধে এই শৈক্ষিক প্ৰতিষ্ঠানখনৰ ৭জন ছাত্ৰ-ছাত্ৰী ইতিমধ্যে দ্বাৰস্থ হৈ ন্যায়ালয়ৰ।উল্লেখযোগ্য যে, আই আই টিৰ অন্যান্য প্ৰতিষ্ঠানসমূহতো এই মাচুল লোৱা হয়। ন্যায়ালয়ে এই সন্দৰ্ভত ৰায় দিলে সেয়া হ'ব ছাত্ৰ-ছাত্ৰীৰ বাবে বহু সকাহ।

এনেকৈয়ে চলি আছে গুৱাহাটী আই আই টি। ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা আৰু ভিতৰচৰাত সংঘটিত দুৰ্নীতিৰ খবৰ সাধাৰণতে আই আই টিৰ চৌহদ পাৰ হৈ বাহিৰলৈ নাহে। কিন্তু ৰাইজৰ ধনেৰে পৰিচালিত উচ্চমানৰ এখন শিক্ষানুষ্ঠানত দৰাচলতে কি হয় সেই তথ্য প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছে। এই সকলোবোৰ ৰাজহুৱা হোৱাৰ পাছত নিশ্চয় উৰ্ধতম কৰ্তৃপক্ষ আৰু ৰাইজে বিষয়টোক লৈ সজাগ আৰু সচেতন হ'ব।

আই আই টিৰ এই সাহসী সহকাৰী অধ্যাপকগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাত এই চক্ৰটো সফল হ'লেই তেওঁলোকে বিনা বাধাই চলাই যাব পাৰিব দুৰ্নীতি আৰু অনিয়মৰ বেহা। সেয়েহে ইয়াৰ বিৰুদ্ধে তীব্ৰ জনমত গঠন কৰি দুৰ্নীতিৰ বিৰুদ্ধে অকলে যুঁজা অধ্যাপকগৰাকীৰ কাষত সকলোৱে থিয় হোৱাৰ সময় এয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in