বাস্তৱৰ ছবিঃ সৰু মানুহৰ দেহলৈ সংক্ৰমণ নহয় নেকি কোৰোনা ভাইৰাছ…

বাস্তৱৰ ছবিঃ সৰু মানুহৰ দেহলৈ সংক্ৰমণ নহয় নেকি কোৰোনা ভাইৰাছ…

মৃদুল কুমাৰ সন্দিকৈ

পুৱাৰ ভাগৰ দৃশ্য। যিসময়ত সমগ্ৰ ভাৰতত লকডাউন, সেই সময়ত এই সকল লোকৰ ব্যস্ততা বাঢ়িছে। পুৱাই তেওঁলোক ওলাই আহিছে দায়িত্বলৈ। আনে পেলাই যোৱা সামগ্ৰীসমূহ চাফা কৰা, বাট-পথ পৰিস্কাৰ কৰা আদি কামত তেওঁলোক ব্যস্ত।

কোৰোনা ভাইৰাছৰ আতংক সৰ্বত্ৰে। তেওঁলোকৰ মনতো সংশয় আছে। দুই-একে কোৰোনা ভাইৰাছ কি বুজি পোৱা নাই। সেয়ে মুখত এখন মাস্ক লগাই লৈ নিশ্চিন্তমতে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি গৈছে।

আনে দলিয়াই যোৱা পেলনীয়া সমূহ চাফা কৰে তেওঁলোকে…

জিএমচি বুলি লিখা জেকেটটো আৰু মুখত এখন মাস্ক আঁৰি হাতেৰে তেওঁলোকে জাৱৰবোৰ নিষ্কাষণ কৰিছে। আজিৰ পৰিস্থিতিত এনে দৃশ্য লক্ষণীয় যদিও সেই কথা তেওঁলোকে অনুধাৱন কৰা নাই। গীতানগৰ থানাৰ সন্মুখৰ এটা ডাষ্টবিনত কৰ্মৰত চাফাই কৰ্মীজনক সোধা হ'ল- শুদা হাতেৰে আপুনি জাৱৰবোৰ চুই আছে। জিএমচিৰ পৰা হাত মোজা অৰ্থাৎ গ্ল'বছ দিয়া নাই নেকি?

কামৰ পৰা মূৰ তুলিবলৈ যেন তেওঁৰ আঁহৰিয়ে নাই। ক'লে- কৈ আছো কিন্তু দিয়া নাই। এই কেইদিনতে দিয়া কথা। ভাবিলো সেই চাফাই কৰ্মীজনে হয়তো গ্ল'বছ বা অন্যান্য প্ৰয়োজনীয় সামগ্ৰী পোৱা নাই, আনসকলে পাইছে। সেয়েহে আন এক স্থানলৈ গৈ আন এজন চাফাই কৰ্মীক প্ৰত্যক্ষ কৰিলো। তেওঁৰো হাতত মোজা নাই।

অফিচে দিয়া নাই হাত মোজা…

এখন তেনেই সাধাৰণ মাস্ক পৰিধান কৰি জাৱৰ তুলিবলৈ দুহাতত দুটুকাৰ কাঠৰ টুকুৰা লৈ তেওঁ দায়িত্ব পালন কৰি গৈছে। যিসময়ত সমগ্ৰ বিশ্বতেই কোৰোনাৰ আতংক। মহানগৰীৰ লগতে ৰাজ্যত ইয়াৰ বাবে প্ৰতিৰোধমূলক সজাগতা অভিযান আৰম্ভ কৰা হৈছে, সেই সময়ত খোদ গুৱাহাটী মহানগৰীৰ চাফাই কৰ্মীয়ে কোনো প্ৰতিৰোধমূলক ব্যৱস্থা নোহোৱাকৈ এইদৰে কৰ্তব্য সম্পাদন কৰিছে।

দিশপুৰৰ বিধায়ক সকল থকা আবাসিক অঞ্চললৈ যোৱা হ'ল। তেতিয়া সেই আবাসিক এলেকাৰ বাহিৰৰ ভাগৰ পদপথত ঝাড়ু দি আছিল দুজন চাফাই কৰ্মীয়ে। আঁতৰৰ পৰা লক্ষ্য কৰিলো তেওঁলোকৰ হাততো গ্ল'বছ নাই।

ন্যূনতম সা-সুবিধাৰে তেওঁলোকে দায়িত্ব পালন কৰি গৈছে। তেওঁলোকৰ কামত ব্যাঘাত নোহোৱাকৈয়ে আঁতৰৰ পৰা সুধিলো- আপোনালোকে হাতত গ্ল'বছ বা মাস্ক পৰিধান কৰাতো যে আজিৰ সময়ত অতি প্ৰয়োজন সেয়া জানেনে?

দিশপুৰৰ এমএলএ হোষ্টেলৰ বাহিৰৰ ফুটপাথত এইদৰে ঝাড়ু দি আছে চাফাই কৰ্মীয়ে…

হাঁহি তেওঁলোকে উত্তৰ দিলে- কেতিয়াবা এযোৰ গ্ল'বছ দিছিল। সেইযোৰ ফাটিলে। তাৰপাছত আৰুদিয়া নাই। মহানগৰীৰ বিভিন্ন স্থানত কাম কৰা চাফাই কৰ্মীসকলৰ হাতত দেখা পোৱা নগ'ল গ্ল'বছ, জোতা ইত্যাদি প্ৰয়োজনীয় সামগ্ৰীসমূহ।

যিবোৰ সামগ্ৰী পৰিধান কৰি এই চাফাই কৰ্মীসলকে চাফাই অভিযানত নিয়োজিত হোৱাতো অত্যন্ত বাঞ্চনীয় আৰু আজি কোৰোনা ভাইৰাছৰ ফলত সৃষ্টি হোৱা এনে পৰিৱেশ – পৰিস্থিতিত সেয়া চাফাই কৰ্মীসকলে পৰিধান কৰিছে নে নাই সেয়া নিৰীক্ষণ কৰাতো বিভাগৰ দায়িত্ব।

চাফাই কৰ্মীসকলে বুজিব পৰা নাই যে, এই হেণ্ড গ্ল'বছৰ গুৰুত্ব কিমান। তেওঁলোকে নিষ্কাষণ কৰা এই জাৱৰৰ দ'মৰ মাজত পৰি থকা থু-খেকাৰ বা আন সামগ্ৰীৰ পৰা বিয়পিব পাৰে কেনেকৈ কোৰোনা ভাইৰাছ।

সকলো চাফাই কৰ্মীৰে এটাই উত্তৰ- তেওঁলোকক যোগান ধৰা নাই। অথচ আন লোকসকলে নিজৰ সুৰক্ষাৰ কথা চিন্তা কৰি এই সামগ্ৰী সমূহ ব্যৱহাৰ কৰিছে। কিন্তু এই সকল চাফাই কৰ্মীৰ বাবে চিন্তা কৰোতা কোনো নাই।

সৰু মানুহৰ খবৰ ৰাখে কোনে…

তথাকথিত সৰু মানুহ হোৱাৰ বাবেই যেন তেওঁলোকৰ এই সমস্যা আৰু তেওঁলোকৰ এনে দিশবোৰ উদঙাই দিবলৈও কাৰো আহৰি নাই। এজন সাধাৰণ চাফাই কৰ্মী হিচাপে তেওঁলোকেও অনুভৱ কৰা নাই যে জাৱৰ চাফা কৰিবলৈ আহোতে তেওঁলোকে জোতা, মাস্ক, হাত মোজা আদি পৰিধান কৰাতো অতিকৈ প্ৰয়োজনীয়।

মহানগৰীৰ প্ৰতিটো প্ৰান্ততে চাফাই কৰ্মীসকলে পুৱা-আবেলি এতিয়া চাফাই অভিযানত ব্যস্ত হৈ পৰিছে। কোনো কোনোৱে এই জিএমচি চাফাই কৰ্মী হিচাপে ১০-১৫ বছৰ কাম কৰিছে। পৰিয়ালত তেওঁলোকৰ অভাৱ-অনাটন। সেয়েহে কি পাইছে, কি নাই পোৱা সেই কথা চিন্তা কৰিবলৈ আহৰি নাই।

কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সমাজৰ প্ৰতিজন লোকৰ ক্ষেত্ৰতেই সজাগ হোৱাৰ প্ৰয়োজন। এই চাফাই কৰ্মীজনৰ পৰাও আন ১০জনলৈ COVID-19 বিয়পাৰ সম্ভাৱনা আছে। কিন্তু সেই কথা জিএমচি বা চৰকাৰৰ বৰমূৰীয়া সকলে, সংশ্লিষ্ট মন্ত্ৰীয়ে অনুভৱ কৰাতো প্ৰয়োজন নহয়নে?

এয়া আজিৰ পৰিস্থিতিত কাৰো প্ৰতি অভিযোগ নহয়। বাস্তৱৰ এখন ছবি সমাজৰ স্বাৰ্থত দাঙি ধৰাৰ প্ৰয়াস কৰাহে হৈছে। এই সৰু লোকসকলে বহু কথা ঢুকি নাপায়। কিন্তু তেওঁলোকৰ কথা আনে চিন্তা কৰিব লাগিব।

মহানগৰীৰ চানমাৰি, বামুনীমৈদাম, নুনমাটি, বেলতলা, গণেশগুৰি, খানাপাৰা, শিলপুখুৰী, জু-ৰোড, জোনালী, খ্ৰীষ্টানবস্তি, নাৰেংগী, সাতগাঁও আদি স্থানত পুৱা ভাগত চাফাই কৰ্মীসকলৰ হাতত দেখা পোৱা নগ'ল কোনো গ্ল'বছ। ভৰিত নাছিল জোতা। কিন্তু অতি দায়ৱদ্ধতাৰে তেওঁলোকে কাম কৰি গৈছিল।

জাৱৰৰ দ'মৰ ওপৰত উঠিয়েই এইদৰে কৰিছে চাফাই কাম…

কোনো স্থানত জাৱৰ কঢ়িওৱা গাড়ীৰ ওপৰত উঠিয়েই এই চাফাই কৰ্মীসকলে দুপৰীয়া ১১ বজা পৰ্যন্ত দায়িত্ব পালন কৰা গৈছিল। সেই চাফাই কৰ্মীসকলৰ হাততো নাই তেনে কোনো ব্যৱস্থা। তেওঁলোকে এইবোৰ কথা বুজিয়েই পোৱা নাই হয়তো।

এই সন্দৰ্ভত জিএমচিৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকাক সোধা হৈছিল যে- জিএমচিৰ চাফাই কৰ্মীসকলৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে কোৰোনা ভাইৰাছ বিৰাজ কৰা সময়ত কি বিশেষ ব্যৱস্থা কৰা হৈছে? আয়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা অনুসৰি তেওঁলোকক সজাগ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

কিন্তু এই চাফাই কৰ্মীসকলক মাস্ক, হেণ্ড গ্ল'বছ, জোতা আদি প্ৰয়োজনীয় সামগ্ৰী পাইছেনে বুলি সোধাত আওপকীয়াকৈ স্বীকাৰ কৰিলে যে এই সামগ্ৰীসমূহৰ অভাৱ এতিয়া সমগ্ৰ বিশ্বতেই। স্বাস্থ্য বিভাগৰ কৰ্মীসকলে এইবোৰ সামগ্ৰী লাভ কৰা নাই।

জাৱৰ-জোথৰ বুটলি ফুৰা এজন চাফাই কৰ্মী…

জাৱৰ-জোথৰ চাফা কৰোতে এই লোকসকল বিভিন্ন সা-সামগ্ৰীৰ সংস্পৰ্শলৈ আহে। সেই সা-সামগ্ৰীৰ পৰা তেওঁলোকৰ দেহলৈ যিকোনো বীজাণু সৰবৰাহ হোৱা পূৰ্ণ সম্ভাৱনা থাকে। তেনেক্ষেত্ৰত এই সকল লোকৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতি এনেদৰে উপেক্ষা কৰা উচিত নে ? নে সৰু মানুহৰ দেহলৈ সংক্ৰমণ নহয় কোৰোনা ভাইৰাছ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in