কংগ্ৰেছৰ ভিতৰৰ বিস্ফোৰক খবৰ- ‘নিৰ্বাচনত জিকিবলৈ নহয়, হাৰিবলৈ প্ৰাৰ্থী লাগে আমাক’

কংগ্ৰেছৰ ভিতৰৰ বিস্ফোৰক খবৰ- ‘নিৰ্বাচনত জিকিবলৈ নহয়, হাৰিবলৈ প্ৰাৰ্থী লাগে আমাক’

♦ মৃদুল কুমাৰ সন্দিকৈ

ৰাজনীতিৰ মায়া বুজিবলৈ বৰ টান। জিকিবলৈকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নহয়। কেতিয়াবা হাৰিবলৈও নিৰ্বাচন খেলে ৰাজনৈতিক দলবোৰে। আগন্তুক লোকসভা নিৰ্বাচনত অসমত সেই দৃশ্য দেখা পাব ৰাইজে। দুটা সমষ্টিত নিজিকা প্ৰাৰ্থী প্ৰক্ষেপ কৰি ৰাজনীতি কৰিব কংগ্ৰেছ দলে। সাধাৰণ মানুহৰ মূৰৰ ওপৰেৰে যাব এইবোৰ কথা।

নিৰ্বাচনত সকলো অংকই সম্ভৱ হ'ব পাৰে। 'হু ইজ বদৰুদ্দিন' বুলি কোৱা তৰুণ গগৈয়ে এতিয়া ক'ব নোৱাৰে বদৰুদ্দিন কোন বুলি। তাৰ বিপৰীতে বদৰুদ্দিনৰ সহায় বিচাৰি অসমৰ ৰাইজৰ অগোচৰে আন কিছু ৰাজনৈতিক সমীকৰণ মিলোৱাত ব্যস্ত হৈ পৰিছে গগৈ। দলৰ স্বাৰ্থতকৈ পুত্ৰ গৌৰৱ গগৈক উদ্ধাৰ কৰাৰ বাবে এ আই ইউ ডি এফৰ প্ৰতি গগৈৰ টান বাঢ়ি গৈছে।

তৰুণ গগৈয়ে যিমানেই নকওঁক বদৰুদ্দিন আজমল বা এআইইউডিএফৰ সৈতে কংগ্ৰেছৰ সম্পৰ্ক নাই বুলি, বাস্তৱত কিন্তু সেয়া নহয়। ২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণ জনতাৰ অগোচৰে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত অনানুষ্ঠানিক বুজা-পৰা হৈছে বুলি অভিযোগ উঠিছে। সেই বুজাপৰাত হাত উজান দিছে খোদ তৰুণ গগৈয়ে। এয়া কোনো বিৰোধী পক্ষৰ মন্তব্য নহয়, প্ৰদেশ কংগ্ৰেছৰ এক শীৰ্ষ সূত্ৰই সেই কথা স্বীকাৰ কৰিছে।

২০১৪চনৰ লোকসভা নিৰ্বাচনত কলিয়াবৰ সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল এ আই ইউ ডি এফৰ প্ৰাৰ্থীগৰাকীয়ে। গৌৰৱ গগৈয়ে ৪,৪৩,৩১৫টা ভোট লাভ কৰি সেই সমষ্টিটোত জয় লাভ কৰাৰ বিপৰীতে মৃণাল কুমাৰ শইকীয়াই বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি ৩,৪৯,৪৪১টা ভোট লাভ কৰিছিল। তৃতীয় স্থানত থকা বিজয় কুমাৰ তিৰুৱে এ আই ইউ ডি এফৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ২৩১,২৯৫টা ভোট লাভ কৰিছিল।

অৰ্থাৎ সেই নিৰ্বাচনত বিজেপি আৰু এ আই ইউ ডি এপে সন্মিলিতভাৱে লাভ কৰা ভোটৰ সংখ্যা গৌৰৱ গগৈতকৈ বেছি আছিল। তেতিয়া অৱশ্যে এই সমষ্টিৰ অন্তৰ্গত প্ৰায় কেইটা বিধানসভা সমষ্টিয়েই কংগ্ৰেছৰ দখলত আছিল। আজিৰ তাৰিখত সেই পৰিবেশ নাই। এই সমষ্টিটোত দুজনকৈ অগপ মন্ত্ৰী আছে। সভাপতি অতুল বৰা আৰু কাৰ্যবাহী সভাপতি কেশৱ মহন্তৰ লগতে বিজেপিৰ ভাল ভেটি থকা কলিয়াবৰ সমষ্টিটোত এ আই ইউ ডি এফে কংগ্ৰেছৰ ভোটৰ অংকতহে আউল লগাব। ইয়াৰ ফল তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ বিপৰীতে যোৱাৰ চিন্তাতেই এ আই ইউ ডি এফৰে হাত মিলাবলৈ তৰুণ গগৈ আগবাঢ়ি আহিল বুলি আলোচনা চলিছে।

'হু ইজ বদৰুদ্দিন' বুলি কোৱা তৰুণ গগৈয়ে কেৱল পুত্ৰৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেই কংগ্ৰেছ দলৰ সৈতে এ আই ইউ ডি এফৰ অনানুষ্ঠানিক বুজাপৰাত জোৰ দিয়ে। তাৰ সুযোগ গ্ৰহণ কৰিছে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে। দুয়োটা দলৰ মাজত এই বুজাবুজিৰ অন্তত আজমলে বিচাৰিছে বৰপেটা আসনখন। আজমলৰ যুক্তি হ'ল- ধুবুৰী আসনখন তেওঁলোকৰ নিশ্চিত।

ইতিমধ্যে দুবাৰকৈ ধুবুৰী সমষ্টিৰ পৰা জয়লাভ কৰিছে বদৰুদ্দিন আজমলে। ২০১৪চনত এই সমষ্টিটোৰ পৰা বদৰুদ্দিন আজমলে ৫৯২,৫৬৯টা ভোট লাভ কৰি জয়লাভ কৰিছিল। কংগ্ৰেছৰ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰীয়ে লাভ কৰিছিল ৩৬২,৮৩৯টা ভোট। বিজেপি প্ৰাৰ্থী দেৱম্ময় শন্যালে ২৯৮,৯৮৫টা ভোট লাভ কৰি তৃতীয় স্থানত আছিল।

বদৰুদ্দিন আজমলে সেয়েহে ধুবুৰী সমষ্টিটোক লৈ বিশেষ চিন্তা কৰা নাই। কংগ্ৰেছৰ নেতৃত্বক আজমলে বৰপেটা সমষ্টি এৰি দিলে আন সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হ'ব পৰাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ প্ৰতিশ্ৰুতি দিছে। কংগ্ৰেছৰ শীৰ্ষ সূত্ৰই নিশ্চিত কৰিছে এই কথা। উল্লেখযোগ্য যে, ছিৰাজুদ্দিন আজমলে বৰ্তমান প্ৰতিনিধিত্ব কৰি থকা এই সমষ্টিটোত ২০১৪চনত এ আই ইউ ডি এফৰ প্ৰাৰ্থীগৰাকীয়ে ৩৯৪,৭০২টা ভোট লাভ কৰিছিল। বিজেপিৰ শক্তিশালী প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৩৫২,৩৬১টা ভোট লাভ কৰাৰ লগতে কংগ্ৰেছে ২৭৭,০৭৮টা ভোট লাভ কৰে।

অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে এই নিৰ্বাচনত ৭৩,৭৩৩টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান অগপ আৰু বিজেপিৰ মিত্ৰতা সূত্ৰে শক্তিশালী স্থানত থাকিব অগপ প্ৰাৰ্থীগৰাকী। অগপই এই সমষ্টিটোৰ পৰা ভূপেন ৰায়ক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে। তেনেহ'লে সমষ্টিটোত এ আই ইউ ডি এফৰ প্ৰাৰ্থীগৰাকী এইবাৰ জয়ী হোৱাৰ সম্ভাৱনা ক্ষীণ।

এ আই ইউ ডি এফৰ নেতৃত্বই কংগ্ৰেছক এই সমষ্টিটোত তেওঁলোকৰ এগৰাকী দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ প্ৰস্তাৱ দিছে। সেই প্ৰাৰ্থীগৰাকী কেনে হ'ব তাৰো চৰ্ত বান্ধি দিছে এ আই ইউ ডি এফে। কোনো কাৰণতে যাতে সংখ্যালঘু ভোটত প্ৰভাৱ পেলাব নোৱাৰা আৰু হিন্দু ভোট লাভ কৰা এগৰাকী দুৰ্বল প্ৰাৰ্থীক কংগ্ৰেছে প্ৰক্ষেপ কৰিলে সমষ্টিটোত এ আই ইউ ডি এফৰ প্ৰাৰ্থী জয়ী হোৱাতো নিশ্চিত।

বদৰুদ্দিন আজমলে এই সমষ্টিটোত প্ৰাক্তন বিধায়ক ৰফিকুল ইছলামক প্ৰতিদ্বন্দ্বিতা কৰাতো বিচাৰিছে। ছিৰাজুদ্দিন আজমল বৰ্তমান অসুস্থ হৈ থকা সূত্ৰে নতুন মুখৰ সন্ধান কৰিছে আজমলে। তাৰ বিনিময়ত শিলচৰ, কলিয়াবৰ, নগাঁও, মঙলদৈ আৰু তেজপুৰত এ আই ইউ ডি এফে কম শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব।

বৰপেটা সমষ্টিত সেয়েহে প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে কংগ্ৰেছে সংখ্যালঘু ভোটত ভাঙোন আনিব নোৱৰা, হিন্দু ভোটাৰৰ ভোট লাভ কৰিব পৰা প্ৰাৰ্থী ৰূপে শংকৰপ্ৰসাদ ৰায়ক টিকট দিবলৈ যো-জা চলাইছে। কংগ্ৰেছৰ মতে, প্ৰাক্তন ছাত্ৰ নেতা শংকৰপ্ৰসাদ ৰায়ে প্ৰাৰ্থী দিলে সংখ্যালঘু ভোটাৰে কেতিয়াও আছু নেতা হিচাপে ৰায়ক ভোটপ্ৰদান নকৰে। তাৰ বিপৰীতে কোচ ৰাজবংশী ভোটাৰৰ কিছু ভোট শংকৰ প্ৰসাদ ৰায়ে লাভ কৰিব বুলি আশা কৰিছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ নেতৃত্বই।

পিছে শংকৰপ্ৰসাদ ৰায় এই সমষ্টিটোত প্ৰাৰ্থী হ'ব বিচৰা নাই । তেওঁ বিচাৰিছে গুৱাহাটী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব। ধুবুৰীত কংগ্ৰেছে নামত প্ৰাৰ্থীৰূপে ৰীতা ডেকাক প্ৰক্ষেপ কৰাৰ  চিন্তা কৰিছে। বদৰুদ্দিন আজমলে ৰীতা ডেকাই বিজেপি ভোটৰ বিভাজন ঘটাব পাৰিব বুলি ভবা নাই। মুলতঃ ধুবুৰী আৰু বৰপেটা সমষ্টিত এ আই ইউ ডি এফক জয়ৰ পটভূমি ৰচনা কৰি দিব লাগে কংগ্ৰেছে। তাৰ বিনিময়ত নগাঁও আৰু কলিয়াবৰ সমষ্টিত এ আই ইউ ডি এফে দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰি কংগ্ৰেছক জয়ী হোৱাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে।

ধুবুৰীত কংগ্ৰেছে আবুৰ তাহে আলী বেপাৰী নামৰ অধিবক্তাগৰাকীকো প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে। কলিয়াবৰত এ আই ইউ ডি এফে প্ৰাৰ্থী প্ৰদান নকৰিলেও আচৰিত হ'ব লগা নাই। অন্তিম মুহূৰ্তত সমষ্টিটোত প্ৰাৰ্থী প্ৰদান কৰিলেও অতি দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। গুৱাহাটী সমষ্টিত এতিয়ালৈকে কাক প্ৰাৰ্থিত্ব দিব সেয়া কংগ্ৰেছে ঠিৰাঙেই কৰিব পৰা নাই। প্ৰায় ৩জনকৈ অধিবক্তাক প্ৰাৰ্থিত্বৰ প্ৰস্তাৱ দিয়াৰ পাছতো কোনো এজনেই কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলিবলৈ ইচ্ছা ব্যক্ত কৰা নাই।

এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মাজৰ এই বুজাবুজিত অৱশ্যে সন্তুষ্ট নহয় প্ৰদেশ কংগ্ৰেছৰেই একাংশ নেতা। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া এ আই ইউ ডি এফৰ সৈতে নিৰ্বাচনী বুজাবুজিৰ পক্ষত নাছিল যদিও, কংগ্ৰেছ শীৰ্ষ নেতৃত্বক তৰুণ গগৈয়ে এই সমীকৰণ বুজাই দিছে।

দুটা সমষ্টিত কংগ্ৰেছে এ আই ইউ ডি এফক সহায় কৰাৰ বিনিময়ত অতি কমেও পাঁচটা সমষ্টিত দলটোৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী কৰিছে এ আই ইউ ডি এফৰ পক্ষত থকা সকলে। কৰিমগঞ্জত বৰ্তমান এ আই ইউ ডি এফৰেই সাংসদ আছে। সেই সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী বৰ সবল নহয়।

এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছৰ দেখাত মিতিৰালি নাই যদিও, অতি গোপনে দিল্লীত নিৰ্বাচনৰ এই ৰণনীতি তৈয়াৰ হৈ গৈছে। খবৰ অনুসৰি আজমলে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক সহায়ৰ বিনিময়ত বিশেষকৈ বৰপেটা সমষ্টিত পৰাজয় হোৱা প্ৰাৰ্থী প্ৰক্ষেপৰ বাবে অনুৰোধ কৰিছে। লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত এতিয়া এই অংকই চলিছে কংগ্ৰেছৰ শিবিৰত। ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে বদৰুদ্দিন আজমলে।

তেজপুৰত কংগ্ৰেছে এম জি ভি কে ভানুক টিকট প্ৰদান কৰিছে যদিও,ভানুৱে টিকট পোৱাটো বিচৰা নাছিল তৰুণ গগৈয়ে। একেদৰে যোৰহাট সমষ্টিত সুশান্ত বৰগোঁহাইয়ে টিকট লাভ কৰাত মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰিছে তৰুণ গগৈয়ে। এই দুয়োটা সমষ্টিতেই কংগ্ৰেছৰ বাবে ক্ষতিকাৰক হৈ পৰিব পাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। ভানু লোকসভালৈ নিৰ্বাচিত হৈ গ'লে গৌৰৱ গগৈৰ প্ৰভাৱ দিল্লীত হ্ৰাস পাব বুলি গগৈয়ে অনুমান কৰি লৈছে।

বিজেপি দৰে কংগ্ৰেছৰ শিবিৰতো এতিয়া প্ৰাৰ্থিত্ব কেন্দ্ৰিক এই নাটক চলিছে। 'হু ইজ বদৰুদ্দিন' বুলি কোৱা তৰুণ গগৈয়ে এতিয়া বদৰুদ্দিন কোন বুলি ক'বলৈ সাহস কৰিব পৰা নাই। তাৰ সলনি অসমৰ ৰাইজক নেদেখুৱালেও ভিতৰি এ আই ইউ ডি এফৰ সৈতে বুজাবুজিৰ পৃষ্ঠপোষকৰ ভূমিকা পালন কৰিছে গগৈয়ে। একেদৰে তেজপুৰ আৰু যোৰহাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী দুজনকে মুকলি বিৰোধিতা কৰি গগৈয়ে জয়ৰ সম্ভাৱনা থকা এই দুই সমষ্টিত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ প্ৰতি এক অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিছে।

দলৰ আন কোনো নেতাই এনে মন্তব্য কৰা হ'লে কেতিয়াবাই কাৰণ দৰ্শোৱা জাননী লাভ কৰিলে হয়। কিন্তু তৰুণ গগৈৰ ক্ষেত্ৰত এতিয়া প্ৰদেশ কংগ্ৰেছে কোনো ব্যৱস্থা ল'বলৈ সাহস কৰা নাই। অসমৰ ৰাইজক গোপনে ৰাখি বৰপেটা আৰু ধুবুৰীত কংগ্ৰেছে এনে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিচাৰিছে যি দুজনে প্ৰত্যক্ষভাৱে এ আই ইউ ডি এফক সহায় কৰিব পাৰে।

পৰাজয় নিশ্চিত প্ৰাৰ্থীৰ লগতে বিজেপিৰ ভোটবেংকত গৰাখহনীয়া সৃষ্টি কৰিব পৰা প্ৰাৰ্থী বিচাৰি এই সমষ্টি দুটাত প্ৰাৰ্থিত্ব প্ৰদান কৰিলেই আন কেবাটাও সমষ্টিত কংগ্ৰেছক পৰোক্ষভাৱেই সহায়ৰ প্ৰতিশ্ৰুতি ইতিমধ্যে দিছে এ আই ইউ ডি এফে। প্ৰদেশ কংগ্ৰেছৰ এজন শীৰ্ষ নেতাই এই বিস্ফোৰক মন্তব্য সদৰি কৰিছে।

এই নেতাজনৰ মন্তব্যৰ সত্যতা প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ পাছতেই পোহৰলৈ আহিব। কিন্তু তাৰ মাজতে এ আই ইউ ডি এফৰ বিৰুদ্ধে সৰৱ হৈ থকা তৰুণ গগৈৰ নিষ্ক্ৰিয়তাই এই কথা বুজাই দিছে- পূৰ্বৰ দৰেই বদৰুদ্দিন আজমলৰ প্ৰতি কঠোৰ হৈ ৰাজনীতি কৰিব পৰা শক্তি এতিয়া তৰুণ গগৈৰ নাই। দলৰ স্বাৰ্থতকৈ তেওঁৰ পুত্ৰক কলিয়াবৰৰ পৰা নিৰ্বাচন জিকাই নিয়াতোহে এই মুহূৰ্তত তেওঁৰ বাবে ডাঙৰ দায়িত্ব হৈছে। সেয়েহে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ একাংশ নেতাৰ মন্ত্ৰনাত কংগ্ৰেছে জয়ী হোৱা প্ৰাৰ্থীতকৈ ধুবুৰী, বৰপেটা, কৰিমগঞ্জ সমষ্টিৰ বাবে নিৰ্বাচনত পৰাজয়ৰ মুখ দেখা আৰু আন কিছু কাৰকেৰে প্ৰভাৱন্বিত কৰিব পৰা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিছে।

বিজেপিয়ে তেজপুৰ সমষ্টিত প্ৰাৰ্থী নিৰ্বাচনক লৈ মুখথেকেচা খোৱাৰ দৰে কলিয়াবৰ সমষ্টিক লৈ কংগ্ৰেছৰ ভিতৰচৰাতো চলিছে মত-বিৰোধ। বিশেষকৈ বৰপেটা সমষ্টিত এইবাৰ এজন শক্তিশালী প্ৰাৰ্থীক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিলে আসনখনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ শক্তিশালী যুঁজত নমাৰ অৱকাশ আছিল।

কেইবাজনো শক্তিশালী প্ৰাৰ্থীয়ে টিকট বিচৰাৰ পাছতো এ আই ইউ ডি এফক সন্তুষ্ট কৰিবলৈ এতিয়া বৰপেটা সমষ্টিত কংগ্ৰেছে এজন দুৰ্বল প্ৰাৰ্থীক প্ৰক্ষেপ কৰি কলিয়াবৰত গৌৰৱ গগৈ উদ্ধাৰ অভিযানত নামি পৰিছ খোদ তৰুণ গগৈ। এক কথাত ক'বলৈ গ'লে- এতিয়া কংগ্ৰেছক কেবাটাও সমষ্টিত লাগে ভোট বিভাজন কৰিব পৰা অৰ্থাৎ নিৰ্বাচনত জয়ী হ'ব নোৱাৰা প্ৰাৰ্থী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in