শীতৰে সেমেকা ৰাতি, বস্ত্ৰবিহীনজনৰ বাবে কৰিব নোৱাৰো নেকি একো আমি…

শীতৰে সেমেকা ৰাতি, বস্ত্ৰবিহীনজনৰ বাবে কৰিব নোৱাৰো নেকি একো আমি…

♦ মৃদুল কুমাৰ সন্দিকৈ

জাৰৰ দিনত জুতি ল'বি কেথা-কম্বল লৈ…। আজি যেন জুতি লোৱাৰ বতৰ। শীতৰ ফিৰফিৰিয়া বতাহজাকে চুই গৈছে সকলোকে। শীতৰ এই ঠাণ্ডা বতাহজাকৰো আছে সুকীয়া আমেজ। শীত মানেই যেন কিবা এটা আনন্দ আৰু উপভোগৰ সময়।

দোকানৰ সন্মুখত বহু ভিৰ। গ্ৰাহকক লালচাহ, পকৰি দি মানুহজনে উশাহ পোৱা নাই। সকলোৱে আহি মাত্ৰ এটা কথাই কৈছে- 'চাহ দিয়কচোন একাপ, লগত পকৰি দিয়ক ১০ টকাৰ।' সেয়াওতো শীতৰেই আমেজ। শীতৰ সময়খিনি এনেদৰে উপভোগ কৰে সকলোৱে। এতিয়াতো শীত নাহেই। প্ৰচণ্ড গৰমে চুই যায় গ্ৰীষ্মকালত। মহানগৰীত ঠাণ্ডাতকৈ গৰমৰ প্ৰাদূৰ্ভাৱ বেছি।

সন্ধিয়া মাংসৰ দোকানীজনৰো ব্যস্ততা আন দিনতকৈ বেছি। মানুহবোৰে দোকানলৈ মাংস নিবৰ বাবে আহিছে। কাৰোবাক যদি হাঁহ লাগে, কাৰোবাক লাগে কুকুৰা। কাৰণ শীতৰ এই ঠাণ্ডাত মাংস খোৱাৰ সুৱাদো সুকীয়া। সেয়েহে ইমান ভিৰ মাংসৰ দোকানতো।

২ পুহ। ১ পুহৰ পৰাই আৰম্ভ হৈছিল শীতৰ আগমন। আচলতে পহিলা পুহৰ দিনাই শীত নামিছিল ধৰালৈ। গৰম কাপোৰ কিজানি বহুতে পহিলা পুহৰ দিনাই উলিয়ালে। নহ'লে গুৱাহাটীত বহুতৰ গৰম কাপোৰ পিন্ধাই নহয়। আন বছৰতকৈ এইবাৰ যেন শীত অন্যৰূপত আহিছে। গাঁৱত সেয়া সুকীয়া। ঠাণ্ডা দিনত জুহালৰ কাষত বহি নতুন আলু পুৰি খোৱা সোৱাদ বহুতৰে জিভাত লাগি থাকে।

কিনকিনিয়া বৰষুণ। কিমান হ'ব পাৰে তাপমাত্ৰা? পাৰাস্তম্ভ ১৬ ডিগ্ৰীলৈকে কমিছিল। তাতে বৰষুণ আৰু ফিৰফিৰকৈ মাৰি থকা বতাহজাকে ঠাণ্ডাৰ প্ৰকোপ বঢ়াইছিল। মহানগৰীত এই শীতৰ ঠাণ্ডাই চুই গৈছে প্ৰতিজনকে। গাঁৱত ঠাণ্ডাৰ প্ৰকোপ আৰু বাঢ়িছে। কিয়নো মুকলি আকাশ, যান-বাহনবিহীন বাট-পথ আৰু চৌপাশৰ সেউজীয়াই শীতক আৰু গাঢ় কৰি তুলিছে।

আগতে ডিচেম্বৰ সোমালেই ঠাণ্ডা নামিছিল। মনবোৰ ঠাণ্ডাই পুলকিত কৰি তুলিছিল। সেমেকা সেই বতৰত গৰম কাপোৰৰ তলত নতুন জুহালৰ কাষত বহি বহুতে অপেক্ষা কৰিছিল পুৱাৰ কোমল ৰ'দলৈ। ঠাণ্ডাৰ বাবেই বিচনাৰ গৰম কাপোৰবোৰ এৰি আহিবলৈ ক'ত যে কষ্ট হয়। সেইবোৰতো এতিয়া স্মৃতি।

ঠায়ে ঠায়ে নৱেম্বৰৰ পৰাই ঠাণ্ডা পৰিছিল। শৰৎ যোৱাৰ পাছতেই আহে শীত। ৰাস, ভাওনা গাঁৱৰ ৰাইজে পাতে এই ঠাণ্ডাৰ বতৰতেই। শীতৰ বাবেই বহুতে অপেক্ষা কৰে। বহুতৰ বাবে ঠাণ্ডা মানেই প্ৰাণচঞ্চল জীৱনক আৰু বেছি উপভোগ্য কৰিব পৰা এক অজুহাত।

পুৱা কুঁৱলি পৰি থকা দীঘল পদূলিটোৰ দুৱৰি বনবোৰে মুকুতা হেন নিয়ৰৰ টোপালবোৰৰ সৈতে খেলি থাকে শীতত। শীতক লৈ কত যে সৃষ্টি। গীত, কবিতা, গল্প, উপন্যাস সকলোতে আছে শীতৰ বাখ্যা। শীতৰ অনুপস্থিতিত যেন পূৰ্ণ নহয় সেইবোৰৰ বৰ্ণনা।

শীত কেৱল বিলাস নহয়। শীত বহুতৰ বাবে সংগ্ৰাম হয়। সুধাকণ্ঠই গোৱাৰ দৰে-

শীতৰে সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি,
সেমেকা শীতৰে  ৰাতি
শীতৰে সেমেকা ৰাতি,
বস্ত্ৰবিহীন কোনো খেতিয়কৰ
ভাগিপৰা পঁজাটিৰ তুঁহজুই একোৰাত
উমি উমি জ্বলি থকা
ৰক্তিম যেন এটি উত্তাপ হওঁ,
ৰক্তিম যেন এটি উত্তাপ হওঁ
ৰক্তিম যেন এটি উত্তাপ হওঁ….

বাটে-পথে পৰি থকা অঘৰীজনৰ বাবে, বস্ত্ৰবিহীন সহস্ৰজনৰ বাবে শীত আশীৰ্বাদ নহয়। তেওঁলোকৰ বাবে শীত অভিশাপ। কাৰোবাৰ বাবে বিলাস হোৱা শীতেই কাঢ়ি নিয়ে পৰি থকা অনেকজনৰ প্ৰাণ। সেই বৰ্ণনা আৰু বিষাদেৰে ভৰা এই গীত।

কোনোবা বাংলা কবিয়ে লিখাৰ দৰেই শীতৰ আমেজ কবিতাতো পোৱা যায়। অন্ন-বস্ত্ৰ-বাসস্থানৰ অভাৱ নথকাজনৰ বাবে শীত উপভোগ্য-

শীত শীত করি আমরা
শীতের কষ্টও বুজি কি আমরা ।।
শীতে দিনে প্রকৃতির ধারে ,
ঘুরে আসি আমরা ।।
যাই কি আমরা কষ্টে মরে !
তোমার আমার ভাই ও বোনেরা !
শীতের দিনে গরম পিঠা খেতে ভারি মজা ।।
তার চেয়ে মজা কষ্টে তাদের পাঁশে থাকা,
আমার কাছে শীত কষ্টও শীত ই মরন
আমি চাই না শীতের ভালবাসা ।।

কিন্তু মনোৰম এই শীতৰ হাড় কঁপোৱা ঠাণ্ডাই কতজনক নিশা আন্ধাৰ হোৱাৰ লগে লগে ব্যতিব্যস্ত কৰি তোলে। সেই হিচাপ বা ৰাখে কোনে? ৰাজধানী চহৰ দিল্লীত যেতিয়া শীত নামে, তেতিয়া বহুতেই কান্দে। উত্তৰ ভাৰতত শীতেই বহুতৰ প্ৰাণ কাঢ়ি নিয়ে। দিল্লীত ২০১৭চনত ঠাণ্ডাই প্ৰাণ কাঢ়িছিল ৪৪ জনৰ। ৩০০ৰো অধিক লোকে যোৱা বৰ্ষটোত ঠাণ্ডাত প্ৰাণ হেৰুৱাব লগা হৈছিল।

ঠাণ্ডাৰ এই পৰিৱেশৰ মাজতেই ৰেল ষ্টেচন, মন্দিৰ, বাছ আস্থানলৈ যায় তেনে নিশা এক চিৰপৰিচত দৃশ্য দেখিবলৈ পোৱা যায়। ফঁটা কাগজ, পেলনীয়া সামগ্ৰী জ্বলাই চৌপাশে বহি থাকে বহু লোক। তেওঁলোকৰ হাতত গৰমত পিন্ধিবলৈ কাপোৰ নাই। ভাত কেইটাই তেওঁলোকৰ বাবে ডাঙৰ সমস্যা। গৰম কাপোৰৰ কথা চিন্তাই কৰিব নোৱাৰে।

শুক্ৰেশ্বৰ ঘাটত এতিয়া প্ৰচণ্ড ঠাণ্ডা। ফুটপাথত পৰি আছে বহু মানুহ। কোনোবাজনে ঠাণ্ডাত কঁপিছে, আন কোনোবাজনে পাতল কাপোৰ এখন লৈ টোপনি যাবলৈ চেষ্টা কৰিছে। তাৰ মাজত কণ কণ শিশু আছে। শীতৰ এই জীৱন তেওঁলোকৰ বাবে ডাঙৰ প্ৰত্যাহ্বান। এয়া মহানগৰীৰ দৃশ্য। এনে বহু ঠাই আছে য'ত শীত নামিলেই এনে কিছু মানুহ চিন্তিত হৈ পৰে।

গৰম সহিব পাৰি। কিন্তু ঠাণ্ডা সহিবলৈ টান। দিল্লী, ঝাৰখণ্ড, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড, বিহাৰ আৰু উত্তৰপ্ৰদেশত শীতকালত মৃত্যুৰ পৰা তেনে বাসগৃহ তথা বস্ত নথকা দৰিদ্ৰ লোকৰ প্ৰাণৰক্ষা কৰিবলৈ এটা সংগঠনে বিশেষ পদক্ষেপ লৈছে এইবাৰ। কিছুদিনৰ পূৰ্বে তেওঁলোকে ৰাজহুৱা আৱেদন জনাইছে। এই লোকসকলৰ প্ৰাণ শীতৰ পৰা বচাওঁ আহক শীৰ্ষক শ্ল'গানেৰে তেওঁলোক আগবাঢ়িছে। তেওঁলোকৰ সমীক্ষা অনুসৰি উত্তৰ ভাৰতৰ বিভিন্ন স্থানত প্ৰায় ৬০হাজাৰৰো অধিক লোক বস্ত্ৰবিহীনভাৱে শীত কালত মুকলি আকাশৰ তলত পৰি থাকে। সেয়েহে তেওঁলোকে এই লোকসকলৰ প্ৰতি চিন্তা কৰি ৬০ হাজাৰ ব্লেংকেট সংগ্ৰহৰ অভিযানত নামিছে। ইতিমধ্যে কেবা সহস্ৰাধিক ব্লেংকেট সংগ্ৰহ কৰি কিছু লোকক দিছেও।

ৰাইজৰ প্ৰতি এই বেচৰকাৰী সংস্থাটোৰ আহ্বান- 'HELP SAVE A LIFE, DONATE A BLANKET FOR THE HOMELESS.' তেনে অভিযানে এই ঠাণ্ডা বতৰত নিশ্চিতভাৱে বহুতৰে প্ৰাণ ৰক্ষা কৰিব। অসমতো এতিয়া ঠাণ্ডাৰ এই পৰিৱেশে এনে এক চিন্তাকে মনলৈ আনিছে। বাটে-পথে পৰি থকা ভিক্ষাৰী, আশ্ৰয়হীন, বস্ত্ৰহীন লোকসকলৰ বাবে কোনেও এনে ধৰণৰ প্ৰচেষ্টা ল'ব নোৱাৰেনে? এখনকৈ পুৰণা বা নতুন ব্লেংকেট সেই লোকসকলক যদি দিবলৈ মানুহ আগবাঢ়ি আহে, তেন্তে হয়তো মহানগৰীৰ বাটে-পথে বা আন স্থানত ঠাণ্ডাত কঁপি থকা লোকসকলে সকাহ পাব। ৰক্ষা পাব তেওঁলোকৰ প্ৰাণ।

শীত নামিছে এতিয়া। ঠাণ্ডাই আপোনাক উপভোগ্য কৰি তুলিছে। কিন্তু সমান্তৰালভাৱে অভাৱী লোকসকলক এই ঠাণ্ডাই মৃত্যুৰ মুখলৈ ঠেলি দিছে। তেন্তে শীতক কেৱল বিলাস হিচাপে লয় কিয়? প্ৰাচুৰ্য্যতাৰ মাজত মানুহৰ প্ৰতি মানুহৰ আন্তৰিকতাই যদি কাৰোবাক অলপো সুখ দিয়ে তেন্তে কৃপণালি কৰে কিয়? 'HELP SAVE A LIFE, DONATE A BLANKET FOR THE HOMELESS'ৰ দৰে আমাৰ ইয়াতো এনে এক পদক্ষেপ ল'ব নোৱাৰিনে। সেই কথা হয়তো শীতৰ এই বতৰতেই নিশ্চয় কোনোবাই ভাবিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in