নচিকেটাৰ বাবে উৰুকা আহিব কেতিয়া?

নচিকেটাৰ বাবে উৰুকা আহিব কেতিয়া?

ৰাজৰ্ষি চহৰীয়া

বহাগ বিহুৰ অনুষ্ঠানবোৰ চলি থাকোতেই গোলাঘাটৰ চিকিৎসালয়ত জন্ম হৈছিল নচিকেটাৰ। সেয়া আছিল ২০০৬চনৰ ২৬ এপ্ৰিল। বৃহৎ নদীবান্ধৰ বিৰুদ্ধে চলা তীব্ৰতৰ আন্দোলনত উত্তাল হৈ আছিল ৰাজ্য। কৃষক মুক্তিৰ নেতা অখিল গগৈ তেতিয়া ব্যস্ত লখিমপুৰ-ধেমাজিকে ধৰি ৰাজ্যবাসীক বৃহৎ নদীবান্ধৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ প্ৰতিবাদ আন্দোলনৰ বাবে সংগঠিত কৰা কামত।

তাৰ মাজতেই জন্ম হোৱা তেওঁৰ একমাত্ৰ সন্তান চিকিৎসালয়তে গুৰুতৰভাৱে অসুস্থ হৈ পৰাত সেইদিনা নচিকেটা আৰু মাতৃ গীতাশ্ৰীক লাইফ ছেভিং ছাপৰ্টত লৈ অনা হৈছিল জিএমচিএইচলৈ। তাত অপেক্ষা কৰি আছিল সেই সময়ত বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনৰ আন এক নেতা তথা বৰ্তমান বিজেপি বিধায়ক ডাঃ ৰনোজ পেগুসহ কেইজনমান শুভাকাংক্ষী।

পুৱতি নিশা চিকিৎসালয়খনত উপস্থিত হোৱা নৱজাতক সন্তান আৰু মাতৃক জৰুৰী চিকিৎসা বিভাগত প্ৰাথমিক পৰীক্ষা কৰি ভৰ্তি কৰা হৈছিল চিকিৎসালয়খনৰ প্ৰসূতী বিভাগৰ আই চি ইউত। ইয়াৰ কেইঘণ্টামানৰ পাছতহে সংগ্ৰামৰ পথাৰত থকা অখিল গগৈ আহি জিএমচিএইচত উপস্থিত হৈছিলহি।

এয়া ২০০০চনত অখিলৰ সৈতে বিয়াত বহা সেই সময়ৰ ডিআৰ কলেজৰ প্ৰবক্তা গীতাশ্ৰীৰ বাবে অস্বাভাৱিক নাছিল। কিয়নো অখিল গগৈৰ সৈতে বিয়াত বহোতেই জাতীয় সংগ্ৰামৰ নেতৃত্ব দিয়া অখিলৰ সৈতে তেওঁৰ সংসাৰ যে পৰৱৰ্তী সময়ত সংগ্ৰামৰ মাজেৰেই পাৰ কৰিব লাগিব সেই কথা মানসিকভাৱে সবল, প্ৰসৰ মেধাসম্পন্ন গীতাশ্ৰীয়ে বাৰুকৈয়ে বুজিছিল।

লাহে লাহে ডাঙৰ হৈছিল নচিকেটা। মাকৰ কোলাত থাকোতেই দীঘলীপুখুৰীৰ পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত আমৰণ অনশনত বহা অখিলক পুৱতি নিশা আৰক্ষীয়ে চোঁচৰাই নিয়াৰ দৃশ্য সি দেখিছিল। একেদৰে থৰক-বৰককৈ খোজকাঢ়িব পৰা অৱস্থাতে বিচনাত শুই থকাৰ পৰা আৰক্ষীয়ে বাপেকক চোঁচৰাই নিয়াৰ দৃশ্যও অসহায়ভাৱে সি প্ৰত্যক্ষ কৰিছিল।

পিতৃ অখিল গগৈৰ সৈতে উৰুকাৰ ভোজ খোৱা, বহাগ বিহুৰ অনুষ্ঠান চাবলৈ যোৱা অথবা খেলা-ধূলা, চিনেমা হল, বিয়া-ভাওনালৈ যোৱাৰ সৌভাগ্য নচিকেটাৰ কোনোদিনে হোৱা নাই। কোনোবা উৰুকাত যদি ডিব্ৰুগড়, লখিমপুৰ, ধুবুৰী, হাইলাকান্দি অথবা কাৰ্বি আংলঙত আন্দোলনকাৰীৰ মাজত অখিল আছে, আন কোনোবা উৰুকাত হয়তো তেওঁ আছে কাৰাগাৰত। তথাপি পিতৃক সি লগ পালেই আনন্দত আত্মহাৰা হৈ উঠে। কিয়নো বুজিব পৰা হোৱাৰ পৰাই সংগ্ৰামী পিতৃক ৰাইজৰ বাবে কিদৰে সৰ্বস্ব তেওঁ ত্যাগ কৰিব পাৰে সেয়া নচিকেটাই দেখিছে আৰু বুজিছে। যি কাৰণেই পিতৃ অখিলক অতিকৈ ভাল পোৱা, গৌৰৱ কৰা নচিকেটাই পিতৃ সন্দৰ্ভত কোনোবাই কিবা ক'লেই জ্বলি-পকি উঠে। আনকি এনে কথাত মাককো সি সহ্য নকৰে।

২০১৬চনতো পৰীক্ষা আৰু মাঘ বিহুৰ বতৰত অখিলক লৈ গৈছিল আৰক্ষীয়ে। এটাৰ পাছত এটাকৈ গোচৰ জাপি বিভিন্ন কাৰাগাৰলৈ স্থানান্তৰিত কৰা হৈছিল। এই কথাত ক্ষুব্ধ-উত্তেজিত নচিকেটাই বাৰ্ষিক পৰীক্ষাত কেইবাটাও বিষয়ৰ পৰীক্ষা দিয়াৰপৰা বিৰত আছিল। পৰীক্ষাৰ পাছতো বিদ্যালয়লৈ যাবলৈ নিবিচৰা অথচ প্ৰসৰ মেধাসম্পন্ন ল'ৰাটোক লৈ উদ্বিগ্ন হৈ পৰিছিল মাতৃ গীতাশ্ৰী। বিভিন্ন জনৰ পৰামৰ্শ বা বুজনিয়ে কাম নিদিয়াত এজন মনৰোগ চিকিৎসকৰ পৰামৰ্শ লোৱাৰ বাবে গীতাশ্ৰীয়ে লৈ গৈছিল ল'ৰাটোক । সি অৱশ্যে কাৰ ওচৰলৈ গৈছিল জনা নাছিল। বিশেষজ্ঞজনে তাক মাক আৰু দেউতাকৰ নাম সুধিছিল। মাকৰ উত্তৰ দিয়াৰ পাছত পিতৃৰ নাম কোৱাৰ পৰিৱৰ্তে সি মাকলৈ চোৱাত মাকে কৈছিল- 'মই অখিল গগৈৰ পত্নী।' মনৰোগ বিশেষজ্ঞগৰাকীয়ে তৎক্ষণাত ওলোটাই প্ৰশ্ন কৰিছিল- আপুনি ইমান শিক্ষা-দীক্ষা লৈ বিয়া পতাৰ বাবে অখিলকহে পালেগৈনে? তেওঁ হয়তো জনা নাছিল অখিলৰ শিক্ষাগত অৰ্হতা কি। কিন্তু এই কথাত জ্বলি-পকি উঠিছিল নচিকেটা। মাকক হাতত ধৰি সি কৈছিল- এই পাগলসবৰ ওচৰলৈ মোক কিয় লৈ আহিছা? সেয়াই নচিকেটা। যিয়ে পিতৃ অখিলৰ বাবে পঢ়া-শুনা সকলো ত্যাগ কৰিব পাৰে। ১৫ বছৰীয়া কংগ্ৰেছী অপশাসন, দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে ঘৰ-সংসাৰ, বৃদ্ধা মাতৃ সকলো ত্যাগ কৰি অবিৰত সংগ্ৰাম চলাই যোৱা অখিল গগৈক এই আন্দোলনৰ সুবাদতে পৰিৱৰ্তনৰ শ্ল'গান দি ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ দিনতো ২০১৭চনৰ পৰা বাৰে বাৰে গ্ৰেপ্তাৰ কৰা হৈছে।

২০১৭ৰ বছৰেকীয়া পৰীক্ষাৰ সময়তো অখিলক কাৰাৰুদ্ধ কৰি ৰখাৰ বাবে বিদ্যালয়লৈ যোৱাৰ পৰা বিৰত আছিল নচিকেটা। এইবাৰ দশমমান শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা প্ৰসৰ মেধাসম্পন্ন ল'ৰাটোৱে যোৱা ১৫টা দিনত এদিনো বিদ্যালয়লৈ যোৱা নাই। কেৱল বিদ্যালয়লৈ নোযোৱাই নহয়, অখিল গগৈক আটক কৰাৰ পাছত ঘৰত খবৰ ল'বলৈ যোৱা আত্মীয় আৰু শুভাকাংক্ষীৰ সৈতেও সি কথা পতা নাই।

জন্মৰ পৰা বিগত ১৫ বছৰত এবাৰ মাত্ৰ নচিকেটাই মাতৃৰ সৈতে অখিল গগৈৰ নিজা গাঁও যোৰহাটৰ লুখুৰাসনত উৰুকাৰ ভোজ খাবলৈ গৈছিল। গাঁৱৰ ৰাইজেও অতিকৈ মৰম কৰে অখিলৰ পৰিয়ালটোক। অখিল গগৈৰ বাবে গাঁওখনৰ সেই ৰাইজখিনিয়েই তেওঁৰ তেজৰ সম্বন্ধৰ ককাই-ভাই, বাই-ভনীৰ দৰে। সেইবাবেই পিতৃয়ে তাৰ বাবে এৰি থৈ যোৱা মাটি-ভেটিকণো সি ৰাইজক গতাই দিছে।

ৰাইজখনে প্ৰতিবাৰ আশা কৰে উৰুকাৰ ভোজ খাবলৈ পৰিয়ালসহ অখিল আহিব। টীয়কত ককাইয়েকৰ ঘৰত থকা মাকৰো আশা নাতিটোক লৈ ল'ৰাটো আহিব। এইবাৰ উৰুকাৰ আগতেই মাকৰ ওচৰলৈ যোৱাৰ কথাও আছিল অখিল গগৈৰ। কিছু পৰিমানে অসুস্থ মাতৃগৰাকীক চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ অনাৰ কথা আছিল। কিন্তু সেয়া হৈ নুঠিল।

চিকিৎসাৰ পৰিৱৰ্তে সেইগৰাকী মাতৃয়ে কাৰাৰুদ্ধ পুত্ৰৰ মুক্তিৰ দাবীত অনশনত বহিব লগা হ'ল। পুত্ৰই বিদ্যালয়ৰ শ্ৰেণী বৰ্জন কৰিয়েই প্ৰতিবাদ কৰিছে। মঙলবাৰে উৰুকাৰ দিনটোত সমগ্ৰ ৰাজ্যতে কৃষক মুক্তিৰ অন্যান্য সদস্যসকলো ভোগালীৰ ভোগ এৰি অনশনত বহিছে। অনবৰতে ৰাইজৰ মাজত থকা অখিল গগৈক কাৰাগাৰত থৈ কৃষক ৰাইজে কিদৰেনো পৰম্পৰাৰ নামত উৰুকাৰ ভোজ-ভাত খাব?

যোৱা বছৰলৈকে উৰুকা আহিলেই অসমৰ ৰাইজৰ মনত পৰিছিল কেকোৰিকুছিত মাঘ বিহুৰ উৰুকাৰ নিশা উগ্ৰপন্থীয়ে নিৰ্বিচাৰ গুলী চলাই ৪টা পৰিয়ালৰ ১৭জনকৈ সদস্যৰ দেহ থকা-সৰকা কৰাৰ শোকাৱহ ঘটনা। এইবাৰ উৰুকাত 'কা' বিৰোধী আন্দোলনৰ ৫জনকৈ কিশোৰক চৰকাৰী বিহিনীয়ে গুলীয়াই হত্যা কৰাৰ দুখে ৰাইজক বেদনাহত কৰি ৰাখিছে।

একেদৰে কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱালক এন আই এ-য়ে দীৰ্ঘদিন বন্দী কৰাৰ লক্ষ্যৰে কাৰাগাৰলৈ নিক্ষেপ কৰাৰ লগতে বিভিন্ন স্থানত আটক কৰি থোৱা সংগ্ৰামী কৃষক-যুৱক, ছাত্ৰৰ পৰিয়ালৰ মনৰ বেদনাই সমগ্ৰ ৰাজ্যবাসীকে বেদনাহত কৰি ৰাখিছে।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কক তীব্ৰ গণ আন্দোলনৰ পাছতো আইনত পৰিণত কৰি জাননী জাৰি কৰা চৰকাৰৰ কাণ্ডক লৈ সকলো ক্ষুব্ধ। ক্ষোভ, বেদনা, হতাশা বুকুত লৈ মেজিৰ জুইত কৃষক ৰাইজে তামোল-পাণ দি অগ্নিদেৱতাৰ পৰা আশীষ বিচৰাৰ সলনি 'কা'ৰ প্ৰতিলিপি দাহ কৰি জনবিৰোধী চৰকাৰৰ পতনৰ বাবে সাওপাত দিবলৈহে সাজু হৈছে। সেয়ে নহয়, চৰকাৰৰ পতন নোহোৱালৈকে প্ৰতিবাদ কৰি যোৱাৰ সংকল্পও মেজিৰ জুইৰ সন্মুখত ৰাইজে ল'ব বুলি বিভিন্ন দল-সংগঠনে ইতিমধ্যে প্ৰকাশ কৰিছে।

এইবাৰৰ উৰুকা নচিকেটাৰ বাবে যেন পূৰ্বতকৈও বেদনাদায়ক। মাহীয়েকে বিহুৰ দিনা মাকৰে সৈতে তাক লৈ যোৱা কথা আছিল তেওঁলোকৰ ঘৰলৈ।কিন্তু উৰুকাৰ উৰুঙা ঘৰখনৰ চোতালত থকা এটা কুকুৰে নিশা প্ৰায় ১০.৩০ বজাত তাক কামুৰিলে। ভোজ-ভাতৰতো কথাই নাই, ঘৰতে নিশাৰ ভাতসাজ ৰান্ধি থকা মাকৰ হাঁহাকাৰ লাগিল। অৱশেষত নিশা ১১ বজাত নিজৰ গাড়ীখনত ল'ৰাক উঠাই লৈ এটা বেজী দিয়াৰ বাবে গীতাশ্ৰীয়ে ফাৰ্মাচী আৰু ডাক্টৰ বিচাৰি ঘূৰি ফুৰিলে। পিচে তেতিয়ালৈ সকলো ফাৰ্মাচী বন্ধ। অৱশেষত জিএমচিএইচৰ জৰুৰী সেৱা বিভাগত নিশা ১১.৩০ বজাত উপস্থিত হ'লগৈ গীতাশ্ৰী। তাত যেনিবা চিকিৎসকে চাই মেলি নচিকেটাক দুটাকৈ বেজী দি ঘৰলৈ পঠিয়ালে। কুকুৰৰ বিজাণুৰ পৰা তাক মুক্ত কৰিবলৈ তিনিদিনৰ মূৰে মূৰে মুঠ ৭টা বেজি নচিকেটাক দিব লাগিব। মাতৃ গীতাশ্ৰীৰ অন্তৰখন ধৰফৰাই থাকিলেও মানসিকভাৱে তেওঁ এনেবোৰ বিপদৰ বাবে প্ৰস্তুত। সেয়ে বিব্ৰত নহৈ অকলশৰে পুত্ৰৰ প্ৰতি পিতৃয়ে পালন কৰিব লগা দায়িত্বখিনিও তেওঁ সম্পাদন কৰি নিশা প্ৰায় ১ বজাত ঘৰ সোমালহি। তেতিয়া আৰু ভাত কেইটাৰ প্ৰতি আগ্ৰহৰ পৰিৱৰ্তে ভাগৰ আৰু টোপনিয়েহে মাতৃ-সন্তান দুয়োকে হেঁচা মাৰি ধৰিছিল। এয়াই অখিল গগৈ, গীতাশ্ৰী আৰু একমাত্ৰ সন্তান নচিকেটাৰ সাংসাৰিক জীৱন। তেনেদৰেই জন্মৰ পৰা নচিকেটাই ১৫ বছৰ আৰু গীতাশ্ৰীয়ে বিবাহৰ কুৰি বছৰ পাৰ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in