১৮৪৪ত অসমৰ আকাশত উৰিছিল জাকে জাকে কাকতি ফৰিং…

১৮৪৪ত অসমৰ আকাশত উৰিছিল জাকে জাকে কাকতি ফৰিং…

মৃদুল কুমাৰ সন্দিকৈ

'এক ক'লো লেখি, দুই ক'লো দেখি, হাদৈ বোলোতে ওলাল হাৰডাল, এতিয়াহে ফৰিঙৰ মৰণ পাল।'- এদিন সকলোৰে মুখে মুখে আছিল এই বাক্যশাৰী। লক্ষ্মীনাথ বেজবৰুৱাৰ সৰৱজান নামৰ সাধুটোত উল্লেখ আছিল এই কথাখিনি।

'ফৰিং' আচলতে আছিল মানুহে সৰৱজান বুলি ভবা এজন ব্যক্তিৰ নাম। অসমীয়া সমাজজীৱনত ফৰিঙৰ প্ৰভাৱ এনেকুৱাই আছিল। মানুহৰ নামো দিয়া হৈছিল ফৰিং। আহোম ৰাজত্বকালত ফৰিঙে শস্য নষ্ট কৰা কথা উল্লেখ আছে।

বিশেষকৈ কাকতি ফৰিঙে খেতি-পথাৰ নষ্ট কৰি আহিছে বিভিন্ন সময়ত। কিন্তু সেই সময়ত সেই ফৰিংবোৰ খাবলৈ যথেষ্ট চৰাই-চিৰিকতি থকাৰ বাবে ফৰিঙৰ বংশবিস্তাৰ অত্যাধিক হোৱা নাছিল। মাজে-মধ্যে ফৰিঙৰ বৃহৎ জাক কোনোবা অচিন ঠাইৰ পৰা উৰি আহি শস্য নষ্ট কৰিছিল।

১৮৪৬ চনত সেই ফৰিঙৰ কথাই 'অৰুণোদয়' সবিস্তাৰে লিখা হৈছিল। জুন সংখ্যাৰ অৰুণোদয় ৪৪ নং পৃষ্ঠাত 'কাকতি ফৰিঙৰ কথা ' শীৰ্ষক এটা লেখাত ১৮৪৪চনৰ ২৭ জানুৱাৰীত শিৱসাগৰ অঞ্চলত কাকতি ফৰিঙৰ জাক উৰি অহাৰ কথা বৰ্ণনা কৰা হৈছিল।

আকাশ দেখিবলৈ নোপোৱাকৈ মেঘৰ নিচিনাকৈ ঢাকি বতাহৰ দিশত হুৰহুৰাই কাকতি ফৰিং উৰিছিল সেইদিনা। কাকতি ফৰিং কিয় নাম দিয়া হৈছে সেই সন্দৰ্ভতো এই লেখাটোত লিখিছিল যে- এই ফৰিঙৰ পাখি দুই তাতিত কলমেৰে লিখা নিচিনাকৈ ক'লা আঁক আছে। সেই নিমিত্তেহে মানুহে কাকতি ফৰিং বুলি কয়।

আহোম ৰাজত্ব কালত কাকতি আছিল এক পদবী। বাৰ্তা বাহক ৰূপত যিসকল লোকে কাম কৰিছিল তেওঁলোকক কাকতি বোলা হৈছিল। চিঠি পত্ৰ এই বাৰ্তা বাহকৰ জৰিয়তে আদান প্ৰদান কৰিছিল আহোম ৰজাই। সেয়েহে এই বিশেষ ফৰিং বিধক কাকতি ফৰিং বুলিছিল।

সেইদিনা শিৱসাগৰত কাকতি ফৰিঙৰ সেই জাকটো দেখি মানুহ সন্ত্ৰাসিত হৈছিল। য'ত সেই জাকটো পৰে তাত আৰু একো দেখা পোৱা নাযায়। চৌদিশে কেৱল ফৰিং আৰু ফৰিং। কেতিয়াবা ই মাটিত পৰে, কেতিয়াবা ঘৰৰ চালত।

গছতো পৰে সেই কাকতি ফৰিং। নপৰা ঠাই নাই। পথাৰত পৰিলে শস্য এফালৰ পৰা খাই শেষ কৰি যায়। সেইজাক ফৰিং তিনি দিনমান আছিল তাত। তাৰপাছত ফৰিং জাক ক'লৈ গ'ল মানুহে দেখা নাপালে।

আগৰদিনৰ বুঢ়া মেঠাই কৈছিল যে কাকতি ফৰিং ওলালে অপায়-অমংগল হয় দেশত। মানে অসম আক্ৰমণ কৰাৰ পূৰ্বে মৰাণে অসম ৰজা বিৰুদ্ধে বিদ্ৰোহ কৰাৰ সময়ত আহোম ৰাজত্ব কালত দেশত দুৰ্ভিক্ষ, ৰাজকাৰ্যত বেমেজালি সৃষ্টি হোৱা সময়তো বুলে এনেকুৱা ফৰিঙৰ জাক দেখিবলৈ পোৱা গৈছিল। ১৮৪৬চনতো মানুহে কৈছিল যে, এই ফৰিং আহিছে যেতিয়া কিবা অপায়-অমংগল হ'ব।

১৮৪৬চনতে 'অৰুণোদয়'ত কাকতি ফৰিঙৰ কথা…

সেইবাৰ পিছে একো অপায়-অমংগল নহ'ল। কিন্তু মানুহৰ এক ধাৰণা আজিও আছে- জাক জাক পাতি কাকতি ফৰিং আহিলে অমংগল নিশ্চয় হ'ব। কিয়নো এনে কাকতি ফৰিঙে বাচ-বিচাৰ নোহোৱাকৈ খাই শেষ কৰি পেলাই গছ-গছনিৰ পাত, হাজাৰ হাজাৰ বিঘা শস্য।

আগৰ দিনত ধাননি পথাৰত নানা বিধ কীট-পতংগই ধান নষ্ট কৰিছিল। সেইবোৰৰ ভিতৰত ফৰিঙে আছিল বেছি। সেই ফৰিংসমূহৰ নামো আছিল বিভিন্ন ধৰণৰ। অসমীয়া সমাজত বা কৃষিজীৱি লোকসকলৰ মাজত ফৰিং আছিল এটা চিনাকি শব্দ।

কাকতি ফৰিং, তামুলী ফৰিং, দেউ ফৰিং আদি অনেক ফৰিঙে গছত জঁপিয়াই ফুৰা দৃশ্য সৰু কালত ল'ৰা-ছোৱালীয়ে উপভোগ কৰিছিল। সেই ফৰিং এতিয়া উপভোগৰ কাৰণ হোৱা নাই। সেই ফৰিঙে ভাৰতৰ কৃষি অৰ্থনীতিত এনে এক প্ৰভাৱ পেলাইছে যে, কোৰোনাৰ মাজতে এই ফৰিং কৃষক তথা চৰকাৰৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে।

দ্য গাৰ্জেনৰ খবৰ অনুসৰি, য়ুগাণ্ডা, তাজাকিস্তান, দক্ষিণ ছুডান, ছুমাডিয়া আদি পূৱ আফ্ৰিকাৰ দেশসমূহত লাখ লাখ বিঘা কৃষি ভূমি নষ্ট কৰিছিল। তাৰপাছত আগবাঢ়ি আহি সেই ফৰিং পাকিস্তানত ধ্বংসলীলা চলায়।

পঞ্জাৱত এনেদৰেই কাহি বজাই কাকতি ফৰিং খেলাৰ চেষ্টা…

দেশখনত মাৰ্চ মাহৰ পৰাই ফৰিঙৰ উপদ্ৰৱত কৃষকৰ অৱস্থা হাহাকাৰ হৈছিল। ২০২০ৰ মে'ৰ মাজভাগত এই কাকতি ফৰিং আহি সোমাইহি ভাৰতত। পঞ্জাৱ, দিল্লী, হাৰিয়ানা, ৰাজস্থান, উত্তৰপ্ৰদেশ আদি ৰাজ্যত ইতিমধ্যে কাকতি ফৰিঙে শ শ বিঘা মাটিৰ শস্য ধ্বংস কৰি ছত্তীশগড় পাইহি।

ৰাজ্যখনৰ কাৰিয়া জিলাত দুখন গাঁৱত কৃষিভূমি সম্পূৰ্ণৰূপে ধ্বংস কৰিলে এই ফৰিঙে। মুলতঃ মৰুভূমিত থকা এই ফৰিঙৰ বংশবৃদ্ধি হয় বৰষুণৰ বতৰত। ভাৰতত মৌচুমী বতৰ চলি থকাৰ বাবে এই ফৰিঙৰ উপদ্ৰৱ ভাবিব নোৱাৰা ধৰণে বৃদ্ধি পাইছে।

কৃষি অৰ্থনীতিত কাকতি ফৰিঙে এনে প্ৰভাৱ পেলাইছে যে, কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ মাজতে ৩১ মে', ২০২০ত 'মন কী বাত'ত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাকতি ফৰিঙৰ প্ৰসংগও টানি আনিবলৈ বাধ্য হ'ল।

প্ৰধানমন্ত্ৰীয়ে কোৱা কথা কেইটাৰ ভাবাৰ্থ হ'ল- এই কাকতি ফৰিং নামৰ সৰু জীৱটোৱে কিমান প্ৰভাৱ পেলাব পাৰে সেয়া প্ৰকৃতিয়ে দেখুৱাই দিছে। কাকতি ফৰিং আহি অসম পাবহি নেকি সেই চিন্তাও বহুতৰ হৈছে।

কোনো কোনোৱে কাকতি ফৰিং অসমলৈ অহাৰ সম্ভাৱনা নাই বুলি ক'লেও এই নিশ্চিয়তাও নাই যে কাকতি ফৰিং অসম নাপাবহি। জাক বান্ধি লাখ লাখ কাকতি ফৰিং বতাহৰ দিশত উৰি আহে। এদিনত ২০০-৩০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিব পাৰে কাকতি ফৰিঙে। তেনেস্থলত কাকতি ফৰিং অসমলৈ নাহিব বুলি হাত সাৱটি বহি থকাতোও ভুল।

ৰাজস্থানৰ খেতি-পথাৰৰ শস্য এফালৰ পৰা খাই তহিলং কৰিছে কাকতি ফৰিঙে…

যিবোৰ ৰাজ্যত কাকতি ফৰিঙৰ উপদ্ৰৱ চলিছে, সেইবোৰ ৰাজ্যত ৰাসায়নিক দ্ৰব্য স্প্ৰে' কৰা হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ জৰিয়তে। পাকিস্তানত কাকতি ফৰিঙৰ উপদ্ৰৱৰ পৰা দেশখনক ৰক্ষা কৰিবলৈ এতিয়া নতুন উপায় লৈছে পাক চৰকাৰে।

অতি পুষ্টিকৰ খাদ্য হিচাপে কাকতি ফৰিং হাঁহ-কুকুৰাক খুৱাবলৈ ক্ৰয় কৰিছে বিভিন্নজনে। অৰ্থাৎ প্ৰতি কেজি কাকতি ফৰিং ২০ টকাকৈ বিক্ৰী হৈছে চুবুৰীয়া ৰাষ্ট্ৰখনত। সিন্ধ, দক্ষিণ পঞ্জাৱ আদি অঞ্চলত ইতিমধ্যে ১০লাখৰো অধিক কৃষিক্ষেত্ৰ কাকতি ফৰিঙে নষ্ট কৰিছে।

কোৰোনাৰ পাছত কাকতি ফৰিং এতিয়া দানৱ পৰাদি পৰিছে ভাৰতত। কাকতি ফৰিঙে কোনো এক শস্যভূমিত পৰিলে সেই শস্যভূমি খাই শেষ নকৰা পৰ্যন্ত উৰা নামাৰে। ৰাজস্থান, গুজৰাটত কাকতি ফৰিঙৰ বিশাল জাকক লৈ চিন্তিত হৈছে প্ৰশাসন।

সাধাৰণতে ভাৰতত বা অসমত পোৱা ফৰিঙতকৈ পূব আফ্ৰিকাৰ মৰুভূমিত থকা এই কাকতি ফৰিং কিছু পৃথক। অতি দ্ৰুতগতিত বংশবৃদ্ধি কৰিব পৰা কাকতি ফৰিঙে প্ৰতিদিনাই নিজৰ ওজনৰ সমপৰিমানৰ খাদ্য খাব পাৰে।

মানুহে কাকতি ফৰিঙক লৈ সচেতন নহ'লেও এই কৃষিভূমি নষ্ট কৰাৰ ফলাফল ৫-৬ মাহৰ ভিতৰত লাভ কৰিব। খাদ্য সংকটে দেখা দিব পাৰে। কৃষকৰ আৰ্থিক বুনিয়াদ নষ্ট কৰি দিব এই ফৰিংবোৰে। অসমীয়া 'কাকতি ফৰিং' শব্দটো বিদেশীক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। অম্বিকাগিৰী ৰায় চৌধুৰী, কমলাকান্ত ভট্টাচাৰ্যই কাকতি ফৰিং শব্দটো লেখা-মেলাত যথেষ্ট ব্যৱহাৰ কৰিছিল।

জাকে জাকে আহি দেশত সোমাইছে কাকতি ফৰিং বুলি কৈ জাতিক সকীয়াইছিল অম্বিকাগিৰী ৰায় চৌধুৰীয়ে। আনকি সুধাকন্ঠ ভূপেন হাজৰিকাৰ কালজয়ী গীততো আছে কাকতি ফৰিঙৰ কথা। ভূপেন হাজৰিকাই গাইছিল- 'আহ আহ ওলাই আহ/সজাগ জনতা/আহ আহ ওলাই আহ/পোহৰ আনোতা/ৰামৰে দেশতে থকা ৰাৱন বধোতে/যায় যায় যদি যায়/জীৱনটো যাওঁক/সন্মুখৰে সেনাপতি থমকি জিৰালে/কিনো হ'ব সেনানিয়ে ভাবিলে গুণিলে/ক'লা কাকতি ফৰিং নাশো গৈ আহ।'

কীটনাশক স্প্ৰে' কৰিছে শস্য নষ্ট কৰা কাকতি ফৰিঙৰ ওপৰত…

পতংগবিদ সকলৰ মতে এই কাকতি ফৰিঙে কোনো এক অঞ্চলত আক্ৰমণ কৰিলে সেই অঞ্চলত খাদ্য সংকটে দেখা দিয়াটো নিশ্চিত। তাতোকৈ ডাঙৰ কথা হ'ল- কাকতি ফৰিঙৰ দেহত থকা কাঁহ আৱৰণৰ বাবে ইয়াক সাধাৰণ কীটনাশকেৰে মাৰিব নোৱাৰি।

চীনৰ দৰে দেশে কাকতি ফৰিঙৰ পৰা বাচিবলৈ পথাৰত মেলি দিব লগা হৈছিল ৰাজহাঁহ। সেই কাকতি ফৰিঙে ইতিমধ্যে হাহাঁকাৰ সৃষ্টি কৰিছে উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত। ফৰিঙৰ সৈতে অসমীয়া ভাষা-সাহিত্যৰ সম্পৰ্ক দীৰ্ঘদিনীয়া। অসমীয়াত এনে কিছু শব্দৰ বাক্যাংশ আছে যিবোৰ আমি সাধাৰণতে ব্যৱহাৰ কৰো। যেনে- ফৰিং ছিটিকা, ফৰিং তালি, ফৰিং ফুটা, ফৰিঙা আদি।

বিশিষ্ট ভাষাবিদ, সাহিত্যাচাৰ্য বিশ্বেশ্বৰ হাজৰিকাই কিছুদিন কাম কৰিছিল সাংবাদিক হিচাপে। আই এ বাছ কৰি বৰপথাৰ হাইস্কুলত মাষ্টৰ হৈ কিছুদিন কাম কৰাৰ পাছত বিদ্যালয়খনৰ পৰিচালনা কমিটিৰ সভাপতিৰ সৈতে মনোমালিন্য ঘটাত তেওঁ গুচি আহিছিল গুৱাহাটীলৈ। সেই সময়ত পাণ্ডুৰ পৰা এখন আলোচনী ওলাইছিল। নাম আছিল 'শান্তিদূত'। তাত উপসম্পাদক আছিলতেওঁ।পৰৱৰ্তী সময়ত তেওঁ 'নতুন সাংবাদিক' নামৰ কাকতখনত তেওঁ যোগদান কৰিছিল। তেখেতে কাকতত সাংবাদিক ৰূপে লিখা জীৱনৰ প্রথমটো বাতৰিৰ শিৰোনাম আছিল 'বাৰমুলীয়া কাকতি ফৰিং'।

বিশ্ব সিংহই কমতাপুৰৰ ৰজা হোৱাৰ পাছত তেওঁৰ পৃষ্ঠপোষকতাত প্ৰথম দুৰ্গাপূজাৰ শোভাৰম্ভ হৈছিল। দৰং ৰাজবংশাৱলীত উল্লেখ থকা মতে, ৰজা বিশ্ব সিংহই বৰগৰখীয়া থকা সময়ত লগৰ গৰখীয়াৰে শৰত কালত দেৱী পূজা পাতো বুলি উভতাই পুতি লৈ কাকোৱা বাঁহৰ চেচুকে বলিদাৰ কৰি ফৰিং উৎসৰ্গা কৰিছিল। আৰু তেওঁ বিশ্বাস কৰিছিল- সেই অপশক্তি নাশ কৰাৰ বাবেই ৰজা হোৱাৰ বৰ লাভ কৰিছিল।

এই বিষয়ে দৰং ৰাজবংশাৱলীত উল্লেখ আছে এইদৰে- 'একধিনা শৰত কালীয়া সময়ত।/ গৰুক চাৰিয়া ফুৰে পশিয়া বনত।।/ দুৰ্গাক পূজিৱে প্ৰতি কৰিলেক মন।/ গোৰখীয়া সকলক বুলিলা বচন।।/ শুণ গোৰখীয়া সবে মোৰ আজ্ঞাধৰ।/ ফৰিংগ ধৰিয়া আনি দিওক সত্তৰ।।/ ' এনে কাহিনীও আছে যে- এবাৰ এটা গৰখীয়াই ফৰিং ধৰি আনিব নোৱাৰাৰ বাবে ছেচুৰে তাকেই কাটি ৰজাই বলি দিছিল।

মধ্যপ্ৰদেশত জাকে জাকে উৰিছে কাকতি ফৰিং, নষ্ট কৰিছে শস্য…

এনেদৰে ফৰিঙৰ বহু অতীত জড়িত হৈ আছে অসমীয়া সমাজত। সেই ফৰিঙৰ তাণ্ডৱ এতিয়া দেশত। কাকতি ফৰিঙৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ মাজতে কৃষি বিভাগে পদক্ষেপ গ্ৰহণ কৰিছে। কিয়নো দেশত জাকে জাকে কাকতি ফৰিং উৰিছে।

বিশ্বাস-অবিশ্বাস সেইবোৰ পাছৰ কথা। কিন্তু এই কাকতি ফৰিং উৰে এখন দেশৰ কৃষি অৰ্থনীতি সমলি ধ্বংস কৰি যায়।ই অশুভৰ প্ৰতীক ৰূপেই বিবেচিত হৈ আহিছে। তাতোকৈ ডাঙৰ কথা কোৰোনাৰ সমান্তৰালভাৱে চলিছে ফৰিঙৰ আক্ৰমণ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in