২০২০ৰ বাজেটত কি আছে…

২০২০ৰ বাজেটত কি আছে…

মৃদুল কুমাৰ সন্দিকৈ

সেয়া আছিল ১৯৭০-৭১চনৰ কথা। সদনত বাজেট ভাষণ আৰম্ভ কৰিছিল ইন্দিৰা গান্ধীয়ে । প্রধানমন্ত্ৰীৰ লগতে বিত্তমন্ত্ৰীৰ দায়িত্বত আছিল তেওঁ। হঠাৎ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সদনৰ সকলোকে আচৰিত কৰি ক'লে- "I'm Sorry"

সকলো আচৰিত হ'ল। কিহৰ বাবে প্ৰধানমন্ত্ৰীয়ে বাজেট দাখিল কৰি থাকোতে এনেদৰে দুখিত বুলি ক্ষমা বিচাৰিলে? সাংসদসকলে ইজনে সিজনৰ মুখলৈ চালে। আৰু কিছু সময় ৰৈ ইন্দিৰা গান্ধীয়ে বাজেট ভাষণ পঢ়ি গ'ল।তেতিয়াহে প্ৰধানমন্ত্ৰীয়ে কিয় ছ'ৰী বুলি কৈছিল তাৰ অৰ্থ বুজি পালে।

ইন্দিৰা গান্ধীয়ে কৈ গৈছিল- 'I am sorry that the smoker's pocket has to be touched once again. The duty on cigarettes is being enhanced with the increase ranging from 3 per cent to 22 per cent ad valorem depending on the value slabs. The cheaper varieties of cigarettes will go up by only one or two paise per packet of 10 cigarettes'

তেতিয়া সকলোৱে বুজিলে কিয় প্ৰধানমন্ত্ৰীয়ে এই ঘোষণা কৰাৰ আগতেই ছ'ৰী কৈ লৈছিল। দেশৰ পূৰ্ণকালীন বিত্তমন্ত্ৰী ৰূপে নিৰ্মলা সীতাৰমনে ১ ফেব্ৰুৱাৰী, ২০২০ত দাখিল কৰিলে দ্বিতীয়বাৰৰ বাবে শাসনলৈ অহা মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট।

বাজেট দাখিল কৰি থকা মুহূৰ্তত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন…

নিৰ্মলা সীতাৰমনে দাখিল কৰা বাজেটত বহু ঘোষণাই কৰা হ'ল। অসমৰ দৃষ্টিকোণেৰে এই বাজেটখনত ভাল লগা খবৰটো হ'ল দেশৰ ৫খন জিলাক পূৰাতত্ব মডেল হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ ৰখা হৈছে। তাৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে এসময়ৰ আহোম ৰাজত্ব কালৰ ৰাজধানী চহৰখনক।

নিঃসন্দেহে এই খবৰ অসমবাসীৰ বাবে এক সুখবৰ। ইয়াক বাদ দি চকুত লগাকৈ এই বাজেটত অসমে কি পালে সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব। কিছু দিনৰ পূৰ্বে বড়ো শান্তি চুক্তিত স্বাক্ষৰ কৰা হৈছিল। সেই সময়ত কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ক্ৰীড়া বিশ্ববিদ্যালয়, এইমছৰ আৰ্হিত চিকিৎসা প্ৰতিষ্ঠানকে ধৰি বিটিআৰত বহু অনুষ্ঠান-প্ৰতিষ্ঠান স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। তেনে প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত এই বাজেটত বিশেষভাৱে স্পষ্টকৈ বিত্তমন্ত্ৰীৰ ভাষণত কোনো কথাই নাথাকিল।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আশাৰ পোহৰ দেখুৱাবলৈ গৈও এই বাজেটত যে কাৰ্যত সেই আশাক প্ৰতিফলিত কৰিব পৰা নাই তেনে এক ধাৰণাই দিয়া বুলি বিৰোধীয়ে ক'ব খোজে। বাজেটত কৃষি খণ্ডক গুৰুত্ব দিছে বিত্তমন্ত্ৰীগৰাকীয়ে।

কৃষকৰ বাবে ১৬খনৰো অধিক আঁচনি ঘোষণা কৰা হৈছে এই বাজেটত। ২০২০-২১ বিত্তীয় বৰ্ষৰ সবাতোকৈ দীঘল ভাষণেৰে অভিলেখো ৰচনা কৰিলে নিৰ্মলা সীতাৰমনে। ২ঘণ্টা ৪৩ মিনিট সময় থিয় হৈ ভাষণ দিয়া নিৰ্মলা সীতাৰমন হঠাৎ ৰৈ গৈছিল ।

দিনৰ ১১ বজাৰ পৰা ভাষণ দি থকা নিৰ্মলা সীতাৰমনৰ কাষলৈ দৌৰি গৈছিল এগৰাকী মহিলা সাংসদ। বাজেটৰ ভাষণ শেষ হওঁ হওঁ হৈছিলেই। দুটা পৃষ্ঠাহে বাকী আছিল পঢ়িবলৈ। কাষত থকা ৰাজনাথ সিং, মোডীয়ে ভাষণ সামৰিবলৈ ক'লে। অধ্যক্ষ ওম বিৰলাৰ পৰা অনুমতি বিচাৰিলে নিৰ্মলা সীতাৰমনে। তাৰপাছত অধ্যক্ষৰ অনুমতি সাপেক্ষে ভাষণ সামৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে।

তাৰ পূৰ্বে তেওঁ ঘোষণা কৰি গ'ল- দেশত হ্ৰাস পাইছে দৰিদ্ৰ লোকৰ সংখ্যা, ২৭ কোটি লোক দৰিদ্ৰ সীমা ৰেখাৰ পৰা বাহিৰ হৈছে, ৪ বছৰত জিএছটিৰ জৰিয়তে কৰ সংগ্ৰহৰ পৰিমান বাঢ়িছে, যোৱা ৫ বছৰত চৰকাৰী ব্যয় ৩.৫ শতাংশ কমিছে।

এই বাজেটত পৰিবহন খণ্ডৰ আন্তঃগাঁথনিৰ বাবে মুঠ ১.৭ লাখ কোটি টকা ধাৰ্য্য কৰা হৈছে। বাজেটত কৃষকৰ আয় ২০২২ত আজিৰ পৰিমানত দুগুণ কৰাৰ লক্ষ্য লোৱা হৈছে। ২০২২-২৩ বৰ্ষৰ ভিতৰত মৎস্য উৎপাদন ২ লাখ মেট্ৰিক টনৰ লক্ষ্য লোৱা হৈছে। ভাৰতীয় ৰেলৱেত সংযোজন ঘটাব কিষাণ ৰেলৰ। যাতে কৃষক সকলে উৎপাদিত কৃষি শস্য বজাৰলৈ নিব পাৰে।

এই বাজেটত আয় আৰু ব্যয়ৰ ক্ষমতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। বিত্তমন্ত্ৰীগৰাকীৰ দাবী দ্ৰুত বিকাশৰ লক্ষ্য লোৱা হৈছে আৰু সেই বিকাশে নতুন নতুন কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব। স্বাস্থ্য খণ্ডৰ বাবে ভাল খবৰটো হ'ল- জিলা চিকিৎসালয়ৰ সৈতে চিকিৎসা মহাবিদ্যালয়সমূহক সংলগ্ন কৰাৰ সিদ্ধান্ত।

নেশ্যনেল পুলিচ আৰু ফৰেনছিক বিশ্ববিদ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতি দিলে বিত্তমন্ত্ৰীগৰাকীয়ে। দেশৰ পৰ্যটন ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে এই বাজেটত ধাৰ্য্য কৰা হৈছে ২৫০০ কোটি টকা। স্বচ্ছ ভাৰত মিছনৰ বাবে বাজেটত ধাৰ্য কৰা ধন ১২,৩০০ কোটি টকা। জলজীৱন প্ৰকল্পৰ বাবেও এই বাজেটত ৩.৬ লাখ কোটি টকা ধাৰ্য কৰা হৈছে।

এই বাজেটত স্বাস্থ্য খণ্ডৰ বাবে ধাৰ্য কৰা মুঠ ধনৰ পৰিমান ৬৯ হাজাৰ কোটি। শিক্ষাখণ্ডৰ বাবে ধাৰ্য কৰা ধন ৯৯৩০০ কোটি টকা। যি সময়ত দেশৰ অৰ্থনীতি বিপদস্থ হৈছে বুলি চৰ্চা হৈছিল, সেই সময়ত বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে- মজবুত হৈ আছে দেশৰ অৰ্থনীতি।

জিএছটিক এই অৰ্থ ব্যৱস্থাৰ অন্যতম সংস্কাৰৰ পদক্ষেপ বুলি আখ্যা দিলে বিত্তমন্ত্ৰীগৰাকীয়ে। ভাষণৰ মাজতে তেওঁ মাতিলে কবিতা। কাশ্মীৰী কবিতা গুণ গুণালে বিত্তমন্ত্ৰীগৰাকীয়ে-

'हमारा वतन खिलते हुए शालीमार बाग जैसा
हमारा वतन डल लेक में खिलते हुए कमल जैसा
हमारा वतन नौजवानों के गरम खून जैसा
मेरा वतन, तेरा वतन, हमारा वतन
दुनिया का सबसे प्यारा वतन'

আয়কৰ প্ৰদানৰ ক্ষেত্ৰতো পৰিৱৰ্তন আনিলে এই বাজেটত। সেই অনুসৰি তেওঁ ঘোষণা কৰিলে ৫ লাখ টকালৈকে উপাৰ্জন কৰা সকলে দিব নালাগে আয়কৰ। সেই ঘোষণাৰ সাৰাংশ আছিল এনেধৰণৰ-

  • ৫-৭.৫ লাখ টকাৰ ভিতৰত উপাৰ্জনকাৰীসকলে দিব লাগিব ১০ শতাংশ আয়কৰ।
  • পূৰ্বে ইয়াৰ পৰিমাণ আছিল ২০ শতাংশ।
  • আনহাতে ৭.৫-১০ লাখ টকা উপাৰ্জনকাৰীসকলে ১৫ শতাংশ কৰ দিব লাগিব।
  • পূৰ্বে ইয়াৰ পৰিমাণ আছিল ২০ শতাংশ।
  • আনহাতে ১০-১২ লাখ টকা উপাৰ্জন কাৰীসকলে দিব লাগিব ২০ শতাংশ আয়কৰ।
  • পূৰ্বে ইয়াৰ পৰিমাণ আছিল ৩০ শতাংশ।
  • ১২-১৫ লাখ টকা উপৰ্জন কৰাসকলে ২৫ শতাংশ আয়কৰ দিব লাগিব।
  • পূৰ্বে ইয়াৰ পৰিমাণ আছিল ৩০ শতাংশ।
  • ১৫ লাখৰ অধিক টকা উপাৰ্জনকাৰীসকলে ৩০ শতাংশ আয়কৰ ভৰিব লাগিব বুলি উল্লেখ বাজেটত।

দীৰ্ঘতম বাজেট ভাষণ প্ৰদান কৰা নিৰ্মলা সীতাৰমনে বাজেট ভাষণত সৰ্বাধিক ব্যৱহাৰ কৰা শব্দটো আছিল টেক্স অৰ্থাৎ কৰ। মুঠ ১৩২বাৰ তেওঁ এই শব্দটো ব্যৱহাৰ কৰিছিল। তেনেকৈ ৮৩ বাৰ 'চৰকাৰ', ৭২বাৰ 'ভাৰত', ৫৪ বাৰ 'ৰাষ্ট্ৰ'ৰ নাম উল্লেখ কৰিছিল। এই বাজেট ভাষণত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম তেওঁ উল্লেখ কৰিছিল ৪ বাৰ।

বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে কোনটো শব্দ কেইবাৰকৈ উচ্চাৰণ কৰিছিল…

তেওঁৰ ভাষণত আছিল মুঠ ১৩,৩৩১টা শব্দ। ৪৫ পৃষ্ঠাৰ এই বাজেট ভাষণত তেওঁ ঘোষণা কৰা আন উল্লেখযোগ্য ঘোষণা সমূহৰ ভিতৰত আছে-

  • অচিৰেই নতুন শিক্ষানীতি গ্ৰহণৰ প্ৰস্তাৱ। ষ্টাডী ইন ইণ্ডিয়া আঁচনি গ্ৰহণৰ লগতে দৰিদ্ৰ শিক্ষাৰ্থীক ডিজিটেল শিক্ষাৰ লগতে ছাত্ৰ বৃত্তি প্ৰদানৰ ঘোষণা।
  • অসমৰ শিৱসাগৰ জিলা পুৰাতত্ব ম'ডেলত অন্তৰ্ভূক্ত। লগতে এটা উন্নত মানৰ সংগ্ৰাহলয় নিৰ্মাণৰ প্ৰস্তাৱ।
  • দেশৰ প্ৰতিখন থানা ডিজিটেল কৰণৰ প্ৰস্তাৱ ২০২০-২১ বিত্তীয় বৰ্ষৰ বাজেটত।
  • ২০২৫ চনৰ ভিতৰত দেশত ১০০টা নতুন বিমান বন্দৰ স্থাপন কৰাৰ প্ৰস্তাৱ ল'লে বাজেটত। লগতে ৫৫০ টা ৰে'ল ষ্টেছনত ৱাই ফাইৰ ব্যৱস্থা কৰা হ'ব বুলিও উল্লেখ বাজেটত।
  • দেশৰ স্বাস্থ্য খণ্ডৰ বাবে ৬৯ হাজাৰ কোটি টকা আৱণ্টন বাজেটত। ২০২৫ চনৰ ভিতৰত যক্ষ্মা মুক্ত ভাৰত গঢ়াৰ লক্ষ্য।
  • ২০ লাখ কৃষকক সৌৰ চালিত পাম্প প্ৰদান কৰাৰ লগতে বিভিন্ন উৎপাদিত সামগ্ৰী বিদেশলৈ ৰপ্তানীৰ বাবে বিশেষ ৰে'ল আৰু বিমান সেৱাৰ ঘোষণা।
  • দেশৰ প্ৰতিটো অংগনবাড়ী কেন্দ্ৰ ডিজিটেলকৰণ কৰাৰ লগতে দেশৰ ৬ লাখ অংগনবাড়ী কৰ্মীক প্ৰদান কৰা হ'ব স্মাৰ্টফোন।
  • ২০২০-২১ বৰ্ষৰ বাজেটত জিডিপিৰ হাৰ ১০ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য ৰাখিছে চৰকাৰে। ২০২০-২১ বৰ্ষত চৰকাৰী খৰছৰ পৰিমাণ ৩০.৪২ লাখ কোটি হ'ব বুলি বাজেটত নিৰ্ধাৰণ।
  • আনহাতে যুৱ শক্তিক লৈও বিশেষ ঘোষণা বাজেটত। কৌশল বিকাশৰ বাবে বাজেটত ৩০০০ কোটি টকাৰ আৱণ্টন কৰিছে চৰকাৰে।
  • মধ্যবিত্তৰ বাবেও সুখবৰ আনিলে বাজেটে। পূৰ্বতকৈ কৰৰ হাৰ হ্ৰাস কৰিছে চৰকাৰে। ৫ লাখ টকা উপাৰ্জন কৰাস কলে এতিয়া দিব নালাগে কোনো কৰ।

এই বাজেটত প্ৰতিৰক্ষা খণ্ডৰ বাবে ধাৰ্য কৰা ধনৰ পৰিমান ৩.৩৭ লাখ কোটি টকা। মন কৰিব লগা বিষয়টো হ'ল যে এই বাজেট ভাষণত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কোনো নিৰ্দিষ্ট আৰ্থিক পেকেজ বা আন ঘোষণা নাছিল। ৰেলৱে খণ্ডৰ প্ৰতিও এই বাজেটে আশাৰ বতৰা কঢ়িয়াই অনা বুলি ক'ব নোৱাৰি।

১৫০খন ৰেল ব্যক্তিগত খণ্ডক চমজাই দিয়াৰ সিদ্ধান্ত, ২৭ হাজাৰ কিলোমিটাৰ ৰেল পথ বৈদ্যুতিকৰণ, ৫শতাধিক ৰেল ষ্টেচনত ৱাই-ফাই সংযোগ আদি ঘোষণা কৰিলে। পূৰ্বতে ৰেলৰ বাজেট পৃথককৈ দিয়া হৈছিল যদিও একেখন বাজেটতে ৰেল বাজেট সামৰি লাভত চলি থকা ৰেল বিভাগৰ দায়িত্ব লাহে লাহে ব্যক্তিগত খণ্ডক গতাই দিয়াৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়ি গ'ল এই চৰকাৰ।

ক'অপাৰেট খণ্ডও এই বাজেটক লৈ সুখী যেন অনুভৱ নহয়। বাজেট দাখিল কৰাৰ পাছতেই শ্বেয়াৰ বজাৰত নিম্নগামী হোৱা পৰিলক্ষিত হয়। শিক্ষাৰ ক্ষেত্ৰলৈ এই বাজেটে দিয়া সুখবৰৰ ভিতৰত ২খন নতুন বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱ। তাৰে এখন ৰাষ্ট্ৰীয় পুলিচ বিশ্ববিদ্যালয় আৰু আনখন ৰাষ্ট্ৰীয় ন্যায়িক বিশ্ববিদ্যালয়।

বাজেটত প্ৰস্তাৱিত আয়কৰৰ সীমা…

৯৯,৩০০ কোটি টকা ধাৰ্য কৰা হৈছে এই বাজেটত শিক্ষাখণ্ডৰ বাবে। আৰু শিক্ষাখণ্ডৰ সন্দৰ্ভত বাজেট ভাষণত থকা উল্লেখযোগ্য ঘোষণা সমূহৰ ভিতৰত-

  • পিপিপি মডেলত মেডিকেল কলেজ স্থাপনৰ প্ৰস্তাৱ।
  • শিক্ষাখণ্ডত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰস্তাৱ।
  • ডিপ্লমা পাঠ্যক্ৰমৰ বাবে নতুন প্ৰতিষ্ঠান স্থাপনৰ প্ৰস্তাৱ।
  • শিক্ষাৰ পৰা বঞ্চিত হোৱা সকলৰ বাবে অনলাইন স্নাতক পাঠ্যক্ৰমৰ ব্যৱস্থা।
  • দক্ষতা বিকাশৰ বাবে ৩ হাজাৰ কোটি টকা ব্যয়ৰ প্ৰস্তাৱ।
  • নেশ্যনেল ৰিকোৱাৰ্মেন্ট এজেঞ্চী স্থাপনৰ প্ৰস্তাৱ আদি উল্লেখযোগ্য।

ক'অপাৰেট খণ্ডৰ বাবে কৰা ঘোষণা সমূহৰ ভিতৰত এই বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে ক'লে- দেশৰ সকলোতকৈ ডাঙৰ বীমা প্ৰতিষ্ঠান এল আই চি থকা চৰকাৰী অংশ বিক্ৰী কৰাৰ সিদ্ধান্ত, আই ডি বি আই বেংকত থকা অংশও বিক্ৰী কৰাৰ ঘোষণা। লক্ষণীয় যে, আই ডি বি আই বেংকত চৰকাৰৰ অংশীদাৰত্ব অংশ ৪৬.৪৬ শতাংশ আছিল।

বিত্তমন্ত্ৰীয়ে বাজেট দাখিল কৰাৰ দিনাই শ্বেয়াৰ মাৰ্কেটৰ পৰা নাহিল ভাল খবৰ। শাসকীয় পক্ষই এই বাজেটক প্ৰশংসা কৰিলেও কাৰ্যত সেই খবৰ শ্বেয়াৰ মাৰ্কেটে নিদিলে। এই বাজেটক লৈ শ্বেয়াৰ বজাৰ যে সুখী নহয় সেই কথাই প্ৰতিফলিত হ'ল।শ্বেয়াৰ মাৰ্কেটত ছেনছেক্স নিম্নগামী হ'ল ৯৮৭.৯২ সংখ্যক। ২.৪৩ শতাংশ নিম্নগামী হৈ দিনটোত ছেনছেক্স ৰ'লগৈ ৩৯,৭৩৫.৫৩ত। নিফটীও ৩১৮.৩০ সংখ্যক কমি ১১,৬৪৩,৮০ত ৰ'লহি।

এই বাজেটৰ পাছত মূল্যবৃ্দ্ধি হ'ব যান-বাহনৰ সা-সামগ্ৰী, চিকিৎসাৰ সা-সামগ্ৰী, ফাৰ্ণিচাৰ, জোতা-চেণ্ডেল, মবাইল, পানীৰ ফিল্টাৰ, মিক্সাৰ, ধপাতজাতীয় সামগ্ৰী, কাঁচৰ সামগ্ৰী, ফেন আদিৰ। ইফালে, দাম কমিব চেনী, প্লাষ্টিকৰ সামগ্ৰী, পেকেট গাখীৰ, টেলিভিছন, ছলাৰ বেটাৰী, নিউজ প্ৰিন্ট, প্লাষ্টিকৰ চকী, চয়া প্ৰটীন আদি।

বাজেটৰ পাছত কি কি সামগ্ৰীৰ মূল্য বাঢ়িল আৰু কমিল…

ভাৰতৰ অৰ্থনীতি মুলত গ্ৰাম্য অৰ্থনীতিৰ ওপৰত নিৰ্ভলৰশীল। গ্ৰাম্য অৰ্থনীতি সবলীকৰণ আৰু ইয়াৰ উন্নয়নৰ বাবে চৰকাৰে এই বাজেটত ধন হ্ৰাস কৰাহে পৰিলক্ষিত হ'ল। বাজেটত তাৰ বিপৰীতে ৫খন নতুন স্মাৰ্ট চিটীৰ প্ৰস্তাৱ, উদ্যোগ আৰু বাণিজ্যখণ্ডৰ প্ৰমছ'নৰ বাবে ২৭,৩০০ কোটি টকা, নেশ্যনেল লজিষ্টিক পলিচিৰ প্ৰস্তাৱ, পুৰণি মিটাৰবোৰৰ সলনি স্মাৰ্ট প্ৰিণ্টেড মিটাৰ সংযোগ, শক্তিখণ্ডৰ বাবে ২২ হাজাৰ কোটি টকাৰ প্ৰস্তাৱ, ডাটা ষ্টেন্টাৰত পাৰ্ক স্থাপন, গাঁওসমূহত নেট যোগানৰ অৰ্থে ৬হাজাৰ কোটি টকাৰ প্ৰস্তাৱ, মহিলাৰ বাবে ২৮,৬০০ কোটি টকাৰ প্ৰস্তাৱ, ইণ্ডিয়ান ইনষ্টিটিউট অৱ হেৰিটেজ এণ্ড কালছাৰ স্থাপনৰ প্ৰস্তাৱ, ঝাৰখণ্ডৰ ৰাঞ্চিত জনজাতিৰ যাদুঘৰ স্থাপনৰ প্ৰস্তাৱ, পিএফআৰবিআইৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিক ইউনিভাৰ্ছেল পেঞ্চনেৰে সামৰি লোৱাৰ প্ৰস্তাৱ, SARFESI আইনৰ সংশোধনৰ প্ৰস্তাৱ, জিএছটিৰ জৰিয়তে নতুনকৈ প্ৰায় ৬০ লাখ কৰ দাতাই কৰ দিয়া বুলি দাবী কৰি জিএছটি প্ৰক্ৰিয়া সবলীকৰণ কৰাৰ কথাও ক'লে বিত্তমন্ত্ৰীগৰাকীয়ে।

বাজেট দাখিলৰ পূৰ্বে দাখিল কৰা পাকবাজেট অৰ্থনীতি সমীক্ষাই দেশৰ অৰ্থনীতিৰ স্বৰূপ উদঙাই দিছিল। দেশৰ বিত্তীয় ঘাটি ১৩২.৪ শতাংশলৈ বৃদ্ধি হোৱাতো, পূৰ্বৰ বিত্তীয় বৰ্ষত নিৰ্ধাৰিত কৰা জিডিপি ৭ শতাংশৰ পৰা নামি ৫ শতাংশ হোৱাতো আছিল চিন্তনীয়।

৪.৮ শতাংশ মুঠ ঘৰুৱা উৎপাদন অৰ্থাৎ জিডিপিৰে প্রধানমন্ত্ৰী মোডীয়ে দেখা ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ সপোন কেনেকৈ পূৰণ হ'ব সেয়া সময়ে ক'ব। পৰৱৰ্তী ৫ বছৰত ১০ শতাংশ বিকাশৰ লক্ষ্যৰে প্ৰথমখন বাজেট দাখিল কৰা নিৰ্মলা সীতাৰমনৰ দ্বিতীয় কাৰ্যকালৰ এই বাজেটত তেনে কোনো সুনিশ্চিত লক্ষ্য অৱশ্যে দেখা পোৱা নগ'ল।

জিএছটি সংগ্ৰহতে ৫০হাজাৰ কোটি টকা ঘাটি, দেশৰ অৰ্থনীতিৰ বুনিয়াদ খহি পৰাৰ পাছত কেৱল প্ৰতিশ্ৰুতি আৰু প্ৰস্তাৱে দেশৰ বিকাশক কোন ফালে নিব, নিবনুৱা সমস্যা কেনেদৰে হ্ৰাস হ'ব তাৰ উত্তৰ কিন্তু বাজেটত প্ৰতিফলিত নহ'ল।

নতুন বিত্তীয় বৰ্ষতো জিডিপি হাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা ক্ষীণ। সেয়া কোনো পদ্ধেই হাতৰ কাষ নাচাপে বুলি অৰ্থনীতিবিদ সকলে ঘোষণা কৰিছে। বাজেট দাখিলৰ পূৰ্বে দিয়া অৰ্থনীতি সমীক্ষাতো তেনে ইংগিতেই দিয়া হৈছিল।

উল্লেখযোগ্য যে, ২০১৮-১৯ বৰ্ষত বাজেট অনুকূলনৰ ভিত্তিত বিত্তীয় ঘাটিৰ পৰিমান আছিল ১১২.৪ শতাংশ। হ্ৰাস পাইছে ৰাজহ সংগ্ৰহ। বেচৰকাৰী বিনিয়োগ ভবাৰ দৰে বৃদ্ধি হোৱা নাই। চৰকাৰে ৰাজ সাহায্য হ্ৰাস কৰাৰ চিন্তা চৰ্চা ইতিমধ্যে কৰিছে।

তেনেবোৰ দৃষ্টিভংগীৰে চলিত বৰ্ষৰ বাজেটখনক লৈ বহুতে কোনো আশাৰ পোহৰ দেখা পোৱা নাই বুলি মন্তব্য কৰিছে। কৃষিখণ্ডৰ বাবে এই বাজেটত আৱন্টন কৰা ধনৰ পৰিমান ২.৮৩ লাখ কোটি টকা। ১ লাখ গাঁৱৰ পঞ্চায়তত সংযোগ হ'ব অপটিকেল ফাইবাৰ। বেংকত জমা থোৱা ধনৰ বীমা ১ লাখৰ পৰা ৫ লাখ টকা কৰা হৈছে। এই বাজেটৰ লক্ষ্য আছিল- 'Aspirational India, Economic development, A Caring Society.'

বিৰোধীয়ে এই বাজেটক অন্তহাৰশূন্য আখ্যা দিছে। কিন্তু এই বাজেটে দেশৰ অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাব বুলি আশাবাদী শাসক পক্ষ। এই বাজেটৰ এক টকাৰ ২০ পইচা ব্যয় হ'ব ৰাজ্য চৰকাৰৰ কৰৰ বাবদ দিব লগা অংকৰ বাদত, ১৮ পইচা ব্যয় হ'ব সুদত, ১৩ পইচা ব্যয় হ'ব কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহত, ৮ পইচা ব্যয় হ'ব প্ৰতিৰক্ষাত, ৬ পইচা ব্যয় হ'ব ৰাজসাহায্য, ৬ পইচা ব্যয় হ'ব পেঞ্চনত আৰু ৯ পইচা ব্যয় হ'ব কেন্দ্ৰীয় চৰকাৰে স্পন্সৰ কৰা আঁচনি সমূহত আৰু ১০ পইচা অন্যান্যত।

বাজেটৰ বাবে আহিব লগা ধনৰ ১ টকাৰ ১৮ পইচা আহিব ক'অপাৰেশ্যন টেক্স, ১৭ পইচা আয়কৰ, ৪ পইচা আহিব শুল্কৰ, ৭ পইচা আহিব কেন্দ্ৰীয় আবকাৰী কৰৰ পৰা, ১৮ পইচা আহিব জি এছ টি আৰু অন্যান্য টেক্সৰ পৰা, ১০ পইচা আহিব কৰবিহীন ৰাজহৰ পৰা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in