কিতাপ এতিয়া বিতৰ্কৰ নে লিখকৰ?

কিতাপ এতিয়া বিতৰ্কৰ নে লিখকৰ?

মৃদুল কুমাৰ সন্দিকৈ

কিতাপে মানুহৰ চকু মেল খোৱায়। জ্ঞানৰ অন্বেষণৰ মূল আধাৰ এদিন কিতাপ আছিল। কিতাপক লৈ ল'ৰা ধেমালি বা কিতাপৰ জৰিয়তে পাঠকক প্ৰবঞ্চনা কৰাতো কোনো এক ভাষা বা জাতিৰ বাবে শুভলক্ষণ নহয়।

এতিয়া গ্ৰন্থৰ বতৰ। ন-পুৰণি বহু লিখকৰ কিতাপেৰে গ্ৰন্থমেলা ভৰি পৰিছে। ৰুচি অনুসৰি পাঠকে নিজৰ প্ৰয়োজনীয় গ্ৰন্থ ক্ৰয় কৰে। তাৰ মাজতে কিছু গ্ৰন্থক লৈ হোৱা চৰ্চাই পাঠকৰ সেই গ্ৰন্থখনৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰে। এই চৰ্চা যদিও ইতিবাচক কিন্তু প্ৰক্ষেপিত আৰু উদ্দেশ্যে প্ৰণোদিত চৰ্চাই পাঠক-লিখক কাৰোৱেই উপকাৰ সাধিব নোৱাৰে।

অসমীয়া গ্ৰন্থৰ এক দীঘলীয়া ইতিহাস আছে। অসমীয়া সাহিত্যত এনে কিছু গ্ৰন্থ আছে, যিবোৰৰ আদৰ পাঠকৰ ওচৰত দীৰ্ঘদিন ধৰি আছে আৰু থাকিব। ইয়াৰ বিপৰীতে বহু গ্ৰন্থই হৈ-চৈৰ সৃষ্টি কৰিলেও তাৰ প্ৰয়োজনীয়তা কেইটামান দিনৰ ভিতৰতে শেষ হৈ যায়।

গ্ৰন্থমেলাৰ বতৰত তেনে গ্ৰন্থৰ প্ৰভাৱ বাঢ়ে। এচাম তথাকথিত লিখকে কিতাপ লিখাটো সাধাৰণ কথা বুলি জ্ঞান কৰে। এই তথাকথিত লিখক শ্ৰেণীটোৱে বিতৰ্ক সৃষ্টিৰ বাবে যিকোনো কাম কৰিব পাৰে। সেই বিতৰ্কৰ বেষ্টনীত কিতাপৰ এখন ভাল বজাৰ গঢ়ি তুলিলেও এই সংস্কৃতিয়ে পাঠকৰ মাজত ভৱিষ্যতৰ বাবে এক বেয়া প্ৰভাৱ থৈ যায়।

যিকোনো ধৰ্মাৱলম্বী লোকক সন্মান কৰা আৰু তেওঁলোকৰ ধৰ্মীয় গ্ৰন্থক সন্মান জনোৱাটো ভাৰতীয় সভ্যতা-সংস্কৃতিৰ পৰিচায়ক। সেই সভ্যতা-সংস্কৃতিৰ পৰা ফালৰি কাটি কাৰোবাৰ ধৰ্মীয় গ্ৰন্থৰ কলংকিত কথাবোৰ লিখা তথাকথিত লিখকসকলে এই কথাবোৰ লিখিবৰ বাবে গ্ৰন্থক এক মাধ্যম হিচাপে বাচি লৈ পৰিকল্পিতভাৱে চলোৱা প্ৰচাৰ বা অপপ্ৰচাৰে গ্ৰন্থৰ প্ৰতি মানুহৰ সামূহিক দৃষ্টিত এক প্ৰশ্নবোধক চিন থৈ যায়।

ভাল কিতাপবোৰৰ চৰ্চা যিদৰে হ'ব লাগে, তাৰ তুলনাত এতিয়া বিতৰ্কিত বিষয়ৰ কিতাপৰ চৰ্চা অধিক হয়। আনকি বৌদ্ধিক সন্ত্ৰাস চলোৱা বুলি কিতাপৰ শিৰোনাম দি তেনে গ্ৰন্থতেই বৌদ্ধিক সন্ত্ৰাস নহয়, বৌদ্ধিক অতপালি চলোৱাৰো উদাহৰণ আছে।

এনে কিছু গ্ৰন্থ হাতত লৈ পঢ়াৰ অন্তত এটা কথাই ক'ব পাৰি কিতাপক লৈ বা বৌদ্ধিক চৰ্চাক লৈ ইমান খৰখেদা আৰু ল'ৰা ধেমালি শুভ লক্ষণ নহয়। বিতৰ্কৰ সূত্ৰপাত কৰিবলৈয়ে লিখা কথাবোৰ যুক্তি সহকাৰে আৰু তথ্যগতভাৱে উপস্থাপন কৰাতেই লিখকৰ দায়িত্ব শেষ বুলি ধৰিব নোৱাৰি।

পাঠকে পতিয়ন যাব পৰাকৈ কোনো এক বিতৰ্কিত বিষয় এজন ভাল লিখকে পাঠকৰ বিবেচনাৰ্থে দাঙি ধৰিব পাৰে। সেই ধাৰা এজন প্ৰকৃত লিখকে ৰক্ষা কৰে। কিবা এটা লিখি দিলেই এখন কিতাপ হয়নে? এদিন শংকৰ বিভ্ৰাট নামৰ এখন গ্ৰন্থক লৈ যথেষ্ট চৰ্চা হৈছিল। কিন্তু সময়ৰ সোঁতত সেই গ্ৰন্থৰ লগতে গ্ৰন্থখনৰ লিখকো হেৰাই গ'ল।

এতিয়া বহু কিতাপ প্ৰকাশ হয়। সেয়া শুভ লক্ষণ। কিন্তু অসমীয়া কিতাপ আৰু অসমীয়া চিনেমাৰ মাজত যেন এক সামাঞ্জস্য আছে। অসমীয়া চিনেমা, ভিচিডি এদিন এনেদৰে নিৰ্মাণ কৰা হৈছিল যে যাৰ ইচ্ছা তেওঁৱে চিনেমা বা ভিচিডি নিৰ্মাণত হাত দিছিল।

চিনেমা চাবলৈ ছবিগৃহলৈ দৰ্শক গৈ 'এয়া কি চিনেমা' বুলি চৰম বিতুষ্টিৰে হল এৰি ওলাই আহিছিল। লাহে লাহে সেই পৰিস্থিতি এনে পৰ্যায় পালেগৈ যে অসমীয়া চিনেমা চাবলৈকে মানুহ নোযোৱা হ'ল। তেনেদৰে বহু সময় পাৰ হোৱাৰ পাছত দুই-এখন চিনেমাই পুনৰ অসমীয়া দৰ্শকক চিনেমাৰ প্ৰতি আকৰ্ষিত কৰাৰ পৰিৱেশ গঢ়ি তুলিছে।

অসমীয়া কিতাপৰ ক্ষেত্ৰতো এতিয়া এইধৰণৰ কথাই খাটে নেকি? অভিযোগ উঠে- অসমীয়া কিতাপ অসমীয়া পাঠকে নপঢ়ে। অৰ্থাৎ অসমীয়া কিতাপৰ সংখ্যা কমিছে। এখন কিতাপৰ প্ৰচাৰ হ'ব লাগে। কিন্তু অপপ্ৰচাৰৰ আশ্ৰয় লৈ অযথা বিতৰ্কৰ সৃষ্টিৰে পাঠকক এখন কিতাপৰ প্ৰতি দুদিনৰ বাবে আকৰ্ষিত কৰিব পাৰিলেও, সেই কিতাপ পঢ়াৰ পাছত হোৱা মোহভংগই পাঠকক আন অসমীয়া কিতাপৰ প্ৰতি বিৰক্ত নকৰিব নে?

অসমীয়া সাহিত্যত বহু ভাল গ্ৰন্থ প্ৰকাশ হৈছে। নতুন নতুন বহু লিখকে ন ন চিন্তাৰে এই সৃষ্টিৰ সাধনাত গল্প-উপন্যাস, প্ৰবন্ধ বা আন বিষয়ক গ্ৰন্থ পাঠকৰ বাবে আগবঢ়াইছে। পুৰণি লিখকসকলেও সেই ধাৰাবাহিকতা পূৰ্বৰ দৰে অটুট ৰাখিব নোৱাৰিলেও, এখন ভাল গ্ৰন্থ পাঠকক দিয়াৰ বাবে বহু লিখকে যথেষ্ট পৰিশ্ৰম কৰে।

যদি অসমীয়া গ্ৰন্থৰ প্ৰতি এনে অনীহাৰ দিনত নতুন গ্ৰন্থৰ নামত বজৰুৱা আৰু কোনো চিন্তাৰ উদ্বেগ ঘটাব নোৱাৰা সস্তীয়া প্ৰচাৰধৰ্মী কিতাপে পাঠকক বিতুষ্ট কৰে, তেন্তে অসমীয়া চিনেমাৰ দৰেই অসমীয়া গ্ৰন্থৰো অৱস্থা নহ'বনে?

এই ক্ষেত্ৰত সংবাদমাধ্যম বা আন মাধ্যমসমূহৰো এক দায়িত্বশীল ভূমিকা থাকে। পাঠকসকলেও এখন গ্ৰন্থ অধ্যয়ন কৰাৰ পাছত তাৰ সঠিক বিচাৰ-বিশ্লেষণ ছ'চিয়েল মিডিয়াৰ জৰিয়তে মুকলিভাৱে কৰাৰ সুযোগ আছে। সেই সুযোগ পাঠকসকলে গ্ৰহণ কৰিব লাগে।

এনে অভিযোগো উত্থাপন হয় যে, গ্ৰন্থৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সংবাদমাধ্যমে পূৰ্বৰ দৰেই এতিয়া ভূমিকা পালন নকৰে। যি দুই-এক খবৰ এই মাধ্যমসমূহত প্ৰচাৰ হয় সেই খবৰত 'চনচনী' ধৰ্মী ব্ৰেকিং নিউজৰ প্ৰয়োভৰ বা বিতৰ্কৰ সূচনা কৰিব পৰা সুযোগ থাকিব লাগিব।

এখন ভাল কিতাপ…

নহ'লেনো এখন গ্ৰন্থ নপঢ়াকৈ বা এখন গ্ৰন্থৰ ভিতৰত কি আছে নজনাকৈ এই প্ৰচাৰ মাধ্যমসমূহত হৈ-চৈ সৃষ্টিৰ নামত পাঠকক বিপথে পৰিচালিত কৰাৰ চেষ্টা বা প্ৰতিযোগিতা চলেনে? কিছু দিনৰ পূৰ্বে 'স্বৰাজোত্তৰ অসম' নামৰ এখন গ্ৰন্থ উন্মোচন হৈছিল। ইংৰাজী আৰু অসমীয়া দুই ভাষাতে প্ৰকাশ হোৱা এই গ্ৰন্থখনত অসমৰ যথেষ্টবোৰ বিষয় সামৰি লোৱা হৈছে।

১৯৪৭চনৰ পৰা ২০১৯চনলৈকে ৰাজ্যখনৰ প্ৰায়বোৰ ঘটনা প্ৰবাহ এই গ্ৰন্থখনত স্থান দিছে লিখক মৃণাল তালুকদাৰ আৰু কিশোৰ কুমাৰ কলিতাই। ১৯৫০ চনৰ বিধ্বংসী বৰ ভূইকঁপৰ বিস্তৃত খতিয়ান, স্বৰাজোত্তৰ উত্তৰ-পূবৰ যাতায়ত ব্যৱস্থা, স্বাধীন ভাৰতবৰ্ষ আৰু কংগ্ৰেছৰ ৰাজনীতি আদি বিষয়সমূহৰ লগতে চীন-ভাৰতৰ যুদ্ধ, জৰুৰীকালীন শাসন আৰু অসম আদি বিষয়ৰ ওপৰত প্ৰণালীবদ্ধভাৱে ঘটনাৰাজি এই গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে।

এজন অসমীয়াই নিজৰ অতীত আৰু অসমীয়াক বুজিবলৈ এইখন এখন অতি উপযোগী গ্ৰন্থ। অৱশ্যে গ্ৰন্থখনৰ কিছু দিশত সীমাৱদ্ধতাও নথকা নহয়। বিশেষকৈ ২০১৯চনলৈকে অসমৰ ঘটনাৰাজি এই গ্ৰন্থখনত উল্লেখ কৰা হৈছে যদিও, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত এই গ্ৰন্থখনত আন বিষয়সমূহৰ দৰে খুটি-নাটি মাৰি প্ৰণালীবদ্ধ অধ্যয়ণ আৰু তথ্যৰ অভাৱ ঘটা বুলি ক'ব পাৰি।

একেদৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত গ্ৰন্থখনত আৰু অধিক তথ্য সন্নিবিষ্ট কৰাৰ প্ৰয়োজন হয়তো আছিল। দুই এক খুটি-নাটি বাদ দি এই গ্ৰন্থখনত প্ৰতিজন অসমীয়াই পঢ়িব লগা আৰু অসমৰ সন্দৰ্ভত কোনোবাই জানিবলৈ এখন তথ্য নিৰ্ভৰশীল গ্ৰন্থৰূপে গ্ৰহণ কৰিব পাৰে।

আলফাৰ সশস্ত্ৰ সংগ্ৰামৰ সন্দৰ্ভতো গ্ৰন্থখনত এক অধ্যায় আছে। এই অধ্যায়ত আলফাৰ জন্ম কাহিনী, অসম আন্দোলন আৰু আলফা আদি বিভিন্ন দিশ সামৰি লৈছে যদিও, এই সশস্ত্ৰ সংগ্ৰামৰ সময়ত তথ্যগতভাৱে কি ধৰণৰ ক্ষয়ক্ষতি হৈছিল সেই বিষয়ে সবিশেষ তথ্য আছে বুলি মনে নধৰে। অথচ সাংবাদিক ৰিপুঞ্জয় গগৈয়ে এই সশস্ত্ৰ সংগ্ৰামৰ সময়ত কি ধৰণে অসমৰ ক্ষয়-ক্ষতি হৈছিল বা কি হত্যালীলা চলিছিল সেই বিষয়ে এখন গ্ৰন্থত বিস্তৃতভাৱে উল্লেখ আছে।

গ্ৰন্থখনত এই অধ্যায়ত আলফা সম্পৰ্কীয় বিভিন্ন গ্ৰন্থত উল্লেখ থকা তথাকথিত লেখাবোৰৰ দৰেই লিখকে বিচাৰ-বিশ্লেষণ আগবঢ়াইছে। মনোজ কুমাৰ নাথৰ 'আলফা' শীৰ্ষক এখন গ্ৰন্থত এই বিষয়টো ইতিমধ্যে সাৱলীলভাৱে তুলি ধৰা হৈছিল। বড়ো জাতীয়তাবাদ আৰু আন বিষয়বোৰ এই গ্ৰন্থখনত অতি সুন্দৰভাৱে স্থান দিছে লিখকে।

কিন্তু স্বৰাজোত্তৰ অসম বিষয়ক এই গ্ৰন্থখনত হয়তো লিখকে অতি কৌশলৰে আন এক গুৰুত্বপূৰ্ণ বিষয় বাদ দিয়া যেন বোধ হয়। নদীবান্ধক লৈ চলা আন্দোলন আৰু ইয়াৰ প্ৰভাৱ সন্দৰ্ভত যথেষ্ট আলোচনা চলিছিল। এই বিষয়টো স্বৰাজোত্তৰ অসমৰ এক অধ্যায় হোৱাৰ অৱকাশ নিশ্চয় আছিল।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত চলা বা আন সংগঠনসমূহৰ ৰাজ্য জোঁকাৰি যোৱা প্ৰতিবাদৰ সন্দৰ্ভত এই গ্ৰন্থখনত নথকাটো আশ্চৰ্যজনক। বহু সৰু বিষয় গ্ৰন্থখনে সামৰি ল'লেও আন কিছু বিষয় গ্ৰন্থখনত উপেক্ষা কৰা হৈছে।

তৰুণ গগৈৰ শাসনকালৰ সময়ত দুৰ্নীতি আৰু কৃষক মুক্তিৰ জন্ম সন্দৰ্ভত এই গ্ৰন্থখনত আছে যদিও, নদীবান্ধ সন্দৰ্ভত কিয় বিশেষভাৱে ইয়াত উল্লেখ নাথাকিল সেয়া হয়তো লিখকে পৰৱৰ্তী সংস্কৰণত বিবেচনা কৰি ইয়াৰ যুক্তিযুক্ততাৰ সন্দৰ্ভত বাখ্যা আগবঢ়াব।

ৰাজনীতি ক্ষেত্ৰখনত তৰুণ গগৈৰ তৃতীয় কাৰ্যকালত কংগ্ৰেছৰ ভিতৰচৰাৰ বিসম্বাদৰ বিষয়ে কিছু কথা লিখিছে যদিও, সেয়া নিয়মমাফিক যেন বোধ হয়। তথ্যগতভাৱে দিন, তাৰিখ উল্লেখেৰে সেই ঘটনাৰাজি পাঠকৰ ওচৰত দাঙি ধৰাত লিখকে সফলতা দাবী কৰিব হয়তো নোৱাৰিব।

কিছু কিছু বিষয় অতি খৰখেদাকৈ লিখা যেন অনুভৱ হয়। অৱশ্যে তাৰ মাজত বহুবোৰ গুৰুত্বপূৰ্ণ বিষয় অতি সুন্দৰভাৱে গ্ৰন্থখনত দাঙি ধৰা হৈছে। লিখকে নিজেই কৈছে- স্বৰাজোত্তৰ অসমৰ এনে ঘটনাবহুল পৰিসৰ হয়তো আন ৰাজ্যত নাই।

এনেবোৰ দিশ আঙুলিয়াই দিও ক'ব পাৰি স্বৰাজোত্তৰ অসমৰ বিষয়ে জানিবলৈ এইখন গ্ৰন্থ পাঠকৰ বাবে হ'ব এক ডাঙৰ সমল। ইয়াতো বিতৰ্কৰ অৱকাশ আছে। কিন্তু সেই বিতৰ্ক কেতিয়াও গ্ৰন্থখনৰ প্ৰচাৰৰ বাবে লিখক বা প্ৰকাশকে ব্যৱহাৰ কৰা নাই।

অসমীয়া কিতাপৰ পাঠকক ধৰি ৰাখিবলৈ তথ্য, নিৰ্ভৰ আৰু পাঠকক এখন ভাল কিতাপ পঢ়াৰ মাদকতা দিব পৰা সাহিত্য সৃষ্টিত মনোনিবেশ কৰিব লাগিব। অৱশ্য এতিয়া এখন গ্ৰন্থৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰতো প্ৰকাশক তথা লিখকে গুৰুত্ব দিব লগা হয়।

গ্ৰন্থ এখন লিখাৰ পাছত গ্ৰন্থখন ছপা কৰাৰ পৰা আৰম্ভ কৰি পাঠকৰ হাতত তুলি দিয়ালৈকে যথেষ্ট কাম আৰু পৰিক্ৰমা থাকে। সেই স্তৰসমূহত বিভিন্নজন মানুহৰ শ্ৰম জড়িত হৈ পৰে। কিতাপখন হাতত লৈ প্ৰথমে এজন পাঠকৰ যাতে কিতাপখনৰ প্ৰতি আগ্ৰহ বৃদ্ধি হয়, তাৰ বাবে কিতাপৰ ছপাৰ মান উন্নত হ'ব লাগিব।

এইবোৰ দিশত অসমীয়া প্ৰকাশকে বহুদিনৰ আগলৈকে বৰ বিশেষ মন-কাণ দিয়া নাছিল। কেইজনমান নতুন প্ৰকাশকে অসমীয়া কিতাপৰ ছপাৰ মান বা কিতাপখনৰ প্ৰতি পাঠকৰ আগ্ৰহ বৃদ্ধিৰ বাবে বৰ আটোম-টোকাৰিকৈ গ্ৰন্থসমূহ বজাৰত এৰিছিল।

ভাল বিষয় বস্তুসম্পন্ন এখন ধুনীয়া কিতাপ এই সকলোবোৰ মিলি পাঠকে ভাল সঁহাৰি দিয়াত আন প্ৰকাশকসকলেও সেই দিশটোত গুৰুত্ব দিবলৈ বাধ্য হৈছিল। কিতাপ এখন ধন দি প্ৰয়োজনত কিনে এজন পাঠকে। যদি কিতাপখনৰ পৰা পাঠকে ভবাৰ দৰে একো নাপায়, তেন্তে পৰৱৰ্তী সময়ত সেই পাঠকজনে তেনে কিতাপৰ প্ৰতি কিয় আকৰ্ষিত হ'ব?

গ্ৰন্থমেলাৰ বিপণীত আজিও পাঠকে পুৰণি সেই চিৰসেউজ কিতাপবোৰ বিচাৰি ভিৰ কৰে। সেই কিতাপবোৰৰ প্ৰতি পাঠকৰ আস্থা আৰু বিশ্বাস আছে। এনে পাঠকো গ্ৰন্থমেলাৰ বিপনীত পোৱা যায়, যিয়ে পুৱতি তৰা বা মহাৰথীখন কিনি কয়- 'এইখন কিতাপ আগতে পঢ়া। কিন্তু কিতাপখন ক'ৰবাত হেৰাল। সেয়েহে পুনৰ কপি এটা ল'লো।'

এয়াই কিতাপৰ প্ৰতি আন্তৰিকতা। সেই আন্তৰিকতা আৰু দায়ৱদ্ধতা লিখক আৰু প্ৰকাশকৰো লাগিব। কেৱল কিতাপ নপঢ়ে বুলি পাঠকক দোষ দিলেই জানো হ'ব? লিখকে বুজিব লাগিব পাঠকৰ মনস্তত্ব। একেদৰে প্ৰকাশকে বুজিব লাগিব পাঠকৰ মানসিকতা।

কেৱল বিতৰ্কৰে অসমীয়া কিতাপ জানো চলাব পাৰি? ভাল কিতাপক লৈ চৰ্চা হওঁক। কোনে লিখিছে সেয়া পিছৰ কথা। কিন্তু এখন ভাল কিতাপ পঢ়িলে সেইখনৰ বিষয়ে পাঠকেও এতিয়া চৰ্চা চলাব পাৰে সামাজিক মাধ্যমত। পাঠকৰ সেই শক্তি আছে। এতিয়া পাঠকে বাতৰি চেনেলে বিতৰ্কিত বুলি কোৱা বা ভাল চলিছে বুলি প্ৰচাৰ চলোৱা কিতাপ নপঢ়ে। পাঠকে নিজেই বিচাৰ কৰিব কোনখন কিতাপ ভাল, কোনখন বেয়া। সেই ভাৰ সদায় পাঠকৰ ওচৰতে থকা ভাল । তথাকথিত লিখকেও বুজিব লাগে মিছা বিতৰ্কৰে পাঠকক ঠগাৰ মূল্য এদিন ভৰিব লাগিব। অৱশ্যে এই ধৰণৰ লিখকবোৰ ধুমকেতুৰ দৰে। পাঠকৰে বুজিবলৈ টান হয়- কিতাপ আচলতে এতিয়া বিতৰ্কৰ নে লিখকৰ!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in