মহঙা পাণবজাৰ! ভাল অসমীয়া কিতাপ নে পাঠকৰ অভাৱ আজি…

মহঙা পাণবজাৰ! ভাল অসমীয়া কিতাপ নে পাঠকৰ অভাৱ আজি…

মৃদুল কুমাৰ সন্দিকৈ

অসমীয়া কিতাপৰ বজাৰ সঁচাকৈ বেয়া নেকি? নতুন প্ৰজন্মই অসমীয়া কিতাপ নপঢ়ে নেকি? সাধাৰণতে এনে অভিযোগেই শুনিবলৈ পোৱা যায় যে, কিতাপৰ বজাৰ এতিয়া বৰ বেয়া। যি সময়ত চেতন ভগৱত, দুৰ্জয় দত্তৰ কিতাপৰ প্ৰতি পাঠকৰ ইমান আগ্ৰহ, সেই সময়ত অসমৰ কিতাপ তথা লিখক-প্ৰকাশকৰ এই দুৰাৱস্থা কিয়?

অসমীয়া কিতাপ লিখা কোনো লিখকে কিয় ভাবিব নোৱাৰে যে তেওঁলোকে কিতাপ লিখিয়েই খাব পাৰিব। অসমৰ জনসংখ্যা ৩ কোটিৰো অধিক। সেই ৩ কোটিৰ মাত্ৰ ১০ শতাংশ লোকেও যদি কিতাপ পঢ়ে বুলি ধৰি লোৱা হয় তেন্তে এখন অসমীয়া কিতাপৰো বিশাল বজাৰ থাকিব লাগিছিল।

সেই অনুপাতে অসমীয়া কিতাপৰ বজাৰ অৱশ্যেই বেয়া। কোনো এখন সদ্যপ্ৰকাশিত কিতাপ অতি চৰ্চিত হোৱাৰ পাছত এক-ডেৰ হাজাৰ কপী বিক্ৰী হ'লেই আমি ধৰি লওঁ সেই কিতাপখনৰ বজাৰ ভাল। এতিয়া প্ৰকাশকে নতুন গ্ৰন্থৰ ২ হাজাৰ কিতাপ ছপা কৰিবলৈও সাহস নকৰে।

তেনেস্থলত স্বাভাৱিকতেই অসমীয়া মানুহে কিতাপ নপঢ়ে বুলি কৰা অভিযোগ সঁচা বুলি ক'বলৈ ইচ্ছা যায়। অসমীয়া গ্ৰন্থৰ প্ৰকাশকসকলে সেই অভিযোগকেই সম্বল কৰি লৈ গ্ৰন্থ প্ৰকাশনৰ সৈতে জড়িত থাকিও দুই-এজন প্ৰতিষ্ঠিত প্ৰকাশকৰ বাদে বেছি সংখ্যকেই নতুন লিখক তথা বিষয় বস্তুক লৈ লিখা কিতাপৰ প্ৰতি অনিহা ব্যক্ত কৰে।

তেওঁলোকৰ যুক্তি- গল্প, উপন্যাস, প্ৰবন্ধ, কবিতা কিতাপ প্ৰকাশ কৰি এতিয়া ব্যৱসায় চলাব নোৱাৰি। এনে কথাও শেহতীয়াকৈ চৰ্চা হৈছে গ্ৰন্থ প্ৰকাশকসকলৰ মুল কেন্দ্ৰবিন্দু মহানগৰীৰ পাণবজাৰৰ বহু গ্ৰন্থ বিপনীত কিতাপৰ বিপৰীতে আন সামগ্ৰী বিক্ৰী কৰিব লগা হৈছে।অথচ এদিন এই গ্ৰন্থ বিপনীসমূহত কিতাপ কিনিবলৈ মানুহৰ ভিৰ লাগিছিল।

কিতাপৰ প্ৰচলন হ্ৰাস পোৱাৰ লগে লগেই সেই গ্ৰন্থ বিপনীসমূহত কাম কৰা বহু নিবনুৱা যুৱকে চাকৰি হেৰুৱাব লগা অৱস্থা হৈছে বুলিও আলোচনা চলিছে। অসমীয়া কিতাপৰ বেয়া বজাৰৰ বাবে কেৱল পাঠকেই দায়ী নে?

যোৱা ১০ বছৰত অসমৰ পাঠকে পঢ়িব পৰা আৰু আদৰি লোৱা কেইখন ভাল অসমীয়া কিতাপ প্ৰকাশ হ'ল? সেই তালিকা যদি গ্ৰন্থ প্ৰকাশকক দিবলৈ কোৱা হয় তেনেহ'লে তেওঁলোকে তেনে ১০খন কিতাপৰ তালিকা পাঠকে গ্ৰহণ কৰিব পৰাকৈ প্ৰস্তুত কৰি দিব পাৰিব বুলি সন্দেহ আছে।

অসমীয়া গ্ৰন্থ নপঢ়া বুলি অভিযোগৰ আঙুলি উঠা তৰুণ প্ৰজন্মৰ পাঠকসকলক এই সন্দৰ্ভত প্ৰশ্ন কৰিলে তেওঁলোকে দিয়া উত্তৰটো হ'ব- পঢ়িবলৈ ভাল কিতাপচোন প্ৰকাশেই হোৱা নাই। এইটো সত্য যে গ্ৰন্থ প্ৰকাশকসকলে বিভিন্ন সময়ত বিভিন্ন বিষয়ৰ গ্ৰন্থ প্ৰকাশ কৰে।

পূৰ্বৰ দৰেই তেওঁলোকে এখন গ্ৰন্থ প্ৰকাশ কৰাতেই নিজৰ দায়িত্ব অন্ত পৰা বুলি ভাবে। এটা সময় আছিল কিতাপেই আছিল মানুহৰ বিশ্বাসী সংগী। আজৰি সময়ত, মানসিক অৱসাদ দূৰ কৰিবলৈ, জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ বাবে কিতাপৰ বিকল্প নাছিল। গতিকে পাঠকে নিজেই গ্ৰন্থ বিচাৰি কিতাপৰ দোকানত ভিৰ কৰিছিল।

সেই পৰিৱেশ আৰু সময় এতিয়া সলনি হ'ল। পাঠকে এতিয়া কি কিতাপ ওলাইছে বিচাৰি নাযায়। তথ্য প্ৰযুক্তিৰ এই দিনত বিভিন্ন পদ্ধতি বা মাধ্যমেৰে পাঠকক নতুন গ্ৰন্থৰ সম্ভেদ দিয়াৰ লগতে পাঠকৰ বাবে প্ৰকাশকে প্ৰকাশ কৰি উলিওৱা কিতাপৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাটো সহজ হৈ পৰিছে।

তেনে এক বিকল্প প্ৰচাৰ অসমীয়া গ্ৰন্থৰ ক্ষেত্ৰত প্ৰয়োজন আছিল। সেই শূন্যতাক কিন্তু আজিলৈকে অসমৰ কোনো প্ৰকাশকেই দূৰ কৰিব পৰা নাই। দুই-একে বিভিন্ন মাধ্যমত ইয়াৰ আৰম্ভণি ঘটালেও পাঠকক আলোড়িত কৰিব পৰাকৈ বা কোনো এক নিৰ্দিষ্ট গ্ৰন্থৰ প্ৰতি পাঠকৰ আগ্ৰহ বৃদ্ধি কৰিব পৰা ধাৰাবাহিকতা ৰক্ষা কৰাৰ ক্ষেত্ৰত গ্ৰন্থ প্ৰকাশকসকল বিফল বুলিয়েই ক'ব লাগিব।

অসমৰ প্ৰতিষ্ঠিত গ্ৰন্থ প্ৰকাশন গোষ্ঠীসমূহৰ ফেচবুকৰ দৰে ছ'চিয়েল মিডিয়াত এনে এটা পেজ নাই যি পেজ সম্পূৰ্ণ ব্যৱসায়িক দৃষ্টি ভংগীৰে পৰিচালিত কৰা হয়। বাহিৰৰ লিখকসকলে গ্ৰন্থ এখন প্ৰকাশ হোৱাৰ পূৰ্বৰে পৰা গ্ৰন্থখনৰ প্ৰচাৰ চলায়। বিভিন্ন কৌশলেৰে পাঠকক সেই গ্ৰন্থৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে।

চেতন ভগত, দুৰ্জয় দত্তৰ দৰে লিখকৰ কিতাপ জনপ্ৰিয় হোৱাৰ অন্যতম কাৰণ হ'ল- তেওঁলোকৰ কিতাপক লৈ চলোৱা প্ৰচাৰ। আনকি গ্ৰন্থ প্ৰকাশ হোৱাৰ পূৰ্বেই অনলাইনযোগে এনে লিখকৰ কিতাপৰ প্ৰথম সংস্কৰণ বিক্ৰী শেষ হৈ যোৱাৰো উদাহৰণ আছে।

বাতৰিকাকতৰ সম্পূৰ্ণ পৃষ্ঠাত কেৱল কিতাপৰ বিজ্ঞাপন, বিভিন্ন প্ৰচাৰ মাধ্যমত ইয়াৰ চৰ্চা আদিৰে কিতাপখন প্ৰকাশ হোৱাৰ পূৰ্বেই পাঠকৰ মাজত কিতাপখনৰ নাম পৰিচিত হৈ পৰে। অসমৰ লিখকৰ ক্ষেত্ৰত সেই সৌভাগ্য আৰু সুখৰ দিন আজিও অহা নাই।

কিতাপ এখন প্ৰকাশ কৰাৰ বাবে ডিটিপি, কভাৰ ডিজাইন, প্ৰিণ্টিং, বাইণ্ডিং আদি খৰচকে কিতাপৰ বাবে কৰিব লগা খৰচৰ তালিকাত থয় প্ৰকাশকসকলে। প্ৰতিষ্ঠিত প্ৰকাশকসকলে ইচ্ছা কৰিলে তেনে পৰীক্ষা-নিৰীক্ষাৰে অসমত কোনো এখন ভাল কিতাপ অতি কমেও ৪০-৫০ হাজাৰ কপী বিক্ৰী কৰিব পাৰে। কিন্তু দুৰ্ভাগ্যৰ বিষয় সৃষ্টিশীল সাহিত্যৰ এনে এখন বজাৰ সৃষ্টি কৰাৰ বিপৰীতে এতিয়া বেছিভাগ প্ৰকাশকে পাঠ্যপুথি, চাকৰি হাতপুথি বিক্ৰীতহে বেছি গুৰুত্ব দিয়ে।

প্ৰকাশকসকলৰ আৰু এক দায়িত্ব থাকে। সেয়া হ'ল- এখন গ্ৰন্থ প্ৰকাশ কৰাৰ পূৰ্বে গ্ৰন্থখনৰ সম্পাদনা অতিকৈ প্ৰয়োজন। অভিজ্ঞ লোকৰ হতুৱাই গ্ৰন্থখন সম্পাদনা কৰিলে আৰু প্ৰকাশ কৰিবলৈ লোৱা গ্ৰন্থখনৰ প্ৰতি পাঠকৰ কেনে আগ্ৰহ তাৰ আগতীয়া জৰীপ কৰিব পৰা যায়।

এইবোৰ দিশত অসমৰ গ্ৰন্থ প্ৰকাশকসকল সদায় উদাসীন বুলিব পাৰি। প্ৰকাশকসকলৰ পিছতেই পাঠকে আদৰি ল'ব পৰা এখন গ্ৰন্থ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত লিখকৰো কিছু কৰণীয় থাকে। কিতাপখনৰ বজাৰৰ চাহিদা, সমাজত ইয়াৰ প্ৰভাৱ আৰু এখন কিতাপ লিখোতে কৰিব লগা অধ্যয়ন, পৰিশ্ৰম অসমীয়া বেছিভাগ লিখকে টেবুল-চকীৰ মাজতে আৱদ্ধ হৈ থাকে।

দুই-এজন লিখক এই দিশত ব্যতিক্ৰম যদিও, সৰহভাগ লিখকৰ বাবে গ্ৰন্থমেলাৰ বতৰত কিতাপ এখন প্ৰকাশ হোৱাতোৱেই তেওঁলোকৰ বাবে সুখ আৰু প্ৰাপ্তিৰ কথা বুলি জ্ঞান কৰে। পৰিকল্পিতভাৱে অসমীয়া পাঠকে বিচৰা ধৰণে বা পাঠকক পঢ়িবলৈ বাধ্য কৰিব পৰা কিতাপ এখন লিখিব পৰাটো লিখকৰ কৃতিত্ব।

এই কথা মানি ল'ব নোৱাৰি যে কিতাপ পঢ়া আন্দোলনৰ জৰিয়তে অসমীয়া কিতাপৰ পাঠকক কিতাপৰ প্ৰতি আকৰ্ষিত কৰিব পৰা যাব। কেৱল কিতাপ পঢ়া আন্দোলনেই নহয়, ইয়াৰ বাবে ভাল কিতাপ বজাৰত উপলব্ধও হ'ব লাগিব। যদি ভাল কিতাপ নাথাকেই তেনেহ'লে এই আন্দোলনৰ যুক্তি-যুক্ততা ক'ত?

গ্ৰন্থ প্ৰকাশক সকলে পূৰ্বৰ প্ৰতিষ্ঠিত লিখক-লেখিকাসকলৰ উপৰিও, নতুন প্ৰজন্মৰ এনে কিছু লিখক-লেখিকা প্ৰস্তুত কৰিব লাগিব যিসকল লিখক-লেখিকাই তেওঁলোকৰ এক শ্ৰেণীৰ পাঠক সৃষ্টি কৰিব পাৰে। এতিয়া কিতাপ এখন লিখাটো সাধাৰণ কথা হৈ পৰিছে। গ্ৰন্থ মেলাৰ বতৰত কোনোবা তথাকথিত কবিৰাজে লিখা গ্ৰন্থৰ কিতাপে 'বেষ্ট ছেলাৰ' হোৱাটো অসমীয়া সাহিত্য জগতৰ বাবে সৌভাগ্য নে দুৰ্ভাগ্যৰ বিষয় সেয়া বিবেকবানজনে নিজে অনুভৱ কৰিব।

এই নিৰাশাৰ মাজতো কিতাপ প্ৰকাশ হৈয়ে আছে। গ্ৰন্থমেলাৰ বতৰত নতুন কিতাপ প্ৰকাশৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰে ৯৯ শতাংশ কিতাপতনো কি ওলাল, অসমৰ পাঠকে একো ভু কে নাপায়। তেনেস্থলত এই কিতাপবোৰক লৈ অসমীয়া কিতাপৰ এখন সুস্থিৰ বজাৰ সম্ভৱনে?

বহু প্ৰতিষ্ঠিত লিখকৰ কিতাপ এদিন বিক্ৰী হৈছিল। এতিয়া তেনে প্ৰতিষ্ঠিত লিখকৰ কিতাপো কিতাপৰ দোকানত বিক্ৰী নোহোৱাকৈ পৰি থাকে। তাৰ কাৰণ হ'ল সেই কিতাপে পাঠকৰ মাজত কৌতুহল বৃদ্ধি কৰিব নোৱাৰাটো, দ্বিতীয়তে পাঠকে মনে বিচৰা বিষয়-বস্তু বা কিতাপ পঢ়ি পাব লগা মানসিক তৃপ্তি নাপায় এনে সৃষ্টিত।

সময়ৰ পৰিৱৰ্তনৰ লগে লগে কিতাপৰ বজাৰখন সলনি হৈছে। গ্ৰাম্য জীৱনবোধ, সমাজ-সংস্কৃতি, তথ্য-প্ৰযুক্তি, সামাজিক দায়ৱদ্ধতা আৰু ঘটনা প্ৰবাহক তৰুণ প্ৰজন্মৰ দৃষ্টিৰে সাবলীল ৰূপত মনোগ্ৰাহীকৈ উপস্থাপন কৰাৰ দক্ষতা যেন ক'ৰবাত অভাৱ ঘটিছে।

হোমেন বৰগোহাঞিৰ দৰে লিখক অসমত কেইজন আছে? যিকোনো এক বিষয়-বস্তু এইগৰাকী বিশিষ্ট সাহিত্যিকৰ কলমত এনেদৰে প্ৰাণ পাই উঠে যে তেওঁৰ সেই লেখাই চিন্তাৰ খোৰাক দি যায়। এই চিন্তাৰ খোৰাকৰ স্বাদ আন মাধ্যমে দিব পৰা চিন্তাৰ খোৰাকতকৈ সদায় পৃথক। সেয়েহে হোমেন বৰগোহাঞিৰ লেখা বা কিতাপে কেইবা দশক ধৰি পাঠকক আকৰ্ষিত আৰু মোহিত কৰি আহিছে।

অসমীয় সাহিত্যত বহু কালজয়ী সাহিত্য সৃষ্টি হৈছে। সেই ধাৰাবাহিকতা ৰক্ষা কৰাৰ ক্ষেত্ৰত লিখকসকলে সফল বুলি দাবী কৰিব নোৱাৰে। একেদৰে পাঠকক ধৰি ৰখাৰ ক্ষেত্ৰত গ্ৰন্থ প্ৰকাশকসকলে প্ৰতিষ্ঠিত প্ৰকাশকৰ ভেম আৰু অহংকাৰত ডুব গৈ নতুনত্বৰ সন্ধান কৰিব নোৱাৰাটো অসমীয়া কিতাপৰ বিপৰ্যয়ৰ অন্য এক কাৰণ।

তাৰ মাজতো সুখৰ খবৰ-অসমীয়া কিতাপ ওলায়ে আছে। পূৰ্বতকৈ বহু গুণ বেছিকৈ কিতাপ প্ৰকাশ হয় প্ৰতি বছৰে। ভাল কিতাপ এখন পঢ়াৰ ইচ্ছা বহু পাঠকৰে থাকে। চৰ্চিত কিতাপ এখন পঢ়ি ইয়াক লৈ চৰ্চা কৰিবলৈ অসমীয়া পাঠকে ভাল পায়। সেই সুযোগ পাঠককো আমি দিব পাৰিব লাগিব।

অসমীয়া কিতাপৰ বেয়া দিন চলিছে বুলি আমি কেৱল কান্দিলে নহ'ব। কিতাপক জনমুখী কৰাৰ বাবে ব্যৱহাৰিক অৰ্থত আমি হাতে-কামে লাগিব লাগিব। বাহিৰৰ লেখকৰ দৰে অসমীয়া লেখককো লিখি খাব পৰা পৰিৱেশ এটা ইমান দিনে গঢ় লৈ নুঠাটো ডাঙৰ কথা। সেই ইচ্ছা প্ৰকাশকৰো থাকিব লাগিব। লিখকেও কষ্ট কৰিব লাগিব।

পাণবজাৰত এতিয়া কিতাপ কিনা মানুহ নাই। সেই সত্যকে সাৱতি কান্দি থাকিলে অসমীয়া কিতাপৰ ভাল দিন ঘূৰি নাহে। কিতাপৰ পাঠক সদায় থাকিব। পাঠক কেতিয়াও শেষ হৈ নাযায়। ন ন পাঠক সৃষ্টি কৰিবলৈ ন ন বিষয়ক গ্ৰন্থ আৰু সেইবোৰৰ প্ৰচাৰ-প্ৰসাৰ কৰাৰ দায়িত্ব প্ৰকাশক-লিখক সকলোৰে আছে। অসমীয়া কিতাপৰ পাঠক নাই নে পাঠকে পঢ়িবলৈ ভাল অসমীয়া কিতাপ নাই সেয়া বিবেচনা কৰি চোৱা উচিত লিখক-প্ৰকাশকসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in