শেহতীয়া খবৰ

বিস্ময়ঃ শশী ফুকনে কি ক’লে…

1,220

মৃদুল কুমাৰ সন্দিকৈ

অতীত হ’ব নেকি বিস্ময়? বিস্ময় কেৱল এটা নাম নাছিল, আছিল এটা যুগ। ৫০টা বছৰ গৰকা ‘বিস্ময়’ৰ জন্মৰ অন্তৰালত আছিল এক কাহিনী। কিন্তু এতিয়া সবাতোতকৈ চৰ্চাৰ বিষয়- ৫০ বছৰ অতিক্ৰম কৰা এই আলোচনীখন বন্ধ হৈ পৰিব নেকি?

অসমত এনে লোক নোলোবা যি এবাৰলৈ হ’লেও বিস্ময়খন হাতত তুলি লোৱা নাই। ৫২ বছৰীয়া বিস্ময়ৰ আঁৰৰ মানুহজন আছিল শশী ফুকন। বিশ্বনাথ চাৰিআলিৰ এখন সৰু ঠাইৰ পৰা গুৱাহাটীলৈ আহিছিল শশী ফুকন পঢ়িবলৈ।

বিশ্বনাথৰ টেঙাবড়ি গাঁৱত জন্ম হৈছিল শশী ফুকনৰ। ১৯৬৪চনত উচ্চতম মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ প্ৰাগজ্যোতিষ কলেজত নামভৰ্তি কৰিছিল। দুজন বন্ধুৰ সৈতে গুৱাহাটীত ভাড়াঘৰত আছিল তেওঁলোক। সেই ভাড়াঘৰৰ মালিকৰ পুত্ৰ উমেশ বৈশ্যই দেখিছিল শশী ফুকন আৰু তেওঁৰ লগৰীয়া কেইজনে যথেষ্ট পঢ়া শুনা কৰে।

এদিন শশী ফুকন আৰু তেওঁৰ দুই বন্ধুক ভাড়াঘৰৰ মালিকৰ পুত্ৰ উমেশ বৈশ্যই প্ৰস্তাৱ দিছিল- এখন আলোচনী উলিওৱাৰ। আলোচনী প্ৰকাশ বা সম্পাদনা কৰাৰ কোনো জ্ঞান নাছিল তেওঁলোকৰ। শশী ফুকনৰ সৈতে চিনাকি আছিল শান্তনু তামুলীৰ। মৌচাকৰ সম্পাদক শান্তনু তামুলীৰ জ্যেষ্ঠ ভাতৃ আছিল নিত্যানন্দ তামুলী।

তেওঁৰ কাষলৈ গৈছিল পৰামৰ্শ বিচাৰি। অভিজ্ঞতা বিহীনভাৱেই তেওঁলোকে এখন আলোচনী উলিওৱাৰ কথা চিন্তা কৰি নাম দিছিল ‘সময়’। কিন্তু ধনৰ অভাৱত প্ৰথম সংখ্যা ছপা কৰা হ’ল যদিও মাত্ৰ ১০০ মান আলোচনীহে ছপাশালৰ পৰা আনিলে।

সেই সময়তে শৰৎ গোস্বামী নামৰ এজন লোকে সৰু সৰু কিতাপ লিখি কটন কলেজৰ সন্মুখত, কেতিয়াবা পানবজাৰত বিক্ৰী কৰিছিল। ৰেল ষ্টেচনত জীৱন নিৰ্বাহ কৰা এই লোকজনে সময় নামৰ আলোচনীখনৰ কেইটামান সংখ্যা ছপাশালৰ পৰা আনি কিছু ঠাইলৈ পঠিয়াইছিল।

তাৰে এখন আলোচনীত চকু পৰিছিল শৰৎ গোস্বামীৰ। তেওঁ আহি ওলাইছিল শশী ফুকনহঁতৰ ভাড়াঘৰত। সেইখন আকৌ উলিয়াবলৈ জোৰ কৰিলে শৰৎ গোস্বামীয়ে। কিন্তু ক’ত পাই প্ৰকাশক? প্ৰকাশক বিচাৰি তেওঁলোক গৈছিল যোগেশ শৰ্মা নামৰ এজন ব্যক্তিৰ কাষলৈ।

নতুনকৈ প্ৰেছ এটা খুলিছিল তেওঁ। কিন্তু প্রথম প্ৰকাশকগৰাকীয়ে সেই আলোচনীখন তেওঁক দিবৰ বাবে কিছু টকা বিচাৰিলে। এই কথাত মান্তি নহ’ল যোগেশ শৰ্মা নামৰ ব্যক্তিগৰাকী। ঠিক কৰা হ’ল আনে উলিওৱা আলোচনী এখন প্ৰকাশ কৰাতকৈ নিজেই প্ৰকাশ কৰিব নতুন আলোচনী। কিন্তু কি নাম দিব আলোচনীখনৰ?

শশী ফুকন বন্ধু বীৰেন্দ্ৰ কুমাৰ লহকৰ, শান্তনু তামুলী, নিত্যানন্দ তামুলীয়ে লগ হৈ আলোচনা কৰিলে। চাৰিটা নামো ভাবিলে। আৰু নামটো ঠিক কৰি দিবলৈ তেওঁলোক কাষ চাপিল ড০ ভৱেন্দ্ৰ নাথ শইকীয়াৰ। কাগজ লিখি নিয়া নাম কেইটা চাই ‘বিস্ময়’ নামটোতে কলমেৰে টিক কৰি দিলে। তাৰপাছতে আৰম্ভ হ’ল বিস্ময়ৰ যাত্ৰা।

বিস্ময় নামটোৰ ল’গ’ বেণু মিশ্ৰই কৰি দিছিল। কিন্তু সেই সময়ত বেণু মিশ্ৰ ব্যস্ত থকাত প্ৰথম সংখ্যাৰ কাভাৰ ডিজাইন কৰাত প্ৰত্যাহ্বান আহিল। তেতিয়া এখন সাপ্তাহিক কাকত আছিল নীলাচল। তাতেই প্ৰকাশ কৰা জুৱেলাৰীৰ এটা বিজ্ঞাপন কাটি আনি বেণু মিশ্ৰই ডিজাইন কৰি দিয়া ল’গ’ বিস্ময়ৰ সৈতে লগাই দিলে। হৈ গ’লে এনেদৰেই বিস্ময়ৰ প্ৰথমটো ক’ভাৰ।

১৯৫৯চনৰ জানুৱাৰীত প্ৰকাশ পালে বিস্ময়ৰ প্ৰথমটো সংখ্যা। এই আলোচনীখনৰ প্ৰথমটো সংখ্যা আছিল ৯০ পৃষ্ঠাৰ। আলোচনীখনৰ প্ৰথম সংখ্যাটো লিখিছিল সুৰেন্দ্ৰ কুমাৰ শৰ্মাই এখন ৰহস্যধৰ্মী উপন্যাস। নাম আছিল ‘বাসনাৰ ফুল’।

ধাৰাবাহিক আছিল এই উপন্যাসখন। শৰৎ গোস্বামীৰ ‘চিমলি’ নামৰ উপন্যাস যতীন্দ্ৰ মোহন দস্তিদাৰে পুলিচৰ ডায়েৰী, বিজয় কৃষ্ণ দেৱ শৰ্মাই অনুবাদ কৰিছিল ‘অন্য তৰংগ’ বুলি এক লেখাত। ভিন্ন ৰুচিৰ লেখাৰে ভৰি আছিল এই আলোচনীখন।

বিশ্বত চাঞ্চল্য সৃ্ষ্টি কৰা এটি শিশুৰ কাহিনী, চিনেমাৰ শিতান আদি অনেক ধৰণৰ লেখা প্ৰকাশ কৰা হৈছিল আলোচনীখনত। সেই ধাৰা পৰৱৰ্তী সময়তো আলোচনীখনত অব্যাহত আছিল। বিস্ময়ক লৈ বহুতে বহু অভিযোগ দিলেও এসময়ত যুৱক-যুৱতীসকলৰ বাবে বিস্ময়খন আছিল আগ্ৰহৰ আলোচনী।

বিস্ময়ৰ সেই যাত্ৰা আৰম্ভ কৰাৰ পাছত পুনৰ এবছৰ নৌহওঁতেই আকৌ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। কেইটামান সংখ্যা প্ৰকাশ কৰাৰ পাছত প্ৰকাশকে অৰ্থৰ অভাৱত আলোচনীখনত প্ৰকাশ কৰিব নোৱাৰাৰ কথা কোৱাত বিস্ময়লৈ নামি আহিছিল জটিল সময়।

সেই অনিশ্চিয়তা পাৰ কৰি বিস্ময় সগৌৰৱে থিয় হৈছিল নিজৰ ভৰিত। পবিত্ৰ কুমাৰ ডেকা, প্ৰফুল্ল কুমাৰ দত্ত, হেমচন্দ্ৰ দলে, বিদূষক, বৈদ্যুৰ্য বৰুৱা, জিমনি চৌধুৰী, দেৱব্ৰত দাস, ড০ চৈদুল ইছলাম, উৎপল দত্ত, ৰঞ্জু হাজৰিকা আদি অনেক লেখক বিস্ময়ৰ জৰিয়তে পৰিচিত হৈ পৰিছিল। আন এক আকৰ্ষণ আছিল ডিটেক্টিভ ধাৰাবাহিক ‘অপাৰেশ্যন এছ কে জি’।

ৰহস্যধৰ্মী লিখা, অনুসন্ধানমূলক খবৰ আদিৰ বাবে বিস্ময় আছিল এটা সময়ত পাঠকৰ বাবে আদৰৰ । সকলো বাধা অতিক্ৰম কৰি ১৯৭০চনৰ জানুৱাৰীত বিস্ময় প্ৰচলনৰ সংখ্যা হৈছিলগৈ ৫ হাজাৰ। আনকি বন্ধুৰ পিতৃৰ পৰশ প্ৰকাশ কৰিবলৈ ধন ল’ব লগা হৈছিল শশী ফুকনক।

১৯৭৩চনত শশী ফুকনে ভৰুলুমুখত এটা প্ৰেছ খুলি স্থানান্তৰ কৰিছিল বিস্ময়ৰ কাৰ্যালয়। তাৰ পূৰ্বে চিটি বাছত গৈ ফাঁচী বজাৰত কাগজ কিনি সেই কাগজৰ গাড়ীৰে মালিগাঁৱলৈ গৈছিল। সময় বহু পৰিৱৰ্তন হ’ল। ইচ্ছা কৰা হ’লে তেওঁ বি.এছচি পাছ কৰি শিক্ষক ৰূপে জীৱন কটাব পাৰিলে হয়। কিন্তু সেই বৃত্তি গ্ৰহণ নকৰি এই দুৰ্যোগত নামি পৰিছিল।

জীৱনত তেওঁ বহু ঘাত-প্ৰতিঘাটৰ সন্মুখীন হৈছিল। এনে দিনো গৈছে যে ভাতৃক চিকিৎসালয়ত থৈ বিস্ময়ৰ কাম কৰিব লগা হৈছিল। সেই সময়ত যোগাযোগ ব্যৱস্থা যথেষ্ট বেয়া আছিল। বিস্ময়খন গৈ মানুহৰ ঘৰ পাওঁতে সময়ৰ প্ৰয়োজন হৈছিল।

বিস্ময়ৰ প্ৰচলনৰ সংখ্যাই লাখৰ ঘৰো অতিক্ৰম কৰিছিল। কিন্তু সেইবোৰ এতিয়া অতীত। বিস্ময়ৰ বহুবোৰ শিতানে মানুহৰ মনত যি ৰেখাপাট কৰিছিল সেই শিতানবোৰো যেন এতিয়া তথ্য-প্ৰযুক্তিৰ যুগত অৱহেলিত হৈ পৰিছে।

বিস্ময় আছিল এক বিশেষ চৰিত্ৰ বহন কৰা আলোচনী। কবিতাক বাদ দি সকলোৱে প্ৰকাশ কৰিছিল বিস্ময়ত। এফালে বিস্ময়ৰ জৰিয়তে পাঠকে পাইছিল গল্প, উপন্যাসৰ স্বাদ। আনফালে, বিস্ময়ে বিজ্ঞান, ৰহস্যধৰ্মী, অনুসন্ধান, অনুবাদমূলক লেখাও প্ৰকাশ কৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছিল।

সময়ৰ লগত সলনি হৈছিল বিস্ময়ৰ কিছু কিছু চৰিত্ৰ।বিস্মিতি শিতানৰ উত্তৰবোৰ আছিল পাঠকৰ বাবে অন্য এক আকৰ্ষণ। বিদূষকে দিছিল সেই প্ৰশ্নসমূহৰ উত্তৰ। কিন্তু পাঠকৰ মনত প্ৰশ্ন হৈছিল কোন এই বিদূষক, যিয়ে ইমান ধুনীয়াকৈ দিয়ে প্ৰতিটো প্ৰশ্নৰে উত্তৰ।

আনকি বিদুশকক লগ কৰিবলৈ আহি বিস্ময়ৰ কাৰ্যালয় পাইছিলহি অনুসন্ধিশ্যুৰ পাঠক । বহু লেখকে বিস্ময়ত ছদ্ম নামেৰেই লিখিছিল। ‘ৰমন মহলীয়া’ৰ নামত লিখিছিল শশী ফুকনে নিজেই । নিত্যানন্দ তামুলীয়ে লৈছিল ‘ত্ৰিভুজ নন্দন হাতী বৰুৱা’ৰ নাম। মানিক বৰায়ো ‘নিকুঞ্জ তনয়’ নামেৰে বিস্ময়ত লিখিছিল।

নতুন প্ৰজন্মই সাহিত্য চৰ্চা কৰা এক মঞ্চ পাইছিল এই বিস্ময়ৰ জৰিয়তে। লাহে লাহে বিস্ময় মানুহৰ মন-মগজুতো সোমাই পৰিছিল। সেই বিস্ময়ক লৈ আগ্ৰহ কিছু কমিছে ইন্টাৰনেট, ফেচবুক, হোৱাটছএপ আদি ছ’চিয়েল মিডিয়াৰ প্ৰভাৱত। বিস্ময় পঢ়ি সময় পাৰ কৰাৰ অভ্যাস নতুন প্ৰজন্মৰ নাই।

কোৰোনা ভাইৰাছৰ বাবে আন সংবাদমাধ্যমৰ দৰে বিস্ময়তো প্ৰভাৱ পৰিছে। বিস্ময়ৰ সম্পাদক তথা স্বত্তাধিকাৰী শশী ফুকনে শেহতীয়া বিস্ময়ৰ সংখ্যাৰ প্ৰথম পৃষ্ঠাত এক লেখা লিখিছিল। য’ত তেখেতে ‘পাঠকলৈ আহ্বান’ বুলি লিখিছিল- ‘প্ৰিয় পঢ়ুৱৈসকল, আপোনালোকলৈ লিখা এইখন মোৰ প্ৰথম চিঠি। হয়তো অন্তিম চিঠি। পঢ়ুৱৈ সকল, যোৱা ৫১টা বছৰে প্ৰথম পৃষ্ঠা তথা ‘সখীৰ পদূলিত’ কেৱল সমাজৰ কথা, আপোনালোকৰ কথা আদিহে লিখিছিলো। আজি প্রথমবাৰ নিজৰ বিষয়ে আৰু বিস্ময় তথা প্ৰিয়সখীৰ বিষয়ে দুআষাৰ মনৰ কথা ব্যক্ত কৰিব খুজিছো। পঢ়ুৱৈ সকল আজি বিশ্ব সন্ত্ৰাস মহামাৰী কোৰোনাৰ প্ৰভাৱত স্ববন্দিত্ব গ্ৰহণ কৰি গৃহ বন্দী হৈ আছো…।’

বিস্ময়ৰ প্রথম পৃষ্ঠাত শশী ফুকনে লিখা ‘পঢ়ুৱৈলৈ আহ্বান’…

পাঠকলৈ লিখা এই চিঠিত শশী ফুকনে ২১ শতিকাৰ দ্বিতীয় দশকটোত বাতৰি কাকত, আলোচনী আদিৰ বাবে প্ৰতিকূল সময় নহয় বুলি উল্লেখ কৰিছিল। সেই কথাকে ভিত্তি কৰি কোনোৱে লিখিলে বন্ধ হ’ল বিস্ময়।

শশী ফুকনৰ সৈতে আমি যোগাযোগ কৰিছিলো। জানিব বিচাৰিছিল সত্য কি? সঁচাকৈ বন্ধ হৈ যাব নেকি বিস্ময়ৰ দৰে এখন আলোচনী। তেখেতে জনালে বিস্ময় বন্ধ হ’ল বা হ’ব তেনে কথা কোৱা নাছিল। কিন্তু মই এই কথা কৈছিল যে আজিৰ পৰিৱেশ-পৰিস্থিতিত বিস্ময় বন্ধ কৰাৰ দৰে পৰিৱেশ এটা সৃষ্টি হৈছে। যোৱা ৫২ বছৰত বিস্ময় ধাৰাবাহিকভাৱে প্ৰকাশ পাই আহিছিল। কোৰোনা ভাইৰাছৰ বাবে দুটা সংখ্যা প্ৰকাশ নোহোৱাতোৱে তেখেতক যথেষ্ট দুখ দিয়ে।

তেখেতে ক’লে- ‘বিস্ময়ৰ প্ৰচলনৰ সংখ্যা কমিছে। লকডাউনৰ পাছত দোকানীবোৰেও এই নিশ্চয়তা দিব পৰা নাই যে কিমান কপী বিস্ময় তেখেতসকললৈ পঠাব লাগিব।আগতে ৫০০ কপী বিক্ৰী কৰা এজেন্ট জনলৈ এতিয়া ১০০ কপী পঠাব লগা হৈছে। কাৰো ওচৰতে সেই নিশ্চয়তা নাই। বিজ্ঞাপন, কাগজৰ দাম, আলোচনীৰ বজাৰ সেইবোৰে এক নিশ্চিয়তাৰ সৃষ্টি কৰিছে।’

বৰ্তমান বিস্ময়ৰ প্ৰিয়সখীত আছে ১২জন কৰ্মচাৰী। কাৰ্যালয়ৰ পৰাই এতিয়াও চলি আছে আলোচনী দুখনৰ পৰৱৰ্তী সংখ্যাৰ কাম। কিছু লোকে কোৱাৰ দৰে বিস্ময় বন্ধ হৈ যোৱা নাই। বন্ধ কৰাৰ সিদ্ধান্তও লোৱা নাই বিস্ময়ৰ কৰ্তৃপক্ষই। কিন্তু কোৰোনা ভাইৰাছৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিত তেনে সম্ভাৱনাহে ব্যক্ত কৰিছে সম্পাদক শশী ফুকনে। বিস্ময়ৰ সৈতে অসমৰ বহু লোকৰ আৱেগ-অনুভূতি জড়িত হৈ আছে। কিন্তু সকলো পৰিস্থিতিৰ দাস। বিস্ময় যি ধৰণে তুলি-তালি ডাঙৰ-দীঘল কৰিছিল, সেই আন্তৰিকতা এতিয়াও আছে শশী ফুকনৰ। বিস্ময়ৰ বাবেই তেওঁ জীৱনৰ সৰ্বস্ব সময় ত্যাগ কৰিলে আৰু বিস্ময়ৰ বাবেই দি যাব আহি থকা সময়। কিন্তু পৰিস্থিতিয়ে তাত বাধা হৈ থিয় দিছে। সেই সম্ভাৱনাৰ কথাহে লিখিছিল তেওঁ প্রথম পৃষ্ঠাত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি