প্ৰধানমন্ত্ৰীয়ে ক’লেঃ ‘কা’ অপ্ৰয়োজনীয় আছিল!

প্ৰধানমন্ত্ৰীয়ে ক’লেঃ ‘কা’ অপ্ৰয়োজনীয় আছিল!

মৃদুল কুমাৰ সন্দিকৈ

চুবুৰীয়া বাংলাদেশৰ পৰা অসম তথা ভাৰতলৈ কিয় মানুহ আহে? আমাৰ এক ধাৰণা আজিও আছে যে, বাংলাদেশৰ পৰা খাদ্য, বাসস্থান আৰু সংস্থাপনৰ আশাত অসম তথা ভাৰতত প্ৰৱেশ কৰেহি বাংলাদেশী নাগৰিকে। অনুপ্ৰৱেশৰ এই সমস্যা অসমৰ বাবে এক ডাঙৰ সমস্যাৰূপে পৰিগণিত হৈ আহিছে।

ইংৰাজ শাসনৰ কালতে পূৰ্ব বংগৰ পৰা প্ৰৱ্ৰজন হৈছিল। বৰ্তমান ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ মাটিকালিৰ অসম ইংৰাজৰ অধীনলৈ গৈছিল ইয়াণ্ডাবু সন্ধিৰ পাছত। ইংৰাজৰ শাসনকালতে ১৮৭৪ চনত চিলেট আৰু গোৱালপাৰা জিলা দুখন অসমৰ সৈতে সংযুক্ত কৰি বৃটিছে অসম প্ৰভিন্সৰ নতুন সীমা নিৰ্ধাৰণ কৰিছিল।

সেই সময়ত অসমত অন্তৰ্ভূক্ত কৰা জিলা কেইখন আছিল শিৱসাগৰ, দৰং, নগাঁও, কামৰূপ আৰু লক্ষিমপুৰ। ১৮৭৪ চনত অসমৰ জনসংখ্যা আছিল ৩৮,৪০,৫৫৪ গৰাকী। ইয়াৰে ২৮.৭৬ শতাংশ আছিল মুছলমান।

অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ ধাৰাই অসমৰ জন বিন্যাস সলনি কৰি পেলোৱাৰ পাছতো চৰকাৰী পৃষ্ঠপোষকতাত বিদেশী নাগৰিকক সংস্থাপন দিব খোজাৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত হৈছে। স্বাধীনতাৰ সময়ত অসমৰ অৱস্থা দেশৰ তুলনাত যথেষ্ট ভাল আছিল। কিন্তু পৰ্যায়ক্ৰমে সেয়া বেয়াৰ ফাললৈ ঢাল খালে।

ৰাজ্যখনৰ জনমুৰি আয়, জনমুৰি ভূমিৰ পৰিমাণ কমি গ'ল। এই সূচকবোৰ নিম্নগামী হোৱাৰ পাৰিসাংখ্যিক তত্বই দেশৰ আৰ্থিক অৱনতিৰ প্ৰক্ৰিয়াটোক উদঙাই দিয়ে। এটা জাতি বাচি থাকিবলৈ সুস্থ বিকাশ আৰু ইয়াৰ জাতীয় অৰ্থনীতিৰ ভেটি সুদৃঢ় হ'ব লাগে। চৰকাৰ বা শাসক শ্ৰেণীয়ে কেতিয়াও জাতিৰ আৰ্থিক বিকাশক আগুৱাই নিনিয়ে। সদায় এই শাসক শ্ৰেণীটোৱে ন্যাস্ত স্বাৰ্থৰ হকে কাম কৰি আহিছে। যাৰ বাবে অৰ্থনীতিৰ প্ৰকৃত বুনিয়াদ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হৈ পৰে।

জাতীয়তাবোধ আৰু আৰ্থিক বিকাশৰ বাস্তৱ সন্মত পৰিকল্পনা কৰিবলৈ জনসাধাৰণৰ মাজত জাতীয় চেতনা আৰু কৰ্ম সংস্কৃতি গঢ়ি তোলাটো আটাইতকৈ প্ৰয়োজনীয়। আমোলাতান্ত্ৰিক তথা পৰিকল্পনামুখী নীতিয়ে প্ৰকৃতাৰ্থত উন্নয়ন সাধন কৰিব নোৱাৰে।

অসম আছিল এখন কৃষি প্ৰধান দেশ। কৃষি কৰ্মৰ সৈতে ৰাজ্যৰ অধিক সংখ্যক লোক জড়িত। অসমৰ মুঠ গাঁৱৰ সংখ্যা প্ৰায় ২৬,৩৯৫ খন। ৰাজ্যখনত আছে প্ৰচুৰ উৰ্বৰ ভূমি আৰু জলজ, খনিজ, প্ৰাকৃতিক সম্পদ। বানপানী, গৰা খহনীয়া আদি সমস্যাও গ্ৰাম্য অৰ্থনীতিত প্ৰভাৱ পেলোৱা অন্যতম কাৰক আছিল।

সেইবোৰৰ লগতে অবৈধ প্ৰব্ৰজন, চৰকাৰৰ প্ৰলোভনৰ আঁচনি আদিয়ে স্ব-নিৰ্ভৰশীল অসমৰ গ্ৰাম্য অৰ্থনীতিক কোঙা কৰি পেলালে। যিখন ৰাজ্যৰ কাৰ্যক্ষম লোকৰ ৬৭ শতাংশ লোকেই কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল আছিল, সেই ৰাজ্যখনৰ কৃষি উৎপাদন বৃদ্ধি হোৱা বুলি চৰকাৰী পক্ষই প্ৰচাৰ চলালেও সেয়া আচলতে বৰ্দ্ধিত জনসংখ্যাৰ অনুপাতে সন্তুষ্টি লাভ কৰিব পৰাকৈ হয় নে নহয় সেই বিচাৰ কোনোদিনেই কৰা নহ'ল।

বজাৰ, কৃষি ক্ষেত্ৰ, ব্যৱসায়-বাণিজ্য এতিয়া অসমীয়াৰ নিয়ন্ত্ৰণত নাই। কেৱল ৰাজনৈতিক অধিকাৰৰে যদি কোনোবাই অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থ আৰু জাতীয় স্বাৰ্থ সুৰক্ষিত কৰাৰ কথা ভাৱিছে, তেনেহ'লে সেয়া ভাওনাত মতা বচনৰ বাদে আন একো নহয়।

মূল খিলঞ্জীয়া লোকসকলৰ আয়ৰ উৎস সংকীৰ্ণ হৈ আহিছে। দেখা প্ৰগতি হ'লেও জাতীয় অৰ্থনীতি কিন্তু ভাগি পৰিছে। নিয়োগ সংকোচন হৈছে। ব্যয়ৰ পৰিমাণ তাৰ বিপৰীতে বাঢ়িছে। সেই সমস্যাবোৰৰ মাজতেই অতিৰিক্তভাৱে ৰাজনৈতিক পাশাত বন্দী হৈ অসম আৰু অসমবাসীৰ ওপৰত অতিৰিক্ত নাগৰিকৰ বোজা জাপি দিব খোজাটো যে অতিকৈ ভয়াবহ কথা, সেই কথা বুজিও নুবুজা শাসক সকলক বুজায় কোনে?

অসমলৈ অবৈধ বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশ হৈ থকা পৰিৱেশ আৰু প্ৰেক্ষাপট সলনি হৈছে। তাৰ কাৰণ হ'ল বাংলাদেশৰ অৰ্থনীতি। বাংলাদেশৰ হিন্দু বাংলাদেশীসকলক লৈ চিন্তিত হোৱা চৰকাৰে নিজ দেশৰ অৰ্থনীতিৰ বুনিয়াদ কি ধৰণে গঢ়ি তুলিছে সেয়াও আন এক বিচাৰ্যৰ বিষয়।

উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে বাংলাদেশে যিধৰণে অৰ্থনীতিৰ বিকাশ ঘটাইছে সেই অনুপাতত কিন্তু ভাৰতৰ অৰ্থনীতি বহু পিচ পৰি ৰৈছে। এছিয়ান ডেভেলপমেন্ট ব্যুৰ চমুকৈ এডিবিৰ প্ৰতিবেদন অনুসৰি বাংলাদেশৰ জিডিপি বৃদ্ধিৰ হাৰ ২০১৯চনত ৮ শতাংশৰ পৰা ৮.১ শতাংশ হৈছে। কিন্তু ভাৰতৰ সেই হাৰ ৭.২ শতাংশৰ পৰা ৬.৫ শতাংশলৈ হ্ৰাস পাইছে।

বাংলাদেশৰ আৰু ভাৰতৰ জিডিপিৰ তুলনামূলক বৃদ্ধিৰ হাৰ…

বাংলাদেশে অৰ্থনৈতিক ক্ষেত্ৰত লাভ কৰা এই সফলতাৰ বাবেই ভাৰতক এই দিশত পিচ পেলাই উন্নয়নৰ যি পথ মুকলি কৰিছে তাৰ প্ৰভাৱ এদিন নিশ্চয় পৰিব। দেশখনৰ গ্ৰ'ছ নেশ্যনেল ছেভিং ২০১৭চনত ২৮.৮ শতাংশ আছিল। য'ত ভাৰতৰ এই হাৰ আছিল ৩০.২ শতাংশ।

একেদৰে নিবনুৱা ক্ষেত্ৰতো দেশখনে ভাৰতক পিচ পেলাইছে। ১৫ৰ পৰা ২৪ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ ভিতৰত বাংলাদেশত নিবনুৱাৰ হাৰ কম। কৃষি উৎপাদনৰ ক্ষেত্ৰত বাংলাদেশে সফলতা লাভ কৰিছে। এদিন খাদ্য, বাসস্থান আদি সমস্যাৰে ভাৰাক্ৰান্ত চুবুৰীয়া ৰাষ্ট্ৰখনে খাদ্যৰ ওপৰত নিজৰ স্বয়ং সম্পন্নতা অৰ্জন কৰিছে। তাৰ কাৰণ হ'ল আভ্যন্তৰীণ উৎপাদন বৃদ্ধি হৈছে কৃষি ক্ষেত্ৰত।

বৰ্তমান ধান উৎপাদনৰ ক্ষেত্ৰত বাংলাদেশৰ স্থান বিশ্বৰ ভিতৰতে তৃতীয়। প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ অহা এই ৰাষ্ট্ৰখনত বস্ত্ৰ উদ্যোগে ভাবিব নোৱাৰা বিকাশ সাধন কৰিছে। ১৯৮০চনত দেশখনৰ জিডিপি বৃদ্ধিৰ হাৰ আছিল ৩.১ শতাংশ। সেয়া এতিয়া ৮ শতাংশৰো অধিক হৈছে।

আৰ্থিক সংস্কাৰৰ বাবে বাংলাদেশে গ্ৰহণ কৰা পদক্ষেপৰ ফলত দেশখনত দৰিদ্ৰ লোকৰ সংখ্যাও হ্ৰাস পাইছে। বাংলাদেশত ২১.৯ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰাৰ বিপৰীতে ভাৰতত দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা ২৪.৩ শতাংশ (২০১৬ৰ তথ্য)।

২০১৭-১৮ বৰ্ষত দেশখনৰ মুঠ জিডিপি আছিল ২২,৫০,৪৭৯ কোটি টাকা (২৬১.২৭ বিলিয়ন মাৰ্কিন ড'লাৰ)। ২০১৮-১৯ বিত্তীয় বৰ্ষত সেয়া বৃদ্ধি হৈ ২৮৫.৮২ মাৰ্কিন বিলিয়ন হৈছিলগৈ। এই আৰ্থিক উত্তৰণ আৰু বিকাশ লক্ষণীয়।

অনুপ্ৰৱেশ বা বাংলাদেশৰ পৰা অহা হিন্দু বাংলাদেশী সকলক নাগৰিকত্ব প্ৰদান কৰিব খোজা বিষয়ৰ সৈতে এই কথাবোৰৰ প্ৰাসংগিকতা আছে। বাংলাদেশত খাবলৈ নাপাই, অসমলৈ অনুপ্ৰৱেশ ঘটা বুলি আমাৰ এক ধাৰণা আছে। সেয়া মিছা নাছিল। কিন্তু সেই ধাৰণাই এতিয়া আৰু কিমান দিনলৈ প্ৰাসংগিক হৈ থাকিব এই আৰ্থিক বিকাশৰ পাছত?

যি বিদেশীৰ বোজা ল'ব লগা আছিল অসমে ইতিমধ্যে লৈছে। তাৰ পাছত ধৰ্মীয় নিৰ্যাতনৰ দোহাই দি অতিৰিক্ত বিদেশী নাগৰিকক সংস্থাপন কৰিবলৈ দিল্লী-দিছপুৰে লোৱা উদ্যোগ কেৱল ৰাজনৈতিক দৃষ্টিকোণৰ বাদে আন দৃষ্টিকোণেৰে সমৰ্থন কৰিব নোৱাৰি।

নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাইয়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। গালফ নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে কয়- এয়া ভাৰতৰ আভ্যন্তৰীণ বিষয়। কিন্তু তাৰ লগতে তেওঁ কয়- আমি বুজি পোৱা নাই কিয় ভাৰত চৰকাৰে এনে এখন আইন কৰিছে। ইয়াৰ প্ৰয়োজনীয়তা নাই। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয়- ভাৰতৰ ভিতৰতেই ভাৰতবাসীয়ে বহু সমস্যাৰ সন্মুখীন হৈ আহিছে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে গ্ল'ফ নিউজক দিয়া সাক্ষাৎকাৰত ক'লে- 'কা' অপ্ৰয়োজনীয়…

এই সাক্ষাৎকাৰটোতেই বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ক'লে- বাংলাদেশৰ মুঠ জনসংখ্যাৰ ১০ শতাংশ আৰু ০.৬ শতাংশ লোক বৌদ্ধ ধৰ্মৰ। ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ কোনো লোকে বাংলাদেশ এৰি ভাৰতলৈ যোৱাৰ তথ্য নাই।

গালফ নিউজে সেই সন্দৰ্ভত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সাক্ষাৎকাৰৰ ভিত্তিত প্ৰকাশ কৰা খবৰটোত লিখিছে- 'Bangladesh Prime Minister Sheikh Hasina said she did not understand the purpose of the Citizenship Amendment Act (CAA) passed in India that aims to offer citizenship to non-Muslim minorities that have faced persecution in Bangladesh and other neighbouring countries.

"We don't understand why [the Indian government] did it. It was not necessary," she told Gulf News during an interview in the UAE capital of Abu Dhabi.

The CAA was passed by the Parliament of India on December 11, 2019, and provides a path to citizenship for members of Hindu, Sikh, Buddhist, Jain, Parsi and Christian religious minorities who have allegedly fled persecution from Pakistan, Bangladesh and AfghanistaBangladesh Prime Minister Sheikh Hasina said she did not understand the purpose of the Citizenship Amendment Act (CAA) passed in India that aims to offer citizenship to non-Muslim minorities that have faced persecution in Bangladesh and other neighbouring countries.

The CAA was passed by the Parliament of India on December 11, 2019, and provides a path to citizenship for members of Hindu, Sikh, Buddhist, Jain, Parsi and Christian religious minorities who have allegedly fled persecution from Pakistan, Bangladesh and Afghanistan before December 2014.n before December 2014.

Bangladesh, where 10.7 per cent of the 161 million-strong population is Hindu and 0.6 per cent Buddhist, has denied any migration to India because of religious persecution.

The Bangladesh premier also said that there has been no recorded reverse migration from India. "No, there is no reverse migration from India. But within India, people are facing many problems," Sheikh Hasina said.

Protests and violence have erupted across India since the enactment of the CAA last month, and declarations by the Indian government that the National Register of Citizens (NRC) will be carried out nationwide. Analysts in Bangladesh have expressed fears that Indian Muslims who are unable to prove their citizenship claims will seek shelter in Bangladesh.'

যিখন দেশৰ পৰা অনুপ্ৰৱেশ হৈ আছে, সেইখন দেশৰ পৰা অহা লোকক নাগৰিকত্ব দিবলৈ আমাৰ চৰকাৰে প্ৰণয়ন কৰা এই আইনখনৰ সন্দৰ্ভত দেশখনৰ প্ৰধানমন্ত্ৰীয়েই ক'লে- এই আইন অপ্ৰয়োজনীয় আছিল। ভাৰতৰ সেয়া আভ্যন্তৰীণ বিষয় বুলি উল্লেখ কৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে কোৱা এই কথাষাৰে যথেষ্ট অৰ্থ বহন কৰে।

আমাক লাগিছিল এনে এখন আইন বা চুক্তি, যি চুক্তিৰে প্ৰধানমন্ত্ৰী মোডীয়ে অসম তথা ভাৰতত থকা অবৈধ নাগৰিকক সেই দেশলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰিব পাৰিলে হয়। কিন্তু ইয়াৰ বিপৰীতে সংশ্লিষ্ট দেশসমূহৰ পৰা অহা নাগৰিকক নাগৰিকত্ব প্ৰদানৰ চিন্তাতহে এই আইন প্ৰণয়ন হ'ল।

প্ৰাক্তন উপ ৰাষ্ট্ৰপতি হামিদ আনছাৰীয়েও 'কা' সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে- যেতিয়া সংসদে এনে বেয়া আইন প্ৰণয়ন কৰে, তেতিয়া তাৰ অন্ত আদালতত হয়। য'ত ন্যায়াধীশে এই কাম কৰে সেই কাম সংসদে কৰিব লাগে। এতিয়া আন্দোলন চলি আছে । আৰু ৰাইজে আশা কৰিছে এনে এখন জাতিধ্বংসী আইনৰ অন্ত পৰিব আদালতত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in