মন্ত্ৰী অতুল বৰাই যিবোৰ কথা পাহৰিছে…

মন্ত্ৰী অতুল বৰাই যিবোৰ কথা পাহৰিছে…

মৃদুল কুমাৰ সন্দিকৈ

অগপ সভাপতি অতুল বৰা ডাঙৰীয়া, ৰাজ্যবাসীৰ স্বাৰ্থত নে কেইজনমান ব্যক্তি বিশেষৰ স্বাৰ্থত অসম গণ পৰিষদ নামৰ ৰাইজৰ এসময়ৰ আদৰৰ আঞ্চলিক দলটোক বন্ধকত দিয়া হৈছে সেয়া ৰাইজে বুজিছে। অসম আন্দোলনৰ পাছত ৰাজ্যত দুবাৰকৈ চৰকাৰ গঠন কৰা এই দলটোৰ এচাম নেতাৰ প্ৰতাৰণা আৰু জাতিক বিশ্বাসঘাতক কৰা প্ৰৱণতা দেখি সকলোৱে তবধ মানিছে।

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ক লৈ দলটোৰ সভাপতি হিচাপে আপুনি অমিত শ্বাহক ধন্যবাদ দিয়াক ৰাইজে সহজভাৱে ল'ব পৰা নাই। আপোনালোকেই জানো বিদেশীমুক্ত অসমৰ কথা কোৱা নাছিল? ৬ বছৰীয়া অসম আন্দোলনৰ পৰিণতিত গঠিত হোৱা এটা আঞ্চলিক ৰাজনৈতিক দলৰ নেতৃত্বৰ এনে নিৰ্লজ্জ আত্মসমৰ্পণৰ উদ্দেশ্য কি সেয়া আৰু বুজাই দিব নালাগে।

ক্ষমতাৰ স্বাৰ্থত জাতিৰ স্বাৰ্থক বিসৰ্জন দি এতিয়া কেব আনিব বিচৰা সকলক ধন্যবাদ দিয়া আৰু নিজৰ মন্ত্ৰিত্বৰ পদবী ধৰি ৰখাৰ বাবেই কেবৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰাৰ পাছতো আপোনালোক মৌন হৈ আছে।

৮৫৫জন শ্বহিদৰ কেঁচা তেজৰ বিনিময়ত যে অসম গণ পৰিষদ গঠন হৈছিল সেই কথা হয়তো আপোনালোকে পাহৰি গ'ল। পাহৰি গ'ল এই শ্বহিদসকলে কিহৰ বাবে এই ত্যাগ কৰিছিল। সংবাদমাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি আপোনালোকে এতিয়া বিজেপিৰ সুৰতে সুৰ মিলাই কেবৰ সপক্ষে যুক্তি দাঙি ধৰাৰ প্ৰয়াস কৰিছে।

বিজেপিৰে মিত্ৰতা ভংগ কৰাৰ পাছত অতুল বৰাৰ প্ৰথমখন সংবাদমেল…

দিল্লীত অসম ভৱনত ৩০ নবেম্বৰত অনুষ্ঠিত অমিত শ্বাহে আয়োজন কৰা বৈঠকত অসম গণ পৰিষদৰ প্ৰতিনিধিৰ দলটোক অগপৰ সভাপতি ৰূপে আপুনিয়েই নেতৃত্ব দিছিল। এই বৈঠকত অংশ লৈ আপুনি যে কৈছে- কেন্দ্ৰীয় চৰকাৰে সংসদত উত্থাপন কৰিব লগা নাগৰিকত্ব সংশোধনী বিধেয়ক কি আছে সেয়া আপুনি নাজানে । আনকি বিধেয়কখনৰ জৰিয়তে ২০১৪চনৰ ৩১ ডিচেম্বৰলৈকে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা অবৈধভাৱে হিন্দু বাংলাদেশীক অসম তথা ভাৰতত প্ৰৱেশৰ অনুমতি দিবলৈ ভিত্তিবৰ্ষ নিৰূপন কৰা কথাও আপুনি নাজানে বুলি কৈছে।

এয়া ৰাজনৈতিক চতুৰালিৰে দিয়া মন্তব্য। ইয়াৰ আগতে কেবক লৈ অগপৰ নেতৃত্বই বিৰোধিতা কৰা সময়ত আপোনালোকে কেবৰ বিৰোধিতাৰে যি মন্তব্য দিছিল সেই মন্তব্য আপোনাৰ এই যুক্তিৰে খণ্ডন কৰিব নোৱাৰে।

কেব কেনে ৰূপত আহিব সেয়া নাজানিলেও, ভিত্তি বৰ্ষ কি হ'ব সেয়া গম নাপালেও, অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত আপুনি যদি এই খিনি কথাই আলোচনা নকৰিলে বা খবৰ নল'লে তেনেহ'লে কি কথা পাতিলে এই বৈঠকত। নে মুখৰ লজ্জা ঢাকিবলৈ বৈঠকৰ নাম মন্ত্ৰিত্ব এৰা নাটকৰ পাছত আন এখন নাটক মঞ্চস্থ কৰি অসমৰ ৰাইজক এইবাৰো আভুৱাভাৰিলে।

আপোনাৰ দৰে নেতা, কেশৱ মহন্ত, ফণী ভূষণ চৌধুৰীৰ দৰে নেতাই অসমৰ জাতীয় স্বাৰ্থৰ হকে মাত মাতিব বুলি শেষ মুহূৰ্তলৈকে ভাবিছিল অসমৰ ৰাইজে। কিন্তু ক্ষমতাৰ লালসাৰ স্বৰূপ দাঙি ধৰি কেব সংসদত উত্থাপন কৰাতো নতুন কথা নহয় বুলি আৰু দেশৰ নাগৰিক কোন হ'ব সেয়া সংসদে সিদ্ধান্ত ল'ব বুলি আপুনি কৰা মন্তব্য দুৰ্ভাগ্যজনক।

ব্যৱধান আছিল মাত্ৰ কেইটামান দিনৰ, পদত্যাগ দাখিল কৰাৰ পাছত পদত্যাগ পত্ৰ উঠাই ল'বলৈ এই যাত্ৰা…

এসময়ত আপোনালোকৰ দৰে জাতীয়তাবাদী শিবিৰৰ নেতাই হিতেশ্বৰ শইকীয়াক গণশত্ৰু আখ্যা দিছিল। আজি আপোনালোক নিজেই একো একোজন গণশত্ৰু হৈ পৰিছে। অসমৰ নাগৰিক কোন হ'ব সেয়া যদি সংসদেই নিৰূপন কৰে, তেনেহ'লে অসম আন্দোলনৰ প্ৰয়োজনীয়তা আছিল ক'ত? যাৰ ইচ্ছা যায় তেওঁলোককেই মাতি আনি অসমত বাস কৰিবলৈ নিদিয়ে কিয়?

২০১৯চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কেবৰ বিৰোধিতা কৰি আপোনালোকে যিখন নাটক কৰিলে সেই নাটকৰ শেষ পৰিণতি ৰাইজে দেখিছিল। সেই সময়ত আপোনালোকে পদত্যাগ উঠাই লৈ পুনৰ সৰ্বানন্দ সোণোৱালে নেতৃত্বাধীন বিজেপি চৰকাৰত মন্ত্ৰিত্ব পদ ল'বলৈ আহোতে কেবক লৈ কোনোদিনেই আপোচ কৰা নহ'ব বুলি মন্তব্য কৰিছিল।

সেই অমিত শ্বাহেই কেব হ'বই বুলি ঘোষণা কৰাৰ লগতে জাতীয় দল-সংগঠন আৰু আপোনালোকৰ সৈতে আলোচনা কৰাৰ বাবেই অমিত শ্বাহক ধন্যবাদ জনাই বুজাই দিছে আপোনালোকৰ আৰু জাতীয় স্বাৰ্থত মাত মাতিবলৈ মেৰুদণ্ড পোন হৈ নাই।

কেব ভয় খোৱা বস্তু নহয় বুলি আপোনাৰ মুখেৰে কেনেকৈ ওলাব পাৰে? অসমৰ স্বাৰ্থ এই বিধেয়কখনৰ জৰিয়তে বিঘ্নিত হ'ব বুলি আপুনি আজিও নাভাবেনে? যদি বিঘ্নিত হয় তেতিয়া দেখা যাব বুলি আপুনি শেহতীয়াকৈ কৰা এই মন্তব্যই আপোনাৰ নেতৃত্বত অগপ দল জাতিৰ কাষত কিমান আছে তাক উদঙাই দিলে।

এনেদৰেই অন্ত পৰিছিল কেবক লৈ অগপ নেতাৰ মন্ত্ৰী পদ এৰাৰ নাটক…

২০১৯ৰ ৮ জানুৱাৰীত বহু সমালোচনাৰ অন্তত সোণোৱাল মন্ত্ৰীসভাৰ পৰা আপোনাকে ধৰি অগপৰ তিনি মন্ত্ৰীয়ে পদত্যাগ কৰিছিল। সেই নাটকৰ যৱনিকা পৰিছিল ১২ মাৰ্চ, ২০১৯ত। হোটেল ৰেডিছন ব্লুত বিজেপিৰে লগ লাগি লোকসভা নিৰ্বাচন খেলিবলৈ আপোনালোক প্ৰস্তুত হৈছিল।

আপোনাৰ যদি মনত নাই তেতিয়া হ'লে মনত পেলাই দিওঁ এদিন আপোনাৰ মুখেৰেই ওলাইছিল- বিজেপিৰ ওচৰত ৰাজ্যবাসীৰ বিপদ নিশ্চিত। কেবৰ প্ৰসংগতেই এই কথা কৈ আপুনি কৈছিল- 'এদিন নিজেই উভালি পৰিব বিজেপি নেতা। বিজেপিৰ ওচৰত খিলঞ্জীয়া নহয়, হিন্দু বাংলাদেশীহে নিৰাপদ।'

তেনে মন্তব্য কৰাৰ পাছতো ৰাজ্যবাসীক আন্ধাৰত ৰাখি ৰেডিছন ব্লুত ৰাম মাধৱেৰে মিলি চূড়ান্ত কৰিছিল লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সৈতে মিত্ৰতা। অসমীয়া জাতীয় আৱেগক লৈ আৰু কিমান খেলা খেলিব?

তাৰপাছত নিৰ্বাচনৰ সময়ত কোনোবাই যদি ভাতৃৰ বাবে মিত্ৰজোঁটৰ টিকট নিশ্চিত কৰিলে, আন সকলে মন্ত্ৰিত্বৰ গাদী ৰাজ্যসভাৰ আসনত আৰু নিগম নিকায় সমূহত পূৰ্বতে দিয়া বিষয়বাব আকোৱালি ল'লে। জাতীয় আৱেগ অনুভূতিক মূল্যহীন কৰি বিজেপিৰ কাষলৈ দৌৰা আপোনালোকৰ প্ৰতি অসমবাসীৰ অনুকম্পা থাকিব ক'ৰ পৰা?

অগপৰ স্বাৰ্থত আৰু ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ সৈতে মিত্ৰতা স্থাপনেৰে ২০১৯ত লোকসভা নিৰ্বাচন একেলগে খেলা সিদ্ধান্ত লোৱা বুলি আপুনিয়েই কৈছিল। কিন্তু আপোনাৰ এই মন্তব্যৰ আচল অৰ্থ হ'ল- অগপৰ স্বাৰ্থত নহয় আপোনাৰ নিজৰ মন্ত্ৰিত্বৰ স্বাৰ্থৰ লগতে আন কেইগৰাকী মন্ত্ৰীৰ, নিগম নিকায়ত নিযুক্তি পোৱা সকলৰ স্বাৰ্থৰ বাবেই আপোনালোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত শেষ মুহূৰ্তত প্ৰতাৰক ৰূপত ভুমুকি মাৰিলে।

২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজক আঁৰত থৈ বিজেপিৰ সৈতে অগপৰ নেতৃত্বই পুনৰ মিত্ৰতা কৰাৰ পাছত বিজেপি নেতা ৰাম মাধৱে কি কৈছিল…

জাতিৰ প্ৰতি এই বিশ্বাসঘাতকতা এনে দুৰ্বল স্থিতিৰে আপোনালোকে হয়তো এবাৰ ক্ষমতা দখল কৰিব পাৰিব। কিন্তু বাৰে বাৰে এই বিশ্বাসঘাতকতা জানো ৰাইজে সহ্য কৰিব? মাৰ অন্তৰ আত্মাৰ আহ্বান শুনক বুলি আপুনি কেবক লৈ বিজেপিৰে মিত্ৰতা ভংগ কৰি মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰি কি কৈছিল মনত আছেনে?

যদি নাই, তেনেহ'লে আপুনি কোৱা সেই আৱেগিক কথা কেইষাৰ আকৌ এবাৰ সোঁৱৰাই দিছো- 'আইৰ নিৰ্দেশনা মতেই মই সতীৰ্থসহ মন্ত্ৰিত্ব ত্যাগৰ সিদ্ধান্ত ল'লো। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মাতৃও মোৰ অতিকৈ শ্ৰদ্ধাৰ আছিল। আমি একেলগে আন্দোলন কৰিছিলো। আজি মই মুখ্যমন্ত্ৰী সোণোৱালকো ক'ব খুজিছো- তেওঁ এবাৰ চকুমুদি সেই প্ৰয়াত মাতৃগৰাকীৰ ফটোৰ তলত থিয় হৈ এনে মুহূৰ্তত কি কৰা উচিত সেই কথা সোধক। মন্ত্ৰিত্বতকৈ মাতৃত্ব বহু ওপৰত। জন্মভূমি আমাৰ আই। মই জানো সেইগৰাকী মাতৃয়েও মোৰ মাতৃৰ দৰেই উত্তৰ দিব- জাতীয় স্বাৰ্থত মন্ত্ৰিত্ব ত্যাগ কৰাৰ কথাকেই ক'ব।'

৮ জানুৱাৰী, ২০১৯ত এই মন্তব্য কৰিছিল আপুনি অতুল বৰা ডাঙৰীয়া। তাৰ ৬০ দিনৰ পাছতেই আপুনি পাহৰিছিল সেই কথা। পুনৰ মন্ত্ৰিত্বৰ চকীত বহি এইবাৰো কেবে অসমীয়া স্বাৰ্থত কি আঘাত হানিব পাৰে সেয়াই নুবুজা ভাও ধৰিলে।

এনে খবৰো প্ৰচাৰ হৈছিল যে, লোকসভা নিৰ্বাচনত অগপ-বিজেপিৰ মিত্ৰতাক লৈ দৰ-দাম হৈছিল। নিৰ্বাচন খেলিবলৈ অগপক ৪০ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি বিজেপিয়ে দিছিল বুলিও অভিযোগ উঠিছিল। সেই সময়ত অগপৰ এজন জ্যেষ্ঠ নেতাক এই বিষয়া সোধোতে তেওঁ মিছা বুলি কৈছিল।

কিন্তু আজিৰ পৰিৱেশত এইবোৰ কথাই আকৌ আমনি কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এখন ৰাজনৈতিক নাটক কৰা অগপই জানো এদিন উত্তৰ-পূবৰ জাতীয় দল-সংগঠন তথা আঞ্চলিক দলৰে মিলি এখন ঐক্যমঞ্চ গঠনৰ প্ৰয়াস কৰা নাছিল?

অগপৰ গৰিষ্ঠ সংখ্যক নেতাই প্ৰথমবাৰ কেবক লৈ মিত্ৰতাৰ ফাঁট মেলাৰ পাছত লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ মিত্ৰতা কৰিবলৈ বিচাৰিছে বুলি আপুনি কৈছিল। এতিয়া আপুনি কওঁক- কেবক লৈ শংকিত হ'ব নালাগে বুলি আৰু কেব আহিলেও মন্ত্ৰীসভাত থাকিব লাগে বুলি অগপৰ আন নেতা তথা তৃণমূল কৰ্মীয়ে ৰায় দিছেনে?

১৩ মাৰ্চ, ২০১৯ত পুনৰ মন্ত্ৰীসভালৈ ঘূৰি অহাৰ পাছত আপুনি এক সংবাদমেল সম্বোধন কৰিছিল। সেই সংবাদমেলত আপুনি কৈছিল- 'আমি পুনৰ মন্ত্ৰীসভালৈ ঘূৰি আহিছো। মুখ্যমন্ত্ৰীৰ অনুৰোধতে ঘূৰি আহিছো মন্ত্ৰীসভালৈ। এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক নাই। আলাপ-আলোচনাৰে এই বিষয়টো সমাধান কৰিম। ১৬ মাৰ্চত অমিত শ্বাহৰ সৈতে বৈঠকত বহিম।'

২৯ জানুৱাৰী, ২০১৯ত কেবৰ বিৰুদ্ধে তাজ ভিভান্টাত উত্তৰ-পূবৰ ১১টা ৰাজনৈতিক দল একত্ৰিত হৈ অনুষ্ঠিত কৰা হৈছিল এখন বৈঠক…

অতুল বৰা ডাঙৰীয়াই অসমৰ ৰাইজক সংবাদমাধ্যমযোগে কোৱা কথা আছিল এইষাৰ। তেতিয়া কেব নাছিল বুলি আপুনি মন্ত্ৰিত্ব পুনৰ লৈছিল। লগতে কৈছিল- ১৬ মাৰ্চ, ২০১৯ত অমিত শ্বাহৰ সৈতে বৈঠকত বহিব এই সন্দৰ্ভত।

যদি এই সন্দৰ্ভত আপোনালোক ইমান সচেতন তেনেহ'লে এতিয়া ক'ত গ'ল আপোনালোকৰ সেই প্ৰতিশ্ৰুতি? ১৬ মাৰ্চত অনুষ্ঠিত অমিত শ্বাহৰ সৈতে বহা বৈঠকত কি লৈছিল সিদ্ধান্ত? কেবত কি আছে সেই কথা আপোনালোকে অমিত শ্বাহক এবাৰো সোধা নাইনে?

কেবৰ বিৰুদ্ধে আপোনালোকেই ১১ ফেব্ৰুৱাৰী, ২০১৯ত নতুন দিল্লীত আছু আৰু আন ৭০ সংগঠনৰ নেতৃত্বৰ সৈতে গৈ বিৰোধী দলৰ সাংসদক সাক্ষাৎ কৰা নাছিলনে? কেবৰ বিৰোধিতাৰেই আপোনালোকেই জানো উত্তৰ-পূবৰ আঞ্চলিক ৰাজনৈতিক দলবোৰৰ এক সভা আহ্বান কৰা নাছিল?

২৯ জানুৱাৰী, ২০১৯ত তাজ ভিভান্টাত উত্তৰ-পূবৰ আঞ্চলিক ৰাজনৈতিক দলসমূহ একত্ৰিত হৈ ঐক্যবদ্ধ প্ৰতিৰোধৰ কৌশল ৰচনাৰ বাবে আলোচনাত বহা তৎপৰতা ক'ত হেৰাল? যি সভাত মেঘালয়, মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগতে ত্ৰিপুৰা, অৰুণাচল, মণিপুৰ আৰু নগালেণ্ডৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ নেতৃত্বই অংশ লৈছিল।

বিজেপিৰ সৈতে মিত্ৰতা ভংগৰ সিদ্ধান্তৰ পাছত ৭ জানুৱাৰী, ২০১৯ত আপুনি কি কৈছিল সেই কথাও এবাৰ মনত পেলাই দিওঁঁ। কেবক লৈ সেই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰি আপুনি কৈছিল- 'বিজেপিৰ সৈতে মিত্ৰতা আছিল সময়ৰ দাবী। দীৰ্ঘদিন কংগ্ৰেছৰ অপশাসনৰ পৰা অসমক মুক্ত কৰাৰ বাবে ৰাইজেও বিচাৰিছিল সেই মিত্ৰতা। ৰাইজে কেৱল বিজেপিক ভোট দিয়া নাছিল, ভোট দিছিল অগপকো। মন্ত্ৰিত্ব এৰাৰ কোনো দুখ নাই।'

আৰু সেইদিনা কৈছিল- 'মন্ত্ৰিত্ব গৌণ, জাতিহে ডাঙৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰাতো এক ভাবিব নোৱাৰা কথা। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোতে এনে সিদ্ধান্ত ল'ব বুলি ভবা নাছিলো। আমি শেষ পৰ্যায়লৈকে বিধেয়কখন বাতিলৰ বাবে আন্দোলন কৰিছিলো। কিন্তু আমি বিফল হ'লো। বৰ্তমান চৰকাৰখনৰ অসমীয়াৰ প্ৰতি এনে ভাব থাকিব পাৰে বুলি সপোনতো ভবা নাছিলো। আমি এতিয়া ঐক্যবদ্ধভাৱে জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাগিব। '

এইবোৰ কথা কেনেকৈ পাহৰিলে আপুনি? আপোনাৰ কাষতেই বহি সেইদিনা বীৰেণ বৈশ্যই কৈছিল- 'অসমীয়া ভাষা-সংস্কৃতি, সাহিত্য এই বিধেয়কখনে নিঃশেষ কৰিব। জাতি-মাটিৰ স্বাৰ্থত আমি সকলো ত্যাগ কৰিবলৈ সাজু আছো।' আৰু এতিয়া আপুনিয়েই কয়- এইখন বিধেয়কৰ পৰা শংকিত হ'ব লগা একো নাই।

জাতি-মাটিক প্ৰতাৰণা কৰাৰ বাবেই যোৰহাটৰ এজন যুৱকে দৌৰি আহি তলা মাৰি দিয়া নাছিলনে অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত? সেই যুৱকজনক আপোনালোকে অবজ্ঞা কৰিলে। তেওঁৰ আৱেগৰ মূল্য নিদিলে। কিন্তু দিল্লীত শেহতীয়াকৈ আপুনি কেবক লৈ যিবোৰ কথা ক'লে, তাৰ বিৰুদ্ধে ওলাই আহিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।

১ ডিচেম্বৰ, ২০১৯ত কটনৰ ছাত্ৰই অগপৰ তিনি মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰে আৰু ঘেৰাও কৰে অগপ কাৰ্যালয়…

আপোনালোকৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ অহা কটনৰ ছাত্ৰ-ছাত্ৰীক বাৰু এবাৰলৈ আৰক্ষীয়ে আটক কৰিলে। কিন্তু সেই প্ৰতিবাদৰ স্ফূলিংগ আৰু আপোনালোকৰ বিৰুদ্ধে নতুন প্ৰজন্মৰ এই ৰোষৰ অন্ত নপৰিব। আপোনালোকৰ প্ৰতিমূৰ্তি জ্বলাই নতুন প্ৰজন্ময়ো কৈ দিছে অতি শেহতীয়াকৈ বদন ৰূপত আবির্ভাৱ হৈছে কোন।

আপুনি নিজেই কৈ থোৱা আৰু দুটামান কথা মনত পেলাই দিওঁ। ৮ ফেব্ৰুৱাৰী, ২০১৯। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদী মিছিল বাহিৰ কৰিছিল। হাতত জুমুঠি লৈ গুৱাহাটীত ওলোৱা এই সমদলৰ এখন ফটো দি আপুনি আপোনাৰ ফেচবুকৰ পেজত লিখিছিল-

'মোডী চৰকাৰে অসমৰ খিলঞ্জীয়াবিৰোধী নীতি পৰিহাৰ কৰক ! জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক ! এই দাবীৰে অগপ‌ই আজি আহ্বান জনোৱা ৰাজ্যজোৰা কাৰ্যসূচীৰ অংশৰূপে গুৱাহাটীত উলিওৱা জোঁৰ সমদলৰ কেইটামান মুহূৰ্ত'

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীত অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত বাহিৰ কৰা জোঁৰ সমদল…

১৩ ফেব্ৰুৱাৰী, ২০১৯ত ৰাজ্যসভাত এই বিধেয়ক উত্থাপন নোহোৱাৰ খবৰ দি আপুনি আপোনাৰ ফেচবুক পেজতে লিখা নাছিল জানো এইখিনি কথা-

'জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী যুঁজখনত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে । এই ঐক্যবদ্ধ সংগ্ৰামত সক্ৰিয় ভূমিকা লোৱা প্ৰতিটো ৰাজনৈতিক দল, অৰাজনৈতিক সংগঠন, বৌদ্ধিক আৰু সচেতন নাগৰিক সমাজকে ধৰি সমগ্র অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ । ৰাজ্যসভাত আজি বিধেয়কখন উত্থাপিত নোহোৱাৰ কথা নিশ্চিত হোৱাৰ পিছতে নতুন দিল্লীত মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে সংবাদ মাধ্যমৰ সন্মুখত আমাৰ মনৰ ভাৱ ব্যক্ত কৰোঁ ।'

১৩ ফেব্ৰুৱাৰী, ২০১৯ত আপুনিয়েই লিখিছিল এইবোৰ কথা…

১৪ ফেব্ৰুৱাৰী, ২০১৯ত কেবৰ সন্দৰ্ভত আপুনি দিয়া আপোনাৰ ফেচবুক পেজৰ পোষ্ট এইটো। য'ত দিল্লীৰ ষড়যন্ত্ৰ উফৰাই খিলঞ্জীয়া ৰাইজে সাব্যস্ত কৰা জয়ৰ আনন্দৰ কেইটামান মুহূৰ্তৰ আলোকচিত্ৰ প্ৰকাশ কৰি লিখিছিল- 'দিল্লীৰ ষড়যন্ত্ৰ ওফৰাই খিলঞ্জীয়া ৰাইজে সাব্যস্ত কৰা জয়ৰ আনন্দ ! নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীতকৰণ প্ৰচেষ্টা ৰাজ্যসভাত ব্যৰ্থ হোৱাৰ পিছত আজি আমাৰ দলৰ নেতৃবৰ্গ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাসহ নতুন দিল্লীৰ পৰা গুৱাহাটীলৈ ঘূৰি অহাৰ পিছত বৰঝাৰ বিমান বন্দৰত অগপ কৰ্মীৰ উছাহ-আনন্দৰ কেইটামান মুহূৰ্ত'

আপুনিয়েই কৈছিল- কেব উত্থাপন নোহোৱাতো ৰাইজৰ জয়…

কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দিল্লীলৈ গৈ ৩ ফেব্ৰুৱাৰী, ২০১৯ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূবৰ ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰামক এক সবল খোজ আখ্যা দিছিল আপুনি। মিলিত হৈছিল উত্তৰ-পূবৰ কেইবাটাও ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতৃত্বত তথা নেছ'ৰ বিষয়ববীয়াৰ সৈতে।সেইবোৰ ছাগৈ পাহৰণিৰ গৰ্ভত হেৰাই গ'ল। আপুনি পাহৰিলেও ৰাইজে নাপাহৰে এইবোৰ।

নতুন দিল্লীত কেবৰ বিৰোধিতাৰে উত্তৰ-পূবৰ ৰাজনৈতিক দল তথা নেছ'ৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছৰ এক মুহূৰ্ত…

আপুনি ২৫ জানুৱাৰী, ২০১৯ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ঐক্যবদ্ধ সংগ্ৰামৰ পোষকতা কৰিছিল । সাক্ষাৎ কৰিছিল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাক।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত চলি থকা গণ সংগ্ৰামৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছিল নীতিশ কুমাৰ নেতৃত্বাধীন জে ডি ইউৱে। অগপৰ আমবাৰীৰ কাৰ্যালয়তে জে ডি ইউৰ সম্পাদক প্ৰধান তথা ৰাজ্যসভাৰ সাংসদ কে চি ত্যাগীৰ নেতৃত্বত অহা দলটোৰ সৈতে আলোচনাত মিলিত হৈছিল।

অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত বহিঃৰাজ্যৰ এজন সাংসদৰ নেতৃত্বত অহা এই দলটোক আপুনি সেইদিনা ধন্যবাদ জ্ঞাপন কৰিছিল।কিন্তু আজি অসমৰ ৰাইজৰ কাষত থকা, অসমীয়া জাতীয় আৱেগেৰে পৰিচালিত অগপৰ মুৰব্বী হিচাপে কেবৰ সন্দৰ্ভত আপোনাৰ মতামত শুনি ছাগৈ জে ডি ইউৰ নেতৃত্বৰো হাঁহিম নে কান্দিম লাগিছে।

কে চি ত্যাগীৰ নেতৃত্বত অহা জে ডি ইউ দলটোৰ সৈতে আমবাৰীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ সন্দৰ্ভত হোৱা আলোচনাৰ মুহূৰ্তত…

ছবিয়ে কেতিয়াও মিছা নকয়। আন এখন ছবি আপুনি দেখিলে হয়তো স্মৃতি ৰুমন্থন হ'ব। এইখন ফটো ২৪ জানুৱাৰী, ২০২৯ৰ। ঐতিহাসিক অসম চুক্তি উলংঘা কৰা, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত সেইদিনা অগপ বিধায়িনী দলে ৰূপায়ন কৰিছিল অন্নশনৰ কাৰ্যসূচী। জাতিৰ প্ৰতি থকা দায়িত্বৰ বাবেই আপোনালোকৰ কাষত থিয় হৈছিলগৈ হিৰেণ গোঁহাইকে ধৰি ৰাজ্যৰ বহু বিশিষ্ট বুদ্ধিজীৱী তথা অন্যান্য নেতৃস্থানীয় লোকসকল।

দী্ঘলীপুখুৰীৰ পাৰত কেবৰ বিৰুদ্ধে এদিন অনশনত বহিছিল অগপ বিধায়িনী দল…

অসম আৰু অসমীয়াৰ স্বাৰ্থত এনে কৰা বুলি প্ৰচাৰ চলাইছিল আপুনি নিজেই। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনে আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত আপুনি ভাষণৰ ফুলজাৰি এৰিছিল।

এই বিধেয়ক জাতিৰ বাবে কিমান বিপদজনক সেই কথা বুজাবলৈ চেষ্টা কৰিছিল। ১১ জানুৱাৰী, ২০১৯। মৰাণ আঞ্চলিক ব্যৱসায় সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গ্ৰহণ কৰা অন্নশন কাৰ্যসূচীত আপুনিয়েই জানো এই বিধেয়কখনৰ বিৰুদ্ধে তৰ্জন-গৰ্জন কৰা নাছিল?

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মৰাণ আঞ্চলিক ব্যৱসায় সন্থাৰ অনশন কাৰ্যসূচীত অংশ লৈ অতুল বৰা…

মন্ত্ৰিত্ব ত্যাগ, বিজেপিৰ সৈতে মিত্ৰতা ভংগ এই সকলোবোৰৰ কাৰণ আছিল নাগৰিকত্ব সংশোধনী বিধেয়ক। আপোনাৰ ভাষাত এয়া আছিল অসমৰ ৰাইজৰ প্ৰতি থকা পবিত্ৰ দায়িত্ব পালন। হয়তো ক'ত কৈছিল এইবোৰ কথা মনত নাই আপোনাৰ এতিয়া। আপুনি কোৱা কথা কেইষাৰ আছিল-

'অসম আৰু অসমবাসীৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰে মিত্ৰতা ভংগ কৰি আমি চৰকাৰৰপৰা ওলাই আহিলোঁ । এয়া কেৱল ক্ষমতা ত্যাগ নহয়, এয়া অগপ দলৰ অসমৰ ৰাইজৰ প্ৰতি থকা পবিত্ৰ দায়িত্ব পালন। আমাৰ এই সিদ্ধান্ত অসমৰ ৰাইজৰ আবেগ-অনুভূতিৰ প্ৰতি আমাৰ সন্মান । এই সিদ্ধান্ত বৃহত্তৰ অসমীয়া জাতিৰ অংশীদাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত একতা ৰক্ষা আৰু সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত লোৱা এক সিদ্ধান্ত । এই সিদ্ধান্ত বৃহত্তৰ অসমীয়া জাতিৰ ভাষা-সাহিত্য-সংস্কৃতি আৰু সামাজিক গৰিমা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত লোৱা এক সিদ্ধান্ত ।এই সিদ্ধান্ত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে চলি থকা বৃহৎ গণ সংগ্ৰামক ৰাজনৈতিকভাৱে অধিক গতি দিয়াৰ লক্ষ্যৰে লোৱা এক সিদ্ধান্ত ।'

বিজেপিৰ সংগ এৰি কি কৈছিল আপুনি…

এইবোৰ কথা বহু বেছি দিনৰ আগৰো নাছিল। আপোনাৰ ফেচবুক পেজৰ পৰাই সেইবোৰ কথা স্ক্ৰীণ শ্ব'ট মাৰি থৈ দিয়া আছিল। হয়তো এতিয়াও আছে আপোনাৰ ফেচবুক পেজত সেইবোৰ জ্বিলিক। সময় সলনি হ'ল। আকৌ কেবৰ প্ৰসংগ আহিল। সলনি হ'ল এইবাৰ আপোনালোক।

কেবৰ বিৰুদ্ধে আপোনালোকৰ পূৰ্বৰ স্থিতি হেৰাই গ'ল। ক্ষমতাৰ লালসাই আপোনালোকক গিলি পেলালে। সেয়েহে এইবাৰ কেব কি নজনাই হৈ থাকিল। কেবে অসম আৰু অসমীয়া আৰু উত্তৰ-পূবৰ খিলঞ্জীয়াক ক্ষতি কৰিব যে সেই কথাও পাহৰি গ'ল।

আপোনালোক আচলতে কোনটো স্তৰৰ আৰু আপোনালোকৰ লক্ষ্য উদ্দেশ্য কি সেয়া ইয়াতকৈ আৰু বুজাই দিব লাগেনে? আপুনি পাহৰিব খুজিলেও এইবোৰ কথা অসমৰ ৰাইজে হয়তো পাহৰিব নোৱাৰিব। ক্ষমতাৰ স্বাৰ্থত কেবৰ বিৰুদ্ধে যাব নোৱাৰে, ক'ব নোৱাৰে। নক'ব। কিন্তু কেবৰ হৈ ওকালতি কৰি কেবে অসমীয়া তথা খিলঞ্জীয়াৰ প্ৰতি শংকা আনিব বুলি নাভাবো জাতীয় কথা নক'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in